অন্ধবিশ্বাসঃ১


অন্ধবিশ্বাসঃ১

আমাৰ সমাজত এনে কিছুমান অন্ধবিশ্বাস চলি আহিছে, যিবোৰ আমি কোনো প্ৰশ্ন উত্থাপন নকৰাকৈ, বহু প্ৰজন্ম ধৰি, সহজভাবে মানি চলি আহিছো। 

এই অন্ধবিশ্বাস সমূহৰ ভিতৰত এটা হৈছে গাড়ীৰ আগেদি মেকুৰী পাৰ হলে অমঙ্গল, বিপদ তথা দূৰ্ঘটনাৰ আগজাননী বুলি ভবা হয়। কাৰন মেকুৰী হেনো কুলক্ষণীয়া। গাড়ী মটৰ চলাই গৈ থকা অৱস্থাত, মেকুৰীয়ে ৰাস্তা পাৰ হলে, গাড়ীখন ৰখাই দিব লাগে আৰু অকনমান পিছলৈ মানে গাড়ীখন 'ব্যাক' কৰি নিহে পুনৰ যাত্ৰা আৰম্ভ কৰিব লাগে। তেনে  নকৰিলে অমঙ্গল হব ... ইত্যাদি। এই কথাটো আমি সকলোৱে দেখিছো বা বহুতে নিজেও কৰি পাইছে।

কিন্তু এই ধৰনৰ উদ্ভট অন্ধবিশ্বাস ভাৰতীয় সকলে কৰ পৰা শিকিলে জানেনে? বৃটিছ সকলৰ পৰা। উনবিংশ শতিকাৰ শেষৰ ফালে অৰ্থাৎ ১৮৮৫ চনত প্ৰথম মটৰ গাড়ী জাৰ্মেনীত নিৰ্মান হৈছিল। কুৰি শতিকাৰ আৰম্ভনিৰে পৰা ইউৰোপৰ দেশ সমূহত বিশেষকৈ ইংলেণ্ডত, সাধাৰন জনতাৰ মাজত, মটৰ গাড়ী জনপ্ৰিয় হৈ পৰাৰ ফলত, ইয়াৰ ব্যাপক প্ৰচলন আৰম্ভ হৈছিল। সেই সময়ৰ বৃটিছ সকলে ঘৰচীয়া জন্তু হিচাবে কুকুৰৰ লগতে মেকুৰীও পুহিছিল (এতিয়াও পোহে) স্বাভাৱিকতে মেকুৰীৰ সতে সৰু লৰা ছোৱালীবোৰে উমলি ফুৰিছিল। কেতিয়াবা মেকুৰীজনী বা মেকুৰী পোৱালীটো ঘৰৰ চৌহদৰ পৰা মূলদ্বাৰ/পদূলি (main gate) পাৰ হৈ আলিবাট পাইছিল বা পাৰ হৈছিল। 

তেনেকু্ৱা পৰিস্থিতিত সৰু লৰা-ছোৱালীবোৰে মেকুৰীটোৰ পিছে পিছে অনুসৰণ কৰি দৌৰি আহিছিল। এই সময়ছোৱাত মেকুৰীক লৈ ব্যতিব্যস্ত হৈ পৰা শিশুসকলৰ গাত হুচ নথকাটো স্বাভাৱিক আছিল।গতিকে মটৰ গাড়ীচালক সকলে চলন্ত গাড়ীৰ আগেয়েদি মেকুৰী পাৰ হলে, মেকুৰীৰ পিছে পিছে কোনোবা দৌৰি অহা শিশু বা কিশোৰ থাকিব পাৰে বুলি অনুমান কৰি, সতৰ্কতাৰ চিন স্বৰূপে গাড়ীখন ৰখাই দিছিল। পিছলৈ মেকুৰী দেখিলে এইদৰে ৰৈ দিয়াটো বৃটিছ সকলৰ বাবে এক অভ্যাসত পৰিণত হৈ পৰিছিল।

পিছলৈ ঔপনিবেশিক ভাৰতবৰ্ষতো বৃটিছসকলে মটৰ গাড়ী চলাওতে অভ্যাসবশতঃ এক সুকীয়া নিৰাপত্তাৰ অংশ হিচাপে মেকুৰী দেখিলে গাড়ী ৰখাই দিছিল (যদিও মেকুৰীৰ পিছে পিছে দৌৰা শিশুৰ সংখ্যা বা সম্ভাৱনা তেনেই নগন্য আছিল) 

অন্ধবিশ্বাসত পাকৈত তথা অন্ধ অনুকৰণত সিদ্ধহস্ত ভাৰতীয় সকলে, বৃটিছে গ্ৰহন কৰা বা দেখুৱাই থৈ যোৱা সুৰক্ষামুলক এক অলিখিত নিয়মক, যুক্তিৰে বিশ্লেষণ নকৰি মাথো অন্ধভাবে অনুকৰণ কৰিব ললে। 

মেকুৰী পাৰ হলে অমঙ্গল হয়, ৰাস্তা পাৰ হব নাপায়, বিপদৰ আগজাননী, দূৰ্ঘটনা ঘটিব ইত্যাদি মনেসঁজা কথা কিছুমান সাঙুৰি, এক অন্ধবিশ্বাসক পোষণ আৰু লালন-পালন কৰি কুসংস্কাৰৰ সৃষ্টি কৰিলে।

কালক্ৰমত মেকুৰীৰ দৰে নিমাখিত প্ৰাণীক অমঙ্গলীয়া বা কুলক্ষণীয়া জীৱ বুলি সাব্যস্ত কৰি পেলালে।

Comments

Popular posts from this blog

সাংখ্য দৰ্শন

বন্ধুত্বৰ সংজ্ঞা-১

নাৰী তুমি অনন্যা