কৌতুক-6




ল'ৰা ছোৱালী হালৰ স্কুলত গৰমৰ বন্ধ দিলে। ৰসেশ্বৰৰ মানুহজনী বেচ কিছুদিন আগতেই মাকৰ ঘৰলৈ গৈছে। সিদিনা আছিল দেওবাৰৰ এক অলস ৰাতিপুৱা। আছাম টাইপ ঘৰৰ বাৰাণ্ডাত বহি, ৰসেশ্বৰে আগনিশা বোকা লেটিওৱা জোতাযোৰ চফা কৰি আছিল। 

পদূলি মূখত ঠেলাখন ৰখাই, ৰদ্দীৱালা জনে এক বিশেষ সুৰত মাত লগালে,

"বাবু, বাতৰি কাকত আছে যদি দিয়ক।"

ৰসেশ্বৰে ঈষৎ বিৰক্ত হৈ কলে,

"এতিয়া যা। মানুহজনী, মাকৰ ঘৰলৈ গৈছে। পিছত আহিবি।"

ৰদ্দীৱালাই কন্ঠস্বৰৰ 'ভল্যিউম' এক 'ডেচিবেল' তললৈ নমাই আনি, ফুচফুচাই কোৱাদি কলে,

"তেতিয়াহলে খালী বটল কিটাকেই দিয়ক, বাবু।


@@@@@@@@@@@@@@@@@@@@@@@


ফাৰ্নিচাৰ ব্যৱসায়ী নগেন , বন্ধু এজনৰ নিমন্ত্ৰণ মৰ্মে বিয়া এখন খাবলৈ বুলি দিল্লীলৈ গ'ল !!
মাৰোৱাৰী বন্ধু !! গতিকে বিয়াঘৰত জুলীয়াকনৰ কোনো ব্যৱস্হা নাই !! 

উপায়ন্তৰ হৈ , নগেন গৈ বাৰ এখনত উপস্থিত হ'ল আৰু বিয়েৰৰ বটল এটা লৈ , চুকৰ টেবুল এখনত বহিলেগৈ।

তেনেতে, এজনি সুন্দৰী ছোৱালী আহি ইংৰাজিতে নগেনক কিবাকিবি সুধিলে।

বেচেৰা নগেন, ছোৱালীজনিয়ে কি সুধিলে, সি একোৱেই বুজি নেপালে। ছোৱালীজনীক 
সি ইংগিতেৰে সন্মুখত থকা চকীখনত বহিবলৈ নিৰ্দেশ দিলে।

ছোৱালীজনি বহিল আৰু ইংৰাজিতে তাক কিবাকিবি সুধিলে !! 
সিও অসমীয়া হিন্দী মিহলি ভাষাতে কিবাকিবি উত্তৰ দিলে।

সিহঁত দুটাৰ মাজত, এজনেও আনজনৰ কোনো ভাষাই বুজি নাপালে। 

অৱশেষত , নগেনে কাগজ এখন উলিয়াই , বিয়েৰৰ বটল এটা আঁকি ছোৱালীজনীলৈ কাগজখন আগবঢ়াই দিলে।

ছোৱালীজনিয়ে হাঁহি এটা মাৰি মুৰ দুপিয়াই দিলে।

লগালগ নগেনে বিয়েৰৰ বটল এটা অৰ্ডাৰ কৰিলে 
আৰু ছোৱালীজনীলৈ আগবঢ়াই দিলে। এগিলাচ বাকি লৈ ছোৱালীজনিয়ে কোটকোটকৈ খাই দিলে‌।

পুণৰ নগেনে কাগজত কিছু খোৱাবস্তু থকা প্লেটৰ ছবি আঁকি ছোৱালীজনীক দেখুৱালে। এইবাৰো তাই মুৰ দুপিয়াই দিলে।

নগেনে আকৌ কিছুমান খোৱাবস্তুৰ অৰ্ডাৰ কৰিলে।

দুয়োটাই বিয়েৰ আৰু খোৱাবস্তুবোৰ খাই শেষ কৰিলে। নগেনৰ লগতে , ছোৱালীজনীৰো চকু লাল হৈ গ'ল।

এইবাৰ ছোৱালীজনীয়ে কাগজ আৰু কলম লৈ, এখন বিচনাৰ ছবি আঁকিলে আৰু নগেনলৈ আগবঢ়াই দিলে।

কাগজখন হাতত লৈ নগেন কিছু আছৰিত হ'ল আৰু ছোৱালীজনীলৈ চাই মুৰ দুপিয়াই দিলে।

তাৰপিছত, বাৰৰ বিল পেমেণ্ট কৰি নগেনে ছোৱালীজনীক তাতে এৰি বন্ধুৰ বিয়াঘৰলৈ ৰাওনা হ'ল।

আজি দুবছৰৰ পিছতো সেইটো কথা মনত পৰিলে, নগেন আছৰিত হৈ পৰে।

ছোৱালীজনীয়ে বাৰু তাৰ ফাৰ্নিচাৰৰ দোকান আছে বুলি কেনেকৈ জানিলে ?????? 

