জীৱাশ্ম ইন্ধনৰ ইতিহাস (History of Fossil Fuel):
*জীৱাশ্ম ইন্ধনৰ ইতিহাস (History of Fossil Fuel):*
বায়ু, পানী, মাটি, সূৰ্যৰ তাপ আৰু খনিজ পদাৰ্থ আদি প্রকৃতি প্ৰদত্ত সেয়েহে ইয়াক প্রাকৃতিক সম্পদ বুলি কোৱা হয়। প্রাকৃতিক সম্পদক অক্ষয় (renewable) আৰু ক্ষয়শীল (non-renewable) নামৰ দুটা ভাগত ব্যাপকভাবে শ্রেণীৱদ্ধ কৰি পাৰি। অক্ষয় প্রাকৃতিক সম্পদ প্রকৃতিৰ বুকুত সীমাহীন ভাবে উপস্থিত থাকে আৰু মানুহৰ কার্যকলাপৰ দ্বাৰা প্ৰভাৱিত নহয়। যেনে সূর্যৰ পোহৰ আৰু বতাহ। ক্ষয়শীল প্রাকৃতিক সম্পদৰ পৰিমাণ সীমাৱদ্ধ আৰু এবাৰ নিশেষ (exhaust) হ'লে পুনৰ পাব নোৱাৰি। এই সম্পদবোৰ যেনে বন, বন্যপ্রাণী, খনিজ, কয়লা, খাৰুৱা তেল, প্রাকৃতিক গেছ ইত্যাদি।
ভূগর্ভত থকা শিলাখণ্ড সমূহৰ তৰপৰ ভিতৰত সুদীর্ঘকাল ধৰি প্রাকৃতিক উপায়েৰে সংৰক্ষিত অথচ আজিৰ পৃথিৱীত লুপ্ত হৈ পৰা প্ৰাণী বা উদ্ভিদৰ সামগ্রিক বা আংশিক ভাবে প্রস্তৰীভূত অৱস্থা অথবা তাৰ সাঁচক জীৱাশ্ম বুলি কোৱা হয় ।
কয়লা, প্রাকৃতিক গেছ আৰু খাৰুৱা তেল এই তিনিওবিধ মৃত জৈৱিক পদাৰ্থৰ পৰা প্ৰাকৃতিক ভাৱে সৃষ্ট শক্তিৰ উৎস আৰু জীৱৰ অৱশেষৰ পৰা ৰূপান্তৰিত হোৱা বাবে ইয়াক জীৱাশ্ম ইন্ধন (Fossil Fuel) বুলি কোৱা হয়।
"জীৱাশ্ম ইন্ধন" শব্দটো প্রথমতে ১৫৯৭ চনত এন্ড্ৰিয়াছ লিবাভিয়াছৰ
(Andreas Libavius) এলকেমিয়া (alchymia) নামৰ কিতাপখনত প্ৰথম ব্যৱহৃত হৈছিল। পিছলৈ ১৭৬৯ চনত জার্মান ৰসায়নবিদ কেছপাৰ নিউম্যানে (Casper Newman) এই শব্দটো ব্যৱহাৰ কৰিছিল। পৰৱর্তীকালত ১৯০০ চনৰ প্ৰাৰম্ভিক দশকত জীৱাশ্ম ইন্ধন শব্দটো আৰু বেছি ব্যপকভাবে ব্যৱহৃত হৈছিল আৰু মানুহে ধাৰণা কৰিবলৈ সক্ষম হৈছিল যে তেল, প্রাকৃতিক গেছ আৰু কয়লা প্রাচীন জীৱনৰ পৰা আহিছে গতিকে, এই তিনিওবিধ এক প্ৰকাৰৰ প্রাকৃতিক পদার্থ।
*প্ৰাচীনকালত তেল সম্পৰ্কে জ্ঞান আৰু ব্যৱহাৰ:*
কৌটি বছৰ আগতে সৃষ্টি হোৱা এই খাৰুৱা তেল আৰু ইয়াৰ যৌগিক পদাৰ্থৰ সতে মানুহৰ পৰিচিতিৰ ইতিহাস বহু পূৰনি। খ্রীষ্টপূর্ব ৬০০০ বছৰ আগতেই মানুহে প্রতিদিনৰ জীৱন তথা চিকিৎসা, সামৰিক বিষয় আৰু নির্মাণ কাৰ্যৰ বাবে এই তেল আৰু তেলৰ প্রাকৃতিকভাবে পোৱা ৰূপান্তৰবোৰৰ পণ্য ব্যৱহাৰ কৰিবলৈ শিকিছিল।
প্রাচীন সভ্যতা বোৰৰ সময়ছোৱাত বহু সীমাৱদ্ধতাৰ মাজেদি হ'লেও তেল উৎপাদন প্ৰক্ৰিয়া সক্রিয়ভাবে চলাইছিল। সেই সময়ত প্রযুক্তিবিদ্যা বুলিবলৈ একো নাছিল, মাথোঁ কায়িক শ্ৰমৰ দ্বাৰা খনন কাৰ্যৰ দৰে আদিম পদ্ধতিৰে এই উপাদান সমুহ আহৰণ কৰা হৈছিল। প্রাচীন কালৰ বহুতো দেশে যুদ্ধভুমিত জ্বলন্ত অস্ত্র-শস্ত্ৰ লৈ সজ্জিত হোৱাৰ প্ৰমাণ পোৱা যায়।
খ্ৰীষ্টপূৰ্ব ৬৭৩ ৰ পৰা ৮ চনলৈকে, এই সময়ছোৱাত সর্বপ্রথম গ্রীকসকলে কনষ্টান্টিনপ'লৰ ধৰ্মযুদ্ধত এক ধৰনৰ আগ্নেয় (incendiary) বাণ ব্যৱহাৰ কৰিছিল। জল-যুদ্ধত এই জ্বলন্ত নিক্ষেপকাৰী অস্ত্র পানীৰ সংস্পর্শলৈ অহাৰ লগে লগে প্রজ্জ্বলিত হৈ উঠিছিল আৰু শত্ৰু সৈন্য বাহিনীৰ লগতে জাহাজ আদি ভষ্ম কৰিছিল। ইতিহাসৰ পাতত ইয়াক গ্রীক জুই (Greek fire) বুলি অভিহিত কৰা হৈছে।
অনুমান কৰা হয় যে সম্ভৱত পেট্র'লিয়াম, পিচ্, ছালফাৰ, সৰল বা চিডাৰ গছৰ ৰেজিন, চুন আৰু বিটুমিনৰ দাহ্য যৌগৰ মিশ্রণৰ পৰা 'গ্রীক জুই' তৈয়াৰ কৰা হৈছিল। এই বিশেষ ধৰণৰ ৰাসায়নিক পদাৰ্থ পানীৰ সংস্পর্শলৈ অহাৰ লগে লগে নিজে নিজে জ্বলি উঠিছিল।
তাৰোপৰি এই ক'লা বৰণীয়া তৈলাক্ত তৰল সমূহ ঔষধ হিচাপে আৰু অভিজাত শ্ৰেণীৰ মহিলাৰ প্রসাধন সামগ্ৰী হিচাপে ব্যৱহৃত হৈছিল।
গ্ৰীক ভুগোলবিদ (geographer) হিৰোডটাছে লিখিছে যে আজিৰ পৰা প্ৰায় ৪০০০ বছৰ আগতে
ইজিপ্তৰ ইউফ্ৰেটিছ নদীৰ পাৰত পোৱা প্ৰাকৃতিক এছফাল্ট (asphalt ) নামৰ একধৰণৰ ৰাসায়নিক পদাৰ্থৰ দ্বাৰা ৰাজহাউলি, প্ৰাচীৰ তথা ৰাজপথ আদি নিৰ্মাণ কৰোতে ব্যৱহাৰ কৰিছিল। উল্লেখযোগ্য যে প্ৰাচীন গ্ৰীছত বিটুমিন (bitumen) নামৰ এক বিশেষ পদাৰ্থ ৰাস্তা-ঘাট বনাবলৈ ব্যৱহাৰ কৰা হৈছিল, যিটো নেকি আজিৰ তাৰিখতো পকী ৰাস্তা বনাবলৈ ব্যৱহাৰ কৰা হয়, তাক আমি সাধাৰণতে "পীচ্" কৰা বুলি জানো।
