বন্ধুত্বৰ সংজ্ঞা-১


আজি বন্ধুত্ব দিৱস উপলক্ষে সকলোলৈ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিলো। বন্ধুত্বৰ সংজ্ঞা দিয়াটো বৰ দুৰূহ কাম কিন্তু তেজৰ সম্পৰ্কৰ বাহিৰত আটাইতকৈ অভিনব, নিকট আৰু নিৰ্ভেজাল সম্পৰ্কৰ নামেই বন্ধুত্ব।
১৯৩৫ চনৰ আগষ্ট মাহৰ প্ৰথম শনিবাৰৰ দিনাখন, আমেৰিকান প্ৰশাসনৰ হাতত, এজন ব্যক্তিৰ মৃত্যু হৈছিল । ব্যক্তিজনৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ পিছত, দ্বিতীয় দিনাখন অৰ্থাৎ, আগষ্ট মাহৰ প্ৰথম ৰবিবাৰে, তেওঁৰ আটাইতকৈ প্ৰিয় বন্ধুজনে, বন্ধুবিয়োগৰ শোক সহিব নোৱাৰি, আত্মহত্যা কৰে।

বন্ধুপ্ৰীতিৰ বিৰল নিদৰ্শন হিচাপে, তেওঁৰ মৃত্যুৰ দিন, আগষ্ট মাহৰ প্ৰথম ৰবিবাৰক, আন্তৰ্জাতিক বন্ধুত্ব দিৱস হিচাপে পালন কৰা হয়।
মানুহৰ জীৱনত পৰম মিত্ৰৰ সন্ধান পোৱাটো আটাইতকৈ কঠিন কাম, আৰু পোৱাৰ পিছত সেই বন্ধুক পৰিত্যাগ কৰাটো আৰু বেছি কঠিন আৰু তেনে বন্ধুক পাহৰাটো কোনোপধ্যেই সম্ভৱ নহয় ।
বাৰ্ণাৰ্ড মেল্টজাৰে কৈছিল, "প্ৰকৃত বন্ধু সেইজন, যিজনে ভাবে যে তুমি এটা নিখুঁত কণী , যদিওবা তেওঁ জানে, যে তুমি আংশিক ভাবে ভঙা ।"
প্ৰকৃত বন্ধুৱে, আমাৰ মাজত থকা বিসংগতি বোৰৰ সতেই, আমাক ভাল পায় । বন্ধু মানুহৰ জীৱনত এক অসাধাৰণ উপহাৰ । বন্ধুত্ব হৈছে এজনৰ, আনজনৰ প্ৰতি থকা মৰম, চেনেহ আৰু ভাললগা অনুভূতি ।
এজন প্ৰকৃত বন্ধু আনজনৰ সুখ আৰু দুখৰ সমভাগী। তেওঁ আপোনাৰ যিকোনো ধৰণৰ বিফলতাক, উলাই আৰু সফলতাক, সাৱলীল ভাবে সহিব পাৰে ।
তেওঁ কিন্তু কোনো মৃদুভাষী চাটুকাৰ নহয়, যাৰ কথাত সকলোসময়তে, আপুনি মাথোঁ অহেতুক আনন্দহে পাব। প্ৰয়োজন সাপেক্ষে আপোনাৰ ভুল পদক্ষেপৰ, আটাইতকৈ কটূ সমালোচকৰ ভূমিকাও, তেওঁ যত্ন সহকাৰে পালন কৰিব।
ভাল বন্ধু আকাশত থকা নক্ষত্ৰৰ দৰে, সকলো সময়তে দেখা নাপালেও, আপুনি কিন্তু ভালদৰেই জানে যে, তেওঁ সদায় আপোনাৰ সতেই আছে ।
কিন্তু, তোষামোদকাৰী আৰু বন্ধুৰ, মাজত থকা পাৰ্থক্য, বুজি পোৱাটো নিতান্তই জৰুৰী । তোষামোদকাৰী সকল, আপোনাৰ জ্ঞাত শত্ৰুতকৈয়ো ভয়াবহ। তেওঁলোকৰ মিঠা-মিঠা কথা বোৰে আপোনাৰ অপূৰণীয় ক্ষতি কৰে।
বন্ধুৰ সংখ্যা কম হলেও কথা নাই কিন্তু যাৰ লগত সুখ দুখ ভগাই লব পাৰি তেওঁৱেই প্ৰকৃত বন্ধু । বিপদৰ সময়তহে প্ৰকৃত বন্ধুৰ পৰিচয় পোৱা যায়।
আৰু যদি কেতিয়াবা বন্ধুৱে বিশ্বাসঘাতকতা কৰে, তাতকৈ দুখৰ কথা হবই নোৱাৰে।
বৰ্তমান যুগত, বন্ধুত্বৰ পৰিভাষা, ব্যপকভাবে সলনি হৈছে। আপোনাৰ সুদিনৰ সময়ত আপোনাৰ চাৰিওফালে কেবল বন্ধুৱেই প্ৰত্যক্ষ কৰিব কিন্তু যেতিয়া, তেওঁলোকৰ স্বাৰ্থ পূৰণ হব তাৰপিছত কাকোৱেই নেদেখে । সেয়েহে প্ৰকৃততে বন্ধু কোন, বুজাটো খুবেই টান হৈ পৰিছে । কাৰোবাৰ সতে বন্ধুত্বৰ হাত, আগবঢ়োৱাৰ আগতে, যথেষ্ট সাৱধান হোৱা উচিত কাৰণ নতুন বন্ধু হৈছে, কেঁচা ফলৰ দৰে, নপকালৈকে আপুনি ধৰিব নোৱাৰে, সুমথিৰা টেঙাৰ দৰে মিঠা হব নে নেমুটেঙাৰ দৰে টেঙা হব।
বন্ধুত্ব কৰিব জনাটো এক বিজ্ঞান আৰু বন্ধুত্বক জীয়াই ৰখাটো এক কলা। বন্ধুত্ব ঐশ্বৰ্য-বৈভৱৰ দৰে, ইয়াক আহৰণ কৰাতকৈ, নিজৰ কৰি ৰখাটোহে বেছি জটিল ।
আনহাতে আজিকালি বন্ধুত্বও অতি ক্ষণস্থায়ী । দীৰ্ঘকালীন বন্ধুত্ব প্ৰায় আকাশ-কুসুম কল্পনা সদৃশ হৈ পৰিছে।
বন্ধুত্বৰ মাজত কেতিয়াও, লাভালাভ বা সুবিধাৰ কথা নাহে। সেইকাৰণে কোৱা হয় যে বন্ধুৱে অকল পথ প্ৰদৰ্শন নকৰে, প্ৰয়োজন হলে সেই পথ যিমানেই বিপদসংকুল নহওঁক কিয়, আপোনাৰ হাতত ধৰি, আপোনাৰ সতে, হাঁহি মুখে আগুৱাই যাব।
প্ৰকৃত বন্ধুত্বৰ নিদৰ্শন মন কৰক :
এবাৰ এজন বন্ধুই কৈছিল,
"মোৰ আটাইবোৰ বন্ধুৱে যদি দলংৰ ওপৰৰ পৰা তললৈ জাপ মাৰে, মই সিহঁতৰ সতে কেতিয়াও জাপ নামাৰো, বৰং মই তলত থিয় হৈ থাকি, সিহঁত আটাইকেইটাক, সুৰক্ষিতৰূপে ধৰিম।"

Comments

Popular posts from this blog

সাংখ্য দৰ্শন

নাৰী তুমি অনন্যা