মিডিয়াৰ নকল চকু
এবাৰ এজন অসমৰ এখন জনপ্ৰিয় বাতৰি প্ৰতিষ্ঠান আৰু "মিডিয়া হাউচ" ৰ
স্বত্বাধিকাৰীৰ এটা চকু নষ্ট হৈ গ'ল। তেখেতে যথেষ্ট পইচা খৰচ কৰি অনতিপলমে
অপাৰেশ্বন কৰি আগৰ চকুটোৰ দৰে হুবহু এটা পাত্থৰৰ চকু লগাই ল'লে। পাত্থৰৰ
চকুটো ইমানেই নিখূঁত আছিল যে দুয়োটা চকুৰ মাজত, মানুহে ধৰিবই নোৱাৰিছিল যে
কোনটো আচল আৰু কোনটো নকল।
এই কথাটোক লৈ বাতৰি প্ৰতিষ্ঠান আৰু
"মিডিয়া হাউচ" ৰ স্বত্বাধিকাৰী গৰাকীয়ে বৰ আমোদ পাইছিল। এইদৰেই তেখেতে
নৈতিকতা বিসৰ্জন দি বাতৰি কাকতৰ চাৰ্কুলেশ্বন আৰু নিউজ চ্যানেলৰ টি আৰ পি
বঢ়োৱাৰ উদ্দেশ্যে উঠি পৰি লাগিল।
এদিনাখন বিশ্ব বিশ্ৰুত আমেৰিকান সাহিত্যিক মাৰ্ক টোৱেইন আহি উক্ত বাতৰি
প্ৰতিষ্ঠান আৰু "মিডিয়া হাউচ" ৰ স্বত্বাধিকাৰী গৰাকীৰ ওচৰ পালেহি। মাৰ্ক
টোৱেন সমাজ সচেতন ক্ষুৰধাৰ ব্যঙ্গ সাহিত্য আৰু তীব্ৰ ৰসবোধৰ বাবে বিশ্ব
বিখ্যাত আছিল।
মাৰ্ক টোৱেনক দেখি "মিডিয়া হাউচ" ৰ স্বত্বাধিকাৰী গৰাকীয়ে ক'লে,
"মোৰ কোনটো চকু আচল কওকচোন? যদি কব পাৰে মই আপোনাক যি বিচাৰে তাকেই দিম।"
মাৰ্ক টোৱেনে কিছুসময় চকুদুটা নিৰীক্ষণ কৰি ক'লে,
"আপোনাৰ বাওঁচকুটো নকল।"
কথাষাৰ শুনি "মিডিয়া হাউচ" ৰ স্বত্বাধিকাৰী গৰাকী একেবাৰে আচৰিত হৈ পৰিল আৰু ক'লে,
"আপুনি জিকিল। আপুনি যি বিচাৰে মোক কওঁক? কিন্তু তাৰ আগতে কওঁক আপুনি কেনেকৈ চকুটো নকল বুলি ধৰিব পাৰিলে?"
মাৰ্ক টোৱেনে ক'লে,
"আচলতে আপোনাৰ বাওঁ চকুটো অৰ্থাৎ নকল চকুটোত দয়া, কৰুণা, সততা, মানবতা আদি সজগুণৰ কিছু আভা এতিয়াও দেখিবলৈ পাইছো।"
"আৰু শুনক মোক একোৱেই নালাগে। মাথোঁ আপোনালোকে ব্যক্তিগত মুনাফাৰ বাবে,
বাতৰি কাকতৰ চাৰ্কুলেশ্বন আৰু নিউজ চ্যানেলৰ টি আৰ পি বঢ়োৱাৰ উদ্দেশ্যে,
অসমৰ শান্তি-সম্প্ৰীতি ব্যাঘাত কৰি যি ভাতৃঘাতী সংঘৰ্ষ লগাবলৈ বিচাৰিছে,
সেইয়া বন্ধ কৰক। সাধাৰণ ৰাইজক অকণ শান্তিত থাকিব দিয়ক। নহ'লে ভৱিষ্যতৰ
প্ৰজন্মই আপোনালোকক কেতিয়াও ক্ষমা নকৰিব।"
Comments
Post a Comment