আজিৰ তাৰিখত তেল খাদ সমুহৰ (oil well) ড্ৰিলিং যিদৰে কৰা হয় ঠিক একেটা পদ্ধতিৰে চীন দেশৰ বাসিন্দা সকলে প্ৰায় ৩৪৭ খ্ৰীষ্টাব্দত ড্ৰিলিং কাৰ্য সমাধা কৰি তেল আহৰণ কৰিবলৈ সক্ষম হৈছিল। চীনা সকলে লোহাৰ পাইপৰ ঠাইত দীঘল দীঘল বাঁহ ব্যৱহাৰ কৰিছিল আৰু অবিশ্বসনীয় ভাবে বাহঁৰ দ্বাৰা খনন কাৰ্য সমাধা কৰি প্ৰায় এক কিলোমিটাৰ গভীৰতালৈ যাবলৈ সক্ষম হৈছিল। চীনা লোক সকলে এই ধৰণৰ খননকাৰ্য চলাই একধৰণৰ দ্রৱীভূত ভোজ্য খনিজাত নিমখৰ পানী উত্তোলন কৰিছিল। এই নিমখ পানীৰ সতে উপজাত হিচাপে খাৰুৱা তেলো আহৰিত হৈছিল। মিছৰ আৰু চীন দেশত চিকিৎসাৰ বাবে এই তেলৰ ব্যৱহাৰ হৈছিল।
চীন দেশৰ লগতে জাপানী সকলেও প্ৰাকৃতিক গেছ পোহৰ আৰু উত্তাপৰ বাবে ব্যৱহাৰ কৰিছিল। ৭ খ্ৰীষ্টাব্দত জাপানী সকলে পেট্ৰ'লিয়ামক জ্বলন্ত পানী (burning water) বুলি কৈছিল। ১০৪৪ চনত শ্বেন কুঅ' (Shen Kuo) নামৰ জাপানী ৰাষ্ট্ৰীয় নেতা তথা বৈজ্ঞানিক গৰাকীয়ে পেট্ৰ'লিয়ামক শ্বিউ (shiyou অৰ্থাৎ rock oil) নাম দিছিল।
ৰোমান সাম্ৰাজ্যৰ লোক সকলেও কৃত্ৰিম উত্তোলন (artificial lift) পদ্ধতিৰ সহায়ত তেলৰ উৎপাদন কৰিছিল। সদ্যহতে প্ৰত্নতাত্বিক খননকাৰ্যত ৰোমান সকলে তেল উৎপাদন কৰিবলৈ ব্যৱহাৰ কৰা কাঠ, সীহ আৰু চামৰাৰে তৈয়াৰ কৰা এক বিশেষ ধৰণৰ পাম্পৰ অৱশেষ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।
*তেল আৰু প্ৰাকৃতিক গেছৰ উৎস:*
তেল আৰু প্ৰাকৃতিক গেছৰ মূল উৎস সম্পৰ্কে ব্যাখ্যা কৰাৰ সময়ত দুটা মতবাদে এক শতিকাৰো ওপৰত এক সুদীৰ্ঘ সময় জুৰি প্রতিযোগিতা কৰি আহিছে। এই দুটা গোটৰ এটা ভাগে বিশ্বাস কৰে যে জীৱাশ্ম ইন্ধন সমূহ জৈৱিক উপাদানৰ পৰা সৃষ্টি হৈছে। প্রাচীন কালৰ সাগৰ আৰু হ্রদ বোৰত বসবাস কৰা প্রাণী আৰু উদ্ভিদৰ অৱশেষ সমূহ পৃথিৱীৰ ভূত্বকৰ আৱৰণৰ তলত এক গভীৰ পৰিৱৰ্তনৰ মাজেদি পাৰ হৈ তেল আৰু প্রাকৃতিক গেছ হিচাপে উদ্ভূত হৈছিল।
আনহাতে বিৰোধী গোটৰ অজৈৱ বিজ্ঞানী সকলে বিশ্বাস কৰে যে তেল আৰু প্ৰাকৃতিক গেছ অজৈৱিক উপায়েৰে পৃথিৱীৰ গৰ্ভত সৃষ্টি হৈছিল।
প্রথম ধাৰণা হৈছে জৈৱিক (biogenic) অৰ্থাৎ organic গ্রীক ভাষাত "বায়োচ" মানে জীৱন আৰু "জেনেচিছ"ৰ অৰ্থ হৈছে উৎস। দ্বিতীয় ধাৰণা অজৈৱিক (abiogenic) অৰ্থাৎ inorganic বুলি কোৱা হয়।
অজৈৱিক পেট্র'লিয়াম গঠনৰ মতবাদৰ সমর্থক সকলে বিশেষকৈ বেচ কিছু ইউক্রেনীয় আৰু ৰাছিয়ান বিজ্ঞানীসকলে বিকশিত কৰা তত্ত্ব সমূহক মানি চলে।
এই তত্ত্ব অনুসৰি হাইড্র'কার্বন পৃথিৱীৰ ভূত্বকৰ আচ্ছাদনৰ পৰা যথেষ্ট গভীৰ দূৰত্বত ভূগৰ্ভস্থ মেন্টালৰ (mantle) পৰা স্বতস্ফুৰ্তভাবে উৎপন্ন হয়।
অজৈৱিক তত্ত্বৰ সমৰ্থক আছিল পর্যায় তালিকাৰ (periodic table) ৰাছিয়ান আৱিষ্কাৰক ডিমিত্ৰি মেণ্ডেলিভ। তেখেতে পেট্র'লিয়ামৰ অজৈৱ উৎসৰ প্রথম তত্ত্বটো ৰাজহুৱা কৰিছিল।
মেণ্ডেলিভ আৰু তেখেতৰ কিছু অনুগামী সকলৰ মতে, পৃথিৱীৰ গভীৰ গৰ্ভত সৰল হাইড্র'কার্বন (কার্বন আৰু হাইড্র'জেনৰ দ্বাৰা সৃষ্ট যৌগসমূহ) বোৰৰ শৃঙ্খলা বন্ধনৰ জৰিয়তে ঘটা জটিল হাইড্র'কার্বন অণু গঠন প্ৰক্ৰিয়াৰ ফলত পৃথিৱীত পেট্র'লিয়াম সৃষ্টি হৈছিল। পেট্র'লিয়াম হৈছে এই অপেক্ষাকৃত দীর্ঘ শৃংখলাৰ জটিল হাইড্র'কার্বনৰ এক অভিনৱ মিশ্রণ আৰু এই মিশ্ৰণত কোনো ধৰনৰ জীৱাশ্মৰ অস্তিত্ব নাই।
জৈৱ আৰু অজৈৱ তত্ত্বৰ মাজত এখন অঘোষিত যুঁজ আজিও অব্যাহত আছে। উভয় পক্ষৰ সমগ্ৰ সমর্থক সকলে নিজৰ তত্ত্বটো সাব্যস্ত কৰিবলৈ উঠি পৰি লাগি আছে।
জৈৱ তত্ত্ব অনুসৰি পেট্র'লিয়াম হ'ল ভূপৃষ্ঠৰ পৰা কিছু কিলোমিটাৰ দূৰত্বত মৃত জীৱৰ অৱশেষৰ পৰা গঠিত এটা সীমিত পদার্থ। আনহাতে বিৰোধী অজৈৱ উৎসৰ সমর্থক সকলে পেট্র'লিয়ামক পৃথিৱীৰ অভ্যন্তৰত ৰাসায়নিক প্ৰক্ৰিয়াৰ
ফলত পৃথিৱীয়ে নিজেই উৎপাদন কৰা এটা স্বয়ং পুনর্জন্মজাত