হায়ৰে নগেন !! তই নগেন সদায় নগেন হৈয়েই থাকিলি।


@@@@@@@@@@@@@@@@@@@@@@@@


মোডীজীৰ বিৰুদ্ধে অভিযোগৰো কোনো সীমাৰেখা নোহোৱা হৈছেঃ

আমাৰ ঘৰৰ ওচৰত এখন স্কুল আছে। স্কুলখনৰ ওচৰত প্ৰায়েই আদহীয়া মানুহ এজন ৰৈ থকা দেখা যায়। আজি আদহীয়া মানুহ জনে, স্কুল খনৰ শিক্ষক এজনক বাটত ৰখাই  সুধিছে, 

"মাষ্টৰবাবু, গৰম বন্ধলৈ এতিয়াও বহুদিন বাকী আছে, আপোনালোকৰ স্কুলত কাম কৰে বাইদেউ গৰাকী নাই নেকি?"

শিক্ষকঃ আপুনি কোনগৰাকী বাইদেউৰ কথা ক'লে বা ধৰিব পৰা নাই!"

আদহীয়া মানুহ জনঃ
কেলেই বগা, ওখ, লাহী আৰু ধুনীয়া বাইদেউ গৰাকী যে তেখেতৰ কথা সুধিছো আকৌ।"

শিক্ষক গৰাকীয়ে  বুজি পাই ক'লে, 
"অ' অ বুজিলো, আপুনি শ‌ইকীয়া বাইদেউৰ কথা কৈছে। কিয়! তেখেতৰ ট্ৰান্সফাৰ হৈ গ'ল নহয়।

আদহীয়া মানুহ জনে দীৰ্ঘনিশ্বাস এটা এৰি ক'লে, 


"এই মোডী বোলা মানুহজনে কাকো সুখী হোৱাটো দেখিব নোৱাৰে।"

@@@@@@@@@@@@@@@@@@@@@@@@


হাতত মস্ত ডাঙৰ হাতুৰী এটা লৈ উৎপলা কৌৰ মিছিমিৰ স্কুল ওলাল। মেইন গেটৰ দাৰোৱান জনে হাতুৰীসহ উৎপলাক দেখি সেপ ঢুকিলে। উৎপলাই হাতুৰী জোকাৰি সুধিলে, "বিজয় চাৰৰ ক্লাছ কোনফালে?"
দাৰোৱান জনে হাতুৰীটোৰ ফালে চাই কিছু ভয়ে ভয়ে সূধিলে, "কেলেই লাগে বিজয় চাৰৰ ক্লাছ?"

"হাতুৰী জোকাৰি উৎপলাই ক'লে, "সেইটো মোৰ ছোৱালী মিছিমিৰ ক্লাছ।"

দাৰোৱান জনে দৌৰি গৈ বিজয় চাৰক খবৰ দিলে, "চাৰ, এগৰাকী মহিলাই হাতত হাতুৰী লৈ আপোনাক বিচাৰি ফুৰিছে।"
দাৰোৱানৰ কথা শুনি বিজয় চাৰৰ পিলাই কঁপি উঠিল আৰু ভয়তে প্ৰিন্সিপালৰ শৰণ ল'লে।

প্ৰিন্সিপালে লৱৰি আহি উৎপলাৰ ওচৰ পালেহি আৰু ক'লে, "অনুগ্ৰহ কৰি আপুনি নিজক শান্ত কৰক।"

উৎপলাঃ ম‌ই শান্ত হৈয়েই আছোঁ।
প্ৰিন্সিপালঃ ক‌ওঁকচোন কি হৈছে, মোক ক‍ওঁক।

উৎপলাঃ কথা একো নাই, মোক কেৱল বিজয় চাৰৰ ক্লাছটো দেখুৱাই দিয়ক।

এইবাৰ প্ৰিন্সিপালেও ভাবিলে কথা বিষম। কোনোৰকম সুধিলে, "কিন্তু কিয়?"

উৎপলাঃ আচলতে সেই ক্লাছটোৰ মোৰ ছোৱালী বহা ডেস্ক এখনৰ গজাল এটা ওলাই আছে, ম‌ই সেইটো ঠুকিবলৈহে আহিছোঁ।
প্ৰিন্সিপালঃ কি???
উৎপলাঃ যোৱাকালি তাই তৃতীয়বাৰৰ বাবে সেই গজালটোৰ বাবে কিলাকূটিত দুখ পাইছে।


আচলতে মাকৰ মৰম ইয়াকেই কয়।

@@@@@@@@@@@@@@@@


পতি আৰু পত্নী নিশা এক পাৰ্টি খাবলৈ গ'ল। কিছুসময়ৰ বাবে পতি-পত্নী, নিজৰ চিনাকী মানুহবোৰৰ সতে, কথা পতাত ব্যস্ত হৈ পৰিল।

কিছু সময় পিছত, পতিয়ে পাৰ্টিত কেইজনীমান ধুনীয়া যুৱতীৰ লগত হাঁহি-হাঁহি ৰসাল আলাপত মত্ত হৈ আছিল । তেনেতে পত্নীয়ে পতিগৰাকীক মাতি কলে,

"সোণকালে ইয়াৰ পৰা ওলাই যাওঁ বলক, ফাৰ্মেচীবোৰ  বন্ধ হৈ যাব নহলে ।"

পতি : ৰবাহে, পাৰ্টি আৰম্ভ হৈছে হে । তোমাৰ আকৌ ফাৰ্মেচীৰ পৰা, কিনো দৰৱ লব লগা আছে  ?

