ভাৰতৰ গৌৰৱ হিমা দাস


টুইটাৰত মন্তব্য:

"#HimaDas speking to media after her SF win at #iaaftampere2018 @iaaforg Not so fluent in English but she gave her best there too."

এইদৰে টুইটাৰত মন্তব্য (speaking ৰ বানান ভুল) কৰিছিল Athletics Federation of India নামৰ সংস্থাটোৰ তৰফৰ পৰা।

"প্ৰথম ব্যক্তিঃ মাটিদাইলৰ তৰকাৰীখন খাই কেনেকুৱা পালে?
দ্বিতীয় ব্যাক্তিঃ নিমখ অকণ বেছি হোৱা হলে দাইলখন বৰ চোকা হ'লহেতেঁন কিন্তু!"
কিছুমান মানুহ আছে ভালদৰে প্ৰশংসা কৰিব‌ও নাজানে। ভাৰতবৰ্ষত প্ৰায়বোৰ খেল-ধেমালিৰ সতে জড়িত চৰকাৰী আৰু বেচৰকাৰী সংগঠন সমূহ কিছুমান অখেলূৱৈ (non-sports person) তথা অনুপযুক্ত বাহুবলী ৰাজনীতিবিদ, ব্যৱসায়ী, ধনী প্ৰতিপত্তিশালী ব্যক্তিৰ কব্জাত। Athletes Federation of India ৰ বিষয়ে বেছি অধ্যয়ন কৰা নাই যদিও তাতো নিশ্চয় ব্যাতিক্ৰম নহব। সম্প্ৰতি ১৩০ কৌটি ভাৰতীয়ক গৌৰৱান্বিত হোৱাৰ সুযোগ দিয়া, স্বৰ্ণপদক বিজয়ত্ৰী হিমা দাসৰ ইংৰাজীক লৈ কৰা টিপ্পণীটো দেখাৰ পৰাই মোৰ গা পিৰপিৰাই আছে।
টুইটাৰ একাউন্টটো নিশ্চয় কোনোবা ফেডাৰেশ্বনৰ কৰ্মচাৰী বা বিষয়ববীয়াই পৰিচালিত কৰি আছে। ম‌ই ভাবো এনেধৰণৰ মন্তব্য কৰা সেই অপদাৰ্থ ব্যাক্তিজনক চিনাক্ত কৰি তেওঁৰ নাম ৰাজহুৱা কৰি ফেডাৰেশ্বনৰ কাম-কাজৰ পৰা চিৰদিনলৈ অব্যাহতি দিয়া উচিত। আপাত দৃষ্টিত কাৰোবাৰ বাবে, এই মহাশয়গৰাকীয়ে বৰ গুৰুতৰ অপৰাধ নাই কৰা যেন লাগিব পাৰে। কিন্তু এইধৰণৰ অমানুহবোৰ সকলো বিভাগত বিশেষকৈ ক্ৰীড়াজগতত থকা বাবেই, আজি ১৩০ কৌটিৰ জনসংখ্যা থকা ভাৰতীয় সকলে অলিম্পিকত এটা পদকৰ বাবে হা-হুমূনিয়াহ কাঢ়িব লগীয়া হৈ আছে আৰু ফুটবলৰ বিশ্বকাপত খেলিবলৈ আজিলৈকৈ যোগ্যতা অৰ্জন কৰিব পৰা নাই। এইধৰনৰ সকলোবোৰ অনগ্ৰসৰতাৰ মূল কাৰন সমূহ হৈছে, ক্ৰীড়াজগতৰ সংগঠক, আয়োজক, চৰকাৰী বিষয় ববীয়া সমূহৰ মাজত এইধৰনৰ মানসিকতা সম্পন্ন, যত-চব অপদাৰ্থৰে ভৰি আছে। মোৰ বোধেৰে সৰু যেন লাগিলেও এইয়াও এক প্ৰকাৰৰ অক্ষমনীয় দূৰ্নীতি। দেশ তথা ক্ৰীড়াজগতৰ উন্নতি আৰু বিকাশৰ বাবেই এনেধৰনৰ দূৰ্নীতি নিৰ্মূল কৰাৰ সময় আহি পৰিছে।
অসমৰ মূখ্যমন্ত্ৰী তথা খেল বিভাগৰ মন্ত্ৰীয়ে এই বিষয়ে অভিযোগ কৰক আৰু "অকল ক্ষমা বিচাৰি বিষয়টো থাপি-থূপি থব নিদি" সেই ব্যাক্তি বিশেষক খেলজগতৰ পৰা অব্যহতি দিয়াৰ ব্যৱস্থা কৰি এক নজিৰ স্থাপন কৰক। এই ধৰনৰ দৃষ্টান্তমূলক শাস্তি বিধান কৰিব পাৰিলে ভাৰতীয় ক্ৰীড়াজগতৰ লগতে অন্যান্য ক্ষেত্ৰটো নতুন দিগন্তৰ সূচনা হব।
আপুনি যদি এগৰাকী খেলূৱৈৰ মনোবল বঢ়াব নোৱাৰে, নালাগে বঢ়াব কিন্তু সেইবুলি মনোবল হ্ৰাস কৰাৰো কোনো অধিকাৰ আপোনাৰ নাই আৰু লগতে এনে গোলাম মানসিকতাৰে, খেলজগতৰ কৰ্মকৰ্তা হোৱাৰ নৈতিক অধিকাৰো আপোনাৰ নাই।
অসম তথা ভাৰত চৰকাৰে হিমাক সাফঁল্যৰ বাটত আগুৱাই নিয়াত সহায়ক হ‌ওঁক। মনে প্ৰাণে কামনা কৰিছো আগন্তুক টকিঅ' অলিম্পিকৰ পৰা হিমা দাসে কঢ়িয়াই আনিব গৌৰৱ আৰু আনন্দৰ বতৰা।

Comments

Popular posts from this blog

সাংখ্য দৰ্শন

বন্ধুত্বৰ সংজ্ঞা-১

নাৰী তুমি অনন্যা