পতিৰ সংজ্ঞা আৰু বিশেষত্ব
এই দুনিয়াত "পতি" নামধাৰী এক বিশেষ প্রজাতিৰ জীৱসকলে কৰা, কিছুমান কাৰ্য্যৰ সংক্ষেপ বিৱৰণ
এনেধৰণৰ :
একেটা কথা সদায় পাহৰা স্বভাৱ, বাহিৰৰ লেতেৰা চেণ্ডেলযোৰ ৰূমৰ ভিতৰলৈ সদায় আনিব।
কোনো এটা বস্তু পত্নীয়ে দহবাৰ মনত পেলাই দিয়াৰ পিছতো, বেছিভাগ সময়ত সেইটো আনিবলৈ পাহৰি যাব আৰু নলগা-নোকোৱা বস্তু লৈ আনিব।
ভুলতো যদি (সাধাৰণতে মহিলা সকলে এবাৰ দিয়াৰ পিছত দ্বিতীয়বাৰ কেতিয়াও আনিব নিদিয়ে) পত্নীয়ে ৰঙা ৰঙৰ নেইল পলিশ্ব আনিবলৈ দিয়ে, পতিয়ে মেৰুণ বা চকলেট কালাৰহে লৈ আনিব। ৰঙা আৰু মেৰুণ ৰঙৰ মাজত কোনো পাৰ্থক্য নেদেখা পতিজনে, ভুল হোৱা বুলি স্বীকাৰ নকৰি ওলোটাই কব, "জানু, এই কালাৰৰ নেইল-পলিশ্ব লগালে তোমাক বেছি ভাল লাগে কাৰণেহে আনিলো।"
এটা কথা এশবাৰ কোৱাৰ পিছতো উত্তৰ দিব
"হু, কিবা কৈছিলা নেকি? আকৌ এবাৰ কোৱাচোন, মন দিয়া নাছিলো।"
বিচনাত পৰাৰ লগে লগে নাক বজাই টোপনি যাব।
চকুৰ আগত পৰি থকা বস্তুটো কেতিয়াও বিচাৰি নাপাই, বিচাৰি হায়ৰাণ হব।
৫ মিনিটৰ বাবে ওচৰৰ বন্ধু এজনক লগ কৰি আহোঁ বুলি কৈ, দুই তিনি ঘন্টা পাৰ কৰি দিব।
ঘৰৰ মজিয়া, গৃহিণীয়ে অতি যতনেৰে সাৰি-মছি উঠাৰ পিছ মুহূৰ্ততেই, অবাবত টহল দি মজিয়াখন লেতেৰা কৰিব।
এনেয়ে সদায় ভাল কাপোৰ পিন্ধি "হিৰো" হৈ থাকিব কিন্তু বিয়া সবাহলৈ (বিশেষকৈ পত্নীৰ ঘৰৰ ফালৰ) যাব ওলালে, তেনেই সাধাৰণ পোছাক এযোৰ পিন্ধিহে ওলাব।
সচৰাচৰ মুখৰ মাত নোলোৱা জনৰো, পত্নীৰ ধুনীয়া বান্ধৱী অথবা ধুনীয়া খুলশালীৰ সান্নিধ্য পালে ৰসাল কথা আখৈ ফুটাদি ফুটিব।
অফিচৰ বা কৰ্মক্ষেত্ৰৰ সতে জড়িত কথাবোৰ মোবাইলত, চিঞঁৰি চিঞঁৰি, পত্নীক শুনোৱাই পাতিব।
ফিল্টাৰত পানী ভৰাবলৈ দিলে সদায় ঢাকন মাৰিবলৈ পাহৰি যাব।
কাপোৰ মেলিবলৈ দিলে ক্লীপ মাৰিবলৈ পাহৰিব।
এনেয়ে চিলিম ফিগাৰৰ ছোৱালী দেখি কব নোৱাৰা হৈ থাকে, অথচ বজাৰৰ পৰা মেডিচিন দিয়া শকত আৱত ফুলকবি, বন্ধা কবি, পটল ভেন্দীবোৰহে আনিব।
বান্ধৱী সকল, ওপৰোক্ত মন্তব্যবোৰৰ কোনোবা এটা, আপোনাৰ পতিৰ সতে মিলিছে নে?
যদি এটাও নাই মিলা, তেনেহলে তেখেত সঁচাকৈয়ে আদৰ্শ পতি।
Comments
Post a Comment