ভাষাৰ বিকাশ



আদিম যুগত জুইৰ ওপৰত মানৱজাতিৰ নিয়ন্ত্ৰণ আৰু পৰৱৰ্তী সময়ত চকাৰ আৱিষ্কাৰে, মানৱ সভ্যতাৰ সূচনা মেলিছিল। ইয়াৰ মাজতে মানৱজাতিৰ অতি উৎকৃষ্ট সংযোজন আছিল ভাষাৰ আৱিষ্কাৰ বা ব্যৱহাৰ, যিয়ে মানুহক অন্যান্য ইতৰ প্ৰাণীৰ পৰা পৃথক পৰিচিতি প্ৰদান কৰিছিল। ক্ষুধা নিবাৰণৰ বাবে চিকাৰৰ সময়ত কৰা হৰ্ষোল্লাস, বন্য জন্তুৰ হিংসাৰ পৰা পৰিত্ৰাণ পাবলৈ কৰা ভয়াৰ্ত চিৎকাৰ বা আকাৰে ইংগিতে বিপদৰ আগজাননী দিবলৈ কৰা অংগ সঞ্চালন। এই সকলোবোৰ সামৰি কালক্ৰমত মানুহে কন্ঠস্বৰৰ দ্বাৰা শব্দৰ সৃষ্টি কৰি ইজনে সিজনৰ সতে মত বিনিময় কৰিবলৈ শিকিলে। প্ৰত্নতত্ব আৰু নৃতত্ব বিভাগৰ পৰা পোৱা এতিয়ালৈকে পোৱা তথ্য অনুসৰি আধুনিক মানবৰ উত্থান হৈছিল আজিৰ পৰা প্ৰায় ৬০০০০ বছৰ আগতে বৰ্তমানৰ আফ্ৰিকা অঞ্চলত। কালক্ৰমত আফ্ৰিকাৰ পৰা বিভিন্ন দিশলৈ, সৰু সৰু গোট হিচাবে পৃথিৱীৰ বিভিন্ন অংশলৈ প্ৰব্ৰজন হোৱা মানুহবোৰৰ ভিন ভিন ভৌগলিক অৱস্থানত, জলবায়ুৰ ভিন্নতাৰ বাবে দৈহিক অবয়ব, আকাৰ, আকৃতি, বৰ্ণ, শাৰীৰিক গঠন, নাক আৰু চকুৰ ভিন্নতাৰ লগতে নিজাববীয়া ভাষাৰো বিকাশ হব ধৰিলে।
আজিৰ তাৰিখত পৃথিৱীত মুঠ ৬৫০০ টা মূল ভাষা ব্যৱহৃত অৱস্থাত আছে। ইয়াৰে ২০০০ টা ভাষা ব্যৱহাৰ কৰা জনসংখ্যা ১০০০ জনতকৈয়ো কম। দক্ষিন আফ্ৰিকাৰ ন্যু (NIuu) নামৰ ভাষা এটা মাত্ৰ তিনিজন ব্যক্তিয়ে কব জানে। ইউনেস্কোৰ সমীক্ষা অনুযায়ী এই শতিকাৰ শেষলৈকে পৃথিৱীৰ পৰা মুঠ ৭০০০টা উপভাষা (dialect) লুপ্ত হৈ যাব।
নৃতত্ব বিভাগৰ এক তত্ত্ব অনুসৰি জনা যায় যে প্ৰতি আঠ কিলোমিটাৰৰ মূৰে মূৰে সামগ্ৰিক ভাবে গৃহীত একেটা ভাষাৰ মাজতো লক্ষণীয় ৰূপে তাৰতম্য দেখা যায়। অসমৰ ইতিহাসে ঢুকি নোপোৱা সময়ৰ পৰা বসবাস কৰি অহা কেবাটাও জনগোষ্ঠীৰ, দুটা জনগোষ্ঠী হৈছে ৰাভা আৰু বড়ো জনগোষ্ঠী। দুয়োটা জনগোষ্ঠী বহু হাজাৰ বছৰ ধৰি