(self-regenerating) পদার্থ হিচাপে বিবেচনা কৰে। অৰ্থাৎ, এই পেট্র'লিয়ামৰ ভাণ্ডাৰ তথা উৎস সীমিত বা ক্ষয়শীল পদার্থ নহয় আৰু তেল আৰু গেছ আজিকোপতি শেষ নাই হোৱা আৰু নহয়।
খাৰুৱা তেল, কয়লা, গেছ আদি জৈৱিক উপাদান সমুহৰ সৃষ্টিক লৈ আৰু নানা ধৰণৰ মতবাদ আৰু মতবিৰোধ আছে। বৈজ্ঞানিক পদ্ধতিৰ দ্বাৰা কোনো এক বিষয়ৰ ওপৰত যুগুত কৰা মতবাদ সমূহ কিছুমান পৰিস্থিতিগত সাক্ষ্যৰ (circumstantial evidence) ওপৰত ভিত্তি কৰিও তৈয়াৰ কৰা হয়।
*কয়লা:*
ভূগৰ্ভস্থ কয়লাৰ উদ্ভৱৰ সতে জৈৱ পদার্থ অৰ্থাৎ উদ্ভিদৰ ভূমিকা সম্পৰ্কে কোনো ধৰনৰ মতবিৰোধ নাই। এইক্ষেত্রত ঐকমতৰ অন্যতম কাৰণ হৈছে কয়লাৰ ভাণ্ডাৰ সমূহৰ তৰপে তৰপে প্রচুৰ পৰিমাণৰ উদ্ভিদৰ জীৱাশ্ম পৰিলক্ষিত হৈছে।
এটা সময়ত পৃথিৱীখন অজস্ৰ গছ-গছনিৰে ভৰি আছিল। বিভিন্ন প্রাকৃতিক বিপৰ্যয় আৰু পৰিবর্তনৰ ফলত সময়ে সময়ে গছ-গছনি সমুহ মাটিৰ তলত পৰি যায় আৰু এই প্ৰক্ৰিয়া বহু হাজাৰ কৌটি বছৰৰ ধৰি চলি থাকে। গছৰ পাত আৰু কাণ্ডসমূহ ৰাসায়নিক পৰিবর্তনৰ ফলত কয়লালৈ পৰিণত হয়।
কয়লা এক জৈৱ পদার্থ আৰু জীৱাশ্ম ইন্ধনৰ ভিতৰত কয়লাৰ ব্যৱহাৰ আটাইতকৈ বেছি।
কয়লাৰ পৰা আটাইতকৈ বেছি আৰু প্ৰাকৃতিক গেছৰ পৰা আটাইতকৈ কম কার্বন ডাই অক্সাইড নিৰ্গত হয়।
প্যানজিয়া (Pangea) অতি মহাদেশ (super continent) অৰ্থাৎ ২৩ ৰ পৰা ২৮ কৌটি বছৰ আগতে যেতিয়া পৃথিৱীৰ সকলো ভূখণ্ড লগ লাগি এখন একক মহাদেশ হিচাপে লগ লাগি আছিল। সেই সময়ত এই একক মহাদেশৰ চাৰিওফালে বিশাল সাগৰৰ সতে সংলগ্ন হৈ থকা অঞ্চলত প্ৰচুৰ পৰিমাণে উদ্ভিদৰ বংশ বৃদ্ধি হৈছিল আৰু যুগ যুগ ধৰি এই গছ-গছনিবোৰৰ অৱশেষ গেদীয় মাটিৰ তলত স্তৰীভূত হৈ আভ্যন্তৰীণ চাপ আৰু অক্সিজেন ৰহিত পাচন প্ৰক্ৰিয়াৰ (Anaerobic Digestion) ফলত কয়লাৰ আকৰিক স্তৰলৈ পৰিণত হয়।
আনহাতে ২৯.৯ ৰ পৰা ৩৫.৯ কৌটি বছৰ আগতে কাৰ্বনিফেৰাছ
(carboniferous) যুগতো সিংহ ভাগ কয়লা ভূগৰ্ভৰ বুকুত সৃষ্টি হৈছিল।
*তেল আৰু গেছৰ উৎপত্তি সম্পৰ্কে সাৰ্বজনীন মতবাদ:*
তেল আৰু প্ৰাকৃতিক গেছৰ উৎপত্তি সম্পৰ্কে মতভেদ থকাৰ পিছতো এতিয়ালৈকে বহুল ভাবে স্বীকৃত মতবাদ হৈছে জৈৱ তত্ত্ব, যিয়ে পেট্র'লিয়াম গঠনৰ বাবে অনুকূল তথা পর্যাপ্ত পৰিবেশ যেনে সংপৃক্ত মাটি, অক্সিজেনৰ অনুপস্থিতি, উচ্চ চাপ আৰু তাপমাত্রাৰ উপস্থিতিৰ উমান দিয়ে। যি পৰিবেশৰ অৱদান স্বৰূপে জৈৱিক পদার্থসমূহ ক্ষয় হৈ কিৰোজেন নামৰ তেলৰ উৎস শিললৈ (source rock) ৰূপান্তৰিত হয়।
মৃত গছ-গছনি আৰু নানান ধৰণৰ মৃতদেহ ইত্যাদিৰ উপাদান সমুহ হাজাৰ হাজাৰ বছৰ ধৰি মাটিৰ তলত অক্সিজেনৰ অনুপস্থিতিত (Anaerobic Reaction) এক বিশেষ প্রক্রিয়াৰ ফলত পৃথিৱীৰ আভ্যন্তৰীণ চাপৰ ফলত জীৱাশ্ম ইন্ধন সমূহ সৃষ্টি হয়। এই ধৰণৰ প্রক্রিয়াৰ জৰিয়তে জীৱাশ্ম ইন্ধন সমূহ সৃষ্টি হওতে সাধাৰনতে এই ৬৫ কৌটি বছৰ সময় লাগে। জীৱাশ্ম ইন্ধনত মূলত: কাৰ্বন আৰু হাইড্ৰ'জেনৰ উপাদান থাকে। সেই বাবে প্ৰাকৃতিক ভাবে আহৰণ কৰা এই ইন্ধনক হাইড্ৰ'কাৰ্বন বুলিও কোৱা হয়।
শেহতীয়া গৱেষণাৰ পৰা পোৱা তথ্য অনুযায়ী প্রায় ৩০০ কৌটি বছৰ আগতে পৃথিৱীৰ মহাসাগৰ হ্ৰদ আদি অঞ্চলত, মূলত প্লাংকটন (plankton) আৰু পচনশীল সামুদ্রিক জীৱ তথা "এককোষী বেক্টেৰিয়া" বোৰ বিৱর্তিত হৈছিল আৰু এই জৈৱ-ৰাসায়নিক পদাৰ্থৰ (biomass) পৰা তেল, প্ৰাকৃতিক গেছ আৰু কয়লাৰ সৃষ্টি হৈছিল। এই মতবাদক সর্বাধিক গ্রহণযোগ্য তত্ত্ব হিচাপে গণ্য হয়।
প্লাংকটন হৈছে পানীত থকা এবিধ ক্ষুদ্র জীৱ। আনহাতে পানীত ভাহি ফুৰা একধৰণৰ ক্ষুদ্র উদ্ভিদ হৈছে ফাইটো-প্লাংকটন (phytoplankton)। গ্রীক শব্দ 'ফাইটো' ৰ অর্থ হৈছে উদ্ভিদ সম্পর্কিত।
আনহাতে পানীত থকা আন এবিধ ক্ষুদ্র প্রাণীৰ নাম জুপ্লাংকটন (zooplankton)। ফাইটোপ্লাংকটন হৈছে উৎপাদক আৰু জুপ্লাংকটনে প্রথম স্তৰৰ খাদকৰ ভূমিকা পালন কৰে। অন্যান্য উদ্ভিদৰ দৰে ফাইটোপ্লাংকটনে সালোক সংশ্লেষণ প্রক্রিয়াৰ দ্বাৰা খাদ্য তৈয়াৰ কৰিব পাৰে। আনহাতে, অধিকাংশ জুপ্লাংকটনে, ফাইটোপ্লাংকটনক খাদ্য হিচাপে গ্ৰহণ কৰি জীয়াই থাকে।
