কৌতুক-9


অবিশ্বাস্য হলেও সত্যঃ


তেনেকুৱা সময়তে, মেইন ৰাস্তাৰ লগতে লাগি থকা, সিহতঁৰ ঘৰৰ তলৰ মহলাটো "পোষ্ট অফিচ" ভাড়ালৈ দিলে।

পোষ্ট অফিচটো খোলাৰ প্ৰথম দিনাই, ৰাতিপুৱাই পোষ্ট অফিচৰ চাইন বোৰ্ডখন দেখি, তাক কামোৰ এটা দিও বুলি সুধিলো,

"মোৰ লগত , তাৰমানে বিজনেছ নকৰ বুলি থিৰাং কৰিলি নেকি?"

সি অকণমান আচৰিত হৈ কলে, "কিয় নকৰিম? কি কথা কৈছ! কালি ফাৰ্ম ৰেজিষ্ট্ৰেশ্বনৰ ফৰ্ম আৰু ইচা জমা দি আহিছো। তোক কালি ৰাতিয়েই কৈছিলোচোন, পাহৰিলি নেকি?"

চিৰিয়াছ হৈ কলো,

"পাহৰা নাই। কিন্তু মোক নোকোৱাকৈ "পোষ্ট অফিচ" খুলিলি যে, মোৰ লগত বিজনেছ কৰিবলৈ সময় কেনেকৈ পাবি?"

সি মোতকৈ দহগুণ চিৰিয়াছ হৈ কলে,

"বিশ্বাস কৰ, পোষ্ট অফিচ খোলা নাই, ভাড়াহে দিছো।"

সি আনকি ভাড়াহে দিছো বুলি কছমো খালে। সি তেনেকুৱাই, বিজনেছ বুলি কলে তামাম চিৰিয়াছ।

এই ঘটনাৰ কেইমাহমান পিছত, আমাৰ দুয়োৰে প্ৰচেষ্টাত গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ সন্মুখত, এখন জেৰক্সৰ দোকান আৰম্ভ কৰিলো। 

নাম দিছিলো "ৰিলায়েবল্ জেৰক্স চেন্টাৰ।"

গুৱাহাটী পৌৰ নিগমৰ অনুজ্ঞা পত্ৰ, ট্ৰেড লাইচেন্স, চেল ট্যাক্স ইত্যাদি চাৰ্টিফিকেট বোৰত কথা এটা লিখা থাকে।
"আপোনাৰ প্ৰতিষ্ঠানক  অনুমোদন দিয়া ব্যৱসায়ৰ বাহিৰে, বেলেগ ব্যৱসায় কৰিবলৈ অনুমতি দিয়া হোৱা নাই।" এই জাতীয় বিধিসন্মত সতৰ্কীকৰণ বা বিশেষ দ্ৰষ্টব্য আদি উল্লেখ থাকে। সেইফালৰ পৰা চাব গলে, আমাৰ দোকানখনক অকল 'জেৰক্স' কামৰ বাবেহে 'পাৰ্মিচন' দিয়া হৈছে।

শুভ দিন এটা চাই মেলি, পূজা-পাতল আদি কৰি জেৰক্সৰ দোকানৰ শুভাৰম্ভ কৰা হল।দিবাকৰ নামৰ 'ৰা এজনক ৰাখিলো। বেছিভাগ সময়তে দিবাকৰেই চলাই যদিও নৱনীলো প্ৰায়েই বহে। দিন যোৱাৰ লগে লগে ভালেই চলিব ললে। 

এদিনাখনৰ কথা, সিদিনা নৱনীল দোকানত অকলে আছিল। দূৰদৰ্শন কেন্দ্ৰলৈ কিবা কামত অহা মানুহ এজন, দোকানলৈ আহি নৱনীলক কলে,

"ভাইটী, A4 চাইজৰ উকা কাগজ এখিলা দিয়াচোন।"