পত্নী : আয়োডেক্স এটা লম।

পতি : আয়োডেক্স কিয় ? কাৰ কি হৈছে ?

পত্নী : ঘৰলৈ বলক, আজি আপোনাৰ গাৰ বিষ বোৰত,  "আয়োডেক্স" লগাই দিম।"

পতি : কিন্তু কতা ! মোৰ গাৰ বিষ হৈছে জানোঁ ?

পত্নী : কেলেই  ! আমিও ঘৰ গৈ পাইছো জানো ?

@@@@@@@@@@@@@@@

সৃষ্টিৰ আৰম্ভনিতে ঈশ্বৰে যেতিয়া নাৰীৰ সৃষ্টি কৰিছিল, ঈশ্বৰে পুৰুষক কথা দি কৈছিল যে  পুৰুষৰ দুখ বুজা, সহনশীলা আৰু সৰলা নাৰী পৃথিবীৰ চুকে কোনে বিচাৰিলেই পোৱা যাব। কিন্তু ঈশ্বৰে পিছলৈ গোটেই পৃথিৱীখনকেই গোলাকাৰ বনাই দিলে।

@@@@@@@@@@@@@@@

স্নিগ্ধ পূৰ্ণিমা ৰাতি, পতি-পত্নী ঘৰৰ বাৰান্ডাত বহি, এক নিবিড় মূহুৰ্ত কটাইছে। ৰোমান্টিক মুডত থকা পত্নীয়ে কলে,

"হেৰি কথা এটা ক‌ওঁকচোন। 

পতি: উম্ কোৱা।

পত্নী: আপুনি বাৰু মোৰ কি ভাল পায়?

পতি: তোমাৰ? তোমাৰ ম‌ই চব ভাল পাওঁঁ।

পত্নী: চব মানে! ক‌ওঁকচোন কি ভাল পায়?

পতি: মানে, তোমাৰ বা তোমালোকৰ এনে কিছুমান আছে, সেইবোৰ চব ভাল পাওঁঁ।

পত্নী: উদাহৰণ স্বৰূপে কি কি ভাল পায় ক‌ওঁক না, প্লিজ?

পতি: বহুত আছে, কৈ শেষেই কৰিব নোৱাৰিম।

পত্নী দ্বিগুণ উৎসাহিত হৈ,

"তথাপি ক‌ওঁকচোন কি কি ভাল পায়, নকলে ম‌ই বেয়া পাম কিন্তু।"

পতি: আচলতে ম‌ই তোমাৰ ভন্টী মানে মোৰ খুলশালী, জিমিক বৰ ভালপাওঁ। 

তোমাৰ যে খুৰাৰ ছোৱালী, বন্দিতা তাইকো ভালপাওঁ। 

তোমাৰ মাহীৰ ছোৱালী শ্বিলংত যে থাকে, কস্তুৰী তাইক ভালপাওঁ। 

তোমাৰ মামাৰ ছোৱালী শিৱসাগৰত যে থাকে, জোনমনিক ভালপাওঁ। 

তোমাৰ পেহীৰ ছোৱালী, নগাঁৱত যে থাকে ভাগ্যলক্ষ্মীক ভালপাওঁ। 

তোমালোকৰ চুবুৰীৰ ধুনীয়া ছোৱালী, মোক যে "ভিনদেউ বুলি পগলা" জাহ্নৱী, তাইকো ভাল পাওঁ।

তোমাৰ বান্ধৱী বৰ্ণালী, পলী, প্ৰিয়ম, নাজিয়া, অসমী.... সিহঁতকো ভাল পাওঁ।

তোমাৰ ফেচবুকত যিমানবোৰ বান্ধৱী আছে, চবকেই মোৰ বৰ ভাল লাগে।

@@@@@@@@@@@@@@@@@

নাৰী মমতাময়ী আৰু লগতে সৰ্বগুণসম্পন্না।কেবাটাও গুণৰ ভিতৰত মহিলাসকলৰ ঘ্রাণশক্তি তুলনাবিহীন। মোৰ এগৰাকী বন্ধু পত্নীয়ে পতিৰ সতে টেলিফোনত কথা পতা সময়তো, পতিৰ মুখত হুইস্কীৰ গোন্ধ পায়।

@@@@@@@@@@@@@@@@@@@

নিজৰ অধিকাৰ সম্পৰ্কে নাৰীসকল অকণমানো সচেতন হোৱা হলে নাৰীসকলে এটা কথা নিশ্চয় বুজি পালেহেতেঁন। কথাটো হৈছে এই জগতত নাৰীৰ বিৰুদ্ধে থকা নিৰ্য্যাতন সমূহৰ ভিতৰত আটাইতকৈ ডাঙৰ নিৰ্য্যাতন হৈছে, নাৰীক অনবৰতে সাজি-কাছি থাকিবলৈ অনুপ্ৰাণিত কৰা।

@@@@@@@@@@@@@@@

ইঞ্জিনিয়াৰ সকলৰ এক প্ৰধান বিশেষত্ব হৈছে, যিকোনোধৰণৰ সমস্যাৰ সমাধান কৰিব পাৰে আৰু  এইদৰেই তেওঁলোকে পৰম সন্তোষ লাভ কৰে।