ফাইটোপ্লাংকটন বা জুপ্লাংকটন দুটা কোনো নির্দিষ্ট জীৱক নুবুজায় বৰং একেলগে বহু ভিন ভিন প্রজাতিক বুজায়।
এই পর্যন্ত প্রায় ৫০০০ প্রজাতিৰ ফাইটোপ্লাংকটন, আৰু ১০,০০০ প্রজাতিৰ জুপ্লাংকটন আবিষ্কৃত হৈছে।
প্রাগৈতিহাসিক প্লাংকটন আৰু জুপ্লাংকটন অৱশেষৰ পৰা তেল আৰু গেছ আনহাতে ফাইটোপ্লাংকটন আৰু উদ্ভিদৰ অৱশেষৰ পৰা কয়লাৰ গঠন হয়। তেল আৰু প্ৰাকৃতিক গেছৰ উৎপত্তি স্থল নদীৰ অৱবাহিকা তথা মোহনা, হ্ৰদ আদি অঞ্চল আছিল। মহাদেশীয় সঞ্চালন (continental drift) তথা 'টেকটনিক প্লেট' ৰ অবিৰত গতিশীলতাৰ ফলত এই অঞ্চল সমূহ ওপৰলৈ অথবা তললৈ আৰু কেতিয়াবা কিছু অঞ্চল অন্য প্লেটৰ তলত ডুব গৈছে, এইদৰে প্ৰায় বোৰৰ অৱস্থান ওলট-পালট হৈ গৈছে। সেয়েহে, শুষ্ক ভূপৃষ্ঠৰ তলত খাৰুৱা তেলৰ সন্ধান পোৱা যায়।
৪৬০ কৌটি বছৰ আগতে, সূর্যৰ চাৰিওফালে ওপঙি থকা শিল আৰু ধূলিকণাৰ পৰিবৃদ্ধিৰ (accretion) ফলত ধীৰে ধীৰে পৃথিৱীৰ জন্ম হয়। অতি দ্রুতভাবে ঘুৰি থকা ধূলি কণাবোৰ সংযুক্ত হৈ যেতিয়া পৃথিৱীৰ সৃষ্টি কৰিছিল, তেতিয়া সকলো বোৰৰ মিশ্ৰণৰ ফলত এক প্ৰচণ্ড উত্তাপৰ সৃষ্টি হৈছিল আৰু প্ৰাৰম্ভিক অগ্নিময় তৰল পৃথিৱীখন জুইসদৃশ গলিত শিলৰ পিণ্ড হৈ উঠিছিল। সেই গলিত পিণ্ডটো সূর্যৰ চাৰিওফালে প্ৰদক্ষিণ কৰি থকা সময়তে আকৌ একে সময়তে নিজৰ অক্ষত (axis) আৱর্তন কৰিছিল। এইদৰে বহু সময় অতিবাহিত হোৱাৰ পিছত আৰু লগতে আৱৰ্তনৰ ফলত দিন আৰু ৰাতিৰ বাবে হোৱা উত্তাপৰ তাৰতম্যৰ প্ৰভাৱত লাহে লাহে সেই ভয়ানক উষ্ণ গোলাকাৰ পিণ্ডটো ক্ৰমাৎ অকন অকনকৈ ঠাণ্ডা হ'বলৈ আৰম্ভ কৰে। প্রায় ৪০০ কৌটি বছৰ আগতে সেই তৰল ক্ৰমান্বয়ে গোট মাৰি কঠিন শিললৈ ৰূপান্তৰিত হয় যাক আগ্নেয়-শিল (igneous rock) বুলি কোৱা হয়।
পৃথিৱীৰ উপৰিভাগ অৰ্থাৎ বায়ুমণ্ডলৰ (atmosphere) তলত থকা আৱৰণ খনৰ প্ৰায় ১০০ কিলোমিটাৰ গভীৰতালৈ থকা সমগ্ৰ ভূ-ভাগক স্থল-মণ্ডল (lithosphere) বুলি কোৱা হয়। পৃথিৱীৰ বহিৰ্ভাগৰ তৰপ ঠাণ্ডা হ'ল যদিও ভিতৰত সকলো গলিত ৰূপত আছে, যাক মেগমা (magma) বুলি কোৱা হয়। ভুমিকম্প, চুনামি আদিৰ ফলত আগ্নেয়গিৰিৰ জৰিয়তে ম্যাগমা লাভা (lava) ভূ-পৃষ্ঠলৈ ওলাই আহে। এই মেগমা ৰূপী কঠিন আগ্নেয় শিল সমূহ পৃথিৱীৰ উপৰিভাগত (outcrop) ৰ'দ, বতাহ আৰু বৃষ্টিপাতৰ প্রকোপত কোমল হয় আৰু ক্ৰমাৎ ভাঙি গুৰি হৈ বালি বা মাটিলৈ পৰিণত হয়। নদী, হিমৱাহ, বানপানী বা সাগৰীয় পানীৰ সতে উটি-ভাঁহি সেই মাটি বা গেদ সমূহ তৰপে তৰপে জমা হ'বলৈ ধৰে আৰু লগতে কঢ়িয়াই নিয়া প্ৰাণী আৰু উদ্ভিদৰ দেহাৱশেষ। এই মাটি পিছলৈ গোট মাৰি কঠিন গেদীয় শিললৈ (sedimentary rock) ৰূপান্তৰিত হয়। গেদীয় শিলৰ তৰপে তৰপে জৈৱ অৱশেষ সমূহ অৰ্থাৎ তাক জীৱাশ্ম বুলি কোৱা হয় এই জীৱাশ্ম বোৰ সাগৰৰ পানী, আভ্যন্তৰীণ তাপ আৰু চাপৰ লগতে সুদীৰ্ঘ সময়জুৰি হোৱা প্রভাৱৰ ফলত ৰাসায়নিক বিক্রিয়া ঘটে আৰু ধীৰে ধীৰে খনিজ তেল আৰু গেছলৈ ৰূপান্তৰিত হয়। এই গঠন প্ৰক্ৰিয়াত মূল উপাদান হাইড্র'জেন আৰু কার্বনৰ অপৰিহার্য সেয়েহে ইয়াক হাইড্র'কার্বন বুলি কোৱা হয়।
ইয়াৰ ভিতৰত C1ৰ পৰা C4 লৈ অৰ্থাৎ মিথেন (CH4), ইথেন (C2H6), প্ৰপেন (C3H8), বিউটেন (C4H10) থাকে গেছীয় ৰূপত। প্রাকৃতিক গেছৰ কাৰ্বনৰ আণৱিক ভৰ (atomic weight) আৰু আপেক্ষিক গুৰুত্ব (specific gravity) বাকী বোৰ হাইড্ৰ'কাৰ্বনতকৈ কম হোৱা বাবে ই যথেষ্ট পাতল।
পেট্র'লিয়াম তৈয়াৰ হোৱা শিলবোৰ হৈছে গেদীয় শিল, ক্লে-স্টোন, শ্বেল আৰু এইবোৰক উৎস শিল (source rock) বুলি কোৱা হয়। স্তৰীভূত এই শিলসমূহত জমা হৈ থকা অৱস্থাৰ পৰা এই জৈৱ অৱশেষৰ যি ৰূপান্তৰ ঘটে এই প্ৰক্ৰিয়াক ঠিক ৰন্ধন প্ৰণালীৰ সতে তুলনা কৰা যায় বাবে এই প্ৰক্ৰিয়াক কুকিং (cooking) বুলি কোৱা হয়। উষ্ণতাৰ ওপৰত ভিত্তি কৰি এই কুকিংৰ তিনিটা পৰ্যায় হৈছে, diagenesis (৫০° ছেন্টিগ্ৰেড),