নৱনীলে নম্ৰভাবে কলে

"আমি কাগজ বিক্ৰী নকৰো। ইয়াত অকল জেৰক্স হে হয়।"

মানুহজনে পুনৰ জেপৰ পৰা এটকা এটা উলিয়াই কলে,

" আচলতে এপ্লিকেশ্বন এখন লিখিবলৈ হে কাগজখিলা বিচাৰিছো। এইয়া এটকা লোৱা, কাগজ এখন দিয়া।"

নৱনীলে পুনৰ নিৰ্বিকাৰ চিত্তে কলে,

"দাদা, আমাৰ কাগজ বিক্ৰী কৰাৰ পাৰ্মিশ্বন নাই, আপোনাৰ কিবা জেৰক্স কৰিবলগীয়া থাকিলে কৰিব পাৰে।"

মানুহজনে নৱনীলক বহু প্ৰকাৰে বুজাবলৈ চেষ্টা কৰিও নোৱাৰিলে, অৱশেষত উপায়ন্তৰ হৈ গুচি 'ল। 

অলপ সময় পিছত ইফালে সিফালে ঘুৰি আহি, পুনৰ কলে,

"এটা কাম কৰা ভাইটী, এই এটকা লোৱা, মোক  উকা কাগজ এখনকেই, জেৰক্স কৰি দিয়া।"

@@@@@@@@@@@@@@@@@


আমাৰ ফটা-ঢোল গ্ৰুপৰ  সন্মানীয়া সদস্যা গীতিকা ইকীয়া আৰু প্ৰণীতা গোস্বামী বৰঠাকুৰ দুয়োগৰাকী বাংগালোৰত থাকে। প্ৰবাসী অসমীয়া তাতে আকৌ ফটাঢোল পৰিয়ালৰ সুকীয়া পৰিচিতিৰ বাবে স্বাভাবিকতেই দুয়োটা পৰিয়ালৰ মাজত হৃদ্যতা গঢ়ি উঠিছে।

প্ৰণীতাৰ পতিদেবৰ কেবল বৰশী বোৱাৰ নিচা। আবেলি হলেই বৰশী বাবলৈ লাল বাগৰ পুখুৰী এটালৈ ওলাই যায় (এই সন্দৰ্ভত আগতে লিখা, লিখনি এটাৰ লিংক দিছো পঢ়িলে গম পাব।) কিছুদিনৰ পৰা বৰশী বোৱা কাৰবাৰটো কিছু সন্দেহজনক দেখি প্ৰণীতা বেচ উদ্বিগ্ন হৈ পৰিছে। বৰশী বোৱা অভ্যাসটো কিদৰে সলনি কৰিব পৰা যায়, এই বুলি প্ৰণীতাই গীতিকাৰ সহায় বিচাৰিলে।

এইখিনিতেই উল্লেখ কৰা ভাল হব যে গীতিকা ইকীয়াৰ পতি এগৰাকী ভাল গল্ফ প্লেয়াৰ। অফিচৰ পৰা আহিয়েই গল্ফ কোৰ্চলৈ খেলিবলৈ ওলাই যায়। 

গীতিকাই সকলো ভাবি চিন্তি 'লে,

"মালা বা, ভিনদেউক আমাৰ এখেতৰ লগত গল্ফ খেলিবলৈ পঠিয়াই দিয়ক।"

প্ৰণীতাঃ গল্ফ খেলত বেছিহে টেনশ্বন হব নেকি? শুনিছো আজিকালি গল্ফ ব্যাগ কঢ়িয়াবলৈ ধুনীয়া ধুনীয়া ছোৱালী কিছুমান থাকে।

গীতিকাঃ  ধেই! কোনে কয় এইবিলাক আপোনাক। আপুনি নাজানে, অন্য খেলতকৈ গল্ফ বহুত চেইফ গেম। মুকলি পথাৰত সকলোবোৰ দেখি থাকি। ইন্টাৰেষ্টিং কথাটো ' খেলটোত একো "মেহনত" নাই গতিকে ঘৰলৈ আহি ভাগৰ লাগিছে বুলি কোৱাৰ সুযোগো নাথাকে।

