কৌতুক-4
❤ যদিহে পত্নী আপোনাৰ গৃহ-লখিমী অৰ্থাৎ "হোৱাইট মনী" হয়, . . . . . . . . . তেনেহলে "গাৰ্লফ্ৰেণ্ড" হৈছে আপোনাৰ "ব্লেক মনী" ।
qqqqqqqqqqqqqqqqqqqqqq
অন্যান্য বহু ব্যৱসায়ৰ দৰে, অসমৰ চেলুনৰ ব্যৱসায়ো, এখন বিশেষ ৰাজ্যৰ পৰা অহা মানুহখিনিৰ দ্বাৰাই চলি আছে । আপোনালোকে চেলুনত চুলি কটাবলৈ গলে নিশ্চয় , কিছুমান বৰ কথাচহকী নাপিত পাইছে। চুলি কটাৰ সময়ত কিছুমান নাপিতে তামাম কথা কয়। এক কথাত কবলৈ গলে ঘৰৰ বাহিৰ ওলালে "মেইক্ আপ্" নকৰা ছোৱালী আৰু চুলি কটাৰ সময়ত কথাৰ মহলা নমৰা, নাপিত বিচাৰি পোৱা দুৰূহ ।
এবাৰ এজন গ্ৰাহক চেলুন এখনলৈ, চুলি কটাবলৈ আহিল। নাপিতজনে যথাৰীতি গ্ৰাহকজন চকীত বহাৰ পিছত, গাত কাপোৰ মেৰিয়াই লৈ সুধিলে, "দাদা, চুলি আৰু দাঢ়ি, দুয়োটা কাটিব নে ?" গ্ৰাহক : উম !
নাপিত : দাঢ়ি-চুলি কাটিছে, কৰবালৈ যাব নেকি ?
গ্ৰাহক : অলপ বাহিৰলৈ যাবলগীয়া আছে ।
নাপিত : অসমৰ বাহিৰলৈ ? আজিকালি চবেই ফুৰিবলৈ যায় ।
গ্ৰাহক : হয়, দিল্লীলৈ ।
নাপিত : দিল্লীত বৰ গৰম, কেনেকৈ যে মানুহ থাকে। আপুনি এতিয়া যাব নালাগিছিল । কিবা কামত যায় নে ফুৰিবলৈ যায় ?
গ্ৰাহক : ফুৰিবলৈ ।
নাপিত : ফুৰিবলৈ যদি যায়েই তেতিয়াহলে, আপুনি মুম্বাই যাব লাগিছিল । মুম্বাইত ফিল্মৰ শ্বুটিং, হিৰো-হিৰোইন আদি দেখা পালেহেঁতেন । মুম্বাইত "ৰাধে মা" বুলি এগৰাকী সাধ্বী মা আছে, সাক্ষাৎ মাতাজীৰ অৱতাৰ । বৰ ধুনীয়া দেখাত । মুম্বাইলৈ যোৱা হলে, দৰ্শন কৰি আহিব পাৰিলেহেঁতেন ।
গ্ৰাহক : এটা কাম কৰা সন্মুখৰ ফালে বেছি চুটি নকৰিবা ।
নাপিত : ককাইদেউ আপুনি চিন্তা নকৰিব, মোক আপুনি নকলেও হব। এটা কাম কৰিব, দিল্লীলৈ যেতিয়া গৈছেই, তাত নিৰ্মল বাবাক এবাৰ লগ কৰি আহিব । বৰ প্ৰমাণী বাবা । মানুহ থিয় দিয়াৰ লগালগ গম পাই যায় কাক কি কব লাগিব। টিভিত দেখুৱাইয়ে থাকে ।
গ্ৰাহক : শুনা পিছফালে আৰু অলপ কাটা । (কটা সামৰি )
নাপিত : ককাইদেউ, আপুনি নিশ্চিন্ত থাকক, বঢ়িয়া লাগিছে আপোনাক। আপুনি নিৰ্মল বাবাৰ তালৈ যাবলৈ নাপাহৰিব কিন্তু ।
গ্ৰাহক : ঠিক আছে বাৰু চেষ্টা কৰিম । কিছুসময় নাপিতৰ কথাৰ মহলা শুনি, দাঢ়ি-চুলি কটা হোৱাৰ পিছত গ্ৰাহকজন, পইচা পাতি দি ওলাই গ'ল।
দুমাহমান পিছত সেই গ্ৰাহকজন চেলুনলৈ আহিল।
নাপিতজনে সুধিলে , "দাদা দিল্লীৰ পৰা কেতিয়া পালে ?"
গ্ৰাহক : দিন হ'ল । চুলি কাটিম ।
চকীত বহাৰ পিছত, কাপোৰ খন গাত মেৰিয়াই, চুলি কাটিবলৈ আৰম্ভ কৰি নাপিতজনে সুধিলে , "দাদা, দিল্লীত নিৰ্মল বাবাৰ তালৈ গ'ল নে ?
গ্ৰাহক : উম্ গৈছিলো ।
নাপিত : খুব ভাল কৰিলে, নিৰ্মল বাবাই কি কলে ?
গ্ৰাহক : নিৰ্মল বাবাই কলে, "তোমাৰ চুলি কোন মূৰ্খ নাপিতে কাটিছে ? এইবাৰ গৈ তাক কবা, চুলি কটাৰ সময়ত আল্টু-ফাল্টু কথা পাতি নাথাকি, মনোযোগসহ চুলি কাটে যেন ।"
qqqqqqqqqqqqqqqqqqqqqqqqqqqqq
অষ্ট্ৰেলিয়ালৈ পঢ়িবলৈ বুলি এজন আৰবৰ শ্বেখৰ পূতেক গৈছিল । আৰব দেশৰ খাৰুৱা তেলৰ ব্যৱসায়ী, এই শ্বেখসকল অকল্পনীয় ভাবে ধনী হয় ।
অষ্ট্ৰেলিয়া গৈ পোৱাৰ কেইদিনমান পিছত, পূতেকে দেউতাকলৈ ই-মেইল লিখি পঠিয়াইছে,
"আব্বাজান,
আচ্চালাম আলাইকুমু, অষ্ট্ৰেলিয়া সঁচাকৈয়ে বৰ মনোৰম দেশ । মই ইয়াত থাকি ভালেই পাইছো । ইতিমধ্যে মোৰ ইয়াত বহুতো বন্ধু-বান্ধৱী গোট খাইছে ।
ইয়াত সকলোবোৰ ভালেই পাইছো, কিন্তু, আব্বু, এটা কথাই মোক বাৰুকৈয়ে আমনি কৰি আছে । মই ২০ তোলা ওজনৰ সোণৰ চেইন ডাল, ডিঙিত পিন্ধি 'ফেৰাৰী' গাড়ীখন লৈ ইউনিভাৰ্চিটীলৈ আহো । অথচ মোৰ লগৰ বাকী বন্ধুবোৰ, ট্ৰেইনত দূৰ-দূৰণিৰ পৰা অহা যোৱা কৰে। তেতিয়া মোৰ সঁচাকৈয়ে বৰ লাজ লাগে, আব্বু । বাকী মোৰ ভালেই, আম্মীক মোৰ চালাম জনাব ।
খুদা হাফিজ্
আপোনাৰ বেটা, নাচিৰ "
পিছদিনাখন পূতেকে দেউতাকৰ পৰা ই-মেইল পাইছে, দেউতাকে লিখিছে,
"বেটা নাচিৰ,
আলাইকুমু আচ্চালাম,
আজিৰ পৰা তুমি আৰু কোনোধৰণৰ শংকা বা লাজ পাই নচলিলেও হব, কাৰণ মই তোমাৰ বেঙ্ক একাউন্টত ২০ মিলিয়ন ডলাৰ জমা কৰি দিছোঁ । তুমি এই মূহুৰ্ততে গৈ ট্ৰেইন এখন কিনি লোৱা ।
খুদা হাফিজ্
তোমাৰ আব্বু,
অল্ হবীবী ।"
qqqqqqqqqqqqqqqqqqqqqqq
এগৰাকী ভদ্রমহিলা ঘৰত অকলে আছিল। হঠাৎ দুৱাৰত টোকৰ পৰিল । মহিলাগৰাকীয়ে দৰজা খুলি অপৰিচিত, মানুহ এজনক দেখা পালে ।
মানুহজনে কলে, "আপুনি চোন খুবেই ধুনীয়া।" মহিলা গৰাকীয়ে ভয় খাই দৰ্জাখন বন্ধ কৰি দিলে। পিছৰ দিনাখন আকৌ দুৱাৰত টোকৰ পৰিল । মহিলাগৰাকীয়ে দৰ্জা খুলি আকৌ সেই মানুহজনকে দেখা পালে।
সিদিনাখনো মানুহজনে কলে, "আপনি কিন্তু সঁচাকৈয়ে বৰ ধুনীয়া।"
মহিলাগৰাকীয়ে ভয়তে লগালগ, দৰ্জা খন বন্ধ কৰি দিলে। পাছলৈ তিন চাৰি দিনলৈকে, একেই ঘটনাৰ পুনৰাবৃত্তি ঘটিবলৈ ললে । তেতিয়া মহিলাগৰাকীয়ে বিৰক্ত হৈ, সম্পূৰ্ণ ঘটনাটো তেওঁৰ পতিক অবগত কৰিলে ।
সকলো শুনাৰ পিছত পতিয়ে কলে, " তুমি একো চিন্তা নকৰিবা, আজি যেতিয়া বদমাছটো আকৌ আহিব, তেতিয়া মই দুৱাৰৰ পিছফালে লুকাই থাকিম ।
তুমি মাথো কবা, "হয়, মই ধুনীয়া, তাত আপোনাৰ কি আহে যায় ?" তাৰ পিছত মক্কেলটোক মজা দেখুৱাম । পিছৰ দিনাখন যেতিয়া দুৱাৰত টোকৰ পৰিল ।
তেতিয়া পতিজন দৰ্জাৰ পিছফালে লুকাই থাকিল আৰু মহিলাই দুৱাৰখন খুলি দিলে । দুৱাৰ খোলাৰ লগে লগে, মানুহজনে কলে, "আপুনি কিন্তু সঁচাকৈয়ে অপূর্ব সুন্দৰী।"
মহিলা : হয়, মই ধুনীয়া, মই সুন্দৰী, কিন্তু তাত আপোনাৰ কি আহে যায় ?
মানুহজনে বিনম্র ভাবে, হাতযোৰ কৰি কলে,
"বাইদেউ আপুনি যে ধুনীয়া-সুন্দৰী, এই বিশ্বাস আৰু অনুভবটো, পাৰিলে আপোনাৰ পতিৰ মনতো জগাই তোলক, যাতে . . . . . .আপোনাৰ পতিয়ে, অন্তত: মোৰ পত্নীক, আমনি কৰিবলৈ এৰি দিয়ে।"
qqqqqqqqqqqqqqqqqqqqqqqqq
❤ সুপ্ৰভাত বন্ধু-বান্ধৱী সকল,
এগৰাকী মহিলাই ইমাৰ্জেন্সী এম্বুলেন্সৰ নম্বৰ 108 লৈ ফোন কৰি কলে, " অনুগ্ৰহ কৰি আমাৰ ঘৰলৈ এম্বুলেন্স এখন অতি শীঘ্ৰে পঠাই দিয়ক।"
108 ৰ অপাৰেটৰ জনে সুধিলে, " মেডাম, আপোনাৰ সমস্যাটো কি, কওঁকচোন ?"
মহিলা : মোৰ ভৰি বুঢ়া আঙুলিটো, চেন্টাৰ টেবুলত চেপা খাইছিল ।
অপাৰেটৰ : ( ঈষৎ হাঁহিৰে ) আৰু আপুনি এই সৰু-সুৰা আঘাতৰ বাবে, এম্বুলেন্স মাতিবলৈ বিচাৰিছে ?
