কৌতুক-3
❤ ডাক্তৰৰ চেম্বাৰৰ দৃশ্য ❤
ডাক্তৰ : আপোনাৰ ওঠ দুটা কেনেকৈ জ্বলিব পালে ।
নগেন : চাৰ নকব আৰু, মানুহজনীক ৰেলৱে স্টেচনত এৰিবলৈ গৈছিলো ।
ডাক্তৰ : তাত গৈ কি হ'ল ?
নগেন : চাৰ মানে, ফূৰ্তিতে ৰেলৰ ইঞ্জিনটোতে, চুমা খাই দিলো নহয় ।
qqqqqqqqqqqqqqqqqqqqq
❤ শ্ৰেণী কোঠাৰ দৃশ্য ❤
শিক্ষক : নগেন, তই আজিও "হ'ম ৱৰ্ক" কৰি অনা নাই !! তইয়েই ক, তোক আজি কি শাস্তি দিওঁ ?
নগেন : চাৰ, তিনি নম্বৰ বেঞ্চত যে বহি আছে, পমিলী, তাইও "হ'ম ৱৰ্ক" কৰি অনা নাই ।
শিক্ষক : তোৰ নো কি হ'ল, তাতে ? নগেন : চাৰ, শাস্তি হিচাপে, আমাৰ দুইটাকে বাথৰূমত বন্ধ কৰি থৈ দিয়ক ।
qqqqqqqqqqqqqqqqqqq
সন্ধিয়া অফিচৰ পৰা আহি পতিয়ে চাহ খাই থাকোতে পত্নীক সুধিছে, " তুমি ৰামায়ণৰ, ৰজা দশৰথৰ নাম শুনিছা নে ?"
পত্নী : শুনিছো, কেলেই নো সুধিলে হয় ?
পতি : ৰজা দশৰথৰ কেইজনী পত্নী, আছিল ?
পত্নী : তিনিজনী আকৌ ।
পতি : তেনেহলে মই আৰু দুজনী, এতিয়াও আনিব পাৰো, নে কি কোৱা ?
পত্নী : আপুনি মহাভাৰতৰ দ্রৌপদী ৰ নাম শুনিছে নে ?
পতি : ধেৎ তেৰিকা, মই ধেমালিহে কৰিছো । চব কথা ইমান "চিৰিয়াছ্লী" নলবাচোন । যোৱা সোনকালে, "ৰেডী" হৈ ওলোৱা, আজি ভাত বাহিৰতে খাম ব'লা ।
qqqqqqqqqqqqqqqqqqqq
❤ ডাক্তৰৰ চেম্বাৰৰ দৃশ্য ❤
ডাক্তৰ : আপোনাৰ সমস্যা কওঁক ।
ৰোগী: যোৱাৰাতিৰ পৰা পেট চলিছে, চাৰ।
ডাক্তৰ : কেনেকুৱা গৈছে ?
ৰোগী : একেবাৰে পানী-পানী ।
(প্ৰেচক্ৰিপচন্ লিখি)
ডাক্তৰ : এই দৰব কেইটা খাঁওক, ভাল নাপালে তিনিদিন পিছত আকৌ দেখুৱাব।
ৰোগী : চাৰ, কিবা নীতি-নিয়ম, মানি চলিব লাগিব নেকি?
ডাক্তৰ : আপুনি কি কাম কৰে ?
ৰোগী : চাৰ, আপোনাৰ ঘৰৰ কাষত, মন্দিৰটো যে আছে, সেই মন্দিৰৰ, মই পূজাৰী, চাৰ ।
ডাক্তৰ : ঠিক আছে, আপুনি এই তিনিদিন শঙ্খ, একেবাৰে নবজাব ।
qqqqqqqqqqqqqqqqqqqqqqq
আপোনাৰ জীৱনৰ প্ৰকৃত বন্ধু সেইজনেই, যিজনে আন কোনোৱেই নেদেখা, আপোনাৰ, তিনিটা বস্তু দেখিবলৈ পায় ।
❤ আপোনাৰ হাঁহিৰ মাজত, লুকাই থকা বেদনা খিনি ।
❤ আপোনাৰ খঙৰ মাজত, লুকাই থকা মৰম খিনি ।
❤ আপোনাৰ নীৰৱতাৰ মাজত, লুকাই থকা কাৰণ বোৰ । সুপ্ৰভাত বন্ধু-বান্ধৱী সকল।
qqqqqqqqqqqqqqqqqqq
জীৱনৰ শেষ বয়সত, নগেনে পূতেক কণপাইক লগত লৈ গুৱাহাটী মহানগৰীলৈ আহিল । আজীৱন গাঁৱত থকা নগেন আৰু পূতেক কণপাইৰ এইয়াই প্ৰথম মহানগৰী দৰ্শন। গতিকে, মহানগৰীত থকা বহুতো বস্তু গাড়ী-মটৰ, সাজ-পোছাক, ভীৰ-ব্যস্ততা, বহু মহলীয়া অট্টালিকা, গ্ল' চাইনবোৰ্ড, ফ্লাই-অ'ভাৰ ইত্যাদি দেখি দুয়ো, বাপেক পুতেক আশ্চৰ্যচকিত আৰু কিছু পৰিমাণে চমকৃত হৈ পৰিছে ।
দূৰণিবটীয়া বাছ আস্থানৰ পৰা চিটিবাছত উঠি আহোতে, উৰণীয়া সেতু (ফ্লাই-অ'ভাৰ) এখন দেখি নগেনৰ টেমা গৰম ।
কণপাইক কৈছে, "দেখিলি , চহৰৰ মানুহবোৰৰ মূৰত একো এডাল নাই।" কণপাই : কেনেকৈ গম পালে, দেউতা ?
নগেন : পানী- দুনি একো নাই, বাম ঠাইত দলং এখন বনাই থৈছে ।
এনেদৰে কথা বতৰা পাতি দুয়ো গৈ 'বিগ-বাজাৰ' সদৃশ সুউচ্চ অট্টালিকাৰ 'মল' এখনত সোমালহি । 'মল' ৰ গেটত থকা চিকিউৰিটী গাৰ্ড জনক, চিঠি এখন দি নগেনে কলে, " আপোনালোকৰ মেনেজাৰজন, আমাৰ গাঁৱৰ পঞ্চায়তৰ সভাপতি ডাঙৰীয়াৰ, জোৱাই। তেখেতে মোৰ লৰা কণপাইক, ইয়াতেই চাকৰিৰ সুবিধা এটা কৰাই দিবলৈ বুলি, আমাক পঠিয়াইছে।"
গাৰ্ড : ভাল বাৰু। আমাৰ মেনেজাৰ চাহাব অলপ ওলাই গৈছে, আপোনালোক দুয়ো ইয়াতে বহক ।
এইবুলি গাৰ্ডজনে দুয়োকে 'মল' ৰ লাউঞ্জত বহিবলৈ দুখন চকী দেখুৱাই দিলে। 'মল' ৰ ভিতৰত সুদৃশ্য কানি-কাপোৰ, আচবাব পত্ৰ, ভিন্ন মাত্ৰাৰ পোছাক-পৰিচ্ছদৰ দ্বাৰা সজ্জিত মানুহবোৰ, নিম্ন স্বৰত বাজি থকা লঘু সংগীতকে আদি কৰি, সম্পূৰ্ণ এক নতুন পৰিবেশত দুয়ো তধা লাগি চাই ৰ'ল।
হঠাৎ কণপাইৰএটা সম্পূৰ্ণ আচহুৱা বস্তু চকুত পৰিল। সি দেখিলে বিশাল দুৱাৰ এখনৰ বাহিৰত, বুটাম এটা টিপি এগৰাকী বয়সস্থ মহিলা হাতত, ৰঙা মোনা এখন লৈ ৰৈ আছে। সি দেউতাকক দুৱাৰযেন লগা আকৃতিটোৰ ফালে দেখুৱাই সুধিলে, "দেউতা, সেইটো কি বস্তু ?"
নগেন : জানো পাই, আগতে কোনোদিন দেখি নাই পোৱা, কিবা মেশ্বিন যেন লাগিছে ।
দুয়ো সিফালে চাই থাকোতে দেখিলে, দুৱাৰৰ লেখীয়া মেশ্বিনটোৰ দুখন দৰ্জা, দুইফালে ফাক হৈ নিজে নিজে মেল খাই গ'ল আৰু ভিতৰখন বাকচ এটাৰ দৰে দেখা গল । ভিতৰত লাইটো জ্বলি আছে। মানুহজনী ভিতৰলৈ সোমাই, বুটাম এটা টিপি দি ৰৈ আছে। অলপ সময় পাছত দুইখন দৰ্জা দুইফালৰ পৰা নিজে নিজে আহি বন্ধ হৈ গল ।
বাপেক-পূতেকে দুয়ো সেইফালে কিছুসময় চাই থাকোতেই, দেখিলে যে দৰ্জা খন নিজে নিজে খোল খাই গ'ল। বয়সস্থ মানুহগৰাকীৰ ঠাইত, এগৰাকী ধুনীয়া যুৱতী হাতত ৰঙা মোনা খন লৈ বাকচটোৰ পৰা ওলাই আহিল। আচল ঘটনা কি দুয়ো ধৰিব পৰা নাই। কিন্তু, মনে মনে দুয়ো এই আশ্চৰ্যজনক আৰু ৰোমাঞ্চকৰ ঘটনাটো দেখি তবধ মানিলে।
কিছু সময় পিছত, এইবাৰ দুগৰাকী বৃদ্ধা আহিল, এগৰাকীৰ হাতত বাস্কেট আৰু আনজনীয়ে চছ্মা পিন্ধিছে। আগৰ দৰেই দুয়ো বুটাম টিপি ৰৈ আছে, দৰ্জা খোল খোৱাৰ পিছত, দুয়ো সোমাই ভিতৰৰ বুটাম টিপি দিলে, দৰ্জা বন্ধ হৈ গল। নগেনৰ বাবে এক শ্বাসৰূদ্ধ পৰিস্থিতি ।
নগেন ৰৈ আছে, এইবাৰ বাকচটোৰ পৰা বা কি ওলাই বুলি। অলপ সময় পিছত, দৰ্জা খন ভিতৰৰ পৰা খোল খালে আৰু বৃদ্ধা দুজনীৰ ঠাইত, দুগৰাকী কমবয়সীয়া, সুন্দৰী মহিলা বাকচটোৰ ভিতৰত দেখা গল ।
এগৰাকীৰ হাতত বাস্কেট আছে আৰু আনগৰাকীয়ে চছ্মা পিন্ধি আছে । ঘটনা দেখি নগেন মূৰ্চ্ছা যোৱাৰ উপক্ৰম ।
নগেনে তৎক্ষনাৎ বহাৰ পৰা উঠি থিয় হৈ দিলে আৰু কলে, "কণপাই, ব'ল, ব'ল, সোনকাল কৰ । "
কণপাই : কলৈ যায় দেউতা ?
নগেন : সোনকাল কৰিলে এতিয়াও গাঁৱলৈ ঘুৰি যোৱা, শেষ বাছখন পাম, ব'ল।
কণপাই : মেনেজাৰক লগ নকৰাকৈয়ে .....
নগেন : মেনেজাৰক কাইলৈ আহিও, লগ কৰিব পাৰিম।
কণপাই: কাইলৈ আকৌ আহিব ? তেতিয়া হলে আজি নো, কেলেই যায় ?
নগেন : হেৰৌ, তোৰ মাৰক আনিবলৈ, তোৰ মাৰক আনি সেই মেশ্বিনৰ বাকচটোৰ ভিতৰত সোমোৱাবলৈ।
qqqqqqqqqqqqqqqqqqqqqqqqq
❤ চহৰৰ মাজ মজিয়াত অৱস্থিত, ৰাম মন্দিৰৰ বাৰ্ষিক মেলাত, মানুহ এজনৰ পত্নীগৰাকী, অগণন মানুহৰ ভীৰৰ মাজত, হেৰাই থাকিল। বহু সময় বিচাৰি চলাথ কৰাৰ পাছতো, মানুহজনীৰ একো শুংসূত্ৰ নাপাই, মানুহজন একপ্ৰকাৰ হতাশ হৈ পৰিল।
অৱশেষত মন্দিৰ প্ৰাংগণলৈ গৈ ভগবান শ্ৰীৰামৰ প্ৰতিমূৰ্ত্তিৰ ওচৰত প্ৰাৰ্থনা জনাই কলে, "হে প্ৰভূ, আপুনি অন্তৰ্যামী । মোৰ পত্নী ক'ত আছে সন্ধান দিয়ক, প্ৰভূ।"
মানুহজনে বহু কাকূতি-মিনতি কৰি, কন্দা-কটা কৰিবলৈ ধৰাত, প্ৰভূ শ্ৰীৰাম প্ৰকট হৈ কলে, "হে বৎস, তুমি ইয়াতে কন্দা-কটা কৰি থাকিলে, একো সুফল নাপাবা। তুমি এটা কাম কৰা, এই মন্দিৰৰ পৰা ওলাই, বাওঁফালে সৰু গলী টোৰে এক কিলোমিটাৰ মান আগুৱাই যোৱা আৰু দেখিবা ..........।"
মানুহজন : ( উৎফুল্লিত হৈ ) বাওঁফালে সৰু গলীটোৰে, এক কিলোমিটাৰ মান আগুৱাই গলে, মোৰ মানুহজনীক পাই যাম, প্ৰভূ ?
শ্ৰীৰাম : আ: ধৈৰ্য ধৰা বৎস , এক কিলোমিটাৰ মান আগুৱাই গলে, তাত এটা হনুমানৰ মন্দিৰ পাবা। তুমি তোমাৰ সমস্যাটো, তেওঁক কোৱা। এইবোৰ কামত তেওঁ বৰ দক্ষ । মোৰ মানুহজনীকো, তেওঁৱেই বিচাৰি উলিয়াইছিল ।
qqqqqqqqqqqqqqqqqq
পত্নীয়ে দাপোণ খনত, জুমি-জুমি নিজকে চাইছে আৰু পতিক কৈছে, "হেৰি শুনিছেনে, মই দেখিবলৈ ইমানেই বেয়া লগা হৈছো। মোৰ চেহেৰাৰ উজ্জ্বলতা নোহোৱা হৈ গৈছে, চকুৰ গুৰি কলা পৰিছে আৰু কোটৰত সোমাই গৈছে ।"
পতি : (নিৰ্লিপ্ত কন্ঠেৰে) হয় নেকি ?
পত্নী : এই সকলো বিলাক, আপোনাৰ কাৰণেই হৈছে। আজিকালি আপুনি মোৰ কোনো কথাৰেই প্ৰশংসা নকৰে আৰু মই হীনমন্যতাত ভূগি, এইবোৰ হবলৈ পাইছে। এতিয়াৰে পৰা আপুনি, মোৰ সকলো কথা আৰু কামৰ, প্ৰশংসা কৰিব, বুইছে ।
পতি : ঠিক আছে, নিশ্চয় কৰিম । এটা কথা কিন্তু সচাঁকৈয়ে মানিব লাগিব, তোমাৰ দৃষ্টি শক্তি, এতিয়াও, তোমাৰ বয়সৰ বহু মহিলাতকৈ, প্ৰখৰ হৈয়ে আছে ।
qqqqqqqqqqqqqqqqqqqqqqqqqqqqq :
:: কৰ্মফল ::::
বৃদ্ধাশ্ৰমত বিধৱা মাকক টালি-টোপোলা সহ , পূতেকে থবলৈ গৈছে । এৰি থৈ আহিব লওঁতে পিছফালৰ পৰা মাকে, পুতেকক মাতি কৈছে, " বোপই অ', তই মিছাতে দুখ কৰি নাথাকিবি আৰু কোনোধৰণৰ পাপবোধ মনলৈ নানিবি, পাচোটাকৈ কন্যা সন্তানৰ ভ্ৰূণ হত্যা কৰি, তোক এই পৃথিৱীলৈ আনিছিলো, গতিকে পাপৰ শাস্তি, মই পাবই লাগিব ।"
qqqqqqqqqqqqqqqqqqqqqqq
ফেচবুকত কিছুমান পুৰুষৰ (লৰা আৰু মতা চবৰ কথা কোৱা হৈছে) মাজত একো একোজন ডাক্তৰ, অভিযন্তা মনোবিজ্ঞানী, বুৰঞ্জীবিদ, সমাজবিজ্ঞানী, ধৰ্ম্মগুৰু ইত্যাদি বহুমুখী প্ৰতিভাসম্পন্ন সত্তা, সুপ্ত অৱস্থাত থাকে । সুপ্ত অৱস্থাত থকা এই সত্তাবোৰ, কোনোবা মহিলাই দিয়া "স্টেটাচ্ বা আপডেট" বোৰ দেখিলেহে জাগ্ৰত হৈ উঠে । উদাহৰণস্বৰূপে, কোনোবা ছোৱলীয়ে যদি ভুলতো আপডেট দিলে, "ফিলিং মূৰৰ বিষ" বুলি । তেতিয়াহলে আৰু ৰক্ষা নাই, আধাঘন্টাৰ ভিতৰতে দেখিব ১১৭ টা "লাইক আৰু ৬৭ টা "কমেন্ট্" । পুৰুষবোৰৰ মাজত লুকাই থকা, "ডাক্তৰ" সত্তাটো জাগ্ৰত হৈ উঠিল। মূৰৰ বিষ হলে কি কৰিব "লাগে" আৰু "নালাগে", ইয়াৰ ওপৰত এনেকুৱা "কমেন্ট" দিয়া দেখিব, আপোনাৰ এনেহে লাগিব যেন, সমগ্র অসমৰ ডাক্তৰ আহি এঠাইত থুপ লাগিল নেকি ? আৰু যিগৰাকীয়ে আপডেট দিছিল, তেখেতে আৰু ভৱিষ্যতে তেনেকুৱা আপডেট দিবলৈ এশবাৰ চিন্তা কৰিব । কাৰণ, তেখেতে কমেন্ট চাই, সচাঁসচি মূৰৰ বিষত সাদিন মানলৈ, বিচনাত পৰিবলগীয়া হ'ল ।
qqqqqqqqqqqqqqqqqqqqq
টিভিত অমিতাভ বচ্চনৰ "শ্বাৰাবী" চিনেমাখন চলি আছে। বীৰেণে চিনেমাখন চাই থকাৰ মাজতেই বন্ধু নগেনক কৈছে, " পাৰ্টনাৰ, অমিতাভৰ অভিনয়, ইমানেই বাস্তৱ , মদ নোখোৱাকৈ মদাহীৰ ইমান নিখুত অভিনয় , ভাবিবই নোৱাৰি ।" মদাহী নগেন : ( মুখৰ ভিতৰতে ভোৰভোৰাই ) মদ নোখোৱাকৈ মদাহীৰ অভিনয় কৰা একো টান কাম নহয় । মদ খাই, ঘৈণীয়েকৰ আগত মদ নোখোৱাৰ অভিনয় , কৰি দেখুৱাব পাৰিলেহে মানিম, কিমান ডাঙৰ অভিনেতা ।
qqqqqqqqqqqqqqqqqqqqq
❤ ❤ ❤ ❤ ❤ ❤ ❤ অসম ৰাজ্যিক চিৰিয়াখানাৰ পৰা, এজনী জেব্ৰা ওলাই আহিল । জন্মলগ্নৰে পৰা চিৰিয়াখানাত ডাঙৰ দীঘল হোৱা জেব্ৰা জনী, বািহৰৰ জগত খনৰ বিষয়ে সম্পূৰ্ণ অজ্ঞ আছিল । তথাপিও বাহিৰৰ নতুন পৰিবেশত আনন্দ মনে চিৰিয়াখানাৰ গাতে লাগি থকা জনবসতিৰ মাজে মাজে উদ্দেশ্যবিহীন ভাবে আগুৱাই গৈ থাকিল ।
এইদৰে গৈ থাকোতে বাটত, তাই কেইজনীমান, ঘৰচীয়া হাঁহ পানীত চৰি ফুৰা দেখি আচৰিত হৈ সুধিলে, " আৰে, তোমালোকেও মোৰ দৰে চিৰিয়াখানাৰ পৰা পলাই আহিছা নেকি ?"
হাঁহ এজনীয়ে কলে, "নাই, আমি কিয় পলাই আহিম ? আমি মালিকৰ ঘৰতহে থাকো ।
জেব্ৰা : মালিক ? সেইজন আকৌ কোন ?
হাঁহ : চোৱা বাহিৰৰ পৃথিৱীত, চবৰে মালিক থাকে। মালিকে আমাক লালন পালন কৰাৰ বিনিময়ত, আমি কণী আৰু মাংস দিও।
জেব্ৰা জনীয়ে নতুন কথা এটা শিকি বৰ আনন্দমনে আগুৱাই গ'ল।
কিছুদুৰ যোৱাৰ পিছত, এইবাৰ কেইজনী মান কুকুৰা দেখি জেব্ৰাই আগে ভাগে সুধিলে , "তোমালোকে মালিকক কি দিয়া?"
কুকুৰাই কলে, " আমি মালিকক কণী আৰু মাংস দিও ।"
কিছুদুৰ যোৱাৰ পিছত, এইবাৰ এজনী গাই গৰু, ঘাঁহ খাই থকা দেখি জেব্ৰাই সুধিলে , "তুমি মালিকক কি দিয়া?"
গাই জনীয়ে কলে, " মই মালিকক গাখীৰ দিও ।"
জেব্ৰা আগুৱাই গল, এইবাৰ কুকুৰ এটা দেখি সুধিলে, " তুমি মালিকক কি দিয়া ? "
ককুৰ : মই মালিকৰ হৈ ৰাতি পহৰা দিও, তেওঁৰ নিৰাপত্তা নিশ্চিত কৰিবলৈ যত্ন কৰোঁ ।"
এইদৰে জেব্ৰা জনীয়ে বাটত লগ পোৱা জীৱ-জন্তু বোৰক, সুধি সুধি গৈ আছে । কিছু দুৰ যোৱাৰ পিছত দেখিলে, প্ৰকাণ্ড ষাড়গৰু এটা, গহীন মুডত বহি আছে ।
জেব্ৰা : (ষাঁড় গৰুটো দেখি অলপ ভয়ো খাইছে) দাদা, আপোনাৰ ভাল নে?
ষাঁড় : (পেন্দোৱাকৈ চাই) কোন বে তই ?
জেব্ৰা: দাদা, মই জেব্ৰা । চিৰিয়াখানাৰ পৰা আহিছো । আপুনি মালিকক কি দিয়ে বাৰু ?
( ষাঁড়টো বহাৰ পৰা থিয় হৈ, জেব্ৰাজনীক, ভৰিৰ পৰা মুৰলৈ ভালকৈ এবাৰ চাই লৈ)
ষাঁড় : আগতে তই তোৰ, এই চেক-চেক জাংগিয়াটো খোল, তাৰ পিছত দেখুৱাম, মই মালিকক কি দিও ।
qqqqqqqqqqqqqqqqqqqqqq
চিনেমা হলত, টৰ্চ জ্বলাই, দৰ্শকক বহাৰ বাবে আসন সমূহ দেখুৱাই দিয়া মানুহজনক, টিকট চেকাৰ বুলি কয় । চিনেমা আৰম্ভ হোৱাৰ কিছু সময় পিছতে টিকট চেকাৰ জনে দেখিলে এজন মানুহে দুই ভৰি তুলি, একেবাৰে তিনিখন আসন আৱদ্ধ কৰি, ওপৰলৈ মুখ কৰি শুই আছে ।
চেকাৰজনে অলপ খঙতেই সুধিলে, " হেৰি, আপুনি তিনিটা ছীট, কিয় ব্লক কৰি ৰাখিছে ? ভালে ভালে কৈছো, এটা ছীটত বহি লওঁক ।"
চেকাৰজনৰ কথা শুনি দৰ্শকজনে, ভোজপূৰী মিশ্ৰিত হিন্দী ভাষাত মুখৰ ভিতৰতে বিৰবিৰালে । চেকাৰজনে ভালকৈ বুজিয়ে নাপালে । পূনৰ সকিয়ালে যদিও, দৰ্শকজনে ভোজপুৰী ভাষাত অস্পষ্ট ভাবে কিবা কোৱা হে, পৰিলক্ষিত হ'ল।
বাৰে বাৰে কৈয়ো, মানুহজনক, ছীটত বহুৱাব নোৱাৰি, টিকট চেকাৰ জনে চিনেমাহলৰ মেনেজাৰক, মাতি আনিলে ।
মেনেজাৰজন আহি, সেই ভোজপুৰী দৰ্শকজনক সুধিলে , " ও ভায়া, কাঁহা চে আয়া ? " দৰ্শকজনে কেকাই কেকাই কোনোমতে কলে , " বেলকণী চে চাহাব ! "
qqqqqqqqqqqqqqqqqqqqqq
আজি কেইদিনমানৰ পৰা নগেনৰ, টোপনি নহা হৈছে। এইদৰে বহু নিশা অতিবাহিত কৰাৰ পিছত এদিন, এজন মনোৰোগ বিশেষজ্ঞৰ ওচৰলৈ গল । বহুদিনীয়া নিদ্ৰাহীন, বিবৰ্ণ আৰু ক্লান্ত চেহেৰাৰ নগেনক, ভালদৰে নিৰীক্ষণ কৰি বিশেষজ্ঞ জনে সুধিলে , "তোমাৰ সমস্যাটোৰ বিষয়ে কোৱাচোন।" নগেন : চাৰ আজি বহুদিন ধৰি, মই টোপনি যাব পৰা নাই ।
বিশেষজ্ঞ : কিন্তু কিয় ?
নগেন : শুবলৈ ললে মোৰ মনত, এনেকুৱা লাগে, যেন মোৰ পালেং খনৰ তলত, কোনোবা সোমাইহে আছে ।
বিশেষজ্ঞ : তুমি পালেংখনৰ তলটো, ভালদৰে চাই মেলি শুব লাগে, আকৌ ।
নগেন : মই চাঁও চাৰ, কিন্তু পালেংৰ তলত সোমালে এনেকুৱা মনলৈ আহে, যেন পালেংখন, মানে বিচনাখনৰ, ওপৰতহে, কোনোবা শুই আছে ।
বিশেষজ্ঞ : সমস্যা বৰ গম্ভীৰ, তাৰ পিছত ?
নগেন : তাৰ পিছত কি হব আৰু ? এবাৰ তল-এবাৰ ওপৰ, কৰি থাকোতেই, ৰাতি পুৱাই যায় । বিশেষজ্ঞই নগেনৰ চকু, নাক, কাণ আদি পৰীক্ষা কৰি কলে, " তোমাৰ সমস্যাটো ভাল কৰিবলৈ কিছু সময় লাগিব, তাৰ বাবে তুমি, মোৰ চিকিৎসালয়ত ১০ দিনমান থাকিব লাগিব ।"
নগেন : দহ দিনমান ? চাৰ খৰছ কিমান মান হব ?
