বহু বছৰৰ মূৰত
বহু বছৰৰ মূৰত
প্রথম প্রেমৰ,
প্রথম প্রহৰৰ,
শেতেলীত পৰা ধুমুহাজাক,
আজি পুনৰ মনত পৰিল।
বহু বছৰৰ মূৰত
তোমাৰ কণ্ঠস্বৰ,
তোমাৰ মিচিকিয়া হাঁহি ,
তুমি বিহীন
নীৰস ফাগুণৰ
দুপৰীয়াৰ ৰ'দৰ দৰে,
উছন যোৱা এখন চহৰ আৰু
ইমানবোৰ অচিনাকী মুখ !
বিষণ্ণ প্ৰহৰ আৰু ওৰ নপৰা
নিদ্ৰাবিহীন ৰাতিৰ দৰেই
স্মৃতিৰ নদীখন মাথোঁ বৈ যায়।
কিয় জানো, কিবা কথাৰ লাচতে
আজি তোমালৈ মনত পৰিল।
কাৰণে-অকাৰণে শপত খাই,
ফুচফুচাই পৰস্পৰে পতা কথাবোৰ,
খোলা খিৰিকীৰ বতাহজাকে
কাণে- কাণে কৈ গ'ল গুণগুণাই।
তোমাৰ মেঘালী
চুলিৰ ভাঁজে ভাঁজে
খহি পৰা মোৰ হৃদয়ৰ স্পন্দন
এতিয়াও নাই হোৱা নিৰসন।
চিঠিৰ ভাঁজত,
লাজভঙা গোলাপ পাপৰিৰ,
গোপন কথা পঢ়ি,
কপি উঠা বুকুৰ স্পন্দন
এতিয়াও চোন হেৰাই যোৱা নাই ?
তোমাৰ সজল নয়নৰ জলে,
তিয়াই নিয়া বুকুৰ আশেপাশে,
বগুৱা বাই মাধবীলতাৰ দৰে,
তুমি তোমাৰ
চুলিৰ ক্লিপ আৰু কপালৰ টিপটো
বিচাৰি ফুৰা,
মোৰ এতিয়াও মনত আছে।
ইমান বোৰ বছৰ পাৰ হৈ যোৱাৰ পাছত,
তুমি
সাধুকথাৰ নিমাতী কইনাজনীৰ দৰেই,
মন আৰু স্মৃতিক নিৰ্বাক কৰি,
পাহৰিব পাৰিছা জানোঁ,
সেই পুলক ভৰা অনুভব আৰু কথাৰ মায়াজালেৰে,
ৰোমাঞ্চিত হৈ
শাৰদজোৎস্নাৰ নিশা,
সাতোটি তৰা
আৰু
শুকুলা মেঘৰ
সতে পতা গোপন মিতিৰালি।
মোৰ স্মৃতিৰ জোঁৱাৰে,
তোমাৰ চকুৰ কাজল,
এতিয়াও উটুৱাই নিব পাৰে নে,
মোৰ দৰে তোমাৰো,
মোৰ কথা মনত পৰেনে ?
Comments
Post a Comment