মহিলা : নহয় মানে এম্বুলেন্স খন মোৰ পতিৰ বাবেহে, তেওঁ হাঁহিব নালাগিছিল ।
qqqqqqqqqqqqqqqqqqq
আমি যেতিয়া সৰু আছিলোঁ ছপা আখৰৰ প্ৰতিটো কথা সঁচা বুলি ভাবিছিলো । বিশেষকৈ বাতৰি কাকতত ছপা হোৱা যিকোনো বাতৰিৰ বিশ্বসনীয়তাৰ ওপৰত কোনো প্ৰশ্ন মনলৈ নাহিছিল।
কিন্তু সময়ৰ সতে সংবাদ মাধ্যমত কিছুমান দায়িত্বহীন মানুহৰ আগমণে, এই পৱিত্ৰ জগতখন কলূষিত কৰিছে। সংবাদ মাধ্যমৰ উপৰিও এতিয়া সকলো ক্ষেত্ৰত বিশ্বাসযোগ্যতা হেৰাই যোৱাৰ উপক্ৰম । নিজ স্বাৰ্থ সিদ্ধি কৰিবলৈ বাতৰিৰ উপৰিও ফটো আদি অত্যাধুনিক কাৰিকৰী আহিলাৰ জৰিয়তে সলনি (মৰ্ফ) কৰি ফেচবুক, হোৱাটছ আপ্ আদি চ'চিয়েল মিডিয়াত সুপৰিকল্পিত ভাবে প্ৰচাৰ কৰি সাম্প্ৰদায়িক সংঘৰ্ষ ঘটাবলৈ দেখা যায়।
আপোনালোকে বিশ্বাস নকৰিব, এবছৰমান আগৰ কথা, "অল জজীৰা" বুলি টিভি চ্যানেল এটাই "শ্বোলে" চিনেমাৰ শেষ দৃশ্য (যত অমিতাভ, ধৰ্মেন্দ্ৰৰ কোলাত মুৰ থৈ মৃত্যুমুখত পৰে) দেখুৱাই কৈছে, " হিন্দুস্থান মেই মুছলমান ভাইয়ো কো ইছি তৰহ্ মৌত কে ঘাট উতৰ দিয়া যা ৰহা হ্যাই।"
পাকিস্থানৰ জনতাক উত্তেজিত কৰিবলৈ, এই বাতৰিটো বাৰে বাৰে দেখুৱাই থকা মই নিজেই দেখিছো । একেইধৰণৰ এক অশুভ "প্ৰপাগান্ডা" অসমৰ সংবাদ মাধ্যম ( প্ৰিন্ট আৰু ইলেক্ট্ৰ'নিক্ছ দুয়োটা ) আৰু চ'চিয়েল মিডিয়া (ফেচবুকত) ব্যপকভাবে সৰ্বত্ৰ চলিব ধৰা পৰিলক্ষিত হৈছে। একালত কোৱা হৈছিল যে নিজ কাণেৰে নুশুনা আৰু নিজ চকুৰে নেদেখা পৰ্যন্ত কোনো কথা বিশ্বাস কৰিব নাপায়। কিন্তু এতিয়া এনে এটা অৱস্থা আহি পৰিছে যে নিজ কাণেৰে শুনা আৰু নিজ চকুৰে দেখা কথাওঁ সচাঁ নহব পাৰে। আফগানিস্থান, পাকিস্তান আৰু বাংলাদেশৰ মানুহবোৰ আজীৱন ভাৰতীয় আছিল। কালৰ পাকচক্ৰ আৰু বৃটিছৰ "ডিভাইদ এন্ড ৰূল" পলিচীৰ বলি হৈ বিদেশী আখ্যা পাইছিল।
আজি ইউৰোপীয়ান সকলে যদি চিৰিয়াৰ পৰা যোৱা শৰণাৰ্থী সকলক আকোঁৱালি লব পাৰিছে। ভাৰতীয় সকলে কূটিল ৰাজনীতিৰ বলি হোৱা, নিজৰ মানুহখিনিক কিয় আকোঁৱালি নলব? এই দায়িত্ব সমগ্র ভাৰতবৰ্ষৰ, অকল অসমৰ নিশ্চয় নহয় । ইতিমধ্যে, আফগানিস্থান, পাকিস্তান আৰু বাংলাদেশৰ শৰণাৰ্থী সকলক ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত (মধ্যপ্ৰদেশ আৰু আন্দামান নিকোবৰৰ কিছু অঞ্চলত ) সংস্থাপন দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। প্ৰথমতে ৫বছৰৰ বাবে ভিছা প্ৰদান কৰা হব আৰু পিছত নাগৰিকত্বৰ আবেদন কৰিব পাৰিব ।
এই অতিৰিক্ত বোজা অকল অসমে গ্ৰহণ কৰিব নালাগে। এই শৰণাৰ্থী সকলক ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত সংস্থাপন কৰাৰ বিষয়ে অধিসূচনাৰ ঘোষণা হোৱাৰ লগে লগে অসমত কিছুমান প্ৰতিক্ৰিয়াশীল চক্ৰই পৰিস্থিতি বেয়াৰ ফালে ঢাল খুৱাবলৈ উঠি পৰি লাগিছে। দুদিনমান আগত বিজনী আৰু হাউলী অঞ্চলত কেইটামান পিলিঙা লৰাৰ মূৰ্দাবাদৰ বাতৰিত ফটো আৰু বিপ্লৱ দে বোলা এটাৰ আপডেটৰ স্কীণ-শ্বট ব্যপকভাবে ফেচবুকত চাৰ্কুলেট হৈ থকাটো, এক এইধৰণৰ প্ৰপাগান্ডাৰ অংশ নহয়তো ? কোনোবাই কাৰোবাৰ নামত ফেচবুকত একাউন্ট এটা খুলি, যি তি কৰি থকা আমি প্ৰায়েই দেখি থাকো আৰু ফেচবুকৰ সদস্যবৃন্দৰ বাবে নতুন কথা নহয় নিশ্চয়। এই কথাবোৰ বিশ্বাস কৰাৰ আগতে এবিধ চিন্তা কৰক।
❤ উদ্দেশ্যপ্ৰনোদিত ভাৱে সমাজৰ সদ্ভাৱ বিনষ্ট কৰিবলৈ কোনো দুষ্ট চক্ৰই, এইবোৰ কৰি থকা নাইতো ? দুবছৰমান আগতে বড়োলেণ্ড অঞ্চলত হোৱা সংঘৰ্ষৰ সময়তো এই প্ৰতিক্ৰিয়াশীল চক্ৰই চ'চিয়েল মিডিয়াক হাথিয়াৰ হিচাবে লৈ পুৰণি "মৰ্ফ" কৰা দূৰ্ঘটনাগ্ৰস্ত হৈ মৃত্যু হোৱা মানুহৰ ফটো আপলোড কৰি সংঘৰ্ষত মৃত্যু হোৱা বুলি প্ৰচাৰ চলাই পৰিস্থিতি সংকটময় কৰি তুলিছিল। সেইসময়ত অসমৰ বাহিৰত (বেংগালোৰ, হায়দাৰাবাদ, দিল্লী আদি ঠাইৰ) থকা অসমীয়া ছাত্ৰ-ছাত্ৰীসকল হিংসাৰ বলি হৈ জাকে জাকে অসমলৈ উভতি আহিবলগীয়া হোৱা ঘটনাৰ কথা মনত পেলাওঁক। আমাৰ বিনম্ৰ অনুৰোধ এইয়ে যে সকলো কথা চালিজাৰি চাব আৰু কথা এষাৰ আকৌ এবাৰ কৈছো, "নিজ কাণেৰে শুনা আৰু নিজ চকুৰে দেখা কথাওঁ সচাঁ নহব পাৰে। " সাম্প্ৰদায়িক সদ্ভাৱ বজাই ৰাখক।
@@@@@@@@@@@@@@@@@@@@@@
আজিৰ পৰা কিছু বছৰ আগৰ কথা। নগেন তেতিয়া হাইস্কুলৰ ছাত্ৰ । স্কুলৰ হিন্দী বিষয়ৰ শিক্ষক আছিল লীলাধৰ মিশ্ৰ। সেই সময়ৰ শিক্ষক সকলৰ বেছিভাগেই ধূতি পাঞ্জাবী পিন্ধিছিল । বিশেষকৈ হিন্দী বা সংস্কৃতৰ বিষয় শিক্ষক সকলে, ধূতি পাঞ্জাবীয়েই পিন্ধিছিল । শ্ৰেণী কোঠাত সোমাই মিশ্ৰচাৰে, হিন্দী গদ্যপাঠৰ এটা গল্প উলিয়াই চবকে পঢ়িবলৈ দি মেজৰ ওপৰত ভৰিদুখন তুলি বহি ললে। ভৰ দুপৰীয়া বিৰতিৰ পিছৰ সময় বুলিয়েই মিশ্ৰচাৰে টোপনিয়াব ললে। কিছুসময়ৰ পিছত ছাত্ৰ-ছাত্ৰীসকলৰ ক্ৰমান্বয়ে বাঢ়ি যোৱা হাঁহিৰ উচ্চস্বৰত মিশ্ৰচাৰৰ টোপনি ভাঙিল।
টোপনিৰ জালত, প্ৰথমতে কি হ'ল একো ধৰিব নোৱাৰি মনে মনে থাকা বুলি কৈ, কি হ'ল সুধিলে। হাঁহিৰ কাৰণ যিমানেই সুধিছে, কোনেও একো নকৈ আৰু বেছিকৈহে হাঁহিৰ খলকনি তুলিছে । আপুনি ভাবি চাওকচোন এনে এটা পৰিস্থিতি য'ত আপুনি হাঁহিৰ কাৰণ জানিব বিচাৰিছে, অথচ কোনেও একো সদুত্তৰ নিদি কেৱল হাঁহি থাকিলে, কেনেকুৱা খং উঠে ।
মিশ্ৰচাৰো ইয়াৰ ব্যতিক্রম নাছিল, তথাপি খং দমন কৰি কলে, "এটা কথা মই কৈ থলো, ভালে ভালে ক বুলি কৈছোঁ । নহলে শ্ৰেণীৰ সকলোকে চেকনিৰে কোবাম।"
তথাপি কোনেও একো এটা নোকোৱাত, চাৰে নগেনক সুধিলে, "চা নগেন, তই পঢ়াশুনাত যিয়েই নহৱ কিয়, তোক মই আজিলৈকে মিছা কথা কোৱা দেখা নাই। কচোন কি হৈছে ? সঁচা কথা কলে মই কাকো একো নকৰো।"
নগেনে অলপ দোধৰমোধৰ কৰিছিল যদিও, মিশ্ৰচাৰৰ দ্বাৰা সঁচা কথা কোৱাৰ বাবে প্ৰেৰিত হৈ কলে, "চাৰ, মানে চাৰ, মানে চাৰ আপুনি মেজৰ ওপৰত ভৰিদুখন তুলি বহাত, আপোনাৰ ধূতিখন অকণমান আঁতৰি গৈছিল। সঁচা কথা কবলৈ কলে বাবে কৈছোঁ চাৰ, আমি চবেই সেই কাৰণেহে হাঁহিছিলো।" কথাষাৰ শেষ হব নাপাঁওতে পুনৰ সকলোৱে গিৰ্জনি মাৰি হাঁহিব ধৰিলে। মিশ্ৰচাৰ, সকলো সময়ৰ ঐচ্ছিক বিষয়ৰ চাৰ সকলৰ দৰেই, বৰ অমায়িক স্বভাৱৰ মানুহ আছিল ।
সিদিনা কি হ'ল জানো, শান্ত -শিষ্ট মানুহজন খং আৰু লাজতে "সঁচা কথা কলে নামাৰো" বুলি কৈয়ো নগেনক চেকনিৰে খুব মাৰিলে। চাৰ সেইদিনাখনৰ বাবে শ্ৰেণী সামৰি ওলাই গ'ল। সঁচা কথা কোৱাৰ বাবে নগেনৰ বন্ধু মহলত সঁচাকৈয়ে নাম আছিল ।
সেইদিনাখন সঁচা কথা কৈ, নগেনেও অপ্ৰত্যাশিতভাবে মাৰ খাই বৰ দুখী হৈ পৰিল। পিছদিনাখন মিশ্ৰচাৰ আহি আগদিনা হোৱা ঘটনাৰ গুৰুত্ব আৰু দুখ কিছু লাঘৱ কৰাৰ উদ্দেশ্যে, সৰসভাৱে কলে, "আজি আমাৰ বিষয় হিন্দী কবিতা । কিন্তু আজি আমি কোনো কিতাপৰ কবিতা নপঢ়ো ।
আজিলৈকে তোমালোকে হিন্দীত বহুতো কবিতা পঢ়িলা। আজি শ্ৰেণীত হিন্দী কবিতা লিখাৰ প্ৰতিযোগিতা হব। তোমালোকে এটা নিজাকৈ কবিতা লিখা আৰু যাৰ কবিতা সকলোতকৈ ভাল হব, তাক মোৰ এই "উইং চাং" (এসময়ৰ চাইনা নিৰ্মিত "ফাউন্টেইন পেন", সকলোৰে বাবে এক হেঁপাহৰ কলম আছিল) কলমটো পুৰস্কাৰ হিচাপে দিম। ২০ মিনিট সময়ৰ ভিতৰত লিখি মোৰ ওচৰত বহীবোৰ জমা দিব লাগিব।" এইবুলি কৈ চাৰে সময় আৰম্ভ হোৱাৰ ইংগিত দি পৰিবেশটো পাতলাই চকীত বহি ললে। ছাত্ৰ-ছাত্ৰীসকলেও আগদিনা খনৰ ঘটনাৰ বিষয়ে পাহৰি, আনন্দমনেৰে কবিতা লিখাত লাগি গ'ল।
বিশ মিনিট উকলি যোৱাৰ পিছত, সকলোৱে লিখা কবিতাবোৰ চাৰৰ ওচৰত জমা দিলে । ফলাফল ঘোষণাৰ বাবে আগ্ৰহেৰে ৰৈ থাকিল। পুংখানুপুংখ ভাবে সকলোৰে কবিতাবোৰ পঢ়ি উঠাৰ পিছত, চাৰে কাক প্ৰথম বিজেতা বুলি ঘোষণা কৰিলে জানেনে ? নগেনক ।
চাৰে নিজে উঠি আহি নগেনক কলমটো পুৰস্কাৰ হিচাপে দিলে আৰু সকলোৱে হাতচাপৰি বজাই নগেনক অভিনন্দন জনালে। এতিয়া সকলোৰে মনলৈ নিশ্চয় প্ৰশ্ন এটা আহিছে যে, নগেনে কিনো লিখিছিল ?
নগেনে লিখা কবিতাটো আছিল, "ক্যা লিখু, ক্যইছে লিখু, ক্যা লিখু, ক্যইছে লিখু। লিখনে মে আতা হ্যাই লাজ ক্যা লিখু, ক্যইছে লিখু, লিখনে মে আতা হ্যাই লাজ, জিছকে লিয়ে, মাৰ খায়া থা কাল; ৱহ চীজ ফিৰচে, নিক্ লা হ্যাই আজ।"
qqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqq
"মৃত্যু" শব্দটো মিছাতে বদনামৰ ভাগী হয়, মানুহক আচল যন্ত্ৰণা প্ৰকৃততে জীৱনেহে দিয়ে। "পত্নী" শব্দটোক বহুতেই মিছাতে সন্দেহৰ চকুৰে চাই, বিপদৰ সময়ত অকল পত্নীয়েহে সহযোগ দিয়ে।
qqqqqqqqqqqqqqqqqqqqqqqqqqqqqqq
পত্নী : জানু, চোৱানা, কম্পিউটাৰত "কমাণ্ড" (এক প্ৰকাৰৰ নিৰ্দেশ) দিছো, মোৰ কথা একদম, মনা নাই ।
পতি : কেনেকৈ মানিব ? এইটো কম্পিউটাৰ হয়, তোমাৰ প্ৰতিটো কথা মানিবলৈ, এইটো তোমাৰ পতি নহয়।
@@@@@@@@@@@@@@@@@@@@@@@@
❤ আজিকালি নগেন মন্দিৰলৈ নিয়মিতৰূপে যাবলৈ লৈছে। কেলেই জানেনে ? . . . . . . . . . . . . . . . মন্দিৰলৈ গলে পূজা, অৰ্চনা, প্ৰাৰ্থনা, আৰতি, শলিতা, কুসুম আৰু আৰাধনাকে আদি কৰি আটাইখিনিকে পায় যে, সেইকাৰণে ।
mmmmmmmmmmmmmmmmmmm
এজন ভক্তই ঘোৰ তপস্যা কৰাৰ ফলস্বৰূপে, প্ৰভূৰ দৰ্শন লাভ কৰিবলৈ সক্ষম হ'ল। প্ৰভূই ভক্ত গৰাকীক সুধিলে, "তোমাক কি বৰ লাগে, বৎস, তুমি নিৰ্ভয়ে কোৱা ?"
ভক্ত : ধন্য হ'ল মোৰ মনুষ্য জনম । প্ৰভূ, সৰগৰ পৰা পৃথিৱীলৈ এটা ধুনীয়া ৰাস্তা বনাই দিয়া, প্ৰভূ ।
প্ৰভূ : অসম্ভৱ বৎস। তুমি, বেলেগ কিবা কামনা কৰা।
ভক্ত : ঠিক আছে প্ৰভূ , এই পৃথিৱীৰ, সকলোবোৰ পত্নীৰ, বোধশক্তি আৰু সহনশীলতা বৃদ্ধি কৰি দিয়া । আৰু যদি পাৰা, একেবাৰে শান্ত-শিষ্ট স্বভাৱৰ কৰি দিয়া, প্ৰভূ ।
প্ৰভূ : বৎস, সৰগৰ পৰা পৃথিৱীলৈ যিটো ৰাস্তাৰ কথা কৈছিলা, সেইটো, চিংগল লেন হলে হব, নে ডাবল্ লেন লাগিব ?