catagenesis (৫০- ২০০° ছেন্টিগ্ৰেড) আৰু metagenesis (২০০ - ২৫০° ছেন্টিগ্ৰেড) এই তিনিওটা প্রক্রিয়া ও বিক্রিয়াৰ ফলত জৈৱ পদার্থ সমুহ তেল আৰু গেছলৈ পৰিৱর্তিত হয়। ইয়াৰ পিছৰ পৰ্যায় হৈছে স্থানান্তৰণ
(migration) অর্থাৎ এই তেল আৰু গেছক ধৰি ৰাখিব পৰা এক আধাৰলৈ স্থানান্তৰ হোৱা। উৎস শিলৰ (source rock) ধাৰকতা অৰ্থাৎ ছিদ্রময়তা (porosity) নাথাকে বাবে তেল আৰু গেছ সমূহ চূণশিল (limestone), ডল'মাইট (dolomite) অথবা বালি শিল (sandstone) জাতীয় ছিদ্রময় (porous) শিলৰ স্তৰত আহি জমা হয়, এই ধৰণৰ শিলক ধাৰক-শিল (reservoir rock) বুলি কোৱা হয়। এই ছিদ্ৰৰে পৰিপূৰ্ণ ধাৰক-শিলৰ পৰা তেল বা গেছ খুব সহজে ওলাই বিয়পি পৰিব পাৰে আৰু এবাৰ বিয়পিলে পুনৰ উদ্ধাৰ কৰা সম্ভৱ নহ'ব।
সেয়েহে খনিজ তেল আহৰণ কৰিবলৈ হলে ধাৰক শিলৰ ওপৰত এক প্ৰকাৰৰ ৰোধক-শিল (cap rock) যেনে শ্বেল, নিমখ বা গেদীয় শিলৰ স্তৰৰ খুব প্রয়োজন।
ধাৰক-শিলৰ ক্ষুদ্ৰ ক্ষুদ্ৰ ছিদ্র সমূহ পৰস্পৰৰ সতে কিমান সঠিককৈ যুক্ত হৈ থাকে, তাৰ ওপৰত নির্ভৰ কৰে সেই তেলৰ ভাণ্ডাৰৰ পৰা সম্পূর্ণৰূপে তেলখিনি উলিওৱা সম্ভব হ'ব নে নহয়? শিলা এই গুণটোৰ নাম (permeability)।
এই ধাৰক (reservoir) সমূহৰ পৰা ড্ৰিলিং কৰি পাইপৰ জৰিয়তে খাৰুৱা তেল আৰু গেছক পৃথিৱীৰ উপৰিভাগলৈ অনা হয় আৰু শোধনাগাৰলৈ নি শোধন কৰা হয়।
পৃথিৱীৰ জন্ম আৰু বিকাশৰ লগতে খাৰুৱা তেল আৰু গেছৰ উৎপত্তিৰ বিষয়ে জানিবলৈ হলে তাৰ আগতে পৃথিৱীৰ ইতিহাসৰ ওপৰত চকু নুফুৰালে কথাবোৰ আধৰুৱা হৈ ৰ'ব।
বিৱর্তন সম্পর্কে এতিয়ালৈকে যিমানবোৰ প্রমাণ বা সাক্ষ্য আছে তাৰ ভিতৰত জীৱাশ্ম ঘটিত সাক্ষ্য বা প্রত্ন-জীৱবিদ্যা সংক্রান্ত সাক্ষ্যক (Palaentological Evidence) আটাইতকৈ নিৰ্ভূল বুলি গণ্য কৰা হয় ।
আজিৰ পৰা প্ৰায় ৫-৬ কোটি বছৰ আগতে টাৰ্ছিৱাৰি যুগত শিলৰ তৰপে তৰপে গছ-গছনি আৰু বিভিন্ন সামুদ্রিক প্রাণীৰ অৱশেষ জমা হবলৈ আৰম্ভ কৰে। সূদীৰ্ঘ সময়ৰ অন্তৰালত এই অৱশেষ সমূহ খনিজ তেললৈ পৰিণত হয়। আজি আমি বসবাস কৰা স্থলভাগৰ বেছিভাগ অংশই পূর্বতে সাগৰ আছিল।
বৰ্তমান ভূগৰ্ভস্থ তেল আৰু প্ৰাকৃতিক গেছৰ উৎপত্তি ফেনাৰ'জয়িক ইয়নৰ এক বিশাল আৰু দীৰ্ঘকালীন সময়সীমাৰ ভিতৰত হৈছিল।
চেন'জয়িক যুগত (৬.৫ কৌটি বছৰ আগতে) পৃথিৱীৰ বুকুত থকা মুঠ তেলৰ ২০ শতাংশ সৃষ্টি হৈছিল।
মেছ'জয়িক যুগত (৬.৬ ৰ পৰা ২৫.২ কৌটি বছৰ আগতে) মুঠ তেলৰ ৭০ শতাংশ ভূগৰ্ভৰ বুকুত সৃষ্টি হৈছিল।
পেলেঅ'জয়িক যুগত (২৫.২ ৰ পৰা ৫৪.১ কৌটি বছৰ আগতে) মুঠ তেলৰ ১০ শতাংশ ভূগৰ্ভৰ বুকুত সৃষ্টি হৈছিল।
পৃথিৱীৰ ইতিহাসৰ আটাইতকৈ উত্তেজনাপূর্ণ বা আকর্ষণীয় যুগ আছিল মেছ'জ'য়িক যুগ (Mesozoic Era)। মেছ'জ'য়িক যুগক তিনিটা ভাগত (period) বিভক্ত কৰা হৈছে:
(১) ট্রায়াছিক (Triassic)
(২) জুৰাছিক (Jurassic)
(৩) ক্রেটাচিয়াছ
(Cretaceous)।
এই তিনিওটা যুগৰ এক সুদীৰ্ঘ সময়ছোৱাত পৃথিৱীৰ বুকুত ডাইন'ছৰৰ ৰাজত্ব আছিল। সেইবাবেই প্ৰথম অৱস্থাত কিছুমান বিশেষজ্ঞই তেলৰ উৎপত্তি ডাইন'ছৰৰ বিলুপ্তি আৰু অৱশেষৰ পৰা উদ্ভৱ হোৱা বুলি ভুল কৰিছিল। বহুদিনলৈ বৈজ্ঞানিক সকলৰ লগতে সাধাৰণ মানুহবোৰেও ভাবিছিল যে পৃথিৱীৰ ভূগৰ্ভস্থ তেল সমূহ কৌটি কৌটি বছৰ আগতে পৃথিৱীত থকা ডায়ন'ছৰৰ অৱশেষৰ পৰা উৎপত্তি হৈছিল। আচলতে এই ধাৰণা সচা নহয়।
আচলতে এই সময়ছোৱাত পৃথিৱীৰ বায়ুমণ্ডলত অক্সিজেনৰ মাত্ৰা বৃদ্ধি হোৱাৰ ফলত বিভিন্ন ধৰণৰ ক্ষুদ্ৰতমৰ পৰা বৃহত্তম আকাৰৰ জীৱৰে পৃথিৱী ভৰি গৈছিল।
পেলিঅ'জ'য়িক যুগ (paleozoic age) শেষ হয় এক ভয়ানক ধ্বংসলীলাৰ মাজেৰে আৰু এই সময়ত পৃথিৱীৰ জীৱ জগতৰ প্রায় ৯৫% সম্পূৰ্ণৰূপে বিলুপ্ত হৈ যায়। পিছলৈ এইধৰণৰ বিলুপ্তিৰ ঘটনা পৰৱৰ্তীকালত কেবা বাৰো ঘটিছে। এই সময়ছোৱাত হোৱা মহা বিলুপ্তিৰ বাবে জীৱাশ্ম ইন্ধনৰ বাবে প্ৰয়োজনীয় জীৱ আৰু উদ্ভিদৰ অৱশেষ প্ৰচুৰ পৰিমাণে পোৱাটো সম্ভৱ হৈছিল।
