গুপ্ত ভাষা
সাধাৰনভাবে মত বিনিময় কৰা ভাষাৰ সমান্তৰালকৈ আৰু কিছু ভাষাৰ কথা সাঙুৰি নললে বিষয়টো আধৰুৱা হৈ ৰব। কিছু ভাষা আছে যিবোৰ ক্ষণস্থায়ী ভাষা যদিও এই ভাষাবোৰে একো একোটা প্ৰজন্মক প্ৰতিনিধিত্ব কৰে। যৌৱন কালত, স্কুল কলেজত থকা সময়ছোৱাত বয়স্থ সকলে নুবুজাকৈ কিছুমান শব্দ, বাক্য বা কিছু কথা কবলৈ চেষ্টা কৰোতে অন্য এক ভাষাৰ সৃষ্টি হৈ পৰে। এই ধৰনৰ ভাষাবোৰ সময়ে সময়ে সৃষ্টি হয় আৰু নতুন প্ৰজন্মৰ আগমণ তথা সময়ৰ সোঁতত নিশেষ হৈ যায়।
আশীৰ দশকত আমাৰ বাইদেউহতে "চি" লগাই ভাষা এটা কৈছিল। শব্দ এটাৰ প্ৰতিটো বৰ্ণৰ আগত 'চি' লগাই কয় যেনে-চিফ চিটা চিঢো চিল, অৰ্থাৎ ফটাঢোল। কলেজত থকা সময়ত এটা শৈলী আছিল শব্দটোক প্ৰত্যক্ষ ভাবে ওলোটাই দিয়া, যেনে লীৱাছো (ছোৱালী), জলেক (কলেজ) মনা (নাম) ইত্যাদি।
আন এটা ফৰ্মূলা আছিল প্ৰথম বৰ্ণটো শেষলৈ স্থানান্তৰ কৰি বাকী অংশ একে ৰখা যেনে, ৱোলীছো (ছোৱালী) লেজক (কলেজ) নীয়াধু (ধুনীয়া) ইত্যাদি।
এটা শৈলী আছিল কিছুমান নতুন শব্দৰ সৃষ্টি যেনে ছোৱালীক সকলোৱে বুজি পোৱা গুপ্ত (?) শব্দ 'মাল' বুলি নকৈ 'দুগুনী' বুলি কোৱা হৈছিল। এতিয়াৰ জনপ্ৰিয় শব্দ 'টেঙা' বা 'বেঙেণা' দিয়াটোক সেইসময়ত 'ঠাছি' দিয়া বুলি কোৱা হৈছিল।
আভিধানিক অৰ্থৰ পৰা আতঁৰি বেলেগ অৰ্থ প্ৰকাশ কৰা কৰা এটা বা দুটা শব্দ যেনে "বেয়া বস্তু" বুলি কলে, অসাধাৰণ বা দক্ষতাৰ প্ৰশংসাহে বুজোৱা হয়।
ঠিক যিদৰে এই ধৰণৰ শব্দ এটা "চেণী" খোৱা বা "চেণীৰাম" "কাতি খোৱা" আদি শব্দবোৰ আমাৰ কলেজীয়া জীৱনৰ আৰম্ভণিতেই পাইছিলো। অকনো সলনি নোহোৱাকৈ দীৰ্ঘসময় জুৰি ব্যৱহৃত এইবোৰ গুপ্ত শব্দই এতিয়াও দপদপাই আছে।
গুপ্ত ভাষাৰ সমান্তৰাল ভাবে কিছুমান শব্দ, বাক্যাংশ বা বাক্যইও কিছু সময়ধৰি বিশেষ কিছুমান অঞ্চলত জনপ্ৰিয় হৈ পৰে।
আশী আৰু নব্বৈৰ দশকত নামনি অসমত জনপ্ৰিয় বাক্যাংশ আছিল, "হে দালি, দিয়া ঢালি।"
"দালি পাইনা হবা পাৰে, তাৰ স্বাদ আছে।"
"বেলেগ দছেৰা, লংপেন ছছেৰা।"
একেদৰে উজনি অসমত জনপ্ৰিয় হৈছিল।
"দেৰিহে হৈছে।"
"ঘৰত ভাল নে?"
এই আটাইবোৰ ভাষাৰ ভিতৰত চকুৰ ভাষা কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু শক্তি শালী, কাৰণ ই মনৰ ভিতৰখনকো দৃশ্যমান কৰি তুলিব পাৰে। চকুৰ এক সামান্য অভিব্যাক্তিৰ ফলত মহৎ প্ৰেম তথা কৰুনতম প্ৰেমৰ পৰিণতি হব পাৰে। চকুৰ এক ভ্ৰুকূটিয়ে কাৰোবাৰ মনত হেজাৰজনী কপৌৰ গোজৰনি অথবা সাত সাগৰৰ হিল্লোল তুলিব পাৰে। কাৰোবাৰ এক তিৰ্য্যক চাৱনিয়ে কাৰোবাৰ কলিজা থানবানো কৰিব পাৰে। বিশ্বৰ আটাইতকৈ কাৰ্যকৰী আৰু ক্ষিপ্ৰতম যোগাযোগৰ ক্ষমতাসম্পন্ন ভাষা হৈছে পত্নীৰ চকুৰ ভাষা। পত্নীৰ সাধাৰণ এক চকুৰ চাৱনিয়ে এখন অভিধানত থকা শব্দৰ বিনিময় কৰিব পাৰে।
Comments
Post a Comment