mmmmmmmmmmmmmmmmmmmmmmm
দুয়োখন গাড়ীৰেই সন্মুখৰ অংশ ভাঙি চুৰমাৰ। সৌভাগ্যক্রমে দুয়োজন গাড়ী চালকৰ কিন্তু একো নহল। দুয়ো একদম অক্ষত থাকিল। এখন গাড়ীৰ চালক এজন পুৰুষ আৰু আনখন গাড়ীচালিকা এগৰাকী মহিলা। দুর্ঘটনাৰ পিছত, দুজনেই ভঙা গাড়ীৰ পৰা কোনমতে ওলাই আহিল। মহিলাগৰাকীয়ে কলে, "চাওক, আমাৰ দুয়োৰে গাড়ীৰ অবশিষ্ট একোৱেই নাথাকিল ।
কিন্তু ঈশ্বৰক ধন্যবাদ যে, তেওঁ আমাক ৰক্ষা কৰিলে। ঈশ্বৰৰ হয়তোবা এয়াই ইচ্ছা আছিল যে, এই ঘটনাৰ দ্বাৰা আপোনাৰ আৰু মোৰ মাজত এক সুন্দৰ বন্ধুত্ব গঢ়ি উঠক , নে কি কয় ? সেইকাৰণে এই ঘটনাৰ বাবে আমি কোনোৱে কাকো দায়ী নকৰো ।" পুৰুষজন আনন্দিত হৈ কলে, "হয়, আপুনি একদম ঠিক কথা কৈছে , মই আপোনাৰ সতে সম্পূৰ্ণ একমত। "
তেতিয়া ভদ্রমহিলাই তলত পৰি থকা এটা মদৰ বটলৰ ফালে আঙুলিয়াই কলে, "আৰু এটা কথা মন কৰিছেনে? এই বটলটো মই মোৰ এজন বন্ধুৰ বাবে আনিছিলো। চাওঁক গাড়ী ভাঙি চুৰমাৰ হৈ গ'ল তথাপি বটলৰ কিন্তু একো নহ'ল। ঈশ্বৰে বোধ হয় বিচাৰিছে যে, এইটোৰে আমি দুয়ো জীয়াই থকাৰ সৌভাগ্য চেলিব্রেট কৰোঁ ।"
মহিলাগৰাকীয়ে লাহেকৈ মদৰ বটলটো মানুহজনৰ ফালে আগুৱাই দি কলে, "এয়া লওক, আৰম্ভ কৰক।" মানুহজনে বটলৰ ক্যাপ খুলি তিনটা মান ঘোট খাই, বটলটো মহিলাগৰাকীক দি কলে, "থেংকছ্, এতিয়া আপুনি, অলপ লওঁক।" মহিলাগৰাকীয়ে কলে, "মই আচলতে বেছি নাখাওঁ, আপুনি আৰু অকণমান খালে, খাই লওক, মোলৈ অকণমান এৰিলেও হব।" মানুহজনে বটলটোৰ প্রায় ৭৫% খাই, বটলটো মহিলাগৰাকীক দি কলে, "লওক ম্যাডাম, এইখিনি আপোনাৰ, খাওক।"
মহিলাগৰাকীয়ে কলে, "প্লিজ বেয়া নাপাব, মই এতিয়া নাখাওঁ , কাৰণ মই এতিয়া পুলিচৰ অপেক্ষা কৰিম, পুলিচ আহক আৰু চাওঁক এই দুর্ঘটনাৰ বাবে দায়ী কোন ? " mmmmmmmmmmmmmmmmmmmmmmmmmmmmmmm
প্ৰেমৰ সংজ্ঞা কিমানযে বহুৰূপী , মন কৰক ।
❤ মাতৃৰ প্ৰতি মৰমক পূজা বুলি কোৱা হয় ।
❤ পিতৃৰ প্ৰতি মৰমক সন্মান বুলি অভিহিত ।
❤ ভাতৃৰ প্ৰতি মৰমক বিশ্বাস আখ্যা দিয়া হয় ।
❤ ভগ্নীৰ প্ৰতি মৰমক দায়িত্ব বোলা হয় ।
❤ বন্ধু-বান্ধৱীৰ মৰমক চেনেহ নাম দিয়া হয় ।
❤ পত্নীয়ে পতিক মৰম কৰিলে পতিব্ৰতা বুলি কয়। অথচ, বিড়ম্বনা মন কৰক,
❤ পত্নীক প্ৰেম কৰিলে পুৰুষক তিৰোতা সেৰুৱা বুলিহে কয় । এইয়া অন্যায় নহয় নে, বন্ধু-বান্ধৱী সকল ?
mmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmm
বীৰেণ : তোৰ দেউতাৰে মৃত্যুৰ আগে আগে, কিবা কৈ গ'ল নে ? নগেন : নাই, মোৰ মা ঠিক তেখেতৰ মুখৰ আগতে, ৰৈ আছিল, সেইকাৰণে তেওঁৰ মুখৰ পৰা এটা, শব্দও নোলাল। mmmmmmmmmmmmmmmmmmmmmmmmmmmmmmm
❤ শ্ৰেণী কোঠাৰ দৃশ্য ❤
শিক্ষক : নগেন, তই আজিও "হ'ম ৱৰ্ক" কৰি অনা নাই !! তইয়েই ক, তোক আজি কি শাস্তি দিওঁ ? নগেন : চাৰ, তিনি নম্বৰ বেঞ্চত যে বহি আছে, পমিলী, তাইও "হ'ম ৱৰ্ক" কৰি অনা নাই । শিক্ষক : তোৰ নো কি হ'ল, তাতে ?
নগেন : চাৰ, শাস্তি হিচাপে, আমাৰ দুইটাকে বাথৰূমত বন্ধ কৰি থৈ দিয়ক ।
mmmmmmmmmmmmmmmmmmmmmmmmmmmmm
সন্ধিয়া অফিচৰ পৰা আহি পতিয়ে চাহ খাই থাকোতে পত্নীক সুধিছে, " তুমি ৰামায়ণৰ, ৰজা দশৰথৰ নাম শুনিছা নে ?"
পত্নী : শুনিছো, কেলেই নো সুধিলে হয় ?
পতি : ৰজা দশৰথৰ কেইজনী পত্নী, আছিল ?
পত্নী : তিনিজনী আকৌ ।
পতি : তেনেহলে মই আৰু দুজনী, এতিয়াও আনিব পাৰো, নে কি কোৱা ?
পত্নী : আপুনি মহাভাৰতৰ দ্রৌপদী ৰ নাম শুনিছে নে ?
পতি : ধেৎ তেৰিকা, মই ধেমালিহে কৰিছো । চব কথা ইমান "চিৰিয়াছ্লী" নলবাচোন । যোৱা সোনকালে, "ৰেডী" হৈ ওলোৱা, আজি ভাত বাহিৰতে খাম ব'লা ।
mmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmm
আপোনাৰ জীৱনৰ প্ৰকৃত বন্ধু সেইজনেই, যিজনে আন কোনোৱেই নেদেখা, আপোনাৰ, তিনিটা বস্তু দেখিবলৈ পায় ।
❤ আপোনাৰ হাঁহিৰ মাজত, লুকাই থকা বেদনা খিনি ।
❤ আপোনাৰ খঙৰ মাজত, লুকাই থকা মৰম খিনি ।
❤ আপোনাৰ নীৰৱতাৰ মাজত, লুকাই থকা কাৰণ বোৰ । সুপ্ৰভাত বন্ধু-বান্ধৱী সকল।
mmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmm Sanjeev
সেই ব্যক্তিজনেই বৰ্তমানৰ পৃথিৱীত সফল ব্যক্তি, যিজনে অৰ্জন কৰা ধন , পত্নীয়ে দুহাতেৰে খৰছ কৰিও, শেষ কৰিব নোৱাৰে । . . . . . . . . . . . . . সেইগৰাকীয়েই সফল মহিলা, যিয়ে নেকি, তেনে ব্যক্তি, বিচাৰি উলিয়াই নিজৰ কৰি লব পাৰে ।
@@@@@@@@@@@@@@@@@@@@@@@@@
❤ মই ঈশ্বৰে কৈছো। মই কোনো ঈশ্বৰ গোস্বামী বা ঈশ্বৰ দাস বুলি ভুল নকৰিবা । মই আচলতে এই বিশ্বৰ সৃষ্টি কৰ্তা । কিছুমানে মোক আল্লা আৰু কিছুমানে মোক গড্ বুলিও মাতে । মোক তোমালোকৰ, কেইটামান কথাই খুব বেদনা দিছে । সৰ্বপ্ৰথম কথাটো হল, তোমালোকে মোক বেলেগ বেলেগ নামেৰে সম্বোধন কৰা, মই বেয়া নাপাও, কিন্তু নাম যিয়েই নহওক, মই যে এজনেই, বুলি জনাৰ পিছতো, তোমালোকে নজনা ভাও জুৰি, পৰস্পৰৰ মাজত হিংসা-বিদ্বেষ কৰা, মই এই কথাটোত বৰ দুখ পাওঁ। মোক ভাল পাও বুলি দাবী কৰা, প্ৰত্যেককে মোৰ অনুৰোধ, তোমালোকে ইজনে সিজনক ভাল পাবলৈ শিকা । তোমালোকৰ আৰু কিছুমান কথা আছে, যিবোৰে মোক বৰ পীড়া দিয়ে ।
❤ তোমাৰ ভুল বা অসতৰ্কতাৰ বাবে তোমাৰ ঘৰখনৰ পৰা চুৰে চোৰ কৰিলে, তুমি কোৱা, "হে ভগৱান , তুমি এইয়া কি কৰিলা ? "
❤ গাড়ীখন অত্যাধিক বেগ ত চলাবা তুমি, আৰু যেতিয়া খুন্দা লাগিব। "হে আল্লা, তুমি কি কৰিলা ?" ❤ ভালদৰে নপঢ়িবা তুমি আৰু উত্তীৰ্ণ হব নোৱাৰিলে কবা , "ও গড্ , তুমি মোৰ ফালে এবাৰো মূৰ তুলি নাচালা ।" কেতিয়াবা এনেযেন লাগে, এই পৃথিৱীখনত সকলো বেয়া কামৰ বাবে, মই হে যেন প্ৰকৃততে দায়ী । আজিকালি আৰু এটা নতুন অভিযোগ তোমালোকে মোৰ ওপৰত আৰোপিত কৰা। তোমালোকে যিবোৰ সমস্যাৰ সমাধান কৰিবলৈ অপাৰগ, সেই কামবোৰ ওলোটাই, মই কৰিবলৈ হে অসমৰ্থ বুলি কোৱা । যেনে:
❤ ভগৱান আহিলেও দূৰ্নীতি বা ভ্ৰষ্টাচাৰ ৰোধ কৰিব নোৱাৰিব ।
❤ ওপৰৱালা আহিলেও বয়-বস্তুৰ মূল্যবৃদ্ধি নিবাৰণ কৰিব নোৱাৰিব ।
❤ ঈশ্বৰেও ধৰ্ষণ ৰোধ কৰিব নোৱাৰিব । তোমালোকে যে এইবোৰ কোৱা, আচলতে কি কব বিচাৰিছা ? ভ্ৰষ্টাচাৰ কোনে জন্ম দিছে ? মই ? আজিলৈকে কোনোবাই মোক উৎকোচ লোৱা দেখিছে ? মই এই পৃথিৱীৰ সকলোকে বায়ু, পানী, ৰ'দ, বৰষুণ ইত্যাদি সমানেই দিও । কোনোবাই কব পাৰিব, যে মই জাৰকালি, মাননীয় মূখ্যমন্ত্ৰী শ্ৰী তৰুণ গগৈ ডাঙৰীয়াৰ বাসভৱনত বেছি ৰ'দ দিছো বা জহকালি উৎকট গৰমৰ দিনা কেৱল তেখেতৰ বাসভৱনত বৰষুণ দিছো বুলি । কলে বেয়া পাবা, তোমালোকে হে মোৰ ওচৰলৈ আহা উৎকোচ লৈ, উপঢৌকন লৈ । কেতিয়াবা বুট-মাহ, কেতিয়াবা লাড্ডু, আৰু কেতিয়াবা চাদৰ, ইত্যাদি লৈ । আৰু এটা কথা কওঁ, তোমালোকে মোৰ নামত প্ৰসাদ বুলি বস্তুবোৰ কিনি যে নিজেই খোৱা, মোক কেতিয়াবা সুধি চাইছা নে ? মই আচলতে কি ভাল পাও ? মূল্যবৃদ্ধি কোনে কৰিছে ? মই ?
❤ আৰে মইতো কেৱল মাটিহে সৃষ্টি কৰিছিলো । তোমালোকে ভাষা, ধৰ্ম, জাতি, ক'লা-বগা আদিৰ নামত দেশ - বিদেশৰ চাৰিসীমা আঁকিছা । এইবোৰ কৰাৰ পিছতো ক্ষান্ত নাথাকি, এইখনি মোৰ মাটি, সেইখিনি মোৰ মাটি বুলি, এই মাটিকেই আকৌ 'প্লট' বনাই বিক্ৰী কৰিছে, কোনে ?
❤ মই পানীৰ সৃষ্টি কৰিছিলো। সেই পানীক বটলত ভৰাই বিক্ৰী কৰিছে । কোনে ? মই ?
❤ মই পশু-পক্ষীৰ সৃজন কৰিছিলো । সেইবোৰক খাদ্য সামগ্ৰী সজাই বিক্ৰী কৰিছে । কোনে ? মই ? ❤ মই পৃথিৱীখন শুৱনি, শীতল আৰু প্ৰদূষণ মুক্ত কৰিবলৈ গছ-গছনি আদিৰ সৃজন কৰিছিলো। সেইবোৰক কাঠ বনাই বিক্ৰী কৰিছে। কোনে? মই ? আজিলৈকে মই
❤ তোমালোকৰ ওচৰত কিবা বস্তু বিক্ৰী কৰিছো ?
❤ কিবা বস্তুৰ বিনিময়ত পা-পইচা লৈছো ? সকলো কথাতেই মাথো, মোৰ হে ভুল দেখা, তোমালোকে । তোমালোকৰ ভুলবোৰ এটাৰ পিছত, এটাকৈ ক্ষমা কৰি আহি আছো । এতিয়াও সময় আছে, নিজক শুধৰাবলৈ যত্ন কৰা । মানুহ হিচাপে জন্মগ্ৰহণ কৰিছা, যেতিয়া শ্ৰেষ্ঠতাৰ দাবী কৰি ফুৰিলেই নহব । তোমালোকৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা মানবীয় গুণসমূহৰ বিকাশ ঘটোৱা, পৰস্পৰক, সকলো জীৱ আৰু প্ৰকৃতিক ভাল পাবলৈ শিকা । পিছত নকবা যে মহাপ্ৰলয় কেনেকৈ আহিল আৰু নুসুধিবা । "হে ভগৱান, হে আল্লা, ও গড্ ,এইয়া তুমি কি কৰিলা ?"
@@@@@@@@@@@@
❤ আমি সকলোৱে এটা কথাত একমত নিশ্চয়, যে আমাৰ প্ৰধানমন্ত্ৰী মাননীয় শ্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়াই, কোনো ধৰনৰ ৰাগীয়াল বস্তু সেৱন, বিশেষকৈ সুৰাপান নকৰে । . . . . . . . . . . . কেতিয়াবা সাক্ষাৎ লাভৰ সুযোগ পালে সুধিব লাগিব, " আপুনি ' সেইবিধ' সেৱন নকৰাকৈ "মন্ কী বাত" কেনেকৈ কৰে, বাৰু ?"
@@@@@@@@@@@@@@@@@@@@
❤ চহৰৰ এখন গাৰ্লছ্ হোষ্টেলৰ, ৰিচিপ্চনিষ্ট হিচাবে নগেনে নিযুক্তি পালে। নগেনে খুব আনন্দ আৰু আন্তৰিকতাৰে নিজ কৰ্তব্য পালন কৰি গৈ আছে । তিনিমাহমান যোৱাৰ পিছত গাৰ্লছ্ হোষ্টেলৰ মালিকে নগেনক মাতি পঠিয়ালে আৰু কলে, "হেৰা কি হ'ল হে, তুমি তোমাৰ দৰমহা লবলৈ অহা নাই যে ?" নগেন : হে ভগৱান, বেলেগকৈ দৰমহাও দিয়ে বুলি, জনাই নাছিলোঁ ।
Sanjeev Mazoomdar
• ❤ আদালতৰ দৃশ্য❤
উকীল : পূলিছৰ ডায়েৰী মতে, তুমি চহৰৰ নামী-দামী, শাৰীৰ দোকান এখনত, নিশা চুৰ কৰিবলৈ গৈ ধৰা পৰিছা, হয়নে ? নগেন : হয় চাৰ, প্ৰথম দুবাৰ ধৰা পৰা নাছিলো, তিনি নম্বৰ বাৰ যাওতে হে ধৰা পৰিলো । ...
