ছন্দবিহীন কবিতা


"ভাঙি গ'ল বীণখনি 
ছিঙি গ'ল তাঁৰ
ৰৈ গ'ল অৱশেষ
অমিয়া জোকাৰ।"

"কাৰ পৰশত ফুলিলি বান্ধৈ
অ' মোৰ সাদৰী ফুলাম পাহি
শ্যামলী পাতৰ ওৰণি গুচাই
কাৰ ফালে চাই মাৰিলি হাঁহি?"

"আৰুনো কিমান দিয়া 
বেদনাৰ বোজা
হে মোৰ হৃদয় দেৱতা।
কৰুণ ৰোদন তুলি ভাঙিলা কিয় প্ৰাণৰ নিবিড় নীৰৱতা।"

"আই আজি ম‌ই বৰ
হিংস্ৰ হৈ উঠিছো
মোৰ নিয়াৰিৰ
কাঁচিখন দেখিলেই বুজিবি
কাৰ ডিঙিৰ জোখাৰে গঢ়িছো?"

এইধৰণৰ কালজয়ী কবিতাবোৰে তাহানিৰে পৰা আজিলৈকে পাঠকৰ বুকুত এক ভাললগা অনুভূতি তথা আলোড়ণৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছিল। এই ভাললগাৰ মূলতেই আছিল অন্তৰত আবেগ জগাই তোলা বিষয়বস্তু আৰু কবিতাৰ ছন্দোবদ্ধ ৰচনা। যিটো বৰ্তমানৰ আধুনিক কবিতাবোৰত আপুনি বিচাৰি নাপায়। 

এইখিনিতে দুগৰাকী প্ৰাচীন আলংকাৰিকৰ দুটা মত আগবঢ়াব পাৰি।

খৃষ্টীয় ষষ্ঠ শতিকাত আচার্য্য ভামহে “কাব্যালংকাৰ” পুথিত “শব্দার্থৌ সহিতৌ কাব্যম” অর্থাৎ শব্দ আৰু অর্থৰ মিলনেই কাব্য আৰু সপ্তদশ শতিকাত বিশ্বনাথ কবিৰাজে সর্ব্বকালৰ বাবে গ্রহণযোগ্য সিদ্ধান্ত আগবঢ়াই ক’লে – “বাক্যম ৰসাত্মকম কাব্যম” অর্থাৎ ৰসাত্মক বাক্যই কাব্য বা কবিতা।

পাচাত্য সমালোচক ছেমুৱেল জনছনৰ মতে, “ছন্দোবদ্ধ ৰচনাই কবিতা”।

প্ৰকৃততে কবিতা আৰু অকবিতা বুলি যিমানেই কাজিয়া, বাদ-বিসম্বাদ আৰু আত্ম পক্ষ সমৰ্থন নকৰক কিয়, বৰ্তমান সময়ৰ কবিতা বা অকবিতাৰ মাজত অন্তৰাল বুলিবলৈ মাথোঁ এডাল সুক্ষ্ম ৰেখাহে আছে। 

সেইয়া হৈছে পাঠকৰ ভাল লগা আৰু নলগা। ভাল লাগিল যদি সেইটো কবিতা আৰু বেয়া লাগিলে অকবিতা। ইয়াৰ বাহিৰে কবিতা আৰু অকবিতা, দুয়োটাক বেলেগে শ্ৰেণীৱদ্ধ (classified) কৰাৰ বেলেগ কোনো মানদণ্ড (criteria) নাই।

আচলতে যিদিনাৰ পৰা আধুনিক কবিতাৰ নামত ছন্দবিহীন কবিতাবোৰক কবিতা হিচাবে বিবেচনা কৰা হৈছিল, সেইদিনাৰ পৰাই কবিতাৰ অপমৃত্যু হৈছিল।


Comments

Popular posts from this blog

সাংখ্য দৰ্শন

নাৰী তুমি অনন্যা

বৃক্ষ ৰোপন আঁচনি ‌