মোটামুটি এনে ধৰণৰ নিৰাপদ পৰিবেশৰ বিষয়ে জানিব পাৰি প্ৰস্তাৱটো প্ৰণীতাই বৰ ভাল পালে আৰু পিছদিনাৰ পৰাই বৰশী বোৱা বাদ দি গীতি-পতিৰ লগত গল্ফ খেলিবলৈ পতিদেবক পঠিয়ালে। পতিদেবে বৰশী বোৱাৰ আমেজ ভাঙি যাবলৈ মন কৰা নাছিল কিন্তু আজিলৈকে কোনোবাই পাৰিছে জানো পত্নীৰ বিৰুদ্ধে যাবলৈ?

মাজে মাজে প্ৰণীতাই  পতিদেবৰ ওপৰত নজৰ ৰাখিবলৈ, লুকাই চুৰকৈ গল্ফ কোৰ্ছলৈ যাব 'লে।

গীতিকা ইকীয়াৰ পতিয়ে অতি নিষ্ঠা সহকাৰে, প্ৰণীতাৰ পতিক গল্ফৰ নিয়ম কানুন বোৰ শিকাই দিছে। দিন যোৱাৰ লগে কিছু পৰিমাণে খেলিবলৈ শিকিছে। 

গল্ফ খেলত টী শ্বট মানে হোলৰ বহুদূৰৰ পৰা মৰা প্ৰথমটো শ্বট।  এই শ্বটটো মাৰোতে, হোলটো বহু দূৰৈত হোৱা বাবে সাধাৰণতে খেলূৱৈ সকলে এই শ্বটটো "কেজুয়েলী" মাৰি হোলৰ নিকটতম স্থানলৈ বলটো নিবলৈ যত্ন কৰে।

এদিনাখন "টী শ্বট" এটা খেলিবলৈ লোৱাৰ আগতে প্ৰণীতা-পতিয়ে হাতত "ক্লাব" ডাল হাতত লৈ এবাৰ তললৈ, এবাৰ ওপৰলৈ, দূৰত্ব জুখিছে, এবাৰ বতাহৰ গতিবেগ নিৰীক্ষণ কৰিছে আৰু লগতে বতাহৰ দিশ নিৰ্ণয় কৰিছে।
এইবোৰ দেখি গীতিপতি কিছু পৰিমাণে আশ্চৰ্য্য তথা বিৰক্ত হৈ পৰিল আৰু কলে, "দাদা, আপুনি ইমান কি চিন্তা কৰি আছে, মাৰক আকৌ শ্বটটো। যি হয় দেখা যাব।"

"তুমি দেখা নাই সৌৱা প্ৰণীতা তাত বহি আছে।"

"'তো কেতিয়া আহিল বা? দেখাই নাছিলো।"

"তুমি নাজানা, মোৰ ওপৰত চিআইডিগিৰি কৰিবলৈ আহিছে। সেইবাবেই এই শ্বটটো একদম পাৰফেক্ট মাৰিব বিচাৰিছো।"


গীতি-পতিঃ দাদা, পাহৰি যাওঁক। খং কৰি লাভ নাই। ইয়াৰ পৰা আপুনি  মাৰি কেতিয়াও প্ৰণীতা বৌৰ মূৰত লগাব নোৱাৰে। পাহৰি যাওঁক।

