ৰসাল মাৰ্ক টোৱেন



"ঔপন্যাসিক বা সাহিত্যিক সকলে নাৰীৰ চৰিত্ৰ সমূহ উল্লেখ কৰোতে, সদায় আগতে নিজা জীৱনৰ, কোনো এক সময়ত, পৰ্য্যবেক্ষণ কৰা কোনো এক মহিলাৰ চৰিত্ৰ অঙ্কন কৰিবলৈ চেষ্টা কৰে। এইখিনিতেই ঔপন্যাসিক বা সাহিত্যিক সকলে মাৰাত্মক ভুলটো কৰে কাৰন, তেখেত সকলে মনত ৰখা উচিত যে, মহিলাসকলে আগতে, বিশেষকৈ কোনোবা বেলেগ মহিলাই কৰা কাৰ্য্য, কেতিয়াও পুণৰাবৃত্তি নকৰে।"
এই বিখ্যাত ৰসাল উক্তি আছিল মাৰ্ক টোৱেনৰ। মাৰ্ক টোৱেন আছিল সময়তকৈ আগবঢ়া আৰু মানৱতাৰ প্ৰবক্তা, চিন্তাবিদ আৰু ব্যঙ্গ সাহিত্যিক। সময়ৰ সোঁতৰ বিপৰীতে, তেখেত সাম্ৰাজ্যবাদী মাৰ্কিন যুক্তৰাষ্ট্ৰৰ আগ্ৰাসন নীতিৰ তীব্ৰ সমালোচক আৰু প্ৰচণ্ড বিৰোধী আছিল। আমেৰিকাক ঐতিহ্য, সংস্কৃতি আৰু সভ্যতাবিহীন জাতি বুলি আত্মসমালোচনা কৰাৰ সৎসাহসো তেখেতৰ আছিল।
হেলীৰ ধূমকেতুৱে প্ৰতি ৭৬ বছৰৰ মূৰে মূৰে পৃথিবীৰ নিকটতম দূৰত্বত, নিজ কক্ষপথেৰে পৰিভ্ৰমণ কৰে আৰু পৃথিৱীবাসীৰ দৃষ্টিগোচৰ হয়। ১৮৩৫ চনত হেলীৰ ধূমকেতুৰ আবিৰ্ভাৱ হৈছিল আৰু সেই বছৰতেই বিশ্ববৰেণ্য আমেৰিকান সাহিত্যিক আৰু চিন্তাবিদৰ জন্ম হৈছিল। মাৰ্ক টোৱেনক আমেৰিকান সাহিত্যৰ জনক বুলি কোৱা হয়। কুৰি শতিকাৰ এগৰাকী বৰেণ্য সাহিত্যিক আৰ্ণেষ্ট হেমিংৱেৰ মতে টোৱেনৰ "এডভেঞ্চাৰ্ছ অব্ হাকলবেৰী ফিন্" নামৰ উপন্যাসখন হৈছে সৰ্বতি কালৰ আমেৰিকান সাহিত্যৰ মূল প্ৰেৰণাস্ৰোত।
তেখেতৰ ব্যঙ্গমিশ্ৰিত ক্ষুৰধাৰ সমালোচনাই মাৰ্কিন প্ৰশাসনক সততে তটস্থ কৰি ৰাখিছিল। তেখেত নাৰী স্বাধীনতা আৰু দাস প্ৰথা নিৰ্মূলৰ সমৰ্থক আছিল। আমেৰিকান ৰাষ্ট্ৰযন্ত্ৰৰ দুমুখীয়া বৈদেশিক কূটনীতিৰ আৰু আগ্ৰাসনবাদী নীতিৰ তীব্ৰ বিৰোধিতা কৰিছিল।
তেখেত আছিল ভাৰতীয় সভ্যতা আৰু সংস্কৃতিৰ উচ্চখাপৰ প্ৰশংসক। যাৰ বাবে তেওঁ ভাৰত ভ্ৰমণো কৰিছিল আৰু ভাৰতৰ স্বাধীনতাৰ হকে তেখেতে সদায় মাত মাতিছিল। ভাৰতৰ বিষয়ে তেখেতৰ অতি উচ্চ ধাৰণা আছিল। তেওঁ কৈ গৈছে,
"ভাৰতবৰ্ষ হৈছে মানৱ প্ৰজাতিৰ ‌ওমলা ঘৰ, মানুহৰ ভাষাৰ জন্মস্থান, ইতিহাসৰ মাতৃ, কিম্বদন্তীৰ আইতাক আৰু পৰম্পৰাৰ আজো আইতাক। মানৱ ইতিহাসৰ আটাইতকৈ প্ৰয়োজনীয় তথা শিক্ষামূলক সামগ্ৰী আৰু মহত্বপূৰ্ণ অমূল্য সম্পদৰ ভঁৰাল হৈছে ভাৰতবৰ্ষ।"
আমেৰিকান সকলৰ আত্মকেন্দ্ৰিক স্বভাৱ আৰু আগ্ৰাসন নীতিৰ সমালোচনা কৰি তেখেতে কৈছিল,
"যুদ্ধৰ প্ৰয়োজনীয়তা নিশ্চয় আছে। যুদ্ধৰ গ‌ইনা লৈ আমেৰিকান সকলে অন্ততঃ বিশ্বৰ বৰ্ণময় ভৌগলিক পৰিসীমাৰ সতে পৰিচিত হ'ব পাৰিব।"
"এজন মানুহে নিজস্ব অনুমোদন অবিহনে কেতিয়াও সুখী জীৱন কটাব নোৱাৰে।"
