Posts

Showing posts from June, 2018

ফুটবল বিশ্বকাপ

জীৱনত প্ৰথমবাৰৰ বাবে ১৯৮৬ চনৰ ফুটবল বিশ্বকাপৰ খেলসমূহ চাওতে, আৰ্জেন্টিনাৰ ডিয়েগো মাৰাডোনাৰ অভূতপূৰ্ব কলাত্মক খেল দেখি আভিভূত হৈ পৰিছিলো। আৰু পিছলৈ অত্যাধিক মাৰাডোনা প্ৰীতিৰ বাবেই আজিলৈকে আৰ্জেন্টিনাৰ টীমটোকেই (নিজৰ দেশক যে কেতিয়া কৰিব পাৰিম!) সমৰ্থন কৰি আহিছো। সিদিনা নবাগত তথা অনভিজ্ঞ দল আইচলেণ্ডৰ লগত ১-১ গোলত আৰ্জেন্টিনাৰ ড্ৰ হোৱাৰ পিছত মনটো বৰ বেয়া লাগিছিল। কিন্তু পিছত আইচলেণ্ড দেশখন আৰু ফুটবল টীমটোৰ বিষয়ে গম পোৱাৰ পিছত মনটো ভাল লাগি গ'ল। আইচলেণ্ড দেশখন তেনেই সৰু আৰু মুঠ জন সংখ্যা মাত্ৰ ৩ লাখ ৩৮ হাজাৰ অৰ্থাৎ গুৱাহাটী মহানগৰৰ জনসংখ্যাতকৈয়ো কম। এই ফুটবল টীমটোৰ সদস্য ৫ জনৰ পেচা হৈছে চিকিৎসা সেৱা অৰ্থাৎ তেওঁবিলাক একো একোজন প্ৰতিষ্ঠিত ডাক্তৰ। গোলকীপাৰ গৰাকী সেই দেশৰ প্ৰসিদ্ধ চিত্ৰ পৰিচালক আৰু "কোচ্চ" গৰাকী এজন বিশিষ্ট দন্ত চিকিৎসক। এক কথাত টীমটোৰ সতে জড়িত কেবাজনো খেলূৱৈ আক্ষৰিক অৰ্থত পেচাদাৰ নহয়, অথচ তাৰ পিছতো লিওনেল মেছিৰ দৰে শ্ৰেষ্ঠ ফুটবলাৰৰ নেতৃত্বত খেলা আৰ্জেন্টিনাৰ দৰে শক্তিশালী টীম এটাক গোল দি খেলখন "ড্ৰ" কৰাটো নিতান্ত‌ই এক ঐতিহাসিক অঘটন ...

অসমত মাছৰ উৎপাদন

অসমৰ মুঠ জনসংখ্যাৰ শতকৰা ৯০ জন লোকেই মাছ খায়। এটা সময়ত, অসমৰ নদী, বিল, খাল আদি জলাশয় সমূহত প্ৰচুৰ পৰিমাণে মাছ পোৱা গৈছিল। কিন্তু জনসংখ্যা ক্ৰমাৎ বাঢ়ি অহাৰ লগে লগে আৰু প্ৰাকৃতিক ভাবে মাছৰ উৎপাদন কমি অহাৰ ফলত 'ডিমাণ্ড' আৰু 'চাপ্লাই" ৰ অনুপাতৰ সমীকৰণত আউল লাগি আজি অসমৰ বজাৰত মাছ পাবলৈ নাই। সংকুচিত জলাশয় তথা ব্যৱসায়িক ভিত্তিত, বিজ্ঞানসন্মত ভাবে মাছৰ উৎপাদন বৃদ্ধিৰ কোনো উপযুক্ত ব্যৱস্থা নথকাৰ বাবে স্থানীয় মাছবোৰৰ উৎপাদন দিনক দিনে কমি আহিছে। স্থানীয় ভাবে উৎপাদিত মাছৰ জুই-ছাই দাম আৰু পৰিমাণে নোজোৰা বাবে লক্ষ্ণৌ, হাইদৰাবাদ আদি ঠাইৰ চালানী মাছৰ শৰনাপন্ন হব লগা হৈছে। চোৰৰ উপদ্ৰৱ তথা মাছৰ বেমাৰে জুৰুলা কৰা কিছুমান উদ্যমী লোকে নিজা পুখুৰীত পোহা মাছেৰে যৎসামান্য চাহিদা পূৰণ কৰিছে যদিও সেইয়া একেবাৰেই নগন্য। লক্ষ্ণৌ বা হাইদৰাবাদৰ তুলনাত অসমৰ জলবায়ু আৰু লগতে প্ৰকৃতিৰ অৱদান স্বৰূপ খাল, বিল, পুখুৰী, নদ-নদী আদি জলাশয়েৰে ভৰি থকা এক ঈশ্বৰপ্ৰদত্ত অনুকূল পৰিবেশ থকাৰ পিছতো, "ফৰ্মেলীন" দিয়া চালানী মাছৰ ওপৰত নিৰ্ভৰশীল হবলগীয়া হোৱাটো চৰম লজ্জাজনক কথা নহয় নে? এ...