বিশেষজ্ঞ : খৰছ বেছি নহয়, মাত্ৰ ২০০০০/- টকা । খৰছৰ পৰিমাণ শুনি, নগেনে কোনোৰকম, ঠিক আছে চাৰ, মই পা-পইচা গোটাই আহিম বুলি কৈ, তাৰ পৰা ওলাই আহিল ।
কেইদিনমান যোৱাৰ পিছত, এদিন সাপ্তাহিক বজাৰ এখনত, বিশেষজ্ঞ জনে, নগেনক হাঁহি মাতি থকা দেখি ওচৰলৈ গৈ সুধিলে, " হেৰা, তোমাৰ টোপনি নহা সমস্যাটো, ভাল পালা নেকি হে ? "
নগেন : হয় চাৰ, সম্পূৰ্ণ ৰূপে ভাল পালো ।
বিশেষজ্ঞ : কেনেকৈ? কেনেকৈ ভাল পালা, মোকো কোৱাচোন !
নগেন : মই সিদিনা, আপোনাৰ তাৰ পৰা, ঘৰলৈ উভতি আহোতে, আমাৰ ঘৰৰ ওচৰৰে কাঠমিস্ত্ৰী এজনৰ পৰা কৰত এখন, লৈ আহিলো । বিশেষজ্ঞ : কৰতেৰে কি কৰিলা, আকৌ ?
নগেন : কৰতেৰে পালেং খনৰ খুৰা চাৰিটা কাটি, মজিয়াৰ সমান কৰি দিলো ।
qqqqqqqqqqqqqqqqqqq
মাৰোৱাৰী এজনৰ ককাদেউতাক ঢুকাল । বাতৰি কাকতত খবৰটো দিয়াৰ ইচ্ছা প্ৰকাশ কৰি, খবৰ কাকতৰ অফিচলৈ ফোন কৰিলে ।
খবৰ কাকতৰ সংশ্লিষ্ট ব্যক্তিজনে কলে, " প্ৰতিটো শব্দৰ বাবে ৫০ টকাকৈ দিব লাগিব ।"
মাৰোৱাৰী : ঠিক আছে, লিখক " দাদা ডেড্ "
খবৰ কাকতৰ বিষয়া জনে কলে, " চ'ৰী, কম হলেও পাঁচটা শব্দ লাগিবই ।"
মাৰোৱাৰী : ঠিক আছে, লিখক, " দাদা ডেড্ , হুইলচেয়াৰ্ ফৰ চেল্ ।"
qqqqqqqqqqqqqqqqq
এজন মানুহে নিজৰ বন্ধুজনক, বৰ বেয়া অৱস্থাত ডাক্তৰৰ ওচৰলৈ লৈ আহিছে । ডাক্তৰে ভালদৰে পৰীক্ষা কৰি চাই মেলি সুধিলে , " আপোনাৰ বন্ধুৰ কেবাঠাইতো ফ্ৰেকচাৰ্ হবলৈ কেনেকৈ পালে?
বন্ধু : চাৰ নকব আৰু, ই মানে আনকালে প্ৰতি নিশা সুৰাপান কৰি, ঘৰত গৈ চুপচাপ শুই থাকে ।
ডাক্তৰ : উম, তাৰ পিছত?
বন্ধু : যোৱানিশা, ই মানে "মাউন্টেন ডিউ" খাই গৈ, পত্নীৰ সন্মুখত কথা পাতিবলৈ, সাহস দেখুৱাই মহাভুলখন কৰিলে ।
qqqqqqq
মাইক্ৰ'চফ্ট কম্পিউটাৰৰ মালিক বিল গেইট্ছ এ, তেওঁৰ কোম্পানীৰ বাবে এক বিশাল চাকৰি নিযুক্তি মেলাৰ আয়োজন কৰিছে। নিৰ্বাচিত প্ৰাৰ্থী সকলক বৃহৎ পৰিমাণৰ দৰমহাসহ চাকৰি প্ৰদান কৰা হব । স্বাভাৱিকতেই দেশ-বিদেশৰ, বহু চাকৰি প্ৰত্যাশীৰ সমাগম হৈছে । যথাসময়ত বিল গেইট্ছৰ উপস্থিতিত বাচনি প্ৰক্ৰিয়া আৰম্ভ হ'ল।
বিয়াগোম এক ৰাজহুৱা প্ৰেক্ষাগৃহত প্ৰায় ৫০০০ জন প্ৰাৰ্থী । আপোনালোকে শুনি আচৰিত নহব কিন্তু, তাৰে ভিতৰত এজন প্ৰাৰ্থী আমাৰ নগেনো আছিল । বিল গেইট্ছয়ে সকলোকে সুপ্ৰভাত জনাই আৰম্ভ কৰিলে, " গুড মৰ্ণিং টু অল অফ ইউ। আপোলোকৰ যিসকলে , "জাভা" ( Java একধৰণৰ কম্পিউটাৰ এপ্লিকেশ্বন) একেবাৰেই নাজানে, তেঁওলোক যাব পাৰে ।
কথাষাৰ শুনাৰ পিছত প্ৰায় ২০০০ জন প্ৰাৰ্থী প্ৰেক্ষাগৃহৰ পৰা ওলাই গ'ল। নগেনে নিজেই, নিজক কৈছে, " মইও জাভা নাজানো কিন্তু সেইয়া মইহে জানো, বিল গেইট্ছয়ে নাজানে! মই থাকি যাও কিবা এটা হয়েই বা, চাই লোৱা ভাল হব ।"
বিল গেইট্ছ: আপোনালোকৰ মাজত যিসকলে, ১০০ জন মানুহতকৈ বেছি মানুহ চম্ভালিব নোৱাৰো বুলি ভাবে, তেঁওবিলাক যাব পাৰে । আকৌ ২০০০ প্ৰাৰ্থী ওলাই গ'ল ।
নগেনে ভাবিলে, " মই ১০০ টা কি ১০ টা মানুহো চম্ভালিব নোৱাৰো, কিন্তু সেইয়া মইহে জানো ।" তাকে ভাবি নগেন ৰৈ গ'ল ।
বিল গেইট্ছ : যিসকলৰ মেনেজমেন্ট ডিপ্লমা নাই, তেওঁবিলাক যাব পাৰে । ৫০০ জন ওলাই গ'ল। নগেন : (নিজক কৈছে) ডিপ্লমা মোৰো নাই কিন্তু সেইয়া মই হে জানো । সেইবুলি আকৌ ৰৈ গল । শেষত বিল গেইট্ছয়ে কলে, আপোনালোকৰ ভিতৰত, যিসকলে জাপানী ভাষাত কথা কব জানে, তেওঁলোক থাকক আৰু বাকী বোৰ যাব পাৰে। আৰু দেখা গ'ল ৪৯৮ জন প্ৰাৰ্থী ওলাই গ'ল ।
নগেনে ভাবিলে, " জাপানী ভাষা মইও নাজানো কিন্তু সেইয়া মই হে জানো, বিল গেইট্ছয়ে তো নাজানে, গতিকে থাকি যাও, কি হয় চাই লওঁ । এতিয়া মাথো দুজন প্ৰাৰ্থী থাকিল ।
বিল গেইট্ছ আহি নগেন আৰু আনজনক কৰমৰ্দন কৰি কলে, " কংগ্ৰেশ্বুলেশ্বনছ্, আপোনালোক দুয়োজনকে নিৰ্বাচন কৰা হ'ল। আৰু মই আপোনালোক দুয়োজনে, জাপানিজ ভাষাত কথা পতা, শুনিব বিচাৰো ।
নগেন ভয়ে ভয়ে আনজন প্ৰাৰ্থীৰ ফালে আগবাঢ়ি গৈ অসমীয়াতে কলে, " হেলো মোৰ নাম শ্ৰী নগেন চন্দ্ৰ হাতীবৰুৱা। মোৰ ঘৰ শিৱসাগৰৰ, নঙলামৰাত । আপোনাৰ ক'ত বাউ ?"
আনজন প্ৰাৰ্থীয়ে সেপ ঢুকি অসমীয়াতে কলে, " মোৰ নাং শ্ৰী বীৰেন চন্দ্ৰো কইল্টা । মোৰ ঘৰ নলবাৰীৰ, কৈঠালকুছিত, হা বাপাহাৰে ।"
qqqqqqqqqqqqqqqqqqqqqqqqqqqq
* অসমত চলি থকা বন্ধ-সংস্কৃতি, বন্ধ কৰিব কোনে ?
বিজ্ঞানৰ পিতৃপুৰুষ, বিখ্যাত জোতিৰ্বিদ আৰু পদাৰ্থবিজ্ঞানী, গেলিলিও গেলিলেইক ইটালীৰ ৰোমান কেথলিক চাৰ্চৰ ধৰ্মযাজক সকলে, ১৬৩৩ চনত প্ৰচলিত ধৰ্মবিশ্বাসৰ বিৰোধিতা কৰাৰ অপৰাধত, গৃহবন্দীকৰি ৰাখিছিল । গেলিলিওৰ অপৰাধ আছিল যে তেঁও সূৰ্য্যক সৌৰজগতৰ কেন্দবিন্দু বুলি মত পোষণ কৰিছিল । সূৰ্য্য পৃথিৱীৰ চাৰিওফালে নুঘুৰে বৰং পৃথিৱীহে সূৰ্য্যৰ চাৰিওফালে ভ্ৰমণ কৰে বুলি তেঁও লিখিছিল । ধৰ্ম্মগুৰু সকলে তেওঁৰ, মতবাদ ভুল বুলি স্বীকাৰ কৰিবলৈ বাধ্য কৰিছিল...
qqqqqqqqqqqqqqqqqqqqqqqqqq
নগেনে সন্তানৰ কামনা কৰি প্ৰায়েই মন্দিৰ, মাজাৰ আদি দৰ্শন কৰিবলৈ যায় । কিন্তু তথাপিও কোনো ফল নোপোৱা বাবে খালী ভৰিৰে তীৰ্থ যাত্ৰা , ভূমি-শয়ন, নিৰ্জলা উপবাস আদি কঠোৰৰ পৰা কঠোৰতম ব্ৰত আৰম্ভ কৰিছে ।
অৱশেষত এদিন ভগৱান বাধ্য হৈ দেখা দি কলে, "অ' নগেন, কোৱাচোন তোমাৰ কি সমস্যা ?"
নগেন : প্ৰভূ, মোক সন্তান প্ৰাপ্তিৰ বৰদান দিয়ক।
প্ৰভূ : সেই বৰ মই তোমাক নিশ্চয় দিম, বৎস । কিন্তু ......
নগেন : (ভীতস্বৰে) কিন্তু কি প্ৰভূ ? (প্ৰভূয়ে নগেনৰ কাণ এখন মলি)
প্ৰভূ : সন্তানৰ পিতৃ হবলৈ হলে, তুমি আগতে বিবাহ, কৰাব লাগিব, মূৰ্খ ।
qqqqqqqqqqqqqqqqqqqqqqqqqqqq
❤ জীৱন আৰু মৃত্যুৰ কথোপকথন :
এদিন মৃত্যুই, জীৱনক সুধিলে, " বন্ধু, এই পৃথিৱীৰ সকলোৱেই তোমাক ভাল পায়, অথচ মোক সকলোৱে, ঘৃণা কৰে কিয় ?"
জীৱনে কলে, "আচলতে কি জানা, মই হৈছো এক আনন্দদায়ক মিথ্যা-মৰীচিকা আৰু তুমি হৈছা এক বেদনাদায়ক সত্য ।
qqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqq
মাজনিশা প্ৰায় ২মান বজাত পত্নীয়ে পতিক টোপনিৰ পৰা জগাই সুধিছে, " কোৱাচোন, ত্ৰিদেব চিনেমাখনৰ নায়িকা কোন কোন আছিল ?
পতি : (চকু মোহাৰি ) মাধুৰী দীক্ষিত, সংগীতা বিজলানী আৰু চোনম ।
পত্নী : ''দিলৱালে দুলহনীয়া লে জায়েংগে" নামৰ বোলছবি খনত কাজলৰ নাম কি আছিল ?
পতি : কেলেই চিমৰণ আছিল আকৌ ।
পত্নী : আমাৰ ঘৰৰ সন্মুখৰ শইকীয়াহত, আমাৰ চুবুৰীলৈ কেতিয়া আহিছিল ?
পতি : ৪ মাহ মান হব চাগে ।
পত্নী : তুমি যে লুকাই চুৰকৈ চাই থাকা, শইকীয়াৰ মানুহজনীৰ নাম কি ?
পতি : ধেৎ তেৰি, তুমি যে কিবোৰ কোৱা ! তাইৰ নামটো..... তাইৰ নামটো কবিতা আছিল নেকি ? কিন্তু কিয় ?
পত্নী : তোমাৰ স্মৃতি শক্তি ঠিকেই আছে, দেখিছো !
পতি : ৰবাচোন, তুমি মোক মাজনিশা খন, এইবোৰ কিয় সুধি ফুৰিছা ?
পত্নী : কাৰণ, আজি মোৰ বাৰ্থডে আছিল । ইয়াৰ পিছত পৰিবেশ জয়াল হৈ পৰিল, পতিদেবে এক ভয়ংকৰ ধুমুহাৰ আগজাননী পাই, গভীৰ নীৰৱতাৰ বুকুত লীন হৈ গল ।
qqqqqqqqqqqqqqqqqqqqqqqqqqq ব
হু বছৰ চাকৰি কৰাৰ পিছত, কৰ্মৰত অৱস্থাত, সুৰাপান কৰাৰ অপৰাধত , নগেনক কাৰণ দৰ্শাবলৈ জাননী দিয়া হল। উচ্চ পদস্থ মহিলা অধিকাৰী এগৰাকীয়ে নগেনক মাতি পঠিয়ালে।
নগেন অহাৰ পিছত, সন্মুখৰ চকীখন দেখুৱাই, বহাৰ ইংগিত দি সুধিলে, " আপুনি মদ খায় ?
নগেন : হয়, মই মদ খাও ।
মহিলা : কিমান খায় ?
নগেন : দৈনিক প্ৰায় ৬ পেগ মান হব ।
মহিলা : মি: নগেন, আপুনি কেতিয়াৰ পৰা মদ খাবলৈ লৈছিল ?"
নগেন : প্ৰায় দহ বছৰমান আগৰ পৰা , মেডাম ।
মহিলা : আচ্ছা, মদৰ নামত দৈনিক খৰছ কিমানমান হয় বাৰু ?
নগেন : ধৰি লওক, প্ৰায় ৫০০/- টকা ।
মহিলা : তাৰ মানে, আপুনি দৈনিক ৫০০ টকাকৈ, অকল মদ খোৱাৰ নামত, মাহে ১৫০০০ টকা খৰছ কৰি আহিছে। ও মাই গড ।
নগেন : হয় আপুনি ঠিকেই কৈছে ।
মহিলা : আপুনি, কেতিয়াবা ভাবি চাইছে নে, মাহে ১৫০০০ টকা হিচাপে, বছৰি এক লাখ আশী হাজাৰ টকাৰ আপুনি অকল মদেই খাইছে ।
নগেন : জানো, মেডাম ।
মহিলা : আপুনি যোৱা দহ বছৰ ধৰি মদ খাইছে, তাৰ মানে যোৱা দহ বছৰত, আপুনি ওঠৰ লাখ টকা, অকল মদ খায়েই, উৰুৱাই দিলে ?
নগেন : তেনেকৈ কোনোদিনে ভাবি চোৱা নাই, মেডাম।
মহিলা : তাৰ মানে, আপুনি যদি মদ নাখালেহেতেন, আজিৰ তাৰিখত আপুনি এখন ওঠৰ লাখটকীয়া, "মাৰ্চিডিজ" গাড়ীৰ, মালিক হব পাৰিলেহেতেন ।
(অলপ সময় মনে-মনে থাকি)
নগেন : আপোনাৰ কৈ হল যদি, আপুনি মোৰ কথা এটাৰ উত্তৰ দিব নে?
মহিলা : সোধক !
নগেন : আপোনাৰ চাকৰি কিমান বছৰ হ'ল ?
মহিলা : এই ধৰক ১৫ বছৰ মান হব । কিয় ?
নগেন : কৈ আছো ! আপুনি বেয়া নপাব, আপোনাক কথা এটা সুধিছো, আপুনি মদ খায় নে?
মহিলা : কি কথা সুধিছে হে, মই আকৌ মদ কেলেই খাব যাম ? আজিলৈ মুখতেই দি পোৱা নাই ।
নগেন : (চকীখনৰ পৰা উঠি) উঠক আৰু বলক ।
মহিলা : কলৈ ?
নগেন : বাহিৰলৈ ।
মহিলা : কিয় ?
নগেন : আপোনাৰ "মাৰ্চিডিজ" গাড়ীখন, আপুনি আজি, মোক দেখুৱাব লাগিব ।
qqqqqqqqqqqqqqqqqqqqqqqq
পত্নী : হেৰি শুনিছে নে, মই মুগা আৰু পাটৰ নতুন ডিজাইনৰ, মেখেলা চাদৰ এযোৰ লম বুলি
ভাবিছো ।
পতি : কিন্তু , তোমাৰ আলমাৰীত চোন কাপোৰ ঠাহ খাই আছে। আকৌ নতুন এযোৰ মিছামিছি লোৱাৰ, কি দৰকাৰ ?
পত্নী : আপুনিও যে আৰু ! সেই আটাইবোৰ কাপোৰ আমাৰ চুবুৰীৰ মানুহে, ইতিমধ্যে দেখি থৈছে ।
qqqqqqqqqqqqqqqqqq
সেই ব্যক্তিজনেই বৰ্তমানৰ পৃথিৱীত সফল ব্যক্তি, যিজনে অৰ্জন কৰা ধন , পত্নীয়ে দুহাতেৰে খৰছ কৰিও, শেষ কৰিব নোৱাৰে । . . . ....
qqqqqqqqqqqqqqqqqqqqqqqqqqqqqq
❤ মই ঈশ্বৰে কৈছো। মই কোনো ঈশ্বৰ গোস্বামী বা ঈশ্বৰ দাস বুলি ভুল নকৰিবা । মই আচলতে এই বিশ্বৰ সৃষ্টি কৰ্তা । কিছুমানে মোক আল্লা আৰু কিছুমানে মোক গড্ বুলিও মাতে । মোক তোমালোকৰ, কেইটামান কথাই খুব বেদনা দিছে । সৰ্বপ্ৰথম কথাটো হল, তোমালোকে মোক বেলেগ বেলেগ নামেৰে সম্বোধন কৰা, মই বেয়া নাপাও, কিন্তু নাম যিয়েই নহওক, মই যে এজনেই, বুলি জনাৰ পিছতো, তোমালোকে নজনা ভাও জুৰি, পৰস্পৰৰ মাজত হিংসা-বিদ্বেষ কৰা, মই এই কথাটোত বৰ দুখ পাওঁ। মোক ভাল পাও বুলি দাবী কৰা, প্ৰত্যেককে মোৰ অনুৰোধ, তোমালোকে ইজনে সিজনক ভাল পাবলৈ শিকা । তোমালোকৰ আৰু কিছুমান কথা আছে, যিবোৰে মোক বৰ পীড়া দিয়ে ।
❤ তোমাৰ ভুল বা অসতৰ্কতাৰ বাবে তোমাৰ ঘৰখনৰ পৰা চুৰে চোৰ কৰিলে, তুমি কোৱা, "হে ভগৱান , তুমি এইয়া কি কৰিলা ? "
❤ গাড়ীখন অত্যাধিক বেগ ত চলাবা তুমি, আৰু যেতিয়া খুন্দা লাগিব। "হে আল্লা, তুমি কি কৰিলা ?"
❤ ভালদৰে নপঢ়িবা তুমি আৰু উত্তীৰ্ণ হব নোৱাৰিলে কবা , "ও গড্ , তুমি মোৰ ফালে এবাৰো মূৰ তুলি নাচালা ।" কেতিয়াবা এনেযেন লাগে, এই পৃথিৱীখনত সকলো বেয়া কামৰ বাবে, মই হে যেন প্ৰকৃততে দায়ী । আজিকালি আৰু এটা নতুন অভিযোগ তোমালোকে মোৰ ওপৰত আৰোপিত কৰা। তোমালোকে যিবোৰ সমস্যাৰ সমাধান কৰিবলৈ অপাৰগ, সেই কামবোৰ ওলোটাই, মই কৰিবলৈ হে অসমৰ্থ বুলি কোৱা । যেনে:
❤ ভগৱান আহিলেও দূৰ্নীতি বা ভ্ৰষ্টাচাৰ ৰোধ কৰিব নোৱাৰিব ।
❤ ওপৰৱালা আহিলেও বয়-বস্তুৰ মূল্যবৃদ্ধি নিবাৰণ কৰিব নোৱাৰিব ।
❤ ঈশ্বৰেও ধৰ্ষণ ৰোধ কৰিব নোৱাৰিব । তোমালোকে যে এইবোৰ কোৱা, আচলতে কি কব বিচাৰিছা? ভ্ৰষ্টাচাৰ কোনে জন্ম দিছে ? মই ? আজিলৈকে কোনোবাই মোক উৎকোচ লোৱা দেখিছে ? মই এই পৃথিৱীৰ সকলোকে বায়ু, পানী, ৰ'দ, বৰষুণ ইত্যাদি সমানেই দিও ।
কোনোবাই কব পাৰিব, যে মই জাৰকালি, মাননীয় মূখ্যমন্ত্ৰী শ্ৰী তৰুণ গগৈ ডাঙৰীয়াৰ বাসভৱনত বেছি ৰ'দ দিছো বা জহকালি উৎকট গৰমৰ দিনা কেৱল তেখেতৰ বাসভৱনত বৰষুণ দিছো বুলি ।
কলে বেয়া পাবা, তোমালোকে হে মোৰ ওচৰলৈ আহা উৎকোচ লৈ, উপঢৌকন লৈ । কেতিয়াবা বুট-মাহ, কেতিয়াবা লাড্ডু, আৰু কেতিয়াবা চাদৰ, ইত্যাদি লৈ ।
আৰু এটা কথা কওঁ, তোমালোকে মোৰ নামত প্ৰসাদ বুলি বস্তুবোৰ কিনি যে নিজেই খোৱা, মোক কেতিয়াবা সুধি চাইছা নে ? মই আচলতে কি ভাল পাও ?
মূল্যবৃদ্ধি কোনে কৰিছে ? মই ?
❤ আৰে মইতো কেৱল মাটিহে সৃষ্টি কৰিছিলো । তোমালোকে ভাষা, ধৰ্ম, জাতি, ক'লা-বগা আদিৰ নামত দেশ - বিদেশৰ চাৰিসীমা আঁকিছা । এইবোৰ কৰাৰ পিছতো ক্ষান্ত নাথাকি, এইখনি মোৰ মাটি, সেইখিনি মোৰ মাটি বুলি, এই মাটিকেই আকৌ 'প্লট' বনাই বিক্ৰী কৰিছে, কোনে ?
❤ মই পানীৰ সৃষ্টি কৰিছিলো। সেই পানীক বটলত ভৰাই বিক্ৰী কৰিছে । কোনে ? মই ?
❤ মই পশু-পক্ষীৰ সৃজন কৰিছিলো । সেইবোৰক খাদ্য সামগ্ৰী সজাই বিক্ৰী কৰিছে । কোনে ? মই ?
❤ মই পৃথিৱীখন শুৱনি, শীতল আৰু প্ৰদূষণ মুক্ত কৰিবলৈ গছ-গছনি আদিৰ সৃজন কৰিছিলো। সেইবোৰক কাঠ বনাই বিক্ৰী কৰিছে। কোনে? মই ? আজিলৈকে মই
❤ তোমালোকৰ ওচৰত কিবা বস্তু বিক্ৰী কৰিছো ?
❤ কিবা বস্তুৰ বিনিময়ত পা-পইচা লৈছো ? সকলো কথাতেই মাথো, মোৰ হে ভুল দেখা, তোমালোকে । তোমালোকৰ ভুলবোৰ এটাৰ পিছত, এটাকৈ ক্ষমা কৰি আহি আছো ।
এতিয়াও সময় আছে, নিজক শুধৰাবলৈ যত্ন কৰা । মানুহ হিচাপে জন্মগ্ৰহণ কৰিছা, যেতিয়া শ্ৰেষ্ঠতাৰ দাবী কৰি ফুৰিলেই নহব । তোমালোকৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা মানবীয় গুণসমূহৰ বিকাশ ঘটোৱা, পৰস্পৰক, সকলো জীৱ আৰু প্ৰকৃতিক ভাল পাবলৈ শিকা ।
পিছত নকবা যে মহাপ্ৰলয় কেনেকৈ আহিল আৰু নুসুধিবা । "হে ভগৱান, হে আল্লা, ও গড্ ,এইয়া তুমি কি কৰিলা ?"
qqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqq
নিশা ভাত খাই উঠি বীৰেণে বন্ধু নগেনলৈ ফোন কৰিছে ।
বীৰেণ : হেল্লো, হাউ আৰ ইউ ? কি কৰি আছ ?
নগেন : ডিনাৰ কমপ্লিট কৰিলো । এতিয়া স্কছ্ ........
বীৰেণ : বা: তোৰ ভাগ্য খন মানিলো আৰু দেই, মাজে মাজে আমাকো খুৱাবি , আকৌ ।
নগেন : নহয় ও, তই ভবাটো নহয় । শ্ৰীমতীয়ে টিভি চাই আছে, মই স্কছ ব্ৰাইটেৰে বাচন-বৰ্তন হে ধুই আছো ।
qqqqqqqqqqqqqqqqqqqqqq
সুপ্ৰভাত জীৱন যুঁজত জয়ী হবলৈ, প্ৰত্যেক মানুহৰ জীৱনত, দুই ধৰণৰ বন্ধুৰ প্ৰয়োজন আছে ।
❤ এজন হব লাগে ভগৱান শ্ৰীকৃষ্ণৰ দৰে, যিজনে নেকি আপোনাৰ হৈ, যুদ্ধ নকৰাকৈও, আপোনাক যুদ্ধত জিকাই দিব পাৰে ।
❤ আনজন হব লাগে দানবীৰ কৰ্ণৰ দৰে, যিজনে আপোনাৰ ভুল থকা বুলি জনাৰ পিছতো, নি:চৰ্তে আপোনাৰ হৈ যুদ্ধ কৰিব পাৰে ।
qqqqqqqqqqqqqqqqqqqqqqqqqqqq
ডাক্তৰৰ চেম্বাৰৰ দৃশ্য :
(তন্ন-তন্ন কৈ পৰীক্ষা কৰি উঠি ডাক্তৰে কৈছে )
ডাক্তৰ : আপোনাৰ বেমাৰটো মই ঠিক ধৰিব পৰা নাই, বুজিছে । মোৰ এনেকুৱা যেন লাগিছে, বেছিকৈ সুৰাপান কৰা কাৰণে হৈছে, নেকি !
