চিটিবাছৰ বৰ্দ্ধিত ভাড়া আৰু অসন্তোষ



যোৱাবছৰ কেন্দ্ৰীয় চৰকাৰে, প্ৰথমতে GST ২৮% (সৰ্ব্বোচ্চ) ধাৰ্য্য কৰিলে আৰু তাকে লৈ ৰাইজৰ মাজত ক্ষোভ বৃদ্ধি হোৱা দেখি পিছলৈ ১৮% কৰি ৰাইজক কিছু পৰিমানে আশ্বস্ত কৰিলে।
আজিকালি যিকোনো সামগ্ৰী, শুল্ক, ভাড়া, কৰ আদিৰ মূল্য হঠাৎ অস্বাভাৱিক ভাবে বৃদ্ধি কৰি, পিছত নামমাত্ৰ অকণমান হ্ৰাস কৰি, সাধাৰণ ৰাইজক বুৰ্ব্বক বনোৱাৰ এই অভিনৱ পদ্ধতিৰ আৱিষ্কাৰ কত হৈছিল জানেনে? এইখন অসমত।
নব্বৈৰ দশকৰ শেষৰফালে গুৱাহাটীৰ মিনি চিটিবাছৰ (কেন্টাৰ) ন্যুন্যতম ভাড়া আছিল দুটকা। এদিন হঠাৎ ৰাতিৰ ভিতৰতে, এই ভাড়া দুটকাৰ পৰা দহ টকালৈ বৃদ্ধি কৰা হৈছিল।
উল্লেখযোগ্য যে সততে আন্দোলনৰ বাবে জগত বিখ্যাত অসম মূলুকত, এই ঘটনাৰ প্ৰতিবাদত কোনো আন্দোলন হোৱা নাছিল।
কাৰন সেইসময়ত গুৱাহাটীত বসবাস কৰি থকা অসমৰ যুৱ-নেতা, ছাত্ৰ-নেতা, হাত-ডঙা নেতা সকলৰ বেছিভাগেই "কেন্টাৰ"ৰ মালিক আছিল। গতিকে ৰাইজৰ হৈ আন্দোলন কৰিবলৈ কোনো নেতৃত্ব নাছিল।
পিছলৈ ৰাইজৰ মাজত দেখা দিয়া ব্যপক অসন্তোষ আৰু বৰ্দ্ধিত ভাড়া নিদিয়াক লৈ কিছু বিক্ষিপ্ত ঘটনাৰ পৰিপ্ৰেক্ষিতত চৰকাৰী প্ৰশাসন যন্ত্ৰ আৰু গুৱাহাটীস্থিত তথাকথিত কিছু যুব-নেতাৰ (বেছিভাগেই মালিক) মধ্যস্থতাত ন্যুন্যতম ভাড়া দহ টকাৰ পৰা পাঁচ টকালৈ হ্ৰাস কৰা হয়।
কোৱা বাহুল্য যে দহটকাৰ পৰা পাঁচ টকা হোৱাত সকলোৱে স্বস্তিৰ নিশ্বাস পেলালে, অথচ দুটকাৰ পৰা একেবাৰতে পাঁচ টকা হোৱা কথাটো, সকলোৰে অলক্ষিতে তল পৰি থাকিল।

Comments

Popular posts from this blog

সাংখ্য দৰ্শন

বন্ধুত্বৰ সংজ্ঞা-১

নাৰী তুমি অনন্যা