জীৱনৰ ভিন্ন স্বাদ- দ্বিতীয় ভাগ



বিংশ শতিকাৰ জনপ্ৰিয় তথা সৰ্বকালৰ শ্ৰেষ্ঠ বিজ্ঞানী এলবাৰ্ট আইনষ্টাইনে এষাৰ বৰ সুন্দৰ কথা কৈছিল,
"আপুনি যদি ছবছৰীয়া শিশু এটাক সাৱলীল ভাবে, কোনো এটা বিষয় বস্তু, বুজাই কব নোৱাৰে, তেতিয়াহ'লে আপোনাৰ সেই বিষয়-বস্তুৰ ওপৰত থকা, অগাধ জ্ঞানৰ কোনো মূল্য নাই।"
আইনষ্টাইনে কোৱা এই বহুমূলীয়া কথাষাৰ ষ্টিফেন হকিংৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে প্ৰযোজ্য। তেখেতে আইনষ্টাইনৰ আপেক্ষিকতাবাদ (Theory of Relativity) আৰু মাত্ৰা যান্ত্ৰিকীৰ (Quantum Mechanics) লগতে কৃষ্ণ গহ্বৰ (Black Hole), মহা-বিষ্ফোৰন সিদ্ধান্ত (Big Bang Theory), ব্ৰহ্মাণ্ড, মহাকাশ আদিৰ সতে জড়িত, পদাৰ্থবিজ্ঞানৰ জটিল আৰু নীৰস তত্ব সমূহক, সাধুকথাৰ দৰে মনোগ্ৰাহী আৰু আকৰ্ষণীয় কৰি, ছবছৰীয়া শিশু এটাক সাৱলীল ভাবে বুজোৱাৰ দৰে বুজাই থৈ গৈছে। এইবাবে বৰ্তমানৰ প্ৰজন্মৰ আমি সকলোৱে তেখেতৰ ওচৰত কৃতজ্ঞ হৈ থাকিব লাগিব।
সম্প্ৰতি মৃত্যু হোৱা ষ্টিফেন উইলিয়াম হকিং আছিল এগৰাকী সিদ্ধান্তবাদী পদাৰ্থ বিজ্ঞানী তথা অন্তৰীক্ষবিদ বা ব্ৰহ্মাণ্ডবিদ্।
তেখেতে নিজা শাৰীৰিক অক্ষমতাৰ বিপৰীতে মানুহৰ মগজুৰ ক্ষমতা, চিন্তা তথা কল্পনাশক্তি যে কিমান শক্তিশালী হব পাৰে তেখেতে প্ৰমাণ কৰি থৈ গৈছে।
মানুহৰ মন আৰু মগজুৰ পৰিধিক প্ৰত্যাহ্বান জনাই সেই সীমাৰেখা অতিক্ৰম কৰি, বিশ্ব-ব্ৰহ্মাণ্ডৰ অদেখা-অজানা ৰহস্য সমূহৰ বিষয়ে, বিশ্ববাসীক অবগত কৰিছে।
তেখেত তীব্ৰ মেধাবী হোৱাৰ লগতে, তেখেতৰ ৰসবোধো আছিল অতুলনীয়। শাৰীৰিক অক্ষমতাৰ পিছতো, অপৰাজেয় জীৱন অতিবাহিত কৰিবলৈ কিদৰে প্ৰেৰণা পাইছে বুলি সোধা এক প্ৰশ্নৰ উত্তৰত কৈছিল, "মোৰ কৰ্তব্য আৰু ৰসবোধে মোক অনুপ্ৰাণিত কৰি আহিছে।"
তেখেতে জীৱনৰ হাঁহি-ধেমালিবোৰক উপভোগ কৰিব জানিছিল, তাৰ প্ৰমাণ তেখেতৰ বিখ্যাত উক্তি,
"জীৱনটো এটা মস্কৰা নোহোৱা হ'লে, বৰ দুখজনক হ'লহেতেঁন।"
ঈশ্বৰৰ অস্তিত্বক তেখেতে প্ৰচলিত নিয়ম অনুসৰি স্বীকাৰ নকৰিছিল, সেয়ে কৈছিল,
"ম‌ই এটা কথা লক্ষ্য কৰিছো, যিবোৰ মানুহে "এই পৃথিবীত সকলোবোৰ বিধাতাৰ লিখন, তাক কোনোৱে সলনি কৰিব নোৱাৰে" বুলি কয়। সেই মানুহবোৰেও কিন্তু ৰাস্তা পাৰ হ‌ওঁতে দুয়োফালে চাই লৈহে পাৰ হয়।"
"এই বিশ্ব ব্ৰহ্মাণ্ডৰ দৰে স্বৰ্গীয় সৃষ্টি কৰাৰ আগলৈকে ঈশ্বৰে কি কৰি আছিল? নিশ্চয় এই ধৰনৰ 'উল্টা-পুল্টা' প্ৰশ্ন উত্থাপন কৰা মানুহৰ বাবে নৰকৰ নিৰ্মান কৰি আছিল।"
"ম‌ই ঈশ্বৰ আছে বুলি বিশ্বাস নকৰো। মাথো ভয় কৰো, ম‌ই কোৱা কথাটো ঈশ্বৰে শুনিলে নেকি, আকৌ!"
তেখেত আছিল প্ৰকৃত বাস্তৱবাদী, অন্ধবিশ্বাসক ঘৃণা কৰিছিল, সেয়ে এবাৰ কৈছিল।
"ম‌ই ঈশ্বৰক ভয় নকৰো, ভয় কৰো ঈশ্বৰবিশ্বাসী ধৰ্মান্ধ মানুহবোৰক।"
ঈশ্বৰৰ অস্তিত্ব সম্পৰ্কে তেখেতৰ নিজাববীয়া ব্যাখ্যা আছিল এনেধৰণৰ,
"ম‌ই এক সৰল ব্যাখ্যাক বিশ্বাস কৰি আহিছো যে আমি ভবাৰ দৰে ঈশ্বৰ বুলি কোনো নাই। এই ব্ৰহ্মাণ্ডক কোনেও সৃষ্টি কৰা নাই বা আমাক কোনেও নিয়ন্ত্ৰন নকৰে। এই কথাষাৰৰ পৰা মোৰ গভীৰ উপলব্ধি এইয়াই যে স্বৰ্গ বুলি কিবা অথবা মৃত্যুৰ পিছত আৰু একো নাই। আমি ব্ৰহ্মাণ্ডক প্ৰশংসা কৰিবলৈ, ব্ৰহ্মাণ্ডৰ অভিনৱ ৰচনা অনুযায়ী এটাই মাথো 'জীৱন' পাইছো, তাৰ বাবে ম‌ই অত্যন্ত কৃতজ্ঞ।"
দুবাৰকৈ বিবাহপাশত আৱদ্ধ হোৱা তেখেতৰ ৰসবোধসম্পন্ন কিছু টিপ্পনী মন কৰক।
"আপোনাক যদি কোনোৱে নাই বুজা বুলি ভাবিছে, তেনেহলে এইটো কেতিয়াও নহয় যে আপুনি এগৰাকী আধূনিক চিত্ৰশিল্পী।"
"প্ৰত্যেক গৰাকী পুৰুষে বিয়া পতা উচিত। অকল সুখেই মানুহৰ জীৱনত সৰ্বস্ব নহয়।"
"নাৰী, নাৰী হৈছে পূৰ্ণ ৰহস্য।"

Comments

Popular posts from this blog

সাংখ্য দৰ্শন

বন্ধুত্বৰ সংজ্ঞা-১

নাৰী তুমি অনন্যা