এটা আমোদজনক কথা এই যে পেট্র'লিয়াম জলজ ফাইটোপ্লাংকটন আৰু জুপ্লাংকটনৰ পৰা সৃষ্টি হৈছিল, আৰু যিহেতু পেট্র'লিয়াম জৈৱ-ৰাসায়নিকৰ (biomass) পৰা উদ্ভৱ হৈছে, গতিকে প্লাষ্টিকো জৈৱ-ৰাসায়নিকৰ এক প্ৰতিৰূপ। আনহাতে আমি মাকৈ, কুঁহিয়াৰ আদি অন্যান্য গছৰ পৰাও প্লাষ্টিক তৈয়াৰ কৰিব পাৰো। সেয়েহে প্লাষ্টিক জাতীয় পদাৰ্থ বোৰক অন্য এক ৰূপান্তৰিত উদ্ভিদ বুলিব পৰা যায়।
জলজ ফাইট'প্লাংকটন আৰু জুপ্লাংকটন ৰ পৰাহে তেল আৰু প্ৰাকৃতিক গেছৰ সৃষ্টি হৈছে। আমোদজনক ভাবে আজিৰ পৃথিৱীত নানা ধৰণৰ পৰিবেশ প্ৰদূষনৰ বাবে দায়ী প্লাষ্টিক জাতীয় পদাৰ্থ সমূহ পেট্র'লিয়াম জৈৱ-ৰাসায়নিকৰ পৰা সৃষ্টি হৈছিল, সেয়েহে প্লাষ্টিকো জৈৱ-ৰাসায়নিকৰ এটা ৰূপান্তৰিত ৰূপ।
*প্রাকৃতিক গেছ:*
প্রাকৃতিক গেছ শক্তিৰ আন এটি অতি পৰিচিত উৎস। প্রাকৃতিক গেছ খাৰুৱা তেলৰ সতে মিশ্ৰিত অৱস্থাত অথবা অকলে পোৱা যায়। পৃথিৱীৰ প্ৰচণ্ড অভ্যন্তৰীণ চাপ ও তাপৰ ফলত এই উপাদান সৃষ্টি হয়। এই গেছৰ প্রধান উপাদান মিথেন (methane)। প্রাকৃতিক গেছৰ শতকৰা ৬০-৯৫ ভাগ হ'ল মিথেন।
খাৰুৱা তেলৰ সতে উৎপাদিত প্রাকৃতিক গেছ এটা সময়ত ব্যৱহাৰ যোগ্য নোহোৱা বাবে এক অপ্রয়োজনীয় পদার্থ হিচাপে চিহ্নিত হৈছিল। কিন্তু আজিৰ তাৰিখত বর্তমানে এটি অত্যন্ত প্রয়োজনীয় ইন্ধন পদার্থ। ভাৰতবৰ্ষৰ লগতে বিশ্বৰ অন্যান্য বহু দেশত প্রাকৃতিক গেছ খুব ব্যাপক ধৰনে যান-বাহনৰ লগতে ৰন্ধনৰ বাবে প্রধান ইন্ধন হিচাবে ব্যৱহাৰ হয়।
*তেলৰ উৎসক লৈ ভিন্ন মত আৰু মতবাদ:*
উনৈছ শতিকাৰ শেষৰফালে ইংৰাজ জীৱবিজ্ঞানী টমাছ হেনৰী হাক্সলিয়ে জীৱৰ উৎপত্তি স্বতস্ফুৰ্ত ভাবে নিৰ্জীৱ পদাৰ্থৰ পৰা উদ্ভূত ৰাসায়নিক ৰূপক বর্ণনা কৰাৰ বাবে এবাইজেনেসিস (abiogenesis) শব্দটো ব্যৱহাৰ কৰিছিল।
পিছলৈ লুই পেষ্টিউৰে তেখেতৰ বিখ্যাত 'স্বান নেক্ ফ্লাস্ক' পৰীক্ষাৰ জৰিয়তে স্বতঃস্ফূর্তভাবে জীৱ প্রজন্মৰ তত্ত্বটো চূড়ান্তভাবে অস্বীকাৰ কৰাৰ কৃতিত্ব লাভ কৰে। পৰৱৰ্তী সময়ত তেখেতে প্রস্তাৱ কৰিছিল যে "জীৱনৰ উৎপত্তি কেৱল জীৱনৰ পৰা হৈছে।”
তেলৰ উৎস সম্পৰ্কে দীর্ঘদিন ধৰি এনে এক "প্রাকৃতিক ৰহস্য" যিয়ে নেকি গবেষকসকলৰ মনক উজ্জীৱিত কৰি আহিছে। আনহাতে প্রাকৃতিক বিজ্ঞানৰ অন্যান্য ক্ষেত্র সমূহৰ দৰেই, তেলৰ প্রকৃতি সম্পর্কে থকা ধাৰণা বোৰ প্রায়েই ধর্মীয় বিশ্বাসৰ সতে যুক্ত আছিল।
সেয়েহে ১৮ শতিকাৰ পোলেণ্ডৰ বিখ্যাত প্রকৃতিবিদ কেনন কে ক্লুকে বিশ্বাস কৰিছিল যে তেলৰ গঠন স্বর্গত হৈছিল আৰু সেই উর্বৰ তৈলাক্ত মাটিৰ এটা অংশত, ফুলৰ সৈতে বাগিছা বোৰ জাতিষ্কাৰ হৈ পৰিছিল। কিন্তু স্বৰ্গত স্থান প্ৰাপ্ত মানুহবোৰৰ নৈতিক পতন হোৱা দেখি, ঈশ্বৰে শাস্তি দিয়াৰ সিদ্ধান্ত লয়। বাগিছা বোৰৰ মাটিত থকা চর্বিযুক্ত পদার্থ আতৰাই দি সেই ভুমিৰ ফলন ক্ষমতা হ্রাস কৰিছিল। কেননৰ মতে চৰ্বি বোৰৰ এটা অংশ সূর্যৰ উত্তাপৰ ফলত বাষ্প হৈ যায় আৰু আনটো অংশ পৃথিৱীৰ গভীৰতালৈ নিমজ্জিত হয় য'ত ই খাৰুৱা তৈল লৈ ৰূপান্তৰিত হৈ উঠে।
১৮৯২ চনত তেলৰ উৎপত্তিৰ সতে মহাজাগতিক উৎসৰ সম্ভাৱ্য সম্পৰ্কৰ অনুমান কৰা হৈছিল। এই ধাৰণা অনুসৰি অনুমান কৰা হৈছিল যে প্ৰাৰম্ভিক অৱস্থাত হাইড্র'কার্বনৰ উপাদান সমুহ বায়বীয় খামৰ ভিতৰত আছিল আৰু বায়ুমণ্ডল শীতল হোৱাৰ সময়ত এই উপাদান সমুহ পৃথিৱীৰ ভূত্বকত থকা শিলৰ দ্বাৰা শোষিত হয়েছিল। আগ্নেয় শিলবোৰ ক্ৰমান্বয়ে শীতল হোৱাৰ পিছত হাইড্র'কার্বন বোৰ মুক্ত হৈ পৃথিৱীৰ ভূত্বকৰ ওপৰৰ তৰপ অৰ্থাৎ স্থল মণ্ডললৈ উঠি আহিছিল, য'ত এতিয়া তেলৰ ভাণ্ডাৰ (oil reservoir) হিচাপে পোৱা যায়। পৃথিৱীৰ বুকুত হোৱা উল্কাপাতৰ সতে অহা ৰাসায়নিক পদার্থ আৰু ধূমকেতু নেজত হাইড্র'কার্বনৰ উপস্থিতি সম্পর্কে পোৱা তথ্যৰ ভিত্তিত এই প্ৰক্ৰিয়াৰ বিষয়ে অৱধাৰণা গঢ় লৈ উঠিছিল।
আধুনিক তথ্য অনুসৰি, তেল আৰু প্ৰাকৃতিক গেছৰ উপাদান সমুহৰ প্ৰধান উপাদান হৈছে হাইড্ৰ'জেন আৰু কাৰ্বন। বৃহস্পতি আৰু ইয়াৰ উপগ্ৰহ টাইটানৰ বায়ুমণ্ডলৰ আশে-পাশে থকা গেছ আৰু ধূলিময় মেঘৰ মাজত পোৱা গৈছে