ওচৰা ওচৰিকৈ বসবাস কৰি থকাৰ পিছতো দুয়োটা জনগোষ্ঠীৰ ভাষা সুকীয়া আৰু অধিকাংশ‌ই পৰস্পৰৰ বাবে অবোধ্য। একেদৰে নগালেণ্ডত নগাসকলৰ মাজত কেবাটাও ফৈদ আছে আৰু প্ৰত্যেকৰ নিজাববীয়া ৰীতি-নীতিৰ দৰে, নিজা দোৱানো আছে। অথচ এটা ফৈদৰ দোৱান আন এটা ফৈদে বুজি নাপায় বাবে পৰস্পৰৰ মাজত কথা পাতিবলৈ সংযোগী ভাষা হিচাবে নাগামিজ অথবা ইংৰাজীত কথা পাতিবলগীয়া হয়।
অতীজৰে পৰা প্ৰাচীন কামৰূপলৈ বিভিন্ন সময়ত উত্তৰ পূব ভাৰতৰ পৰা হোৱা প্ৰব্ৰজনৰ বাবেই অসমীয়া ভাষাটো মূলতঃ আৰ্যমূলীয় ভাষা। কিন্তু অসমৰ মূল জনবসতিৰ ভাষা ইণ্ডো-তিব্বতীয় তথা ইণ্ডো-চৈনিক হোৱা বাবে, এই ভাষা সমূহৰ কিছু শব্দৰ সংযোজন আৰু স্থানীয় উচ্চাৰণৰ প্ৰভাবে ভাষাটোক অন্যান্য সংস্কৃতমুলীয় ভাষাতকৈ কিছু সুকীয়া পৰিচিতি প্ৰদান কৰিছে।
বৰ্তমান সমাজখন এক এনেকুৱা অৱস্থানলৈ আহি পৰিছে যে আমি চবেই কৰীনা কাপূৰৰ পূতেক, দেউতাক, ককাক, আজো ককাকে ধৰি সাত পুৰুষৰ নাম সলসলীয়াকৈ কব পাৰো অথচ নিজৰ ক্ষেত্ৰত সাত পুৰুষ দূৰৰ কথা, আপোন ককাদেউতাৰ নামটোও আমি ভালদৰে মনত পেলাব নোৱাৰো। আমি আমাৰ ইতিহাস নাজানো, জানিব নিবিচাৰো সেইবাবে ভাষা, গোষ্ঠী, জাতিৰ প্ৰতি দ্বেষভাব মন আৰু মগজুত ৰাখি নিজৰেই ক্ষতি কৰি থাকো।
আমাৰ মাতৃভাষাৰ মাতৃ, সংস্কৃত ভাষাক লৈ আমি গৌৰব কৰা উচিত। এই ভাষাত পৃথিৱীৰ সবাতকৈ পূৰণি গ্ৰন্থ বেদৰ ৰচনা হৈছিল, সৰ্বকালৰ এক লাখ শ্লোকযুক্ত, দীৰ্ঘতম কবিতাপূথি মহাভাৰত এই ভাষাত ৰচিত হৈছিল। সংস্কৃত প্ৰাচীনতম, শুৱলা, কাব্যিক আৰু বিজ্ঞানসন্মত ব্যাকৰণৰ ভাষা। সংস্কৃতৰ প্ৰভাব পৃথিৱীৰ অন্যতম প্ৰাচীন ভাষা গ্ৰীক আৰু লেটিন ভাষাতো পৰিছিল আৰু কালক্ৰমত ইংৰাজী ভাষাত বহুতো সংস্কৃত শব্দ দেখিবলৈ পোৱা যায়। উদাহৰণ স্বৰূপে, মাতা-মাদাৰ, ভ্ৰাতা-ব্ৰাদাৰ, সম-চেইম, দ্বাৰ-দ্বোৰ, মূষ-মাউচ, জ্যামিতি-জিওমিট্ৰী, বৰ্বৰ-বাৰ্বাৰ দশ-ডেকা, অষ্ট-অক্টাগ'ণ, ত্ৰিকোনমিতি-ত্ৰিগণ'মিট্ৰী ইত্যাদি। সংস্কৃত ভাষাৰ জ্ঞানৰ বিশালতা আৰু গভীৰতা অনুধাৱন কৰিবলৈ সংস্কৃতত ব্যৱহৃত একেটা শব্দৰ বহুতো পৰ্যায়বাচী (একে অৰ্থসম্পন্ন) শব্দবোৰলৈ মন কৰক। সংস্কৃতত সূৰ্য্যৰ প্ৰতিটো প্ৰহৰৰ সতে জড়িত তথা অৰ্থাৱহ নামসমূহ জানিলে মন প্ৰাণ পূলকিত হৈ পৰে। প্ৰথম প্ৰহৰৰ উদিত সূৰ্য্যক আদিত্য, দ্বিতীয় প্ৰহৰৰ সূৰ্য্যক দিবাকৰ, ভৰ দূপৰীয়াৰ সূৰ্য্যক ভাস্কৰ তথা সৰ্বোচ্চ তাপমানৰ বাবে তপন, আবেলিৰ সূৰ্য্যক প্ৰভাকৰ আৰু অস্তগামী সূৰুযক ৰবি বুলি কোৱা হয়। এইদৰেই সূৰ্য্যৰ এশ আঠটা নাম থকাৰ দৰে শ্ৰীকৃষ্ণ, মহাদেৱ, হনুমানৰ আদি কৰি বহুতো দেব দেৱতাৰ এশ আঠটা অৰ্থপূৰ্ণ নাম বা শব্দ সংস্কৃতৰ দৰে ভাষাতহে অকল সম্ভৱ।
আমাৰ ভাষাত থকা মামা-মামী, খুড়া-খুৰী, পেহা-পেহী, মহা-মাহী, জ্যাঠা-জেঠী আদি ভিন ভিন সম্বোধনেৰে সমৃদ্ধ সম্বন্ধ সমূহক 'আংকল' আৰু 'আন্টী'ৰে সামৰি থোৱা কথাটোৱে ইংৰাজী ভাষাৰ দৈন্যতাকহে মাথো প্ৰতিফলিত কৰে।
ভাষাৰ অৱস্থান্তৰে (transition) মানব জাতিৰ ভাষাক ভিন্নতা প্ৰদান কৰিলেও মানুহৰ হা‌ঁহি-কান্দোন, সুখ, দুখ, হৰ্ষ-বিষাদৰ বুনিয়াদী ভাষাৰ কোনো পৰিৱৰ্তন নহ'ল, একেই থাকিল। হিংসা, দ্বেষ, অহংকাৰ আদিৰ ভাষাৰ লগতে দেহৰ ভাষাৰো (body language) বিশ্বব্যাপী কোনো পৰিৱৰ্তন নহ'ল।আনহাতে হাঁহি হৈছে বিশ্বজনীন এক কাৰ্যকৰী আৰু ফলপ্ৰসূ ভাষা যিটো বুজিবলৈ কাৰো অকণো অসুবিধা নহয়। হাঁহি হৈছে হৃদয়ক প্ৰতিফলিত কৰিবলৈ সক্ষম এক অনবদ্য ভাষা যিয়ে সকলোৰে হৃদয় জয় কৰিব পাৰে। প্ৰকৃততে হাঁহিৰ দৰেই মৰম, কৰুণা, দয়া এই মানবীয় গুণবোৰো একপ্ৰকাৰৰ ভাষা, যিটো নেকি অন্ধ মানুহ এজনে দেখা পায় আৰু ক'লা মানুহ এজনেও শুনা পায়।

Comments

Popular posts from this blog

সাংখ্য দৰ্শন

বন্ধুত্বৰ সংজ্ঞা-১

নাৰী তুমি অনন্যা