@@@@@@@@@@@@@
❤ কিছুমান মহিলা NRC ফৰ্ম খনৰ দৰে । প্ৰথম দৃষ্টিত, জটিল যেন লাগিলেও, পিছলৈ সহজ হৈ পৰে । সুপ্ৰভাত S
@@@@@@@@@@@@@@@
যোৰহাটৰ আদালতৰ দৃশ্যঃ সৰু-সুৰা অপৰাধে এৰা নিদিয়া, নগেনক আদালতত হাজিৰ কৰা হল। নগেনক দেখাৰ পিছত জজ চাহাবে খঙত্ কলে, " হেৰা, এইদৰে আদালতলৈ সদায়-সদায়, আহিবলৈ, তোমাৰ লাজ নালাগে । " নগেন : লাজ ? লাজ কিয় লাগিব ? কি কথা যে কয় ও, জজ চাহাব । আপুনিও তো সদায়-সদায় আহে, কিয় আপোনাৰ লাজ লাগে নেকি ?
@@@@@@@@@@@@@@@@@
• চীন দেশত উৎপন্ন হোৱা বস্তুৰে, আমি আমাৰ দৈনন্দিন জীৱন নিৰ্বাহ কৰো । আমি ব্যৱহাৰ কৰা বেছিভাগ সামগ্ৰী সমূহ, চীনৰ পৰা আহে । কিন্তু, চীনৰ কাৰিকৰী আৰু প্ৰযুক্তিবিদ্যা যিমানেই ওপৰত নহওক কিয়, এটা বিষয়ত সিহঁত আমাতকৈ, কেতিয়াও আগবাঢ়িব নোৱাৰিব। . . . . . . . . . . . . আমাৰ ডেকালৰা বোৰে, হঠাৎ, চলন্ত মটৰ চাইকেলৰ ব্ৰেক মাৰি, যিটো ষ্টাইলেৰে তামোলৰ পিক পেলাব, এই বিশেষ কায়দাটো, চীনৰ ডেকালৰাবোৰে আৰু এশ বছৰতো, আয়ত্ব কৰিব নোৱাৰিব ।
@@@@@@@@@@@@@
আপোনাৰ আশে-পাশে কোনোবাই ধুম্ৰপাণ কৰি পৰিবেশ প্ৰদূষিত কৰাৰ লগতে আপোনাকো, আমনি কৰিছে নেকি বাৰু ? . . . . . . আপুনি সেই ধুম্ৰপায়ীজনক অন্তৰৰ পৰা ক্ষমা কৰি দিয়ক ! হয়তোবা, সেইজনৰ জীৱনৰ সেইটোৱেই শেষ চিগাৰেটো হব পাৰে !!!!!
nn
❤ সময় হৈছে বোৱতী নদীৰ পানীৰ দৰে, আপুনি একেখিনি পানী, আকৌ এবাৰ চুই চাও, বুলিলেও চুব নোৱাৰে, কাৰন পাৰ হৈ যোৱা, সোঁতৰ পানী পুনৰাই কেতিয়াও ঘুৰি নাহে । জীৱনৰ প্ৰতিটো মূহুৰ্ত, প্ৰতিটো কথা, উপভোগ কৰিবলৈ চেষ্টা কৰক । সুপ্ৰভাত । mmmmmm লৰাৰ মাকে ছোৱালী চাবলৈ, মানুহ এঘৰলৈ গৈছে । ছোৱালীৰ মাকক সুধিছে, " আপোনাৰ ছোৱালীয়ে কি কি বনায়, বাৰু ? " ছোৱালীৰ মাক : আগতে মেগী বনাইছিল, এতিয়া সেইটোৰো মুদা মৰিল । এতিয়া ফেচবুকত, "লাইক্" আৰু "কমেন্ট্" কৰি কিছুমান লৰাক বুৰ্বক বনায়, আৰু ।
mmmmmmmmm•
অকলে অকলে, সুৰাপান কৰাৰ এটা মৌলিক সমস্যা হ'ল, সুৰাপান কৰি উঠাৰ পিছত, আপুনি, ইংলিছত কাৰ লগত কথা পাতিব ?
mmmmmmmmm
আপোনাক ফেচবুকত পোৱাৰ পাছত আপোনাৰ প্ৰায় সংখ্যক আপডেটেই পঢ়িছো। কৌতুক ভাল পাও বহুত। আপোনাক পোৱাৰ আগতে কিছুমান একঘেয়ামী কৌতুকে আমুৱাইছিল। কিন্তু আপুনি পোষ্ট কৰা কৌতুকবোৰৰ প্ৰায়ভাগেই নতুন মোৰ বাবে। প্ৰতিটো আপডেটত মন্তব্য দিবলৈ সমৰ্থ নোহোৱাৰ বাবে ইয়াতে কৈছো, "হঁহুৱাই থাকক, হাঁহি থাকক।"
@@@@@@@@@@@@@@@@@
আপোনালৈ আন্তৰিক ধন্যবাদ থাকিল । এটা কথা মই সদায় বিশ্বাস কৰো যে এজন ভাল গায়কৰ সমানেই সুৰসিক শ্ৰোতাৰো প্ৰয়োজন আছে। প্ৰাণ খুলি প্ৰসংশা কৰিবলৈ কলিজা লাগে। আৰু এটা কথা, বৰ্তমান সমাজৰ সমস্যা সমূহৰ মূল কাৰণ হৈছে ভাল কামৰ বাবে প্ৰসংশা আৰু বেয়া কামৰ প্ৰতি নিন্দা/ ঘৃণাৰ অভাৱ ।
@@@@@@@@@@@@@@@@@@
পশ্চিমীয়া দেশবোৰত পতি বিলাকে, পত্নীক গাড়ীৰ পৰা উঠোতে আৰু নামোতে, দৰ্জা খন খুলি দিয়াটো, একপ্ৰকাৰ প্ৰথাৰ দৰে। কিন্তু ভাৰতত, এই প্ৰথা সাৰ্বজনিক ৰূপত, জনপ্ৰিয় হোৱা নাই । যদি কাৰোবাক আপুনি দৰ্জা খুলি দিয়া দেখিছে , তেতিয়াহলে, ধৰি লব লাগিব যে,
❤ হয়তোবা গাড়ী খন নতুন হয় ।
❤ নতুবা পত্নী গৰাকী নতুন হয় ।
❤ আৰু নহলে পত্নী গৰাকী নিজৰ নহয় ।
@@@@@@@@@@@@@@@
বৰ্তমান অসম তথা ভাৰতবৰ্ষৰ ন্যায়িক ব্যৱস্থা : এজনী গৰু জংঘলৰ ফালৰ পৰা, উধাতু খাই লৰি আহিছে । হাতীয়ে গৰুজনীক ৰখালে আৰু সুধিলে , " আৰে ভাই, তোমাৰ হৈছে কি, কোৱাচোন?" গৰুজনী: কিয় তুমি নাজানা নেকি? চৰকাৰে জংঘলৰ, ম'হবিলাকক ধৰি নিবলৈ নিৰ্দেশ দিছে । হাতী : কিন্তু পাহৰিছা নেকি, তুমি গৰু হে ! তুমি আকৌ কিয় পলাইছা ? গৰুজনী : হেৰা, মই জানো, মই গৰু বুলি । কিন্তু তুমিহে পাহৰিলা, এইখন অসম হয় ! এবাৰ মোক ধৰি নিলে নাই কমেও ২০ বছৰ লাগিব, প্ৰমাণ কৰিবলৈ যে, মই ম'হ নহয়, গৰু হে বুলি । এইকথা শুনাৰ পাছত , গৰুজনীৰ লগত হাতীও, দৌৰিব ললে ।
mmmmmmmmmmmmmmmmmmmmmmm
এজন মানুহ আছিল, তেখেতে নিজৰ পত্নীক খুব ভাল পাইছিল। তেখেতৰ বিশেষত্ব এয়েই আছিল যে, তেঁও নিজৰ পত্নীৰ বাহিৰে অন্য মহিলাৰ ফালে, কেতিয়াও নাচাইছিল । মানে কেৰাহিকেও নাচাইছিল । . . . . . . . . . . . . . . . . . আৰু বেছি কৌতুক পাবলৈ হলে, মোৰ সান্নিধ্যত থাকক।
mmmmmmmmmmmmmmmmmmmmmmmmmmmmm
সম্প্ৰতি হোৱা এক সমীক্ষা অনুযায়ী, জানিব পৰা গৈছে যে , ভাৰতত জন্ম-নিয়ন্ত্ৰন ফলপ্ৰসূ হোৱাৰ ক্ষেত্ৰত জন্ম নিৰোধক বড়িৰ ভূমিকা, দ্বিতীয় স্থান নত হে । . . . . . . . . . . . . . সন্তানৰ শিক্ষাৰ বাবে, প্ৰয়োজনীয় শৈক্ষিক মাচুুল দিনক দিনে, মাত্ৰাধিক ভাবে বৃদ্ধি পোৱাৰ ফলত জন্ম নিয়ন্ত্ৰণৰ হাৰ হ্ৰাস কৰাত, মাচুলৰ ভূমিকাহে প্ৰথম স্থানত ।
mmmmmmmmmmmmmmmmmm
ঘৰ সোমোৱাৰ লগে লগে মানুহজনক পত্নীয়ে খঙত সুধিলে , " গোটেই দিনটো কত আছিল, হয় ? অফিচলৈয়ো যোৱা নাই বুলি কলে । ঘটনাটো কি? " "মই মানে....মানে......" পতিয়ে ভালকৈ কিবা এটা কোৱাৰ আগতে মানুহজনীয়ে অগ্নি বৰষিবলৈ আৰম্ভ কৰি দিলে ।
mmmmmmmmmmmmmmmmm
সময়ৰ সতে সকলোৰে পৰিবৰ্তন হোৱাটো স্বাভাৱিক আৰু প্ৰকৃতিৰ এক অলিখিত নিয়ম। কেতিয়াবা আমি নিজেও নাজানো এই পৰিবৰ্তনৰ ধাৰাবাহিকতা আৰু পৰিবৰ্তনৰ ফলত দুটা প্ৰজন্মৰ মাজত আহি পৰে ব্যৱধান ।
❤ ১৯৪৫ চনত: বোপাই কাইলৈ তোৰ বিয়া ।
❤ ১৯৫৫ চনত : বোপাই, কাইলৈ আমি তোৰ কাৰণে, ছোৱালী চাব যাম ।
❤ ১৯৬৫ চনত : বোপাই , ছোৱালী আমাৰ একে জাতিৰ হয় যেন ।
❤ ১৯৭৫ চনত : বোপাই, ছোৱালী আমাৰ একে ধৰ্মৰ হয়, যেন ।
❤ ১৯৮৫ চনত : বোপাই, ছোৱালী আমাৰ সমপৰ্যায়ৰ হয় যেন ।
❤ ১৯৯৫ চনত : বোপাই, ছোৱালী আমাৰ একে দেশৰ হয় যেন ।
❤ ২০০৫ চনত : বোপাই, একে বয়সৰ ছোৱালী হয় যেন ।
❤ ২০১৫ চনত : বোপাই, বিয়া ছোৱালীৰ লগত হে হয় যেন ।
mmmmmmmmmmmmmmmmmmmm
নগেনে বিয়া পাতিম বুলি ছোৱালী চাবলৈ মানুহ এঘৰলৈ গল । চাহ-জলপান লৈ ছোৱালীজনী , নগেনৰ সন্মুখত বহিল । নগেনে অলপ স্মাৰ্ট দেখুৱাবলৈ সুধিলে, " ইংলিছ চলে নে ? " ছোৱালীজনী : ইংলিছটো অলপ কম চলে, নিমখ, জলকীয়া আৰু পিয়াঁজ লগত থাকিলে, লোকেলটোৰেই কাম চলাই দিও ।
mmmmmmmmmm
আমাৰ নগেন এইবাৰ ডাক্তৰৰ ওচৰলৈ গৈছে । ডাক্তৰক কৈছে, "ডাক্তৰ বাবু, মোৰ পেটত তামাম গেচ হৈছে । কিন্তু, এটা কথা কি জানেনে চাৰ, মই যিমানেই নেৰো কিয়, কোনো শব্দ নহয় বা দূৰ্গন্ধও নোলায় ।" ডাক্তৰে কলে, " আপুনি কেনেকৈ গম পালে ? " নগেন : চাৰ, মই ইয়ালৈ অহাৰে পৰা নাই কমেও ২০ বাৰ মান গেচ নিৰ্গত কৰিছো, আপুনি বা বেলেগ ৰোগী বোৰে, কিবা গম পাইছে জানো ? " ডাক্তৰ : উম, ঠিক আছে, এই ঔষধ খিনি খাওক, আৰু ৭ দিন পিছত মোৰ ওচৰলৈ আহক । এসপ্তাহৰ পিছত, নগেন ডাক্তৰৰ ওচৰলৈ প্ৰায় উধাতু খাই অহাদি আহিল আৰু সুধিলে , " চাৰ, আপুনি মোক কি ঔষধ দিছিল, চাৰ ? ডাক্তৰ : কিয়, কি হৈছে? নগেন : মানে চাৰ, গেচৰ সমস্যা অলপো ভাল পোৱা নাই । শব্দ এতিয়াও নোলায় ঠিকেই কিন্তু একেবাৰে জঘন্য গোন্ধহে ওলাইছে, মই এইবোৰ একো বুজি পোৱা নাই, চাৰ। ডাক্তৰ : (গহীনকৈ) ভেৰী গুড, আপোনাৰ নাক বন্ধৰ প্ৰব্লেমটো ঠিক হৈ গল তাৰমানে । এতিয়া কাণ বন্ধৰ কাৰণে দৰব দিম, এইখিনি শেষ কৰি এসপ্তাহ পিছত আকৌ আহিব । mmmmmmmmmmmmmmmmmmmmmmmm
পাৰিবাৰিক অশান্তি , কৃত্ৰিম আৰ্থিক অনাটন আৰু মহানগৰীৰ সৰু ফ্লাট ইত্যাদি নানান অজুহাত দেখুৱাই এজন পুতেকে, বিধৱা মাকক বৃদ্ধাশ্ৰম এখনত থৈ আহিল। বছৰত এবাৰ কি দুবাৰ খা-খবৰ লয়। এদিন বৃদ্ধাশ্ৰম ৰ পৰা ফোন আহিল, "আপোনাৰ মা খুবেই অসুস্থ , আপুনি সোনকালে আহক ।" পূতেকে গৈ দেখিলে মাকৰ অৱস্থা খুবেই বেয়া, কেতিয়া কি হয়, একো কব নোৱাৰি । পূতেকে মাকৰ ওচৰলৈ গৈ সুধিলে , " মা, মই আহিছো, মা তোমাৰ কিবা কবলগীয়া থাকিলে , মোক কোৱা ? " মাকে কলে, "বোপাই অ' , এই বৃদ্ধাশ্ৰমখনত, এখনো ফেন নাই, তুমি পাৰিলে, ফেন দুখনমান লগাই দিবা ।" পূতেকে কথাটো শুনি, আচৰিত হৈ কলে , "মা, তুমি ইমান বছৰ ইয়াত থাকিলা, মোক কেতিয়াও একো নুখুজিলা। এতিয়া মই ফেন, লগালোৱেই যেনিবা, কি লাভ হব ? " মাকে দূৰ্বল স্বৰেৰে কলে, " বোপাই , গৰমৰ দিনত, ইয়াত প্ৰচণ্ড গৰম । মই যেনে-তেনে, মোৰ দিন কেইটা পাৰ কৰিলো। মোৰ চিন্তা তোমাক লৈ হে, তোমাৰ সন্তানে যেতিয়া , তোমাকো ইয়াত ৰাখিব, তুমি যাতে গৰমত কষ্ট নোপোৱা । কাৰণ মই জানো, তুমি গৰম একেবাৰে সহিব নোৱাৰা। "
mmmmmmmmmmmmmmmmmmmmmm
নগেনৰ ভাটৌ: পিঞ্জৰা এটাৰ ভিতৰত, ভাটৌ চৰাই এজনী লৈ নগেন সাপ্তাহিক বজাৰত, বহি আছে । এজন গ্ৰাহকে কিমান দাম সোধাত, নগেনে কলে ৫০০০ হাজাৰ টকা বুলি । দাম শুনি গ্ৰাহক জনে কলে, "হেৰা, তুমি পগলা হৈছা নেকি হে ? সাধাৰণ ভাটৌ এটাৰ ইমান দাম ?" নগেন : এইটো সাধাৰণ ভাটৌ নহয় মালিক , ই কেবাটাও ভাষাত কথা কব জানে । মানুহজন : সচাঁ নে!!! কি কি ভাষা বাৰু ? নগেন : ইংৰাজী , হিন্দী , বাংলা আদিৰ উপৰিও, কামৰূপীয়া উপভাষা ও কব জানে। ( মানুহজনে ভাটৌ টোক সুধিছে) ভদ্ৰলোক : হেলো, হু আৰ ইউ? ভাটৌ : হাই, আই এম এ পেৰ'ট। ভদ্ৰলোক : নমস্কাৰ, তুম কৌন হো? ভাটৌ : নমস্কাৰ, মেই এক তোতা হু। ভদ্ৰলোক : এই যে কি খবৰ ? তুমি কে বলো ত'? ভাটৌ : আমি ভালো আছি, আমি একটা টিয়া পাখি । ভদ্ৰলোক : ( কামৰূপী ভাষাত) তুমি কুনি হা ? (বাৰে বাৰে একেটা প্ৰশ্ন শুনি বিৰক্তিৰে ) ভাটৌ : অই গজমূৰা, তেইতাৰ পাই কৈ আছু । ভেটা কানা, তই চখুইদি নেদ্খা, মৰণ নোহোৱা । বেটা মান্নাই মাৰা, তই দেখা নাই ? মই এটা টিয়া চৰে বুলি, শ'গুণে খোৱা । ওই নগিন, ইয়াক এৰে পাৰাই খেদ হে, বুইলছু । Mmmmmmmmmmmmmmmmmmmmmmmmmmmmm এ
খন ডে-চুপাৰ বাছত এগৰাকী ধুনীয়া ভদ্ৰমহিলা অকলে গৈ আছিল । কাষতে বহা অচিনাকী মানুহজনে, মানুহগৰাকীক সুধিলে, " বেয়া নাপায় যদি কথা এটা, সোধো ? " ভদ্ৰমহিলা : অ' কওকচোন ? মানুহজন: আপোনাৰ লিপষ্টিকৰ কালাৰটো বৰ ধুনীয়া দেই । কোন ব্ৰেণ্ডৰ ? কালাৰৰ শ্বেড্ টোৰ নামটো কব নেকি? ভদ্ৰমহিলা : কেলেই লাগেনো, ইমান ডিটেইলছ ? মানুহজন : নাই মানে, মই মোৰ পত্নীক, একেধৰণৰ লিপষ্টিক এডাল উপহাৰ দিম বুলি ভাবিছো । ভদ্ৰমহিলা : যদি, আপোনাৰ পত্নীক দিম বুলি ভাবিছে, তেনেহলে নকও। মানুহজন : কিয়, মানে, নবুজিলো ? ভদ্ৰমহিলা : আপোনাৰ পত্নীয়ে , সেই লিপষ্টিক লগাই, কেতিয়াবা, অকলে বাহিৰলৈ যাবলগীয়া হব । আৰু, এই লিপষ্টিকৰ গইনা লৈয়েই, কোনোবা মুৰ্খই, চেনি খাবলৈ চেষ্টা কৰিব পাৰে, সেইকাৰণে । Mmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmm
বয়সস্থ মানুহ : বোপা, তুমি কি কৰা ? যুৱক : খুড়া, মই মহিলা সশক্তিকৰণৰ কাৰণে কাম কৰো। বয়সস্থ মানুহ : চাব্বাছ, খুব ভাল কথা । এই কামটো কি ধৰণে কৰা বাৰু ? যুৱক : খুড়া মই ফেচবুকত ধুনীয়া ছোৱালীবোৰৰ ফটো আৰু টাইমলাইনত দিয়া পোষ্ট বোৰত, খুউব লাইক্ মাৰো । Mmmmmmmmmmmmmmmmmmm
আদালতৰ দৃশ্যঃ যোৱা ১০ বছৰ ধৰি চলি থকা কেছ এটাত জজ চাহাবে নগেনক নিৰ্দোষী বুলি ৰায় দিলে। জজ চাহাব : মি: নগেন, আপোনাক নিৰ্দোষী বুলি ঘোষণা কৰা হল । নগেন : মাননীয় জজ মহোদয়, মোক আপুনি নিৰ্দোষী বুলি ৰায় দিলে, মই ভগবানৰ ওচৰত প্ৰাৰ্থনা কৰিছো, যাতে আপুনি প্ৰমোচন পায় দাৰোগা হব পাৰে। জজ চাহাব : কি কথা কৈছে হে, মই জজ, মানে মোৰ পদবী দাৰোগাতকৈ ডাঙৰ । আপুনি মানুহ মাৰিব দেই । নগেন : নাই চাৰ, মই নামানো, মোৰ দৃষ্টিত দাৰোগা, জজতকৈ ডাঙৰ । জজ চাহাব : কেনেকৈ মোক বুজাই দিয়ক । নগেন : চাৰ আপুনি মোৰকেছটো, শেষ কৰোঁতে ১০ বছৰ লগাই দিলে, অথচ মোক দাৰোগা জনে তেতিয়াই কৈছিল, " টকা পাচ হাজাৰ দে, তোৰ কেছটো ইয়াতেই ৰফা-দফা কৰি দিম ।" Mmmmmmmmmmmmmmmmmmmmmmmmmmmm
এইবাৰ বাংলাদেশৰ লগত ভাৰতীয় ক্ৰিকেট টীমৰ পাৰফৰ্মেন্স, একেবাৰে মোৰ সৰু লৰাটোৰ দৰে। ঘৰত সলসলীয়াকৈ কবিতা আবৃত্তি কৰি, অলপো ভুল নোহোৱাকৈ, গান গাই শুনাব কিন্তু ৰাজহুৱা মঞ্চত, উঠাৰ পিছত, তাৰ মুখেৰে মাত এটাও নোলায় ।
Mmmmmmmmmmmmmmmmmmmm
এই পৃথিৱীত, তিনিটা প্ৰাণীৰ সময়ৰ জ্ঞান নাথাকে, আৰু কেতিয়া যে উভতিব, কোনো গেৰাণ্টি নাই । ❤ প্ৰচণ্ড গৰমত, পানীত নমা মহ । ❤ বন্ধুৰ সতে, পাৰ্টি কৰিবলৈ যোৱা পুৰুষ মানুহ । আৰু ❤ বিউটী পাৰ্লাৰলৈ যোৱা মহিলা । Mmmmmmmmmmmmmmm
আজিকালি সকলোক দেখিব হাৱাত উৰি ফুৰিছে, কাৰো ভৰি মাটিত নাই । . . . . . . তাৰ পিছতো নাজানো, এই পৃথিৱীত, ইমান ভীৰ কিয় ? Mmmmmmmmmmmmmmmmmmmmm
বৰ্তমান সময়ত, আপুনি তলত দিয়া তিনিওটা বস্তু সমানে, একো বেমেজালি নোহোৱাকৈ, মিলাই চলিব পাৰিছে ?
❤ পত্নী
❤ চাকৰি/ ব্যৱসায়
❤ ফেচবুক / হোৱাট্ছ আপ যদি পাৰিছে, তেতিয়াহলে আপুনিহে প্ৰকৃততে মহাপুৰুষ ।
Mmmmmmmmmmmmmmmmmmmmmm
ফুৰ্তি আপুনি যিমানেই নকৰক কিয় আৰু হুইস্কী যিমানেই যোগাৰ নকৰক কিয়, মনে মিলা বন্ধুৰ সান্নিধ্যত, কেতিয়াও সন্তুস্টি নাপায়, কম যেন লাগিবই।
Mmmmmmmmmmmmmmmmmm
নগেনৰ চেক্ এখন, বেংকে "Fund is not sufficient" বুলি লিখি ঘুৰাই (bounce) পঠিয়াই দিছে। নগেন গৰম হৈ গৈ মেনেজাৰক গৈ দম দিছে, " আপুনি পইচা নাই বুলি লিখিছে , ঠিকেই আছে, কিন্তু মোৰ একাউন্টত, নে বেংকৰ একাউন্টত সেইটো কিয় লিখা নাই ? "
Mmmmmmmmmmmmmmmmmmmmmmmm
মফচল চহৰ এখনলৈ ভায়োলিন বাদক (শাস্ত্ৰীয় ) এজনক আমন্ত্ৰন কৰি অনা হল। যথাসময়ত বাদককজনে মঞ্চত বহি, চকুমুদি বজাবলৈ আৰম্ভ কৰিলে আৰু সচৰাচৰ হোৱাৰ দৰেই এজন দুজনকৈ সকলো দৰ্শকে পলাল। ইফালে বাদকজনৰ খবৰেই নাই, বজায়েই আছে । প্ৰায় মাজ নিশা, এটা সময়ত যেনিবা শেষ কৰি চকুমেলি চাই দেখে, দৰ্শকৰ শাৰীত, মাত্র এজন বুঢ়া মানুহ বহি আছে । বাদকজন অকনো বিচলিত নহৈ মানুহজনৰ ওচৰলৈ উঠি গৈ কলে, " আজিকালি ভয়োলিনৰ মূৰ্চ্ছনাৰ (শাস্ত্ৰীয়) কদৰ বুজা মানুহ পাবলৈ টান, আপোনাৰ দৰে শ্ৰোতা পাই আজি মই ধন্য হৈছো ।" মানুহজন : মই আচলতে আপুনি, তাঁৰ কেইডাল কাটিব পাৰিবনে চাবলৈহে ৰৈ আছিলোঁ । কথা এটা কওঁ, বেয়া নাপাব, আপুনি যিদৰে সেই মাৰিডালেৰে তামৰ তাঁৰ কেইডাল কাটিবলৈ চেষ্টা কৰি আছে, এৰাতি কিয় সাতৰাতি চেষ্টা কৰিলেও কাটিব নোৱাৰিব ।
Mmmmmmmmmmmmmmmmmmmmmmmmmmm
জীৱনৰ শ্ৰেষ্ঠ সময়ছোৱা আপুনি কেতিয়াবা মনত পেলাইছে নে ?
❤ প্ৰথমবাৰ যেতিয়া প্ৰেমত পৰিছিল (পাছৰ বোৰ বাদ দিয়ক)....!!!
❤ আন্তিম পৰীক্ষা সুক্ষাতিৰে পাছ কৰা.....!!!
❤ পুৱতি নিশা সাৰপাই আৰু কিছু সময় শুবলৈ পাম বুলি পুনৰ শুই পৰা......!!!
❤ কলেজলৈ বুলি ওলাই যাওঁতে আজি এটাও ক্লাছ নহয় বুলি বন্ধুৰ পৰা এটা ফোনকল পোৱা......!!! ❤ সেই আপোনজনক দেখি অন্তৰৰ কোনোবা এটি কোণত পখিলাৰ পাখিৰ কোলাহল অনুভৱ কৰা (feeling garden garden ).....!!!
❤ এজন পুৰণি বন্ধু/বান্ধবী বহুত বছৰৰ পাছত লগ পোৱা আৰু এইটো অনুভৱ কৰা যেন এতিয়াও আমি দুয়োজন সেই একে হৈ আছো .........!!!
❤ এটি সদ্যজন্ম শিশুৰ এখন হাত ভয়ে ভয়ে স্পৰ্শ কৰা.....!!!
❤ দেওবাৰে সন্ধিয়া এজন বন্ধুৰ সৈতে সুখ দুখৰ কথা পাতি চাহ খাই আড্ডা মৰা....... !!!
❤ নিজৰ প্ৰেমিক বা প্ৰেমিকাৰ পৰা নিজৰ একান্তই অকলশৰীয়া সময়ত এটি মেছেজ বা ফোনলৈ অপেক্ষা কৰা.......!!!
❤ উদ্দেশ্য বিহীন ভাৱে এটি মৌন সৰ্পিল পথত নিজৰ পচন্দৰ গীত শুনি শুনি দিশহীন ভাবে গৈ থকা....!!!
❤ এটি ৰাজপথত উৎকট গৰমত কিনকিনীয়া বৰষুণ জাকত তিতি বৰষুণ খেদি খেদি বাইক চলাই যোৱা...... !!!
❤ নিজৰ প্ৰিয়জনৰ সৈতে এখন দাপোনৰ আগত ঠিয় কথা পাতি এটি অদ্ভুত শিহৰণ অনুভৱ কৰা....!!! আৰু একেবাৰে শেষত......
❤ যেতিয়া আপুনি এই লিখনিটো পঢ়িছে তেতিয়া আপোনাৰ অন্তৰৰ এটি নিভৃত কোণত এটি মিঠা হাঁহি আপোনাৰ মুখঃমণ্ডললৈকে বিয়পি পৰিছে...... মই বিশ্বাস কৰো যে এই হাঁহি থকা সময়কণ আপোনাৰ লগতে মোৰো জীৱনৰ শ্ৰেষ্ঠ সময়.....!!!! হাঁহি থাকক...... মই নহয় সকলোৱেই আপোনাক কব যে এই মিচিকিয়া হাঁহিটোৰে আপোনাক বৰ ধুনীয়া লাগিছে বুলি ....!!!
Mmmmmmmmmmmmmmmmmmmmmmmmmm
NRC প্ৰ-পত্ৰ খন পূৰণ কৰি থকা অৱস্থাত, এই ৰগৰটো মোৰ মনলৈ আহিছে । এবাৰ ৰজাই ঘোষনা কৰিলে যে তেওঁৰ সকলো প্ৰজাই নিজৰ বাৰীত, উত্পাদন হোৱা ফল মূল সমূহ, প্ৰথমতে ৰজাক খাব দিব লাগিব । ৰজাই খাই ভাল পালে পুৰস্কৃত কৰিব , কিন্তু কিবা কাৰণত ৰজাই ফলটো, খাই যদি বেয়া পায়, তেতিয়া শাস্তি হিচাবে সেই ফলটো , ফলদাতাজনৰ পিছফালেয়েদি, ভৰাই দিয়া হব। যথাসময়ত ৰাইজে ফল-মূল লৈ আহিল । ৰ
জাই খাই গৈ আছে, ৰজাৰ ভাল লগাবোৰে পুৰস্কাৰ লৈ ঘৰলৈ উভতিছে । বেয়া পোৱাবিলাকক চন্তৰীকেইজনে পিছফালে নি, পিছফালে ভৰাই আছে । আমাৰ নগেনেও কিবা এটা ফল আনিছিল, কিন্তু ৰজাই খাই ভাল নাপালে । গতিকে নগেনক চন্তৰীকেইজনে পিছফালে লৈ গল ।
সি নিয়া ফলটো পিছফাল ভৰাবলৈ লওতে, নগেনে খুব হাহিব ধৰিলে ।
নগেনক হঁহা দেখি চন্তৰীকেইজন আচৰিত হল আৰু এজনে সুধিলে, "কি হল ভাই, ইমান দুখ পোৱাৰ পাছতো, তোমাক হে হঁহা দেখিলো, কাৰণ কি ? "
মানুহজন : ককাইদেউ, মই লিচু আনিছিলো, আৰু যি যন্ত্ৰণা পাইছো। মই মোৰ পিছৰ মানুহজনৰ অৱস্থাটো কি হব, সেই কথা ভাবিহে হাঁহি উঠিছে ।
চন্তৰী : কিয় হাঁহি উঠিছে ?