আজিৰ পৰা ছয় দশক আগতে, ইংলেণ্ডৰ ভূতাত্ত্বিক এছ পাৱাৰছে তেলৰ উৎপত্তিৰ সন্দৰ্ভত কৈছিল, "পৃথিবীৰ পৰা শেষ বেৰেল (barrel) তেল বাহিৰ কৰাৰ সময়তো, তেলৰ গঠন সম্পৰ্কে অনুমান প্ৰকৃত অনুমান কৰাটো হৈ নুঠিব, সমস্ত আগ্রহী আৰু সমস্ত কল্পনাযোগ্য ভূতাত্ত্বিক অৱস্থাৰ সতে সমানে সন্তুষ্ট হৈ থাকিব লাগিব।"
*তেল আৰু প্ৰাকৃতিক গেছৰ আধুনিক ইতিহাস:*
পেট্র'লিয়াম হৈছে এটা ল্যাটিন শব্দ। এই শব্দটো আচলতে দুটা ল্যাটিন শব্দ পেট্রো আৰু অলিয়ামৰ সন্ধিৰ ফলত সৃষ্টি হৈছে। 'পেট্র' শব্দৰ অর্থ হৈছে শিল (Rock) আৰু 'অলিয়াম' শব্দ অর্থ হৈছে তেল (Oil)। অর্থাৎ পেট্রলিয়াম মানে শিলৰ তেল। সমগ্ৰ বিশ্বৰ উৎপাদন প্ৰক্ৰিয়া সতে জড়িত ক্ষেত্ৰত তেল আৰু প্রাকৃতিক গেছক একেলগে পেট্র'লিয়াম বুলি কোৱা হয়।
"গেছ" শব্দটো প্রায় ১৬০০ চনৰ আশে-পাশে বেলজিয়ামৰ হেলমন্ট নামৰ ৰসায়নবিদ এগৰাকীয়ে ব্যৱহাৰ কৰিছিল। গ্রীক শব্দ "বিশৃঙ্খলা" ৰ পৰা এই শব্দটো উদ্ভূত হৈছিল।
হেলমন্টে পোনপ্ৰথমে বতাহত দহন সমর্থন কৰা আৰু দহন সমৰ্থন নকৰা দুটা উপাদান হিচাপে বিভক্ত কৰিছিল। অদাহ্য অৰ্থাৎ জুই নুমুউৱা উপাদানক কাৰ্বন ডাই অক্সাইড বুলি তেখেতে আৱিষ্কাৰ কৰিছিল আৰু বতাহৰ সলনি এই বায়বীয় উপাদান সমূহক "গেছ" হিচাপে অভিহিত কৰিছিল।
পৰৱৰ্তী কালত আধুনিক ৰসায়ন বিজ্ঞানৰ জনক এন্তোইন লেভ'ছিয়াৰে "গেছ" শব্দটো বহুলভাৱে ব্যৱহাৰ কৰে। লেভ'ছিয়াৰে দাহ্য উপাদান হিচাপে বায়ুত থকা অক্সিজেনৰ উপস্থিতি আৱিষ্কাৰ তথা নামাকৰণ কৰিছিল।
ভাৰতৰ স্বাধীনতাৰ ঠিক ১০০ বছৰ আগতে অৰ্থাৎ ১৮৪৭ চনত আধুনিক তেল আৰু গেছৰ ইতিহাসৰ আৰম্ভণি হৈছিল। স্কটলেণ্ডৰ ৰসায়নবিদ জেমছ ইয়াঙে (James Young) কয়লা খনিৰ দেৱালৰ গাৰে নিগৰি অহা তৈলাক্ত তথা পনীয়া পদাৰ্থ এবিধ লক্ষ্য কৰে। পিছলৈ এই পাতল তেল চাকি জ্বলাবলৈ আৰু ডাঠ তেল ভাগ যন্ত্ৰ পাতিৰ ঘৰ্ষণ প্ৰতিৰোধ কৰিবলৈ লুব্ৰিকেটৰ (lubricants) হিচাপে বহুলভাৱে ব্যৱহাৰ হবলৈ ধৰিলে।
*আধুনিক তেল আহৰণৰ পদ্ধতি:*
উনবিংশ শতিকাৰ মাজভাগত এগৰাকী ব্যাক্তিৰ অসাধাৰণ প্ৰয়াসে সমগ্ৰ মানৱ জাতি তথা পৃথিৱীৰ গতি সলনি কৰি দিছিল। এডুইন
লৰেন্টাইন ড্ৰেক নামৰ মার্কিন নাগৰিক এজনে বিশ্ব দৰবাৰত প্ৰথমবাৰৰ বাবে আধুনিক পদ্ধতি অৱলম্বন কৰি সফলভাবে টিটুছভাইল, পেনচিলভেনিয়াত
(Titusville, Pennsylvania) এটা খাদৰ পৰা ভূগৰ্ভস্থ তেল উত্তোলন কৰে।
এডুইন ড্ৰেকক আধুনিক ড্ৰিলিং পদ্ধতিৰ উদ্ভাৱক বুলি গণ্য কৰা হয় কাৰন তেখেতে পোন প্ৰথমবাৰৰ বাবে, বহু যুগৰ পৰা চলি অহা প্ৰচলিত পদ্ধতিৰে কুৱা খান্দি খাৰুৱা তেল আহৰণ কৰাৰ বিপৰীতে লোহাৰে নিৰ্মিত পাইপ এটাৰ পিছত আনটো সংযোগ কৰি খাদৰ গভীৰতালৈ গৈছিল।
তেলৰ ভাণ্ডাৰত নিমজ্জিত অতিৰিক্ত চাপৰ ফলত মাত্ৰ ৬৯ ফুট গভীৰতালৈ যোৱাৰ লগে লগে তেলৰ ফোৱাৰা বাহিৰ হ'বলৈ আৰম্ভ কৰে। আৰম্ভণিতে এই তেল পৰিশোধন কৰি কেৰাচিন লৈ পৰিণত কৰি বিশেষকৈ চাকি, ল্যাম্প আদি জ্বলাবলৈ ব্যৱহাৰ কৰা হৈছিল।
হঠাতে হোৱা এই খাৰুৱা তেলৰ আৱিষ্কাৰ, ক্রম বর্ধমান হাৰত বৃদ্ধি হোৱা তিমি মাছৰ তেলৰ বিকল্প হিচাপে প্ৰতিপন্ন হ'ল।আৰু লগে লগে, ইমান দিনে তিমি মাছবোৰেও যেন দেহৰ পৰা খনিজ তেল আহৰণ কৰিবলৈ নিৰ্বিচাৰে চলাই যোৱা হত্যাকাণ্ডৰ পৰা কিছু সকাহ পাইছিল।
ড্ৰেকৰ প্ৰতি সন্মান জনাই তেখেতে আৱিষ্কাৰ কৰা ড্ৰিলিং ফ্ল'ৰ খনৰ নাম আজিও ড্ৰেক/ডেৰিক (drake/Derrick) ফ্ল'ৰ বুলি কোৱা হয়।
সেই সময়ত এডউইন ড্রেকৰ বাবে কৰা ডাঙৰ প্রশ্ন আছিল যে তেখেতে উৎপাদন কৰা পেট্ৰ'ল কোনে কিনিব, কাৰন তেতিয়ালৈকে অভ্যন্তৰীণ জ্বলন ইঞ্জিন (Internal Combustion Engine) ব্যৱসায়িক ভিত্তিত উৎপাদন হোৱা নাছিল। আৰু কিছু বছৰৰ পিছতেই এই প্রশ্নৰ উত্তৰ হিচাপে কাৰ্ল বেঞ্জ নামৰ এগৰাকী জাৰ্মানী মটৰ বিজ্ঞানী তথা অভিযন্তাই পেট্ৰ'ল চালিত মটৰ ইঞ্জিন যুক্ত বাহনৰ আৱিষ্কাৰ কৰি অটোমোবাইল জগতত অৎভূত্থানৰ সূচনা কৰে।
