অসমত মাছৰ উৎপাদন



অসমৰ মুঠ জনসংখ্যাৰ শতকৰা ৯০ জন লোকেই মাছ খায়। এটা সময়ত, অসমৰ নদী, বিল, খাল আদি জলাশয় সমূহত প্ৰচুৰ পৰিমাণে মাছ পোৱা গৈছিল। কিন্তু জনসংখ্যা ক্ৰমাৎ বাঢ়ি অহাৰ লগে লগে আৰু প্ৰাকৃতিক ভাবে মাছৰ উৎপাদন কমি অহাৰ ফলত 'ডিমাণ্ড' আৰু 'চাপ্লাই" ৰ অনুপাতৰ সমীকৰণত আউল লাগি আজি অসমৰ বজাৰত মাছ পাবলৈ নাই। সংকুচিত জলাশয় তথা ব্যৱসায়িক ভিত্তিত, বিজ্ঞানসন্মত ভাবে মাছৰ উৎপাদন বৃদ্ধিৰ কোনো উপযুক্ত ব্যৱস্থা নথকাৰ বাবে স্থানীয় মাছবোৰৰ উৎপাদন দিনক দিনে কমি আহিছে। স্থানীয় ভাবে উৎপাদিত মাছৰ জুই-ছাই দাম আৰু পৰিমাণে নোজোৰা বাবে লক্ষ্ণৌ, হাইদৰাবাদ আদি ঠাইৰ চালানী মাছৰ শৰনাপন্ন হব লগা হৈছে। চোৰৰ উপদ্ৰৱ তথা মাছৰ বেমাৰে জুৰুলা কৰা কিছুমান উদ্যমী লোকে নিজা পুখুৰীত পোহা মাছেৰে যৎসামান্য চাহিদা পূৰণ কৰিছে যদিও সেইয়া একেবাৰেই নগন্য।
লক্ষ্ণৌ বা হাইদৰাবাদৰ তুলনাত
অসমৰ জলবায়ু আৰু লগতে প্ৰকৃতিৰ অৱদান স্বৰূপ খাল, বিল, পুখুৰী, নদ-নদী আদি জলাশয়েৰে ভৰি থকা এক ঈশ্বৰপ্ৰদত্ত অনুকূল পৰিবেশ থকাৰ পিছতো, "ফৰ্মেলীন" দিয়া চালানী মাছৰ ওপৰত নিৰ্ভৰশীল হবলগীয়া হোৱাটো চৰম লজ্জাজনক কথা নহয় নে?
এই পৰিস্থিতিৰ বাবে দায়ী কোন?
প্ৰতিবছৰে মীন প্ৰতিপালন আৰু উৎপাদনৰ শিতানত আবন্টিত চৰকাৰী ধনৰ হিচাপ কোনোবাই ৰাখিছে নে?
অসমত মাছৰ উৎপাদনক লৈ এই সংকট আজি হঠাৎ হোৱা সমস্যা নহয়। মোৰ যদি ভুল হোৱা নাই অসমলৈ চালানী মাছৰ আগমণ আজিৰ পৰা প্ৰায় ত্ৰিছ বছৰমান আগতেই হৈছিল। সেই সময়তো কিন্তু অসমত চৰকাৰী মীন বিভাগ এটা আছিল আৰু পিছলৈ মীন বিভাগৰ মন্ত্ৰণালয়‌ও খোলা হৈছিল।
আজিৰ পৰা ঠিক ত্ৰিছ বছৰ আগতেই অৰ্থাৎ ১৯৮৮ চনত নগাঁৱৰ ৰহাত মীন বিজ্ঞান মহাবিদ্যালয় এখন স্থাপন কৰা হৈছিল। আজি অত বছৰে এই শিক্ষানুষ্ঠানৰ পৰা বহুতো স্নাতক, স্নাতকোত্তৰ ডিগ্ৰীৰ লগতে গৱেষকো নিশ্চয় উত্তীৰ্ণ হৈ ওলাইছে। এই সকল শিক্ষিত লোকে, চৰকাৰী চাকৰি এটা পোৱাৰ পিছত নিজৰ কৰ্মক্ষেত্ৰত ধনাত্মক অৰিহণা যোগাবলৈ চেষ্টা কৰিছিল নে?