মদাহী নগেন : (চকীৰ পৰা উঠি) ঠিক আছে চাৰ, কোনো কথা নাই, আপোনাৰ নিচা ফটাৰ পিছত, আকৌ আহিম বাৰু, দেই।
qqqqqqqqqqqqqqqqqqqqqqqqqqqqq
❤ আমি সকলোৱে এটা কথাত একমত নিশ্চয়, যে আমাৰ প্ৰধানমন্ত্ৰী মাননীয় শ্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়াই, কোনো ধৰনৰ ৰাগীয়াল বস্তু সেৱন, বিশেষকৈ সুৰাপান নকৰে । . . . . . . . . . . . কেতিয়াবা সাক্ষাৎ লাভৰ সুযোগ পালে সুধিব লাগিব, " আপুনি ' সেইবিধ' সেৱন নকৰাকৈ "মন্ কী বাত" কেনেকৈ কৰে, বাৰু ?"
qqqqqqqqqqqqqqqqqqq
উৰ্দু সাহিত্যৰ এক অভিন্ন অংগ হৈছে শ্বায়েৰী-এক সংগীত কবিতা । মনৰ গভীৰতা আৰু আবেগ অনুভূতিৰ মাজৰ পৰা প্ৰকাশ পোৱা ছন্দোময় শব্দৰ মায়াজাল, এই শ্বায়েৰী সমূহ ।
নিম্নলিখিত শ্বায়েৰীৰ স্তৱকবোৰৰ মাজত এক সৃজনশীল ধাৰাবাহিকতা মন কৰক।
ওঠৰ শতিকাৰ বিখ্যাত উৰ্দু কবি মীৰ্জা গালিবে লিখিছিল, "জাহিদ, শ্বৰাব্ পীনে দে মছজিদ্ মে বেইঠ কৰ, ইয়া, ৱহ জগহ্ বতা, জাঁহা খুদা নহী ...."
উনৈছ শতিকাৰ কবি আল্লামা ইকবালে অৰ্ধশতিকাৰ পিছত উত্তৰ স্বৰূপে লিখিছিল, " মছজিদ্ খুদা কা ঘৰ হেই, পীনে কী জগহ্ নহী......... কাফিৰ্ দিল মে জা, ৱাহা খুদা নহী......."
কুৰি শতিকাৰ কবি আহমদ ফাৰাজে প্ৰত্যুত্তৰত লিখিছে, "কাফিৰ্ কে দীল্ চে আয়া হু, মেই য়ে দেখ্ কৰ্ ফাৰাজ.... খুদা মৌজুদ হেই ৱাহা, পৰ্ উচে পতা নহী ।"
qqqqqqqqqq
❤ চহৰৰ এখন গাৰ্লছ্ হোষ্টেলৰ, ৰিচিপ্চনিষ্ট হিচাবে নগেনে নিযুক্তি পালে। নগেনে খুব আনন্দ আৰু আন্তৰিকতাৰে নিজ কৰ্তব্য পালন কৰি গৈ আছে ।
তিনিমাহমান যোৱাৰ পিছত গাৰ্লছ্ হোষ্টেলৰ মালিকে নগেনক মাতি পঠিয়ালে আৰু কলে, "হেৰা কি হ'ল হে, তুমি তোমাৰ দৰমহা লবলৈ অহা নাই যে ?"
নগেন : হে ভগৱান, বেলেগকৈ দৰমহাও দিয়ে বুলি, জনাই নাছিলোঁ ।
qqqqqqqqqqqqqqqqqqqqqqqqqq
❤ আদালতৰ দৃশ্য❤
উকীল : পূলিছৰ ডায়েৰী মতে, তুমি চহৰৰ নামী-দামী, শাৰীৰ দোকান এখনত, নিশা চুৰ কৰিবলৈ গৈ ধৰা পৰিছা, হয়নে ?
নগেন : হয় চাৰ, প্ৰথম দুবাৰ ধৰা পৰা নাছিলো, তিনি নম্বৰ বাৰ যাওতে হে ধৰা পৰিলো ।
উকীল : আচামীয়ে অপৰাধ স্বীকাৰ কৰিছে, জজ চাহাব । কিন্তু, একেখন দোকানতে, একেনিশাই, তিনিবাৰ চুৰ কৰিবলৈ কিয় গৈছিলা ?
নগেন : চাৰ প্ৰথমবাৰ মানুহজনী লৈ শাৰী এখন আনিছিলো, তেওঁৰ পচন্দ নোহোৱা বাবে, বাকী দুবাৰ সলাবলৈ, গৈছিলোঁ ।
qqqqqqqqqqqqqqqqqqqqqqqqqqqqq
❤ কিছুমান মহিলা NRC ফৰ্ম খনৰ দৰে । প্ৰথম দৃষ্টিত, জটিল যেন লাগিলেও, পিছলৈ সহজ হৈ পৰে । সুপ্ৰভাত
qqqqqqqqqqqqq •
এজন মানুহৰ মৃত্যু হল । মানুহজনে দেখিলে, ঈশ্বৰ আহি ওচৰত ৰৈ আছে, হাতত এটা বিশাল বাকচ। ঈশ্বৰ আৰু মানুহজনৰ মাজত বাৰ্তালাপ চলিছে :
ঈশ্বৰ : হে বৎস, ব'লা মোৰ সতে, তোমাৰ সময় পূৰ্ণ হৈ গল ।
মানুহজন : হে প্ৰভূ মোক আৰু কিছু সময়ৰ বাবে ৰেহাই দিয়া , মোৰ বহুতো কাম আধৰুৱা হৈ আছে । ঈশ্বৰ : মই দূখিত বৎস, তুমি যাবই লাগিব ।
মানব : প্ৰভূ, তোমাৰ হাতৰ বাকচটোত কি আছে ?
ঈশ্বৰ : তোমৰ সম্পদ সমূহ ।
মানব : মোৰ সম্পদ ! মানে মোৰ কানি-কাপোৰ, টকা পইচা এইবোৰ ?
ঈশ্বৰ : নহয়, সেই বস্তুবোৰ কেতিয়াও তোমাৰ নাছিল বৎস, সেইবোৰ এই পৃথিৱীৰহে সম্পদ ।
মানব : তেতিয়া হলে, নিশ্চয় মোৰ স্মৃতিবোৰ হব ।
ঈশ্বৰ : নহয়, তোমাৰ স্মৃতিবোৰ আচলতে সময়ৰ হে সম্পদ ।
মানব : নিশ্চয় মোৰ প্ৰতিভাৰ স্বাক্ষৰ বোৰ জমা হৈ আছে ।
ঈশ্বৰ : প্ৰতিভাবোৰ পৰিস্থিতি সাপেক্ষে আছিল, তাৰ ওপৰত তোমাৰ কোনো অধিকাৰ নাই, বৎস ।
মানব : বাকচটোত নিশ্চয় মোৰ বন্ধু আৰু পৰিয়াল বৰ্গ আছে?
ঈশ্বৰ : তেওঁবিলাক মাথো, তোমাৰ জীৱন বাটৰ লগৰী হে আছিল ।
মানব : মোৰ পত্নী আৰু সন্তান ?
ঈশ্বৰ : নহয়, পত্নী আৰু সন্তান তোমাৰ হৃদয়ৰ বাসিন্দা হে আছিল।
মানব : তেনেহলে মোৰ শৰীৰটো হব চাগে ।
ঈশ্বৰ : তোমাৰ দেহটো পঞ্চভূতৰ আছিল, আৰু পঞ্চভূতত বিলীন হৈ গ'ল ।
মানব : মোৰ আত্মা ?
ঈশ্বৰ : তুমি বাৰেপতি ভুল কৰি আছা বৎস । তোমাৰ আত্মা মোৰহে অধীন, আত্মাৰ ওপৰত তোমাৰ কোনো অধিকাৰ নাই ।
মানুহজন দুখ আৰু ভয়ত বিতত হৈ কপিব ধৰিলে, কপা কপা হাতেৰে বাকচ টো খুলি চাই দেখে যে- বাকচটো একেবাৰেই উদং ।
মানুহজন এইবাৰ আৰু বেছি ভাঙি পৰিল, দুগালেদি চকুলো বৈ গৈছে। কান্দি কান্দি সুধিছে, " প্ৰভূ, এইয়া কি, মোৰ বাকচত একোৱেই নাই ?"
ঈশ্বৰ : হয় বৎস, তোমাৰ একোৱেই নাই।
মানব : তেতিয়া হলে মোৰ নিজৰ বুলিবলৈ কি আছিল, প্ৰভূ ?
ঈশ্বৰ : তোমাৰ নিজৰ বুলিবলৈ তুমি ইমান বছৰে কটোৱা মূহুৰ্তবোৰ হে, তোমাৰ নিজৰ আছিল । আৰু তুমি সেইয়া কিদৰে কটাইছিলা, সেইটো তুমিহে ভালদৰে জানিবা। মনত ৰাখিবা মৃত্যুৰ পিছত একো নাই । জীৱন হে প্ৰকৃত বাস্তৱ । আচলতে জীৱনো কিছুমান মূহুৰ্তৰহে সমষ্টি , গতিকে জীয়াই থকা কেইদিন,
❤ প্ৰত্যেক মূহুৰ্তবোৰৰ সদব্যৱহাৰ কৰিবলৈ শিকা ।
❤ প্ৰত্যেক মূহুৰ্তবোৰক ভাল পাবলৈ শিকা ।
❤ প্ৰত্যেক মূহুৰ্তবোৰক উপভোগ কৰিবলৈ শিকা ।
qqqqqqqqqqqqqqqqqqqqqqqqqqqqqqq
গুৱাহাটীৰ "বিগ বাজাৰ" ত নগেনে বজাৰ কৰিবলৈ অহা এগৰাকী অত্যন্ত ধুনীয়া মহিলাক গৈ কলে, " বেয়া নাপায় যদি, আপুনি মোৰ সতে অকণমান কথা পাতক না "
মহিলা : মইতো আপোনাক চিনি নাপাও !
নগেন : মই মানে, মানুহজনীক লৈ ইয়ালৈ বজাৰ কৰিব আহিছিলোঁ কিন্তু কত হেৰাল জানো বিচাৰি পোৱা নাই। ম
মহিলা : মই একো বুজা নাই, আপুনি কি কব বিচাৰিছে ! আপুনি ঘোষণা কৰি দিব পাৰেচোন ।
নগেন: আচলতে সেইবোৰ কৰিবলৈ গলে বহুত সময় লাগিব, সেইকাৰণে ।
মহিলা : সেইকাৰণে ? মানে ?
নগেন : মানে, আগে-পিছে , মই যেতিয়াই কোনোবা ধুনীয়া মহিলাৰ সতে কথা পাতো, এও যতেই নাথাকক কিয়, কৰবাৰ পৰা আহি ওলাবই ।
qqqqqqqqqqqqqqqqqqqqq
আদালতৰ দৃশ্যঃ
মদ খাই মাতলামি কৰাৰ অপৰাধত নগেনক আদালতত হাজিৰ কৰা হল।
নগেনক দেখাৰ পিছত জজ চাহাবে খঙত্ কলে, "যোৱা পোন্ধৰ বছৰ ধৰি, তুমি একেই অপৰাধত মোৰ সন্মুখলৈ কিমান বাৰ যে আহিলা, তোমাৰ লাজ নালাগে । "
নগেন : লাজ ? লাজ কিয় লাগিব ? আপোনাৰ প্ৰমোচন নাহিলে, মই কি কৰিব পাৰো, কওক ?
qqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqq
চীন দেশত উৎপন্ন হোৱা বস্তুৰে, আমি আমাৰ দৈনন্দিন জীৱন নিৰ্বাহ কৰো । আমি ব্যৱহাৰ কৰা বেছিভাগ সামগ্ৰী সমূহ, চীনৰ পৰা আহে । কিন্তু, চীনৰ কাৰিকৰী আৰু প্ৰযুক্তিবিদ্যা যিমানেই ওপৰত নহওক কিয়, এটা বিষয়ত সিহঁত আমাতকৈ, কেতিয়াও আগবাঢ়িব নোৱাৰিব। . . . . . . . . . . . . আমাৰ ডেকালৰা বোৰে, হঠাৎ, চলন্ত মটৰ চাইকেলৰ ব্ৰেক মাৰি, যিটো ষ্টাইলেৰে তামোলৰ পিক পেলাব, এই বিশেষ কায়দাটো, চীনৰ ডেকালৰাবোৰে আৰু এশ বছৰতো, আয়ত্ব কৰিব নোৱাৰিব ।
qqqqqqqqqqqqqqqqqqqqqqqqqqqqqq
আপোনাৰ আশে-পাশে কোনোবাই ধুম্ৰপাণ কৰি পৰিবেশ প্ৰদূষিত কৰাৰ লগতে আপোনাকো, আমনি কৰিছে নেকি বাৰু ? . . . . . .
আপুনি সেই ধুম্ৰপায়ীজনক অন্তৰৰ পৰা ক্ষমা কৰি দিয়ক ! হয়তোবা, সেইজনৰ জীৱনৰ সেইটোৱেই শেষ চিগাৰেটো হব পাৰে !!!!!
qqqqqqqqqqqqqqqqqqqqqqqqqqqqq
❤ যদি চূণ আৰু ধঁপাত মোহাৰি বিজুলী উৎপন্ন কৰিব পৰা গ'লহেতেন, তেনেহলে , অকল অসমেই, গোটেই পৃথিৱীৰ বিজুলী যোগান ধৰিবলৈ সক্ষম হ'লহেতন ।
qqqqqqqqqqqqqqqqqqqqqqqqqqqqqqq
❤ নগেন আমেৰিকাৰ পৰা ঘুৰি আহি পত্নীক কলে, " হেৰা, মই আমেৰিকালৈ গৈ হে গম পালো, আমেৰিকাই কিয় ইমান উন্নতি কৰিব পাৰিছে?
পত্নী : হয়নে, কি গম পালে নো ?
নগেন: আমেৰিকাত, সৰু সৰু লৰা-ছোৱালী বোৰেও সলসলীয়াকৈ ইংৰাজী কব পাৰে, বুজিছা ।
qqqqqqqqqqqqqqqqqqqqqqqqq
নগেন আমেৰিকাৰ পৰা ঘুৰি আহি পত্নীক সুধিছে, " হেৰা, সচা কথা এটা কোৱাচোন, মোক বাৰু ফৰেইনাৰ যেন লাগে নেকি?
পত্নী : নাই নালাগে, কিয় সুধিলে ?
নগেন: তেনেহলে আমেৰিকাত মোক চবেই ফৰেইনাৰ বুলি কিয় কলে ?
qqqqqqqqqqqqqqqqqqqqqqq
নগেনৰ মানুহজনীয়ে মাকৰ ঘৰত এটা সন্তানৰ জন্ম দিলে । বিশেষ কামত নগেন বাহিৰলৈ গৈছিল বাবে , শহুৰেকে খবৰটো, মোবাইলত মেচেজ হিচাপে, এনেদৰে দিলে, " এটা সুখবৰ আছে, তুমি তোমাৰ সন্তানৰ পিতৃ হলা।"
নগেনে সেই মেচেজটো লগৰ হৰেণ, বীৰেন আৰু খগেনলৈ ডাইৰেক্ট (অকনো সলনি নকৰাকৈয়ে) ফৰৱাৰ্ড কৰি দিলে, নহয় ।
সেইদিন ধৰি হৰেণ, বীৰেণ আৰু খগেনক আজিলৈকে কোনেও দেখা নাই। খগেন বোলাজন হেনো, একেবাৰে বাংলাদেশ পালেগৈ।
qqqqqqqqqqqqqqqqq
এইবাৰ নগেন আই.চি.ইউ ত ভৰ্ত্তি হৈ আছে । অৱস্থা খুব ভাল নহয় । কোনোবা এজনে কলে, জীৱনৰ শেষ সময়ত গীতাৰ বাণী শ্ৰবন কৰিলে হেনো মোক্ষ প্ৰাপ্তি হয় । কথা মতে কাম, এজন বিহাৰী পন্ডিতক আই.চি.ইউ ৰ ভিতৰত গীতাপাঠ কৰিবলৈ, বিশেষভাৱে চিকিৎসালয়ৰ পৰা অনুমতি লৈ, নিয়োগ কৰা হল।
পণ্ডিতে নগেনৰ মূৰ শিতানত থিয় হৈ, গীতা পাঠ আৰম্ভ কৰাৰ লগে লগে নগেনৰ চেহেৰা সলনি হৈ গল । পন্ডিতে দেখিলে নগেনে কিবা এটা কব বিচাৰিছে কিন্তু একো বুজি নাপায়, শেষত জেপৰ পৰা কলম আৰু নোট বুক খন উলিয়াই দিলে। নগেনে কিবা এটা লিখিলে, পণ্ডিতে ভাবিলে নগেনৰ শেষ ইচ্ছাৰ কথা কিবা লিখিছে ।
কাগজ খন জেপত ভৰাই থৈ, পুনৰ, গীতা পাঠ কৰিব ধৰিলে । কিছু সময় পিছত নগেনৰ প্ৰাণবায়ু উৰি গল । মৃতকৰ সকামৰ দিনা পণ্ডিতে কাগজৰ টুকুৰাটো আনি, নগেনৰ বন্ধু হৰেনক দি কলে, "এই কাগজ খিলাত, মৃতকৰ অন্তিম ইচ্ছাৰ কথা লিখা আছে, আপুনি ৰাইজে শুনাকৈ পঢ়ি দিয়ক ।"
হৰেনে পঢ়িব ললে, " পণ্ডিত জী, আপুনি মোৰ নাকলৈ অহা অক্সিজেনৰ পাইপডাল গছকি ধৰিছে , সোনকালে ভৰিখন, আতঁৰাওক ।"
qqqqqqqq
❤ ::::: আকৌ নগেন :::::❤
নগেন আজিকালি ভাল চাকৰি এটা পাই কলিকতাত থাকে। এটা সময়ত চুলাই খাই জীৱন-যাপন কৰা নগেনে বীয়েৰ বাৰলৈ গৈ কলে, " তিনিগিলাচ বীয়েৰ দিয়ক।"
ওয়েটাৰ জনে তিনিগিলাচ বীয়েৰ দি দিলে। নগেনে ওচৰৰ টেবুলত বহি, তিনিগিলাচ অকলে খাই শেষ কৰিলে। কথাটো ওয়েটাৰ জনে মন কৰিলে।
পুনৰ তিনিগিলাচ বীয়েৰৰ অৰ্ডাৰ দিয়াত ওয়েটাৰ জনে কলে, " চাৰ, আপুনি একেলগে তিনিগিলাচকৈ নলৈ, এগিলাচ-এগিলাচকৈ লৈ খালে বেছি ভাল পালেহেতেন নেকি?" উত্তৰত নগেনে যি কলে,সেইয়া শুনিলে আপোনাৰ চকুলো ওলাব ।
"মই জানো কথাটো, কিন্তু বাকী দুগিলাচ মই মোৰ বন্ধু হৰেন আৰু বীৰেণৰ কাৰণে লও, মই অসম এৰি অহাৰ সময়ত, কথা দি আহিছো যে, সিহত দুটাক এৰি অকলে কেতিয়াও নাখাও ।"
কথা শুনি ওয়েটাৰৰ চকুলো বাগৰি গল। আৰু কোনো প্ৰশ্ন নকৰি, তিনি গিলাচ বীয়েৰ আগবঢ়াই দিলে । লাহে লাহে , নগেন সেই বাৰ খনলৈ সদায় যাবলৈ লোৱাত, ওৱেটাৰজন চিনাকী বন্ধুৰ দৰে হৈ পৰিল।
নগেনক দেখিলেই, তিনি গিলাচ বীয়েৰ ৰেডী কৰি লৈ আহে আৰু শেষ হলে পুনৰ তিনি গিলাচ। এনেদৰে দিন গৈ আছিল, এদিন নগেন খুব দুখমনে, বাৰৰ ভিতৰলৈ সোমায় আহি ওৱেটাৰ জনক কলে, "ভাই আজিৰ পৰা তিনি নানিবা, দুই গিলাচ আনিলেই হব ।"
ওৱেটাৰ : আপুনি বহক, মই লৈ আনিছো, বাৰু । নগেন গৈ টেবুলত বহিল, ওৱেটাৰ জনে দুগিলাচ বীয়েৰ আনি সুধিলে, " চাৰ, আপোনাৰ বন্ধু এজন ঢুকুৱা বুলি গম পাই বৰ দুখ পালো, চাৰ ।"
নগেন : ধেৎ তুমি কি যে ভাবি পালা ! মোৰ বন্ধু দুয়োজন কুশলেই আছে ।
ওৱেটাৰ : তেতিয়াহলে আজি এগিলাচ, কম কিয় অনালে ?
নগেন : মই সিহতক কথা দি থৈ আহিছো ।
ওৱেটাৰ : সেই কথাটো মই জানো, চাৰ।
নগেন : আচলতে মোক ডাক্তৰে বীয়েৰ খাব মানা কৰিছে । সেয়ে আজি মই নাখাও, কেবল সিহতৰ লগত বহিম হে l
qqqqqqqqqqqqqqqqqqqqqqq
এদিন ৰাতিপূৱাই, ৰাতিপুৱাই অফিচৰ পৰা নগেনে, এজন ডেকা বন্ধুক লৈ ঘৰ পালেহি । ৰাতিপূৱা লৰা ছোৱালী হাল, স্কুল গৈছে আৰু ঘৰখন তেনেই বিশৃঙ্খল অৱস্থাত আছে। দৰ্জাখন খুলি কোনোমতে, আলহীজনক বহক বুলি কৈ নগেনৰ পত্নী, একেলৰে ভিতৰ পালেগৈ । পিছে পিছে নগেনো ভিতৰলৈ গল ।
নগেনক দেখি পত্নীয়ে খঙত একো নাই হৈ কলে, " হেৰি, আপুনি সচাঁকৈয়ে নগেন হয় । একো এটা খবৰ নিদিয়াকৈ, এইদৰে ৰাতিপূৱা আলহী লৈ আনিবলৈ, আপোনাক কিহে পাইছিল ?
নগেন : (সেমেনা-সেমেনিকৈ) নহয়, তাৰ মানে অহা মাহত তাৰ বি........
পত্নী : ইছ ৰাম-ৰাম, মোক ফটা নাইটী টো পিন্ধি থকা দেখি, মানুহজনে যে কি ভাবিছে, ঐ। ইফালে মজিয়াত ইহত দুটাই, আধা খাই এৰি থৈ যোৱা, কাহী, বাতি, গিলাচ চব পৰি আছে ।
নগেন : নহয় মানে অহা মাহত সি বিয়া........
পত্নী : বিচনাখনো তোলা নাই, মজিয়াখনো গোটেই পানী পৰি তিতি আছে । ডাইনিংৰ ওপৰত ৰাতিৰ বাচন সোপা.........ঘৰটো সাৰিবও পৰা নাই । আগতে পানীখিনি মচি লব লওতেই, আহি ওলাল নহয়।
নগেন : নহয়, তাৰ মানে অহা মাহত তাৰ বি........
পত্নী : কিনো বাৰে বাৰে এটা কৈ আছে, আপুনি ?
নগেন : আচলতে কি হল জানা, তোমাক একো নোকোৱাকৈ তাক অনাৰ উদ্দেশ্য এটা আছে, ।
পত্নী : চোৱা চাহ কাপ তুমিয়েই লৈ যাবা, হলে দেই আৰু তুমি সেইবোৰ বাহানা মোক নিদিবা । কি উদ্দেশ্য ?
নগেন : বাহানা নাই দিয়া, আচলতে, মই তাক বিয়া পতাৰ পিছত মানুহৰ কি গতি হয়, সেইটো 'লাইভ' দেখুৱাম বুলি কথা দি লৈ আনিছিলো, সেইকাৰণেহে।
পত্নী : কি কলা ??????
নগেন : তাৰ মানে, অহা মাহত, বিয়াৰ তাৰিখ লোৱাৰ, কথা আছে । মই ভাবিলো সিদ্ধান্ত, লোৱাৰ আগে আগে, এবাৰ 'লাইভ টেলিকাস্ট' দেখুৱাই দিও, পিছত যাতে, মই আগতে, একো নকলো বুলি কব নোৱাৰে ।
qqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqq
❤ ছাগলীজনীয়ে পঠা ছাগলীটোক কৈছে, " আই লাভ ইউ "
পঠা ছাগলী : এই তিনিটা শব্দ তোমাৰ মুখৰ পৰা শুনিবলৈ, কিমান প্ৰতীক্ষা কৰিলো। কিন্তু তুমি বহুত বিলম্ব কৰিলা, মোৰ সোণজনী ।
ছাগলী জনী : কিয়, কি দেৰী হল নো, কিয় তেনেকৈ কৈছা ?
পঠা ছাগলী : কাৰণ, সন্মুখত ঈদ্ আহি আছে, সোণজনী ।
qqqqqqqqqqqqqq •
❤ সময় হৈছে বোৱতী নদীৰ পানীৰ দৰে, আপুনি একেখিনি পানী, আকৌ এবাৰ চুই চাও, বুলিলেও চুব নোৱাৰে, কাৰন পাৰ হৈ যোৱা, সোঁতৰ পানী পুনৰাই কেতিয়াও ঘুৰি নাহে । জীৱনৰ প্ৰতিটো মূহুৰ্ত, প্ৰতিটো কথা, উপভোগ কৰিবলৈ চেষ্টা কৰক । সুপ্ৰভাত ।
qqqqqqqqqqqqqqqqq
লৰাৰ মাকে ছোৱালী চাবলৈ, মানুহ এঘৰলৈ গৈছে । ছোৱালীৰ মাকক সুধিছে, " আপোনাৰ ছোৱালীয়ে কি কি বনায়, বাৰু ? " ছোৱালীৰ মাক : আগতে মেগী বনাইছিল, এতিয়া সেইটোৰো মুদা মৰিল । এতিয়া ফেচবুকত, "লাইক্" আৰু "কমেন্ট্" কৰি কিছুমান লৰাক বুৰ্বক বনায়, আৰু ।
qqqqqqqqqqqqqqqqqqqq
অকলে অকলে, সুৰাপান কৰাৰ এটা মৌলিক সমস্যা হ'ল, সুৰাপান কৰি উঠাৰ পিছত, আপুনি, ইংলিছত কাৰ লগত কথা পাতিব ?
qqqqqqqqqqqqqqqqqqqqqqqqqqqqq
প্ৰতি নিশা সুৰাপান কৰি দেৰিকৈ, ঘৰলৈ উভতি অহা পতিক, এসেকা দিয়াৰ মানসেৰে, পত্নীয়ে ক'লা কাপোৰ পিন্ধি, পদূলিৰ ওচৰত, আন্ধাৰ ৰাতি, ৰৈ আছে।
পতিয়ে অকণমান সময় তলকা মাৰি চাই, মেলি সুধিলে , " তুমি কোন, ইমান ৰাতি ?"
