Posts

সাংখ্য দৰ্শন

:: সাংখ্য দৰ্শন :: সংস্কৃত "সিন্ধু" শব্দৰ পৰা উদ্ভূত "হিন্দু" শব্দটো ভাৰতবৰ্ষত কেৱল এটা সভ্যতা বুজোৱাতে সীমাবদ্ধ নাথাকিল। ক্ৰমে ই এক সনাতন ধৰ্ম আৰু দৰ্শনৰো বাহক হৈ পৰিল। হিন্দু দৰ্শন বুলি ক'লে প্ৰাচীন ভাৰতৰ মুঠ ছটা দৰ্শনৰ সমষ্টিক বুজা যায়। ন্যায়, সাংখ্য, যোগ, বৈশেষিক, পূৰ্ব্ব মীমাংসা আৰু উত্তৰ মীমাংসা (বেদান্ত দৰ্শন)। এই কেউটাকে একেলগে ষড়দৰ্শন বুলি জনা যায়। এই আটাইকেইটা দৰ্শনৰ মতাদৰ্শী সকলে কৰ্ম্ম আৰু পুনৰজনমক বিশ্বাস কৰে। লগতে মোক্ষপ্ৰাপ্তি অৰ্থাৎ "জন্ম-মৃত্যু-পুনৰজনম" এই চক্ৰৰ পৰা মুক্তি লাভ কৰাটোকেই মনুষ্য জনমৰ পৰম লক্ষ্য বুলি বিবেচনা কৰে। সাংখ্য, সাংখ্য-তত্ত্ব, সাংখ্য-দর্শন বা সাংখ্য-সপ্ততি হৈছে ভাৰতীয় ষড়দর্শনৰ অন্যতম প্রাচীন দর্শন। কপিল মুনিয়ে এই দর্শন প্রণয়ন কৰিছিল। এইবাবে এই দর্শনক "কপিল-দর্শন" বুলিও কোৱা হয়। পণ্ডিতসকলে "তত্ত্বসমাস" আৰু "সাংখ্য প্রবচন" এই দুখন গ্রন্থ ঋষি কপিলৰ দ্বাৰা ৰচিত বুলি দাবী কৰে। অৱশ্যে তৃতীয় শতাব্দীৰ ঈশ্বৰকৃষ্ণৰ দ্বাৰা ৰচিত "সাংখ্যকাৰিকা" সাংখ্য দর্শনৰ এখনি প্রাম...

মিডিয়াৰ নকল চকু

এবাৰ এজন অসমৰ এখন জনপ্ৰিয় বাতৰি প্ৰতিষ্ঠান আৰু "মিডিয়া হাউচ" ৰ স্বত্বাধিকাৰীৰ এটা চকু নষ্ট হৈ গ'ল। তেখেতে যথেষ্ট প‌ইচা খৰচ কৰি অনতিপলমে অপাৰেশ্বন কৰি আগৰ চকুটোৰ দৰে হুবহু এটা পাত্থৰৰ চকু লগাই ল'লে। পাত্থৰৰ চকুটো ইমানেই নিখূঁত আছিল যে দুয়োটা চকুৰ মাজত, মানুহে ধৰিব‌ই নোৱাৰিছিল যে কোনটো আচল আৰু কোনটো নকল। এই কথাটোক লৈ বাতৰি প্ৰতিষ্ঠান আৰু "মিডিয়া হাউচ" ৰ স্বত্বাধিকাৰী গৰাকীয়ে বৰ আমোদ পাইছিল। এইদৰেই তেখেতে নৈতিকতা বিসৰ্জন দি বাতৰি কাকতৰ চাৰ্কুলেশ্বন আৰু নিউজ চ্যানেলৰ টি আৰ পি বঢ় োৱাৰ উদ্দেশ্যে উঠি পৰি লাগিল। এদিনাখন বিশ্ব বিশ্ৰুত আমেৰিকান সাহিত্যিক মাৰ্ক টোৱেইন আহি উক্ত বাতৰি প্ৰতিষ্ঠান আৰু "মিডিয়া হাউচ" ৰ স্বত্বাধিকাৰী গৰাকীৰ ওচৰ পালেহি। মাৰ্ক টোৱেন সমাজ সচেতন ক্ষুৰধাৰ ব্যঙ্গ সাহিত্য আৰু তীব্ৰ ৰসবোধৰ বাবে বিশ্ব বিখ্যাত আছিল। মাৰ্ক টোৱেনক দেখি "মিডিয়া হাউচ" ৰ স্বত্বাধিকাৰী গৰাকীয়ে ক'লে, "মোৰ কোনটো চকু আচল ক‌ওকচোন? যদি কব পাৰে ম‌ই আপোনাক যি বিচাৰে তাকেই দিম।" মাৰ্ক টোৱেনে কিছুসময় চকুদুটা নিৰীক্ষণ কৰি ক...