চিটিবাছৰ বৰ্দ্ধিত ভাড়া আৰু অসন্তোষ

যোৱাবছৰ কেন্দ্ৰীয় চৰকাৰে, প্ৰথমতে GST ২৮% (সৰ্ব্বোচ্চ) ধাৰ্য্য কৰিলে আৰু তাকে লৈ ৰাইজৰ মাজত ক্ষোভ বৃদ্ধি হোৱা দেখি পিছলৈ ১৮% কৰি ৰাইজক কিছু পৰিমানে আশ্বস্ত কৰিলে। আজিকালি যিকোনো সামগ্ৰী, শুল্ক, ভাড়া, কৰ আদিৰ মূল্য হঠাৎ অস্বাভাৱিক ভাবে বৃদ্ধি কৰি, পিছত নামমাত্ৰ অকণমান হ্ৰাস কৰি, সাধাৰণ ৰাইজক বুৰ্ব্বক বনোৱাৰ এই অভিনৱ পদ্ধতিৰ আৱিষ্কাৰ কত হৈছিল জানেনে? এইখন অসমত। নব্বৈৰ দশকৰ শেষৰফালে গুৱাহাটীৰ মিনি চিটিবাছৰ (কেন্টাৰ) ন্যুন্যতম ভাড়া আছিল দুটকা। এদিন হঠাৎ ৰাতিৰ ভিতৰতে, এই ভাড়া দুটক াৰ পৰা দহ টকালৈ বৃদ্ধি কৰা হৈছিল। উল্লেখযোগ্য যে সততে আন্দোলনৰ বাবে জগত বিখ্যাত অসম মূলুকত, এই ঘটনাৰ প্ৰতিবাদত কোনো আন্দোলন হোৱা নাছিল। কাৰন সেইসময়ত গুৱাহাটীত বসবাস কৰি থকা অসমৰ যুৱ-নেতা, ছাত্ৰ-নেতা, হাত-ডঙা নেতা সকলৰ বেছিভাগেই "কেন্টাৰ"ৰ মালিক আছিল। গতিকে ৰাইজৰ হৈ আন্দোলন কৰিবলৈ কোনো নেতৃত্ব নাছিল। পিছলৈ ৰাইজৰ মাজত দেখা দিয়া ব্যপক অসন্তোষ আৰু বৰ্দ্ধিত ভাড়া নিদিয়াক লৈ কিছু বিক্ষিপ্ত ঘটনাৰ পৰিপ্ৰেক্ষিতত চৰকাৰী প্ৰশাসন যন্ত্ৰ আৰু গুৱাহাটীস্থিত তথাকথিত কিছু যুব-নেতাৰ (বেছিভাগেই মালিক) মধ...