এডুইন ড্রেকে ২৭ আগষ্ট, ১৮৫৯ চনত পেনছিলভেনিয়াত তৈল খাদৰ খননকাৰ্য কৰি সফলতা লাভ কৰাৰ ঠিক সাত বছৰ পিছত অৰ্থাৎ ১৮৬৬ চনত অসমৰ জয়পুৰ ডিব্ৰুগড় অঞ্চলত, অসম তথা ভাৰতৰ প্ৰথম তৈল খাদৰ খননকাৰ্য আৰম্ভ হৈছিল, যদিও তেল আহৰণৰ এই প্রচেষ্টা সফল নহ'ল। পিছলৈ ১৮৮৯ চনত প্রথমবাৰৰ বাবে বাণিজ্যিক ভাবে তেল খাদ খনন সফল হয় ডিগবৈৰ মাকুম অঞ্চলত (খাদ নং ডিগবৈ-১)।
মাটি খনন কৰি যিবোৰ খাৰুৱা তেল পোৱা যায় তাক কেঁচা তেল বা অপৰিশোধিত তেল (crude oil) বুলি কোৱা হয়। এই কেঁচা তেল পোনপটীয়া ভাবে ব্যৱহাৰ কৰিব নোৱাৰি। এই তেলত কেবা প্ৰকাৰৰ ব্যৱহাৰৰ উপযোগী উপ-সামগ্রী মিশ্ৰিত হৈ থাকে যিবোৰ নিষ্কাষণ কৰিবলৈ শোধনাগাৰলৈ লৈ যোৱা হয়। এই কেঁচা তেল পাইপ লাইন, পথ পৰিবহন অথবা জাহাজৰ জৰিয়তে তৈল শোধনাগাৰলৈ পঠিয়াই দিয়া হয়।
গাড়ি, এৰোপ্লেন, পানী-জাহাজ আৰু ট্রেইন আদি চলাবলৈ যি ইন্ধন ব্যৱহৃত হয় সেইয়া প্রধানত জীৱাশ্ম ইন্ধন (খাৰুৱা তেল ও প্রাকৃতিক গেছ)।
শক্তিৰ অন্যতম পৰিচিত উৎস হৈছে খনিজ তেল বা পেট্র'লিয়াম। বর্তমান সভ্যতাত ইয়াৰ ব্যৱহাৰ ব্যাপক। গাওঁ অঞ্চলৰ পজাঁ ঘৰৰ পৰা আৰম্ভ কৰি আধুনিক সভ্যতাৰ পৰিবহন ব্যৱস্থা সকলোতে ইয়াৰ অৱদান আছে। পেট্র'লিয়ামৰ পৰা নিষ্কাশিত পেট্র'ল, ডিজেলৰ প্রধান ব্যৱহাৰ ইন্ধন হিচাপে হয় যদিও, তাৰোপৰি পকা ৰাস্তাৰ ওপৰত দিয়া পিচ্, কেৰাচিন, বস্ত্ৰ উদ্যোগ, কৃষিকাৰ্যৰ আদিৰ বাবে ইয়াৰ ব্যৱহাৰ উল্লেখযোগ্য। পেট্র'লিয়ামজাত পণ্য সমূহ প্রধানকৈ বিদ্যুৎ আৰু যান্ত্রিক শক্তি উৎপাদনৰ বাবে ব্যৱহাৰ হয়। পেট্র'লিয়ামৰ পৰা কিছু চিন্থেথিক উপ-জাতীয় উৎপাদন হয় যেনে কেছমিলন, পলিয়েষ্টাৰ,
টেৰিলিন ইত্যাদি।
প্রথম অৱস্থাত তেলৰ ব্যৱহাৰ মাথোঁ কেৱল চাকি বাতি আদি জ্বলাবলৈ হৈছিল। কিন্তু পৰৱর্তী কালত গাড়ী, জাহাজ তথা অন্যান্য ইঞ্জিন আদি চলোৱাৰ বাবেও তেলৰ ব্যৱহৃত হোৱাৰ পিছত ক্ৰমান্বয়ে তেল এক বিশেষ গুৰুত্বপূর্ণ ইন্ধন হিচাপে পৰিগণিত হ'ল। আনহাতে উন্নত মানদণ্ডৰ প্রযুক্তিৰ সহায়ত পৃথিৱীৰ বিভিন্ন প্রান্তত তেলৰ অন্বেষণ কাৰ্য যথেষ্ট সহজ হৈ পৰিল আৰু তেলৰ ব্যপক খননকার্য আৰু উত্তোলন আৰম্ভ হ'ল।
উনৈছ শতিকাৰ মাজভাগৰে পৰা ক্ৰমশ তেল খাদ্য খননকাৰ্য সম্পন্ন কৰিবলৈ নতুন নতুন বেধন প্রযুক্তিৰ (drilling technology)
আবির্ভাৱৰ ফলত ভূগৰ্ভৰ আৰু বেছি গভীৰতালৈ যোৱাটো সহজসাধ্য হৈ পৰা বাবে দিনক দিনে তেল আৰু প্ৰাকৃতিক গেছৰ জগতত এক আমূল পৰিবর্তন ঘটিছিল আৰু তেল উৎপাদনৰ গুণগত মানদণ্ড এক নতুন স্তৰলৈ উন্নীত হৈ আছে। উন্নত মানদণ্ডৰ প্ৰযুক্তিৰ ফলত
ৰাছিয়াৰ শ্বাখলেইন (shakhlain) স্থিত এটা তেল খাদত (oil well) মুঠ ১২.৪ কিলোমিটাৰ গভীৰতালৈ ড্ৰিলিং কৰিবলৈ সক্ষম হৈছে আৰু এতিয়ালৈকে এই খাদটো পৃথিৱীৰ আটাইতকৈ গভীৰতম দুৰত্ব অতিক্ৰম কৰা খাদ।
পৃথিৱীৰ আটাইতকৈ সমৃদ্ধ তেলৰ ভাণ্ডাৰ আৰু উৎপাদনকাৰী দেশ সমূহ হৈছে, চৌদি আৰব, ইৰান, ইৰাক, নাইজেৰিয়া, ভেনিজুয়েলা, ৰাছিয়া, সংযুক্ত আৰব আৰু কানাডা। এই আটাইকেইখন দেশত অজস্র তেলৰ খনি আছে।
এই হাইড্র'কার্বন নামৰ পদাৰ্থ বিশ্বব্যাপী অর্থনীতিৰ কেন্দ্রবিন্দুত অৱস্থান কৰিছে। সেয়ে মহা-মূল্যৱান ধাতু সোণৰ সতে ৰজিতা খুৱাই খাৰুৱা তেলক কৃষ্ণ-স্বৰ্ণ (black gold) বুলি অভিহিত কৰা হৈছে।
যোৱা ৪ লাখ বছৰত, ১৮৬৮ চনত আৰম্ভ হোৱা শিল্প বিপ্লৱৰ পিছৰে পৰা জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ ব্যাপক পৰিমানে বঢ়াৰ ফলস্বৰূপে বায়ুমণ্ডলত কার্বন ডাই অক্সাইডৰ পৰিমাণ বাঢ়ে আৰু পৰিবেশ প্ৰদূষিত হৈ পৰে।
জ'ন হান্টছমেন (চিনিয়ৰ) কাগজৰ উৎপাদনৰ বাবে গছ কটা বন্ধ কৰিবলৈ কৈছিল, "নতুন গছ নয়, পুৰণি ডায়ন'ছৰ ব্যৱহাৰ কৰক।"
এই উক্তিটো তেখেতে কাগজৰ পৰিবৰ্তে প্লাষ্টিকৰ (খাৰুৱা তেলৰ উপ-সামগ্ৰী) ব্যৱহাৰ বেছি অনুকূল আৰু গ্ৰহনযোগ্য বুলি ক'ব বিচাৰিছিল।
(সমাপ্ত)
ৰচনা:
শ্ৰী সঞ্জীৱ মজুমদাৰ
উপ মহা-প্ৰৱন্ধক (উৎপাদন)
মূৰব্বী প্ৰধান, কৃত্ৰিম উত্তোলন বিভাগ, ONGC, Rajahmundry, AP
Comments
Post a Comment