পত্নী : (মাত সলনি কৰি) মই যখিনী হয়, হা হা হা !
পতি : (হাতখন আগবঢ়াই ) হেন্ডশ্বেক্ । নাইচ্ টু মিট ইউ, মাই ডিয়েৰ, খুলশালী । মই তোমাৰ বাইদেউৰ পতি ।
qqqqqqqqqqqqqqqqqqqqqqqqq
এজন বৃদ্ধ মানুহ চাইকেল চলাই গৈ আছিল। সিফালৰ পৰা নগেনে একেবাৰে নতুন, চাৰি চকীয়া এখন লৈ, বন্ধু হৰেন, খগেন আৰু বীৰেন লগত আহি আছিল। হঠাতে বৃদ্ধৰ চাইকেলখন আহি খুন্দা খোৱাত গাড়ীখনত যথেষ্ট দাগ লাগিল। দাগ দেখি নগেনৰ টেমা গৰম, চাৰিও মিলি বুঢ়াক মাৰো মাৰো কৰিব ধৰিলে ।
বুঢ়াই কথা বিষম দেখি নম্ৰতাৰে নগেনক কলে, " আপোনালোক চাৰিজন আৰ মই এজন অকলশৰীয়া মানুহ, এইয়া অন্যায় নহব নে ?
নগেন: (কিছু চিন্তা কৰি) ঠিক আছে, হৰেণ আৰু বীৰেন তহত দুটা খুড়াৰ ফালৰ হৈ কাজিয়া কৰ, মই আৰু বীৰেন আনটোফালে আছো ।
বৃদ্ধ : ৰব, ৰবচোন । সমস্যাৰ সমাধান কিন্তু এতিয়াও নহল। নগেন : কি কৈছে, মই একো বুজা নাই হলে? বৃদ্ধ : আপোনালোক ২ জন আৰু আমি ৩ জন হলো গতিকে এতিয়াও কথাটো নাই মিলা । নগেন : হয় পাই, মই কথাটো চিন্তাই কৰা নাছিলোঁ । এটা কাম কৰক খুড়া, আপুনি ঘৰলৈ যাওকগৈ, ইহত দুটাক, মই আৰু বীৰেনে এসেকা দিহে এৰিম ।
qqqqqqqqqqqqqqqqqqqqqqqqq
❤ আজিৰ সন্ধিয়াৰ সুবিচাৰ:
জীৱনত যদি আপোনাৰ দ্বাৰা কেতিয়াবা, কৰবাত, কিবা ভুল হৈ যায়, একেবাৰেই চিন্তা নকৰিব। . . . . . . . . . মাত্ৰ দুই মিনিট চকুমুদি, ভাবি লব যে কাৰ মূৰত, কঠাল ভাঙি, সমস্ত দোষ সেইজনৰ ওপৰত জাপি দি, আপুনি কেনেকৈ, সাৰি যাব পাৰে ।
qqqqqqqqqqqqqqq
আমাৰ নগেন এইবাৰ ডাক্তৰৰ ওচৰলৈ গৈছে । ডাক্তৰক কৈছে, "ডাক্তৰ বাবু, মোৰ পেটত তামাম গেচ হৈছে । কিন্তু, এটা কথা কি জানেনে চাৰ, মই যিমানেই নেৰো কিয়, কোনো শব্দ নহয় বা দূৰ্গন্ধও নোলায় ।"
ডাক্তৰে কলে, " আপুনি কেনেকৈ গম পালে ? "
নগেন : চাৰ, মই ইয়ালৈ অহাৰে পৰা নাই কমেও ২০ বাৰ মান গেচ নিৰ্গত কৰিছো, আপুনি বা বেলেগ ৰোগী বোৰে, কিবা গম পাইছে জানো ? "
ডাক্তৰ : উম, ঠিক আছে, এই ঔষধ খিনি খাওক, আৰু ৭ দিন পিছত মোৰ ওচৰলৈ আহক । এসপ্তাহৰ পিছত, নগেন ডাক্তৰৰ ওচৰলৈ প্ৰায় উধাতু খাই অহাদি আহিল আৰু সুধিলে , " চাৰ, আপুনি মোক কি ঔষধ দিছিল, চাৰ ?
ডাক্তৰ : কিয়, কি হৈছে?
নগেন : মানে চাৰ, গেচৰ সমস্যা অলপো ভাল পোৱা নাই । শব্দ এতিয়াও নোলায় ঠিকেই কিন্তু একেবাৰে জঘন্য গোন্ধহে ওলাইছে, মই এইবোৰ একো বুজি পোৱা নাই, চাৰ।
ডাক্তৰ : (গহীনকৈ) ভেৰী গুড, আপোনাৰ নাক বন্ধৰ প্ৰব্লেমটো ঠিক হৈ গল তাৰমানে । এতিয়া কাণ বন্ধৰ কাৰণে দৰব দিম, এইখিনি শেষ কৰি এসপ্তাহ পিছত আকৌ আহিব ।
qqqqqqqqqqqqqqqqqqqq
পাৰিবাৰিক অশান্তি , কৃত্ৰিম আৰ্থিক অনাটন আৰু মহানগৰীৰ সৰু ফ্লাট ইত্যাদি নানান অজুহাত দেখুৱাই এজন পুতেকে, বিধৱা মাকক বৃদ্ধাশ্ৰম এখনত থৈ আহিল। বছৰত এবাৰ কি দুবাৰ খা-খবৰ লয়। এদিন বৃদ্ধাশ্ৰম ৰ পৰা ফোন আহিল, "আপোনাৰ মা খুবেই অসুস্থ , আপুনি সোনকালে আহক ।" পূতেকে গৈ দেখিলে মাকৰ অৱস্থা খুবেই বেয়া, কেতিয়া কি হয়, একো কব নোৱাৰি ।
পূতেকে মাকৰ ওচৰলৈ গৈ সুধিলে , " মা, মই আহিছো, মা তোমাৰ কিবা কবলগীয়া থাকিলে , মোক কোৱা ? " মাকে কলে, "বোপাই অ' , এই বৃদ্ধাশ্ৰমখনত, এখনো ফেন নাই, তুমি পাৰিলে, ফেন দুখনমান লগাই দিবা ।" পূতেকে কথাটো শুনি, আচৰিত হৈ কলে , "মা, তুমি ইমান বছৰ ইয়াত থাকিলা, মোক কেতিয়াও একো নুখুজিলা। এতিয়া মই ফেন, লগালোৱেই যেনিবা, কি লাভ হব ? "
মাকে দূৰ্বল স্বৰেৰে কলে, " বোপাই , গৰমৰ দিনত, ইয়াত প্ৰচণ্ড গৰম ।
মই যেনে-তেনে, মোৰ দিন কেইটা পাৰ কৰিলো। মোৰ চিন্তা তোমাক লৈ হে, তোমাৰ সন্তানে যেতিয়া , তোমাকো ইয়াত ৰাখিব, তুমি যাতে গৰমত কষ্ট নোপোৱা । কাৰণ মই জানো, তুমি গৰম একেবাৰে সহিব নোৱাৰা। "
qqqqqqqqqqqqqqqqqqqqqqqqq
সম্প্ৰতি হোৱা এক সমীক্ষা অনুযায়ী, জানিব পৰা গৈছে যে , ভাৰতত জন্ম-নিয়ন্ত্ৰন ফলপ্ৰসূ হোৱাৰ ক্ষেত্ৰত জন্ম নিৰোধক বড়িৰ ভূমিকা, দ্বিতীয় স্থান নত হে ।
. . . . . . . . . . . . . সন্তানৰ শিক্ষাৰ বাবে, প্ৰয়োজনীয় শৈক্ষিক মাচুুল দিনক দিনে, মাত্ৰাধিক ভাবে বৃদ্ধি পোৱাৰ ফলত জন্ম নিয়ন্ত্ৰণৰ হাৰ হ্ৰাস কৰাত, মাচুলৰ ভূমিকাহে প্ৰথম স্থানত ।
qqqqqqqqqqqqqqqqqqqq
ঘৰ সোমোৱাৰ লগে লগে মানুহজনক পত্নীয়ে খঙত সুধিলে , " গোটেই দিনটো কত আছিল, হয় ? অফিচলৈয়ো যোৱা নাই বুলি কলে । ঘটনাটো কি? " "মই মানে....মানে......" পতিয়ে ভালকৈ কিবা এটা কোৱাৰ আগতে মানুহজনীয়ে অগ্নি বৰষিবলৈ আৰম্ভ কৰি দিলে । " এতিয়া কব নোৱাৰা হৈ গৈছে ! ক'ত ঘুৰি ফু ৰিছিল দিনৰ দিনটো ! আৰু এইবোৰ কাৰ লেতেৰা টোপোলা-টাপুলি , উঠাই আনিছে ? "
অলপ সাহস গোটাই পতিয়ে কলে, "মই আচলতে মাক আনিবলৈ গাৱঁলৈ গৈছিলো ।" " কি কলে ??? আপোনাৰ মাক !!! ইয়ালৈ লৈ আনিছে ? আপোনাক কিহে পাইছে, হয় ? আপোনাৰ ভায়েকৰ ঘৰত, কি অসুবিধা হৈছে নো ? মানুহগৰাকীৰ ইমানেই খং উঠিছিল যে, ওচৰত মলিয়ন কাপোৰ পিন্ধি, চকুপানী মোহাৰি থকা, বেমাৰী বৃদ্ধা জনীৰ ফালে ভুলতো চোৱা নাছিল । " মোৰ ভাইৰ ঘৰত কেনেকৈ থৈ আহো ? তুমি বুজিবলৈ চেষ্টা কিয় নকৰা ।"
পতিয়ে মৃদুভাবে কলে । " কিয় ? আমাৰ ইয়াত কুবেৰৰ ধন পৰি আছে, নহয় নে ? তোমাৰ ২০০০০ টকীয়া চাকৰিৰ পইচাৰে ঘৰ কেনেকৈ চলাই আছো মইহে জানো।" পত্নীৰ স্বৰৰ তীব্রতাত মানুহজন জয় পৰি নগৈ কলে, " শুনা , এতিয়াৰ পৰা এখেত আমাৰ লগতে থাকিব ।"
" মই কৈছো এই মূহুৰ্ততে এখেতক গাৱৰ ঘৰত নি থৈ আহক । নহলে মই এই ঘৰত এখন্তেকো নাথাকো।" এইদৰে কৈ মানুহজনীয়ে বৃদ্ধা গৰাকীৰ ফালে চালে আৰু যেন মূৰত চৰগ হে পৰিল । শ্বাসৰুদ্ধ কন্ঠেৰে সুধিলে, "মা, তুমি ???? "মাকে কলে, " মাজনী, তোৰ দাদা আৰু নবৌয়েৰে মোক ঘৰৰ পৰা খেদি , উলিয়াই দিছে ।"
বৃদ্ধা গৰাকীৰ কথা শুনাৰ পিছত, পৃথিৱীৰ সমস্ত মৰম চকুত সানি, পত্নীয়ে পতিৰ ফালে চাই, মিচিকিয়াই কলে, " আপুনিও কিন্তু পাৰে দেই , প্ৰথমতে কিয় কোৱা নাই, মাক আনিব গৈছিল বুলি ? "
qqqqqqqqqqqqqqqq
সময়ৰ সতে সকলোৰে পৰিবৰ্তন হোৱাটো স্বাভাৱিক আৰু প্ৰকৃতিৰ এক অলিখিত নিয়ম। কেতিয়াবা আমি নিজেও নাজানো এই পৰিবৰ্তনৰ ধাৰাবাহিকতা আৰু পৰিবৰ্তনৰ ফলত দুটা প্ৰজন্মৰ মাজত আহি পৰে ব্যৱধান ।
❤ ১৯৪৫ চনত: বোপাই কাইলৈ তোৰ বিয়া ।
❤ ১৯৫৫ চনত : বোপাই, কাইলৈ আমি তোৰ কাৰণে, ছোৱালী চাব যাম ।
❤ ১৯৬৫ চনত : বোপাই , ছোৱালী আমাৰ একে জাতিৰ হয় যেন ।
❤ ১৯৭৫ চনত : বোপাই, ছোৱালী আমাৰ একে ধৰ্মৰ হয়, যেন ।
❤ ১৯৮৫ চনত : বোপাই, ছোৱালী আমাৰ সমপৰ্যায়ৰ হয় যেন ।
❤ ১৯৯৫ চনত : বোপাই, ছোৱালী আমাৰ একে দেশৰ হয় যেন ।
❤ ২০০৫ চনত : বোপাই, একে বয়সৰ ছোৱালী হয় যেন ।
❤ ২০১৫ চনত : বোপাই, বিয়া ছোৱালীৰ লগত হে হয় যেন ।
qqqqqqqqqqqqqqqqqqqqq
নগেনে বিয়া পাতিম বুলি ছোৱালী চাবলৈ মানুহ এঘৰলৈ গল । চাহ-জলপান লৈ ছোৱালীজনী , নগেনৰ সন্মুখত বহিল ।
নগেনে অলপ স্মাৰ্ট দেখুৱাবলৈ সুধিলে, " ইংলিছ চলে নে ? "
ছোৱালীজনী : ইংলিছটো অলপ কম চলে, নিমখ, জলকীয়া আৰু পিয়াঁজ লগত থাকিলে, লোকেলটোৰেই কাম চলাই দিও ।
qqqqqqqqqqqqqqq
পশ্চিমীয়া দেশবোৰত পতি বিলাকে, পত্নীক গাড়ীৰ পৰা উঠোতে আৰু নামোতে, দৰ্জা খন খুলি দিয়াটো, একপ্ৰকাৰ প্ৰথাৰ দৰে।
কিন্তু ভাৰতত, এই প্ৰথা সাৰ্বজনিক ৰূপত, জনপ্ৰিয় হোৱা নাই । যদি কাৰোবাক আপুনি দৰ্জা খুলি দিয়া দেখিছে , তেতিয়াহলে, ধৰি লব লাগিব যে,
❤ হয়তোবা গাড়ী খন নতুন হয় ।
❤ নতুবা পত্নী গৰাকী নতুন হয় ।
❤ আৰু নহলে পত্নী গৰাকী নিজৰ নহয় ।
qqqqqqqqqqqqqqqqq
বৰ্তমান অসম তথা ভাৰতবৰ্ষৰ ন্যায়িক ব্যৱস্থা :
এজনী গৰু জংঘলৰ ফালৰ পৰা, উধাতু খাই লৰি আহিছে । হাতীয়ে গৰুজনীক ৰখালে আৰু সুধিলে , " আৰে ভাই, তোমাৰ হৈছে কি, কোৱাচোন?"
গৰুজনী: কিয় তুমি নাজানা নেকি? চৰকাৰে জংঘলৰ, ম'হবিলাকক ধৰি নিবলৈ নিৰ্দেশ দিছে ।
হাতী : কিন্তু পাহৰিছা নেকি, তুমি গৰু হে ! তুমি আকৌ কিয় পলাইছা ?
গৰুজনী : হেৰা, মই জানো, মই গৰু বুলি । কিন্তু তুমিহে পাহৰিলা, এইখন অসম হয় ! এবাৰ মোক ধৰি নিলে নাই কমেও ২০ বছৰ লাগিব, প্ৰমাণ কৰিবলৈ যে, মই ম'হ নহয়, গৰু হে বুলি । এইকথা শুনাৰ পাছত , গৰুজনীৰ লগত হাতীও, দৌৰিব ললে ।
qqqqqqqqqqqqqqqqqqq
এজন মানুহ আছিল, তেখেতে নিজৰ পত্নীক খুব ভাল পাইছিল। তেখেতৰ বিশেষত্ব এয়েই আছিল যে, তেঁও নিজৰ পত্নীৰ বাহিৰে অন্য মহিলাৰ ফালে, কেতিয়াও নাচাইছিল । মানে কেৰাহিকেও নাচাইছিল । . . . . . . . . . . . . . . . . . আৰু বেছি কৌতুক পাবলৈ হলে, মোৰ সান্নিধ্যত থাকক।
qqqqqqqqq
• নগেনৰ ভাটৌ:
পিঞ্জৰা এটাৰ ভিতৰত, ভাটৌ চৰাই এজনী লৈ নগেন সাপ্তাহিক বজাৰত, বহি আছে । এজন গ্ৰাহকে কিমান দাম সোধাত, নগেনে কলে ৫০০০ হাজাৰ টকা বুলি ।
দাম শুনি গ্ৰাহক জনে কলে, "হেৰা, তুমি পগলা হৈছা নেকি হে ? সাধাৰণ ভাটৌ এটাৰ ইমান দাম ?"
নগেন : এইটো সাধাৰণ ভাটৌ নহয় মালিক ই কেবাটাও ভাষাত কথা কব জানে ।
মানুহজন : সচাঁ নে!!! কি কি ভাষা বাৰু ?
নগেন : ইংৰাজী , হিন্দী , বাংলা আদিৰ উপৰিও, কামৰূপীয়া উপভাষা ও কব জানে।
( মানুহজনে ভাটৌ টোক সুধিছে)
ভদ্ৰলোক : হেলো, হু আৰ ইউ?
ভাটৌ : হাই, আই এম এ পেৰ'ট।
ভদ্ৰলোক : নমস্কাৰ, তুম কৌন হো?
ভাটৌ : নমস্কাৰ, মেই এক তোতা হু।
ভদ্ৰলোক : এই যে কি খবৰ ? তুমি কে বলো ত'?
ভাটৌ : আমি ভালো আছি, আমি একটা টিয়া পাখি ।
ভদ্ৰলোক : ( কামৰূপী ভাষাত) তুমি কুনি হা ?
(বাৰে বাৰে একেটা প্ৰশ্ন শুনি বিৰক্তিৰে )
ভাটৌ : অই গজমূৰা, তেইতাৰ পাই কৈ আছু । ভেটা কানা, তই চখুইদি নেদ্খা, মৰণ নোহোৱা । বেটা মান্নাই মাৰা, তই দেখা নাই ? মই এটা টিয়া চৰে বুলি, শ'গুণে খোৱা । ওই নগিন, ইয়াক এৰে পাৰাই খেদ হে, বুইলছু ।
qqqqqqqqqqqqqqqqqqqqqqq
এখন ডে-চুপাৰ বাছত এগৰাকী ধুনীয়া ভদ্ৰমহিলা অকলে গৈ আছিল ।
কাষতে বহা অচিনাকী মানুহজনে, মানুহগৰাকীক সুধিলে, "বেয়া নাপায় যদি কথা এটা, সোধো ? "
ভদ্ৰমহিলা : অ' কওকচোন ?
মানুহজন: আপোনাৰ লিপষ্টিকৰ কালাৰটো বৰ ধুনীয়া দেই । কোন ব্ৰেণ্ডৰ ? কালাৰৰ শ্বেড্ টোৰ নামটো কব নেকি?
ভদ্ৰমহিলা : কেলেই লাগেনো, ইমান ডিটেইলছ ?
মানুহজন : নাই মানে, মই মোৰ পত্নীক, একেধৰণৰ লিপষ্টিক এডাল উপহাৰ দিম বুলি ভাবিছো ।
ভদ্ৰমহিলা : যদি, আপোনাৰ পত্নীক দিম বুলি ভাবিছে, তেনেহলে নকও।
মানুহজন : কিয়, মানে, নবুজিলো ?
ভদ্ৰমহিলা : আপোনাৰ পত্নীয়ে , সেই লিপষ্টিক লগাই, কেতিয়াবা, অকলে বাহিৰলৈ যাবলগীয়া হব । আৰু, এই লিপষ্টিকৰ গইনা লৈয়েই, কোনোবা মুৰ্খই, চেনি খাবলৈ চেষ্টা কৰিব পাৰে, সেইকাৰণে ।
qqqqqqqqqqqqqqqqqqqqqqq
বয়সস্থ মানুহ : বোপা, তুমি কি কৰা ?
যুৱক : খুড়া, মই মহিলা সশক্তিকৰণৰ কাৰণে কাম কৰো।
বয়সস্থ মানুহ : চাব্বাছ, খুব ভাল কথা । এই কামটো কি ধৰণে কৰা বাৰু ?
যুৱক : খুড়া মই ফেচবুকত ধুনীয়া ছোৱালীবোৰৰ ফটো আৰু টাইমলাইনত দিয়া পোষ্ট বোৰত, খুউব লাইক্ মাৰো ।
qqqqqqqqqqqqqqqqqqqqq
আদালতৰ দৃশ্যঃ যোৱা ১০ বছৰ ধৰি চলি থকা কেছ এটাত জজ চাহাবে নগেনক নিৰ্দোষী বুলি ৰায় দিলে।
জজ চাহাব : মি: নগেন, আপোনাক নিৰ্দোষী বুলি ঘোষণা কৰা হল ।
নগেন : মাননীয় জজ মহোদয়, মোক আপুনি নিৰ্দোষী বুলি ৰায় দিলে, মই ভগবানৰ ওচৰত প্ৰাৰ্থনা কৰিছো, যাতে আপুনি প্ৰমোচন পায় দাৰোগা হব পাৰে।
জজ চাহাব : কি কথা কৈছে হে, মই জজ, মানে মোৰ পদবী দাৰোগাতকৈ ডাঙৰ । আপুনি মানুহ মাৰিব দেই ।
নগেন : নাই চাৰ, মই নামানো, মোৰ দৃষ্টিত দাৰোগা, জজতকৈ ডাঙৰ ।
জজ চাহাব : কেনেকৈ মোক বুজাই দিয়ক ।
নগেন : চাৰ আপুনি মোৰকেছটো, শেষ কৰোঁতে ১০ বছৰ লগাই দিলে, অথচ মোক দাৰোগা জনে তেতিয়াই কৈছিল,
qqqqqqqqqqqqqqqqq
এইবাৰ বাংলাদেশৰ লগত ভাৰতীয় ক্ৰিকেট টীমৰ পাৰফৰ্মেন্স, একেবাৰে মোৰ সৰু লৰাটোৰ দৰে। ঘৰত সলসলীয়াকৈ কবিতা আবৃত্তি কৰি, অলপো ভুল নোহোৱাকৈ, গান গাই শুনাব কিন্তু ৰাজহুৱা মঞ্চত, উঠাৰ পিছত, তাৰ মুখেৰে মাত এটাও নোলায় ।
qqqqqqqqq
এই পৃথিৱীত, তিনিটা প্ৰাণীৰ সময়ৰ জ্ঞান নাথাকে, আৰু কেতিয়া যে উভতিব, কোনো গেৰাণ্টি নাই ।
❤ প্ৰচণ্ড গৰমত, পানীত নমা মহ ।
❤ বন্ধুৰ সতে, পাৰ্টি কৰিবলৈ যোৱা পুৰুষ মানুহ । আৰু
❤ বিউটী পাৰ্লাৰলৈ যোৱা মহিলা ।
qqqqqqqq
আজিকালি সকলোক দেখিব হাৱাত উৰি ফুৰিছে, কাৰো ভৰি মাটিত নাই । . . .
qqqqqqqqq
বৰ্তমান সময়ত, আপুনি তলত দিয়া তিনিওটা বস্তু সমানে, একো বেমেজালি নোহোৱাকৈ, মিলাই চলিব পাৰিছে ?
❤ পত্নী
❤ চাকৰি/ ব্যৱসায়
❤ ফেচবুক / হোৱাট্ছ আপ
যদি পাৰিছে, তেতিয়াহলে আপুনিহে প্ৰকৃততে মহাপুৰুষ ।
qqqqqqqq
ফুৰ্তি আপুনি যিমানেই নকৰক কিয় আৰু হুইস্কী যিমানেই যোগাৰ নকৰক কিয়, মনে মিলা বন্ধুৰ সান্নিধ্যত, কেতিয়াও সন্তুস্টি নাপায়, কম যেন লাগিবই।
qqqqqqqq
নগেনৰ চেক্ এখন, বেংকে "Fund is not sufficient" বুলি লিখি ঘুৰাই (bounce) পঠিয়াই দিছে। নগেন গৰম হৈ গৈ মেনেজাৰক গৈ দম দিছে, " আপুনি পইচা নাই বুলি লিখিছে , ঠিকেই আছে, কিন্তু মোৰ একাউন্টত, নে বেংকৰ একাউন্টত সেইটো কিয় লিখা নাই ? "
qqqqqqqqq
মফচল চহৰ এখনলৈ ভায়োলিন বাদক (শাস্ত্ৰীয় ) এজনক আমন্ত্ৰন কৰি অনা হল। যথাসময়ত বাদককজনে মঞ্চত বহি, চকুমুদি বজাবলৈ আৰম্ভ কৰিলে আৰু সচৰাচৰ হোৱাৰ দৰেই এজন দুজনকৈ সকলো দৰ্শকে পলাল। ইফালে বাদকজনৰ খবৰেই নাই, বজায়েই আছে ।
প্ৰায় মাজ নিশা, এটা সময়ত যেনিবা শেষ কৰি চকুমেলি চাই দেখে, দৰ্শকৰ শাৰীত, মাত্র এজন বুঢ়া মানুহ বহি আছে ।
বাদকজন অকনো বিচলিত নহৈ মানুহজনৰ ওচৰলৈ উঠি গৈ কলে, " আজিকালি ভয়োলিনৰ মূৰ্চ্ছনাৰ (শাস্ত্ৰীয়) কদৰ বুজা মানুহ পাবলৈ টান, আপোনাৰ দৰে শ্ৰোতা পাই আজি মই ধন্য হৈছো ।"
মানুহজন : মই আচলতে আপুনি, তাঁৰ কেইডাল কাটিব পাৰিবনে চাবলৈহে ৰৈ আছিলোঁ । কথা এটা কওঁ, বেয়া নাপাব, আপুনি যিদৰে সেই মাৰিডালেৰে তামৰ তাঁৰ কেইডাল কাটিবলৈ চেষ্টা কৰি আছে, এৰাতি কিয় সাতৰাতি চেষ্টা কৰিলেও কাটিব নোৱাৰিব ।
qqqqqqqqq
জীৱনৰ শ্ৰেষ্ঠ সময়ছোৱা আপুনি কেতিয়াবা মনত পেলাইছে নে ?
