অসমত বিচক্ষণ নেতাৰ অভাৱ
প্ৰথম
খণ্ডঃ
Quality is never an accident. It is
always the result of intelligent effort.
দ্বিতীয় বিশ্বযুদ্ধৰ পিছত
জাপানৰ
আৰ্থিক
অৱস্থা
ক্ৰমাৎ
জুৰুলা
হৈ
পৰিছিল। কিন্তু
পৰিশ্ৰমী জাতি
বুলি
খ্যাত
জাপানী
সকলে
নিজ
চেষ্টা
আৰু
অধ্যাৱসায়েৰে নিজৰ
স্থিতি
সলনি
কৰাৰ
লগতে
এখন
বিকশিত
দেশ
হিচাবে
পৰিগণিত কৰিছে।
আজিৰ
তাৰিখত
জাপানৰ
অট'মোবাইল আৰু ইলেক্ট্ৰনিকছ সামগ্ৰীৰ গুণগত
মানদণ্ডই উৎকৰ্ষতাৰ পৰিধি স্পৰ্শ কৰিছে।
"কোৱালিটী কন্ট্ৰ'ল" ৰ জগতত জাপানে
বাকী
দেশ
আৰু
কোম্পানীবোৰক "কাইজেন", "মূৰি", "মূদা", ইত্যাদিৰ পাঠ
পঢ়াই
যিকোনো
সামগ্ৰীৰ গুণগত
মাপদণ্ড (quality) উন্নত কৰাৰ
লগতে
উৎকৰ্ষতাৰ প্ৰতিযোগিতাত তিষ্ঠি
থাকিবলৈ বাধ্য
কৰিছে।
এটা
সময়ত
যোৰহাট,
শিৱসাগৰ ডিব্ৰুগড়ৰ পৰা
নাইট
চুপাৰ
বা
ডে
চুপাৰ
বাছত
গুৱাহাটীলৈ আহ-যাহ কৰোতে জখলাবন্ধা বা
আমনিত
(পৰিবহন
নিগমৰ
বাছ
আস্থানত থকা
কেন্টীনবোৰৰ কথা
উল্লেখ
নকৰিলো
আৰু)
উপায়বিহীন হৈ
দুপৰীয়া বা
নিশাৰ
আহাৰৰ
নামত
অখাদ্য
খাবলগীয়া হৈছিল।
বাছৰ
ড্ৰাইভাৰ আৰু
হেণ্ডিম্যান সকলে
ফ্ৰী
খানা
খাবলৈ
এই
ঠাইৰ
হোটেল
বোৰতেই
বাছ
ৰখাইছিল।
পিছলৈ
আনুমানিক ২০০০
চন
মানত
অসম
ৰাজ্যিক পৰিবহন
নিগমৰ
নগাঁৱ
স্থিত
বাছ
আস্থানৰ বিপৰীতে "সৰ্বাণী" নামৰ এখন
উন্নত
মানদণ্ডৰ, চাফ
চিকূণ,
পৰিষ্কাৰ-পৰিচ্ছন্ন আৰু
লগতে
সুস্বাদু আহাৰ
পৰিবেশন কৰা
ভাতৰ
হোটেল
খুলিছিল। মই বিশ্বাস কৰো
সেই
হোটেলখনে অসমৰ
হোটেলৰ
খাদ্য
জগতত
বৈপ্লৱিক পৰিৱৰ্তন আনিছিল। সেই
হোটেলখনত খাবলৈ
শাৰী
পাতিবলগীয়া অৱস্থা
হোৱাৰ
সময়তে
সৰ্বাণীৰ আশে
পাশে
আৰু
কেবাখনো উন্নত
মানদণ্ডৰ ভাতৰ
হোটেল
গঢ়ি
উঠিছিল। তেনে
এখন
"আহাৰ"
নামৰ
হোটেল
এখনৰ
মালিকগৰাকী এগৰাকী