ইঞ্জিনিয়াৰ সকলৰ আৰু এটা বিশেষত্ব হৈছে, যদি কেনেবাকৈ আশে পাশে কোনোধৰনৰ সমস্যা নেদেখে, তেনেক্ষেত্ৰত প্ৰয়োজন হ'লে নিজেই সমস্যাৰ সৃষ্টি কৰিবলৈকেও কুন্ঠাবোধ নকৰে।

আজি "ইঞ্জিনিয়াৰ দিৱস" উপলক্ষে সকলো ইঞ্জিনিয়াৰলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো

@@@@@@@@@@@@@@@@@@@

  • অনুপ জলোটাৰ দৰে মানুহবোৰেই কিছুমানৰ মনলৈ জীয়াই থকাৰ হেপাঁহ বৃদ্ধি কৰে আৰু কিছুমানৰ জীৱনলৈ কৰে আশাৰ সঞ্চাৰ।


  • ভজন কীৰ্ত্তন কৰিলে যে পৰকাললৈ পূণ্য হয় কথাটোৰ বিষয়ে সম্যক ধাৰণা এটা আছিল কিন্তু ইহকালতো যে পূণ্যফল পাব পাৰি অনুপ জলোটাই কথাটো প্ৰমাণ কৰি দিলে।


  • যৌৱন কালত ইমানেই পূণ্য কৰক যাতে

.
.
.
.
.
.
.
.
.
  • আপোনাৰ বাৰ্ধক্য অনুপ জলোটাৰ দৰে হৈ উঠে।
@@@@@@@@@@@@@@@@@@@

পত্নীঃ এই ফূট গধূলিতে কলৈ ওলাইছে?

পতিঃ ৰবীন্দ্ৰ ভৱনলৈ ওলাইছো, অনুপ জলোটাৰ ভজন সন্ধ্যা শুনিবলৈ যাওঁ।


পত্নীঃ খবৰদাৰ। চুপ চাপ বৰঠাকুৰ আৰু শ‌ইকীয়াৰ লগ লাগি ক্লাৱলৈ যাওঁক। তিনিপেগৰ বেছি নাখাব কিন্তু!

@@@@@@@@@@@@@@@@@@@

সেইদিনা দেওবাৰ আছিল, অফিচ বন্ধ, তাতে আকৌ নেৰানেপেৰা বৰষুণ জাকে পুৰা ঠাণ্ডা নমাই আনিলে।

গৃহস্থৰ মাংস অকণমান খাবলৈ বৰ মন গ'ল কিন্তু এইজাক বৰষুণত বাৰু তিতিবুৰি কেনেকৈ মাংস আনিবলৈ যায় ????কি কৰা যায় ??? 

হঠাতে ,মানুহজনৰ বাৰীৰ ঢাপত হোৱা কাঠফুলা (মাশ্বৰুম) খিনিলৈ মনত পৰি গ'ল।

অলপো পলম নকৰি তেওঁ বাৰীলৈ গৈ কাঠফুলাখিনি তুলি আনিলে আৰু পত্নীৰ হাতত সেইখিনি দি
 ক'লে, "হেৰা, এইখিনিকে ধুনীয়াকৈ ধুই পখালি, আদা নহৰু মচলা দি মাংসৰ দৰে বনোৱাচোন। শুনা……জালুক অকনমানো দি দিবা।

মানুহগৰাকীয়ে কাঠফুলাখিনি ধুনীয়াকৈ ধুই পখালি, একদম মাংস বনোৱাদি বনাবলৈ ধৰিলে । কাঠফুলা ৰন্ধাৰ সুগন্ধ, মাংসৰ দৰে ঘৰখনত বিয়পি পৰিল !!! 

ৰন্ধাবঢ়া হৈ যোৱাৰ পিছত মানুহগৰাকীৰ কিবা এটা মনত পৰিল আৰু মানুহজনক 
ক'লে, "হেৰি, শুনকচোন, বিষাক্ত কাঠফুলা খাই মানুহ মৰাৰ কথা পেপাৰত পায়েই থাকো । তাতে এইখিনি বনৰীয়া কাঠফুলা। নোখোৱাই ভাল হ'ব নেকি ?

কিবা এটা চিন্তা কৰি মানুহজনে ক'লে, "ৰ'বা, কাম এটা কৰো। প্ৰথমতে কাঠফুলা অলপ আমাৰ কুকুৰটোক খুৱাই চাও। যদিহে সি নমৰে, তেতিয়াহ'লে আমি আৰামত দকচি দকচি খাম।

কথামতেই কাম। ঘৰৰ ফপৰা কুকুৰটোক তেওঁলোকে , ভাতৰ লগত অলপ সৰহকৈ কাঠফুলা খাবলৈ দিলে। মাংস বুলি ভাবি কুকুৰটোৱেও গোটেইখিনি চেলেকি চেলেকি শেষ কৰি পেলালে।

আধাঘণ্টামান পাৰ হৈ গ'ল, কুকুৰটোৰ একো নহ'ল ।

মানুহহাল নিশ্চিত হ'ল যে , কাঠফুলা খিনি বিষাক্ত নহয়। 
গতিকে তেওঁলোকেও দকচি দকচি তৃপ্তিৰে কাঠফুলাৰ লগত ভাত খাবলৈ ধৰিলে।

ভাত পানী খাই উঠিছেহে। তেনেতে তেওঁলোকৰ সৰু ল'ৰাটো বাহিৰৰ পৰা দৌৰি আহিল আৰু উশাহ নসলোৱাকৈ ক'বলৈ ধৰিলে,

