ইথাৰৰ তৰঙ্গত...
- *ইথাৰৰ তৰঙ্গত...*
(ৰিতুমণি বৌলৈ একাঁজলি শ্ৰদ্ধাঞ্জলি)
সঞ্জীৱ মজুমদাৰ, গুজৰাট
সেইদিনা পুৱা সূৰ্য উঠাৰ কথা নাছিল
নিগৰি নিগৰি সৰিছিল মাথোঁ নিয়ৰ
আৰু
সৰিছিল বেদনাগ্ৰস্ত কিছু ফুল ।
এটা মৃত্যুশীতল শোকেৰে ভৰি উঠিল মোৰ হিমশীতল প্ৰভাত
মৃত্যুৰ বৰ্ণাঢ্য শোকেৰে ভৰি পৰিল মোৰ আকাশ বতাহ আৰু চোতাল।
নীৰৱে উচুপি উঠিছিল
শীতৰ চতুষ্পদী আন্ধাৰ
দিনটো আছিল কন্দাৰ দিন।
আত্মাৰ সতে কথোপকথনৰ,
মুখত নুফুটা কিছু শীতল বাক্যৰ ভৰ।
তুমি হেৰাই যোৱাৰ
মাজতো কিছু দ্বন্দ্ব আছে
উষ্ণ-শীতল, ব্যৰ্থ-সফল গোন্ধ আছে।
মৃত্যুৰ বাবে সকলো হেৰাই নাযায়,
ইথাৰৰ তৰঙ্গত
তোমাৰ কন্ঠ এদিন শুনিম নিশ্চয়।
আকাশৰ বুকুত ভাঁহি উঠে এছটা ক'লা ডাঁৱৰ
বিপন্ন হৃদয়ত আলোকিত এসাগৰ নীলা কাজলৰ পালতৰা নাওঁ।
নেদেখা, ভূমিষ্ঠ নোহোৱা এক কবিতাৰ দৰেই লিখা আছে কিছু কথা,
বেদনাৰ অশ্ৰু গাথাঁ।
পুষ্প কলি সৰি পৰে,
সৰে বিষাদ বিদীৰ্ণ বিস্মৃতিৰ প্ৰচ্ছায়া।
তোমাৰ আকাশ,
তোমাৰ বতাহ,
ভাসমান আজিও।
জন্মান্তৰৰ মানস পটত তুমিয়েই হৈ ৰ'বা চিৰ বিদ্যমান।
Comments
Post a Comment