মুছলমান আৰু ভাৰতীয় জাতীয়তাবোধ
ভাৰতৰ স্বাধীনতা আন্দোলনৰ সময়ত অগ্ৰণী ভূমিকা লৈছিল ভাৰতীয় জাতীয় কংগ্ৰেছ নামৰ অৰাজনৈতিক সংগঠনটোৱে। পিছলৈ মোহন গান্ধীৰ অন্ধ সমৰ্থনত বলীয়ান হৈ, গান্ধীৰ মানসপূত্ৰ জৱাহৰে ভাৰতীয় জাতীয় কংগ্ৰেছ নামটো ব্যৱহাৰ কৰি ৰাজনৈতিক দল হিচাবে আত্মপ্ৰকাশ কৰিলে। পিছলৈ ইন্দিৰাই দলৰ সংবিধান সংশোধন কৰি এই দলটোৰ সতে নিজৰ নাম দি দলটোক ব্যাক্তিগত সম্পত্তি কৰি পেলালে।
অথচ "ভাৰতীয় জাতীয় কংগ্ৰেছ" এই নামটো ভাৰতীয় সকলৰ বুকুৰ কুটুম আছিল। এটা সময়ত মোহন গান্ধীৰ অত্যাধিক জৱাহৰ প্ৰীতিৰ ফলত নেতাজী সুভাস চন্দ্ৰ বসুৰ দৰে কিছু দক্ষ নেতা আঁতৰি যাবলৈ বাধ্য হৈছিল।
স্বাধীনোত্তৰ কালৰ এই ভাৰতীয় জাতীয়তাবোধৰ
প্ৰতীক এই সংগঠনটোক মুছলমান সকলে হিন্দুৰ সংগঠন বুলি ঘৃণা কৰিছিল আৰু স্বাধীনতা সংগ্ৰামৰ পৰা দূৰত্ব ৰাখি আতঁৰি ফুৰিছিল।
বিড়ম্বণা লক্ষ্য কৰক আজিৰ তাৰিখতো জাতীয়তাবোধেৰে উদ্বুদ্ধ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ লগতে বিজেপিক হিন্দুৰ সংগঠন বুলি মুছলমান সকলে ঘৃণা কৰি আছে। আনহাতে "ভাৰতীয় জাতীয় কংগ্ৰেছ"ৰ নাম লৈ খোলা ৰাজনৈতিক দলটোৱে, এসময়ত বিৰোধিতা কৰি অহা মুছলমান সকলৰ সতে জাতীয়তা বিৰোধী সকলৰ ত্ৰাণকৰ্তাৰ ৰূপত অৱতীৰ্ণ হৈছেহি।
আজিৰ দৰেই তেতিয়াও মুছলমান সকলে ভাৰতীয় জাতীয়তাবোধক কোনোদিন সন্মান তথা আপোন কৰি লব পৰা নাছিল। স্বাধীনতা আন্দোলনৰ সময়তো মুছলমান সকল এই মহান বিপ্লৱৰ পৰা হাজাৰ মাইল দূৰত আছিল, এই কথাষাৰৰ প্ৰমাণ পাবলৈ হলে সেইসময়ত মুছলমান সকলে আহ্বান কৰা খিলাফৎ আন্দোলনৰ কথা জানিব লাগিব।
১৯১৯ পৰা ১৯২৪ চনৰ ভিতৰত তুৰ্কী দেশৰ খলিফাজনৰ বিৰুদ্ধে ইংৰাজ আৰু মিত্ৰ শক্তিয়ে যাতে কোনো ধৰনৰ ব্যৱস্থা নলয় অৰ্থাৎ তেওঁক উৎখাত নকৰে তাৰ বাবে ভাৰতত মুছলমান সকলে আৰম্ভ কৰিছিল খিলাফৎ আন্দোলন।
এই আন্দোলনৰ সম্পৰ্কে বুৰঞ্জীত, বিভিন্ন প্ৰৱন্ধ তথা ইন্টাৰনেটত চাৰ্চ কৰি অধ্যয়ন কৰিলে দেখিব যে, ভাৰতীয় স্বাধীনতা আন্দোলনৰ প্ৰতি, ভাৰতীয় মুছলমান সকলৰ সমৰ্থন আদায় কৰাৰ উদ্দেশ্যে মোহন গান্ধীয়ে এই আন্দোনক সমৰ্থন দিছিল।