 "দেউতা, আমাৰ কুকুৰটো মৰি থাকিল। মুখেৰে হলকা হলকে তেজো ওলাইছে।"

পতি পত্নী দুয়ো নিৰ্বাক হৈ গ'ল। দুয়ো দুয়োৰে চকুলৈ থৰ লাগি চাই থাকিল। দুয়োৰে চকুৰে পানীৰ ঢল বৈ আহিবলৈ ধৰিলে।


মানুহজনে পত্নীৰ হাতত আবেগ ভৰা কন্ঠেৰে ক'বলৈ ধৰিলে,

"চোৱা, আমাৰ এয়া অন্তিম সময়। গতিকে, মই মোৰ এটা গোপন সত্য কথা তোমাক ক'বলৈ বিচাৰো। তেতিয়াহে মৃত্যুৰ পিছত মোৰ আত্মাই শান্তি পাব।"

পত্নী:  কওক।

পতি: চোৱা ……তোমাক গম নিদিয়াকৈ, মই আমাৰ কাষৰ ঘৰৰ বৰুৱানীৰ সতে অবৈধ প্ৰেমত লিপ্ত হৈ আছো। জীৱনৰ এই অন্তিম সময়ত মই তোমাৰ আগত সকলো সৈ কাঢ়ি দিছো । আশাকৰো তুমি মোক ক্ষমা কৰি দিবা।"

কৰুণ হাঁহি এটা মাৰি মানুহগৰাকীয়ে ক'লে, 

"মই আপোনাক ক্ষমা কৰি দিছো । মইও আজি মোৰ এটা গোপন কথা আপোনাৰ আগত ব্যক্ত কৰি যাওঁ। নহ'লে মোৰ আত্মাইও শান্তি নাপাব।"

পতি: কোৱা।

পত্নী: আপুনি মোক সদায় সোধে……আমাৰ ডাঙৰ ল'ৰাটো বহুত টেঙৰ। কিন্তু সৰু ল'ৰাটো ইমান অকৰা কেনেকৈ হ'ল ? আচলতে , আমাৰ ডাঙৰ ল'ৰাটো আপোনাৰ সন্তান নহয়, সি মোৰ পূৰ্বৰ প্ৰেমিকৰ মৰমৰ চিনহে। যি আপোনাৰ অনুপস্হিতিত আমাৰ ঘৰলৈ আহি আছিল। আশা কৰো আপুনিও মোক ক্ষমা কৰি দিব।"

পতি: হুমমমম………।


তেতিয়াই, তেওঁলোকৰ ডাঙৰ ল'ৰাটো হুৰমুৰকৈ ভিতৰলৈ সোমাই আহিল। লগত তাৰ বয়সৰে চেঙেলীয়া ল'ৰা এটাক হাতত ধৰি টানি আনিছে।


"মা, ইয়েই সেইটো ল'ৰা, যাৰ বাইকৰ খুন্দাত আমাৰ কুকুৰটো মৰি থাকিল। ইয়াক কি কৰা যায়। খেদি খেদি চাৰিআলিৰ ওচৰৰ পৰা ধৰি আনিছো।"


একেবাৰে "পিন ড্ৰপ চাইলেন্স।" পতি-পত্নীৰ মনৰ গহনত মৰিশালীৰ নিস্তব্ধতা।


@@@@@@@@@@@@@@@@@@@

এজন লৰাৰ, মৰমৰ প্ৰেমিকাজনীক কবৰ দি ঘুৰি অহাৰ পিছত, প্ৰেমিকাজনীৰ বান্ধৱী এগৰাকীয়ে লৰাটোক কলে, 
"মই তাইৰ জেগা, পূৰণ কৰিব পাৰিম, জানো ? "
লৰাটোৱে ইফালে-সিফালে চাই কলে,
"মোৰ একো আপত্তি নাই, কিন্তু কবৰস্থান কমিটীয়ে, কথাটো, মানি লব জানো ?


@@@@@@@@@@@@@@@@@

নগেন আৰু নগেনৰ পত্নী পমিলী দুয়ো ৰোমাণ্টিক কথা বাৰ্তা পাতি থকাৰ মাজতে নগেনে সুধিলে,
"পমিলী মই যদি এতিয়া মৰি যাওঁ, তই কি কৰিবি ? আকৌ বিয়া সোমাবি নে ?"
পমিলী : আপুনি এইবোৰ অমঙ্গলীয়া কথা নকবচোন ।
নগেন: মই এনেয়ে ধৰি লব হে কৈছো ।
পমিলী : নাই, মই আপোনাৰ বাহিৰে অইন কাৰোবাৰ সতে জীৱনটো ভাবিবই নোৱাৰোঁ। মই জীৱনৰ বাকী সময় চোৱা, মোৰ একমাত্র ভনী জনীৰ সতে কটাই দিম। আপুনি বাৰু কি কৰিব কওঁকচোন ? মোৰ শপত সঁচা কব কিন্তু !
নগেন : শপত খুৱালি যিহেতু সঁচাই কৈছো, মইও তোৰ দৰেই, তোৰ ভনীজনীৰ সতেই, জীৱনৰ বাকী সময় চোৱা কোনোমতে কটাই দিম আৰু।

