Posts

Showing posts from August, 2018

অটলবিহাৰী বাজপেয়ীৰ ৰসবোধ

ৰাজস্থানৰ পোখৰাণ নামৰ ঠাইত নিউক্লিয়াৰ বিষ্ফোৰকৰ পৰীক্ষণ কৰা হৈছিল ক্ৰমে ১৯৭৪ আৰু ১৯৯৮ চনত। দ্বিতীয়বাৰৰ পৰীক্ষণৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল সদ্যপ্ৰয়াত জনপ্ৰিয় নেতা স্বৰ্গীয় অটল বিহাৰী বাজপেয়ী দেৱ। Defence Research & Development Organisation (DRDO) আৰু Atomic Energy Commission (AEC) ৰ মূল ছজনীয়া বৈজ্ঞানিক দলটোৰ অন্যতম সদস্য আছিল ভাৰতবৰ্ষৰ আন এগৰাকী জনপ্ৰিয় ব্যক্তি তথা বৈজ্ঞানিক (পিছলৈ ভাৰতৰ ৰাষ্ট্ৰপতি হিচাবে কাৰ্য্যনিৰ্বাহ কৰিছিল) স্বৰ্গীয় আব্দুল কালাম। নিউক্লিয়াৰ বিষ্ফোৰক পৰীক্ষণৰ বাবে সম্পূৰ্ণৰূপে সাজু হৈ উঠাৰ পিছত, নিৰাপত্তা জনিত কাৰন সাপেক্ষে, পৰীক্ষণৰ প্ৰকৃত দিন, তাৰিখ আৰু সময় নিৰ্দ্ধাৰন কৰোতে, যথেষ্ট গোপনীয়তাৰ প্ৰয়োজন আছিল। গোপনীয়তা সুনিশ্চিত কৰিবলৈ এই গুৰু দায়িত্ব মাত্ৰ দুগৰাকী ব্যক্তিক অৰ্পণ কৰা হৈছিল। তাৰে এজন হৈছে চৰকাৰৰ ফালৰ পৰা প্ৰধানমন্ত্ৰী অটলবিহাৰী বাজপেয়ী দেৱ আৰু আনজন বৈজ্ঞানিক দলটোৰ ফালৰ পৰা আব্দুল কালাম চাহাব। পৰীক্ষণৰ আঁচনি হিচাবে শক্তি-১, শক্তি-২, শক্তি-৩, শক্তি-৪ আৰু শক্তি-৫ নামৰ মুঠ পাচ‍‌ঁটা বিষ্ফোৰক "পীচফুল নিউক্লিয়াৰ এক্সপ্লোছি...

বন্ধুত্বৰ সংজ্ঞা-১

আজি বন্ধুত্ব দিৱস উপলক্ষে সকলোলৈ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিলো। বন্ধুত্বৰ সংজ্ঞা দিয়াটো বৰ দুৰূহ কাম কিন্তু তেজৰ সম্পৰ্কৰ বাহিৰত আটাইতকৈ অভিনব, নিকট আৰু নিৰ্ভেজাল সম্পৰ্কৰ নামেই বন্ধুত্ব। ১৯৩৫ চনৰ আগষ্ট মাহৰ প্ৰথম শনিবাৰৰ দিনাখন, আমেৰিকান প্ৰশাসনৰ হাতত, এজন ব্যক্তিৰ মৃত্যু হৈছিল । ব্যক্তিজনৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ পিছত, দ্বিতীয় দিনাখন অৰ্থাৎ, আগষ্ট মাহৰ প্ৰথম ৰবিবাৰে, তেওঁৰ আটাইতকৈ প্ৰিয় বন্ধুজনে, বন্ধুবিয়োগৰ শোক সহিব নোৱাৰি, আত্মহত্যা কৰে। বন্ধুপ্ৰীতিৰ বিৰল নিদৰ্শন হিচাপে, ত েওঁৰ মৃত্যুৰ দিন, আগষ্ট মাহৰ প্ৰথম ৰবিবাৰক, আন্তৰ্জাতিক বন্ধুত্ব দিৱস হিচাপে পালন কৰা হয়। মানুহৰ জীৱনত পৰম মিত্ৰৰ সন্ধান পোৱাটো আটাইতকৈ কঠিন কাম, আৰু পোৱাৰ পিছত সেই বন্ধুক পৰিত্যাগ কৰাটো আৰু বেছি কঠিন আৰু তেনে বন্ধুক পাহৰাটো কোনোপধ্যেই সম্ভৱ নহয় । বাৰ্ণাৰ্ড মেল্টজাৰে কৈছিল, "প্ৰকৃত বন্ধু সেইজন, যিজনে ভাবে যে তুমি এটা নিখুঁত কণী , যদিওবা তেওঁ জানে, যে তুমি আংশিক ভাবে ভঙা ।" প্ৰকৃত বন্ধুৱে, আমাৰ মাজত থকা বিসংগতি বোৰৰ সতেই, আমাক ভাল পায় । বন্ধু মানুহৰ জীৱনত এক অসাধাৰণ উপহাৰ । বন্ধুত্ব...