মানুহজন : কাৰণ, সেইজনে কঠাল আনিছে ।
Mmmmmmmmmmmmmmmmmmmmmmmmmmmmmm
NRC ফৰ্ম খনৰ জটিলতাৰ বিষয়ে মই ফেচবুকৰ বহুতো বন্ধুই দিয়া আপডেট পঢ়ি ভাবিছিলো ৰাইজে অতিৰঞ্জিত কৰি কৈছে বুলি। কিন্তু মই ফৰ্ম খন হাতত লৈ ভাবিবলৈ বাধ্য হৈছো যে এই ফৰ্ম খন Design কৰা মানুহজন/ Team টোক জনজীৱনক দূৰ্বিসহ কৰি তোলাৰ বাবে " জটিলেশ্বৰ " বটা প্ৰদান কৰা উচিত। যিসকলে এই ফৰ্ম খন শুদ্ধকৈ, বহু কষ্টেৰে পূৰণ কৰি জমা দিবলৈ সফল হৈছে, তেওলোকলৈ আন্তৰিক অভিনন্দন জনালো। আৰু যিসকলে এতিয়াও (মোৰ দৰে) পূৰণ কৰিবই পৰা নাই, তেওলোকলৈ মোৰ আন্তৰিক সমবেদনা জনালোঁ । মই এটা কথা বুজি পোৱা নাই ইমান জটিল কৰাৰ উদ্দেশ্য কি আৰু এনে কৰি কি প্ৰতিপন্ন কৰিব বিচাৰিছে ?
Mmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmm
পত্নী : হেৰি, ৰাতিপূৱাৰে পৰা আমাৰ 'কোৰ্ট মেৰেজ' ৰ চাৰ্টিফিকেট খন, ইমান পিটিকি-পিটিকি, কি চাই আছে নো, হয় ? পতি : Expiry Date টো কৰবাত লিখা আছে নেকি, তাকেই চাইছো। বদমাছ, কেৰানীটোৱে লিখিবলৈ পাহৰিলে চাগে ।
Mmmmmmmmmmmmmmmmmmmmmmm
বিবাহিত জীৱনৰ সফলতাৰ ৰহস্য : ❤ Love One Another আৰু এই ফৰ্মূলাই কাম নিদিলে তৃতীয় শব্দটো, প্ৰথম শব্দ দুটাৰ, মাজলৈ আনি চাওক।
Mmmmmmmmmmmmmmmmmmm
একাকীত্বৰ এক বিশেষ সৌন্দৰ্য্য আৰু লগতে প্ৰতিশ্ৰুতও আছে, কাৰণ ই কেতিয়াও আপোনাৰ সতে বিশ্বাসঘাতকতা নকৰে ।
Mmmmmmmmmmmmmmmmmm
এজন শাস্ত্ৰীয় সংগীতৰ গায়ক এজনক আমন্ত্ৰন কৰি অনা হল। যথাসময়ত গায়কজনে মঞ্চত বহি, চকুমুদি আলাপ আৰম্ভ কৰিলে, আলাপো আলাপ, এনেকুৱাই আলাপ যে এজন দুজনকৈ সকলো দৰ্শকে পলাল। ইফালে গায়কজনৰ খবৰেই নাই, গায়েই আছে । এটা সময়ত যেনিবা শেষ কৰি চকুমেলি চাই দেখে, দৰ্শকৰ শাৰীত, মাত্র এজন মানুহ বহি আছে । গায়কজন অকনো বিচলিত নহৈ মানুহজনৰ ওচৰলৈ উঠি গৈ কলে, " আজিকালি শাস্ত্ৰীয় সংগীতৰ কদৰ বুজা মানুহ পাবলৈ টান, আপোনাৰ দৰে শ্ৰোতা পাই আজি মই ধন্য হৈছো ।" মানুহজন : নাই মই আপোনাৰ গান শুনিবলৈ বহি থকা নাই, আচলতে আপুনি যিখন কাপোৰৰ ওপৰত বহি গাই আছে, সেইখন মোৰ কাপোৰ। গান শেষ হলেই নিম বুলি ৰৈ আছিলো ।
Mmmmmmmmmmm
এবাৰ এখন ৰাজহুৱা সভাত এজন মদাহী দৰ্শকে, বাৰে বাৰে শৃংখলা ভংগ কৰা বাবে ঘোষকে, মাইকযোগে অনুৰোধ কৰি কলে, "দয়া কৰি, আপুনি শান্তিৰ সতে বহক।" ঘোষণা টো শুনি মানুহ এজনী মঞ্চৰ ওচৰলৈ আহি ঘোষকক কলে, " মোৰ মানুহটোক যদি শান্তিৰ লগত বহুৱাই, আজি ইয়াতেই লংকাকাণ্ড হব কিন্তু, কৈ দিলো।"
Mmmmmmmmmmm
দাতঁৰ ডাক্তৰৰ চেম্বাৰলৈ এগৰাকী মহিলা খপ-জপকৈ সোমাই আহি কলে, " ডাক্তৰ , চাৰিটা দাতঁ আপুনি ফটা-ফট উভালি দিয়ক। মোৰ হাতত সময় বৰ কম।" ডাক্তৰ : বা: আপোনাৰ দৰে সাহসী মহিলা মই আজিলৈকে দেখা নাই, কিন্তু , কম হলেও ২০ মিনিট মান সময় লাগিব । মহিলা : ok, যি কৰে সোনকালে কৰক, মোৰ মহিলা সমিতিৰ মিটিং লৈ দেৰী হৈ গৈছে। ডাক্তৰ : ঠিক আছে মই ৰেডী কৰো , আপুনি চকীখনত বহক। মহিলা গৰাকীয়ে বাহিৰলৈ মুৰটো উলিয়াই গালত হাত দি বহি থকা মানুহ এজনক মাতিলে, "হেৰা, সোনকালে আহা, ডাক্তৰ বাবুৰ দেৰী হৈছে । ফটা-ফট হৈ যাব, কিনো চিন্তা কৰি আছা ?"
Mmmmmmmmmmmmm
নতুনকৈ বিয়া পতা এহাল দম্পতিৰ কথোপকথন : পতি : ডাৰ্লিং, মই তোমাৰ জীৱনত কি হিচাবে থাকিলে ভাল পাবা, বাৰু ? পত্নী : (মোবাইল টোলৈ চাই) জানু, তোমাক মই হোৱাট্ছ আপৰ মেছেজ বোৰৰ দৰে save কৰি থলোহেতেন, আৰু যেতিয়াই মন যায় তেতিয়াই খুলি-খুলি চালোঁহেতেন । পতি : (বিৰক্ত হৈ) তুমি বৰ কৃপন, অকল save কৰিয়েই থবা ? কিয়, মাজে মাজে তোমাৰ লগৰ ছোৱালীবোৰলৈ forward কৰিবওতো পাৰা ।
Mmmmmmm
এজন মানুহে গুৰুক সুধিছে, " প্ৰভূ, এই যে মায়া-মোহ, আচলতে কি বস্তু ?" গুৰু : মায়া মোহ মানে চোৱা,
❤ নিজৰ লৰা-ছোৱালীয়ে কান্দিলে বুকুখন হমহমাই উঠে।
❤ বেলেগৰ লৰা-ছোৱালীয়ে কান্দিলে মূৰত ধৰে।
❤ ঠিক তেনেদৰে নিজৰ পত্নীয়ে কান্দিলে মূৰত ধৰে ।
❤ অথচ, বেলেগৰ জনীয়ে কান্দিলে বুকুখন হম-হমাই উঠে। এইবোৰেই মায়া-মোহ পূত্ৰ ।
Mmmmmmmmmmmmmmmm
নগেনৰ ঘৈনীয়েকৰ লগত বন্ধু হৰেনৰ অলপ-অচৰপ প্ৰেম চলি আছিল । নগেনৰ অনুপস্থিতিত হৰেন প্ৰায়েই নগেনৰ ঘৰলৈ আহে। এদিনাখন নগেন, ভবাতকৈ সোনকালে ঘৰ আহি পোৱাত, মানুহজনী ভয়তে বিচনাত অজ্ঞান হৈ পৰি ৰল আৰু হৰেনে বিচনাৰ তলত লুকালে। নগেন ঘৈনীয়েকক সংজ্ঞাহীন হৈ পৰি থকা দেখি ব্যতিব্যস্ত হৈ পৰিল । এনেতে নগেনক সৰু লৰাটোৱে চাঙ্ ৰ তলত লুকাই থকা হৰেনক দেখুৱাই দিলে । হৰেনক দেখি নগেনৰ খঙে মূৰৰ চুলিৰ আগ পালেহি, আৰু হৰেনক কলে, "ঐ তোৰ বৌয়েৰ, ইয়াত চেন্সলেছ হৈ পৰি আছে, আৰু তই নাঙঠ হৈ সৰু লৰাটোক ভয় খুৱাই ফূৰিছ !!! তোৰ অকনো লাজ লগা নাই নে ?"
mmmmmmmmmmmmmmmmmmm
এবাৰ এখন ফাংচনত, শাস্ত্ৰীয় সংগীতৰ গায়ক এজনক, গান গাবলৈ আমন্ত্ৰণ কৰা হৈছিল । এটা কথা আপোনালোকে জানে নিশ্চয, উচ্চ মাৰ্গৰ শাস্ত্ৰীয় সংগীত সকলোৱে বুজি নাপায়, আৰু সেইবাবে ভালো নাপায় । যথাসময়ত গায়কজনে আলাপ জুৰিলে । আলাপ মানে একেবাৰে শেষেই নহব যেন তেনেকুৱা আলাপ । দৰ্শকৰ এজন-দুজনকৈ উঠিবলৈ ললে। ধুনীয়া-ধুনীয়া ছোৱালীবোৰ যেতিয়া উঠি যাব ধৰিলে , তেতিয়া অলপ দাদা টাইপৰ ডেকা লৰা এজনে, হাতত লাঠি এডাল লৈ মঞ্চৰ ওপৰত উঠি গল। ইফালে গায়কজনে একাত্ম হৈ চকুমুদি, আলাপ পেৰিয়েই আছে । হঠাৎ তেও চকু মেলি লাঠী হাতত লৈ থকা ডেকাজনক, দেখি গান বন্ধ কৰি, ভয়ে ভয়ে সুধিলে, "দাদা, আপুনি মোৰ গান বেয়া পাইছে নেকি ? " (লাঠী ডাল পথালিকৈ কান্ধত পেলাই লৈ) ডেকা লৰা : নাই, নাই আপুনি গাই থাকক। আপোনাক মোৰ একো , কবলগীয়া নাই । মই কেবল, আপোনাক কোনে ইয়ালৈ, গান গাব মাতি আনিছে, সেই মানুহজনকহে বিচাৰি আছো। Mmmmmmmmmmmm
পতি : তোমাৰ দেউতাৰাৰ, কটা ঘাঁত নিমখ চটিওৱা, স্বভাৱটো নগল আৰু । পত্নী : কিনো হল আকৌ ? পতি : মোক আজি, আকৌ সুধিছে যে, মোৰ ছোৱালীক বিয়া কৰাই তুমি সুখী নে, বোপা !!!!!! Mmmmmmmmmmmmmmmmmmmm
আপোনাৰ পত্নীয়ে আপোনাৰ কথা নুশুনে নেকি? একেবাৰেই নুশুনে ? তেতিয়াহলে. . . . . . . . . . তেতিয়া হলে . . . . . . . . . . তেতিয়াহলে বেছি মুৰ ঘমাবলৈ দৰকাৰ নাই, আচলতে , কাৰো পত্নীয়েই নুশুনে
Mmmmmmmmmmmmmmmmmmmmmmmm
বিয়াৰ প্ৰায় ১০ বছৰ পিছত : পত্নী : হেৰি, আপুনি বজাৰৰ পৰা, এনেকুৱা কিবা এটা আনিবচোন, যাতে মোক আপুনি ধুনীয়া দেখে ! . . . . . . . . . . . . . পতিয়ে বজাৰৰ পৰা এবটল হুইস্কী লৈ আহিল । Mmmmmmmmmmmmmmmmmmmm
পূত্ৰ : দেউতা, মই বিয়া-চিয়া একেবাৰে নকৰো । তিৰোতা মানুহ বুলিলেই মোৰ বৰ ভয় লাগে, দেউতা । পিতা : কৰাই ল। পিছত দেখিবি, অকল এজনী লৈহে ভয় লাগিব । আৰু, বাকীবোৰ লাহে লাহে ভাল লাগিবলৈ আৰম্ভ হব।
Mmmmmmmmmmmmmmmmmmmmmmm
জীৱনৰ পংকিলতাবোৰ আতঁৰাই, জীৱনক সৰল কৰিববলৈ, মই মাথো, দুটা কামেই কৰিছো। কেতিয়াবা কৰোবাৰ ওচৰত ক্ষমা বিচাৰিছো আৰু কেতিয়াবা কাৰোবাক ক্ষমা কৰি দিছোঁ । Mmmmmmmmmmmmm
অভিনেতা সঞ্জয় দত্তই জেইলাৰক কৈছে, " জেইলাৰ চাহাব, মই বাপুক আকৌ, দেখিছোঁ ।" জেইলাৰ : এইখন "মুন্না ভাই MBBS" বোলছবি ৰ লোকেশ্বন নহয়, এইখন জেইল হয়। ইয়াত বাপুক কত পাব? সঞ্জয় : নহয় জেইলাৰ চাহাব, মই সচাঁই দেখিছো, সৌফালে, বগা ধূতি পিন্ধি আছে । জেইলাৰ : চুপচাপ শুই থাকক, সেইজন আছাৰাম বাপু হয় ।
Mmmmmmmmmmmmmmmmmmmmm
প্ৰেমিকা : প্লিজ, মোক আজি KFC ত খুৱাবা, হা ?
প্ৰেমিক : খুৱাম বাৰু , KFC ৰ সম্পূৰ্ণ ভাঙনি কি কব পাৰিবা নে ?
প্ৰেমিকা : KFC নালাগে বাৰু , McDonald লৈ যাও বলা।
প্ৰেমিক : যাম বাৰু তুমি আগতে, McDonald ৰ শুদ্ধ বানানটো কোৱাচোন ?