প্ৰাচীন ভাৰতৰ ৰাজনীতি বিজ্ঞানী চাণক্য

আজিৰ পৰা প্ৰায় দুহেজাৰ তিনি শ বছৰ আগতে ভাৰতবৰ্ষত এগৰাকী অতি তীক্ষ্ণবুদ্ধি সম্পন্ন শিক্ষাগুৰু, ৰাজগুৰু, আইন প্ৰণেতা, কূটনীতিজ্ঞ, মানবতাবাদী আৰু অৰ্থনীতিবিদৰ জন্ম হৈছিল। এইজনা বিচক্ষণ তথা মহান ব্যক্তিয়েই ভাৰতৰ ইতিহাস ৰচনা কৰিছিল। তেখেতৰ নাম আছিল বিষ্ণুগুপ্ত ওৰফে চাণক্য বা কৌটিল্য। আধুনিক যুগৰ ৰাজনীতি বিজ্ঞানী সকলে চাণক্যক প্ৰাচীন ভাৰতৰ মেকিয়াভেলী বুলি কয়। প্ৰসংগক্ৰমে এইখিনিতে মেকিয়াভেলীৰ বিষয়ে অকণমান জনাইছো। চাণক্যৰ দৰেই নিকলো মেকিয়াভেলী আছিল পোন্ধৰ শতিকাৰ নৱ জাগৰণৰ সময়ৰ এগৰাকী কূটনীতিজ্ঞ, ৰাজনীতিজ্ঞ, ইতিহাসকাৰ, দাৰ্শনিক আৰু লিখক। ইটালীত সূত্ৰপাত হোৱা নৱজাগৰণৰ সময়ছোৱাৰ আটাইতকৈ বিচক্ষণ আৰু তীক্ষ্ণবুদ্ধি সম্পন্ন দাৰ্শনিক, ৰাজনীতিজ্ঞ, বুৰঞ্জীবিদ, আৰু কূটনীতিজ্ঞ আছিল মেকিয়াভেলি। মেকিয়াভেলীৰ জন্ম হৈছিল ইটালীৰ ফ্লোৰেন্স চহৰত ১৪৬৯ খৃষ্টাব্দত, অৰ্থাৎ আজিৰ পৰা ৫৫০ বছৰ আগত। আনহাতে চাণক্যৰ জন্ম হৈছিল খৃষ্টপূৰ্ব ৩৭১ চনত অৰ্থাৎ আজিৰ পৰা ২৩৮৯ বছৰ আগত। অৰ্থাৎ মেকিয়াভেলী আৰু চাণক্যৰ জন্মৰ ব্যৱধান ঠিক ১৮৪০ বছৰ। সমাজশাস্ত্ৰ, সাহিত্য, দৰ্শন, ধৰ্ম্ম, বিজ্ঞান আদি বিষয়ত পাৰদৰ্শী ভ...