আজি ইমান বছৰ ধৰি অসম চৰকাৰে মাছৰ সংৰক্ষণ আৰু উৎপাদন বৃদ্ধিৰ বাবে এক বিশুদ্ধ নীতি আৰু কাৰ্য্যকৰী আঁচনি যুগুত কৰি উলিয়াব নোৱাৰিলে। চৰকাৰৰ অদূৰদৰ্শিতা, শুদ্ধ পৰিকল্পনাৰ অভাৱ, মীন বিভাগৰ অকৰ্মণ্যতা, দূৰ্নীতি আৰু নিৰ্লিপ্ত মনোভাৱ, কাৰ্য্যকৰী আচনি যুগুত কৰি ৰূপায়ণ কৰাৰ প্ৰতি অনীহাৰ লগতে মীন বিজ্ঞানৰ সতে জড়িত গৱেষক, বৈজ্ঞানিক সকলৰ অজ্ঞতা, নিৰ্লিপ্ততা, উদাসীনতা তথা দূৰ্নীতিৰ বাবেই আজি এই পৰিস্থিতিৰ সন্মুখীন হবলগীয়া হৈছে।
আমাৰ জলাশয় সমূহত পোৱা স্থানীয় মাছসমূহৰ ওপৰত সঁচা অৰ্থত (কাগজে কলমেৰে অকল ডিগ্ৰী লিখিবলৈ নকৰি) "জেনেটিক" অধ্যয়ন আৰু গৱেষণা কৰি, লুপ্ত হব ধৰা এই মাছবোৰক নিৰোগী কৰাৰ লগতে মাছৰ উৎপাদন বঢ়াবলৈ, জেনেটিক ইঞ্জিনিয়াৰ, জীৱ বৈজ্ঞানিক আৰু মীন গৱেষক সকল আগবাঢ়ি আহক। প্ৰয়োজন হলে ইজৰাইল আদি দেশৰ পৰা প্ৰযুক্তি ধাৰলৈ আনক।
অনতিপলমে অসম চৰকাৰে বগী বিল, দীপৰ বিল, চান্দডুবি হ্ৰদ আদি অসমৰ বিভিন্ন বৃহৎ জলাশয় সমূহ চিহ্নিত কৰি, বৈজ্ঞানিক আৰু ব্যৱসায়িক ভিত্তিত স্থানীয় মাছৰ প্ৰতিপালন আৰু উৎপাদন বৃদ্ধি কৰাৰ সু-ব্যৱস্থা গ্ৰহন কৰক।
এক বেচৰকাৰী সংস্থাৰ তথ্য অনুসৰি অসমত মুঠ ৪৫০ টা ৰাজহুৱা তথা ৰজাদিনীয়া ডাঙৰ পুখুৰী (সৰু বোৰ বাদ দি) আছে। অবিভক্ত শিৱসাগৰ জিলাতেই প্ৰায় ১০০ টা এনেধৰণৰ পুখুৰী আছে। এই ৰজাদিনীয়া পুখুৰীবোৰৰ এক ঐতিহাসিক পটভূমি আছে অথচ উপযুক্ত ভাবে ৰক্ষনাবেক্ষন কৰিব নোৱাৰা বাবে বেছিভাগ পুখুৰী পৰিত্যাক্ত হৈ অথবা বেদখলকাৰীৰ কবলত পৰি নিশ্চিহ্ন হোৱাৰ উপক্ৰম হৈছে। এই ৰাজহুৱা পুখুৰী বোৰত চৰকাৰে সম্পূৰ্ণ বৈজ্ঞানিক পদ্ধতিৰে মৎসপালনৰ এক ফলপ্ৰসূ আচঁনি/প্ৰকল্প প্ৰস্তুত কৰিব পাৰে মানে কৰা উচিত। চৰকাৰী কাম-কাজৰ নমুনা তথা দক্ষতা সম্পৰ্কে আমি সকলোৱে অৱগত গতিকে এই কামটো কোনো ব্যক্তিগত খণ্ডক কিছু প্ৰাথমিক চৰ্ত সাপেক্ষে, পৰীক্ষামূলক ভাবে (৫ বছৰৰ বাবে) দি চাব পাৰি।
এই ৰাজহুৱা পুখুৰীবোৰত মীন প্ৰতিপালন প্ৰকল্প কাৰ্য্যকৰী কৰি তুলিবলৈ কৰণীয় তথা প্ৰাথমিক চৰ্ত সমূহ এনেধৰনৰ হোৱা উচিত।
