চৰকাৰী বিভাগৰ বগা হাতী
বৰ্তমানৰ উদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ত্ৰী শ্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া, ১৯৯৬-২০০১ চনত অসম চৰকাৰৰ কৃষি বিভাগৰ মন্ত্ৰী হৈ আছিল। সেই সময়ছোৱাত তেখেতে যোৰহাটস্থিত কৃষি বিশ্ববিদ্যালয়ৰ, এক সভা/অভিবৰ্তনত এষাৰ বৰ গুৰুত্বপূৰ্ণ কথা কৈ বিতৰ্কিত হৈ পৰিছিল। উক্ত সভাত তেখেতে অসমত থকা কৃষি বিশ্ববিদ্যালয়, যোৰহাট আৰু পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়, গুৱাহাটী এই দুয়োখন শিক্ষানুষ্ঠানৰ পৰা অসমৰ জনজীৱনৰ একো উপকাৰ হোৱা নাই বুলি কৈছিল। দুয়োখন শিক্ষানূষ্ঠানৰ ভূমিকাৰ ওপৰত সন্দেহ প্ৰকাশ কৰি কৈছিল যে অসমৰ কৃষি আৰু পশুপালনৰ ক্ষেত্ৰত, চৰকাৰী সাহাৰ্য্য প্ৰাপ্ত এই দুখন অনুষ্ঠানে অসমৰ জাতীয় জীৱনত কোনোধৰনৰ বৰঙণি আগবঢ়াব পৰা নাই। দুয়োখন অনুষ্ঠান চলোৱাৰ নামত ৰাজহুৱা ধনৰ অপচয়ৰ বাহিৰে বাকী একো লাভ হোৱা নাই। দুয়োখনক তেখেতে একপ্ৰকাৰ বগা হাতী বুলি অভিহিত কৰিছিল।
কোৱা বাহুল্য যে তেখেতৰ এই মন্তব্যৰ বিপৰীতে ৰাজ্যজুৰি তোলপাৰ লাগিছিল। ছাত্ৰ আৰু শিক্ষক মহলৰ তীব্ৰ হেচাঁৰ ফলত পিচলৈ তেখেতে আনুষ্ঠানিক ভাবে ষ্পষ্টীকৰণ দি এইয়া তেখেতৰ "ব্যাক্তিগত মন্তব্য আছিল" ধৰনৰ বিজ্ঞপ্তি দি বিতৰ্কৰ অৱসান ঘটাইছিল।
এতিয়া কথাটো হ'ল যে এজন কৃষিমন্ত্ৰীয়ে নিজৰ বিভাগীয় দায়িত্বাধীন ৰাজ্যখনত থকা মাত্ৰ দুখন অনুষ্ঠানক লৈ কৰা মন্তব্য কৰিলে সেয়া আচলতে তেতিয়া বা প্ৰায় তিনি দশক পিছতো এই মন্তব্যটো ভুল নে যথাৰ্থ সেয়া এক গুৰুত্বপূৰ্ণ বিষয়।
১৯৪৮ চনত মৰুভূমি সদৃশ বাতাবৰণৰ মাজত গঢ় লৈ উঠা এখন নতুন দেশ হৈছে ইজৰাইল। অনাৰ্দ্ৰ, অনুৰ্বৰা, এক শুকান স্থলভূমিৰ দেশ ইজৰাইল। অথচ এনেহেন প্ৰতিকূল পৰিবেশৰ মাজতো ইজৰাইলৰ কৃষিবিজ্ঞানী, জীৱ-বিজ্ঞানী, গৱেষক, অধ্যাপক, কৃষক সকলে এক বিপ্লৱৰ সূচনা কৰিছে। নিৰ্দিষ্ট তাপমান, আৰ্দ্ৰতা, উষ্ণতা, জলবায়ু তথা বাতাবৰণত উৎপন্ন হোৱা বিভিন্নধৰণৰ শাক-পাচলি, ফলমূল, শস্য আদিৰ উপৰিও পশুপালন, হাঁহ, কুকুৰা, ভেড়া, ছাগলী আদি পৰ্যাপ্ত পৰিমানে উৎপাদন কৰি নিজৰ প্ৰয়োজন পূৰণ কৰাতেই ক্ষান্ত নাথাকি বাণিজ্যিক ভিত্তিত এইবোৰ উৎপাদন কৰি বিভিন্ন দেশলৈ ৰপ্তানি কৰিছে। উদাহৰণস্বৰূপে একমাত্ৰ শীতপ্ৰধান পাহাৰীয়া অঞ্চলত উৎপন্ন হোৱা আপেলৰ খেতি কৰি ইজৰাইলে পৃথিৱীৰ বহু দেশলৈ সুস্বাদু আপেল ৰপ্তানি কৰিছে।