মহিলাসকলৰ সামাজিক জীৱনত পৰিৱৰ্তন তথা স্বাধীনতাৰ হকে সদায় মাত মাতি অহা টোৱেনে, মহিলাৰ ওপৰতো তেখেতৰ স্বভাৱসূলভ ব্যঙ্গ কৰিবলৈ এৰা নাছিল।
তেখেতৰ বিখ্যাত গ্ৰন্থ "আডামৰ ডায়েৰী" ত আদমে ঈভৰ বিষয়ে কোৱা সংলাপ আছিল এনেধৰনৰ,
"বহুবছৰ অতিবাহিত কৰাৰ পিছত, ম‌ই প্ৰথম অৱস্থাত, ঈভৰ বিষয়ে এটা ভুল ধাৰণা পোষণ কৰি থকা বুলি গম পালো,
'ঈভ অবিহনে বাগিচাৰ (ইডেন গাৰ্ডেন) ভিতৰত কটোৱাতকৈ, ঈভৰ সতে বাগিচাৰ বাহিৰত কটাবলৈহে ভাল হব বুলি ভাবিছিলো'!"
"কোনো এগৰাকী মহিলাই যদি বিতৰ্ক নকৰাকৈ সুস্পষ্ট আৰু বিবেকসন্মত পৰামৰ্শ এটা গ্ৰহণ কৰিবলৈ অনিচ্ছা প্ৰকাশ কৰে, তেনেহলে বুজিব লাগিব তেখেত বিবাহিতা।"
মানুহৰ মনস্তত্ব আৰু ব্যৱহাৰৰ ওপৰত তেখেতে সুক্ষ্মাত্মক পৰ্যবেক্ষণ কৰিব পাৰিছিল। সেয়ে তেখেতে প্ৰশংসা আৰু সমালোচনাক একত্ৰিত কৰি, দ্ব্যৰ্থক মিশ্ৰণ তৈয়াৰ কৰি মানুহৰ মন আৰু মগজুক আন্দোলিত কৰিবলৈ সক্ষম হৈছিল।
"মিছা কথা কোৱা বুলি স্বীকাৰ কৰা এগৰাকী পুৰুষতকৈ, মহা সত্যবাদী লোক এই পৃথিৱীত দ্বিতীয়জন হব‌ই নোৱাৰে।"
"অতি উৎকৃষ্ট গ্ৰন্থ (ক্লাছিক) হৈছে এনে এখন পুথি যিখন সকলোৱে পঢ়িম বুলি কিনে বা আনে, কিন্তু কোনোৱে নপঢ়ে।"
"জীৱনটো অপৰিসীম সুখাবহ হ'লহেতেঁন, যদিহে আমাৰ জন্ম আশীবছৰ বয়সত হ'লহেতেঁন আৰু ওলোটা ক্ৰমত, ওঠৰ বছৰলৈ উভতি আহিব পাৰিলোহেতেঁন।"
"জীৱনৰ পৰা মোহ-মায়া সমূহক আতঁৰি যাবলৈ নিদিব, মোহ-মায়া আতঁৰি যোৱাৰ পিছতো, আপুনি বাচি থাকিব ঠিকেই কিন্তু আপোনাৰ 'জীৱন'ৰ পৰিসমাপ্তি ঘটিব।"
"আপুনি যদি সঁচা কথা কয়, তেনেহলে একো মনত নাৰাখিলেও চলি যায়।"
"কিছুমান ভাল বন্ধু, কিছুমান উৎকৃষ্ট গ্ৰন্থ আৰু নিদ্ৰাগ্ৰস্ত বিবেকঃ এইয়াই হৈছে আদৰ্শ জীৱনৰ সংজ্ঞা।"
"আপুনি যেতিয়াই নিজকে সংখ্যাগৰিষ্ঠতাৰ মাজত আৱিষ্কাৰ কৰে, মনত ৰাখিব এইয়াই হৈছে বিৰাম আৰু চিন্তনৰ উপযুক্ত সময়।"
"অযোগ্য ব্যক্তিৰ সন্মুখত সঁচা কথাও কব নাপায়।"
জীৱনৰ সৰু সৰু কথাবোৰকো তেখেতে এনেদৰেই ৰসাল আৰু মনোগ্ৰাহী কৰি তুলিছিল।
"চিগাৰেট হুপিবলৈ এৰাটো আটাইতকৈ সহজ কাম, ম‌ই এতিয়ালৈকে এশবাৰ মান এৰিছো।"
"চিগাৰেট এনে এটা বস্তু যাৰ নেকি এটা মূৰত জুই থাকে আৰু আনটো মূৰত থাকে এজন মূৰ্খ।"
১৯১০ চনত হেলীৰ ধুমকেতুৰ পুনৰ আবিৰ্ভাৱ হৈছিল। টোৱেনে নিজৰ মৃত্যু সম্পৰ্কে ভৱিষৎবাণী কৰা মতেই কাকতালীয় ভাবে উক্ত বছৰতেই ৭৬ বছৰ বয়সত এই মহান চিন্তাবিদগৰাকীৰ মৃত্যু হৈছিল।

Comments

Popular posts from this blog

সাংখ্য দৰ্শন

বন্ধুত্বৰ সংজ্ঞা-১

নাৰী তুমি অনন্যা