এই কথাষাৰৰ পৰা দেখ দেখকৈ ষ্পষ্ট হৈ পৰা কথাষাৰ হৈছে যে ভাৰতৰ স্বাধীনতা আন্দোলনত মুছলনমান সকলৰ কোনো অৰিহণা নাছিল। খিলাফৎ আন্দোলনক সমৰ্থন কৰি মুছলমানক তুষ্ট কৰিহে তেওঁলোকৰ সমৰ্থনৰ আশা কৰিবলগীয়া হৈছিল। মুছলমান সম্প্ৰদায়টো বিপ্লৱৰ এই মহান প্ৰক্ৰিয়াৰ সতে অলপো জড়িত নাছিল।
গান্ধী আৰু মুছলমানৰ মাজত থকা প্ৰেমৰ আৰু বহুতো নজিৰ আছে। গান্ধী আৰু মুছলমান সকলৰ সতে প্ৰেমৰ সম্পৰ্ক আছিল একপক্ষীয় প্ৰেমৰ দৰে। গান্ধীৰ অন্ধ প্ৰেমক মুছলমান সকলে বাৰে বাৰে প্ৰত্যাখ্যান
কৰাৰ পিছতো নিৰ্লজ্জ তথা আকোৰগোঁজ প্ৰেমিকৰ প্ৰেম, অকণো নদমিল আৰু বলিয়াৰ দৰে মাথো প্ৰেম প্ৰস্তাৱ কৰি গ'ল।
১৯০৫ চনত বঙ্গভঙ্গ হোৱাৰ পিছতহে মুছলমান সকলৰ মনত এখন পৃথক মুছলীম ৰাষ্ট্ৰৰ অৱধাৰণাই (concept) গা কৰি উঠিছিল। তাৰ পৰিণতি স্বৰূপে ইমানদিনে তেজপিয়াৰ ৰূপ ধৰি হিন্দুসকলৰ মাজত মিলি থকাৰ অভিনয় কৰা, কিছুমান বহুৰূপী নেতা অসমৰ চাৰ চাদুল্লা, মহম্মদ ইকবাল, লিয়াকৎ আলি খান আদি অসংখ্য নেতাসকলে মুছলীম লীগলৈ ঢাপলি মেলিলে। "ডিভাইড এণ্ড ৰুল" ত সিদ্ধহস্ত বৃটিছেও মুছলীম লীগৰ বেছিভাগ মুছলমান নেতাক চাৰ উপাধি প্ৰদান কৰি নিজৰ বহতীয়া কৰি পেলাইছিল।
এটা সময়ত "ভাৰতীয় জাতীয় কংগ্ৰেছ" ৰ বিৰোধিতা কৰিয়েই মুছলমান সকলে কংগ্ৰেছৰ সমান্তৰালকৈ ১৮৮৬ চনত মুছলীম লীগ নামৰ সংগঠন খুলিছিল। অথচ এই সংগঠনৱে বৃটিছৰ বিৰুদ্ধে কোনো ধৰণৰ আন্দোলন কৰা নাছিল। ১৯০৬ চনৰ (১৯০৫ চনত বঙ্গ ভঙ্গ হৈছিল) পৰা বিভাজনৰ ৰাজনীতিত সক্ৰিয় হৈ পৰিছিল। পিছলৈ ভাৰতৰ স্বাধীনতা পোৱাৰ কথা বতৰা চলি থকা সময়ত, অকল নিজ সম্প্ৰদায় আৰু পাকিস্তানৰ বাবে দৰ-দাম (bargaining) কৰাত উঠিপৰি লাগিল।
বাকী কিছুমান নেতাই ইমানদিনে হিন্দুসকলৰ মাজত মিলিজুলি থকাৰ ভাও দি ফুৰা যেনে অসমৰ চাৰ ছাদুল্লা, মহম্মদ ইকবাল, লিয়াকৎ আলি খান আদি বহুৰূপী নেতাসকলে নিজৰ আচল ৰূপবোৰ উদঙাবলৈ আৰম্ভ কৰিলে।
স্বাধীনোত্তৰ কালৰ বৰ্তমান উত্তৰ প্ৰদেশস্থিত
মুজাফৰনগৰৰ (য'ত আজিৰ তাৰিখতো মুঠ জনসংখ্যাৰ ৫৭.৫১% হিন্দু আৰু ৪১.৩০% লোক মুছলমান) লিয়াকৎ আলি খান হিন্দুসকলৰ মাজত ইমানেই জনপ্ৰিয় জাতীয় নেতা আছিল, তেওঁ বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হৈছিল।
