আজাৰ গছৰ সৌন্দৰ্য্য
:: আজাৰ গছৰ সৌন্দৰ্য্য ::
সৰুৰে পৰা মোৰ প্ৰকৃতিপ্ৰেমী দেউতাৰ প্ৰেৰণাৰ ফলশ্ৰুতি ৰূপে গছ-গছনি সমূহৰ প্ৰতি এক
আগ্ৰহ জন্মিছিল। আমাৰ ঘৰৰ বাৰীখনত প্ৰায় সকলো ফলৰ গছৰ উপৰিও বহুতো আপূৰুগীয়া গছ দেউতাই ৰুইছিল। বঢ়াই কোৱা যেন লাগিব, ফলৰ ভিতৰত অকল আপেলৰ গছহে নাছিল, কাৰন আপেল অসমত নহয়। এই
পৰিবেশত প্ৰকৃতিৰ প্ৰতি আগ্ৰহ তথা মৰম গঢ়ি উঠা বাবেই অসমৰ বেছিভাগ গছ-গছনি চিনি পাওঁ আৰু নামবোৰ জানো।
আমাৰ আশে পাশে থকা ফলৰ গছবোৰৰ ভিতৰত ভালদৰে মন
কৰিলে দেখা যায় যে টেঙাফলৰ গছবোৰ বেছি ধুনীয়া। ঔটেঙা, কৰদৈ, তেতেলী আদি গছবোৰৰ এক বিশেষ সৌন্দৰ্য্য আছে। এইগছবোৰৰ পাত সমূহৰ ঘনত্ব আৰু সমৰূপতাৰ
(symmetry) বাবে এক বিশেষ সৌন্দৰ্য্য ফুটি উঠে। ফুল-বৃক্ষৰ ভিতৰত নাহৰ, বকুলৰ এক
মন প্ৰাণ হৰি নিয়া সৌন্দৰ্য্য থাকে। তাৰোপৰি আজাৰ, ৰাধাচূড়া, কৃষ্ণচূড়া, সোনাৰু, শিমলু, পলাশ, জুই ফুল,আনকি মদাৰৰ দৰে ফুলবৃক্ষই মনোৰম পৰিবেশ সৃষ্টি কৰি মন প্ৰাণ উজাগৰ কৰে। কোৰাছ, আহঁত (পাকড়ী) ভেলেউ (ভেলকৰ) চতিয়না আদি গছবোৰৰ এক নিজাববীয়া সৌন্দৰ্য্য আছে। বিশেষকৈ চতিয়না গছজোপা মন কৰিবচোন, সুষম, সুডোল গঠন আৰু ডাল পাতসমূহৰ এক মনোমোহা সমমিতিয় (symmetrical) ৰূপ তথা আকাৰে গছজোপা বৰ আকৰ্ষণীয় কৰি তোলে।
কিন্তু এই গছসমূহকলৈ আমাৰ সমাজত, অঞ্চল বিশেষে নানান ধৰনৰ ভ্ৰান্ত ধাৰণা চলি থকাৰ পৰিপ্ৰেক্ষিতত এই
গছসমূহৰ অস্তিত্বৰ সংকটে দেখা দিছে।
শৈশৱৰ পৰা শুনি অহা "নাপায়" নামৰ কথাষাৰে এক
ভ্ৰান্ত তথা অবৈজ্ঞানিক অৱধাৰনাৰ সৃষ্টি কৰি, এই গছসমূহক মানবজীৱনৰ পৰা এলাগী কৰি পেলাইছে।
ভ্ৰান্ত ধাৰণা সমূহ এনেধৰনৰ:
১) টেঙা গছ
বিশেষকৈ ঔ বা
তেতেলী গছত ভূত থাকে। বাৰীৰ আগফালে বা পিছফালে কতোৱেই এই গছ ৰুব/ৰাখিব নাপায়।
২) চতিয়না গছজোপা ধুনীয়া হলে কি
হব! চয়তান/ভূতৰ বাসস্থান গতিকে বাৰীৰ চৌহদত ৰাখিব নাপায়।
৩) কৰদৈ, আমলখি আদি টেঙাফলৰ গছৰ লগতে বকুল, নাহৰ আদি গছ পদূলিত ৰুব নাপায় বুলি কয়।
৪) পলাশ গছত মৃতাত্মাই বাস কৰে সেয়ে ঘৰৰ ওচৰত ৰাখিব নাপায়।
এই "নাপায়" বোৰক আপুনি যদি চ্যালেঞ্জ কৰিব বিচাৰে, এচাম আছে, মনেসঁজা বৈজ্ঞানিক যুক্তি দৰ্শোৱাত লাগি যাব। টেঙা গছৰ পৰা বিষাক্ত বায়ু নিৰ্গত হয় বাবে ঘৰৰ দাঁতিত ৰাখিব "নাপায়"।