ৰসাল মাৰ্ক টোৱেন

"ঔপন্যাসিক বা সাহিত্যিক সকলে নাৰীৰ চৰিত্ৰ সমূহ উল্লেখ কৰোতে, সদায় আগতে নিজা জীৱনৰ, কোনো এক সময়ত, পৰ্য্যবেক্ষণ কৰা কোনো এক মহিলাৰ চৰিত্ৰ অঙ্কন কৰিবলৈ চেষ্টা কৰে। এইখিনিতেই ঔপন্যাসিক বা সাহিত্যিক সকলে মাৰাত্মক ভুলটো কৰে কাৰন, তেখেত সকলে মনত ৰখা উচিত যে, মহিলাসকলে আগতে, বিশেষকৈ কোনোবা বেলেগ মহিলাই কৰা কাৰ্য্য, কেতিয়াও পুণৰাবৃত্তি নকৰে।" এই বিখ্যাত ৰসাল উক্তি আছিল মাৰ্ক টোৱেনৰ। মাৰ্ক টোৱেন আছিল সময়তকৈ আগবঢ়া আৰু মানৱতাৰ প্ৰবক্তা, চিন্তাবিদ আৰু ব্যঙ্গ সাহিত্যিক। সময়ৰ সোঁতৰ বিপৰীতে, তেখেত সাম্ৰাজ্যবাদী মাৰ্কিন যুক্তৰাষ্ট্ৰৰ আগ্ৰাসন নীতিৰ তীব্ৰ সমালোচক আৰু প্ৰচণ্ড বিৰোধী আছিল। আমেৰিকাক ঐতিহ্য, সংস্কৃতি আৰু সভ্যতাবিহীন জাতি বুলি আত্মসমালোচনা কৰাৰ সৎসাহসো তেখেতৰ আছিল। হেলীৰ ধূমকেতুৱে প্ৰতি ৭৬ বছৰৰ মূৰে মূৰে পৃথিবীৰ নিকটতম দূৰত্বত, নিজ কক্ষপথেৰে পৰিভ্ৰমণ কৰে আৰু পৃথিৱীবাসীৰ দৃষ্টিগোচৰ হয়। ১৮৩৫ চনত হেলীৰ ধূমকেতুৰ আবিৰ্ভাৱ হৈছিল আৰু সেই বছৰতেই বিশ্ববৰেণ্য আমেৰিকান সাহিত্যিক আৰু চিন্তাবিদৰ জন্ম হৈছিল। মাৰ্ক টোৱেনক আমেৰিকান সাহিত্যৰ জনক বুলি কোৱা হয়। কুৰি শতিকাৰ এগৰাকী ...

ৰসাল এলবাৰ্ট আইনষ্টাইন

"আপুনি যদি অতি উত্তপ্ত জ্বলন্ত চৌকা এটাৰ ওচৰত এক মিনিট সময় অতিবাহিত কৰে, আপোনাৰ এই এক মিনিট সময় এঘন্টা যেন লাগিব। আনহাতে আপুনি এঘন্টা সময় এগৰাকী অপৰূপা যুৱতীৰ সতে কটাই, আপোনাৰ এই এঘন্টা সময় এক মিনিট যেন লাগিব, এইয়াই হৈছে আপেক্ষিকতাবাদ (Relativity)।" এই কথাষাৰ অতি সৰস ভাবে স্বয়ং এলবাৰ্ট আইনষ্টাইনে এবাৰ আপেক্ষিকতাবাদৰ অৰ্থ বুজাবলৈ কৈছিল। আইনষ্টাইন আছিল আপেক্ষিকতাবাদ (Theory of Relativity) আৰু মাত্ৰা যান্ত্ৰিকীৰ (Quantum Mechanics) আদিৰ সতে জড়িত, এগৰাকী বিশ্ব বিশ্ৰুত পদাৰ্থবিজ্ঞানী। "আমি সকলোৱে ভাৰতীয় সভ্যতাৰ ওচৰত ঋণী, তেওঁলোকৰ পৰাই আমি গণণা কৰিবলৈ গণিত শিকিছো আৰু গণিতৰ অবিহনে কোনো বৈজ্ঞানিক আৱিষ্কাৰ সম্ভৱ নহয়।" এইষাৰো বিংশ শতিকাৰ জনপ্ৰিয় তথা সৰ্বকালৰ শ্ৰেষ্ঠ বিজ্ঞানী এলবাৰ্ট আইনষ্টাইনৰে উক্তি। বিজ্ঞানৰ ছাত্ৰ হৈও তেওঁ একেধাৰে এগৰাকী মানবতাবাদী, দাৰ্শনিক আৰু ৰসবোধ সম্পন্ন ব্যক্তি আছিল। সৰুৰে পৰা স্বল্পভাষী এই গৰাকী মহান বিজ্ঞানীয়ে শৈশৱ কালত প্ৰায় চাৰি বছৰ বয়সলৈ কথা কবলৈ শিকা নাছিল। কথা কবলৈ শিকাৰ পিছতো তেখেতে ইমানেই কম কথা কৈছিল যে মাক দেউতাকে ...