পেলিনড্ৰ'ম-ভাষা সাহিত্যৰ এক আকৰ্ষণঃ



পেলিনড্ৰ'ম-ভাষা সাহিত্যৰ এক আকৰ্ষণঃ 

মানৱজাতিৰ শ্ৰেষ্ঠতাৰ এটা প্ৰধান কাৰক আছিল ভাষা। মনৰ ভাৱনা আৰু চিন্তাক শব্দৰ মাজেৰে প্ৰকাশ কৰাৰ এই অভিনৱ প্ৰক্ৰিয়াই মানৱতাক ধন্য কৰিছে। একে সময়তে পৃথিৱীত ইমানবোৰ ভাষাৰ বিকাশ আৰু বিবিধতাই মোক সৰুৰে পৰাই আকৰ্ষণ কৰি আহিছে। ভাষাৰ মূল উপাদান, শব্দবোৰৰ মাজত বহুতো আমোদজনক দিশ আছে, যিবোৰে বৌদ্ধিক তথা মানসিক খোৰাকৰ লগতে নিৰ্মল সুখানুভূতিৰ সুযোগ দিয়ে।
বিলোমপদ বা পেলিনড্ৰ'ম (Palindrome) হৈছে ভাষা সাহিত্যৰ এক অন্যতম আকৰ্ষণীয় দিশ। গ্ৰীক ভাষাৰ Palin (again) আৰু Dromos (way, direction) লগ লাগি উৎপত্তি হৈছে।
ই এক প্ৰকাৰৰ শব্দ, বাক্যাংশ, অংক, বৰ্ণ বা চিহ্নৰ অনুক্ৰম, য'ত চিধাকৈ আৰু ওলোটাকৈ পঢ়িলেও একে অনুক্ৰম পোৱা যায়।
যেনে 'কনক' 'নয়ন' বা 'নগেন' শব্দ কেইটা পিছফালৰ পৰা ওলোটাকৈ পঢ়িলেও একে বানান পোৱা যায়।
এনেধৰনৰ শব্দবোৰক বিলোমপদ বা পেলিনড্ৰ'ম বুলি কোৱা হয়।
Semordnilap হৈছে Palindromes ক ওলোটাই লোৱা এটা শব্দ। যিবোৰ শব্দ ওলোটাকৈ পঢ়িলে বেলেগ এটা অৰ্থপূৰ্ণ শব্দ পোৱা যায়, তেনে শব্দক Semordnilap বুলি কোৱা হয়।
যেনে diaper আৰু repaid, desserts আৰু stressed ইত্যাদি।
ইংৰাজী ভাষাৰ বিভিন্ন পেলিনড্ৰ'ম শব্দ এনেধৰনৰ।
redivider, rotor, level, madam, rotavator ইত্যাদি।
কিছুমান পেলিনড্ৰ'ম বাক্যাংশঃ
"A Santa at Nasa"
"Madam, I'm Adam"
বিখ্যাত পেলিনড্ৰম বাক্যাংশ অথবা বাক্যৰ উদাহৰণ মন কৰক। ফৰাচী বিপ্লৱৰ সময়ত নেপোলিয়ন বোনাপাৰ্ট এজন সাধাৰণ সৈনিক আছিল। সমৰকলা, অধ্যাৱসায়, ৰণ নীতি তথা ৰণ কৌশলৰ পাৰদৰ্শী নেপোলিয়ন, ফৰাছী দেশৰ সেনাৰ সৰ্বাধিনায়ক হৈ পিছলৈ সম্ৰাট হিচাবে অধিস্থিত হৈছিল। তেওঁৰ নেতৃত্বত সমগ্ৰ ইউৰোপ ফ্ৰান্সৰ অধীনস্থ হৈছিল। ইতিহাসৰ বুকুত