পঢ়াই, পঢ়ে, ৰোৱে পাণ
"পঢ়াই, পঢ়ে, ৰোৱে পাণ, এই তিনিয়ে নিচিন্তে আন।"
এইবেলি অসম
মূলুকত, উক্ত কথাষাৰ আক্ষৰিক অৰ্থত প্ৰযোজ্য হবলৈ গৈ আছে। স্কুলীয়া ল'ৰা
ছোৱালীয়ে কোনোধৰনৰ আন্দোলনৰ কাৰ্য্যসূচীত অংশগ্ৰহণ কৰিব নোৱাৰিব। এই
সংক্ৰান্তত নতুন আইনৰ খচৰা প্ৰস্তুত।
প্ৰেক্ষাপটত মাতৃ আৰু পূত্ৰৰ কথোপকথনঃ
মাতৃঃ বোপাই অ' তোৰ দাঢ়িখিনি এবাৰ কাটিব নোৱাৰ নে?
পূত্ৰঃ কিয় মা, আজি ষাঠি বছৰৰ মূৰত দাঢ়িৰ কথাটো সুধিলা যে?
মাতৃঃ বোপাই অ' তোক দাঢ়িৰ সতে দেখি দেখি, তোৰ আচল চেহেৰাটো পাহৰিয়েই গৈছো।
জন্মৰ সময়তো মানে তই কেচুৱা থাকোতেও, তোৰ মুখমণ্ডলত দাঢ়িয়েই আছিল,
এনেকুৱা যেন লাগে।
পুত্ৰঃ মা মই যিটো পেচাত আছো মোৰ বাবে দাঢ়ি ৰখাটো অত্যন্ত প্ৰয়োজনীয়। তুমি এইবোৰ নুবুজিবা।
মাতৃঃ এৰা মই এইবোৰ ক'ত বুজিম অ' বোপা! অ' কথা এটা কব পাহৰিছিলো, কেইদিনমান আগতে তোক বিচাৰি মানুহ কেইজনমান আহিছিল। তোৰ খবৰ লৈছিল।
পূত্ৰঃ কি কলে মানুহকিজনে, মা?
মাতৃঃ তেখেত সকলে পৃথিৱীৰ বৃদ্ধতম ছাত্ৰনেতা হিচাবে তোৰ নামটো কিবা ৰেকৰ্ড বুক এখনত সন্নিৱিষ্ট কৰিব বিচাৰিছে।
পূত্ৰঃ হয় নেকি? আৰু কিবা কবা নেকি মা?
মাতৃঃ বোপাই, কিনো কম! চব মানুহৰ জীৱনলৈ অৱসৰৰ দিন আহে, তোৰ লগৰ হৰেশ্বৰ,
নৰেশ্বৰ, নৰকান্ত, হেমকান্ত, নগেন, খগেন, বীৰেন, আদি সকলোবোৰ ৰিটায়াৰ হৈ
গ'ল। তোৰ জীৱনলৈ "অৱসৰ" কেতিয়াও নাহিবই, নেকি অ' বোপাই?
পূত্ৰঃ মা, মই আজীৱন সন্থাৰ হকে কাম কৰি যাবলৈ সিদ্ধান্ত লৈ থৈছো, গতিকে উপায় নাই। মই কোনোপধ্যেই মাজবাটৰ পৰা, পিছুৱাব নোৱাৰো।
মাতৃঃ পিছে কথা এটা শুনিছো যে, তই ইমানদিনে চলাই অহা দোকানখন হেনো
চৰকাৰে, আইন প্ৰণয়ন কৰি বন্ধ কৰিব বিচাৰিছে। গতিকে তই এতিয়া সন্থা বাদ দি,
দাঢ়িখিনি চুচি-মাজি, সাধাৰন মানুহ হবলৈ চেষ্টা কৰাই ভাল হব নেকি?
Comments
Post a Comment