পঢ়াই, পঢ়ে, ৰোৱে পাণ

"পঢ়াই, পঢ়ে, ৰোৱে পাণ, এই তিনিয়ে নিচিন্তে আন।" এইবেলি অসম মূলুকত, উক্ত কথাষাৰ আক্ষৰিক অৰ্থত প্ৰযোজ্য হবলৈ গৈ আছে। স্কুলীয়া ল'ৰা ছোৱালীয়ে কোনোধৰনৰ আন্দোলনৰ কাৰ্য্যসূচীত অংশগ্ৰহণ কৰিব নোৱাৰিব। এই সংক্ৰান্তত নতুন আইনৰ খচৰা প্ৰস্তুত। প্ৰেক্ষাপটত মাতৃ আৰু পূত্ৰৰ কথোপকথনঃ মাতৃঃ বোপাই অ' তোৰ দাঢ়িখিনি এবাৰ কাটিব নোৱাৰ নে? পূত্ৰঃ কিয় মা, আজি ষাঠি বছৰৰ মূৰত দাঢ়িৰ কথাটো সুধিলা যে? মাতৃঃ বোপাই অ' তোক দাঢ়িৰ সতে দেখি দেখি, তোৰ আচল চেহেৰাটো পাহৰিয়েই গৈছো। জন্মৰ সময়তো মানে ত‌ই কেচুৱা থাকোতেও, তোৰ মুখমণ্ডলত দাঢ়িয়েই আছিল, এনেকুৱা যেন লাগে। পুত্ৰঃ মা ম‌ই যিটো পেচাত আছো মোৰ বাবে দাঢ়ি ৰখাটো অত্যন্ত প্ৰয়োজনীয়। তুমি এইবোৰ নুবুজিবা। মাতৃঃ এৰা ম‌ই এইবোৰ ক'ত বুজিম অ' বোপা! অ' কথা এটা কব পাহৰিছিলো, কেইদিনমান আগতে তোক বিচাৰি মানুহ কেইজনমান আহিছিল। তোৰ খবৰ লৈছিল। পূত্ৰঃ কি কলে মানুহকিজনে, মা? মাতৃঃ তেখেত সকলে পৃথিৱীৰ বৃদ্ধতম ছাত্ৰনেতা হিচাবে তোৰ নামটো কিবা ৰেকৰ্ড বুক এখনত সন্নিৱিষ্ট কৰিব বিচাৰিছে। পূত্ৰঃ হয় নেকি? আৰু কিবা কবা নেকি মা? মাতৃঃ বোপাই, ...

অসম গুজৰাট আন্দোলন

অসম আন্দোলন চলিছিল ১৯৭৯ ৰ পৰা ১৯৮৫ চনলৈ, অসম চুক্তি হোৱালৈকে। আন্দোলনৰ এই সময়ছোৱাত যিসকল কিশোৰ-কিশোৰী, যুৱক-যুৱতী আছিল তেওঁলোক সুদীৰ্ঘ ৩০-৩৫ বছৰ পিছত একো একোজন দায়িত্বশীল পিতৃ - মাতৃৰ ভূমিকাত অৱতীৰ্ণ হৈছে নিশ্চয়। এইসকল লোকে অসম আন্দোলন আৰু ছাত্ৰ সংগঠন সমূহৰ পৰা অত বছৰে অসমৰ ৰাইজৰ কি লাভ হ'ল, কোন ৰজা হ'ল, আদি লাভা-লাভৰ বিষয়ে ভালদৰেই জানে সেয়ে নতুনকৈ দোহৰাৰ প্ৰয়োজন আছে বুলি নাভাবো। অসম আন্দোলনত প্ৰত্যক্ষ ভাবে অংশগ্ৰহণ কৰা বা নিচেই ওচৰৰ পৰা নিৰীক্ষণ কৰা, এই প্ৰজন্মৰ লোকসকলৰ ল ৰা-ছোৱালী সমূহ, বৰ্তমান স্কুল, কলেজ বা ইউনিভাৰ্চিটিৰ ছাত্ৰ। বৰ্তমান অসম চৰকাৰে ছাত্ৰ-ছাত্ৰীক আন্দোলন কৰাৰ পৰা বিৰত ৰাখিবলৈ, প্ৰণয়ন কৰিব বিচৰা আইনখনক সমৰ্থন কৰি অসমী আইৰ লগতে নিজৰ লৰা-ছোৱালী কেইটাৰ উপকাৰ কৰক। লগতে নিজৰ নিজৰ ল'ৰা-ছোৱালীবোৰক তথাকথিত ছাত্ৰনেতা সকলৰ দ্বাৰা আৱেগিক তথা প্ৰৰোচিত নহবলৈ শিকাওক। ভাৰত স্বাধীন হোৱাৰ পিছত গুজৰাট আৰু মহাৰাষ্ট্ৰ এই দুখন ৰাজ্য লগলাগি "বোম্বাই স্টেট" নামেৰে এখন ৰাজ্য হিচাবে লগ লাগি আছিল। গুজৰাটী সকলে (মাৰাঠী সকলেও) ১৯৫৬ চনৰ পৰা "মহা-গুজৰা...