এজন সাধাৰন সৈনিকৰ ইমান অবিশ্বাস্য উত্থানৰ দ্বিতীয় নজিৰ নাই। ১৮১৪ চনত সৰ্বকালৰ ফৰাচী সম্ৰাট তথা মহাযোদ্ধা নেপোলিয়ন বোনাপাৰ্ট ইংলেণ্ড, ৰাছিয়া মিত্ৰশক্তিৰ হাতত পৰাজিত হয় আৰু সিংহাসনচ্যুত হয়। শাস্তি হিচাপে তেওঁক ভূমধ্য সাগৰস্থিত এলবা (Elba) নামৰ দ্বীপলৈ নিৰ্বাসন দণ্ড দিয়ে। এই ঘটনাৰ সতে সংগতি ৰাখি, এষাৰ কথা নেপোলিয়নে কোৱা বুলি বিশ্বাস কৰা হয়, যি এক পেলিনড্ৰ'ম বাক্য। বিশ্বাস কৰা হয় বুলি এইবাবে লিখিছো যে তথ্য অনুযায়ী নেপোলিয়নৰ ইংৰাজী জ্ঞান সীমিত আছিল আৰু ইংৰাজীত একেবাৰে কথা নাপাতিছিল। আনহাতে ১৮শ শতিকাত ইংৰাজীতকৈ ফৰাচী ভাষাহে, ইউৰোপ তথা বিশ্বৰ সংযোগী ভাষা (lingua franca) হিচাপে ব্যৱহাৰ হৈছিল। হয়তো কোনোবা সৃজনশীল সাহিত্যিকৰ কলমৰ পৰা নিগৰিছিল, এই কালজয়ী নেপোলিয়নৰ পেলিনড্ৰ'ম সংলাপ।
"Able was I, I saw Elba"
অসমীয়া ভাঙনিঃ
ম‌ই সক্ষম হৈ থাকোতেই এলবা (নিৰ্বাসন দ্বীপ) দেখিবলগীয়া হ'ল।
ঠিক একেইদৰে আটলান্টিক মহাসাগৰ আৰু প্ৰশান্ত মহাসাগৰক সংযোগ কৰি, সাগৰীয় জলপথৰ নিৰ্মানৰ উদ্দেশ্যে পানামা খাল (যোজক) খন্দা হৈছিল ১৯০৪ চনৰ পৰা ১৯১৪ চনলৈ। এই ঐতিহাসিক ঘটনাৰ পৰিপ্ৰেক্ষিতত অন্য এক পেলিনড্ৰ'মৰ সৃষ্টি হৈছিল।
"A man, a plan, a canal- Panama."
বিভিন্ন শব্দৰ ভিতৰত বেছি বৰ্ণযুক্ত তথা দীঘল বুলি চিহ্নিত পেলিনড্ৰ'ম হৈছে redivider, detartratrated আৰু malayalam শব্দ কেইটা।redivider আৰু detartratrated শব্দ দূটাত Re আৰু De উপসৰ্গ (prefix) হৈ লগলাগি আছে।
Detartratrated শব্দটো দীঘল পেলিনড্ৰ'ম হিচাপে, গীণিজ ৱৰ্ল্ড ৰেকৰ্ড বুকত অন্তৰ্ভূক্ত কৰা হৈছে।
কিন্তু কেৰেলা ৰাজ্যৰ ভাষা Malayalam শব্দটো আটাইতকৈ দীঘল অৰ্থাৎ সৰ্বাধিক বৰ্ণযুক্ত, মূলভূত শব্দ (মৌলিক) হিচাপে অক্সফোৰ্ড ডিক্সনাৰীৰ দ্বাৰা স্বীকৃত আৰু অন্তৰ্ভূক্ত হৈছে।