১) এই কামটোৰ দায়িত্ব ব্যক্তিগত খণ্ডৰ কোনো অভিজ্ঞ প্ৰতিষ্ঠানক দিব লাগিব। আবেগৰ বশৱৰ্তী হৈ অকল "পাৰ্চেন্টেজ" খোৱা তথাকথিত থলুৱা নামধাৰী "চিণ্ডিকেট" ক দিলে কাম নচলিব।
২) এই প্ৰকল্পৰ বাবে প্ৰয়োজনীয় কৰ্মচাৰী সমূহ, স্থানীয় উদ্যমী যুৱকৰ মাজৰ পৰা শিক্ষাগত আৰু শাৰীৰিক শ্ৰমৰ ভিত্তিত নিৰ্বাচন কৰিব লাগিব।
২) পুখুৰীটোৰ তত্বাৱধান, সংৰক্ষণ, সৌন্দৰ্য্যবৰ্ধন কৰাৰ লগতে ঐতিহাসিক প্ৰমূল্য অক্ষূন্ন ৰখাৰ দায়িত্ব ব্যৱসায়িক প্ৰতিষ্ঠানটোৱে লব লাগিব। এক কথাত এই পুখুৰীবোৰ পৰ্য্যটকৰ আকৰ্ষণৰ বিন্দু হৈ পৰিব লাগিব।
৪) মৎস প্ৰকল্পত নিয়োজিত কৰ্মচাৰী সকলক অন্ধ্ৰপ্ৰদেশস্থিত ফিশ্বাৰীবোৰৰ পৰা চৰকাৰী খৰছত প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিব লাগিব।
৩) বজাৰত উৎপাদিত মাছৰ বিক্ৰী মূল্য চৰকাৰে নিৰ্ধাৰণ কৰিব।
৪) ব্যৱসায়িক প্ৰতিষ্ঠান সমূহক ৩ বছৰৰ বাবে মৎস উৎপাদনৰ এক লক্ষ্য নিৰ্ধাৰণ কৰিব লাগিব। যদি উৎপাদনৰ লক্ষ্য পূৰণ কৰিব পাৰে তেতিয়াহলে পৰৱৰ্তী ৫ বছৰৰ বাবে চুক্তিৰ ম্যাদ বঢ়াই দিয়া হব। লগতে কৰ্মচাৰী সকলোকো দৰমহা, বছৰেকীয়া ইনক্ৰীমেট, বানচ আদি চৰকাৰী চাকৰিয়ালক দিয়াৰ দৰে ব্যৱস্থা কৰিলে, সকলোৱে নিষ্ঠা সহকাৰে কাম কৰিব।
৬) প্ৰস্তাৱিত প্ৰকল্পটোৰ এক নিৰ্দিষ্ট লভ্যাংশ পুখুৰীৰ পাৰৰ সৌন্দৰ্য্যবৰ্দ্ধন সমন্বিতে স্থানীয় অঞ্চলৰ উন্নয়ণৰ বাবদ খৰছ কৰিব লাগিব।
এই ধৰনৰ আৰু কিছু চিন্তা-চৰ্চা কৰি, আৰু কিছু উদগনিমূলক চৰ্ত তথা দূৰ্নীতিমুক্ত এক অনুকূল পৰিবেশৰ সৃষ্টি কৰিব পাৰিলে এই প্ৰকল্প নিশ্চয় সফল হব। স্থানীয় ৰাইজ, বিভিন্ন সামাজিক সংগঠন সমূহে এই ক্ষেত্ৰত নিঃচৰ্ত সমৰ্থন আৰু সহযোগ দিয়াৰ উদ্দেশ্যে আগবাঢ়ি আহিব লাগিব।
কথায় কথায় আন্দোলন কৰিব বিচৰা মানুহবোৰে যদি আন্দোলনেই কৰে তেনেহলে মৎস আন্দোলন এটা কৰি দেখুৱাওক।

Published in "Prantik"

Comments

Popular posts from this blog

সাংখ্য দৰ্শন

বন্ধুত্বৰ সংজ্ঞা-১

নাৰী তুমি অনন্যা