ৰসাল এলবাৰ্ট আইনষ্টাইন



"আপুনি যদি অতি উত্তপ্ত জ্বলন্ত চৌকা এটাৰ ওচৰত এক মিনিট সময় অতিবাহিত কৰে, আপোনাৰ এই এক মিনিট সময় এঘন্টা যেন লাগিব। আনহাতে আপুনি এঘন্টা সময় এগৰাকী অপৰূপা যুৱতীৰ সতে কটাই, আপোনাৰ এই এঘন্টা সময় এক মিনিট যেন লাগিব, এইয়াই হৈছে আপেক্ষিকতাবাদ (Relativity)।"
এই কথাষাৰ অতি সৰস ভাবে স্বয়ং এলবাৰ্ট আইনষ্টাইনে এবাৰ আপেক্ষিকতাবাদৰ অৰ্থ বুজাবলৈ কৈছিল। আইনষ্টাইন আছিল আপেক্ষিকতাবাদ (Theory of Relativity) আৰু মাত্ৰা যান্ত্ৰিকীৰ (Quantum Mechanics) আদিৰ সতে জড়িত, এগৰাকী বিশ্ব বিশ্ৰুত পদাৰ্থবিজ্ঞানী।
"আমি সকলোৱে ভাৰতীয় সভ্যতাৰ ওচৰত ঋণী, তেওঁলোকৰ পৰাই আমি গণণা কৰিবলৈ গণিত শিকিছো আৰু গণিতৰ অবিহনে কোনো বৈজ্ঞানিক আৱিষ্কাৰ সম্ভৱ নহয়।"
এইষাৰো বিংশ শতিকাৰ জনপ্ৰিয় তথা সৰ্বকালৰ শ্ৰেষ্ঠ বিজ্ঞানী এলবাৰ্ট আইনষ্টাইনৰে উক্তি।
বিজ্ঞানৰ ছাত্ৰ হৈও তেওঁ একেধাৰে এগৰাকী মানবতাবাদী, দাৰ্শনিক আৰু ৰসবোধ সম্পন্ন ব্যক্তি আছিল। সৰুৰে পৰা স্বল্পভাষী এই গৰাকী মহান বিজ্ঞানীয়ে শৈশৱ কালত প্ৰায় চাৰি বছৰ বয়সলৈ কথা কবলৈ শিকা নাছিল। কথা কবলৈ শিকাৰ পিছতো তেখেতে ইমানেই কম কথা কৈছিল যে মাক দেউতাকে আইনষ্টাইনৰ মুখৰ মাত এষাৰ শুনিবলৈ অধীৰ হৈ পৰিছিল।
কালক্ৰমত কম কথা কোৱা এই শিশুটি এদিন জীৱন দৰ্শনৰ প্ৰজ্ঞাৰে পৰিপূৰ্ণ হৈ পৰিছিল আৰু সুন্দৰ আৰু সৰল কথাৰে অগণন জ্ঞানমুগ্ধ শ্ৰোতা আৰু পাঠকক উজ্জীৱিত কৰি তুলিছিল।
তেখেতৰ আন এষাৰ বৰ সুন্দৰ কথা,
"আপুনি যদি ছবছৰীয়া শিশু এটাক সাৱলীল ভাবে, কোনো এটা বিষয় বস্তু, বুজাই কব নোৱাৰে, তেতিয়াহ'লে আপোনাৰ সেই বিষয়-বস্তুৰ ওপৰত থকা, অগাধ জ্ঞানৰ কোনো মূল্য নাই।"
আৰু আক্ষৰিক অৰ্থত, তেখেতে পদাৰ্থ বিজ্ঞানৰ বহু জটিল আৰু নীৰস তত্ব, সাধুকথাৰ দৰে মনোগ্ৰাহী আৰু আকৰ্ষণীয় কৰি, ছবছৰীয়া শিশু এটাক সাৱলীল ভাবে বুজোৱাৰ দৰে বুজাই থৈ গৈছে।
এলবাৰ্ট আইনষ্টাইন, ষ্টীফেন হকিং, মাৰ্ক টোৱেইন, অস্কাৰ ৱাইল্ড আদি বিভিন্ন ক্ষেত্ৰৰ বিখ্যাত লোক সকলৰ মাজত থকা এক সামঞ্জস্য হৈছে, এওঁলোকৰ জীৱনৰ প্ৰতি থকা এক গভীৰ দৰ্শন, অসামান্য উপলব্ধি। আইনষ্টাইনে সাফল্যৰ শিখৰ স্পৰ্শ কৰাৰ পিছতো নিজৰ জ্ঞান আৰু গৰিমাক লৈ কেতিয়াও উচ্চবাচ্য নকৰিছিল বাবেই তেখেতে কৈছিল,