শিমলু, মদাৰ আদি কাইটীয়া গছ পদূলিত ৰুব নাপাই বুলি কলে মানি লব
পাৰি। ডাঙৰ গছ
এজোপা ঘৰৰ নিচেই কাষতে নৰখাটো মানি লব পাৰি, কাৰন ধূমূহা বতাহৰ বাবে ডাল ভাঙি বা
গছজোপা হালি বা
উভালি বাসগৃহ তথা জীৱজন্তুৰ প্ৰাণ হানি কৰিব পাৰে।
কিন্তু টেঙাগছকে আদি কৰি ওপৰত উল্লেখ কৰা যিকোনো গছ
নিজৰ বাৰীৰ চৌহদত ৰাখিব নাপায় বুলি কোৱা কথাষাৰ অযুক্তিকৰ আৰু কেতিয়াও মানি নলও। নগৰ চহৰ অঞ্চলত সীমিত মাটিত তথা ফ্ল্যাট আদিত বসবাস কৰা মানুহবোৰে ইচ্ছা থাকিলেও গছ এজোপা ৰুম বুলি ৰুব নোৱাৰে। আনহাতে গাওঁ সমূহত অন্ধবিশ্বাস আৰু অকৰ্মন্যতাই এক পৰিপূৰক হিচাবে কাম কৰি অহাৰ ফলত দিনক দিনে এই সৌন্দৰ্য্যৱৰ্ধক এই
গছ-গছনিবোৰ বিলূপ্ত তথা নিশেষ হোৱাৰ পথত।
দেৰাদুন (উত্তৰাখণ্ড) আৰু চুৰাটত (গুজৰাট) মই
বিভিন্ন পাৰ্ক, বন্য উদ্যান, আলিবাটৰ দাঁতিত আবাসিক তথা অফিচ চৌহদত আজাৰ আৰু চতিয়না গছ ব্যপকভাবে ৰোপন কৰা দেখিছো।এই গছবোৰে সৌন্দৰ্য্যৰ পোহাৰ মেলা দেখিলে প্ৰবাসী মনটো সেমেকি উঠে। শিৱসাগৰৰ পৰা ডিব্ৰুগড়লৈ যাওঁতে হাইৱেৰ বাওফালে এক বিস্তীৰ্ণ এলেকাজুৰি (টিংখং) আজাৰ গছৰ ফুলৰ সৌন্দৰ্য্য এতিয়াও আছে নে নাই নাজানো। কিন্তু অসমৰ প্ৰাকৃতিক সৌন্দৰ্য্যক সংৰক্ষণ তথা বৃদ্ধি কৰিবলৈ বিভিন্ন চৰকাৰী-বেচৰকাৰী সংগঠন সমূহে আজাৰ, চতিয়না, পলাশ, শিমলু, নাহৰ, বকুল, ৰাধাচূড়া, কৃষ্ণচূড়া আদি গছসমূহ ব্যপকভাবে ৰোপন কৰাৰ আঁচনি হাতত তুলি লোৱাৰ সময় আহি পৰিছে। মাত্ৰ পাচটা বছৰ ৰাইজ আৰু চৰকাৰে সংকল্পৱদ্ধ হৈ
কাম কৰিলে সমগ্ৰ অসমখনৰ প্ৰাকৃতিক সৌন্দৰ্য্য তথা মনোমহা কৰি তুলিব পাৰি।
বিশেষকৈ গুৱাহাটীৰ যিবোৰ উন্মুক্ত পাহাৰ এতিয়াও বেদখলমুক্ত হৈ আছে সেই পাহাৰবোৰত আজাৰ, ৰাধাচূড়া, কৃষ্ণচূড়া, সোনাৰু, শিমলু, পলাশ, জুই ফুল, আদি ফুলবৃক্ষ ৰোপন কৰাৰ আঁচনি গ্ৰহন কৰিলে গুৱাহাটীৰ সৌন্দৰ্য্যবৰ্ধন হব আৰু দেশবিদেশৰ পৰ্য্যটকক আকৰ্ষিত কৰিবলৈ সক্ষম হব,
লগতে ভূমিস্খলন ৰোধ হব আৰু কৃত্ৰিম বানপানীৰো অৱসান ঘটিব।
বিশ্ব পৰিবেশ দিৱস উপলক্ষে মানুহক দেখুৱাবলৈ চৰকাৰী-বেচৰকাৰী ভাবে কৰা বৃক্ষৰোপনৰ এদিনীয়া কাৰ্যসূচী সমূহ বন্ধ কৰক। তাৰ পৰিৱৰ্তে, বছৰজোৰা পৰিকল্পনা হাতত লৈ তাক বাস্তৱায়ন কৰিবলৈ সকলোৱে আগবাঢ়ি আহক।
Comments
Post a Comment