গজল আৰু শ্বায়েৰী: সঙ্গীতৰ যাদুকৰী পৰশ

"গজল: সঙ্গীতৰ এক যাদুকৰী পৰশ" ঊৰ্দু ভাষাৰ আটাইতকৈ মনোমোহা তথা অভিন্ন অংগ হৈছে শ্বায়েৰী। শ্বায়েৰীৰ অৰ্থ হ’ল এক সাংগীতিক লয়যুক্ত কবিতা। মনৰ গভীৰতা আৰু আবেগ অনুভূতিৰ মাজৰপৰা প্ৰকাশ পোৱা ছন্দোময় শব্দৰ মায়াজাল এই শ্বায়েৰীসমূহ, যি মায়াজালে যুগ যুগ ধৰি মানুহক বিমুগ্ধ কৰি আহিছে। শ্বায়েৰীবোৰক ৰাগ ভিত্তিক সুৰাৰোপ কৰি সঙ্গীতৰ ৰূপ দিলেই হৈ উঠে গজল। শাস্ত্ৰীয় সংগীতৰ ৰাগ আৰু সুৰেৰে সমৃদ্ধ আৰু মননশীল প্ৰেমৰ কাব্যিক প্ৰকাশ এই শ্বায়েৰীবোৰ হৈ পৰে একো একোটা হৃদয়স্পৰ্শী গজল। শ্বায়েৰী আৰু ধ্ৰুপদী সঙ্গীতৰ সমন্বয়ৰ এক অপূৰ্ব অভিব্যক্তিৰ নিদৰ্শনেই হৈছে গজল। গজল মূলতঃ আৰবী ভাষাৰপৰা উদ্ভৱ হোৱা শব্দ আৰু গজলৰ অৰ্থ হৈছে “নাৰীৰ সৈতে কথা পতা”। ঊৰ্দু ভাষাৰ উপৰিও আজিকালি ভাৰতীয় প্ৰায়বোৰ ভাষাতেই গজল লিখা হয়। গজলৰ পৰিভাষা বুজিবলৈ গজলৰ সৈতে জড়িত কিছু সংখ্যক শব্দৰ সৈতে পৰিচয় হোৱাটো অতি আৱশ্যক। এই শব্দবোৰ হৈছে শ্বে’ৰ, মিশ্ৰা, কাফিয়া, ৰদীফ্, মতলা, মক্তা, তখল্লূছ ইত্যাদি। এই শব্দবোৰৰ বেছিভাগেই পাৰ্চী তথা উৰ্দু শব্দ। এই আলোচনাত গজলৰ লগত জড়িত শব্দবোৰৰ সৈতে পৰিচয় হ’বলৈ এটা শুদ্ধ গজল উদাহৰণ ...

জামুন কা পেড়-কৃষণ চন্দৰ

কৃষণ চন্দৰ চোপ্ৰা ভাৰতীয় সাহিত্যজগতৰ এক প্ৰথিতযশা নাম। ১৯১৪ চনত অবিভক্ত ভাৰতবৰ্ষৰ ৱজিৰাবাদত (বৰ্তমান পাকিস্থান) জন্মগ্ৰহণ কৰা কৃষণ চন্দৰ এগৰকী উৰ্দু আৰু হিন্দী সাহিত্যৰ উজ্জ্বল ভোটাতৰা। বৃটিছ ভাৰত তথা স্বাধীনোত্তৰ ভাৰতৰ ৰাজনৈতিক আৰু সামাজিক ব্যৱস্থাক তীব্ৰ ক্ষুৰধাৰ সমালোচনা কৰিবলৈ তেওঁ লিখিছিল ৰাজনৈতিক আৰু সামাজিক প্ৰহসন সাহিত্য। পৰৱৰ্তী কালত তেখেতৰ বেছিভাগ ৰচনাই বহু দশক ধৰি পাঠকৰ মন-মগজুত এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছে। এক কথাত তেখেতক ভাৰতৰ মাৰ্ক টোৱেন বুলিব পাৰি। চৰকাৰী কাম-কাজৰ শামুকীয়া গতি, ৰঙা ফিটাৰ মেৰপাক আদি সকলো দিশ সামৰি লিখা "জামুন কা পেড়" নামৰ গল্পটো পঢ়িছিলো স্কুলীয়া ছাত্ৰাৱস্থাত থাকোতে আশীৰ দশকত। এই গল্পটোৱে মোৰ কুমলীয়া বয়সৰ বিবেকক জোকাৰি যোৱা বাবেই হয়তো পৰৱৰ্তী কালত ২০০০ চনত এই গল্পটোৰ দ্বাৰা অনুপ্ৰাণিত হৈ "বিড়ম্বনা" নামৰ এখন একাঙ্কিকা নাটক ৰচনা কৰিছিলো। নাটকখন ত্ৰিপুৰাৰ আগৰতলাত অনুষ্ঠিত এখন নাট প্ৰতিযোগিতালৈ বুলি নিৰ্বাচিত হৈছিল। মোৰ নাটকখন চোৱাৰ পিছত এজন দৰ্শকৰ পৰা গম পাইছিলো যে যশস্বী নাট্যকাৰ মহেন্দ্ৰ বৰঠাকুৰেও এই গল্পটোৰ ...