চৰকাৰী বিভাগৰ বগা হাতী

বৰ্তমানৰ উদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ত্ৰী শ্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া, ১৯৯৬-২০০১ চনত অসম চৰকাৰৰ কৃষি বিভাগৰ মন্ত্ৰী হৈ আছিল। সেই সময়ছোৱাত তেখেতে যোৰহাটস্থিত কৃষি বিশ্ববিদ্যালয়ৰ, এক সভা/অভিবৰ্তনত এষাৰ বৰ গুৰুত্বপূৰ্ণ কথা কৈ বিতৰ্কিত হৈ পৰিছিল। উক্ত সভাত তেখেতে অসমত থকা কৃষি বিশ্ববিদ্যালয়, যোৰহাট আৰু পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়, গুৱাহাটী এই দুয়োখন শিক্ষানুষ্ঠানৰ পৰা অসমৰ জনজীৱনৰ একো উপকাৰ হোৱা নাই বুলি কৈছিল। দুয়োখন শিক্ষানূষ্ঠানৰ ভূমিকাৰ ওপৰত সন্দেহ প্ৰকাশ কৰি কৈছিল যে অসমৰ কৃষি আৰু পশুপালনৰ ক্ষেত্ৰত, চৰকাৰী সাহাৰ্য্য প্ৰাপ্ত এই দুখন অনুষ্ঠানে অসমৰ জাতীয় জীৱনত কোনোধৰনৰ বৰঙণি আগবঢ়াব পৰা নাই। দুয়োখন অনুষ্ঠান চলোৱাৰ নামত ৰাজহুৱা ধনৰ অপচয়ৰ বাহিৰে বাকী একো লাভ হোৱা নাই। দুয়োখনক তেখেতে একপ্ৰকাৰ বগা হাতী বুলি অভিহিত কৰিছিল। কোৱা বাহুল্য যে তেখেতৰ এই মন্তব্যৰ বিপৰীতে ৰাজ্যজুৰি তোলপাৰ লাগিছিল। ছাত্ৰ আৰু শিক্ষক মহলৰ তীব্ৰ হেচাঁৰ ফলত পিচলৈ তেখেতে আনুষ্ঠানিক ভাবে ষ্পষ্টীকৰণ দি এইয়া তেখেতৰ "ব্যাক্তিগত মন্তব্য আছিল" ধৰনৰ বিজ্ঞপ্তি দি বিতৰ্কৰ অৱসান ঘটাইছিল। এতি...

অসমত চলি অহা দূৰ্নীতি

অৰ্থনীতিৰ ছাত্ৰ অৰুণ শ্বৌৰী "ইণ্ডিয়ান এক্সপ্ৰেছ" আৰু "টাইমছ্ অব্ ইণ্ডিয়া" বাতৰি কাকতৰ সম্পাদক আছিল। তেখেতে বিশ্ব বেঙ্কৰ অৰ্থনৈতিক পৰামৰ্শদাতা হিচাবেও কাৰ্য্যনিৰ্বাহ কৰিছিল। ২০০৩ ৰ পৰা ২০০৪ চনলৈ বাজপেয়ী চৰকাৰত যোগাযোগ আৰু তথ্য বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰীও আছিল। তেখেতে আমাৰ দেশত চলি থকা দূৰ্নীতিৰ ওপৰত এক সুন্দৰ মন্তব্য দিছিল। "দূৰ্নীতি তেতিয়াহে বন্ধ হব, যেতিয়া ম‌ই ঘোচ দিবলৈ এৰিম আৰু আপুনি ঘোচ লবলৈ এৰিব।" এইগৰাকী অৰুণ শ্বৌৰীয়ে অসমলৈ কেন্দ্ৰৰ পৰা উণ্ণয়নৰ বাবে অহা অৰ্থ অনুদানৰ অপচয় অৰ্থাৎ দূৰ্নীতিৰ ওপৰত এক বিশেষ টিপ্পণী দিছিল। তেখেতে কৈছিল অসমত চৰকাৰী যন্ত্ৰ অৰ্থাৎ মন্ত্ৰী, ৰাজনৈতিক নেতা, আমোলা, বিভাগীয় বিষয়াবৰ্গৰ লগতে ঠিকাদাৰ সকলে মিলিজুলি কৰা দূৰ্নীতিৰ বাবেই, স্বাধীনোত্তৰ কালৰ পৰাই অসমৰ উণ্ণয়নে গতি লব পৰা নাই, স্তব্ধ হৈ পৰিছে। উণ্ণয়নৰ বাবে অনূমোদিত ধনৰাশি সমূহ চৰকাৰী কোষাগাৰলৈ নপঠিয়াই, অসমৰ প্ৰতিগৰাকী নাগৰিকলৈ 'মণি অৰ্ডাৰ যোগে পঠিয়ালেহে, প্ৰকৃত অৰ্থত অসমৰ উন্নতি সম্ভৱ হ'লহেঁতেন। শ্বৌৰী চাহাবৰ এই কথাষাৰে অসমত চলি অহা "ইজি মাণী" ...

