দৈত্যগুৰু শুক্ৰৰ নীতি
দৈত্যগুৰু হিচাবে খ্যাতিমান শুক্ৰাচাৰ্য্য আছিল, সপ্ত ঋষিৰ অন্যতম মহৰ্ষি ভৃগু আৰু বিদূষী তথা তেজস্বিনী মাতৃ কাব্যমাতাৰ সন্তান। দেবতা সকলৰ গুৰু বৃহস্পতিৰ পিতৃ আছিল অঙ্গিৰস। কৈশোৰ কালত শুক্ৰই বৃহস্পতিৰ সহপাঠীৰূপে ঋষি অঙ্গিৰসৰ অধীনত অধ্যয়ন কৰিছিল। ছাত্ৰ হিচাবে শুক্ৰ, বৃহস্পতিতকৈ বেছি মেধাবী আছিল। কিন্তু গুৰু হিচাবে ঋষি অঙ্গিৰসে পূত্ৰ বৃহস্পতিক আগস্থান দিছিল আৰু শুক্ৰৰ সতে সদায় পক্ষপাতিত্বমূলক আচৰণ কৰিছিল। সকলো কথাতে গুৰু অঙ্গিৰসে পুতেক বৃহস্পতিকহে গুৰুত্ব দিছিল। কিছুদিনৰ ভিতৰতেই এই পক্ষপাতিত্বমূলক আচৰণৰ বিৰোধিতা কৰি শুক্ৰই অঙ্গিৰসৰ আশ্ৰম ত্যাগ কৰি ঋষি গৌতমৰ টোলত ভৰ্ত্তি হৈছিল। পিছলৈ মেধাবী শুক্ৰই শিৱৰ আৰাধনাৰ যোগেৰে মৃত-সঞ্জিৱনী বিদ্যা আয়ত্ব কৰি তেওঁৰ অসাধাৰণ মেধাৰ পৰিচয় দিছিল। শুক্ৰাচাৰ্য্যই মৃত-সঞ্জিৱনী বিদ্যা আয়ত্ব কৰিবলৈ হিমালয় পৰ্বতলৈ গৈছিল। মৃত-সঞ্জিৱনী বিদ্যা আয়ত্ত কৰাৰ নিমিত্তে শিৱক আৰাধনা কৰি থকা সময়তেই, দেৱতা আৰু দৈত্যৰ মাজত যুদ্ধ হৈছিল। উক্ত যুদ্ধত পলায়ন কৰি কিছুমান দৈত্যই দেৱতাসকলৰ আক্ৰমণৰ পৰা পৰিত্ৰান পাবলৈ, মহৰ্ষি ভৃগুৰ আশ্ৰমত আশ্ৰয় গ্ৰহন কৰে। সেইসময়ত ...