প্ৰেমিকা : আচলতে মোৰ এতিয়া, পণ্ডিতৰ দোকানৰ চাহ আৰু চিঙৰা, খাবলৈহে মুড গৈছে ।
প্ৰেমিক : বলা ।
Mmmmmmmmmmmmmmmmmmmmm
জম্মু কাশ্মীৰৰ এখন আদালতে এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদনৰ (Public Interest Litigation) ওপৰত এক ঐতিহাসিক বিচাৰ কৰি, ৰায় প্ৰদান কৰিলে । এখন চৰকাৰী হাই স্কুলৰ শিক্ষক এজনৰ শিক্ষাগত অৰ্হতা আৰু শিক্ষক জনৰ সাধাৰণ জ্ঞানৰ ওপৰত সন্দেহ কৰি, এজন অভিভাৱকে, এখন PIL দাখিল কৰে। মাননীয় আদালতে PIL খনক গুৰুত্বপূৰ্ণ হিচাবে বিবেচনা কৰি শিক্ষকজনৰ শৈক্ষিক অৰ্হতা সম্পৰ্কে অনুসন্ধান কৰাৰ আদেশ দিয়ে। অনুসন্ধান কৰাৰ মূৰকত দেখা গল শিক্ষকজন এখন বিশ্ববিদ্যালয় অনুদান আয়োগৰ (UGC) স্বীকৃতি প্ৰাপ্ত মহাবিদ্যালয়ৰ পৰা প্ৰথম শ্ৰেণী প্ৰাপ্ত কলা বিভাগৰ স্নাতক । কিন্তু ইয়াৰ পিছতো মাননীয় আদালতে PIL যাচিকা কৰ্তাৰ অনুৰোধ মৰ্মে শিক্ষক জনৰ সাধাৰণ জ্ঞানৰ ওপৰৰ পৰীক্ষা লোৱাৰ বাবে আদেশ দিয়ে। আদালতৰ আদেশ অনুযায়ী শিক্ষক জনক আকস্মিক ভাবে পতা পৰীক্ষাত The Cow ৰচনা খন লিখিবলৈ দিয়া হল। আৰু আমোদজনক কথাটো এয়ে যে তেও মাত্র চাৰিটা শাৰীও শুদ্ধ কৈ লিখিব নোৱৰিলে। শিক্ষক জনে আকৌ এবাৰ পৰীক্ষা লোৱাৰ বাবে আবেদন জনালে, দ্বিতীয় বাৰো বেলেগ সাধাৰন প্ৰশ্নৰ উত্তৰ দিব নোৱাৰিলে । মাননীয় আদালতে তেওঁৰ ডিগ্ৰী টোৰ বৈধতা সম্পৰ্কে পুনৰ অনুসন্ধানৰ আদেশ দিয়াত , এইবাৰ ওলাল যে তেওঁৰ সকলো ডিগ্ৰী চব ভুৱা । আদালতে তেওক তৎকালীন ভাবে চাকৰিৰ পৰা বৰ্খাস্ত কৰিবলৈ ৰাজ্য চৰকাৰক নিৰ্দেশ দিয়াৰ লগতে ভুৱা শিক্ষক জনক জৰিমনাও বিহিলে । বৰ্তমান ভাৰতত চলি থকা দূৰ্নীতি ৰোধ কৰিবলৈ হলে প্ৰচলিত আইনী ব্যৱস্থাৰ গন্ডীৰ পৰা ওলাই আহি মাননীয় আদালতে দিয়া ৰায় যেন এক সময়ৰ আহ্বান। ভাৰতৰ চুকে কোনে থকা সকলো উকীল , আদালত আৰু বিচাৰপতি সকল ইয়াৰ দ্বাৰা অনুপ্ৰাণিত হোৱা উচিত। গণতন্ত্ৰৰ অন্যতম স্তম্ভ ন্যায়িক ব্যৱস্থা সক্ৰিয় হৈ উঠিবই লাগিব। মই PIL যাচিকা কৰ্তা জনৰ লগতে মাননীয় বিচাৰপতি জনক কি বুলি ধন্যবাদ দিম ভাষা বিচাৰি পোৱা নাই। অসমৰ APSC প্ৰাৰ্থী বাচনিক লৈ যি অনিয়মৰ অভিযোগ উঠিছে, অসমৰ মাননীয় তৰুণ গগৈ দেবৰ চৰকাৰে যদি সচাকৈয়ে কোনো দূৰ্নীতি হোৱা নাই বুলি দাবী কৰিছে, তেতিয়া হলে নিৰ্বাচিত প্ৰাৰ্থী সকলৰ মাজত এখন পৰীক্ষা পাতি উপযুক্ত প্ৰাৰ্থী হয় নে নহয় প্ৰমাণ দেখুৱাই দিয়ক ।
Mmmmmmmmmmmmmmmmmmmmmmm
বিবাহিত জীৱন আচলতে খুবেই সৰল আৰু সুখদায়ক, যেন আপুনি কোনোবা এখন পাৰ্কত টহল, দিহে আছে।।. . . . . . . . . . কিন্তু সমস্যা এটাই, পাৰ্কখনৰ নাম হৈছে " জুৰাছিক পাৰ্ক " । Mmmmmmmmmmmmmmmmmmmmmmmmmm
এবাৰ এখন এয়াৰলাইন্ছৰ ফালৰ পৰা থাইলেন্ডলৈ ফুৰিবলৈ যোৱা সকলো পুৰুষৰ বাবে এক বিশেষ যোজনা আৰম্ভ কৰিলে। "আপুনি টিকট কাটক - আপোনাৰ পত্নীৰ টিকট ফ্ৰী" এই যোজনাটো ব্যপকভাবে সফল হোৱাৰ পিছত, এয়াৰলাইন্ছৰ তৰফৰ পৰা, সকলোবোৰ পত্নীলৈকে, ধন্যবাদসূচক বাৰ্তা প্ৰেৰণ কৰি সুধিলে , " আমাৰ যোজনা অনুযায়ী, আপোনালোকে থাইলেন্ড ভ্ৰমণ কৰি, কেনে পালে ?" আটাইবোৰ পত্নীৰ ফালৰ পৰা প্ৰায় একেধৰণৰ উত্তৰ আহিল । " কি ভ্ৰমণৰ কথা কৈছে, আমি একো বুজা নাই । "
Mmmmmmmmmmmmmmmmmmmmmmmmmmmmm
এবাৰ এজন ৰাছিয়ান নাগৰিক ভাৰতলৈ ফুৰিবলৈ আহিছিল । চকুৰ কিবা সমস্যা হোৱাত ডাক্তৰৰ ওচৰলৈ গল। ডাক্তৰে বোৰ্ডত লিখা আখৰ কেইটা দেখুৱালে । CZWXNQSTAZKY ডাক্তৰে সুধিলে, " আপুনি ধৰিব পাৰিছে নে ?" ৰাছিয়ান : ধৰিব পাৰিছো, মানে ? মই ইয়াক ভালদৰে চিনিও পাও। মস্কোত তাৰ ডাঙৰ দোকান এখন আছে ।
Mmmmmmmmmmmmmmmmmmmmmmm
আপোনালোকে পাইছে নে নাই নাজানো, মই হলে পাইছো । এনেকুৱা কিছুমান প্ৰাইভেট প্ৰেক্টিছ (চৰকাৰী হস্পিটালৰ হলেতো কথাই নাই) কৰা ডাক্তৰ আছে, বেমাৰীয়ে প্ৰব্লেম কবলৈ আৰম্ভ কৰিব নৌপাওতেই, প্ৰেচক্ৰিপচন লিখি শেষ কৰি বেমাৰীক বিদায় দিয়ে । এই ধৰণৰ ডাক্তৰ বোৰে কথা নকয়, মানে খুব কম কয়, যেন কথা কলে তেওঁৰ পইচাহে খৰচ হব। ঠিক তেনেকুৱা ডাক্তৰ এজনৰ ওচৰলৈ এজনে পেটৰ বিষ দেখুৱাবলৈ আহিল । ডাক্তৰৰ চেম্বাৰৰ দৃশ্যঃ ৰোগী: ডাক্তৰ বাবু, মোৰ মানে পেটৰ বি ......... ডাক্তৰ : (কথা শেষ কৰিব নিদি, চকুৰ ঠাৰেৰে বিচনা খন দেখুৱাই ) ওপৰলৈ মুখ কৰি শুই যাওক। ৰোগী শুলে, ডাক্তৰে স্টেথ'স্ক'প ডাল কাণত ওলোমাই, ইটো মূৰত থকা গোলাকাৰ diaphragm টো বুকুত লগাই কলে, " কাঁহ এটা মাৰক।" ৰোগী : চাৰ, মোৰ মানে, পেটৰ বি ........ ডাক্তৰ জনে কাহিবলৈ ইংগিত দিলে , আৰু ৰোগীয়েও কথা শেষ নকৰি, কাহঁ এটা মাৰিলে । এইবাৰ diaphragm টো বুকুখনৰ বেলেগ এটা অৱস্থানত লগাই, পুনৰ কাহিবলৈ ইংগিত দিলে । পিছত ৰোগীজনে ডাক্তৰৰ নিৰ্দেশ মানি বিচনাখনত পেট পেলাই শুলে আৰু ডাক্তৰবাবুই স্টেথ'স্ক'প লগাই পৰীক্ষা কৰি গৈ থাকিল । প্ৰথমতে ৰোগীজনক কাহিবলৈ ডাক্তৰজনে নিৰ্দেশ দিছিল, কিন্তু পাছলৈ এনেকুৱা হল যে পিঠিত, সেইটো লগালেই ৰোগীজনে কাহঁ এটা মাৰে। হাত দুখন ধুই ডাক্তৰজন নিজৰ চকীত বহিল আৰু ৰোগীজনো বহিল। কলম আৰু কাগজ লৈ ডাক্তৰ জনে এখন্তেক ৰৈ ৰোগীজনক সুধিলে, " আপোনাৰ এই কাহঁটো , আজি কিমান দিনৰ পৰা হৈ আছে ? " Mmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmm
হাতী এটাই পুখুৰীত গা ধুই আছিল । নিগনি এটাই পুখুৰীৰ পাৰৰ পৰা হাতীটোক চিঞঁৰি কলে, " ঐ দোস্ত , অলপ পানীৰ ওপৰলৈ উঠি আহচোন । হাতীটো নিগনিৰ কথামতে পানীৰ পৰা অলপ, ওপৰলৈ উঠি আহিল । নিগনি টোৱে তলৰ পৰা ওপৰলৈ হাতীটোক ভালকৈ নিৰীক্ষণ কৰিলে আৰু কলে, " হব যা, গা ধো গৈ, যা ।" হাতীটোৱে OK বুলি কৈ পানীলৈ নামি যোৱাৰ পিছত নিগনিক সুধিলে , "তইনো কিয় মাতিলি, কি চালি, মই হলে একো নুবুজিলো।" নিগনি : একো নাই দোস্ত , মোৰ জাংগিয়াটো হেৰাইছে, মই ভাবিছিলো, তই পিন্ধি, আকৌ, গা ধুই থকা নাই তো !
Mmmmmmmmmmmmmmmmmm
এইবাৰ নগেনে কোম্পানীৰ চাকৰি পালে । চাকৰি জইন কৰিবলৈ যাওতে, লগত, চানাচুৰৰ পেকেট, খালী গিলাচ আৰু পানী এবটলো লৈ গৈছে। কিয় জানেনে? নগেন টোৰ পৰা আৰু উপায় নাই, সি ইমানেই অজলা, কি যে হব ! তাৰ নিযুক্তি পত্ৰ খনত লিখা আছিল , " চাকৰিত যোগদানৰ দিনাখন কোৱাৰ্টাৰো দিয়া হব ।"
Mmmmmmmmmmmmmmmmmmmmmmmmmmmm
জংঘলৰ মাজৰ পৰা নিগনি এটা , প্ৰাণটাকি দৌৰি পলাইছে। বান্দৰ এটাই দেখি তাক ৰখাই সুধিলে, "আবে, কি হৈছে পাৰ্টনাৰ, case টো কি, কচোন ? " নিগনি : নকবি পাৰ্টনাৰ, হাতী এটাক, কোনোবাই ৰেপ্ কৰিলে বোলে । বান্দৰ : হয় নেকি ? তই আকৌ পলাইছ কিয় ? নিগনি : আবে, পূলিছে মোক Suspect কৰিছে বে !!!
Mmmmmmmmmmmmmmmmmmm
কোনোবাই কয়, ফেচবুক এটা নিচাৰ দৰে হৈ পৰিছে । কোনোবাই কয়, এৰিম এৰিম বুলি ভাবিহে আছো, কিন্তু এৰাটোহে টান হৈ পৰিছে । কিন্তু মই কও, ফেচবুক এৰাৰ নিছিনা সহজ কাম আৰু একো নাই । মই এতিয়ালৈকে এশবাৰ মান এৰিছো ।
Mmmmmmmmmmmmmmmmmmmmmm
যিজনে সুধা-পান কৰে, সেইজনক কোৱা হয় , দেব ।
❤ যিজনে বিষ-পান কৰে, সেইজনক কোৱা হয়, মহাদেব ।
❤ আৰু যিজনে সদায়-সদায়, অলপ-অলপ পান কৰে, সেইজনক কোৱা হয় পতিদেব ।
Mmmmmmmmmmmmmm
শিক্ষক জনে প্ৰথম দিনাখন শ্ৰেণীলৈ আহি কৈছে, " এজন এজনকৈ, তোমালোকৰ নাম আৰু Hobby কি, কৈ যোৱা ।" প্ৰথম ছাত্ৰ: মোৰ নাম প্ৰণব, মোৰ হবি হৈছে চন্দ্ৰমা পৰ্যবেক্ষন কৰা । দ্বিতীয় ছাত্ৰ : চাৰ মোৰ নাম মিন্টু । চাৰ, মইও চন্দ্ৰমা চাই ভাল পাও। তৃতীয় ছাত্ৰ : চাৰ, মোৰ নাম তাজগীৰ। চাৰ, মইও ইহতৰ দৰেই, চন্দ্ৰমাকেই চাই থাকো । বাকী ছাত্ৰবোৰেও নিজৰ নাম কৈ, চন্দ্ৰমা চাই থাকো বুলিয়েই কলে। শিক্ষকজনে কলে, "তোমালোকৰ আটাইবোৰৰ হবি, একেই বুলি জানি ভাল লাগিছে আৰু আচৰিতো হৈছো। ঠিক আছে বাৰু , এতিয়া ছোৱালী বোৰে কোৱাচোন ?" প্ৰথম ছাত্ৰী : চাৰ, মোৰ নামেই চন্দ্ৰমা ।
Mmmmmmmmmmmmmmmmm
শিক্ষক : আমদানি আৰু ৰপ্তানিৰ উপযুক্ত উদাহৰণ দিয়া । ছাত্ৰ : চাৰ, চোনিয়া গান্ধী আৰু চানিয়া মিৰ্জা ।
Mmmmmmmmmmmmmmmmmmm
পত্নী : তোমাৰ মাৰাই আমাৰ পৰিয়ালক মুৰ্খ বুলি কোৱা, কথাটো মই আজিলৈকে পাহৰিব পৰা নাই। পতি : মানুহজনী মৰি গল, তুমি এতিয়াও কামুৰিব এৰা নাই। পত্নী : কি কলা মই কামুৰিছো ! পতি: চোৱা, মই জনাত মোৰ মা ই তেনেকুৱা কোনো কথা কোৱা নাছিল । তথাপি তুমি কৈছা বুলিয়েই কৈছো । মই যেতিয়া মৰিম, স্বৰ্গলৈ গলে মা ক মই কথাটো সুধিম, হবতো, এতিয়া ? পত্নী : তোমাৰ মা যে স্বৰ্গলৈ যাব, তাৰ কি গেৰান্টি আছে, নৰকলৈও তো যাব পাৰে ? পতি : তেতিয়াহলে, তুমিয়েই সুধিবা, আকৌ ! Mmmmmmmmmmmmmmmmmmmmmmmm ভগবানে, বাঘ নো কিয় সৃষ্টি কৰিলে বুলি, দোষাৰোপ নকৰি, বাঘৰ পিঠিত যে ডেউকা নিদিলে, সেইবাবেহে ধন্যবাদ দিয়া উচিত । Mmmmmmmmmmmmmmmmmmmmmmmm
সাধাৰণতে, মই ফেচবুকত নতুনকৈ সন্নিবিষ্ট কৰা বন্ধু - বান্ধৱী সকলক, টাইমলাইনতেই হওক অথবা নোৱাৰিলে ইনবক্সত, ধন্যবাদ সূচক বাৰ্তা এটা দিও। মই এই কামটো বহু নিষ্ঠা সহকাৰ কৰি আহিছিলো। কিন্তু যোৱা দুই সপ্তাহ মানৰ ভিতৰত মোৰ বন্ধু তালিকা খন ইমান দ্ৰুতগতিত প্ৰসাৰিত হৈছে যে মই এইকামটো ইচ্ছা থকা স্বত্বেও কৰিব পৰা নাই। সেয়েহে, মই মোৰ নতুন বন্ধু-বান্ধৱী সকলক মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছো। আপোনাক সকলোটিলেকে মোৰ হিয়াভৰা ওলগ জনালো। আৰু অনাগত দিনবোৰত আমাৰ বন্ধুত্বই এক নতুন দিগন্তৰ সূচনা কৰক, সেই কামনাৰে এই বাৰ্তা আপোনালোকলৈ প্ৰেৰণ কৰিলো।
Mmmmmmmmmmmmmmmmmmmmmmmmmmmm
আজি বাটত নগেনে লগ পাই বোম কামোৰ দিলে।
কলে, "সঞ্জীৱদা, আপুনি মোক লৈ ৰগৰ বোৰ লিখক বা আৰু কিবা কৰক, কিন্তু আপুনি মোৰ আত্মসন্মানবোধ সম্পৰ্কে কোনোধৰনৰ আঙুলি টোৱাব নোৱাৰিব ।"
মই : চোৱা নগেন, মানুহে তোমাৰ কথাবোৰ শুনি, ভাল পাই বুলিহে লিখো। তুমি আত্মসন্মানবোধ কি কলা সেইটোহে, নুবুজিলো।
নগেন: আপুনি মোৰ ঘৰলৈ কেতিয়াবা নৰেন্দ্ৰ মোডী বা প্ৰণব মুখাৰ্জী ক অহা দেখিছে ?