"আচলতে ম‌ই যে বৰ বুধিয়ক বা চোকা, এনেকুৱা নহয়। হব পাৰে ম‌ই হয়তো অইনতকৈ 'সমস্যা' বোৰৰ সতে, অকণমান বেছি সময় কটাইছিলো।"
জীৱন, দৰ্শন, প্ৰেম, শিক্ষা, ধৰ্ম্ম, বিজ্ঞান আদি বিষয়ৰ ওপৰত তেখেতে বহু মনোগ্ৰাহী আৰু আকৰ্ষণীয় টিপ্পণী দি থৈ গৈছেঃ
"বুদ্ধিজীৱি সকলে সমস্যা সমাধান কৰিবলৈ বিচাৰে আনহাতে প্ৰকৃত প্ৰতিভাবান ব্যক্তিয়ে সমস্যা প্ৰতিৰোধ কৰে।"
"মহৎ চিন্তাৰ অধিকাৰী সকলে চিৰকাল, নিম্ন চিন্তাধাৰাৰ মানুহৰ পৰা তীব্ৰ প্ৰতিৰোধৰ সন্মুখীন হৈ আহিছে।"
"জ্ঞানতকৈ কল্পনা শক্তিৰহে প্ৰয়োজনীয়তা বহুত বেছি।"
"প্ৰকৃতিক বৰ গভীৰভাবে পৰ্য্যবেক্ষণ কৰক, দেখিব, বাকী সকলোবোৰ সহজ হৈ পৰিছে।"
"ধৰ্ম্ম অবিহনে বিজ্ঞান খোঁৰা আৰু বিজ্ঞান অবিহনে ধৰ্ম্ম হৈছে অন্ধ।"
"ম‌ই এজন ধৰ্ম্মপৰায়ণ নাস্তিক। এইটোও এটা নতুন ধৰ্ম্ম।"
"এনেকুৱাও হব পাৰে যে কাকতালীয় সংযোগৰ আঁৰত ঈশ্বৰে ছদ্মৰূপ ধাৰন কৰি আছে।"
"ম‌ই সঁচাকৈয়ে এটা কথা জানিবলৈ ইচ্ছুক যে ঈশ্বৰে এই ব্ৰহ্মাণ্ডৰ সৃষ্টি কৰাৰ সময়ত তেওঁৰ ওচৰত বেলেগ বিকল্প আছিল নে?"
"এজন এলেহুৱা মানুহে ভাগৰ জিৰোৱাৰ কি যে আনন্দ, সেইয়া কেতিয়াও বুজি নাপায়।"
তেখেত আছিল এক প্ৰজ্ঞাবান ভৱিষৎদ্ৰষ্টা। বৰ্তমান সময়ৰ ব্যস্ততা আৰু মোবাইল, ফেচবুক, হোৱাট্ছ‌আপ আদি সংযোগ মাধ্যমে, বাস্তৱ জগতৰ মানুহৰ মাজত, বৃদ্ধি কৰা দূৰত্বৰ কথাটো, আইনষ্টাইনে আজিৰ পৰা ৬০ বছৰ আগতেই অনুধাৱন কৰি কৈছিল।
"ম‌ই সেইদিনটোৰ কথা ভাবি ভয় কৰো, যিদিনা কাৰিকৰী আৰু প্ৰযুক্তি বিদ্যাই মানুহৰ মাজত থকা, ভাবৰ আদান প্ৰদানৰ প্ৰক্ৰিয়াক, স্তব্ধ কৰি পেলাব। সঁচাকৈয়ে এনেকুৱা হব লাগিলে, অদূৰ ভৱিষ্যতে এই পৃথিৱীয়ে অপদাৰ্থৰে ভৰা এক প্ৰজন্ম পাবলৈ গৈ আছে।"
"পৃথিৱীখন কুকৰ্ম্ম কৰা মানুহৰ দ্বাৰা ধ্বংস নহয়, ধ্বংস হব কুকৰ্ম্মবোৰ দেখিও হাত সাৱটি বহি থকা মানুহবোৰৰ পৰা।"
"ঔদ্যোগিকীয় বিকাশ হৈছে, কোনো এক মনোবিকাৰগ্ৰস্ত অপৰাধীৰ হাতত, এখন ধাৰাল কুঠাৰ অৰ্পণ কৰাৰ দৰে।"
"মানসিক উদণ্ডতা, অজ্ঞানতাতকৈয়ো বেছি ভয়াবহ।"