অন্ধবিশ্বাসঃ

অন্ধবিশ্বাসঃ১ আমাৰ সমাজত এনে কিছুমান অন্ধবিশ্বাস চলি আহিছে, যিবোৰ আমি কোনো প্ৰশ্ন উত্থাপন নকৰাকৈ, বহু প্ৰজন্ম ধৰি, সহজভাবে মানি চলি আহিছো। এই অন্ধবিশ্বাস সমূহৰ ভিতৰত এটা হৈছে গাড়ীৰ আগেদি মেকুৰী পাৰ হলে অমঙ্গল, বিপদ তথা দূৰ্ঘটনাৰ আগজাননী বুলি ভবা হয়। কাৰন মেকুৰী হেনো কুলক্ষণীয়া। গাড়ী মটৰ চলাই গৈ থকা অৱস্থাত, মেকুৰীয়ে ৰাস্তা পাৰ হলে, গাড়ীখন ৰখাই দিব লাগে আৰু অকনমান পিছলৈ মানে গাড়ীখন 'ব্যাক' কৰি নিহে পুনৰ যাত্ৰা আৰম্ভ কৰিব লাগে। তেনে নকৰিলে অমঙ্গল হব ... ইত্যাদি। এই কথাটো আমি সকলোৱে দেখিছো বা বহুতে নিজেও কৰি পাইছে। কিন্তু এই ধৰনৰ উদ্ভট অন্ধবিশ্বাস ভাৰতীয় সকলে কৰ পৰা শিকিলে জানেনে? বৃটিছ সকলৰ পৰা। উনবিংশ শতিকাৰ শেষৰ ফালে অৰ্থাৎ ১৮৮৫ চনত প্ৰথম মটৰ গাড়ী জাৰ্মেনীত নিৰ্মান হৈছিল। কুৰি শতিকাৰ আৰম্ভনিৰে পৰা ইউৰোপৰ দেশ সমূহত বিশেষকৈ ইংলেণ্ডত, সাধাৰন জনতাৰ মাজত, মটৰ গাড়ী জনপ্ৰিয় হৈ পৰাৰ ফলত, ইয়াৰ ব্যাপক প্ৰচলন আৰম্ভ হৈছিল। সেই সময়ৰ বৃটিছ সকলে ঘৰচীয়া জন্তু হিচাবে কুকুৰৰ লগতে মেকুৰীও পুহিছিল (এতিয়াও পোহে)। স্বাভাৱিকতে মেকুৰীৰ সতে সৰু লৰা ছোৱালীবোৰে উমলি ফুৰিছিল। কেতিয়াবা ...

