SEBA/AHSEC ৰ মূল্যাঙ্কন নীতি
আজিৰ পৰা দহ বছৰ মান আগলৈকে, এতিয়াৰ দৰে কোনো এটা বিষয়ত ১০০ৰ ভিতৰত ১০০ নম্বৰ (অংকৰ বাহিৰে) পোৱাটো কল্পনাৰো অগোচৰ আছিল। অৱশ্যে সেই সময়তো CBSE বোৰ্ডৰ মূল্যাঙ্কন নীতি (evaluation policy), SEBA/AHSEC ৰ তুলনাত যথেষ্ট উদাৰ আৰু শিথিল আছিল। এইবাবেই SEBA/AHSEC ৰ ছাত্ৰ এজনৰ ৬০% CBSEৰ ছাত্ৰ এজনৰ জ্ঞানৰ পৰিধি ৮০% ৰ সমকক্ষ আছিল। কিন্তু অসমৰ পৰীক্ষা বোৰ্ড সমূহৰ লগতে বিশ্ববিদ্যালয় বোৰে অৱলম্বন কৰা, এই কঠোৰ মূল্যাঙ্কন নীতিৰ ফলত ছাত্ৰ-ছাত্ৰীসকল বেয়াকৈ ক্ষতিগ্ৰস্ত হৈ আহিছে। অসমৰ শিক্ষা ব্যৱস্থাত, এই ধৰণৰ "নিজৰ ভৰিত নিজে কুঠাৰ মৰা নীতি" ৰ ফলত, বহু যুগ ধৰি সৰ্বভাৰতীয় স্তৰত অসমৰ ছাত্ৰ-ছাত্ৰীসকল মেধাবী হোৱা স্বত্বেও প্ৰাপ্যৰ পৰা বঞ্চিত হৈ আহিছে।
SEBA/AHSEC ৰ প্ৰকৃত মেধাসম্পন্ন ছাত্ৰ-ছাত্ৰীসকলে নম্বৰ কম পোৱাৰ কাৰন কেবাটাও আছে।
প্ৰথম কাৰন:
Descriptive question ৰ সংখ্যা বেছি। ৫-১০-১৫ নম্বৰৰ প্ৰশ্নৰ উত্তৰ বোৰত শিক্ষকে সচৰাসচৰ কম নম্বৰ দিয়াটো সৰ্বজনগ্ৰাহ্য সাধাৰন কথা বুলি গণ্য। উদাহৰণ স্বৰূপে ৰচনা (essay) ত ১৫ নম্বৰৰ ভিতৰত, যিমানেই ভাল নিলিখক কিয় সম্পূৰ্ণ নম্বৰ (full marks) নোপোৱাটো সকলোৰে বাবে এটা স্বাভাৱিক কথা যেন লাগে।
দ্বিতীয়:
পৰীক্ষক সকলৰ মানসিকতা (mindset) নেতিবাচক। আনকি বিজ্ঞান বিষয়তো, বহুত ভাল লিখিলেও ১০ ৰ ভিতৰত ১০ দূৰৰ কথা ৭ পালেও "বহুত পালো" বুলিহে ধৰা হয়।
তৃতীয়:
বৰ্তমান CBSE বোৰ্ডৰ (SEBA/AHSEC ৰ আছে নে নাই নাজানো) ৰ বহী পৰীক্ষক সকলে মূল্যাঙ্কন (evaluation) নিৰ্দেশাৱলী (guideline) অনুসৰি কৰি নম্বৰ দিব লাগে। প্ৰশ্ন এটাৰ উত্তৰ হিচাবে কিছুমান মূখ্যশব্দ (keywords) থাকে, পৰীক্ষাৰ্থীয়ে সেই খিনি সামৰিব পাৰিলে সম্পূৰ্ণ নম্বৰ (full marks) দিবই লাগিব।
গতিকে আগৰ পৰীক্ষকসকলৰ দৰে নিজৰ ইচ্ছা অনুসৰি একো কৰিব নোৱাৰে।
ভাষা সাহিত্যত (literature) সম্পূৰ্ণ নম্বৰ (full marks) দিব নোৱাৰি বুলি চলি থকা এক ভ্ৰান্ত ধাৰনা বা কল্পিত কথাৰ (myth) বাবেই, এটা সময়ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা বহু যুগলৈ অসমীয়া বিভাগত কোনেও প্ৰথম স্থান পোৱা নাছিল (এতিয়াও নগন্য)।

Comments
Post a Comment