অসমত চলি অহা দূৰ্নীতি
অৰ্থনীতিৰ ছাত্ৰ অৰুণ শ্বৌৰী "ইণ্ডিয়ান এক্সপ্ৰেছ" আৰু "টাইমছ্ অব্
ইণ্ডিয়া" বাতৰি কাকতৰ সম্পাদক আছিল। তেখেতে বিশ্ব বেঙ্কৰ অৰ্থনৈতিক
পৰামৰ্শদাতা হিচাবেও কাৰ্য্যনিৰ্বাহ কৰিছিল। ২০০৩ ৰ পৰা ২০০৪ চনলৈ বাজপেয়ী
চৰকাৰত যোগাযোগ আৰু তথ্য বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰীও আছিল।
তেখেতে আমাৰ দেশত চলি থকা দূৰ্নীতিৰ ওপৰত এক সুন্দৰ মন্তব্য দিছিল।
"দূৰ্নীতি তেতিয়াহে বন্ধ হব, যেতিয়া মই ঘোচ দিবলৈ এৰিম আৰু আপুনি ঘোচ লবলৈ এৰিব।"

এইগৰাকী অৰুণ শ্বৌৰীয়ে অসমলৈ কেন্দ্ৰৰ পৰা উণ্ণয়নৰ বাবে অহা অৰ্থ অনুদানৰ
অপচয় অৰ্থাৎ দূৰ্নীতিৰ ওপৰত এক বিশেষ টিপ্পণী দিছিল। তেখেতে কৈছিল অসমত
চৰকাৰী যন্ত্ৰ অৰ্থাৎ মন্ত্ৰী, ৰাজনৈতিক নেতা, আমোলা, বিভাগীয় বিষয়াবৰ্গৰ
লগতে ঠিকাদাৰ সকলে মিলিজুলি কৰা দূৰ্নীতিৰ বাবেই, স্বাধীনোত্তৰ কালৰ পৰাই
অসমৰ উণ্ণয়নে গতি লব পৰা নাই, স্তব্ধ হৈ পৰিছে।
উণ্ণয়নৰ বাবে অনূমোদিত ধনৰাশি সমূহ চৰকাৰী কোষাগাৰলৈ নপঠিয়াই, অসমৰ প্ৰতিগৰাকী নাগৰিকলৈ 'মণি অৰ্ডাৰ যোগে পঠিয়ালেহে, প্ৰকৃত অৰ্থত অসমৰ উন্নতি সম্ভৱ হ'লহেঁতেন।
শ্বৌৰী চাহাবৰ এই কথাষাৰে অসমত চলি অহা "ইজি মাণী" আহৰণৰ অদম্য লিপ্সাৰ লগতে, অসমৰ জাতীয় জীৱনত চলি থকা চৰম অকৰ্মণ্যতাৰ বিষয়ে এক সুকীয়া উমান দিছিল।
অসমত পুৰুষানুক্ৰমে চলি অহা দূৰ্নীতিৰ সহজলভ্য অনুভৱে, অসমৰ ৰাইজক মানসিকভাবে ইমানেই কোঙা কৰি পেলাইছে যে নদী বান্ধ দি বিদ্যু উৎপাদন কৰি, সমগ্ৰ অসমৰ ৰাইজ উপকৃত হব বুলি ভাবিব নোৱাৰে। তাৰ পৰিৱৰ্তে, "বান্ধ ভাঙিব কাৰন বান্ধটো বনাওতে দূৰ্নীতি হব, গতিকে উচ্চ মানদণ্ডৰ বান্ধ বনাব নোৱাৰেই যিহেতু বান্ধ নিশ্চয় এদিন ভাঙিবই" বুলিহে ভীতিগ্ৰস্ত হৈ পৰে।
অৰুণ শ্বৌৰী চাহাবৰ অসমৰ বিষয়ে কৰা মন্তব্যষাৰ আজিৰ তাৰিখতো, সামগ্ৰিকভাবে অসমৰ বাবে গ্ৰহণযোগ্য হয় নে নহয় সেইয়া ৰাইজে জানিব।
কিন্তু অসমৰ স্বায়ত্ব শাসনৰ অধীনত থকা এলেকা সমূহত এতিয়াও কথাষাৰ সম্পূৰ্ণৰূপে প্ৰযোজ্য নিশ্চয়।

Comments
Post a Comment