@@@@@@@@@@@@@


এক সমীক্ষাৰ যোৱাৰ বাবদ এগৰাকী মহিলাৰ গাইপতি খৰছৰ বিতং বিৱৰণঃ

লেকমে্ কাজলৰ দাম= ১২০ টকা।
আইলাইনাৰৰ দাম= ১৫০ টকা।
ব্লাশ্বাৰৰ দাম= ১৫০ টকা।
মাস্কাৰাৰ দাম= ১৫০ টকা।
টুইজাৰ এডালৰ দাম=১৫০ টকা।
আইশ্বেইড্ৰ দাম হব=১৫০ টকা।
লিপষ্টিক দুডাল মানে বেলেগ বেলেগ কালাৰৰ দাম=১৫০ টকা।
লিপগ্লছৰ দাম=১৫০ টকা।
লিপলাইনাৰৰ দাম=১৫০ টকা।
ফাউণ্ডেশ্বন পাউদাৰৰ দাম=১৫০ টকা।
ফাউণ্ডেশ্বন ক্ৰীম্ দাম=১৫০ টকা।
হাই হীল্ চেণ্ডেল=১৫০ টকা।
চেম্পু এবটলৰ দাম =১৫০ টকা।
বডী লোশ্বনৰ দাম =১৫০ টকা।
বডী ক্ৰীমৰ দাম =১৫০ টকা।
পাৰফিউমদাম =১৫০ টকা।
টিপ্ দাম =১৫০ টকা।
পাউদাৰৰ দাম =১৫০ টকা।
আফগান স্নোৰ দাম =১৫০ টকা।
ফেইচ ৱাশ্বৰ দাম =১৫০ টকা।
গ্লিচাৰিনৰ দাম =১৫০ টকা।
হেয়াৰ ব্যাণ্ডৰ দাম =১৫০ টকা।
হেয়াৰ ক্লিপ্ =১৫০ টকা।
চূড়ীৰ দাম =১৫০ টকা।
মালাৰ দাম =১৫০ টকা।
মঙ্গল চূত্ৰৰ দাম =১৫০ টকা।
সৰু হাত ব্যাগ/ পাৰ্চৰ দাম =১৫০ টকা।
হাত ব্যাগ/ পাৰ্চৰ ভিতৰত ৰাখিবলৈ আৰু সৰু ব্যাগ এটাৰ দাম =১৫০ টকা।
হেয়াৰ ৰিমোভাৰৰ দাম =১৫০ টকা।
নেইলপলিশ্ব ৰিমোভাৰৰ দাম =১৫০ টকা।
কানফুলিৰ দাম =১৫০ টকা।
নাকফুলিৰ দাম =১৫০ টকা।
চুচীমালতীৰ দাম =১৫০ টকা।
আফগান স্নোৰ দাম =১৫০ টকা।
নেইলপলিশ্বৰ দাম =১৫০ টকা।
শাৰী বা মেখেলা চাদৰৰ দাম =১৫০ টকা।
লেটেষ্ট ডিজাইনাৰ ব্লাউজৰ দাম =১৫০ টকা।
সৰু আইনা এখনতো লাগিব নহলে চেল্ফি উঠাৰ আগতে কিহত চেহেৰাটো নিৰীক্ষণ কৰিব।
ফণী এখন নহলে চুলিবোৰ নিয়ন্ত্ৰন কিদৰে কৰিব?
ৰূমালৰ দাম =১৫০ টকা।
সেন্দুৰৰ দাম =১৫০ টকা।

পতিদেবৰ চাহিদা তথা খৰছ তেনেই যৎসামান্য এটা শ্বাৰ্ট, এটা জিনছ্ প্যান্ট, জোতা পলিশ্ব

দাঢ়ি কটোৱাৰ বাবদ মাত্ৰ এহেজাৰ টকা।

@@@@@@@@@@@@@@

বৰেণ্যক কোচৰ পৰা নমাই, মেইন গেটখন খুলি ডাঙৰ ভি আই পি ট্ৰলীখন আৰু ব্যাগ কেইটা টানি আজুৰি মেলি কোনোৰকম ঘৰৰ বাৰাণ্ডাত তুলিলেহি। আগচোতালত মৰা হাঁহ এটা কলপাতৰ ওপৰত পৰি আছে। আনহাতে চোতালখন জাৱৰে জোথৰে ভৰি পৰি আছে। কলিং বেলটো বজাবলৈ গৈ দেখে ড্ৰইংৰূমৰ মূখ্য দ্বাৰ খন খোলা।