লক্ষ্ণৌ বিশ্ববিদ্যালয়ত
"চাইমন কমিছন" ৰ (চাইমন গ' ব্যাক) বিৰোধিতা কৰি দিয়া জ্বালাময়ী ভাষণ শুনি, শীলা আইৰিন পন্ত নামৰ যুৱতী অধ্যাপিকা গৰাকী তেখেতৰ প্ৰেমজালত আৱদ্ধ হৈ পৰিল। লিয়াকতে শীলাক দ্বিতীয় পত্নী হিচাবে বিবাহ কৰে আৰু শীলা পন্ত হৈ পৰিল, বেগম ৰাৱণা লিয়াকৎ আলি খান। কিছুদিনৰ ভিতৰতেই লিয়াকৎ আলি খানে নিজৰ মুখাখন খুলি আচল চেহেৰাটো উলিয়াই মুছলীম লীগৰ অন্যতম সদস্য, হিচাবে পৃথক ৰাষ্ট্ৰ পাকিস্তান গঠনৰ আন্দোলনৰ অন্যতম দাবীদাৰ হৈ পৰিল।
লগতে "মগজ ধোলাই" (লাভ জিহাদ) হৈ দ্বিতীয় পত্নীগৰাকীও
হৈ পৰিল পাকিস্তান প্ৰেমী। ১৯৪৭ পাকিস্তান গঠনৰ পিছত লিয়াকৎ আলি খান হৈ পৰিল পাকিস্তানৰ প্ৰথম প্ৰধান মন্ত্ৰী।
"চাৰে জাহাঁ চে আচ্ছা হিন্দুস্তা হমাৰা" এই গীতটো লিখিছিল মহম্মদ ইকবালে। মহম্মদ ইকবাল আছিল কাশ্মীৰৰ। তেওঁৰ ককাক আছিল কাশ্মিৰী পণ্ডিত আৰু কোনো কাৰনত তেওঁ ইছলাম ধৰ্মলৈ দীক্ষিত হৈছিল। এই দেশপ্ৰেমৰ গীত লিখি বিখ্যাত হোৱা মহম্মদ ইকবাল হঠাৎ হিন্দুবিৰোধী হৈ পৰিল আৰু ক্ৰমে হৈ পৰিল মুছলমানৰ বাবে পৃথক ৰাষ্ট্ৰ "পাকিস্থান" ৰ মূল দ্ৰষ্টা। জিন্নাৰ মূৰত এইজন ইকবালেই পাকিস্তানৰ বীজ ৰোপন কৰিছিল আৰু তেওঁৰেই মানস সন্তান আছিল "পাকিস্তান"।
আজিৰ তাৰিখতো গুৱাহাটী বিধানসভা সমষ্টিটোত মুছলমানতকৈ হিন্দু ভোটাৰৰ সংখ্যা বেছি। ১৯১৯ চনত মহম্মদ চাদুল্লাই গুৱাহাটী মহানগৰত, হিন্দু নাগৰিক সংখ্যাগৰিষ্ঠ হোৱাৰ (আজিৰ তাৰিখতো গুৱাহাটীৰ মুঠ জনসংখ্যাৰ ৮৪.৭৪% হিন্দু আৰু ১২.৪৫%মুছলমান) পিছতো গুৱাহাটী পৌৰ সভাৰ মেয়ৰ হিচাবে নিৰ্বাচিত হৈছিল। পিছলৈ এই বিধান সভা সমষ্টিটোৰ পৰা তেওঁ দুবাৰ (১৯২৬ আৰু ১৯৩৭ চনত) জিকিছিল।
সহজ-সৰল অসমীয়া হিন্দুসকলে তথাকথিত "খিলঞ্জীয়া অসমীয়া", আজান ফকীৰৰ বংশধৰ বুলি দাবী কৰা মহম্মদ চাদুল্লাক মুছলীম লীগৰ প্ৰাৰ্থী হোৱাৰ পিছতো ভোট দি জয়যুক্ত কৰিছিল। অথচ এই তথাকথিত অসমীয়া মুছলমান জনে ১৯০৫ চনত বঙ্গ-ভঙ্গ হোৱাৰ পিছৰে পৰা মুছলমান সকলে দেখা পৃথক ৰাষ্ট্ৰৰ জিহাদী সপোন চৰিতাৰ্থ কৰাৰ পৰিকল্পনা কৰিছিল। পৰিকল্পনা অনুযায়ী মৈমনচিং, ঢাকা, চট্টগ্ৰাম আদিৰ পৰা চাদুল্লাই (তথাকথিত খিলঞ্জীয়া অসমীয়া যাৰ কান্ধত উদাৰবাদী সহজ সৰল অসমীয়াই শাসনভাৰ দি নিশ্চিন্ত হৈ শুই আছিল।) সুসংগঠিত ৰূপে "বাম খেতি"ৰ বাবে বনুৱা আনিছো, বুলি ৰাতা-ৰাতি লাখ লাখ মুছলমানক ব্ৰহ্মপূত্ৰৰ
দূয়োপাৰে আৰু চৰ চাপৰি সমূহত ঘৰ- মাটি, ভেটি, নাগৰিকত্ব,ৰেশ্বন কাৰ্ড আদি দি ভৱিষ্যতৰ বৃহৎ ইছলামিক ৰাষ্ট্ৰৰ আধাৰশিলা স্থাপন কৰিছিল।
পৰৱৰ্তী কালত এইসকল ভোটাৰৰ ভোটেৰে মুছলীম লীগৰ হৈ ১০৮ খন বিধানসভাৰ ৩৯খন আসনত জয়লাভ কৰিছিল। গতিকে চাৰ (সেই সময়ৰ মুছলীম লীগৰ নেতা সকলৰ বেছিভাগকেই চাৰ উপাধি দিছিল। ব্যাখ্যা নিষ্প্ৰয়োজন।)
চাদুল্লাৰ দৰে জিহাদী ৰাজনেতাবোৰক,
আজিৰ দৰেই উদাৰবাদী/অতিজাতীয়তাবাদী অসমীয়া সকলে বুজিবলৈ সক্ষম হোৱা নাছিল। এই পৰম্পৰা অক্ষুন্ন ৰাখি আজিৰ তাৰিখতো অসমীয়াই জিহাদী ৰাজনেতা, সাহিত্যিক, সমাজসেৱক, অভিনেতা, প্ৰেমিক সকলক চিনিবলৈ সক্ষম নোহোৱাটো অত্যন্ত পৰিতাপৰ বিষয়।
১৯১৯ চনত মহম্মদ চাদুল্লাক অসমীয়া ৰাইজে মৰম কৰি গুৱাহাটী পৌৰসভাৰ নিৰ্বাচনত জিকাইছিল। হিন্দু-মুছলমানৰ ভেদাভেদ নৰখা, হিন্দু মানুহৰ ভোটেৰে দুবাৰকৈ বিপুল ভোটেৰে নিৰ্বাচিত হোৱা তথাকথিত "অসমীয়া খিলঞ্জীয়া মুছলমান" চাদুল্লাই কিহৰ দুখত মুছলীম লীগৰ নেতা হব লগীয়া হৈছিল?
সহজ সৰল অসমীয়া সকলে কেতিয়াও এই প্ৰশ্ন নকৰিলে। সেই সময়তো এতিয়াৰ দৰে অসহিষ্ণুতা (intolerance) আছিল জানো ? তেখেতৰ দৰে তথাকথিত "খিলঞ্জীয়া অসমীয়া মুছলমান" এজনে অসমক কিয় পাকিস্তানৰ সতে অন্তৰ্ভূক্ত কৰিব বিচাৰিছিল? "লাহোৰ প্ৰস্তাৱ" ত তেওঁ অসমক পাকিস্তানৰ লগত চামিল কৰিব কিয় বিচাৰিছিল?তেওঁৰ ভূমিকা কিয় অসমীয়া বিৰোধী আছিল? তেও 'চাৰ' উপাধি ইংৰাজৰ পৰা পালে কিন্তু তেখেতৰ সমসাময়িক গোপীনাথ বৰদলৈ, তৰুণৰাম ফুকনে, বিমলা প্ৰসাদ চলিহা আদি নেতাই কিয় নাপালে? এই প্ৰশ্নৰ উত্তৰ প্ৰত্যেকজন অসমীয়াই জনা উচিত। এই উত্তৰবোৰৰ মাজত অসম আৰু অসমীয়াৰ, ভাৰত আৰু ভাৰতীয়ৰ ভবিতব্য নিহিত হৈ আছে।
Comments
Post a Comment