❤ প্ৰথমবাৰ যেতিয়া প্ৰেমত পৰিছিল (পাছৰ বোৰ বাদ দিয়ক)....!!!
❤ আন্তিম পৰীক্ষা সুক্ষাতিৰে পাছ কৰা.....!!!
❤ পুৱতি নিশা সাৰপাই আৰু কিছু সময় শুবলৈ পাম বুলি পুনৰ শুই পৰা......!!!
❤ কলেজলৈ বুলি ওলাই যাওঁতে আজি এটাও ক্লাছ নহয় বুলি বন্ধুৰ পৰা এটা ফোনকল পোৱা......!!!
❤ সেই আপোনজনক দেখি অন্তৰৰ কোনোবা এটি কোণত পখিলাৰ পাখিৰ কোলাহল অনুভৱ কৰা (feeling garden garden ).....!!!
❤ এজন পুৰণি বন্ধু/বান্ধবী বহুত বছৰৰ পাছত লগ পোৱা আৰু এইটো অনুভৱ কৰা যেন এতিয়াও আমি দুয়োজন সেই একে হৈ আছো .........!!!
❤ এটি সদ্যজন্ম শিশুৰ এখন হাত ভয়ে ভয়ে স্পৰ্শ কৰা.....!!!
❤ দেওবাৰে সন্ধিয়া এজন বন্ধুৰ সৈতে সুখ দুখৰ কথা পাতি চাহ খাই আড্ডা মৰা....... !!!
❤ নিজৰ প্ৰেমিক বা প্ৰেমিকাৰ পৰা নিজৰ একান্তই অকলশৰীয়া সময়ত এটি মেছেজ বা ফোনলৈ অপেক্ষা কৰা.......!!!
❤ উদ্দেশ্য বিহীন ভাৱে এটি মৌন সৰ্পিল পথত নিজৰ পচন্দৰ গীত শুনি শুনি দিশহীন ভাবে গৈ থকা....!!!
❤ এটি ৰাজপথত উৎকট গৰমত কিনকিনীয়া বৰষুণ জাকত তিতি বৰষুণ খেদি খেদি বাইক চলাই যোৱা...... !!!
❤ নিজৰ প্ৰিয়জনৰ সৈতে এখন দাপোনৰ আগত ঠিয় কথা পাতি এটি অদ্ভুত শিহৰণ অনুভৱ কৰা....!!! আৰু একেবাৰে শেষত......
❤ যেতিয়া আপুনি এই লিখনিটো পঢ়িছে তেতিয়া আপোনাৰ অন্তৰৰ এটি নিভৃত কোণত এটি মিঠা হাঁহি আপোনাৰ মুখঃমণ্ডললৈকে বিয়পি পৰিছে......
মই বিশ্বাস কৰো যে এই হাঁহি থকা সময়কণ আপোনাৰ লগতে মোৰো জীৱনৰ শ্ৰেষ্ঠ সময়.....!!!!
হাঁহি থাকক...... মই নহয় সকলোৱেই আপোনাক কব যে এই মিচিকিয়া হাঁহিটোৰে আপোনাক বৰ ধুনীয়া লাগিছে বুলি ....!!!
qqqqqqqq
NRC প্ৰ-পত্ৰ খন পূৰণ কৰি থকা অৱস্থাত, এই ৰগৰটো মোৰ মনলৈ আহিছে । এবাৰ ৰজাই ঘোষনা কৰিলে যে তেওঁৰ সকলো প্ৰজাই নিজৰ বাৰীত, উত্পাদন হোৱা ফল মূল সমূহ, প্ৰথমতে ৰজাক খাব দিব লাগিব । ৰজাই খাই ভাল পালে পুৰস্কৃত কৰিব , কিন্তু কিবা কাৰণত ৰজাই ফলটো, খাই যদি বেয়া পায়, তেতিয়া শাস্তি হিচাবে সেই ফলটো , ফলদাতাজনৰ পিছফালেয়েদি, ভৰাই দিয়া হব। যথাসময়ত ৰাইজে ফল-মূল লৈ আহিল । ৰজাই খাই গৈ আছে, ৰজাৰ ভাল লগাবোৰে পুৰস্কাৰ লৈ ঘৰলৈ উভতিছে । বেয়া পোৱাবিলাকক চন্তৰীকেইজনে পিছফালে নি, পিছফালে ভৰাই আছে । আমাৰ নগেনেও কিবা এটা ফল আনিছিল, কিন্তু ৰজাই খাই ভাল নাপালে । গতিকে নগেনক চন্তৰীকেইজনে পিছফালে লৈ গল । সি নিয়া ফলটো পিছফাল ভৰাবলৈ লওতে, নগেনে খুব হাহিব ধৰিলে । নগেনক হঁহা দেখি চন্তৰীকেইজন আচৰিত হল আৰু এজনে সুধিলে, "কি হল ভাই, ইমান দুখ পোৱাৰ পাছতো, তোমাক হে হঁহা দেখিলো, কাৰণ কি ? " মানুহজন : ককাইদেউ, মই লিচু আনিছিলো, আৰু যি যন্ত্ৰণা পাইছো। মই মোৰ পিছৰ মানুহজনৰ অৱস্থাটো কি হব, সেই কথা ভাবিহে হাঁহি উঠিছে । চন্তৰী : কিয় হাঁহি উঠিছে ? মানুহজন : কাৰণ, সেইজনে কঠাল আনিছে ।
qqqqqqqqq
NRC ফৰ্ম খনৰ জটিলতাৰ বিষয়ে মই ফেচবুকৰ বহুতো বন্ধুই দিয়া আপডেট পঢ়ি ভাবিছিলো ৰাইজে অতিৰঞ্জিত কৰি কৈছে বুলি। কিন্তু মই ফৰ্ম খন হাতত লৈ ভাবিবলৈ বাধ্য হৈছো যে এই ফৰ্ম খন Design কৰা মানুহজন/ Team টোক জনজীৱনক দূৰ্বিসহ কৰি তোলাৰ বাবে " জটিলেশ্বৰ " বটা প্ৰদান কৰা উচিত। যিসকলে এই ফৰ্ম খন শুদ্ধকৈ, বহু কষ্টেৰে পূৰণ কৰি জমা দিবলৈ সফল হৈছে, তেওলোকলৈ আন্তৰিক অভিনন্দন জনালো। আৰু যিসকলে এতিয়াও (মোৰ দৰে) পূৰণ কৰিবই পৰা নাই, তেওলোকলৈ মোৰ আন্তৰিক সমবেদনা জনালোঁ ।
qqqqqqqqqq
পত্নী : হেৰি, ৰাতিপূৱাৰে পৰা আমাৰ 'কোৰ্ট মেৰেজ' ৰ চাৰ্টিফিকেট খন, ইমান পিটিকি-পিটিকি, কি চাই আছে নো, হয় ?
পতি : Expiry Date টো কৰবাত লিখা আছে নেকি, তাকেই চাইছো। বদমাছ, কেৰানীটোৱে লিখিবলৈ পাহৰিলে চাগে ।
qqqqqqqqqq
বিবাহিত জীৱনৰ সফলতাৰ ৰহস্য :
❤ Love One Another আৰু এই ফৰ্মূলাই কাম নিদিলে তৃতীয় শব্দটো, প্ৰথম শব্দ দুটাৰ, মাজলৈ আনি চাওক।
qqqqqqqq
একাকীত্বৰ এক বিশেষ সৌন্দৰ্য্য আৰু লগতে প্ৰতিশ্ৰুতও আছে, কাৰণ ই কেতিয়াও আপোনাৰ সতে বিশ্বাসঘাতকতা নকৰে ।
qqqqq
এজন শাস্ত্ৰীয় সংগীতৰ গায়ক এজনক আমন্ত্ৰন কৰি অনা হল। যথাসময়ত গায়কজনে মঞ্চত বহি, চকুমুদি আলাপ আৰম্ভ কৰিলে, আলাপো আলাপ, এনেকুৱাই আলাপ যে এজন দুজনকৈ সকলো দৰ্শকে পলাল। ইফালে গায়কজনৰ খবৰেই নাই, গায়েই আছে ।
এটা সময়ত যেনিবা শেষ কৰি চকুমেলি চাই দেখে, দৰ্শকৰ শাৰীত, মাত্র এজন মানুহ বহি আছে । গায়কজন অকনো বিচলিত নহৈ মানুহজনৰ ওচৰলৈ উঠি গৈ কলে, " আজিকালি শাস্ত্ৰীয় সংগীতৰ কদৰ বুজা মানুহ পাবলৈ টান, আপোনাৰ দৰে শ্ৰোতা পাই আজি মই ধন্য হৈছো ।"
qqqqqqq
এবাৰ এখন ৰাজহুৱা সভাত এজন মদাহী দৰ্শকে, বাৰে বাৰে শৃংখলা ভংগ কৰা বাবে ঘোষকে, মাইকযোগে অনুৰোধ কৰি কলে, "দয়া কৰি, আপুনি শান্তিৰ সতে বহক।" ঘোষণা টো শুনি মানুহ এজনী মঞ্চৰ ওচৰলৈ আহি ঘোষকক কলে, " মোৰ মানুহটোক যদি শান্তিৰ লগত বহুৱাই, আজি ইয়াতেই লংকাকাণ্ড হব কিন্তু, কৈ দিলো।"
qqqqqqqqq
দাতঁৰ ডাক্তৰৰ চেম্বাৰলৈ এগৰাকী মহিলা খপ-জপকৈ সোমাই আহি কলে, " ডাক্তৰ , চাৰিটা দাতঁ আপুনি ফটা-ফট উভালি দিয়ক। মোৰ হাতত সময় বৰ কম।"
ডাক্তৰ : বা: আপোনাৰ দৰে সাহসী মহিলা মই আজিলৈকে দেখা নাই, কিন্তু , কম হলেও ২০ মিনিট মান সময় লাগিব ।
মহিলা : ok, যি কৰে সোনকালে কৰক, মোৰ মহিলা সমিতিৰ মিটিং লৈ দেৰী হৈ গৈছে।
ডাক্তৰ : ঠিক আছে মই ৰেডী কৰো , আপুনি চকীখনত বহক।
মহিলা গৰাকীয়ে বাহিৰলৈ মুৰটো উলিয়াই গালত হাত দি বহি থকা মানুহ এজনক মাতিলে, "হেৰা, সোনকালে আহা, ডাক্তৰ বাবুৰ দেৰী হৈছে । ফটা-ফট হৈ যাব, কিনো চিন্তা কৰি আছা ?"
qqqqqqqqqqqq
নতুনকৈ বিয়া পতা এহাল দম্পতিৰ কথোপকথন :
পতি : ডাৰ্লিং, মই তোমাৰ জীৱনত কি হিচাবে থাকিলে ভাল পাবা, বাৰু ?
পত্নী : (মোবাইল টোলৈ চাই) জানু, তোমাক মই হোৱাট্ছ আপৰ মেছেজ বোৰৰ দৰে save কৰি থলোহেতেন, আৰু যেতিয়াই মন যায় তেতিয়াই খুলি-খুলি চালোঁহেতেন ।
পতি : (বিৰক্ত হৈ) তুমি বৰ কৃপন, অকল save কৰিয়েই থবা ? কিয়, মাজে মাজে তোমাৰ লগৰ ছোৱালীবোৰলৈ forward কৰিবওতো পাৰা ।
qqqqqqqqqq
এজন মানুহে গুৰুক সুধিছে, " প্ৰভূ, এই যে মায়া-মোহ, আচলতে কি বস্তু ?"
গুৰু : মায়া মোহ মানে চোৱা,
❤ নিজৰ লৰা-ছোৱালীয়ে কান্দিলে বুকুখন হমহমাই উঠে।
❤ বেলেগৰ লৰা-ছোৱালীয়ে কান্দিলে মূৰত ধৰে।
❤ ঠিক তেনেদৰে নিজৰ পত্নীয়ে কান্দিলে মূৰত ধৰে ।
❤ অথচ, বেলেগৰ জনীয়ে কান্দিলে বুকুখন হম-হমাই উঠে। এইবোৰেই মায়া-মোহ পূত্ৰ ।
qqqqqqqqqq
নগেনৰ ঘৈনীয়েকৰ লগত বন্ধু হৰেনৰ অলপ-অচৰপ প্ৰেম চলি আছিল । নগেনৰ অনুপস্থিতিত হৰেন প্ৰায়েই নগেনৰ ঘৰলৈ আহে।
এদিনাখন নগেন, ভবাতকৈ সোনকালে ঘৰ আহি পোৱাত, মানুহজনী ভয়তে বিচনাত অজ্ঞান হৈ পৰি ৰল আৰু হৰেনে বিচনাৰ তলত লুকালে। নগেন ঘৈনীয়েকক সংজ্ঞাহীন হৈ পৰি থকা দেখি ব্যতিব্যস্ত হৈ পৰিল । এনেতে নগেনক সৰু লৰাটোৱে চাঙ্ ৰ তলত লুকাই থকা হৰেনক দেখুৱাই দিলে ।
হৰেনক দেখি নগেনৰ খঙে মূৰৰ চুলিৰ আগ পালেহি, আৰু হৰেনক কলে, "ঐ তোৰ বৌয়েৰ, ইয়াত চেন্সলেছ হৈ পৰি আছে, আৰু তই নাঙঠ হৈ সৰু লৰাটোক ভয় খুৱাই ফূৰিছ !!! তোৰ অকনো লাজ লগা নাই নে ?"
qqqqqqqqqqq
এবাৰ এখন ফাংচনত, শাস্ত্ৰীয় সংগীতৰ গায়ক এজনক, গান গাবলৈ আমন্ত্ৰণ কৰা হৈছিল । এটা কথা আপোনালোকে জানে নিশ্চয, উচ্চ মাৰ্গৰ শাস্ত্ৰীয় সংগীত সকলোৱে বুজি নাপায়, আৰু সেইবাবে ভালো নাপায় । যথাসময়ত গায়কজনে আলাপ জুৰিলে । আলাপ মানে একেবাৰে শেষেই নহব যেন তেনেকুৱা আলাপ । দৰ্শকৰ এজন-দুজনকৈ উঠিবলৈ ললে।
ধুনীয়া-ধুনীয়া ছোৱালীবোৰ যেতিয়া উঠি যাব ধৰিলে , তেতিয়া অলপ দাদা টাইপৰ ডেকা লৰা এজনে, হাতত লাঠি এডাল লৈ মঞ্চৰ ওপৰত উঠি গল। ইফালে গায়কজনে একাত্ম হৈ চকুমুদি, আলাপ পেৰিয়েই আছে । হঠাৎ তেও চকু মেলি লাঠী হাতত লৈ থকা ডেকাজনক, দেখি গান বন্ধ কৰি, ভয়ে ভয়ে সুধিলে, "দাদা, আপুনি মোৰ গান বেয়া পাইছে নেকি ? " (লাঠী ডাল পথালিকৈ কান্ধত পেলাই লৈ)
ডেকা লৰা : নাই, নাই আপুনি গাই থাকক। আপোনাক মোৰ একো , কবলগীয়া নাই । মই কেবল, আপোনাক কোনে ইয়ালৈ, গান গাব মাতি আনিছে, সেই মানুহজনকহে বিচাৰি আছো।
qqqqqqqqq
পতি : তোমাৰ দেউতাৰাৰ, কটা ঘাঁত নিমখ চটিওৱা, স্বভাৱটো নগল আৰু ।
পত্নী : কিনো হল আকৌ ?
পতি : মোক আজি, আকৌ সুধিছে যে, মোৰ ছোৱালীক বিয়া কৰাই তুমি সুখী নে, বোপা !!!!!!
qqqqqqqqqq
আপোনাৰ পত্নীয়ে আপোনাৰ কথা নুশুনে নেকি? একেবাৰেই নুশুনে ? তেতিয়াহলে. . . . . . . . . . তেতিয়া হলে . . . . . . . . . . তেতিয়াহলে বেছি মুৰ ঘমাবলৈ দৰকাৰ নাই, আচলতে , কাৰো পত্নীয়েই নুশুনে
qqqqqqqqqq
বিয়াৰ প্ৰায় ১০ বছৰ পিছত :
পত্নী : হেৰি, আপুনি বজাৰৰ পৰা, এনেকুৱা কিবা এটা আনিবচোন, যাতে মোক আপুনি ধুনীয়া দেখে ! . . . . . . . . . . . . . পতিয়ে বজাৰৰ পৰা এবটল হুইস্কী লৈ আহিল ।
qqqqqqqqqqq
জীৱনৰ পংকিলতাবোৰ আতঁৰাই, জীৱনক সৰল কৰিববলৈ, মই মাথো, দুটা কামেই কৰিছো। কেতিয়াবা কৰোবাৰ ওচৰত ক্ষমা বিচাৰিছো আৰু কেতিয়াবা কাৰোবাক ক্ষমা কৰি দিছোঁ ।
qqqqqqqqqq
অভিনেতা সঞ্জয় দত্তই জেইলাৰক কৈছে, " জেইলাৰ চাহাব, মই বাপুক আকৌ, দেখিছোঁ ।" জেইলাৰ : এইখন "মুন্না ভাই MBBS" বোলছবি ৰ লোকেশ্বন নহয়, এইখন জেইল হয়। ইয়াত বাপুক কত পাব? সঞ্জয় : নহয় জেইলাৰ চাহাব, মই সচাঁই দেখিছো, সৌফালে, বগা ধূতি পিন্ধি আছে । জেইলাৰ : চুপচাপ শুই থাকক, সেইজন আছাৰাম বাপু হয় ।
qqqqqqq
❤ দুই পইন্ট বেছি ❤
নগেন মহাজন, চহৰৰ ভিতৰতে এজন নামজ্বলা কৃপন বুলি জনাজাত । নগেন মহাজনে নিজৰ কাৰ্পন্যক লৈ মনে মনে গৌৰৱান্বিত । এদিন নগেন মহাজনে কেনেবাকৈ গম পালে যে, সেইখন চহৰতে বীৰেণ মহাজন বুলি আৰু এজন কৃপণ আছে । কথাটো গম পোৱাৰ পিছত নগেন মহাজন, প্ৰতিদ্বন্দী বীৰেণ মহাজনক লগ পাবলৈ মনে মনে উত্ৰাৱল হৈ পৰিল। কিছুদিন পিছত, এদিনাখন বজাৰত দুয়ো মুখামুখি হোৱাত নগেন মহাজনে বীৰেণ মহাজনক কলে, "মহাজন, মই শুনিছো তুমি হেনো মোতকৈয়ো কৃপণ । এদিন মোৰ ঘৰলৈ ফুৰিবলৈ আহা , চাই যোৱাহি , মোৰ কৃপনালি ।"
বীৰেণ মহাজন : ঠিক আছে, এতিয়া যিহেতু জাৰৰ দিন, সোনকালেই গধূলি হব, মই আজি সন্ধিয়ালৈ তোমাৰ ঘৰলৈ আহি আছো । সন্ধিয়ালৈ বীৰেণ মহাজন নগেনৰ ঘৰৰ সন্মুখত আহি দেখে, গোটেই ঘৰখন ঘিটমিটিয়া আন্ধাৰ । আনহাতে সিদিনাখন আউসীও আছিল আৰু যথেষ্ট ঠাণ্ডাও পৰিছে ।
বীৰেণ মহাজনে কোনোৰকম খেপিয়াই-খেপিয়াই বাৰাণ্ডাখনত উঠিল। আন্ধাৰৰ মাজৰ পৰা গহীন মাতেৰে নগেন মহাজনে কলে, " আহা , ভিতৰলৈ সোমাই আহা ।"
বীৰেন মহাজন : আন্ধাৰত বহি আছা যে ? কাৰেন্ট নাই নেকি ?
নগেন মহাজন : কাৰেন্ট আছে, যিহেতু তুমি মোৰ চেহেৰা আৰু মইও তোমাৰ চেহেৰাটো আজি দিনতে দেখি থৈছো । গতিকে এতিয়া আমি আন্ধাৰতেই কথা পতাত নিশ্চয় কোনো অসুবিধা নাই, কি কোৱা ?
বীৰেণ মহাজন : ঠিকেই কৈছা , বিজুলীৰ খৰছো বাচিব ।
নগেন মহাজন : তোমাৰ বাঁওফালে খেপিয়াই চোৱা এখন লোহাৰ চকী আছে, তাতে বহি লোৱা । বীৰেণ মহাজনে খেপিয়াই খেপিয়াই চকীখন পালে । চকীখনত বহিবলৈ গৈ বীৰেণ মহাজন একপ্ৰকাৰ বিদ্যুত প্ৰবাহিত হোৱাৰ দৰে জাপ মাৰি উঠিল । এনেতেই জাৰকালি আৰু তাতে লোহাৰ চকীখনত কোনো গাদী তো দুৰৰ কথা, কাপোৰ এখনো ঢাকি থোৱা নাছিল । গতিকে বীৰেন মহাজনৰ পাতল ধূতিখনেৰে, হিম চেঁচা লোহাৰ চকীখনৰ সতে সংস্পৰ্শলৈ অহাত জিকাৰ খাই উঠিছিল । আন্ধাৰৰ মাজতে বীৰেণ মহাজনে অনুমান কৰিলে ৰূমটোৰ ভিতৰত থকা, অইন এখন লোহাৰ চকীত নগেন মহাজন বহি আছে । নগেন মহাজনে চাহ-জলপান একোৱেই নুসুধিলে কেৱল শুদা পানী এগিলাচ খুৱালে । বীৰেন মহাজনে নগেন মহাজনক ঘৰলৈ ওভোতাৰ আগে-আগে কলে, " মহাজন, তোমাৰ কৃপনালি মই দেখিলো , এদিনাখন মোৰ ঘৰলৈ আহা । মোৰো চাই যোৱাহি।"
নগেন : ঠিক আছে মই এদিন সময় উলিয়াই আহি আছোঁ। আন্ধাৰে-মুন্ধাৰৰে বীৰেণ ওলাই আহি, ঘৰলৈ উভতিল প্ৰায় তিনিমাহ মান পিছত, এদিন বীৰেণে নগেন মহাজনক বাটত লগ পালে।
বীৰেণ মহাজনে কলে, " মহাজন, তুমি মোৰ ঘৰলৈ আহিম বুলি নাহিলাই যে ? "
নগেন মহাজন : মই অলপ ব্যস্ত আছিলোঁ , আজি সন্ধিয়ালৈ আহিম বাৰু । সন্ধিয়া যেতিয়া নগেন মহাজন, বীৰেনৰ ঘৰ আহি পালে, একেই পৰিস্থিতিৰ সন্মুখীন হল। বিজুলী সংযোগ বিচ্ছিন্ন কৰি আন্ধাৰতেই, বীৰেণ মহাজন বহি ৰৈ আছে। এখন গাদী নথকা লোহাৰ চকীত নগেনক বহুৱালে । মুঠতে বীৰেণ মহাজনে, নগেন মহাজনে কৰা পৰিবেশ আৰু ব্যৱহাৰৰ হুবহু অনুকৰণ কৰিলে। কিছু সময় বহি কথা বতৰা পতাৰ পিছত নগেন মহাজন যাবলৈ ওলোৱাত বীৰেণ মহাজনে কলে, " মহাজন, এতিয়া তুমিয়েই কোৱা আমাৰ দয়োৰে ভিতৰত কোন বেছি উত্তম কৃপন ?"
নগেন : মইয়েই উত্তম কৃপণ আকৌ । কিবা সন্দেহ আছে নেকি ?
বীৰেন : কেনেকৈ তুমি উত্তম কৃপণ হবা হে ? মই তোমাৰ ঘৰলৈ যোৱাৰ দিনা তুমি যি যি কৃপণালি কৰিছিলা, আজি মইও সমানেই কৰিছো । তোমাৰ মনত আছে চাগে তুমি মোক পানী এগিলাচ খুৱাইছিলা আৰু মই নাই খুউৱা। গতিকে মোৰ এক পইন্ট বেছি ।
নগেন : মহাজন, তুমি মোৰ ঘৰলৈ কেতিয়া গৈছিলা?
বীৰেণ : জাৰ কালি ।
নগেন : মহাজন, আজি এতিয়া কি দিন পৰিছে, জাৰ নে গৰম ?
বীৰেণ : গৰমৰ দিন ।
নগেন : তুমি যেতিয়া মোৰ ঘৰত লোহাৰ চকীখনত বহিছিলা কেনেকুৱা চেঁচা পাইছিলা ?
বীৰেণ : মস্ত চেঁচা , মোৰ পিছফালে অৱশ হৈ গৈছিল । কিন্তু আমাৰ কৃপনালিৰ সতে এই কথাবোৰৰ কি সম্পৰ্ক ?
নগেন : আছে সম্পৰ্ক , কৈ আছো, অলপমান ধৈৰ্য ধৰা । এতিয়া তুমি আৰু মই আন্ধাৰত বহি কথা পাতি আছো, হয়নে ? তুমি মোক দেখিছা ?
বীৰেণ : হয় পাতিছো, মই তোমাক ভালকৈ নাই দেখা ।
নগেন : সিদিনাখন মোৰ ঘৰত মোক আন্ধাৰত দেখিছিলা ?
বীৰেণ : নাই দেখা ।
নগেন : তুমি সিদিনা কি পিন্ধি গৈছিলা ?
বীৰেণ : ধূতি পাঞ্জাবী, কেলেই ?
নগেন : আজি এতিয়া কি পিন্ধি আছা, কোৱাচোন ?
বীৰেণ : ধূতি পাঞ্জাবী আকৌ, কিয় সুধিলা ?
নগেন : আজি গৰমৰ দিন হোৱা স্বত্বেও তুমি ধূতি পাঞ্জাবী পিন্ধি বহি আছা? আৰু মই সেইদিনাখন প্ৰচণ্ড শীতৰ মাজতো আন্ধাৰৰ সুযোগ লৈ একো নিপিন্ধি চেঁচা লোহাৰ চকীত বহি আছিলো । মই বিজুলী আৰু কাপোৰৰ খৰছ, দুয়োটাই বচাইছো ।
গতিকে মোৰ তোমাতকৈ দুই পইন্ট বেছি নহ'ল, নে ? .