বহুদিনৰ মূৰত বৰেণ্য আৰু বৰেণ্যৰ মাক মামাকৰ ঘৰৰ পৰা গৰম বন্ধৰ ছুটী কটাই উভতি আহিছে। বাছ স্ট্যাণ্ডৰ পৰা আনিবলৈ গোসাই আহিব বুলি এঘন্টামান ৰৈ অটো এখন লৈ মাকে পূতেকে ঘৰ পাইছেহি। নিজৰ চিনাকী ঘৰখন পাই বৰেণ্য চাৰিওফালে লৱৰি ফুৰিছে। হঠাৎ বেডৰূমৰ ভিতৰৰ পৰা বৰেণ্যৰ দেউতাকৰ মাত শুনা ',

" কি চাই আছ? খা, খা আকৌ এইজনীক।"

কথাষাৰ শুনি বৰেণ্যৰ মাক অকণমান সময়ৰ বাবে থমকি 'ল। আৰু কিবা অকণ শুনিবলৈ পোৱাৰ আশাত অকণমান ৰৈ দিলে। চোতালৰ পৰাই, বৰেণ্য দেতা, দেতা বুলি দুবাৰ মাতি, হাঁহজনীৰ ওচৰলৈ লৱৰি গৈছে। হঠাৎ ভিতৰৰ পৰা বৰেণ্যৰ দেউতাকৰ মাতটো পুনৰ শোনা '

" কি চাই আছ? খা, খা আকৌ এইজনীক।"

এইবাৰ বৰেণ্যৰ মাক ধুমুহাৰ গতিত ভিতৰলৈ সোমাই একেকোবে বেডৰূমৰ পালেগৈ। 
ভিতৰত সোমাই দেখে বৰেণ্যৰ দেউতাকে উদং গাৰে বিচনাৰ ওপৰত পেট পেলাই মোবাইল পিটিকি আছে। গাত চোলাটো নাই কেৱল জিনছ্ পেন্টটো পিন্ধি আছে। এখন ভৰিত স্পোৰ্টছ শ্বু এপাত আৰু আনখন ভৰিত অকল মৌজাপাত। 

বিচনাত পৰি অৰ্ধনগ্ন মানুহজনক দেখি বিশেষকৈ মোবাইল পিটিকি থকা দেখি বাছ স্ট্যাণ্ডৰ পৰা আনিব নোযোৱা খঙটো উক দি উঠিল। তথাপি বৰেণ্যৰ মাকে খং দমন কৰি যিমান পাৰি স্বাভাবিক হৈ সুধিলে

"বাছ স্ট্যাণ্ডৰ পৰা আমাক আনিবলৈ  নাহিলা কিয়? আৰু তুমি এতিয়া কাৰ সতে কথা পাতি আছিলা?

কথাষাৰ কৈ বৰেণ্যৰ মাক ৰৈ থকা নাই। নাৰীসুলভ সন্দেহৰ বশৱৰ্তী হৈ শয়নকক্ষৰ ভিতৰখন ইফালে সিফালে চাই মেলি কাকো নেদেখি বিচনাৰ তলত, আলমাৰীৰ চুকত "কোনোবা লুকাই আছে নেকি" বুলি চলাথ কৰিলে।

কথা বিষম দেখি, বৰেণ্যৰ দেউতাক লাহেকৈ বিচনাৰ পৰা উঠি থিয় হৈ এঙামূৰি দি যিমান পাৰি মাতটো মিঠা কৰি কলে,

"জান, তুমি আহি পালাই নেকি? এই ওলাইছিলোৱেই। বৰেণ্য '?"

বুকু ভেদি যোৱাকৈ গহীন মাত এটা উলিয়াই কলে

"বৰেণ্য খেলি আছে চোতালত। আগতে কোৱা তুমি ইমান পৰে কাৰ সতে কথা পাতি আছিলা?" 