এতিয়া প্ৰসংগ সঙ্গতি দৰ্শাই কও যে অসমখন পানীৰে উভৈনদী, উৎকৃষ্ট তথা উৰ্বৰা ভূমি, কৃষিৰ বাবে অনুকূল জলবায়ু আদি সকলো দিশেই ধনাত্মক হোৱাৰ পিছতো কৃষি বিপ্লৱ বা বেলেগ ৰাজ্য তথা দেশলৈ ৰপ্তানি কৰাটো দূৰৰ কথা নিজৰেই বছৰটো খাবলৈ নোজোৰে। নেপালী সম্প্ৰদায়ৰ গোৱাল সকলে কোনোৰকম চলিব পৰাকৈ চলাই নাথাকিলে, গাখীৰৰ বাবে হাঁহাকাৰ কৰিব লগীয়া হ'ল হেতেঁন। চাউল, দাইল, কণী, মাছ, মাংস আনকি শাক পাচলিও বাহিৰৰ পৰা আমদানি কৰিবলগীয়া পৰিস্থিতিৰ বাবে চৰকাৰী কৃষি, পশুপালন, মীনপালন আদি বিভাগ সমূহে "নৈতিক দায়িত্ব পালন কৰিব পৰা নাই" বুলি ভাবে নে?
অথচ ৰাতিপুৱা বাতৰি কাকতখন মেলিলেই দেখিব প্ৰতিদিন কৃষি বিশ্ববিদ্যালয়ৰ পৰা কৃষি, পশুপালন আনকি মীন-পালনৰ ওপৰত ডক্টৰেট ডিগ্ৰী লাভ কৰা গৱেষকেৰে অসমখন ভৰি পৰিছে।
অতীজৰে পৰা অসমখন কৃষিপ্ৰধান এলেকা হোৱা স্বত্বেও, বৰ্তমান সময়ত অসমত আটাইতকৈ অনীহাৰ কাম হৈছে কৃষি কাৰ্য্য, মীন পালন আৰু পশুপালন।
ইয়াৰ মাজতে অৱশ্যে সকলো ক্ষেত্ৰত থকাৰ দৰেই কিছু সংখ্যক লোকৰ ব্যতিক্ৰমী উল্লেখযোগ্য অৱদান নিশ্চয় আছে। বহুতো শিক্ষিত যুৱকে স্বেচ্ছাই কৃষিকাৰ্য্যক পেচা হিচাবে গ্ৰহন কৰাও মই দেখিছো। সকলো ক্ষেত্ৰত কিছুমান দক্ষ আৰু উৎসৰ্গীকৃত লোক থাকে, যিসকল লোকৰ ভৰষা আৰু আশাশুধীয়া চেষ্টাৰ ফলতেই সমাজ তথা দেশৰ প্ৰগতি নিৰ্ভৰ কৰি আহিছে।
কৃষি বিশ্ববিদ্যালয়, যোৰহাট আৰু পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়, গুৱাহাটী আৰু মীন মহাবিদ্যালয়, ৰহা এই তিনিখন শিক্ষানুষ্ঠানতো কিছু নিষ্ঠাবান শিক্ষক, ছাত্ৰ, গৱেষক আৰু বিজ্ঞানী নিশ্চয় আছে। কিন্তু তেখেত সকল হৈ পৰিছে এপাছি শাকত এটা জালুক।
এই নিষ্ঠাবান লোক সকলৰ প্ৰতি সন্মান জনাই এষাৰ অপ্ৰিয় সত্য কবই লাগিব যে আজিৰ তাৰিখতো, মন্ত্ৰী পাটোৱাৰী ডাঙৰীয়াৰ মন্তব্যৰ সতে মই একমত।
Comments
Post a Comment