অটলবিহাৰী বাজপেয়ীৰ ৰসবোধ

ৰাজস্থানৰ পোখৰাণ নামৰ ঠাইত নিউক্লিয়াৰ বিষ্ফোৰকৰ পৰীক্ষণ কৰা হৈছিল ক্ৰমে ১৯৭৪ আৰু ১৯৯৮ চনত। দ্বিতীয়বাৰৰ পৰীক্ষণৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল সদ্যপ্ৰয়াত জনপ্ৰিয় নেতা স্বৰ্গীয় অটল বিহাৰী বাজপেয়ী দেৱ। Defence Research & Development Organisation (DRDO) আৰু Atomic Energy Commission (AEC) ৰ মূল ছজনীয়া বৈজ্ঞানিক দলটোৰ অন্যতম সদস্য আছিল ভাৰতবৰ্ষৰ আন এগৰাকী জনপ্ৰিয় ব্যক্তি তথা বৈজ্ঞানিক (পিছলৈ ভাৰতৰ ৰাষ্ট্ৰপতি হিচাবে কাৰ্য্যনিৰ্বাহ কৰিছিল) স্বৰ্গীয় আব্দুল কালাম। নিউক্লিয়াৰ বিষ্ফোৰক পৰীক্ষণৰ বাবে সম্পূৰ্ণৰূপে সাজু হৈ উঠাৰ পিছত, নিৰাপত্তা জনিত কাৰন সাপেক্ষে, পৰীক্ষণৰ প্ৰকৃত দিন, তাৰিখ আৰু সময় নিৰ্দ্ধাৰন কৰোতে, যথেষ্ট গোপনীয়তাৰ প্ৰয়োজন আছিল। গোপনীয়তা সুনিশ্চিত কৰিবলৈ এই গুৰু দায়িত্ব মাত্ৰ দুগৰাকী ব্যক্তিক অৰ্পণ কৰা হৈছিল। তাৰে এজন হৈছে চৰকাৰৰ ফালৰ পৰা প্ৰধানমন্ত্ৰী অটলবিহাৰী বাজপেয়ী দেৱ আৰু আনজন বৈজ্ঞানিক দলটোৰ ফালৰ পৰা আব্দুল কালাম চাহাব। পৰীক্ষণৰ আঁচনি হিচাবে শক্তি-১, শক্তি-২, শক্তি-৩, শক্তি-৪ আৰু শক্তি-৫ নামৰ মুঠ পাচ‍‌ঁটা বিষ্ফোৰক "পীচফুল নিউক্লিয়াৰ এক্সপ্লোছি...

বন্ধুত্বৰ সংজ্ঞা-১

আজি বন্ধুত্ব দিৱস উপলক্ষে সকলোলৈ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিলো। বন্ধুত্বৰ সংজ্ঞা দিয়াটো বৰ দুৰূহ কাম কিন্তু তেজৰ সম্পৰ্কৰ বাহিৰত আটাইতকৈ অভিনব, নিকট আৰু নিৰ্ভেজাল সম্পৰ্কৰ নামেই বন্ধুত্ব। ১৯৩৫ চনৰ আগষ্ট মাহৰ প্ৰথম শনিবাৰৰ দিনাখন, আমেৰিকান প্ৰশাসনৰ হাতত, এজন ব্যক্তিৰ মৃত্যু হৈছিল । ব্যক্তিজনৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ পিছত, দ্বিতীয় দিনাখন অৰ্থাৎ, আগষ্ট মাহৰ প্ৰথম ৰবিবাৰে, তেওঁৰ আটাইতকৈ প্ৰিয় বন্ধুজনে, বন্ধুবিয়োগৰ শোক সহিব নোৱাৰি, আত্মহত্যা কৰে। বন্ধুপ্ৰীতিৰ বিৰল নিদৰ্শন হিচাপে, ত েওঁৰ মৃত্যুৰ দিন, আগষ্ট মাহৰ প্ৰথম ৰবিবাৰক, আন্তৰ্জাতিক বন্ধুত্ব দিৱস হিচাপে পালন কৰা হয়। মানুহৰ জীৱনত পৰম মিত্ৰৰ সন্ধান পোৱাটো আটাইতকৈ কঠিন কাম, আৰু পোৱাৰ পিছত সেই বন্ধুক পৰিত্যাগ কৰাটো আৰু বেছি কঠিন আৰু তেনে বন্ধুক পাহৰাটো কোনোপধ্যেই সম্ভৱ নহয় । বাৰ্ণাৰ্ড মেল্টজাৰে কৈছিল, "প্ৰকৃত বন্ধু সেইজন, যিজনে ভাবে যে তুমি এটা নিখুঁত কণী , যদিওবা তেওঁ জানে, যে তুমি আংশিক ভাবে ভঙা ।" প্ৰকৃত বন্ধুৱে, আমাৰ মাজত থকা বিসংগতি বোৰৰ সতেই, আমাক ভাল পায় । বন্ধু মানুহৰ জীৱনত এক অসাধাৰণ উপহাৰ । বন্ধুত্ব...