বিলোমপদ বা পেলিনড্ৰ'ম (Palindrome) হৈছে ভাষা সাহিত্যৰ এক আকৰ্ষণীয় দিশ। গ্ৰীক ভাষাৰ Palin (again) আৰু Dromos (way, direction) লগ লাগি উৎপত্তি হৈছে। এক প্ৰকাৰৰ শব্দ, বাক্যাংশ, অংক, বৰ্ণ বা চিহ্নৰ অনুক্ৰম, য'ত চিধাকৈ আৰু ওলোটাকৈ পঢ়িলেও একে অনুক্ৰমত পোৱা যায়। যেনে 'কনক' 'নয়ন' বা 'নগেন' শব্দ কেইটা পিছফালৰ পৰা ওলোটাকৈ পঢ়িলেও একে বানান পোৱা যায়।
এটা অসমীয়া পেলিন’ড্ৰ’ম বাক্যাংশ, যেনেঃ
"কাজিৰঙাৰ জিকা"
ইংৰাজী সাহিত্যত সোতৰ শ শতিকাৰ নাট্যকাৰ বেন জনছনে "পেলিনড্ৰ'ম" শব্দটো প্ৰথম ব্যৱহাৰ কৰিছিল। পেলিনড্ৰ'ম শব্দৰ পয়োভৰে ইংৰাজী ভাষাক যিমানেই মনোগ্ৰাহী নকৰক কিয়, এই পৃথিৱীৰ সকলো ভাষাৰ মাতৃ বুলি পৰিচিত, সংস্কৃত ভাষাৰ গৰিমা ১৪ শতিকাৰ এজন কাব্যকাৰ, দৈৱজ্ঞ সূৰ্য্য পণ্ডিত নামৰ এগৰাকী কবিয়ে উজলাই থৈ গৈছে (বেন জনছনৰ প্ৰায় তিনি শ বছৰ আগতেই)।
অবিশ্বাস্যভাবে তেখেতে "ৰামকৃষ্ণ বিলোমকাব্য" এখন লিখি থৈ গৈছে য'ত দুয়োফালৰ পৰা পঢ়ি অৰ্থবহ লিখনিৰ লগতে, অনুপম সাহিত্যৰ ৰস আস্বাদন কৰিব পৰা যায়।উল্লেখযোগ্য যে এই কাব্যখন সম্পূৰ্ণ বিলোমপদৰ ছান্দিক প্ৰয়োগেৰে ৰচনা কৰি বাজী মাৎ কৰি থৈ গৈছে। কাব্যপূথিখনৰ অনবদ্য দিশটো হৈছে সাধাৰণভাবে অৰ্থাৎ এটা শ্লোক চিধাকৈ পঢ়ি গলে ৰামচন্দ্ৰ আৰু ৰামায়ণৰ বৰ্ণনা পাব আৰু ওলোটাকৈ বা বিপৰীত ফালৰ পৰা পঢ়িলে শ্ৰীকৃষ্ণ আৰু মহাভাৰতৰ বৰ্ণনা পাব।
তলত উল্লেখ কৰা সংস্কৃত ভাষাৰ দেৱনাগৰী লিপিত লিখা শাৰী দুটা মন কৰক।
तं भूसुतामुक्तिमुदारहासं वन्दे यतो भव्यभवम् दयाश्रीः।
অনুবাদঃ
"ম‌ই সেইগৰাকী মহানুভবক প্ৰণিপাত কৰো, যিগৰাকীয়ে নেকি সীতা মাতাক উদ্ধাৰ কৰিছে, যিগৰাকীৰ হাঁহি মোহময়, যিগৰাকীৰ আবিৰ্ভাৱ মহৎ আৰু য'ৰ পৰা দয়া আৰু দীপ্তি চৌদিশে জাগৰিত হৈ পৰিছে।"
এই শাৰীটোত ৰামচন্দ্ৰক প্ৰশংসা কৰি লিখা হৈছে। আনহাতে ওপৰোক্ত শাৰীটো ওলোটাকৈ পঢ়িলে পোৱা যাব কৃষ্ণৰ বন্দনা।
