ফুটবল বিশ্বকাপ
জীৱনত প্ৰথমবাৰৰ বাবে ১৯৮৬ চনৰ ফুটবল বিশ্বকাপৰ খেলসমূহ চাওতে,
আৰ্জেন্টিনাৰ ডিয়েগো মাৰাডোনাৰ অভূতপূৰ্ব কলাত্মক খেল দেখি আভিভূত হৈ
পৰিছিলো। আৰু পিছলৈ অত্যাধিক মাৰাডোনা প্ৰীতিৰ বাবেই আজিলৈকে আৰ্জেন্টিনাৰ
টীমটোকেই (নিজৰ দেশক যে কেতিয়া কৰিব পাৰিম!) সমৰ্থন কৰি আহিছো।
সিদিনা নবাগত তথা অনভিজ্ঞ দল আইচলেণ্ডৰ লগত ১-১ গোলত আৰ্জেন্টিনাৰ ড্ৰ হোৱাৰ পিছত মনটো বৰ বেয়া লাগিছিল।
কিন্তু পিছত আইচলেণ্ড দেশখন আৰু ফুটবল টীমটোৰ বিষয়ে গম পোৱাৰ পিছত মনটো ভাল লাগি গ'ল। আইচলেণ্ড দেশখন তেনেই সৰু আৰু মুঠ জনসংখ্যা মাত্ৰ ৩ লাখ ৩৮ হাজাৰ অৰ্থাৎ গুৱাহাটী মহানগৰৰ জনসংখ্যাতকৈয়ো কম।
এই ফুটবল টীমটোৰ সদস্য ৫ জনৰ পেচা হৈছে চিকিৎসা সেৱা অৰ্থাৎ তেওঁবিলাক একো
একোজন প্ৰতিষ্ঠিত ডাক্তৰ। গোলকীপাৰ গৰাকী সেই দেশৰ প্ৰসিদ্ধ চিত্ৰ পৰিচালক
আৰু "কোচ্চ" গৰাকী এজন বিশিষ্ট দন্ত চিকিৎসক।
এক কথাত টীমটোৰ সতে
জড়িত কেবাজনো খেলূৱৈ আক্ষৰিক অৰ্থত পেচাদাৰ নহয়, অথচ তাৰ পিছতো লিওনেল
মেছিৰ দৰে শ্ৰেষ্ঠ ফুটবলাৰৰ নেতৃত্বত খেলা আৰ্জেন্টিনাৰ দৰে শক্তিশালী টীম
এটাক গোল দি খেলখন "ড্ৰ" কৰাটো নিতান্তই এক ঐতিহাসিক অঘটন আছিল।
জীৱনত কিবা এটা কৰাৰ সদিচ্ছা থাকিলে সকলো ধৰনৰ কাৰ্য্যক্ষেত্ৰত সফলতা লাভ কৰা সম্ভৱ।
চাকৰি বা ব্যৱসায় আদিৰ সতে নিমজ্জিত হৈ, এটা বয়সত নিজকে সকলো বিষয়-বস্তুৰ
পৰা নিজকে সীমিত কৰি, "জীৱনৰ সকলো আশা-আকাঙ্খা স্থবিৰ হৈ গ'ল" বুলি ভবা
সকলে এই ফুটবল টীমটোৰ পৰা এক "শিকনি" লবলগীয়া আছে।
Comments
Post a Comment