@@@@@@@@@@@@@@@@@@@@@@@@@@@@@
এখন চহৰত এজন সৎ, ধনবান আৰু ঈশ্বৰবিশ্বাসী ব্যৱসায়ী আছিল । সুখ আৰু সমৃদ্ধিৰে ভৰা ব্যক্তিগৰাকীৰ, সময়ৰ ফেৰত দিন বেয়ালৈ যোৱাত আৰ্থিক অৱস্থা বৰ বেয়াৰ ফালে ঢাল খালে। ঈশ্বৰৰ প্ৰতি সম্পূৰ্ণ আস্থা থকা, সৎ ব্যৱসায়ী জনে কিন্তু নানান আহুকালৰ মাজতো ধৈৰ্য্য হেৰুওৱা নাছিল। এদিনাখন নতুন চহৰত ভাগ্য অণ্বেষণ কৰাৰ মানসেৰে, জাহাজত বহি ওচৰৰ এখন চহৰলৈ বুলি যাত্ৰা আৰম্ভ কৰিলে ।
যাত্ৰাকালীন প্ৰৱল ধুমুহা-বতাহৰ প্ৰকোপত পৰি জাহাজখন ডুবি থাকিল যদিও সৌভাগ্যক্ৰমে ব্যৱসায়ীজন কোনোমতে ৰক্ষা পৰিল। নিৰ্জন সাগৰৰ পাৰৰ বালিত পৰি থকা অৱস্থাত, নিজকে আৱিষ্কাৰ কৰি ব্যৱসায়ীজনে, কিদৰে জাহাজখন ডুবি যোৱাৰ পিছত, সেই স্থাননৈ আহি ওলালহি মনত পেলাব নোৱাৰিলে ।
আসন্ন মৃত্যুমুখৰ পৰা উভতি, ভোক আৰু পিয়াহত আতুৰ মানুহজন কিংকৰ্তব্যবিমূঢ় হৈ পৰিল। কিছুপৰ নিশ্চুপ হৈ শুই থকাৰ পিছত মানুহৰ অৱচেতন মনত, সুপ্ত হৈ থকা জীয়াই থকাৰ তাড়নাই, তেওঁক উঠিবলৈ বাধ্য কৰিলে। দূৰ্বল দেহাটোৰে ইফালে-সিফালে ঘুৰিপকি, ঠাইডোখৰ এটা সৰু দ্বীপ বুলি অনুমান কৰিব পাৰিলে। জনপ্ৰাণীহীণ নিৰ্জন দ্বীপটোত নাৰিকল আৰু কিছুমান অচিনাকী গছ-গছনি আৰু চাপৰ চাপৰ সৰু-বৰ শিলাময় পাহাৰৰ বাহিৰে, বিশেষ একো চকুতলগা বস্তু নেদেখিলে । গছৰ তলত পৰি থকা নাৰিকল বোৰ দেখি মানুহজনৰ ভোক আৰু পিয়াহে একেলগে হাঁহাকাৰ কৰি উঠিল ।
নাৰিকলৰ বাকলি গুচাবলৈ মানুহজনে পাহাৰৰ দাঁতিৰ পৰা সৰু জোঙাল শিল কেইটামান আনিলে। কটাৰীখনৰ দৰে শিল বোৰ ব্যৱহাৰ কৰি নৰিকলৰ পানী আৰু সাহ খাই ভোক আৰু পিয়াহ দুয়োটা নিবাৰণ কৰিলে। ইমান সংকটৰ মাজতো মানুহজনে ঈশ্বৰক এবাৰো দোষাৰোপ কৰা নাছিল । তেওঁ মনতে ভাবিলে, "মই জ্ঞাতসাৰে আজিলৈকে কাৰো একো অন্যায় কৰা নাই, তথাপিও মোৰ সতে এনেকুৱা কেনেকৈ হবলৈ পালে ?" । আকৌ পিছমূহুৰ্ততে ভাবিলে ঈশ্বৰে মোক যিহেতু প্ৰাণৰক্ষা কৰিছে, এই অজান দ্বীপৰ পৰাও নিশ্চয় মোক উদ্ধাৰ কৰিব । এনেকৈয়ে চিন্তা কৰি থাকোঁতে গভীৰ নিদ্ৰাত ঢলি পৰিল।
প্ৰথম কেইদিনমান, সহায়ৰ বাবে জাহাজ অথবা কোনোবা ব্যক্তিৰ আৱিৰ্ভাবৰ, এক প্ৰৱল আশাত, সমুদ্ৰৰ বিশাল বুকুলৈ চাই থাকিল । ভোক গুচাবলৈ অকল নাৰিকল আৰু পিয়াহৰ বাবে নাৰিকলৰ পানী, লগতে দ্বীপটোত উৎপন্ন হোৱা কিছুমান অনামী ফল মূল, খাইয়েই থাকিল । দিন বাগৰাৰ লগতে মানুহজনৰ মনোবল টুটি আহিল । পত্নী আৰু পৰিয়ালৰ কথা ভাবি ভাবি বুকুখন বিষাদেৰে ভৰি উঠে। তেওঁ ভাবিবলৈ ললে যে হয়তো আৰু সেই দ্বীপৰ পৰা কোনোদিনে ওলাই যাব নোৱাৰিব। ধীৰে ধীৰে মানসিক ভাবে জীৱনৰ বাকী কাল, সেই নিৰ্জন দ্বীপটোত কটাবলৈ প্ৰস্তুত হৈ পৰিল । মানুহজনে সেই দ্বীপটোত বহুদিনলৈ থাকিব লাগিব বুলিয়েই ৰ'দ, শীত, বতাহ আৰু বৰবৰষুণৰ পৰা হাত সাৰিবলৈ, ঘৰ এটা সজাবলৈ মনস্থ কৰিলে ।
সৰু সৰু শিলবোৰ গোটাই, ঘৰৰ ভেটি এটা সাজিলে । শিলবোৰ কঢ়িয়াওতে এটা কথা লক্ষ্য কৰিলে যে শিলবোৰ, আকাৰ হিচাপে ভবাতকৈ বহুত পাতল অৰ্থাৎ ফোপোহা আৰু ভংগুৰ । �গছৰ ডাল আৰু নাৰিকলৰ পাত আদিৰে বেৰ আৰু চালৰ দৰে জাপি জাপি ঘৰ এটা বনালে। আগতে কোনোধৰণৰ অভিজ্ঞতা নথকা বাবে , ঘৰটো শিলৰ ওপৰত এটা ডাল পাতৰ প্ৰকাণ্ড দম যেন লাগিলেও, মানুহজনে সৃষ্টিৰ আনন্দ বাৰুকৈয়ে উপভোগ কৰিলে। কোনোদিনে শাৰীৰিক পৰিশ্ৰম নকৰা বাবে মানুহজন ভাগৰি শুই পৰিল। পিছদিনাখন শুই উঠি ফলমূল, নাৰিকল আদি সংগ্ৰহ কৰাৰ উদ্দেশ্যে, তেওঁৰ নতুনকৈ সজা ঘৰটোৰ পৰা ভালেখিনি দূৰলৈ গ'ল। অকস্মাত বিজুলী ঢেৰেকনিসহ, প্ৰৱল বৰষুণ এজাক নামিল।
বৰষুণ আৰু সঘন বজ্ৰপাতৰ ফলত মানুহজন একেবাৰে দিশহাৰা হৈ পৰিল । কোনোমতে ডাঙৰ দুটা শিলৰ ফাঁকৰ মাজত সোমাইহে আত্মৰক্ষা কৰিলে । এটা সময়ত বৰষুণ কমিলত, মানুহজন তিতিবুৰি নিজৰ ঘৰ অভিমুখে উভতি আহিল। ভালেমান সময় বাটকুৰি বাই আহি, দূৰৈৰ পৰা আগদিনা নিজ হাতেৰে তৈয়াৰ কৰা ঘৰটোৰ চিন মোকাম একো নেদেখি, মানুহজন ব্যকুল হৈ পৰিল । দৌৰি আহি ওচৰ পোৱাৰ পিছত, ঘৰটোৰ ভস্মীভূত অৱশিষ্টৰ পৰা, ওলাই থকা ধোৱা দেখি মানুহজন শোকত বিহ্বল হৈ পৰিল। বজ্ৰপাত পৰি ঘৰটো জ্বলি পুৰি ছাই হৈ, চিন মোকাম নোহোৱা হৈ পৰিল।
ইমানদিনে ধৈৰ্য্য ধৰি থকা আৰু কোনদিনে ঈশ্বৰক দোষাৰোপ নকৰা মানুহজন, একপ্ৰকাৰ হতাশ হৈ, ওপৰলৈ মুখ কৰি কলে, "হে প্ৰভূ তোমাৰ এইয়া কি বিচাৰ ? তোমাৰ কৃপাদৃষ্টি মোৰ ওপৰত যদি নায়েই, তেতিয়াহলে, মোক তুমি তিলতিলকৈ নামাৰি, একেবাৰেই মাৰি নেপেলোৱা কিয় ? " এইবুলি কৈ মানুহজনে ফেকুৰি ফেকুৰি কান্দিব ধৰিলে । পিছদিনাখন ৰাতিপুৱা শুই উঠিয়েই, মানুহজনে ভস্মীভূত হোৱা ঘৰটোৰ ওচৰলৈ গৈ দেখে যে, ভেটি হিচাপে দিয়া শিলবোৰ, বজ্ৰপাতৰ প্ৰচণ্ড গৰমত পুৰি একেবাৰে গলি, বৈ গৈছে। ভালকৈ নিৰীক্ষণ কৰি ব্যৱসায়ীজনে বুজিলে যে গলি যোৱা তৰল পদাৰ্থ বিধ, বিশুদ্ধ ৰূপ ধাতুৰ বাহিৰে অইন একো নহয়।
মানুহজনে গোটেই পাহাৰত সিচঁৰিত হৈ থকা, ৰূপৰ আকৰস্বৰূপ, শিলবোৰৰ পৰা আহৰণ হবপৰা, বিশুদ্ধ ৰূপৰ পৰিমাণ টো ভাবি ৰোমাঞ্চিত হৈ উঠিল। কিছুসময়ৰ বাবে আনন্দ আৰু উত্তেজনা একেলগে আহিছিল যদিও দ্বীপটোৰ পৰা ওলাই যাব নোৱাৰাৰ অক্ষমতাৰ কথা মনলৈ অহাত মনটো পুনৰ সেমেকি গ'ল।
খোজকাঢ়ি অনতিদুৰত থকা সাগৰৰ পাৰলৈ গৈ হঠাৎ দেখিলে, এখন সৰু ইঞ্জিন চালিত নাৱৰ পৰা দুজন মানুহ নামি আহিল আৰু কলে, "আমি এখন জাহাজৰ পৰা আহিছো। যোৱাৰাতি জ্বলি উঠা জুইকুৰা দেখি আমাৰ জাহাজৰ কেপ্টেইনে, আমাক পঠাইছে । দ্বীপটোত কোনোবা মানুহ আছে নেকি বুলি চাবলৈ। আচলতে আপুনি জুইকুৰা নজ্বলালে আমি কেতিয়াও নাভাবিলো হেতেন যে এই সৰু দ্বীপটোত কোনোবা থাকিব পাৰে বুলি।" এইকথাশুনি মানুহজনৰ দুগালেদি চকুৰ লোতক বৈ গ'ল।
তেখেতে ওপৰলৈ চাই ঈশ্বৰৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰি কলে, "হে প্ৰভূ, তুমি মোক ক্ষমা কৰা । মই এতিয়াহে বুজি পালো জাহাজৰ যাত্ৰাত সকলো ধ্বংস হোৱাৰ পিছতো তুমি মোক কিয় জীয়াই ৰাখিলা ? তুমি মোক এই দ্বীপলৈ কিয় আনিলা ! দ্বীপৰ পৰা মোক উদ্ধাৰৰ বাবে মোৰ ঘৰ জ্বলালা ! ঘৰ জ্বলাই এই দ্বীপত থকা ৰূপৰ খনিৰ সন্ধান দি, তুমি মোক পুনৰ তুমি ধনবান কৰিলা ।
ঘৰ জ্বলাই দ্বীপৰ পৰা উদ্ধাৰ কৰিবলৈ জাহাজকো সংকেত দিলা। তুমি মোক সহায় কৰিবলৈ ইমানখিনি কৰিলা আৰু মই মূৰ্খই তোমাৰ মহিমা নুবুজি, তোমাকেই নিন্দা কৰিলো । অত্যাধিক আনন্দত, মনৰ ভিতৰতে ঈশ্বৰক ক্ষমা খুজিলে আৰু ধন্যবাদ দি কলে, "হয় মই আছো। মই আজি বহুদিন ধৰি ইয়াতেই আছো।"
নাৱিক : আপুনি অকলে নে আৰু কোনোবা আছে ?
মানুহজন : নাই মই অকলেই আছো।
নাৱিক : আপোনাৰ বয়-বস্তু কিবা থাকিলে লৈ আনক। আমি বেছি দেৰি কৰিব নোৱাৰিম । বাম পানী হোৱা বাবে জাহাজখন দূৰৈত সৌৱা ৰৈ আছে। আপুনি সোনকালে নাৱত উঠক। কাইলৈ আমাৰ জাহাজখনে বন্দৰত লঙ্গৰ পেলাব, সেয়েহে আমি এখন্তেকো ৰব নোৱাৰিম। মোৰ সতে একো নাই বুলি কৈ ব্যৱসায়ীজনে, ৰূপৰ আকৰ সদৃশ শিলবোৰৰ কথাটো কোনোমতেহে নোকোৱাকৈ থাকিল আৰু নাৱখনত উঠি বহিল । পিছৰ দিনা বন্দৰত নামি গম পালে, ইমানদিনে তেওঁ নিজৰ চহৰৰ পৰা বৰ এটা দূৰত নাছিল। কিছুদিনৰ ভিতৰতে, বেঙ্কৰ পৰা ঋণ লৈ, চৰকাৰৰ পৰা, সেই দ্বীপটো কিনি ললে। পিছলৈ ৰূপ আহৰণ কৰি, ঈশ্বৰৰ প্ৰতি অগাধ ভৰষা থকা, সেই ব্যৱসায়ীজন আগতকৈয়ো বেছি ধনৱন্ত হৈ পৰিল আৰু পৰিয়াল সহ সুখেৰে জীৱন যাপন কৰিলে ।
qqqqqqqqqqqq
নগেনে দোকান এখনলৈ ফণী কিনিবলৈ গৈছে।
নগেন : ককাইদেউ , মোক এখন নতুন ফণী দিয়ক। পুৰণি ফণীখনৰ এডাল দ্বাৰ ভাঙি গ'ল।
দোকানী : মাথোঁ এডাল দ্বাৰ ভাঙিছে যদি, নতুন ফণী কিনাৰ কি দৰকাৰ ? সেইখনেৰেই চুলি ফণিয়াব পাৰিবচোন ।
নগেন : নাই নহব, আচলতে মোৰ ফণীখনৰ, সেই দ্বাৰ ডালেই, শেষ দ্বাৰ আছিল ।
qqqqqqqqqqqqqqqqqqqq
দেৱালীৰ দিনা নগেনে গাৱঁৰ কেইজনমানৰ সতে লগ লাগি, জুৱা খেলি আছিল। হঠাৎ পুলিচৰ গাড়ী এখন আহি ৰোৱা দেখি, নগেনে দৌৰি আহি পুলিচৰ গাড়ীখনত বহি দিলে।
পুলিচ এজনে আচৰিত হৈ সুধিলে, "কি হ'ল ! তই নিজে নিজে আহি বহি গলি যে ?"
নগেন : যোৱাবছৰো মই ধৰা পৰিছিলোঁ । গাড়ীত বহিবলৈ ছীট নাপালো আৰু সদৰ থানালৈ, ইমানদুৰ বাট, থিয় দি যাবলগীয়া হৈছিল ।
qqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqq
শুভ সন্ধিয়া বন্ধু-বান্ধৱী গণ, ফেচবুক স্বচ্ছ অভিযান :
প্ৰথম অৱস্থাত, ফেচবুকত মই মোৰ কিছুমান লিখনি "মনৰ মিল থকা বুলি ভবা" কিছু বন্ধু-বান্ধৱীৰ নামত "ট্যাগ" কৰিছিলো । কিন্তু ঈশ্বৰক অশেষ ধন্যবাদ, খুব কম সময়ৰ ভিতৰতে বুজি পালোঁ যে, এই 'ট্যাগ' কৰা কামটো কাৰোবাৰ ব্যক্তিগত জীৱনত কৰা, অনাধিকাৰ চৰ্চাৰ দৰেই গৰ্হিত কাম ।
আপুনি যদি তলত উল্লেখ কৰা কামকেইটা কৰিব নোৱাৰে, তেনেহলে কাকো অযথা 'ট্যাগ' নকৰিব।
❤ আপুনি জবৰদস্তি কাৰোবাৰ ঘৰৰ ড্ৰইংৰূমত সোমাই বহি থাকিব পাৰিব নে ?
❤ গৃহস্থই আপোনাৰ উপস্থিতি কিদৰে গ্ৰহণ কৰিছে, তাৰ একো উমান নোলোৱাকৈ, চাহ একাপ নিদিয়ালৈকে, বহিয়েই থাকিব পাৰিব জানো ?
❤ আপোনাৰ কথা শুনিব ইচ্ছা প্ৰকাশ নকৰা, মানুহ এজনৰ মুখখন, হাতেৰে নিজৰ ফালে, বাৰে বাৰে ঘুৰাই লৈ কথা পাতিবনে ? আপুনি যদিহে মোৰ বন্ধু তালিকাত আছে, আপুনি আপলোড কৰা চৰাইৰ ফটো, অস্তগামী অথবা উদিত সূৰ্যৰ ফটোৰে পৰা আৰম্ভ কৰি "গুড মৰ্ণিং-গুড ইভিনিং" আৰু আপোনাৰ শেহতীয়া গাৰ্লফ্ৰেণ্ডৰ ফটোকে আদি কৰি, চব মই এনেও দেখিম । মোৰ লগতে আপোনাৰ আৰু মোৰ "মিউচুৱাল ফ্ৰেইণ্ড" খিনিয়েও দেখিব । আৰু ভাল লাগিলে 'লাইক' বা 'কমেন্ট', নিশ্চয় কৰিম, নিশ্চিন্ত থাকক। আপুনি 'ট্যাগ' কৰি মোৰ বাকী বন্ধু বোৰক, অনাহকতে আমনি কৰাৰ কিবা দৰকাৰ আছে জানো ? "মই যে আপোনালোকক ট্যাগ কৰো, আপোনালোকে ভাল পায় নে, বেয়া পাই জনাবচোন ?" কেতিয়াবা এই কথাষাৰ লিখি, আপুনি নিয়মিত ভাবে কৰা বন্ধু খিনিক, এবাৰ 'ট্যাগ' কৰি, কি উত্তৰ পায়, চাই লওঁকচোন। আচলতে ইমানপৰে কিনো কব বিচাৰিছোঁ বুজি পাব । মোৰ বিনম্ৰ অনুৰোধ, বহুত জৰুৰী বা আৱশ্যকীয় সূচনা হলে কথাটো সুকীয়া, অন্যথা 'ট্যাগ' কৰি কাকো আমনি নকৰিব।
বি.দ্ৰ: এই লিখনি মই কাকো 'ট্যাগ' কৰা নাই, কোনোবাই যদি শ্বেয়াৰ কৰে, মই নথৈ সুখী হম।
@@@@@@@@@@@@@@@@@@
❤ শুভ ৰাত্ৰি বন্ধু-বান্ধৱী সকল ।
সুনীল আকাশত তুমি, মলয়া বতাহত তুমি, সবুজ পাহাৰতো তুমি, বিস্তীৰ্ণ সমতলত তুমি, প্ৰখৰ ৰ'দত তুমি, দেহা শাঁত পৰা ছাঁতো তুমি, শীতল জোনাকত তুমি, ঘোপমৰা আন্ধাৰতো তুমি, যেনিয়ে চাওঁ ; তেনিয়ে মাথোঁ তুমি। . . . . . . কোনোবাই ঠিকেই কৈছিল যে, বেয়া আত্মাৰ কোনো নিৰ্দিষ্ট ঠিকনা নথাকে আৰু ইয়াৰ প্ৰভাৱ যতে ত'তে পৰিব পাৰে ।
qqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqq
"মই যেতিয়া নাজিৰাৰ পৰা গুৱাহাটীলৈ আহিছিলো, উজিনি অসমখন মোৰ বুকুৰ আপোন যেন অনুভূত হৈছিল।
কলিকতালৈ যাওঁতে অনুভব কৰিছিলোঁ সম্পূৰ্ণ অসমখেই যেন মোৰ ঘৰ।
যেতিয়া মই বোম্বাই পালোহি, এনে লাগিল কলিকতাসহ উত্তৰ পূৰ্বাঞ্চলখন, সবাতোকৈ মোৰ বুকুৰ আপোন ।
আমেৰিকা পোৱাৰ পাছত অনুভৱ কৰিলো সমগ্র ভাৰতবৰ্ষ তথা এছিয়াখন মোৰ আপোনতকৈয়ো আপোন । এই মূহুৰ্তত মই অনুভৱ কৰিছো, আচলতে এই পৃথিৱী তথা সমগ্র বিশ্বই মোৰ নিজৰ ঘৰ ।" এই কথাখিনি আমাৰ মৰমৰ ভূপেনদাই এক সাক্ষাৎকাৰত কৈছিল।
ভূপেনদা কেতিয়াও যাযাবৰ নাছিল, আচলতে তেওঁ আছিল এগৰাকী মানবীয় উৎকৰ্ষতাৰে, পৰিপূৰ্ণ বিশ্ব নাগৰিক। মানবতাৰ প্ৰকৃত পূজাৰী ভূপেনদালৈ জন্মদিনৰ শুভেচ্ছা থাকিল ।
qqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqq
❤ শুভ ৰাত্ৰি বন্ধু-বান্ধৱী সকল :
বীৰেণ : মই যেতিয়া বিয়া পাতিছিলোঁ, মোৰ মানুহজনীয়ে তেতিয়া, মেট্ৰিক পাছ কৰিছিল হে মাথোঁ । নগেন : তাৰ পিছত ?
বীৰেণ : তাৰপিছত মই তাইক, হায়াৰ চেকেণ্ডাৰী পঢ়ালো আৰু পিছলৈ বি.এ পাছ কৰোৱালো। একেবাৰে এম.এ টোও পাছ কৰাই, শেষত চৰকাৰী চাকৰি এটাত সুমুৱাই দিলো। এতিয়া কি আৰু কি কৰো তাকেই ভাবিছোঁ । . . . . . . . . .