श्रीयादवं भव्यभतोयदेवं संहारदामुक्तिमुतासुभूतम् ॥
অনুবাদঃ
"ম‌ই সেইগৰাকী শ্ৰীকৃষ্ণক, যিগৰাকী যদুবংশৰ মণি, সূৰ্য্যৰ লগতে চন্দ্ৰৰ দৰেই স্বৰ্গীয়, যাৰ হাতত ধ্বংসৰ প্ৰতীক পূতণাৰ মৃত্যু হৈছিল, যিজনা এই বিশ্ব-ব্ৰহ্মাণ্ডৰ পৰমাত্মা, তেখেতৰ ওচৰত ম‌ই শৰণ লৈছো।"
একেদৰে ১৭শ শতিকাৰ আন এগৰাকী অসাধাৰণ প্ৰতিভাশালী তামিল কবি ভেংকটাধ্বাৰীয়ে "ৰাঘৱযাদৱীয়ম" নামৰ কাব্য এখন সংস্কৃত ভাষাত ৰচনা কৰিছিল। এই কাব্যখনক "অনুলোম-বিলোম কাব্য" বুলিও জনা যায়। এই কাব্যগ্ৰন্থ খনত মুঠ ৩০ টা শ্লোক আছে। চিধাচিধিকৈ পঢ়িলে শ্ৰীৰামচন্দ্ৰৰ বন্দনা আৰু ওলোটাকৈ পঢ়িলে শ্ৰীকৃষ্ণকথা পোৱা যায়। মুঠ ৩০ টা শ্লোক, ওলোটাকৈ আৰু ৩০টা, অৰ্থাৎ ৬০টা শ্লোকেৰে সমৃদ্ধ "ৰাঘবযাদৱীয়ম" নামৰ কাব্য খনত ৰাঘৱ (ৰাম) আৰু যাদৱ (কৃষ্ণ)ৰ গুণানুকীৰ্তন কৰা হৈছে।
প্ৰথম শ্লোক (অনুলোম):
वंदेऽहं देवं तं श्रीतं रन्तारं कालं भासा यः।रामो रामाधीराप्यागो लीलामारायोध्ये वासे ॥
অনুবাদঃ
ম‌ই সেই ভগবান শ্ৰীৰামচন্দ্ৰক প্ৰণাম কৰো, যাৰ হৃদয়ত স্বয়ং সীতাৰ বাস আৰু যিজনাই পত্নী সীতাক উদ্ধাৰৰ নিমিত্তে সহযাদ্ৰি পাহাৰ অতিক্ৰমি, লংকালৈ গৈ ৰাৱণক বধ কৰি, বনবাসী জীৱন পূৰ্ণ কৰি অযোধ্যালৈ উভতি আহিছিল।
প্ৰথম শ্লোক (বিলোম):
सेवाध्येयो रामालाली गोप्याराधी भारामोराः।यस्साभालंकारं तारं तं श्रीतं वन्देऽहं देवम् ॥
অনুবাদঃ
"ৰুক্মিণী আৰু গোপিনীসকলৰ পূজিত, শ্ৰীকৃষ্ণৰ চৰণ বন্দনা কৰো, যিজনাই সদায় মাতা লক্ষ্মীৰ সতে বিৰাজিত আৰু যাৰ শোভাই ৰত্ন-মুকুতাৰ শোভাকো ম্লান কৰে।"
সচাঁ কবলৈ গলে ভাৰতীয় সাহিত্যৰ উৎকৰ্ষ‌ই কাব্যজগতত সফলতাৰ যি শিখৰ চুমিলে, সেইয়া অবিশ্বাস্য, অকল্পনীয়, অনবদ্য আৰু যিমানেই প্ৰশংসা নকৰক কিয় বহুত কম।

(সমাপ্ত)

Comments

Popular posts from this blog

সাংখ্য দৰ্শন

বন্ধুত্বৰ সংজ্ঞা-১

নাৰী তুমি অনন্যা