"দুৰ্বল মানুহে প্ৰতিশোধ লব বিচাৰে, জ্ঞানীজনে ক্ষমা কৰি দিয়ে আৰু বুদ্ধিজীৱি সকলে বিষয়টো এৰাই চলে।"
"আপুনি যদি আপোনাৰ সন্তানক বুদ্ধিদীপ্ত হোৱাটো বিচাৰে তেনেহলে তেওঁক সৰুৰে পৰা সাধুকথা পঢ়িবলৈ দিয়ক। যদি আৰু বেছি বুদ্ধিদীপ্ত হোৱাটো বিচাৰে, তেনেহলে তেওঁক আৰু বেছি সাধুকথা পঢ়িবলৈ দিয়ক।"
"যুক্তিৰ দ্বাৰা পৰিচালিত হৈ আপুনি A ৰ পৰা B হে পাবগৈ পাৰিব কিন্তু কল্পনাশক্তিয়ে আপোনাক সকলো ঠাইলৈ লৈ যাব পাৰিব।"
"কালি" ৰ পৰা শিকক, "আজি"ৰ মাজত জীয়াই থাকক আৰু আশাৰে "কাইলৈ"ৰ প্ৰতীক্ষা কৰক। কেৱল মনৰ মাজৰ প্ৰশ্ন সমূহ মৰহি যাবলৈ নিদিব।
"কোনোবাই যদি একো ভুল কৰা নাই, তেনেহলে বুজি লব লাগিব সেইজনে আজিলৈকে একো নতুন কিবা এটা কৰিবলৈ চেষ্টা কৰা নাই।"
জ্ঞানৰ একমাত্ৰ উৎস হৈছে অভিজ্ঞতা।
"যৌৱন কালৰ একাকীত্ব বৰ বেদনাদায়ক অথচ পৰিণত বয়সৰ একাকীত্ব‌ই মন প্ৰাণক পুলকিত‌ও কৰে।"
"ম‌ই এই কথাটো কেতিয়াও বিশ্বাস নকৰো যে ঈশ্বৰে পৃথিৱীক লৈ জুৱা খেলে।"
"জীৱনটো কটাবলৈ মাথো দুটা পথ আছে। এটা হৈছে যে এই পৃথিৱীত অলৌকিক চমৎকাৰ বুলি একো নাই। আনটো পথ হৈছে যে প্ৰত্যেকটো কথাৰ মাজতে 'অলৌকিক চমৎকাৰ' আছে বুলি বিশ্বাস কৰা।"
"ম‌ই ভৱিষ্যতৰ কথা বেছি নাভাবো। এনেয়েইও ই বৰ সোনকালে আহি হাজিৰ হয়হি।"
"এজন মানুহে জীৱনটো উপভোগ কৰিবলৈ তেতিয়াহে আৰম্ভ কৰে, যেতিয়াৰ পৰা তেওঁ নিজ সত্বাৰ পৰিসীমাৰ বাহিৰলৈ ওলাই, জীয়াই থাকিবলৈ আৰম্ভ কৰে।"
"ব্যৱহাৰিক জ্ঞান হৈছে ১৮ বছৰ বয়সলৈ অৰ্জন কৰা কিছুমান নিজা স্বাৰ্থজড়িত কথাৰ সংগ্ৰহ।"
"শিক্ষা কি? স্কুল কলেজত শিকা কথাবোৰ পাহৰি যোৱাৰ পিছত, মনত থকা অৱশিষ্ট কথাখিনিৰ নামেই হৈছে শিক্ষা।"
"জীৱন কিহৰ দৰে? জীৱনটো এখন বাইচাইকেল চলোৱাৰ দৰেই সৰল। ভাৰসাম্য বজাই ৰাখিবলৈ হলে আপুনি আগবাঢ়ি গৈ থাকিব‌ই লাগিব।"
"এবাৰ যদি আমি আমাৰ নিজ পৰিসীমাৰ সীমাৱদ্ধতাক স্বীকাৰ কৰো, তেতিয়া হলেহে আমি সীমাৱদ্ধতাৰ পৰিসীমা পাৰ কৰিব পাৰো।"
"এনেদৰে জীয়াই থাকিবলৈ আৰম্ভ কৰা যেন কাইলৈ তোমাৰ মৃত্যু হব আৰু এনেদৰে শিকিবলৈ চেষ্টা কৰা যেন তুমি আজীৱন জীয়াই থাকিবা।"
"মূঢ়তা আৰু প্ৰতিভাৰ মাজত থকা পাৰ্থক্য হৈছে যে প্ৰতিভাৰ এক সীমা আছে।"