@@@@@@@@@@@@@@@

এগৰাকী ভাল পত্নীয়ে সদায় তেওঁৰ পতিক ক্ষমা কৰিব

@@@@@@@@@@@@@@@@@@


মটৰ দূৰ্ঘটনাগ্ৰস্ত হৈ স্বামী আৰু স্ত্ৰী দুয়োটাই মৰি ভূত হৈ গ'ল।
পত্নী : তুমি ইমান সলনি হৈ গৈছা !
পতি : তুমি কিন্তু অলপো সলনি হোৱা নাই, জান ।

@@@@@@@@@@

পতি : সন্মোহন (Hypnosis) মানে কি বাৰু ?
পত্নী : কাৰোবাক বশ কৰি নিজৰ নিয়ন্ত্ৰণলৈ আনি, যি মন যায় তেওঁৰ হতুৱাই কৰোৱাকে hypnosis বুলি কয়।
পতি : ধেত্ তেৰি, সেইটোক বিয়া বুলিহে কয়।

@@@@@@@@@@@@@@

দেউতা : মাজনী, ডাঙৰ হৈ তুমি কি কৰিবা ?
মাজনী: মই ডাঙৰ হৈ বিয়া হম, দেউতা ।
দেউতা : নাপায়, মাজনী ! এতিয়াৰে পৰা কাৰোবাৰ অহিত চিন্তা কৰা উচিত নহয় ।

@@@@@@@@@@@@@

যোৱাকালি ছোৱালীজনীক দেখিলো, ইমান গৰমতো তাই নীলা চুৱেটাৰটো এতিয়াও, পিন্ধিয়েই আছে। আচলতে ভুল মোৰেই , চাৰি মাহমান আগতে মই তাইক, সেই চুৱেটাৰটো পিন্ধিলে কেটৰিনা কেঈফ যেন দেখি বুলি কৈছিলো ।

@@@@@@@@@@@@@@@

দিনৰ দিনটো অকলে যিমানেই ঘুৰি নুফুৰক কিয়, 
ধুনীয়া ধুনীয়া ছোৱালী বোৰ, 
নিজৰ মানুহজনী লগত থকা সময়তহে চকুৰ আগত ওলাব ।



 @@@@@@@@@@@@@@@@@@@@


কথা এটা কলে মাৰিব নেকি, আকৌ ?
পতি : ধেত্ তেৰি, কি যে কোৱা ? মইনো তোমাক মাৰিব পাৰিম নে, কথাটো কি বাৰু ?
পত্নী : মা, মানে মই মা হবলৈ ওলাইছো !
পতি : (আনন্দিত হৈ) ইমান ভাল খবৰ আৰু তুমি কৈছা মাৰিম নেকি বুলি !!
পত্নী : নহয় মানে, আগতে কলেজীয়া জীৱনত, এবাৰ দেউতাক কওঁতে খুব মাৰিছিল, সেইকাৰনে ।

@@@@@@@@@@@@@@

মাতৃ আৰু পত্নীৰ মাজত এক বুনিয়াদী পাৰ্থক্য :
মাতৃয়ে কথা কবলৈ শিকায়।
আৰুপত্নীয়ে মনে মনে থাকিবলৈ ।

@@@@@@@@@@@@


এই পৃথিৱীত সকলোৱে সুখী হবলৈ বিচাৰে। সুখ আৰু শান্তিৰ সন্ধানত মানুহে কি কি নকৰে ?
 সুখৰ আকাংক্ষা কৰি বাসস্থান পৰিৱৰ্তন কৰে।
 কাপোৰ কানি, পোছাক-পৰিচ্ছদ, আদব-কায়দা পৰিৱৰ্তন কৰে।
 তেজৰ সম্বন্ধ পৰিৱৰ্তন কৰি পেলাবলৈ কুন্ঠাবোধ নকৰে।
 শৈশৱকালৰ বন্ধু-বান্ধৱ পৰিৱৰ্তন কৰে ।
তাৰ পিছতো মানুহৰ প্ৰকৃত পৰিৱৰ্তন নহয়, কাৰণ মানুহে নিজক কেতিয়াও পৰিৱৰ্তন কৰিব নিবিচাৰে ।
এই সন্দৰ্ভত, মিৰ্জা গালিবৰ, সঁচাকৈয়ে শলাগিবলগীয়া, এটা শ্বায়েৰীৰ পংক্তি আগবঢ়ালো ।
"উম্ৰ ভৰ গালিব,
য়েহী ভুল কৰতা ৰহা,
ধূল চেহৰে পে থী,
আউৰ, আইনা চাফ 
কৰতা ৰহা ॥"

@@@@@@@@@@@@@@

দিনৰ দিনটো অকলে যিমানেই ঘুৰি নুফুৰক কিয়, ধুনীয়া ধুনীয়া ছোৱালী বোৰ, নিজৰ মানুহজনী লগত থকা সময়তহে চকুৰ আগত ওলাব ।


@@@@@@@@@@@@@@@@@

নতুনকৈ বিয়া পতা মানুহ এজনে, ঘৰৰ সন্মুখত বস্তু বিক্ৰীৰ জাননী এখন আৰি দিছে।
জাননী " কম্পিউটাৰ আৰু বিশ্বকোষ (Encyclopedia) বিক্ৰী কৰা হব। "
বন্ধু : বিক্ৰী কিয় কৰিব বিচাৰিছ, কথাটো নো কি ?
নব-বিবাহিত বন্ধু : মোৰ আৰু এইবোৰ কেতিয়াও দৰকাৰ নহব, কাৰণ মই এইকেইদিনতে এটা বস্তু বুজি পাইছো, মোৰ মানুহজনীয়ে, নজনা একো নাই, চব জানে!

