এটা অ-কবিতা

টা অ-কবিতা 

কোনোবাই জানেনে,
একোজন মানুহৰ বুকুৰ মাজত,
লুকাই থাকে কি গভীৰ হুমুনিয়াহ !
বিশালভাবে সযতনে ৰখা বেদনাৰ সংগ্রহ, 
বুকুৰ মাজৰ অন্তহীন,
হুমুনিয়াহৰ "এন্টিক্ কালেকশ্বন" ।
শীতপ্রধান তুষাৰাবৃত, 
বিপন্ন অঞ্চলতকৈয়ো, হুমুনিয়াহৰ ভৰত 
ভাৰাক্ৰান্ত  আৰু 
একোয়েই নাই,
মৰুভূমিৰ বন্ধ্যাত্বৰ, 
এবুকু বোজা কঢ়িয়াই,
একোজন মানুহৰ বুকুৰ মাজৰ,
গভীৰ হুমুনিয়াহৰ কথা কোনেও নাজানে।
হঠাৎ একেলগে, 
অসংখ্য দুখ যদি কেতিয়াবা কান্দি উঠে
অথবা প্রাচীন শিলালিপিৰ পৰা, 
সশব্দে বাজি উঠে  শোক-সংগীত  আৰু 
ঈষৎ সেমেকি উঠা চকুৰ পতাত লিপিবদ্ধ হয়, 
ফাগুনৰ বিষণ্ণ দুপৰীয়াৰ দৰেই,
উদাস কাহিনীৰ দলিল।
তেতিয়াই মধ্যাহ্নৰ আকাশ, 
দুখত হব ম্ৰিয়মান,
গোলাপৰ ৰঙ হব শ্যামবর্ণ,
তাতোকৈ বিষন্নতা নামি আহিব, 
মানুহৰ বুকুৰ পৰা নিৰ্গত হুমুনিয়াহবোৰ, 
বেঁকাকৈ সৰিব বৰষুণৰ 
সৰু-সৰু টোপালৰ দৰে।
তেনে সম্ভাৱনাক নস্যাৎ কৰাৰ বাবেই,
মানুহে বুকুৰ মাজত, হুমুনিয়াহ বোৰ, 
চেপি ৰাখে ।
প্ৰতিনিয়ত চকুলোৰ সাগৰে,
মনাকাশৰ সতে,
 লুকা-ভাকু খেলে, 
কাৰো চকুত নপৰে।
মানুহৰ অন্তৰত ঠাঁহ খাই আছে হুমুনিয়াহ ,
আৰু আছে কত যে ক্রন্দন,
তলসৰা শুকান পাতৰ শব্দ, 
শেষনিশাৰ ৰেলৰ দীঘল উঁকিৰ দৰেই,
হিয়াভগা শোক-সংবাদ।
মানুহৰ বুকুৰ মাজত ব্যথিত ব্যাকুল ইতিহাস 
আৰু 
আহত সভ্যতা,
কলীয়া ডাৱৰৰ দৰেই পূঞ্জীভূত,
ক্ৰমাৎ একো এটা মর্মান্তিক হুমুনিয়াহ হৈ আছে।
মানুহে প্ৰতিদিন
তাকেই বহন কৰি কৰি প্ৰতিদিন দগ্ধ হৈ আছে।
একোজন মানুহে বুকুৰ মাজত কি যে গভীৰ হুমুনিয়াহ ! 
মৰা শ ৰ দৰে বৈ ফুৰিছে,
নিজেও নাজানে।
একোজন মানুহ নিজৰ মাজতেই, 
কিদৰে নিজেই মৰি যায়, 
হায় ! কোনেও নাজানে।

Comments

Popular posts from this blog

সাংখ্য দৰ্শন

বন্ধুত্বৰ সংজ্ঞা-১

নাৰী তুমি অনন্যা