চিত্ৰশিল্পী আছিল।
আটাইতকৈ প্ৰশংসনীয় দিশটো
আছিল
বাছ
আস্থানৰ আশে
পাশে
গঢ়
লৈ
উঠা
আটাইবোৰ হোটেলৰ
মাজত
এক
সুস্থ
প্ৰতিযোগিতা অনুষ্ঠিত হোৱা
বাবে
গ্ৰাহক
সকল
উপকৃত
হৈছিল।আমোদজনক কথাটো
হৈছে
এই
প্ৰতিযোগিতাত তিষ্ঠিবলৈ বাছ
আস্থানৰ ভিতৰত
থকা
পৰিবহন
নিগমৰ
কেন্টীনখনৰ খাদ্যৰ
মানদণ্ড ইমানেই
উন্নত
হৈ
পৰিছিল
যে
অসমৰ
বাকীঠাইৰ হোটেল
বিলাকৰ
তুলনাত
কেন্টীন খনৰ
খাদ্যৰ
মানদণ্ড বহুত
ওপৰত
আছিল।
এইদৰেই
এই
কেইখন
হোটেলৰ
পৰা
অনুপ্ৰাণিত হৈ
এটা
সময়ত
নেশ্বন্যাল হাইৱেৰ
আশে
পাশে
তথা
গুৱাহাটীকে ধৰি
অসমৰ
সৰু
বৰ
চহৰৰ
বিভিন্ন ঠাইত
কিছু
উন্নত
মানদণ্ডৰ হোটেল
আৰু
ঢাবা
গঢ়
লৈ
উঠিল।
মোৰ
দৃঢ়বিশ্বাস আজিৰ
তাৰিখত
অকণমান
খৰছী
হব
পাৰে
কিন্তু
ভালকৈ
এসাঁজ
খাম
বুলিলে
অসমৰ
চুকে
কোনে
ভাল
হোটেলৰ
অভাৱ
নাই
চাগৈ।
জাপানী
সকলৰ
কোৱালিটী কন্ট্ৰ'লৰ সুফল আৰু
মানদণ্ড বজাই
ৰাখি
হোটেল
ব্যাৱসায়ৰ উত্থানৰ মাজত
থকা
এক
সংযোগৰ
পৰা
বুজা
গ'ল যে নিষ্ঠা
আৰু
সততাৰে
সুযোগৰ
সদব্যাৱহাৰ কৰিব
পাৰিলে
উন্নতি
অৱধাৰিত l
দ্বিতীয় খণ্ডঃ
অসমৰ
সমস্যাবোৰৰ ভিতৰত
বানপানী আৰু
বিদেশী
নাগৰিকৰ সমস্যাতকৈয়ো প্ৰধান
সমস্যা
হৈছে
দূৰ্নীতি, অকৰ্মণ্যতা আৰু
সৎ
কিন্তু
বিচক্ষণ ৰাজনৈতিক নেতাৰ
অভাৱ।
অসমলৈ
বছৰি
কেন্দ্ৰীয় চৰকাৰৰ
পৰা
অহা
কৌটি
কৌটি
টকা
পৰিমাণৰ অনুদান
সমূহ
অসমৰ
মন্ত্ৰী, চৰকাৰী
বিষয়
ববীয়া
সকলে
ঠিকাদাৰ বোৰৰ
সতে
লূটি-পূতি খোৱাৰ পিছতো
এল
অ'চি ৰ টকা
ঘুৰি
যায়।
সৌ
সিদিনালৈকে মাৰ্চ
মাহৰ
৩১
তাৰিখে
চৰকাৰী
বিভাগৰ
এল
অ' চিৰ টকা ভূৱা
বিল
বনাই
সকলোৱে
ভগাই
মিলি
খোৱাটো
এক
সৰ্বজন
বিদিত
বিষয়
আছিল।
এতিয়াও
মনত
আছে
অগপৰ
প্ৰথমটো শাসন
কালত
গ্ৰামোন্নয়ণ বিভাগত
যোগান
ধৰা
সামগ্ৰীৰ নামত
কৌটি
টকাৰ
কেলেঙ্কাৰী হৈছিল।
সেই
সময়ৰ
কিছু