@@@@@@@@@@@@@@

একাকীত্বৰো এক সুকীয়া বিশেষত্ব আছে, ই কেতিয়াও কাৰো সতে, বিশ্বাসঘাতকতা নকৰে।

@@@@@@@@@@@@@@

প্ৰত্যেক জন নাৰী আৰু পুৰুষে, বিবাহিত জীৱনক সফল কৰিবলৈ হলে, বাৰে বাৰে প্ৰেমত পৰিবই লাগিব। . . . . . . . প্ৰাথমিক চৰ্ত্ত হ'ল - . . . . . . .বাৰে বাৰে, প্ৰেমত পৰিব লাগিব, একেই গৰাকী ব্যক্তিৰ সতে।


@@@@@@@@@@@@@@

এই পৃথিৱীত সকলোৱে সুখী হবলৈ বিচাৰে। সুখ আৰু শান্তিৰ সন্ধানত মানুহে কি কি নকৰে ? সুখৰ আকাংক্ষা কৰি বাসস্থান পৰিৱৰ্তন কৰে, কাপোৰ কানি, পোছাক-পৰিচ্ছদ, আদব-কায়দা পৰিৱৰ্তন কৰে। সুখ আৰু স্বাচ্ছন্দ্যৰ বাবে তেজৰ সম্বন্ধ পৰিৱৰ্তন কৰি পেলাবলৈকেও কুন্ঠাবোধ নকৰে।শৈশৱকালৰ বন্ধু-বান্ধৱ পৰিৱৰ্তন কৰে। তাৰ পিছতো মানুহৰ প্ৰকৃত পৰিৱৰ্তন নহয়, কাৰণ মানুহে নিজক কেতিয়াও পৰিৱৰ্তন কৰিব নিবিচাৰে ।

এই সন্দৰ্ভত, মিৰ্জা গালিবৰ, সঁচাকৈয়ে শলাগিবলগীয়া, এটা শ্বায়েৰীৰ পংক্তি আগবঢ়ালো ।

"উম্ৰ ভৰ গালিব,
য়েহী ভুল কৰতা ৰহা,
ধূল চেহৰে পে থী,
আউৰ, আইনা চাফ 
কৰতা ৰহা ॥"

@@@@@@@@@@@@@@@@

নগেন নতুন চহৰ এখনলৈ, চাকৰি সূত্ৰে বদলি হৈ আহিছে। পুৰণি সহকৰ্মী সকলৰ মধুৰ স্মৃতি আৰু নতুন পৰিবেশৰ বাবে, অফিচৰ কাম কাজত বিশেষ মন বহা নাছিল ।

নতুন অফিচৰ "বচ" জনে কথাটো লক্ষ্য কৰিলে। 

এদিন "বচ" জনে নগেনক নিজৰ চেম্বাৰলৈ মাতি নি কলে,

"শুনা, এইদৰে কিন্তু বেছিদিন নচলিব। তুমি অকণমান সক্ৰিয় হব লাগিব।"

নগেন: মই কামত মন বহুৱাবলৈ চেষ্টা কৰিছো, চাৰ। মোক দুদিনমান সময় দিয়ক।

বচ: আচলতে ইয়ালৈ অহাৰ পিছত, মোৰো তোমাৰ দৰে অৱস্থা হৈছিল। মই তেতিয়া কি কৰিব ললো, জানা ? "লাঞ্চ আৱাৰ" ত ঘৰলৈ গুচি যাব ললো। তোমাৰ নবৌয়েৰাৰ হাতেৰে বনোৱা, খানা খোৱাও হ'ল আৰু এঘন্টাৰ ভিতৰত অকণমান ৰোমাঞ্চ কৰিও আহিবলৈ ধৰিলো।

নগেন: আপোনাৰ ঘৰ ওচৰতে নেকি?

বচ: অফিচৰ পিছফালৰ গলীটোৰ পাঁচ নম্বৰ ঘৰ।
মই আচলতে, কি কব বিচাৰিছোঁ , তুমি বুজি পাইছা নিশ্চয়। এইদৰে নিয়মিত ৰূপে, ঘৰলৈ যাব লোৱাৰ পিছত, মই নিজকে বৰ সক্ৰিয় আৰু সতেজ অনুভৱ কৰিবলৈ ললো। তাৰ পিছত মোৰ সমস্যা সমূহ একেবাৰে  নোহোৱা হৈ গ'ল। গতিকে, তুমিও তেনেকুৱা কিবা এটা চেষ্টা কৰি চোৱা, দেখিবা ভাল লাগিব আৰু লগতে কৰ্মদক্ষতাও বাঢ়িব।"

নগেনে বচৰ কথাখিনি শলাগিলে আৰু কিছু সময় ঘৰুৱা কথা-বতৰা পাতি, চাহ খাই ওলাই আহিল।

এসপ্তাহ মানৰ পিছত, "বচ" জনে নগেনৰ পৰিবৰ্তন পৰিলক্ষিত কৰি তবধ মানিলে। কামবোৰ সময়তকৈ আগতেই সমাধা কৰাৰ উপৰিও, সকলোৰে সতে হাঁহি মাতি থকা, নগেনৰ কৰ্মদক্ষতা দেখি "বচ" জন বৰ সুখী হ'ল ।

এদিন "বচ" জনে নগেনক পুনৰ মাতি কলে,

"কি হ'ল, মই আগতেই কৈছিলো নহয়। দেখিলা, মোৰ পৰামৰ্শ কিমান কামত আহিল ?"