"এই পৃথিৱীত দুটা বিষয়ৰ কোনো সীমাৰেখা নাই অসীম। এটা হৈছে এই বিশ্ব ব্ৰহ্মাণ্ড আৰু আনটো হৈছে মানুহৰ মূৰ্খামি। অৱশ্যে বিশ্ব ব্ৰহ্মাণ্ডৰ বিষয়ে   দি কব নোৱাৰিম।"


"পাগলামি কিবাৰে বাৰে একেটা কামকে কৰিপ্ৰত্যেকবাৰেই বেলেগ বেলেগ ফলাফল আশা কৰাটোৱেই হৈছে পাগলামি।"


"এজন মানুহে যদি এগৰাকী ধুনীয়া ছোৱালীক চুমা খাই থকা অৱস্থাতনিৰাপদভাবে গাড়ী এখনো চলাই থাকেতেতিয়াহলে এইটো বুজিব লাগিব যে তেখেতে চুমা খোৱা কামটোতযিমান মনোযোগ দিব লাগিছিলসিমান মনোযোগ নাই দিয়া।"

মহিলা সকলে সদায় পুৰুষ সকলে পাহৰা কথাবোৰক লৈ ব্যতিব্যস্ত হৈ পৰেআনহাতে পুৰুষসকলে সদায় নাৰীয়ে পাহৰি নোযোৱা কথাবোৰক লৈ উদ্বিগ্ন হৈ থাকে।

ঋণাত্মক চিন্তাধাৰাৰ মানুহৰ পৰা আঁতৰি থাককএইধৰনৰ মানুহবোৰৰ ওচৰত প্ৰতিটো সমাধানৰ বাবে সমস্যা থাকে।

মানৱজাতিয়ে পাৰমানবিক বোমা বনাইছেঅথচ কোনো নিগনিয়ে আজিলৈকে নিগনি মৰা ফান্দ এখনো বনোৱা দেখা নাই।

"এখন টেবুলএখন চকী আৰু চকীত এবাটি সুস্বাদু ফল আৰু এখন ভায়োলিনজীৱনত সুখী হবলৈ আৰুনো কি লাগে?" 

মানৱতাবাদী আৰু বিশ্ব নাগৰিকএনেদৰেই ৰসাল কথাৰ মাজেৰে বিশ্ববিশ্ৰুত বিজ্ঞানী জনে জীৱন সম্পৰ্কে মানুহক অনেক অনুকৰণীয় ধাৰণা দি গৈছে।


@@@@@


Comments

Popular posts from this blog

সাংখ্য দৰ্শন

বন্ধুত্বৰ সংজ্ঞা-১

নাৰী তুমি অনন্যা