বৃক্ষ ৰোপন আঁচনি ‌

সৰুৰে পৰা মোৰ প্ৰকৃতিপ্ৰেমী দেউতাৰ প্ৰেৰণাৰ ফলশ্ৰুতি ৰূপে গছ-গছনি সমূহৰ প্ৰতি এক বিশেষ আগ্ৰহ জন্মিছিল। আমাৰ ঘৰৰ বাৰীখনত প্ৰায় সকলো ফলৰ গছেই আছিল তাৰোপৰি বহুতো আপূৰুগীয়া গছো দেউতাই ৰুইছিল। বঢ়াই কোৱা যেন লাগিব, ফলৰ ভিতৰত অকল আপেলৰ গছহে নাছিল বুলিব পাৰি, কাৰন আপেল অসমত নহয়। এনে এক পৰিবেশত প্ৰকৃতিৰ প্ৰতি আগ্ৰহ তথা মৰম গঢ়ি উঠা বাবেই অসমৰ বেছিভাগ গছ-গছনি চিনি পাওঁ আৰু নামবোৰ জানো। আমাৰ আশে পাশে থকা ফলৰ গছবোৰৰ ভিতৰত ভালদৰে মন কৰিলে দেখা যায় যে টেঙাফলৰ গছবোৰহে বেছি ধুনীয়া। ঔটেঙা, কৰদৈ, তেতেলী আদি গছবোৰৰ এক বিশেষ সৌন্দৰ্য্য আছে। এইগছবোৰৰ পাত সমূহৰ ঘনত্ব আৰু সমৰূপতাৰ (symmetry) বাবে এক বিশেষ সৌন্দৰ্য্য ফুটি উঠে। ফুল-বৃক্ষৰ ভিতৰত নাহৰ, বকুলৰ এক মন প্ৰাণ হৰি নিয়া সৌন্দৰ্য্য থাকে। তাৰোপৰি আজাৰ, ৰাধাচূড়া, কৃষ্ণচূড়া, সোনাৰু, শিমলু, পলাশ, জুই ফুল,আনকি মদাৰৰ দৰে ফুলবৃক্ষ‌ই মনোৰম পৰিবেশ সৃষ্টি কৰি মন প্ৰাণ উজাগৰ কৰে। কোৰাছ, আহঁত (পাকড়ী) ভেলেউ (ভেলকৰ), নিমগছ চতিয়না আদি গছবোৰৰ এক নিজাববীয়া সৌন্দৰ্য্য আছে। বিশেষকৈ চতিয়না গছজোপা মন কৰিবচোন, সুষম, সুডোল গঠন আৰু ডাল পাতসমূহৰ এক মনোমোহা সমম...

SEBA/AHSEC ৰ মূল্যাঙ্কন নীতি

আজিৰ পৰা দহ বছৰ মান আগলৈকে, এতিয়াৰ দৰে কোনো এটা বিষয়ত ১০০ৰ ভিতৰত ১০০ নম্বৰ (অংকৰ বাহিৰে) পোৱাটো কল্পনাৰো অগোচৰ আছিল। অৱশ্যে সেই সময়তো CBSE বোৰ্ডৰ মূল্যাঙ্কন নীতি (evaluation policy), SEBA/AHSEC ৰ তুলনাত যথেষ্ট উদাৰ আৰু শিথিল আছিল। এইবাবেই SEBA/AHSEC ৰ ছাত্ৰ এজনৰ ৬০% CBSEৰ ছাত্ৰ এজনৰ জ্ঞানৰ পৰিধি ৮০% ৰ সমকক্ষ আছিল। কিন্তু অসমৰ পৰীক্ষা বোৰ্ড সমূহৰ লগতে বিশ্ববিদ্যালয় বোৰে অৱলম্বন কৰা, এই কঠোৰ মূল্যাঙ্কন নীতিৰ ফলত ছাত্ৰ-ছাত্ৰীসকল বেয়াকৈ ক্ষতিগ্ৰস্ত হৈ আহিছে। অসমৰ শিক্ষা ব্যৱস্থাত , এই ধৰণৰ "নিজৰ ভৰিত নিজে কুঠাৰ মৰা নীতি" ৰ ফলত, বহু যুগ ধৰি সৰ্বভাৰতীয় স্তৰত অসমৰ ছাত্ৰ-ছাত্ৰীসকল মেধাবী হোৱা স্বত্বেও প্ৰাপ্যৰ পৰা বঞ্চিত হৈ আহিছে। SEBA/AHSEC ৰ প্ৰকৃত মেধাসম্পন্ন ছাত্ৰ-ছাত্ৰীসকলে নম্বৰ কম পোৱাৰ কাৰন কেবাটাও আছে। প্ৰথম কাৰন: Descriptive question ৰ সংখ্যা বেছি। ৫-১০-১৫ নম্বৰৰ প্ৰশ্নৰ উত্তৰ বোৰত শিক্ষকে সচৰাসচৰ কম নম্বৰ দিয়াটো সৰ্বজনগ্ৰাহ্য সাধাৰন কথা বুলি গণ্য। উদাহৰণ স্বৰূপে ৰচনা (essay) ত ১৫ নম্বৰৰ ভিতৰত, যিমানেই ভাল নিলিখক কিয় সম্পূৰ্ণ নম্বৰ (full marks) নোপোৱাটো ...