নগেন : তই প্ৰকৃততে, তাইৰ দেউতাকৰ ভূমিকাই, পালন কৰিলি । এটা কাম কৰ, ভাল ল'ৰা এটা চাই মেলি, তাইক বিয়া দি দে । তোৰ বৰ পূণ্য হব।
qqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqq
বিবাহিত পুৰুষৰ জীৱনত, দুটা খৰছৰ বাট, আজীৱন মুকলি থাকিব ।
❤ পত্নী শুভ্ৰবৰ্ণা হলে "চান স্ক্ৰীণ লোশ্বন" কিনক ।
❤ পত্নী শ্যমবৰ্ণা হলে "ফেয়াৰ এন্ড লাভলী ক্ৰীম" কিনক।
qqqqqqqqqqqqqqqqqqqqqqqqqqqqqqq
❤ মহিলাসকলৰ এটা বিয়াগোম সমস্যা : নতুনকৈ কিনি অনা কাপোৰ, জাপি মেলি থবলৈ আলমাৰীত জেগা নাথাকে । আৰু বিয়া-বাৰু, সকামে-নিকামে, উৎসৱ-পৰৱে, পিন্ধিবলৈ হলে, মনৰ-মতন কাপোৰ নাথাকে।
qqqqqqqqqq
অকণমান মন কৰিব, সংবাদ মাধ্যমত কিছুমান নতুন নতুন শব্দৰ প্ৰচাৰ আৰু প্ৰসাৰ হৈ থাকে। যেনে আমাৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া Naৰেন্দ্ৰ Moডীক "NaMo" (নমো) বুলি কোৱা হয়। একেদৰে Raহুল Gaন্ধীক "RaGa" (ৰাগা) বুলি সম্বোধন কৰে। শেহতীয়াভাবে IPL কুখ্যাত ললিত মোদীক "LaMo" ( লমো) বুলি কয়। এতিয়া অলপ চিন্তা কৰি চাওঁক, একেধৰণে তলত দিয়া নামবোৰ, সংক্ষিপ্তকৰণ কৰিলে, অসমীয়া ভাষাত কি ৰূপ লব ? ১. মুkul তাmuly ( মুকুল তামুলী ) ২. টিkendr কাshyap ( টিকেন্দ্ৰ কাশ্যপ ) ৩. জay হari ৰাjakar ( জয় হৰি ৰাজাকাৰ ) ৪. পোwal কmal ৰay (পোৱাল কমল ৰয় ) ৫. হাbul গুnjan ৰাha (হাবুল গুঞ্জন ৰাহা ) ❤ চাৰি আৰু পাঁচ নম্বৰটোৰ অৱস্থা কি হব, এবাৰ ভাবি চাওকচোন। বি.দ্ৰ : নামবোৰ কাল্পনিক, কাৰোবাৰ সতে মিলিলে, দায়-দোষ নধৰি, ক্ষমা কৰে যেন ।
qqqqqqqqqqqqqqqqqqqqqqqqqqqqqqq
• সুপ্ৰভাত বন্ধু-বান্ধৱী সকল:
ৰাজধানী দিল্লীত এজন কথাবাচক আছে। তেখেতৰ নাম নিৰ্মল বাবা। এটা টিভি চেনেলত প্ৰায়েই দেখুৱাই থাকে। দৰ্শকসকলে সংক্ষিপ্ত ভাবে নিজৰ সমস্যাৰ বিষয়ে, বাবাক অৱগত কৰায় আৰু প্ৰশ্ন সোধে। নিৰ্মল বাবাইও এটা বা দুটা বাক্যৰ জৰিয়তে সমস্যাটোৰ, এক অদ্ভুত সমিধান দিয়ে।
এইগৰাকী মহান ব্যক্তি চকী এখনত বহি টোপনিয়াই থাকে আৰু বহি-বহিয়েই মানুহৰ যিকোনো সমস্যাৰ সমাধান কৰি দিয়ে ।
ভাৰত চৰকাৰে, "সৰ্ব-সমস্যা নিৰ্মূলকৰণ বিভাগ" এটা খুলি, এতিয়ালৈকে এই মানুহজনক, মুখ্য পৰামৰ্শদাতা হিচাপে কিয় নিযুক্তি দিয়া নাই, সেইটো ভাবিহে আচৰিত হওঁ । যোৱাকালি আমাৰ মৰমৰ নগেন গৈ, এই নিৰ্মল বাবাৰ ওচৰ পালেগৈ ।
নগেনে বাবাক কলে, "বাবা, প্ৰেম আৰু অৰ্থ (টকা-পইচা) এই দুয়োটা ক্ষেত্রত, মই যেন সদায় প্ৰথম ব্যক্তি হিচাবে পৰিগনিত হব পাৰো, তাৰবাবে আশীৰ্বাদ দিয়ক।"
নিৰ্মল বাবা : বৎস, প্ৰেমৰ জগতত তুমি সিদ্ধাৰ্থ দাসৰ দৰে আৰু টকা পইচাৰ জগতত পিটাৰ মূখাৰ্জীৰ দৰে প্ৰথম হোৱা।
qqqqqqqqqqqqqqqqqqqqqqqqqqq
মোৰ বাসভৱনৰ পৰা দুই কিলোমিটাৰ মান আতঁৰত এখন বৃদ্ধাশ্ৰম আছে । মই প্ৰায়েই সেই চৌহদত থকা, বেলেগ এটা প্ৰতিষ্ঠানলৈ যাবলগীয়া হয়। মই যেতিয়াই তালৈকে যাও, সেই বৃদ্ধাশ্ৰমৰ বাসিন্দাসকলক দেখিলে মোৰ মনটো, কিবা লাগি যায়। নাজানোঁ তেখেতসকল কি পৰিস্থিতিত বৃদ্ধাশ্ৰমলৈ আহিবলৈ বাধ্য হৈছে, কিন্তু মোৰ বুকুখন হমহমায় যায়। বৃদ্ধাশ্ৰমৰ কেবাজনো বাসিন্দাৰ সতে, কথা পাতিলো আৰু সুধি গম পালো যে, তেওঁলোকৰ বেছিভাগৰ পুতেক সকল কোনোবা ডাক্তৰ, কোনোবা উকীল, ইঞ্জিনীয়াৰ, হাকিম, উচ্চপদস্থ অধিকাৰী ইত্যাদি, ইত্যাদি । তাত মই এজনো এনে এগৰাকী বৃদ্ধ নাপালো, যিয়ে নেকি কলে যে তেখেতৰ পূতেক অশিক্ষিত বা গৰীব। তাৰমানে গৰীব বা নিৰক্ষৰৰ পিতৃ-মাতৃ বৃদ্ধাশ্ৰম কেতিয়াও আহি নাপায় । অৰ্থাত, আৰ্থিক অনাটনৰ ভূমিকা তেনেই নগণ্য । আৰ্থিক স্বচ্ছলতাই সকলো সমস্যাৰ সমাধান নহয় । এচাম শিক্ষিত মানুহৰ মনৰ সংকীৰ্ণতাৰ বাবেহে, পিতৃ-মাতৃ সকল গৃহহীন হৈ পৰে। টকাপইচাৰে উভৈনদী হৈ থকা এইসকল তথাকথিত শিক্ষিত আৰু ধনবান মানুহবোৰৰ কিহৰ অভাৱ , যে বৃদ্ধ পিতৃ-মাতৃক অকলশৰীয়া কৰি, মৰিবলৈ বৃদ্ধাশ্ৰমত এৰি থৈ যায়হি । গ্ৰামাঞ্চলত ইষ্ট-কুটুমেৰে পৰিবেষ্টিত হৈ থকা বহুতো বৃদ্ধ পিতৃ-মাতৃসকল, নিজৰ গাঁও এৰিব নিবিচাৰে আৰু ওচৰ চুবুৰীয়া, মিতিৰ-কুটুমৰ মৰম চেনেহে তেওঁলোকক উজ্জীৱিত কৰি ৰাখে। কিন্তু সকলোৱেই ইমান ভাগ্যশালী নহয়, গতিকে সকলোৰে ক্ষেত্রত এই কথাটো প্ৰযোজ্য নহয় । অকণমান ভালদৰে জুকিয়াই চালে দেখিব, ইয়াৰ অৰ্থ এইটোৱেই যে প্ৰচলিত শিক্ষা ব্যৱস্থাই আমাক জ্ঞানৰ পৰিবৰ্তে অজ্ঞানতা, মৰমৰ পৰিবৰ্তে কপটতা, উদাৰতাৰ পৰিবৰ্তে সংকীৰ্ণতাৰহে শিক্ষা দি আহিছে । তাৰমানে আমি ভবাৰ দৰে শিক্ষিত মানুহ মাত্ৰেই জ্ঞানী নহয় । আটাইতকৈ মনকৰিবলগীয়া কথাটো হ'ল, এই যে যিটো সময়ত, আমিবোৰ, সকলোৱে নিজৰ সন্তানৰ কেৰিয়াৰ গঠন কৰাৰ নামত সামাজিক জীৱন বৰ্জন কৰি, পিতৃমাতৃ সকলে, জীৱনৰ সকলো সুখ ত্যাগ কৰি, সন্তানৰ ভৱিষ্যতৰ নামত সপি দিওঁ । পিতৃ-মাতৃৰ অশেষ ত্যাগ আৰু বলিদানৰ বিনিময়ত গঢ় লৈ উঠা সন্তান সকলে, কেৰিয়াৰৰ শীৰ্ষত আৰোহণ কৰি উঠাৰ পিছত, কিদৰে সকলো পাহৰি যাব পাৰে ? আজিৰ সমাজত, আমি সকলোৱে এটা কথা, স্বীকাৰ কৰো যে পূত্ৰ সন্তানতকৈ কন্যা সন্তান, নিজৰ পিতৃ-মাতৃৰ প্ৰতি বেছি দায়িত্বশীল আৰু যত্নবান । বিয়াৰ পিছত, কন্যা সকলে নতুন সংসাৰ এখনৰ গুৰু দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছতো কিন্তু, নিজৰ পিতৃ মাতৃৰ প্ৰতি নিষ্ঠা সহকাৰে কৰ্তব্য পালন কৰি যায়। এনেকুৱা বোৱাৰীও আছে, যিয়ে নেকি শহুৰ-শাহুৱেকক নিজৰ পিতৃ-মাতৃৰ দৰেই জ্ঞান কৰি, আদৰ যত্ন কৰে। দূৰ্ভাগ্যবশত তেনেকুৱা বোৱাৰী ৰ সংখ্যা দিনক দিনে কমি আহিছে । নিজৰ পিতৃ-মাতৃৰ প্ৰতি কন্যাসকলৰ অকৃত্ৰিম মৰম আৰু সেৱাৰ মনোভাৱ দেখিলে অবাক লাগে। এনেকুৱা লাগে, পিতৃ-মাতৃক নিজৰ লগত ৰখাৰ অধিকাৰ যদি কন্যা সন্তান সকলে পালেহেঁতেন, তেতিয়া হলে হয়তো, এই পৃথিৱীত হয়তো এখনো বৃদ্ধাশ্ৰমৰ প্ৰয়োজন নহলহেঁতেন। মোৰ কবলগীয়া এয়েই, এই একেজনী কন্যাই যদি শহুৰ আৰু শাহুৱেকক, নিজৰ পিতৃ-মাতৃৰ দৰে ৰাখে, তেতিয়া হলেও এই পৃথিৱীত বৃদ্ধাশ্ৰমৰ প্ৰয়োজন নহলহেঁতেন। ❤ এটা অপ্ৰিয় সত্য : কোনো পূত্ৰই নিজ পিতৃ-মাতৃক অৱহেলা নকৰে বা কৰিব নিবিচাৰে, কিন্তু পত্নীৰ ভয়ত বা কথামতে চলিফুৰা বোৰহে, পিতৃ-মাতৃক বৃদ্ধাশ্ৰমলৈ পঠিয়াই ।
qqqqqqqqqqqqqqqqqqqq
কাণৰ কাষত ৰেডিঅ'টো বজাই, বাছযাত্ৰী এজন, বাছ ষ্টপেজত ৰৈ আছিল । বাছৰ বাবে অপেক্ষা কৰি থকা দ্বিতীয় যাত্ৰী এজনে সুধিলে, "দাদা, এতিয়ালৈকে স্ক'ৰ কিমান হ'ল নো ?" ৰেডিঅ'মেন: এতিয়াতো কোনো ক্ৰিকেট খেল চলি থকা নাই। মই বাতৰিহে শুনি আছো । দ্বিতীয় যাত্ৰী : ক্ৰিকেট খেলৰ স্ক'ৰৰ কথা, নাই সোধা। এতিয়ালৈকে ইন্দ্ৰাণী মুখাৰ্জীৰ, মুঠ কিমানজন পতি ওলাল, সেইটোহে জানিব বিচাৰিছিলো ।
qqqqqqqqqq
নগেন প্ৰথমবাৰৰ বাবে কলিকতালৈ বুলি এৰোপ্লেনত বহিছে। আগতে কাহানিও প্লেনত উঠি পোৱা নাই, গতিকে ভয়ো লাগিছে। প্লেনত উঠি, চুচুকচামাককৈ সকলোৰে অলক্ষিতে, "কক-পিট" ত সোমাই পাইলটৰ কাম-কাজ সমূহ পিছফালৰ পৰা নিৰীক্ষণ কৰি আছিল। এৰোপ্লেনখন "ৰাণৱে" ৰ পৰা "পিক-আপ" লৈ আগুৱাই যাব ধৰিলে । আৱশ্যকীয় গতি পোৱাৰ পিছত আগচকাটো ওপৰলৈ উঠাই প্লেনখন "টেক্ অফ্" কৰিব লওঁতেই, নগেনে পাইলটক চৰ এপাত সোধাই কলে, "মই এনেয়ে ভয়ত তৎ পোৱা নাই । তই আকৌ _ , "স্টাণ্ট" কৰি, কলাবাজী দেখুৱাবলৈ আহিছ ?"
qqqqqqqqqqqqqqqqq
• ❤ নববিবাহিতা দম্পতিৰ প্ৰথম কথা হৈছে ।
স্ত্রী : মই যদি কওঁ যে মোৰ ওপৰৰ দাঁত পাৰি বন্ধোৱা, আপুনি খং কৰিব নেকি ?
নগেন: কেলেই কৰিম ? কেতিয়াও নকৰো। ভালেই হ'ল, মইও নিশ্চিন্তমনে, মোৰ "উইগ্" আৰু কাঠৰ ভৰিখন খুলি থব পাৰিম ।
qqqqqqqq
❤ পতিয়ে বিবাহ বিচ্ছেদৰ আবেদন কৰিবলৈ আদালতলৈ গৈছে ।
পতি : মই মোৰ পত্নীক আজিয়েই "ডিভোৰ্চ" দিব বিচাৰো। আপুনি ব্যবস্থা কৰক।
আইনজীবী: কেলেই, সমস্যা কি আপোনালোকৰ ?
স্বামী: মোৰ পত্নীয়ে মোৰ সতে প্রায় ছ-মাহ ধৰি কথা নাই পতা।
আইনজীবী: আকৌ এবাৰ ভাবি চাওক। এনেহেন পত্নী কিন্তু বহুত ভাগ্যৰ বলতহে পোৱা যায় ।
qqqqqqq
❤ সুপ্ৰভাত, পুৰণি ৰচনা এটা আগবঢ়ালো :
অমৰ আৰু আবুল নলে গলে লগা, বাল্যবন্ধু। দুয়ো দুয়োৰে সুখ- দুখৰ সমভাগী। ইটোৱে সিটোক সুযোগ পালে আকৌ "টেঙা" দিবলৈও নেৰে।
এবাৰ অমৰে "চেকেণ্ড হ্যান্ড" গাড়ী এখন কিনি আনিলে । আবুলে গাড়ীখন চাবলৈ গৈ দেখে যে অমৰে গাড়ীখনত তুলসীপানী ছটিয়াই আছে। আবুলে সুধিলে , "কি হ'ল দোস্ত ? পানী "ৰেডিয়েটৰ" ত ঢালিব এৰি "বনেট" ৰ ওপৰতহে ঢালিছ যে ?"
অমৰ : এহ্ নকবি, গাড়ী খন কাবুলী এটাৰ পৰা লৈছিলো, গতিকে অকণমান তুলসী পানী ছটিয়াই শুদ্ধিকৰণ কৰিছো । বাকী গাড়ীখন কেনে দেখিলি ? কিছুদিন পিছত আবুলেও "চেকেণ্ড হ্যান্ড" গাড়ী এখন লোৱা বুলি শুনি, অমৰে খবৰ লব গৈ দেখে আবুল গাড়ীখনৰ তলত, সোমাই কিবা এটা কৰি আছে।
অমৰ : ঐ, তই তলত সোমাই কি মেকানিক্ কৰি আছ ? গাড়ীৰ তলত সোমাই চলাম বুলি ভাবিছ নেকি, আকৌ ? (গাড়ীৰ তলৰ পৰা ওলাই আহি )
আবুল : নহয় অ', আচলতে গাড়ী খন মই পূজাৰী এটাৰ পৰা কিনিছিলো, গতিকে "চাইলেঞ্চাৰ" ৰ আগটো অলপ কাটি দিলো আৰু !
qqqqqqqqqq
নতুন বন্ধু-বান্ধৱী সকলৰ বাবে, পুৰণি ৰচনা এটি আগবঢ়ালো ।
বিবাহিত পুৰুষ এজনে তেওঁৰ বন্ধু এজনক কৈছে , "বন্ধু , আচলতে মোৰ মানুহজনীয়ে মোৰ কথা একেবাৰেই নুশুনে, উচ্চস্বৰ ত কিবা কলে তো কথাই নাই, একেবাৰে মাৰিবলৈ খেদি আহে, কি কৰো, কচোন ?" বন্ধু জনে, কাণে কাণে কিবা শিকাই দিলে।
পুৰুষজনৰ ঘৰৰ দৃশ্যঃ পুৰুষ : আজিৰ পৰা ঘৰৰ সকলো কাম তুমিয়েই কৰিব লাগিব। মই কেবল আৰাম কৰিম। পত্নী : উম, হব। পুৰুষ : বাচন-বৰ্তন, কানি-কাপোৰ এতিয়াৰ পৰা চব তুমি ধুব লাগিব। পত্নী : ঠিক আছে, এতিয়াৰ পৰা তুমি নালাগে মই চব কৰিম। (ঝাড়ু পাত জোকাৰি ) আগতে তুমি পালেংৰ তলৰ পৰা ওলাই আহাচোন ।
qqqqqqqqq
❤ নগেনে মটৰচাইকেলৰ পিছফালে পত্নীক বহুৱাই লৈছে । তীব্ৰ গতিত "হাই-ৱে" ৰ ওপৰেদি দুয়ো গৈ আছে ।
পত্নী : প্লিজ, ইমান জোৰে নচলাবচোন, মোৰ বৰ ভয় লাগিছে ।
নগেন : তোমাৰো যদি ভয় লাগিছে, তেনেহলে মোৰ দৰে চকু মুদি লোৱা ।
qqqqqqqqqq
এই পৃথিৱীত মাত্র ৩ গৰাকী ব্যক্তিৰ কথাহে, মহিলাসকলে বৰ মনোযোগ দি শুনে আৰু বিনাবাক্যব্যয়ে তেওঁলোকৰ নিৰ্দেশ মানিও লয় ।
❤ প্ৰথম দৰ্জী
❤ দ্বিতীয় ফটোগ্ৰাফাৰ আৰু
❤ তৃতীয় বিউটী পাৰ্লাৰৰ বিউটিশ্বিয়ান গৰাকী ।
qqqqqqqqqqqq
❤ সৰস্বতী পূজা, দূৰ্গা পূজা আৰু বিয়া ঘৰত আটাইতকৈ ধুনীয়া-সুন্দৰী ছোৱালীবোৰৰ সমাগম হয়। বিয়াঘৰৰ শোভাবৰ্ধন কৰা, এই ধুনীয়া ছোৱালীবোৰক দেখি, কাৰ মনটোৱে হাঁহাকাৰ কৰি উঠে, জানেনে ? . . . . . . . . . . . দৰাজনৰ আটাইতকৈ বেছি বেয়া লাগে । ধুনীয়া ছোৱালীবোৰক দেখাৰ পিছত, তেওঁৰ মনলৈ ভাব আহে, "ইমানবোৰ ধুনীয়া ধুনীয়া ছোৱালী ! মোৰ চকুত কিয় নপৰিল ? ইমানদিনে এওঁলোক ক'তনো লুকাই আছিল ।"
qqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqq
❤ এবাৰ চহৰলৈ নামী চাৰ্কাচ এখন আহিল। চাৰ্কাচৰ মূখ্য আকৰ্ষণৰ কেন্দ্ৰবিন্দু আছিল এটা সিংহ। চাৰ্কাচৰ পশুবোৰক প্ৰশিক্ষণ দি, খেল দেখুউৱাৰ উপযুক্ত কৰি তোলা ব্যক্তিগৰাকীক, ৰিং মাষ্টৰ বুলি কোৱা হয় ।
ৰিং মাষ্টৰ জনে সিংহটোৰ সতে বিভিন্ন কলাবাজী আৰু লোমহৰ্ষক খেল দেখুৱালে। একেবাৰে শেষত পিঞ্জৰাৰ ভিতৰত, এগৰাকী স্বল্পবসনা সুন্দৰী যুৱতীক, সিংহটোৱে চুমা খোৱা দেখুৱালে ।
দৰ্শকসকল ৰোমাঞ্চিত হৈ জাউৰিয়ে জাউৰিয়ে হাত চাপৰি বজালে। ৰিং মাষ্টৰজনে দৰ্শকসকলক উদ্দেশ্যি, চিঞঁৰি কলে, "আপোনালোকৰ মাজত কোনোবা সাহসী ব্যক্তি আছে নেকি, যিয়ে এই দু:সাহসিক কামটো কৰিবলৈ বিচাৰে ?" দৰ্শকৰ মাজৰ পৰা নগেনে আগবাঢ়ি গৈ কলে, "মই আহি আছোঁ, কিন্তু তাৰ আগতে পিঞ্জৰাটোৰ পৰা সিংহটো আতঁৰাব লাগিব, তেহে পাৰিম।"
qqqqqqqqqqqqqqqqqqqqqqqqqqqqq
❤ এজন ৮ বছৰীয়া পূতেকে মাকক সুধিছে, "মা, তুমি কৈছিলা যে আমাক হেনো, ঈশ্বৰেহে স্ৰজন কৰিছে। কিন্তু দেউতাই কলে আমি হেনো বান্দৰৰ পৰাহে বিকশিত হৈছোঁ । তুমিয়েই কোৱাচোন মা, মই এতিয়া কাৰ কথা মানিম ?"
মাক : সোণটো, মই মোৰ পৰিয়ালৰ ফালৰ, কথাটোহে তোমাক কৈছিলো। দেউতাৰাই তেওঁৰ নিজৰ পৰিয়ালৰ ফালৰ, কথাটো কলে চাগৈ ।
qqqqqqqqqqqqqqqqqqqqqqqqq
❤ ❤ ❤ ❤ ❤ ❤ ❤ এলেহুৱা নগেনে বিয়া পতাৰ পিছত, এবাৰ অকলে শহুৰৰ ঘৰলৈ গ'ল। জোঁৱাই আহিছে বুলি শহুৰ-শাহুৱেকে খুব আদৰ যত্ন কৰিলে। ভাল ভাল বস্তু বনাই মেলি খুৱালে বুৱালে।
এইদৰে কেইদিনমান যোৱাৰ পিছতো, দেখা গ'ল নগেনে শহুৰৰ ঘৰৰ পৰা ওভোতাৰ নামেই নলয়। দিনৰ পৰা মাহ বাগৰিল, শহুৰৰ ঘৰ এৰাৰ কোনো লক্ষণ নগেনৰ গাত দেখা নগ'ল। প্ৰথমতে আকাৰে ইংগিতেৰে, পিছলৈ শাহুৱেকে লাজ মান কাতি কৰি নগেনক কৈয়েই পেলালে, "জোৱাই, কথা এটা হ'ল নহয়, তুমি এতিয়া তোমাৰ ঘৰলৈ ঘুৰি যোৱা উচিত ।"
নগেন : ঘৰলৈ ঘুৰি যোৱা উচিত, কিন্তু কিয় আই ?
শাহুৱেক : তুমি আমাৰ ইয়ালৈ অহা দেৰ মাহৰো ওপৰ হ'ল। মানুহে বুবু-বাবা কৰিব লৈছে ।
নগেন : মানুহে বুবু-বাবা কৰিছে, আপোনালোকৰ ঘৰত মই মাথোঁ দেৰ মাহহে থাকিলোঁ । আপোনাৰ ছোৱালীয়ে যে মোৰ ঘৰত ছমাহ ধৰি আছে, মানুহে সেই বিষয়ে একো, কিয় নকয় ?
শাহুৱেক : আ: জোৱাই, তুমিও যে কি কোৱা আৰু ! তাইৰ বিয়া হৈ গৈছে আকৌ !
নগেন : তাইৰ বিয়া হৈ গৈছে মানে ? মইনো ক'ত পলাই গৈছিলো ? মোৰোতো বিয়াই হৈছিল ।
qqqqqqqqqqqqqqqqqqqqqqqq
❤ শুভ সন্ধিয়া বন্ধু-বান্ধৱী সকল :
গুজৰাটত আৰক্ষণ বিৰোধী আন্দোলনৰ পৰিপ্ৰেক্ষিতত উদ্ভৱ হোৱা, হিংসা-বিদ্বেষৰ পৰিস্থিতি, প্ৰতিহত কৰিবলৈ চৰকাৰে ইন্টাৰনেট সেৱা বন্ধ কৰি দিছিল । পৰিস্থিতি যাতে পুনৰ বেছি বেয়ালৈ ঢাল নাখায়, সেই উদ্দেশ্যে এচএমএচ সেৱাসহ, চ'চিয়েল মিডিয়াসমূহ যেনে ফেচবুক, হোৱাটছ আপ ইত্যাদি সাময়িক ভাবে বন্ধ কৰি দিয়া হৈছিল। ফেচবুক আৰু হোৱাটছ আপ্ আদিৰ সতে ইন্টাৰনেট সেৱা সাময়িকভাবে বন্ধ কৰাৰ ফলত এক নতুন অভিজ্ঞতা উপলব্ধি কৰিলো।
১. এইকেইদিনতহে গম পালো, ফেচবুক আৰু হোৱাটছ আপ্ ৰ বাহিৰেও ঘৰৰ বহুতো প্ৰয়োজনীয় কাম থাকে ।
২. মোৰ মোবাইলৰ বেটেৰী ইমানদিনে মই ভবাৰ দৰে, বেয়া নহয় । বেটেৰীটো বহুত পাৱাৰফুল বুলি এইবাৰহে জানিলো ।
৩. আমাৰ আশেপাশে থকা প্ৰতিবেশী আৰু সমাজৰ বিভিন্ন সদস্যবৃন্দৰ মাজত মত বিনিময়ৰ এক অভূতপূৰ্ব সুযোগ পালো, গম পালো এই মানুহবোৰচোন ভালেই ।
৪. নিজৰ পৰিয়ালৰ মাজতো, ইজনে-সিজনক যথেষ্ট সময় দিব পাৰিলো । বহুদিনৰ মূৰত প্ৰাণ খুলি কথা পাতিলো ।
৫. অৱশেষত চৰকাৰেও যে আমাৰ দুখ বুজি পায় সেইটো বুজি পালো। সাময়িকভাবে হলেও চৰকাৰে এটা ভাল কাম কৰিলে, সেইবাবে ধন্যবাদ জ্ঞাপন কৰিলোঁ ।
qqqqqqqqqqqqqqqqqqqqqqqqq
মানুহে জীৱনত এবাৰ ভুল কৰিলে, দ্বিতীয় বাৰলৈ সেই ভুলৰ শুধৰণি কেতিয়াও নহয়, . . . কাৰণ যেতিয়ালৈকে, . . . . সেই ভুলৰ পুনৰাবৃত্তি কমপক্ষেও ৬-৭ বাৰ মান নহয়গৈ, মানুহে শিক্ষা লাভ নকৰে।
qqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqq
আজিৰ পৰা ছয়-সাত বছৰ আগলৈকে বাটে-ঘাটে দুজন মানুহৰ কাজিয়া লাগিলে, চিনাকী-অচিনাকী, তৃতীয় ব্যক্তিজনৰ ভূমিকা আছিল, কাজিয়া খন ভাঙি দিয়া। বৰ্তমান কেমেৰাসহ মোবাইল অহাৰ পিছৰে পৰা, বাটে-ঘাটে দুজন মানুহৰ কাজিয়া লাগিলে, চিনাকী-অচিনাকী তৃতীয় ব্যক্তিজনৰ ভূমিকা হৈছে, মোবাইলৰ কেমেৰাৰে ভিডিঅ ৰেকৰ্ডিং কৰা ।
qqqqqqqqqqqqqqqqqqqqqqqqq
মোবাইলৰ কেমেৰাৰে "চেল্ফি" উঠোৱা তেনেই সহজ কাম, টিলিকতে লব পাৰি । এডিটিং কৰি আকৰ্ষণীয় কৰি, ঢেৰ লাইক আৰু কমেন্টৰ উপযোগী কৰি তুলিবলৈহে, বেছি সময় খৰচ কৰিবলগীয়া হয় ।
qqqqqqqqqqqqqqqqqqqqqqqqqqqqq
❤ ❤ "গ্লোবেল ৱাৰ্মিং" আৰু চোৰাং চিকাৰীৰ দৌৰাত্মৰ ফলত, এই পৃথিৱীৰ পৰা হেনো বাঘ, চিৰদিনৰ বাবে অৱলুপ্ত হোৱাৰ সম্ভাৱনা আছে। বিশেষজ্ঞসকলে, আমাৰ ভৱিষ্যতৰ নতুন প্ৰজন্মই জীৱিত বাঘ, নেদেখিবও পাৰে বুলি এক আশংকা প্ৰকাশ কৰিছে। প্ৰশ্ন হ'ল আমি নো কি কৰিব পাৰো কওঁকচোন ? আমিও তো জীৱিত "ডাইনাচ'ৰ" দেখি নাপালোঁ, সেইবুলি কেতিয়াবা কিবা অভিযোগ কৰিছোঁ জানো, হয় ? আপোনালোকে জানেনে ? ভাৰতবৰ্ষত প্ৰত্যেক ১০০০ জন ল'ৰাৰ বিপৰীতে মাত্র ৯৪০ জনী ছোৱালীহে আছে। এই মূহুৰ্তৰ পৰাই, সকলোৱে কন্যা সন্তান বচোৱাৰ বাবেহে, অধিক তৎপৰ হোৱা উচিত, নহয় নে ? বাঘৰ কথা লাহে ধীৰে, পিছে পৰেও চিন্তা কৰিব পৰা যাব । আপুনি নিজেই বিবেচনা কৰকচোন, আপোনাৰ "বাইক" ৰ পিছফালে বহুৱাই চাল দিবলৈ এজনী ছোৱালী লাগে, নে বাঘ লাগে ?
qqqqqqqqqqqqqqqq
সন্ধিয়া অফিচৰ পৰা আহি পতিয়ে চাহ খাই থাকোতে পত্নীক সুধিছে, "হেৰা, তুমি ৰামায়ণৰ, ৰজা দশৰথৰ নাম শুনিছা নে ?"