: ধেৎ কাৰ সতে নো, কথা পাতিমকেতিয়ানো কথা পতা শুনিলা?

: অকনমান আগতে, " কি চাই আছ? খা, খা আকৌ এইজনীক।" এইবুলি তেতিয়াহলে কাকনো কৈছিলা গোসাঁই?

:ধেৎ তুমি কিবাহে শুনিলা, কেনেকৈ '?

কথাষাৰ কোৱাৰ পিছত গোসাইয়ে মানুহজনীৰ মুখলৈ চাই অনুধাৱন কৰিলে যে পৰিস্থিতি আৰু বেছি বেয়ালৈ যাব পাৰে, সেয়ে মুৰটো খজুৱাই কলে

"আচলতে মোবাইলত লাগি থাকোতে ' এটাই বাৰে ভৰিখনত কামূৰি আছিল। সেয়ে বেৰত বহি জোপ লৈ থকা জেঠীটোকহে কৈছিলো, 'হজনীক খাবলৈ।"

: কি?? ৰূমটোৰ ভিতৰৰ বিশৃঙ্খলভাবে পৰি থকা কানিকাপোৰবোৰলৈ চাই পুনৰ কলে
"চোতালত কলপাতৰ ওপৰত পৰি থকা হাঁহজনী কোনে মাৰিলে?"

গোসাইয়ে ভালৰি লগাও বুলি মৌসনা মাত উলিয়াই কলে,

" 'সেইজনীক মাৰোতে ইয়েই মাৰিলো। তুমি আজি আহিবা বুলিয়েই মাৰিছিলো, জান।"

:ঠিক আছে, ঠিক আছে। কিন্তু পাখি-চাখি নুগুচাই চোতালত কিয় পেলাই থৈছা?

:(মূৰটো খজুৱাই) মানে কেৰপাই হতৰ কুকুৰটোৱে হাহঁৰ পাখিবোৰ বৰ বঢ়িয়াকৈ চফা কৰে। ৰাতিপুৱাৰে পৰা কুকুৰটোলৈ বুলি ৰৈ আছো আৰু সেইবাবে চোতালত পেলাই থৈছো।

কথাষাৰ শুনি বৰেণ্যৰ মাকৰ গাটো এশটামান বিছাই ডকা দি বিজ বিজাই 'ল। গোসাঁইৰ হাতত ধৰি একেচোঁচাই ঘৰৰ বাহিৰলৈ টানি উলিয়াই আনিলে। বৰেণ্য তেতিয়াও হাঁহটোৰ ওচৰত বহি একান্তমনে চাই আছে। গোসাঁইয়ে কলে,

"ৰবাচোন, তুমি মোক কলৈ নিব বিচাৰিছা?"

বৰেণ্যৰ মাকঃ তুমি এই মূহুৰ্তত বাইকখন উলিউৱা। আমি এতিয়াই ডাক্তৰৰ ওচৰলৈ যাম।

গোসাইঃ ডাক্তৰৰ ওচৰলৈ কেলেই?

বৰেণ্যৰ মাকে ৰূদ্ৰ মূৰ্তি ধাৰণ কৰি কলে

"তোমাৰ চিকিৎসা কৰাবলৈ। 'লতো? একমিনিটো দেৰি নকৰিবা।"

কথাৰ গতি বিষম যেন দেখি, গোসাঁইয়ে বিনাবাক্যব্যায়ে বাৰাণ্ডাৰ তাঁৰৰত ওলমি থকা টি-চাৰ্টটো আনি ডিঙিত ওলোমাই বাইক স্টাৰ্ট দিলে। বৰেণ্যক কোচত লৈ মাকে বাইকৰ পিছফালে বহি ললে।

ডাক্তৰৰ চেম্বাৰলৈ গৈ বৰেণ্যৰ মাকে গোসাইক একো কব নিদি আটাইবোৰ বৃত্তান্ত খোলোচাকৈ কলে। ডাক্তৰে বৰ মনোযোগেৰে কথাবোৰ শুনাৰ পিছত কলে,

