অটলবিহাৰী বাজপেয়ীৰ ৰসবোধ


ৰাজস্থানৰ পোখৰাণ নামৰ ঠাইত নিউক্লিয়াৰ বিষ্ফোৰকৰ পৰীক্ষণ কৰা হৈছিল ক্ৰমে ১৯৭৪ আৰু ১৯৯৮ চনত।
দ্বিতীয়বাৰৰ পৰীক্ষণৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল সদ্যপ্ৰয়াত জনপ্ৰিয় নেতা স্বৰ্গীয় অটল বিহাৰী বাজপেয়ী দেৱ।
Defence Research & Development Organisation (DRDO) আৰু Atomic Energy Commission (AEC) ৰ মূল ছজনীয়া বৈজ্ঞানিক দলটোৰ অন্যতম সদস্য আছিল ভাৰতবৰ্ষৰ আন এগৰাকী জনপ্ৰিয় ব্যক্তি তথা বৈজ্ঞানিক (পিছলৈ ভাৰতৰ ৰাষ্ট্ৰপতি হিচাবে কাৰ্য্যনিৰ্বাহ কৰিছিল) স্বৰ্গীয় আব্দুল কালাম।
নিউক্লিয়াৰ বিষ্ফোৰক পৰীক্ষণৰ বাবে সম্পূৰ্ণৰূপে সাজু হৈ উঠাৰ পিছত, নিৰাপত্তা জনিত কাৰন সাপেক্ষে, পৰীক্ষণৰ প্ৰকৃত দিন, তাৰিখ আৰু সময় নিৰ্দ্ধাৰন কৰোতে, যথেষ্ট গোপনীয়তাৰ প্ৰয়োজন আছিল।
গোপনীয়তা সুনিশ্চিত কৰিবলৈ এই গুৰু দায়িত্ব মাত্ৰ দুগৰাকী ব্যক্তিক অৰ্পণ কৰা হৈছিল। তাৰে এজন হৈছে চৰকাৰৰ ফালৰ পৰা প্ৰধানমন্ত্ৰী অটলবিহাৰী বাজপেয়ী দেৱ আৰু আনজন বৈজ্ঞানিক দলটোৰ ফালৰ পৰা আব্দুল কালাম চাহাব।
পৰীক্ষণৰ আঁচনি হিচাবে শক্তি-১, শক্তি-২, শক্তি-৩, শক্তি-৪ আৰু শক্তি-৫ নামৰ মুঠ পাচ‍‌ঁটা বিষ্ফোৰক "পীচফুল নিউক্লিয়াৰ এক্সপ্লোছিভ" (PNE) পৰীক্ষাৰ বাবে সাজু কৰা হৈছিল।
"শক্তি-১" নামৰ নিউক্লিয়াৰ বিষ্ফোৰকৰ পৰীক্ষণ হৈছিল মে' মাহৰ ১১ তাৰিখে আৰু বাকী চাৰিটা বিষ্ফোৰকৰ পৰীক্ষণ হৈছিল ১৩ তাৰিখে।
১১ মে' ৰ দিনাখনেই প্ৰথমটো পৰীক্ষণ কৰা হব বুলি সিদ্ধান্ত গ্ৰহণ কৰি, অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াই আগদিনা গধূলি আব্দুল কালাম চাহাবক মাতি নি সুধিলে,
"কালাম চাহাব, কাইলৈ পৰীক্ষণ কৰিবলৈ হ'লে, আমি সকলো ফালৰ পৰা সম্পূৰ্ণৰূপে সাজু আছো নে?"
কালাম চাহাবে কলে,
"হয়, আমি ১০০% সাজু আছো। কেৱল কথাটো আজি, এতিয়াই কাকো জনোৱাটো উচিত নহব।"
অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াই, তেতিয়া তেখেতৰ অতুলনীয় আৰু উৎকৃষ্ট ৰসবোধৰ নিদৰ্শন ৰাখি কৈছিল,
"কালাম চাহাব। কেনেকৈ জানিব! কোনে জনাব? আপুনি নিশ্চিন্তে থাকক, এই কথাটো ফাদিল হোৱাটো কোনোপধ্যেই সম্ভৱ নহয়, কাৰন আমি দুয়োজনেই অবিবাহিত নহয় জানো?"

Comments

Popular posts from this blog

সাংখ্য দৰ্শন

বন্ধুত্বৰ সংজ্ঞা-১

নাৰী তুমি অনন্যা