নগেন : হয় চাৰ, আপুনি ঠিকেই কৈছিল। এটা কথা, মই স্বীকাৰ নকৰি নোৱাৰিলো। নবৌয়ে মানে আপোনাৰ পত্নীয়ে, খানা কিন্তু "জবৰদস্ত" বনাই।

@@@@@@@@@@@@@@@@@


জীৱনত নানান "মৌজ-মস্তি" কৰি অহা নগেন, বৰ্তমান অন্তিম শৰ্য্যাত শায়িত আৰু মৃত্যুৰ সতে যুঁজি আছে। ডাক্তৰেও ইতিমধ্যে হাত ডাঙি দিছে।

নগেনৰ মূৰ শিতানত বহি বাল্যকালৰ বন্ধু বীৰেনে লাহেকৈ সুধিছে ,

"বন্ধু , যোৱাৰ আগে আগে, মোক কিবা কবলগীয়া আছে যদি কব পাৰ?"

নগেন : পাৰ্টনাৰ, সৰু খুলশালীজনীক খবৰ দিবলৈ নাপাহৰিবি।

 বীৰেন : তাইক আনিবলৈ কণপাইক পঠিয়াইছো। আৰু কাক কাক, খবৰ দিব লাগিব ?

নগেন : আৰু শুণ, খগেনৰ মাহীয়েকৰ জীয়েক চম্পাক, মোৰ মৃত্যু-সংবাদ দিবলৈ কিন্তু, একদম নাপাহৰিবি । তাইক মাতিবলৈ কোৱা কথাটো তই আকৌ, কাকো নকবি। তই মোক কথা দে।

বীৰেন  : কথা দিলোঁ, কাকো একো নকওঁ বাৰু। কিন্তু এটা কথা   কচোন, তই চম্পাক কি কাৰণে খবৰ দিবলৈ কলি? মই জনাত, তাইৰ সতে, তোৰ একোচোন লেটি-পেটি নাছিল ?

নগেন: তই সেইবোৰ নাজানিলেও হব দে!

বীৰেন : বন্ধু, আজিলৈকে তই মোক একো কথা নাই নুলুকুৱালি, এতিয়া শেষ সময়ত......।

নগেন : নহয় অ' মই শুনিছো,তাই হেনো মৃতদেহৰ বুকুৰ ওপৰত, পৰি-পৰি কান্দে ।

@@@@@@@@@@@@@@@@@@@@

গভীৰ জংঘলত সোমাই, এগৰাকী  ব্যক্তিয়ে ঘোৰ তপস্যা আৰম্ভ  কৰিলে। তপস্যাৰ ফলস্বৰূপে, এদিন প্ৰভূৰ দৰ্শন লাভ কৰিবলৈ সক্ষম হ'ল। প্ৰভূই ভক্ত গৰাকীক সুধিলে,

"তোমাৰ ভক্তি আৰু শ্ৰদ্ধা দেখি মই সঁচাকৈয়ে সন্তুষ্ট হৈছো। তোমাক কি বৰ লাগে, বৎস, তুমি নিৰ্ভয়ে কোৱা ?"

ভক্ত : ধন্য হ'ল মোৰ মনুষ্য জনম। প্ৰভূ, সৰগৰ পৰা পৃথিৱীলৈ, এটা ধুনীয়া ৰাস্তা বনাই দিয়া, যাতে আমি সকলোৱে, নিজৰ ইচ্ছা অনুসৰি আহ-যাহ কৰিব পাৰো, প্ৰভূ ।

প্ৰভূ : এইটো একেবাৰে অসম্ভৱ বৎস। তোমাৰ এই কামনা মই কেতিয়াও পূৰণ কৰিব নোৱাৰিম। তুমি, বেলেগ কিবা এটা কামনা কৰা।

ভক্ত : ঠিক আছে প্ৰভূ , তেনেহলে এই পৃথিৱীৰ, সকলোবোৰ নাৰীৰ, বিশেষকৈ পত্নীবোৰৰ, বোধশক্তি আৰু সহনশীলতা বৃদ্ধি কৰি দিয়া । আৰু যদি পাৰা, সিহঁতৰ স্বভাৱ একেবাৰে শান্ত-শিষ্ট  কৰি দিয়া, প্ৰভূ।

প্ৰভূ : বৎস, তুমি সৰগৰ পৰা পৃথিৱীলৈ যিটো ৰাস্তা বনোৱাৰ  কথা কৈছিলা, সেইটো, চিংগল লেন হলেই হব, নে ডাবল্ লেন লাগিব, কোৱা?


Comments

Popular posts from this blog

সাংখ্য দৰ্শন

নাৰী তুমি অনন্যা

বৃক্ষ ৰোপন আঁচনি ‌