প্ৰখৰ, বিষণ্ণ, দগ্ধ আৰু স্নিগ্ধ ফাগুণ
:: প্ৰখৰ, বিষণ্ণ,
দগ্ধ
আৰু
স্নিগ্ধ ফাগুণ
::
ৰচনাঃ
সঞ্জীৱ
মজুমদাৰ
এই
যে
ফাগুণ!
বিষন্ন
এক
উছন
যোৱা
দিন।
তুমি,
মই আৰু তেজৰঙা
কিছু
বসন্তৰ
ফুল।
ফাগুণৰ
উদাসী
বতাহজাক
শীতল
স্নিগ্ধ এজাক
বতাহ;
আকণ্ঠ
বিষণ্ণতাৰ মুগ্ধতা!
আৱৰি
ধৰে
নিদ্রা-কাতৰ চকুহাল গঢ়ি
উঠে
প্রণয়ৰ খোৰাক!
নীলাকাশৰ তলত
বসন্তৰ
ৰঙেৰে
ৰঙিয়াল
শিমলু
পলাশৰ
মদৰুৱা
গালিচা।
কঢ়িয়াই
ফুৰে
উন্মনা
কুলিৰ
মিঠা
সুৰীয়া
মাত।
বসন্তৰ
প্রেমত
পৰি
জন্ম
হয়
হাজাৰ
শিমলু।
মনৰ
গহনত
আজিও
গ্ৰীষ্মৰ উত্তাপ,
শূণ্যতাৰ বিষাদ
বৰফ
গলি
হৃদয়
বিগলিত।
প্রকৃতিৰ প্রেমত
বৰফ
গলে,
তোমাৰ
প্রেমৰ
উষ্ণতাত জানো
বৰফ
গলে?
মিঠা
ৰ'দৰ পৰশে আনে
দিগন্তজুৰি ৰঙা
ফুলৰ
সমদল,
বসন্তই
নগ্ন
কৰে
আমৰ
মুকুল
বসন্তৰ
গোন্ধে
মাতাল
কৰে
নৱ-যৌৱন।
পাতৰ
আৰঁৰ
অৱগুন্ঠিতা
কুলিৰ
কন্ঠই
ফুল
ফুলাব
নোৱাৰে,
আমন্ত্ৰন কৰে
আৰু
এটা
বসন্ত।
সপোনবোৰ মচি
যায়
ফুল
নহয়,
কাঁটাৰ
আঁচোৰ
থাকি
যায়!
কেৱল
মাথো
প্ৰতীক্ষা
এই
ফাগুণৰ
য'ত প্রকৃতি আৰু
মানুহৰ
প্রেম
নিবেদন
হয়।
ফাগুণৰ
কথা
লিখি
যাবলৈ
ভাগৰ
নাই!
জ্বলিছে প্ৰখৰ
ফাগুণ
আজিও
অবিৰত
যদিও
ফাগুণৰ
সেই
স্নিগ্ধ পৰশ
আৰু
নাই।
তথাপিও
লিখি
যাওঁ
ফাগুণৰ
কিছু
ৰঙীয়াল
কবিতা
।
Comments
Post a Comment