বাতৰি
কাকতত
প্ৰকাশ
পোৱা
মতে
আলপিন্
এটাৰ
দাম
তিনিটকা হিচাপত
যোগান
ধৰিছিল।
এতিয়া
কথা
হৈছে
সততা,
দক্ষতা
আৰু
বিচক্ষণ নেতাৰ
অভাৱ
অসমত
সেই
তাহানিৰ পৰাই
চলি
আহিছে।
১৯৭৩
লৈ
অসমৰ
ৰাজধানী আছিল
শ্বিলং
আৰু
পিছলৈ
দিছপুৰ,
গুৱাহাটীলৈ স্থানান্তৰ হৈছিল।
সেইসময়ত ভাৰতৰ
প্ৰধানমন্ত্ৰী আছিল
ইন্দিৰা গান্ধী
আৰু
অসমৰ
মুখ্যমন্ত্ৰী আছিল
শৰৎ
সিংহ।
ৰাজধানী গুৱাহাটীলৈ অহাৰ
পিছত
ইন্দিৰা গান্ধীয়ে শৰত
সিংহক
ক'লে যে ৰাজধানী চহৰ
হিচাবে
গুৱাহাটীক সৰ্বাঙ্গসুন্দৰ চহৰ
হিচাবে
নিৰ্ম্মাণ কৰি
তোলক
মই কেন্দ্ৰৰ পৰা
ষাঠি
কৌটি
টকা
মঞ্জুৰ
কৰি
দিও।
শৰৎ
সিংহই স্বভাৱসূলভ সৰলতাৰে ক'লে, "মেডাম, আমি অসমৰ
মানুহবোৰ চিম্পল্ লিভিং,
চিম্পল্ থিংকিং
টাইপৰ।
গতিকে
আমি
যিদৰে
আছো,
তেনেদৰেই থাকিব
দিয়ক।"
এই
প্ৰসঙ্গটো অৱশ্যে
শৰৎ
সিংহৰ
সততা,
সৰলতা
বা
নিকা
ভাবমূৰ্তিৰ জয়গান
গাবলৈ
নাই
লিখা,
বৰং
এজন
ৰাজনৈতিক নেতা
তথা
মূখ্যমন্ত্ৰীৰ অদূৰদৰ্শিতা অলপ
বঢ়াই
ক'লে অকৰ্মণ্যতাৰ কথাহে
উল্লেখ
কৰিবলৈ
বিচাৰিছো। গুৱাহাটী নগৰখনৰ
লগতে
অসমৰ
ৰাস্তা
ঘাটৰ
অৱস্থা
তথৈবচ।
শৰৎ
সিংহ
ডাঙৰীয়াই সেই
সময়ত
গুৱাহাটীক এখন
সুপৰিকল্পিত নগৰ
(planned city) হিচাবে
গঢ়
দিব
পাৰিলেহেতেঁন। সৰুৰে
পৰা
শুনি
অহা
দুটা
সমস্যাৰ এটা
হৈছে
বিদেশী
সমস্যা
আৰু
গুৱাহাটী মহানগৰীৰ মাষ্টাৰ প্ল্যান। আজিলৈকে কোনো
এটাও
সমাধান
নহ'ল।
অসমৰ
প্ৰধান
সমস্যা
হৈছে
দুৰ্নীতি। কৰ্মসংস্কৃতিবিহীন এটা
জাতি,
য'ত এচাম মানুহে
ৰাজহুৱা ধন
আত্মসাৎ কৰি
উন্নতিৰ বাটত
খাল
খান্দিছে আৰু
অসমখনৰ
সৰ্বনাশ কৰি
আছে।
এক
বিশাল
সামূহিক অকৰ্মণ্যতা অৰ্থাৎ
সৰ্বত্ৰ কৰ্মঠ
লোকৰ
বৰ
অভাৱ।
সুদক্ষ
প্ৰশাসক তথা
নিকা
ভাৱমূৰ্তিৰ বিচক্ষণ ৰাজনৈতিক নেতাৰ
অভাৱ।
Comments
Post a Comment