"হয় বুজি পাইছো। আপুনি অকণমাণ চেম্বাৰৰ বাহিৰত বহক, আপোনাৰ পতিক অকণ পৰীক্ষা কৰি চাই ও।"

বৰেণ্যক কোচত লৈ মানুহজনী চেম্বাৰৰ পৰা ওলাই অহাৰ পিছত  ডাক্তৰে গোসাঁইক কানি-কাপোৰ খুলি বিচনাখনত শুবলৈ নিৰ্দেশ দিলে। গোসাঁইৰ সৰ্বাঙ্গ শৰীৰত ষ্টেথোস্ক' লগাই পৰীক্ষা কৰি চালে। শৰীৰৰ কেবা ঠাইত থাৰ্মোমিটাৰ সুমুৱাই উষ্ণতাও জুখি চালে। এইদৰে আধাঘন্টামান তন্ন তন্নকৈ পৰীক্ষা-নিৰীক্ষা কৰিলে। তাৰ পিছত কেবাটাও প্ৰশ্ন সুধিলে আৰু উত্তৰবোৰ নোট কৰি উঠি ডাক্তৰে বেচিনত হাত ধুই পখালি আহি কলে,

"আপোনাৰ মানুহজনীক মাতক, তেখেতৰ সন্মুখতেই কম।"

গোসাই অকণমান উদ্বিগ্ন হৈ পৰিল,

"আপুনি প্ৰথমে মোকেই ওঁকচোন মোৰ বেমাৰৰ কথা। মানুহজনীক ইয়েই কব পাৰিম বাৰু।"

ডাক্তৰে মৃদু ধমক দি কলে

"আপোনাৰ বেমাৰটো, আপুনি জনাতকৈয়ো আপোনাৰ মানুহজনীয়েহে জনাটো উচিত।"

ডাক্তৰজনে মানুহজনী নোহোৱাকৈ বেমাৰৰ বিষয়ে কব বিচৰা নাছিল যদিও এটা চৰ্তত কবলৈ সৈমান 'ল। চৰ্তটো হৈছে, গোসাঁইক বেমাৰটো কোৱাৰ পিছতো মানুহজনীকো তেখেতে নিজেই কব। উপায়বিহীন হৈ গোসাঁইয়ে মূৰ দুপিয়ালে,

"আচলতে আপোনাৰ বেমাৰটো বৰ জটিল আৰু যিটো বেমাৰ হৈছে সেইটোক শুদ্ধ অসমীয়াত এলাহ বুলি কয়।"

গোসাইঃ এলাহ, মানে?

ডাক্তৰঃ এলাহ মানে বুজা নাই? আপুনি এজন নাম্বাৰ ওৱান এলেহুৱা। এতিয়া মানুহজনীক মাতক তেখেতোকো কথাটো জনাই দিও।

টেঙৰ গোসাইয়ে ডাক্তৰজনৰ হাতে ভৰিয়ে ধৰি কলে,

"চাৰ আপোনাক ফটা-ঢোলৰ গ্ৰুপৰ এডমীন বনাই দিম। আপুনি ৱাইফক একো কব নালাগে।"

এডমীনৰ অফাৰ দিয়াৰ পিছতো, ডাক্তৰজন কোনোপধ্যেই সৈমান নোযোৱা দেখি পুনৰ কলে

"চাৰ, ঠিক আছে আপুনি ওক, মোৰ এটাই অনুৰোধ আপুনি কেৱল "এলেহুৱা" শব্দটো নকব। আপুনি চিকিৎসা বিজ্ঞানৰ সতে খাপ খুৱাই এলেহুৱাৰ সমাৰ্থক  ইংৰাজীত টান শব্দ এটাৰে মোৰ বেমাৰটো বৰ্ণণা কৰিব।"

Comments

Popular posts from this blog

সাংখ্য দৰ্শন

বন্ধুত্বৰ সংজ্ঞা-১

নাৰী তুমি অনন্যা