মই : (সেপ ঢুকি) নাই দেখা !!!
নগেন : কেনেকৈ দেখিব, সেইটোৱেই আত্মসন্মানবোধ, কাৰণ মইও সিহতৰ ঘৰলৈ, কেতিয়াও নাযাও।
Mmmmmmmmmmmmmmmmmmmmm
ডাক্তৰ : আপোনাৰ তিনিটা দাঁত কেনেকৈ ভাঙিল?
ৰোগী : মানুহজনীয়ে বৰ টান ৰুটী বনাইছিল, চাৰ ।
ডাক্তৰ : ৰুটি যদি ইমানেই টান আছিল , খাবলৈ মানা কৰি দিব লাগিছিল ।
ৰোগী : চাৰ, মানা কৰিয়েই তো এইখন হব পালে।
Mmmmmmmmmmmmmmmm
নগেন তেতিয়া হাই স্কুলত পঢ়ি আছিল। সাধাৰণ জ্ঞানৰ পৰীক্ষাৰ প্ৰশ্ন :
Q. গান্ধী জয়ন্তীৰ ওপৰত চমু টোকা লিখা।
(নগেনে লিখিছে)
Ans. গান্ধী এজন বৰ ডাঙৰ মানুহ আছিল, ভাৰতৰ টকাবোৰ আচলতে গান্ধীৰ , সেইকাৰণে টকাবিলাকত তেখেতৰ ফটো দিয়া হয়। জয়ন্তী নামৰ কোনো ছোৱালীক মই চিনি নাপাও । জয়ন্তী, গান্ধীৰ গাৰ্লফ্ৰেণ্ড ও হব পাৰে, পিছে, এই বিষয়ে মোৰ হাতত কোনো তথ্য নাই।
Mmmmmmmmmmmmmmmmm
হে "স্বাৰ্থ" !! তোমাৰ বিষয়ে যিয়েই যি নকওক কিয়, তুমি কিন্তু প্ৰকৃতাৰ্থত মহান। অকল তুমিয়েই এনে এটা বান্ধোন, যাৰ জৰিয়তে, এই পৃথিৱীৰ আমি সকলোবোৰ পৰস্পৰৰ লগত, বান্ধ খাই আছো ।
Mmmmmmmmmmmmmmmmmm
যমৰাজৰ ঘৰৰ দূৱাৰত টোকৰ পৰিল, যমৰাজে দৰ্জা খন খুলি দেখে যে বাহিৰত কোনোৱে নাই। দৰ্জা খন বন্ধ কৰি উভিতব নৌপাওতেই আকৌ দুৱাৰত টোকৰ পৰিল। যমৰাজে দুৱাৰখন মেলি দেখে এইবাৰো কোনো নাই ।
অলপ পাছত, পুনৰবাৰ দুৱাৰত টোকৰ পৰিল, কিছু বিৰক্তিৰে যমৰাজে দুৱাৰখন খুলি দেখে এজন শীৰ্ণকায় দূৰ্বল মানুহ ৰৈ আছে, "তুমি কোন হে ?" বুলি সোধাৰ আগে-আগে, মানুহজন চকুৰ পচাৰতে অদৃশ্য হৈ গল। ।
আৰু এইদৰে প্ৰায় চাৰি-পাচ বাৰ মান হল। যমৰাজে কথাটো কি হব পাৰে বুলি ভাবি থাকোতেই মানুহজন পূনৰ দৃশ্যমান হৈ পৰাত, যমৰাজে এইবাৰ প্ৰায় খঙেৰে সুধিলে , " হেৰা, তুমি মোৰ লগত এইবোৰ কি ধেমালি কৰি আছাহে, তুমি নাজানা, মই কোন ? "
মানুহজনে খুব নম্ৰতাৰে উত্তৰ দিলে, "প্ৰভূ, মই আচলতে মৰ্তলোকৰ এখন নামী-দামী হস্পিটালৰ, ICU কেবিনত, ভেন্টিলেটৰত আছো। এই ডাক্তৰ বোৰেহে কেইটামান পইছাৰ কাৰণে আপোনাৰ লগত ধেমালি কৰি আছে । "
Mmmmmmmmmmmmmmmmmmmmmm
পুৰুষ মানুহবোৰ কিন্তু সচাকৈয়ে অকঁৰা দেই I এজন উচ্চপদস্থ বিষয়াই তেওঁৰ ব্যক্তিগত সচিব (Private Secretary) গৰাকীক এইবুলি ভাবি বিয়া কৰাইছিল যে, বিয়াৰ পিছতো সচিব গৰাকীয়ে, বিনা প্ৰশ্নে, তেওঁৰ সকলো নিৰ্দেশ মানি লব।
Mmmmmmmmmmmmmmmmmmmmmmmm
এহাল দম্পতিৰ বৈবাহিক জীৱনৰ, সোনালী জয়ন্তী বৰ্ষ উদযাপন উপলক্ষে, পাৰ্টি চলি আছে। সাংবাদিক এজনে পতিজনক সুধিলে, "মহাশয়, এই দীৰ্ঘকালীন, সফল বিবাহিত জীৱনৰ ৰহস্য কি? "
পতি : আচলতে আপুনি যদি, সকলো দায়িত্ব, মৰম- চেনেহৰ মাজেৰে ভগাই লয়, তেতিয়াহলে মোৰ বোধেৰে, কোনো ধৰণৰ জটিলতা নাথাকে।
সাংবাদিক : অলপ বহলাই কব নেকি?
পতি : আমাৰ ঘৰত ডাঙৰ-ডাঙৰ সিদ্ধান্ত বোৰ মইয়েই লও, আৰু সৰু-সৰু সিদ্ধান্ত বোৰ মোৰ পত্নীয়ে গ্ৰহন কৰে । আৰু, আমি ইজনে সিজনক কেতিয়াও অৱমাননা নকৰো ।
সাংবাদিক : আপোনালোক দুয়োজনে ঠিক কেনেধৰণৰ সিদ্ধান্তবোৰ লয় বাৰু , আমাৰ দৰ্শক সকলৰ জ্ঞাতাৰ্থে অলপ বহলাই কব নেকি ?
পতি : কিছুমান সৰু-সুৰা সিদ্ধান্ত আমাৰ এওয়ে লয় যেনে-
❤ আমি কি গাড়ী কিনিম ।
❤ কিমান সঞ্চয় বা কিমান খৰছ কৰিম ।
❤ বজাৰলৈ কেতিয়া, কলৈ যাম ।
❤ কাৰ ঘৰলৈ যাম বা নাযাম ।
❤ বন্ধৰ দিনত কলৈ, কেনেকৈ যাম ।
❤ বিয়া বাৰু হলে কাক কি উপহাৰ দিয়া হব।
❤ ঘৰৰ আচবাব, টিভি, ফ্ৰীজ আদি কিধৰনৰ কিনা হব ।
❤ মই কি পিন্ধিম, কত কথা কম বা কত মনে-মনে থাকিম ।
❤ ঘৰত কাম কৰা মানুহ ৰখা হব নে নহয় । এই আটাইবোৰ সৰু-সুৰা কথা মই এওৰ ওপৰতে, এৰি দিও ।
সাংবাদিক : হয় বুজি পালো তেতিয়া হলে আপোনাৰ ভূমিকা কি ?
পতি : চাওক, এইবোৰ সৰু-সুৰা কথাত মই কোনোদিন মাত নাই মতা । মই ডাঙৰ-ডাঙৰ সমস্যাৰ সমাধান কৰো ।
সাংবাদিক : অলপ উদাহৰণ দিব নেকি?
পতি : মোৰ সিদ্ধান্ত বোৰ আচলতে বৰ "হাই-লেভেল" ৰ, যেনে -
❤ এই ধৰক আমেৰিকাই ইৰাণক আক্ৰমণ কৰা উচিত নে অনুচিত ?
❤ মহেন্দ্ৰ সিং ধোনী য়ে অৱসৰ লোৱা উচিত নে অনুচিত ?
❤ চলমান খানে কাক বিয়া কৰোৱা উচিত ।
❤ NRC অসমত সচাকৈয়ে ফলপ্ৰসূ হব নে নহয়, ইত্যাদি বিয়াগোম সিদ্ধান্ত বোৰ মইয়ে লও। আপুনি বিশ্বাস নকৰিব, মোৰ মানুহজনীয়ে , আজি আমাৰ বিয়া হোৱা ৫০ বছৰ হৈ গল, কোনোদিনে মোৰ এটা সিদ্ধান্তৰো, মানে ভুলতো, এটা সিদ্ধান্তৰো বিৰোধিতা, কৰি নাই পোৱা ।
Mmmmmmmmmmmmmmmmmmm
প্ৰকৃত সাহসী সেইজন, যিজনে, বিনা দ্বিধাই, ক্ষমা খুজিব পাৰে।
❤ প্ৰকৃত শক্তিশালী মানুহ সেইজন, যিজনে বিনাচৰ্তে যিকোনো মানুহক, ক্ষমা কৰিব পাৰে।
❤ প্ৰকৃত সুখী সেইজন, যিজনে খুব সোনকালে, অপ্ৰয়োজনীয় কথাবোৰ, পাহৰিব পাৰে।
Mmmmmmmmmmmmmmmmmmmm
নগেনে বিয়া পাতিছে। ন-ছোৱালী ঘৰ আহি পোৱাৰ পিছত নগেনৰ মাকে আশীৰ্বাদ দি কলে, "বোৱাৰী , আজিৰ পৰা তই মোৰ ছোৱালী হে, মোক মা বুলিয়েই মাতিবি " নগেনৰ দেউতাকেও কলে, " আইজনী, আমাৰ ছোৱালী নাই, গতিকে আজিৰ পৰা, তইয়ে আমাৰ ছোৱালী ।" অলপ সময় পাছত, কলিং বেলটো বাজি উঠিলত, বোৱাৰীয়ে দৰ্জা খন খুলি দেখে যে নগেন আহিছে। ভিতৰৰ পৰা নগেনৰ মাকে চিঞৰি সুধিলে, "বোৱাৰী , কোন আহিছে অ' ? " বোৱাৰী : মা, মোৰ দাদা, মানে নগেন দাদা আহিছে ।
Mmmmmmmmmmmmmmmmmmm
নগেনে দোকানৰ পৰা কণী এটা কিনি আনিলে আৰু অমলেট বনাও বুলি ভাঙি দেখে কণীটোৰ ভিতৰত একো নাই। নগেন আশ্বৰ্যচকিত হৈ ভোৰভোৰালে, " হায় ৰাম! কি ঘোৰ কলিযুগ, হেৰৌ, মূৰ্গীয়েও আজিকালি গৰ্ভপাত কৰাব লৈছে। হায়, হায় !
Mmmmmmmmmmmmmmmmmmmm
নতুনকৈ বিয়া পতাৰ পিছত, দাস বোলাজনক, সদায়-সদায় দেৰীলৈকে অফিচত বহি থকা দেখি বছে সুধিলে , " দাস, কথাটো কি ? আমি যেতিয়া বিয়া পাতিছিলোঁ , অফিচৰ পৰা পিছবেলা যিমান পাৰো সোনকালে ঘৰ পোৱাৰ চেষ্টা কৰিছিলো , কিন্তু মই মন কৰিছো আপুনি সদায় কাম নাথাকিলেও, অফিচতে বহি থাকে? দাস : চাৰ, মানে মোৰ, মানে মোৰ Mrs. ও চাকৰি কৰে, গতিকে আমাৰ দুজনৰ যিয়েই সোনকাল ঘৰ সোমাব, ভাত সেইজনেই ৰান্ধিব লাগিব..... গতিকে চাৰ, কথাটো বুজিছেই নহয়.....
Mmmmmmmmmmmmmmmmmmmmmm
নগেন তেতিয়া চোৰ আছিল: চোৰ কৰিবলৈ গৈ নগেন সদায় ধৰা পৰে ।
বন্ধু হৰেনক সধিলে, " পাৰ্টনাৰ, আমি দুয়ো একেলগে চোৰ কৰিব শিকিছিলো, কিন্তু মই সদায় ধৰা পৰো আৰু তই কেতিয়াও নপৰ, কথাটো নো কি ?"
হৰেন : চোৰ কৰিব গলে কেতিয়াবা-কেতিয়াবা বুদ্ধি খটুৱাব জানিব লাগে ।
নগেন : যেনে ?
হৰেন : যেনে ধৰ, এই সিদিনাৰ কথা, ৰাতি এঘৰত সোমাই বাচন বোৰ উলিয়াই থাকোতে, হঠাতে গৃহস্থই সাৰ পায় শব্দ শুনি "কোন অ ? " বুলি মাত দিলে!
নগেন : তাৰ পিছত ?
হৰেন : তাৰ পিছত মই " মিয়াও " কৈ দুবাৰ মান মতাৰ পিছত গৃহস্থ পুনৰ শুই থাকিল আৰু মই চব মাল লৈ ওলাই আহিলো ।
নগেন : ইছ ৰাম, এই সৰু কথাটো ইমান দিনে জনা নাছিলো । ঐ, তই কিন্তু সচাকৈয়ে বিৰাট বুদ্ধিয়ক দেই। ঠিক কেইদিনমান পিছত, নগেনে মানুহ এঘৰত চুৰ কৰিবলৈ সোমাল আৰু কিহবাত খুন্দা লাগি শব্দ হোৱাত, ঘৰৰ গৃহস্থ জন সাৰ পায় বিছনাৰ পৰাই মাত লগালে , " কোন অ, কোন?" নগেনে গহীনাই কলে, " দাদা, মই এটা মেকুৰী হে, দেই !!!"
mmmmmmmmmmmmmmmmmm
প্ৰেমিকা : মই লুকাম, তুমি যদি বিচাৰি উলিয়াব পাৰা, তেতিয়া হলেহে চুমা পাবা ।
প্ৰেমিক : আৰু যদি মই তোমাক, বিচাৰি উলিয়াব নোৱাৰা , তেতিয়া হলে কি হব ?
প্ৰেমিকা : প্লিজ্, তেনেকৈ নকবা না, মই দৰ্জাৰ পিছফালেহে লুকাম ।
Comments
Post a Comment