পত্নী : শুনিছো, কেলেই নো সুধিলে হয় ?
পতি : ৰজা দশৰথৰ কেইজনী পত্নী, আছিল ?
পত্নী : তিনিজনী আকৌ । পতি : তেনেহলে মই আৰু দুজনী, এতিয়াও আনিব পাৰো, নে কি কোৱা ? পত্নী : আপুনি ইন্দ্ৰাণী মুখাৰ্জীৰ নাম শুনিছে নে ?
পতি : ধেৎ তেৰিকা, মই ধেমালিহে কৰিছো । চব কথা ইমান "চিৰিয়াছ্লী" নলবাচোন । যোৱা সোনকালে, "ৰেডী" হৈ ওলোৱা, আজি ভাত বাহিৰতে খাম ব'লা ।
qqqqqqqqqqqqqqqqqqqqqqq
❤ কেতিয়াবা কেতিয়াবা আছাৰাম বাপু, সঁচাকৈয়ে অলৌকিক শক্তিৰ অধিকাৰী হয় যেন লাগে। প্ৰথমতে "ৰাধে মা" ৰ সংগ-লাভ আৰু খুব কম সময়ৰ ভিতৰতে, "ইন্দ্ৰাণী" ৰ সান্নিধ্য-লাভৰ সম্ভাৱনা যোগ আৰম্ভ হৈছে । এইবোৰ যদিহে অলৌকিক শক্তিৰ প্ৰভাৱ নহয়, তেতিয়াহলে নিশ্চয় আছাৰামে পূৰ্বজন্মত কৰা, কিবা পূণ্যৰ ফল লাভ কৰিছে।
qqqqqqqqqqqqqqqqqqqqqqqqq
ছমহীয়া পৰীক্ষাত খুব বেয়াকৈ ফেইল কৰাৰ পিছত নগেনে পঢ়াশুনাত মনোযোগ দিব লোৱা বুলি জানিব পৰা গৈছে । বন্ধু বীৰেণে কথাটো শুনি নিজ চকুৰে চোৱাৰ মানসেৰে নগেনৰ ঘৰ ওলালগৈ। নগেনৰ ঘৰলৈ গৈ দেখিলে সি ডাঙৰ ড্ৰেচিং টেবুলৰ আইনা এখনৰ সন্মুখত বহি পঢ়ি আছে, মানে পঢ়িছে কম, আইনালৈ বেছিকৈ চাইছে।
বীৰেণে সুধিলে , " পঢ়াশুনা কৰিবলৈ যে ল'লি কথাটো শুনি ভালেই পাইছিলো কিন্তু আইনাৰ সন্মুখত বহিলৈ কিডাল নো পঢ়িছ, সেইটো হে ভালদৰে নুবুজিলো ।"
নগেন : তই নুবুজিবি, আইনাৰ সন্মুখত পঢ়াৰ তিনিটা লাভ আছে ।
বীৰেণ : যেনে ?
নগেন : প্ৰথমটো হৈছে, পঢ়াৰ লগে-লগে ৰিভিজনো হৈ গৈ থাকে।
বীৰেণ : ৰিভিজন কেনেকৈ হয় নো?
নগেন : মানে মই পঢ়ি যাওঁতে, আইনাখনত থকাজন মানে মোৰ প্ৰতিচ্ছবিটোৱে ৰিভিজন কৰি গৈ থাকে ।
বীৰেণ : দ্বিতীয় কাৰণ ?
নগেন : দ্বিতীয় কাৰণ হ'ল, নিজৰ ওপৰত, নিজেই নজৰ ৰাখিব পাৰো যে, মই ভালদৰে পঢ়িছো নে নাই । আৰু তৃতীয় কাৰণটো হৈছে, অকলে অকলে পঢ়ি "বোৰ" হৈ যাওঁ, গতিকে লগ এটা পাই থাকিলে, টাইম পাছ হৈ থাকে আৰু ।
qqqqqqqqqqqqqqqqqqqq
এবাৰ এহাল সদ্যবিবাহিত দম্পতি, এটা বহুমহলীয়া অট্টালিকাৰ ১৫ তম মহলাত থকা বন্ধু এজনৰ ফ্ল্যাটলৈ ফুৰিবলৈ গৈছিল । গ্ৰাউণ্ড ফ্লোৰৰ লবীত থকা লিফ্টত উঠি দুয়ো ১৫ নম্বৰ চুইচ্ টিপি দিলে আৰু লিফ্টখন চলিবলৈ ধৰিলে ।
৩ নম্বৰ ফ্লোৰত লিফ্টখন ৰ'ল আৰু স্বয়ংচালিত দুৱাৰ নিজে নিজে খোল খোৱাৰ পিছত, উগ্ৰ প্ৰসাধনেৰে সজ্জিত, এগৰাকী স্বল্পবসনা, অত্যাধুনিকা আৰু সুন্দৰী যুৱতীৰ আৱিৰ্ভাব ঘটিল । ৮ নম্বৰ চুইচ্ টিপি যুৱতীগৰাকীয়ে হাতবেগৰ পৰা সৰু দাপোন এখন উলিয়াই, লিপষ্টিক আৰু মুখমণ্ডলৰ প্ৰসাধন খিনি নিৰীক্ষণ কৰি ললে । লিফ্ট খন পুনৰ ওপৰলৈ যাব ধৰিলে ।
পত্নীয়ে পতিৰ মানসিক অৱস্থাৰ বুজ লোৱাৰ মানসেৰে চাই দেখিলে, পতিৰ চেহেৰাটো একেবাৰে জাপানী মানুহৰ চেহেৰাৰ দৰে ভাবলেশবিহীন কৰি থৈছে । লিফ্ট ৰ ভিতৰত যে একুৰা জ্বলন্ত অগ্নিশিখা বিদ্যমান, সেইবিষয়ে তেওঁ সম্পূৰ্ণ নিৰ্বিকাৰ । তেওঁ যেন মায়া-মোহ বিহীন অন্য এক বিচ্ছিন্ন দ্বীপৰহে বাসিন্দা ।
এইদৰে দুটামান মহলা পাৰ হৈ যোৱাৰ পিছত হঠাৎ বিদ্যুৎ সৰবৰাহ বন্ধ হৈ লিফ্টখন মাজতেই ৰৈ গ'ল। লিফ্টৰ ভিতৰখন আন্ধাৰত ডুব গ'ল আৰু তিনিওজন নীৰৱে ৰৈ থাকিল । অন্ধকাৰত হঠাৎ সশব্দে চুমা খোৱাৰ আৰু পিছ মূহুৰ্ততে প্ৰচণ্ড চৰ মৰাৰ শব্দ এটা শুনা গ'ল ।
কিন্তু তিনিওজনৰ কোনোৱেই কোনোধৰণৰ প্ৰতিক্ৰিয়া নকৰি নিশ্চুপ হৈ থাকিল। কিছু সময় পিছত বিজুলী সংযোগ অহাত লিফ্টখন পুনৰ চলিব ধৰিলে । ইজনে সিজনক দেখিবলৈ সক্ষম হ'ল যদিও, প্ৰত্যেকে একোৱেই ঘটা নাই এনেহেন এটা ভাব প্ৰকট কৰি নিশব্দে গৈ থাকিল । ৮ নম্বৰ মহলা আহি লিফ্টখন ৰখাৰ পিছত যুৱতীগৰাকী লয়লাস ভংগীমাৰে ওলাই গ'ল।
যুৱতীগৰাকী যোৱাৰ পিছত, পতিজনে তটস্থ হৈ কলে, "বিশ্বাস কৰা জানু, মই একো কৰা নাই । তোমাৰ শপত খাই কৈছোঁ ।"
পত্নী : মই জানো তুমি যে একো নাই কৰা। যি কৰিছো মইয়েই কৰিছো । (গাল খন মোহাৰি)
পতি : কি কৈছা ? তুমি কৰিছা, কিন্তু কিয় ? কিবা ভবাটো দুৰৰ কথা মই ছোৱালীজনীৰ ফালে, আনকি ঘুৰিও চোৱা নাছিলোঁ ।
পত্নী : আচলতে তোমাৰ বাবে এইয়া এক সতৰ্কবাণীহে আছিল । ভৱিষ্যতে তেেনেকুৱা কিবা মনলৈ অনাৰ আগতে এশবাৰ ভাবি চাবা ।
qqqqqqqqqqqqqqqqqqqq
ৰাতিপুৱাই এগৰাকী মহিলা বজাৰ ফুৰিবলৈ ওলাই গ'ল। বজাৰৰ পৰা পতিদেৱলৈ "এচএমএচ" কৰিছে, "শুনা মই বজাৰলৈ আহিলো, ঘুৰি আহোতে দেৰি হব। আজি কামৱালী বাঈ নাহে ।
তুমি ঘৰ সাৰি মচি, বাচন-বৰ্তন বোৰ ধুই, ভাত-পানী বনাবা । আৰু শুনা, কাইলৈ মা আৰু ভন্টী আহি আছে, গতিকে ৰান্ধনি ঘৰ আৰু বাথৰূম দুটা একদম, টিপটপ্ কৰি চফা কৰি থবা ।" বজাৰত ঘুৰিপকি থাকোঁতে, পতিৰ ফালৰ পৰা কিবা ইনকামিং মেচেজ আছে নেকি বুলি মহিলাগৰাকীয়ে মোবাইলৰ ইনবক্স কেবাবাৰো চেক্ কৰিলে।
এঘন্টামান পিছত পত্নীগৰাকীয়ে আকৌ এটা "এচএমএচ" পতিলৈকে পঠালে । "হেৰা তোমালৈ এবটল প্ৰিমিয়াম কোৱালিটীৰ ভদ্কা লৈছো, জানা ।" এই "এচএমএচ" টো পোৱাৰ খন্তেক পিছতেই,
পতিজনৰ মোবাইলৰ পৰা মেচেজ এটা আহিল, "ডাৰ্লিং, ইউ আৰ গ্ৰেট, তুমি সচাঁকৈয়ে মহীয়সী।" পতিগৰাকীৰ মেচেজটো পোৱাৰ পিছত মহিলা গৰাকীয়ে আকৌ লিখি পঠিয়ালে, "মই একো মহীয়সী নহয়, জানু, তুমি আগৰ মেচেজটো পালা নে নাই, সেইটো নিশ্চিত হবলৈকেহে, পিছৰ মেচেজটো পঠিয়াইছিলো। কামবোৰ কৰি হ'ল নে ? মোৰ দেৰি হব, কিন্তু ।"
qqqqqqqqqqqqqqqqqqqqq
❤ আপোনাৰ জীৱনত "নিখুঁত বন্ধু" এজনৰ সন্ধানত সময় নষ্ট নকৰি, আপেক্ষিকভাবে কম নিখুঁত অথচ "প্ৰকৃত বন্ধু" এজনক আকোঁৱালি লঁওক । কাৰণ "নিখুঁত বন্ধু" হৈছে এক কাল্পনিক অভীপ্সা মাথোন, আনহাতে "প্ৰকৃত বন্ধু" হৈছে চিৰন্তন লগৰী ।
qqqqqqqqqqqqqqqqqqqqqqqqqq
❤ জীৱনত নীৰৱতা আৰু মিচিকিয়া হাঁহিৰ গুৰুত্ব যথেষ্ট । ব্যৱহাৰ কৰিব জানিলে দুয়োটাই একপ্ৰকাৰ শক্তিশালী অস্ত্ৰ । মিচিকিয়া হাঁহিৰে বহুতো সমস্যাৰ সমাধান কৰিব পাৰি। আনহাতে সঠিক সময়ত নীৰৱতা অৱলম্বন কৰিব জানিলে, বহুতো সমস্যা দুৰতে বিদুৰ কৰিব পাৰি। আজিৰ দিনটো সকলোৰে বাবে মংগলময় হৈ উঠক ।
qqqqqqqqqqqqqqqqqqqqqqq
বিবাহিত জীৱনৰ ১৫বছৰীয়া বিবাহ বাৰ্ষিকীৰ দিনা পত্নীয়ে পতিক সুধিছে, "জানু, তুমি মোক কি উপহাৰ দিবা ?"
পতি : মই তোমাক আন্দামান নিকোবৰলৈ লৈ যাম বুলি ভাবিছোঁ ।
পত্নী : তুমি কিন্তু সঁচাকৈয়ে বৰ ৰোমাণ্টিক, জানু! এটা কথা মোক কোৱাচোন , আমাৰ বিয়াৰ যেতিয়া ৫০ বছৰ অৰ্থাৎ সোণালী জয়ন্তী হব, তেতিয়ানো তুমি কি কৰিম বুলি ভাবিছা ?
পতি : তেতিয়া তোমাক আন্দামান নিকোবৰৰ পৰা আকৌ ওভোতাই লৈ আনিম ।
qqqqqqqqqqqqqqqqqqqqqqq
ব্ৰেকিং নিউজ: সুশীল নামৰ কুকুৰা এজনীয়ে কণী পৰাৰ সময়ত, কণীৰ গাত, কুকুৰাজনীৰ নামো ছপা হৈ আহে। qqqqqqqqqqqqqqqqqqqqqqqqqqqq
এহাল বৃদ্ধ দম্পতি তীৰ্থযাত্ৰা কৰাৰ মানসেৰে ওলাল। কোনোদিনে ঘৰৰ বাহিৰ নোলোৱা পতি-পত্নী , দুয়ো ট্ৰেইনত বহি ভ্ৰমণৰ আৰম্ভনি কৰিলে। সৌভাগ্যক্ৰমে সিদিনা ট্ৰেইনত ভীৰ বহুত কম আছিল । কিছুদুৰ আগবঢ়াৰ পিছত, বৃদ্ধৰ সৰুপানী চুব লাগিল । বৃ
দ্ধা পত্নীক একো নোকোৱাকৈ, বহাৰ পৰা লাহেকৈ উঠি, ডবাটোৰ শেষৰ ফালে থকা বাথৰূমৰ দুৱাৰখন খুলিলে । বৃদ্ধই বাথৰূমৰ ভিতৰত থকা আইনাখনত, নিজৰ প্ৰতিচ্ছবিটো দেখি অন্য কোনোবা এজন সোমাই থকা বুলি ভাবি , " চ'ৰি" বুলি কৈ উভতি আহি, নিজৰ আসনত বহিলহি । কিছুসময় পিছত আকৌ গৈ, দুৱাৰখন খুলি সোমাব লঁওতেই পুনৰ নিজৰ প্ৰতিচ্ছবি দেখি, আগৰ মানুহজনৰ এতিয়ালৈকে হোৱাই নাই চাগে বুলি ধৰি ললে।
আকৌ "চৰি" বুলি কৈ গুচি আহিল । সময় যিমানেই আগবাঢ়ি গৈছে, প্ৰস্ৰাবৰ চাপো বাঢ়ি গৈছে । একপ্ৰকাৰ অসহ্য হৈ, বৃদ্ধই পুণৰ গৈ দুৱাৰ খন খুলি চালে । কিন্তু একেই অৱস্থা, মানুহজন ভিতৰতে আছে । উপায়ান্তৰ হৈ বৃদ্ধ উভতি আহিল । বাৰে বাৰে গৈ বাথৰূমৰ দৰ্জাখন খুলি চাই গুচি অহা কথাটো, বৃদ্ধৰ পত্নীয়ে মন কৰি আছিল ।
নাৰীসুলভ সন্দেহৰ বশৱৰ্ত্তী হৈ, বৃদ্ধা পত্নীগৰাকীয়ে বাথৰূমৰ দুৱাৰখন খুলি চাই দেখি, খঙে মুৰৰ চুলিৰ আগ পালেগৈ। জাঙুৰ খাই আহি বৃদ্ধক কলে, "হেৰি বুঢ়া বয়সত আপোনাৰ পৰকিতি লৰিছে, তীৰ্থযাত্ৰা কৰিবলৈ আহি এইবোৰ কৰিবলৈ যদি মনেই আছিল, মোক লগত কেলেই লৈ আনিলে ?
বৃদ্ধ : আ: অলপমান লাহেকৈ কোৱাচোন, মানুহবোৰে আমালৈ চাব ধৰিছে । তুমি কি কৈছা মই হলে একো নাই বুজা ।
বৃদ্ধা : বাথৰূমৰ ভিতৰত থকা মানুহজনীক বাৰে বাৰে কিয় চাবলৈ গৈছে ?
বৃদ্ধ : মানুহজনী ???
বৃদ্ধা : বুঢ়া বয়সতো যদি এইবোৰ কৰিবলৈ ইমানেই মন, তেন্তে তীৰ্থ কৰিবলৈ আহিব নালাগিছিল ।
বৃদ্ধ : হেৰা, তুমি মোৰ কথাওঁ অলপ শুনিবা নে ? মোৰ অৱস্থা অথনিৰ পৰা মইহে জানো ........ । তেনেতে বিশেষ ইউনিফৰ্ম পিন্ধা ৰেলৱে বিভাগৰ টিকট নিৰীক্ষক ( টি.টি.) এজন আহি ওলালহি । বৃদ্ধই কিছু সকাহ পাই টি.টি জনক কলে, " চাৰ, বাথৰূমৰ ভিতৰত এজন মানুহ প্ৰায় দুঘন্টা ধৰি সোমাই আছে। মই পেচাপ কৰিবলৈ যাব পৰা নাই। মই অথনিৰে পৰা কোনোমতেহে কানি কাপোৰে নকৰাকৈ আছো। মোৰ সন্দেহ হৈছে, মানুহজনে বিনাটিকটত ভ্ৰমণ কৰিছে নেকি ?
টি.টি. : অৱশ্যে আনটো ফালে আৰু এটা টয়লেট্ আছে, আপুনি তালৈকেও যাব পাৰিলেহেঁতেন । ঠিক আছে বাৰু আপুনি কোৱা টয়লেটটো এবাৰ চাই লও বলক।
এইবুলি দুয়োজন বাথৰূমটোৰ ওচৰলৈ গল আৰু টি.টি জনে দুৱাৰখন খুলি বাথৰূমৰ ভিতৰলৈ চাই কলে, "ওহ হো চ'ৰি বেয়া নাপাব, মই কোনোবা বেলেগ বুলিহে ভাবিছিলোঁ । ( বৃদ্ধৰ ফালে চাই) ভিতৰত সোমাই থকাজন আমাৰ ৰেলৱে বিভাগৰে মানুহ, চিন্তা কৰিব নালাগে, আপুনি সিফালৰ বাথৰূমটো ব্যৱহাৰ কৰক ।"
qqqqqqqqqqqqqqqqqqqqqqqq
❤ ❤ শুভ-সন্ধিয়া ❤ ❤
আমাৰ জীৱনৰ বেছিভাগ সময়েই আমি দোধৰমোধৰত কটাই দিওঁ। কিবা এটা কৰাৰ আগতে আমি শংকিত হৈ পৰো এই বুলি যে, আমাৰ আশেপাশে থকা চাৰিজনে দেখিলে কি বুলিনো কব ?
❤ ❤ কিবা এটা কৰাৰ আগতে আমি শংকিত হৈ পৰো এই বুলি যে, আমাৰ আশেপাশে থকা চাৰিজনে শুনিলে কি বুলিনো কব ? . . . . . . . এইদৰেই দিন উকলি যায় আৰু অৱশেষত চাৰিজন মানুহে মাথোঁ, এটা কথাই কয়, "ৰাম নাম সত্য হ্যায় , ৰাম নাম সত্য হ্যায় । "
qqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqq
❤ ❤ ❤ ❤ ❤ ❤ "লাচ্-ভেগাছ" ৰ পিছতেই এই পৃথিৱীত পৰ্যটকসকলৰ (প্ৰধানত: পুৰুষ) আকৰ্ষণৰ কেন্দ্রভূমি হৈছে থাইলেন্ড । সম্প্ৰতি ব্যৱসায় কৰি কিছু টকা ঘটিবলৈ সক্ষম হোৱা, নগেন আৰু বীৰেণৰ বহুদিনীয়া সপোন আছিল, থাইলেন্ডৰ বিলাস-ভ্ৰমণ। এদিনাখন, মনত পুহি ৰখা হেঁপাহ বাস্তবায়িত কৰাৰ উদ্দেশ্যে, কলিকতাৰ পৰা দুয়ো থাইলেন্ডৰ ৰাজধানী বেংকক অভিমুখে জলপথেৰে যাত্ৰা আৰম্ভ কৰিলে।
দূৰ্ভাগ্যবশত: আধবাটতে প্ৰৱল ধুমুহাৰ প্ৰকোপত পৰি জাহাজখন ভাঙি চুৰমাৰ হৈ গ'ল । দৈবক্ৰমে নগেন আৰু বীৰেণ এটা ডাঙৰ কাঠৰ বাকচক সাৰথি কৰি কোনোমতে নুডুবি, ওপঙি থাকিল । মৃত্যুৰ হাত সাৰিলে যদিও, মাজ সাগৰত দূৰ-দূৰণিলৈ পানীৰ বাহিৰে অইন একোৱেই নেদেখা, এক ভয়াবহ পৰিবেশ, আসন্ন মৃত্যুৰ শংকা আৰু ভোক পিয়াহে দুয়োকে জুৰুলা কৰি পেলালে। মৃত্যুভয়ত দুয়ো একপ্ৰকাৰ মানসিক ভাবে ভাঙি পৰিল।
নগেনে দূৰ্বল কন্ঠেৰে কলে, "বীৰেণ, এইয়া মোৰ পাপৰ ফল । মই মানুহজনীক কলিকতাত ব্যৱসায় সংক্ৰান্ত কাম আছে বুলি মিছা কথা কৈ আহিছিলো ।"
বীৰেণ : (কান্দি-কান্দি) ময়ো জীৱনত মানুহজনীক বহু ফাকি দিলো । হে প্ৰভূ-পৰমেশ্বৰ, মোক ক্ষমা কৰা, আজি তুমি আমাক ৰক্ষা কৰা, জীৱনদান দিয়া । মই মোৰ লৰা-ছোৱালী হালৰ মূৰ চুই শপত খাইছো, এই জীৱনত আৰু কোনোদিনে সুৰাপান নকৰো আৰু জুৱা নেখেলো। লগতে শপত খাই কৈছো যে নিজৰ মানুহজনীৰ বাহিৰে বেলেগৰ .......।
নগেন : ( বীৰেনক মাজতে ৰখাই ) ঐ ৰচোন, শপত নাখালেওঁ হব যেন লাগিছে। ৰিণিকি-ৰিণিকি "বেংকক বন্দৰ" বুলি লিখা চাইন বোৰ্ড সহ, সাগৰৰ পাৰ এটা চকুত পৰিছে । চিন্তা নকৰিবি বাচি গলো পাৰ্টনাৰ । শপত নাখাবি ৰচোন ।
qqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqq
❤ শুভ সন্ধিয়া ৰাজ্যিক আৰ্ট গেলেৰীত বিশাল এক চিত্ৰকলা প্ৰদৰ্শনী চলি আছিল। এহাল পতি-পত্নী দুয়ো, চিত্ৰকলা প্ৰদৰ্শনী চোৱাৰ মানসেৰে গেলেৰীলৈ আহিল। গেলেৰীত সজাই ৰখা বিভিন্ন পেইন্টিং সমূহৰ ভিতৰত, এখন অত্যন্ত আকৰ্ষণীয় আৰু কলাত্মক ছবি আছিল।
পেইন্টিংখনত এগৰাকী অপূৰ্ব সুন্দৰী যুৱতী, বিশেষ ভংগীমাত শুই আছে আৰু যুৱতীগৰাকীৰ সম্পূৰ্ণ দেহটো, গছৰ শুকান পাতেৰে আবৰি থৈছে । এই অনবদ্য ছবিখন দেখি, পতিগৰাকী ভাবত বিভোৰ হৈ পৰিল । বহুপৰলৈ একাত্ম হৈ পেইন্টিংখনকে চাই থাকিল। পত্নীগৰাকী অকলেই, আগবাঢ়ি গৈ গেলেৰীত থকা অন্যান্য ছবিবোৰ চোৱাত মনোযোগ দিলে।
কিছু সময় পিছত, পত্নীয়ে মন কৰিলে যে পতিজনে সেই পেইন্টিংখনকেই একান্তমনে চাই আছে । লাহেকৈ পিছফালৰ পৰা আহি পতিগৰাকীক কলে, "হেৰি, আপুনি আজি ঘৰলৈ যাব নে? নে ইয়াতেই ৰৈ থাকি, ধুমুহা আহি পাতবোৰ উৰুৱাই নিনিয়ালৈ, অপেক্ষা কৰিব ?"
qqqqqqqqqqqqqqqqqqqqqqqqqqqqq
সময়ৰ সতে দ্ৰুতগতিত হবলৈ ধৰা যুগৰ পৰিবৰ্তনৰ নমুনা এটা প্ৰত্যক্ষ কৰক :
❤ আজিৰ পৰা ৫ বছৰ আগতে মন্দিৰলৈ গলে চকুত পৰিছিল , " মন্দিৰ চৌহদত মোবাইল ফোনৰ ব্যৱহাৰ নিষিদ্ধ । "
❤ আজিৰ পৰা ৪ বছৰ আগতে মন্দিৰলৈ গলে চকুত পৰিছিল , " অনুগ্ৰহ কৰি মন্দিৰ চৌহদত মোবাইল ফোন চুইচ্ অফ কৰি ৰাখে যেন । "
❤ আজিৰ পৰা ৩ বছৰ আগতে মন্দিৰলৈ গলে চকুত পৰিছিল , " অনুগ্ৰহ কৰি মন্দিৰ চৌহদত মোবাইল ফোন 'চাইলেন্ট' কৰি ৰাখে যেন । "
❤ আৰু এতিয়া মন্দিৰলৈ গলে চকুত পৰে, "মন্দিৰৰ বিগ্ৰহৰ ফটো বা 'চেল্ফি' লোৱাৰ আগতে মন্দিৰৰ কাউন্টাৰত ৫০/-টকা জমা দিয়ক । "
@@@@@@@@@@@@@@@@@@@@@@@@@
Comments
Post a Comment