কৌতুক-2
কিছুমান পত্নী বা বিবাহিতা মহিলাৰ দৃষ্টিকোণৰ জৰিয়তে যদি কিছু কথা মন কৰে, তেনেহলে বহুতো নতুন তথ্য, আপোনাৰ সন্মুখলৈ আহিব।
কিছুমান (সকলো নহয়) পত্নী বা বিবাহিতা মহিলাৰ মতে,
❤ এই পৃথিৱীত আটাইতকৈ আদৰ্শবান, পৰিশ্ৰমী, আৰু নিখুঁত পুৰুষ হৈছে, তেখেতৰ নিজৰ পিতৃ। ❤ এই পৃথিৱীত আটাইতকৈ আদৰ্শৱতী আৰু নিখুঁত মহিলা হৈছে, তেখেতৰ নিজৰ মাতৃ।
❤ এই পৃথিৱীত আটাইতকৈ আদৰ্শবান আৰু নিখুঁত পতি হৈছে তেখেতৰ নিজৰ ভায়েক বা ককায়েক।
❤ এই পৃথিৱীত আটাইতকৈ সৌভাগ্যৱতী মহিলা হৈছে তেখেতৰ নিজৰ ভাই বোৱাৰী বা বৌয়েক । ❤ এই পৃথিৱীত আটাইতকৈ সৌভাগ্যশালী আৰু লগতে বুদ্ধিয়ক আৰু ৰসবোধসম্পন্ন পুৰুষ হৈছে, তেখেতৰ নিজৰ ভিনিহীয়েক বা ভনী জোঁৱাই জন।
❤ এই পৃথিৱীত আটাইতকৈ "হ্যন্ডচাম" ল'ৰা হৈছে তেখেতৰ নিজৰ পূত্ৰ।
❤ এই পৃথিৱীত আটাইতকৈ অবুজন মহিলা হৈছে তেখেতৰ শাহুৱেক।
❤ এই পৃথিৱীত আটাইতকৈ ভালদৰে সাজ-পোছাক পিন্ধিব নজনা মহিলা হৈছে, তেখেতৰ প্ৰতিবেশিনী।
❤ এই পৃথিৱীত আটাইতকৈ সুন্দৰী আৰু বুদ্ধিমতী মহিলা হৈছে, তেখেত নিজেই । আৰু
❤ এই পৃথিৱীত আটাইতকৈ মূৰ্খ, মিছলীয়া, কাণ্ডজ্ঞান হীন, ৰুচিবোধ হীন, জধলা, সময়ৰ জ্ঞান নথকা, অপদাৰ্থ, কৃপণ, সৌন্দৰ্য্যবোধ হীন, বেৰসিক আৰু নিষ্কৰ্মা ইত্যাদি হৈছে, তেখেতৰ নিজৰ ............। শেষৰ জন, আপোনালোকেই কওঁকচোন ।
Qqqqqqq
❤ এজনী সুন্দৰী পাঠী ছাগলীয়ে ভোবোলা পঠা ছাগলী এটাক কৈছে, " আই লাভ ইউ, ডাৰ্লিং " কথাষাৰ শুনি পঠা ছাগলীটোই, হুকহুকাই কান্দিব ধৰিলে। পঠাটোক কন্দা দেখি পাঠী টোই সুধিলে, "কি হ'ল জান ! তুমি "অলৰেডী" "এনগেইজ্ড" বুলি মই জনা নাছিলোঁ, চ'ৰি হাঁ ।
পঠা ছাগলী : মই এনগেইজ্ড নহয় সোণজনী, ইমানদিনে মই তোমাকেই লাইন মাৰি আছিলোঁ। তুমিহে কেতিয়াও বুজিবলৈ চেষ্টা নকৰিলা।
ছাগলী জনী: কি কলা ? তুমিওঁ সঁচাকৈয়ে মোক লাইন মাৰিছিলা ?
পঠা ছাগলী : "আই লাভ্ ইউ" এই তিনিটা শব্দ, তোমাৰ মুখৰ পৰা শুনিবলৈ, আজি কিমান দিনৰ পৰা, প্ৰতীক্ষা কৰি আছিলো। কিন্তু তুমি বহুত বিলম্ব কৰি দিলা, মোৰ সোণজনী ।
ছাগলী জনী : কিয়, কি দেৰী হল নো, তুমি কিয় তেনেকৈ কৈছা ?
পঠা ছাগলী : কাৰণ, কাইলৈ ঈদ্ , সোণজনী ।
Qqqqqqq
❤ অনুগ্ৰহ কৰি এই প্ৰশ্নটোৰ উত্তৰ দিয়ক :
যদিহে এগৰাকী মহিলাক সদায় শুদ্ধ বুলি ধৰা হয় অৰ্থাৎ কোনো ধৰণৰ ভুল নাই আৰু এগৰাকী পুৰুষ যিজনৰ সদায় ভুল থাকে অৰ্থাৎ শুদ্ধ নহয় । এই ক্ষেত্ৰত যদি কেতিয়াবা, পুৰুষজনে মহিলা গৰাকীক, শুদ্ধ বুলি স্বীকৃতি দিয়ে। তেতিয়াহলে, সেই সময়ত পুৰুষজনক শুদ্ধ বুলি গণ্য কৰা হব নে অশুদ্ধ বুলি গণ্য কৰা হব ?
Qqqqqq
❤ প্ৰত্যেকগৰাকী সফল পূৰুষৰ, সফলতাৰ আঁৰত, একোগৰাকী "চকু পকাই থকা", মহিলাৰ অৱদান থাকে।
Qqqq
এগৰাকী সুন্দৰী যুৱতী ডাক্তৰৰ ওচৰলৈ গৈছে।
যুৱতী : ডাক্তৰ বাবু, মোৰ বৰ বিষ হৈছে, জানে !
ডাক্তৰ : ক'ত বিষ হৈছে বাৰু আপোনাৰ ?
যুৱতী : মোৰ শৰীৰৰ সকলোতেই বিষ, ডাক্তৰ বাবু। প্লিজ মোক, সোনকালে ভাল কৰি দিয়কনা । ডাক্তৰ : সকলোতে বিষ ? মানে কি কব বিচাৰিছে ? অলপ খুলি কওঁকচোন । যুৱতী গৰাকীয়ে তৰ্জনী আঙুলিটোৰে, আঠুটো চুই চিঞৰি উঠি কৈছে, "উহ্ মা, এইয়া চাওঁক, ইয়াত বিষ ।" পিছত আঙুলিটোৰে গালখন চুই কৈছে, "আউচ্চ, ইয়াতো বিষ, কিযে কঁৰো।" আকৌ এবাৰ আঙুলিটোৰে কাণখন চুই কৈছে, "ইয়াতো বিষাইছে ডাক্তৰ বাবু। প্লিজ, আপুনি কিবা এটা সোনকালে কৰক না।" ডাক্তৰে তন্ন-তন্নকৈ পৰীক্ষা কৰি কৈছে, "চাওঁক চিন্তা কৰিবলগীয়া একো নাই, আচলতে, আপোনাৰ তৰ্জনী আঙুলিটোহে, ভাঙিছে।"
Qqqq
যোৱাকালি এগৰাকী পতিয়ে, ঘৰতেই বহি, ফাইলবোৰৰ মাজত, কিবা এটা বিচাৰ-খোচাৰ কৰি আছিল। হঠাৎ পত্নীৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰমাণ পত্রখন দেখি মূৰ্চ্ছা গ'ল। বিশ্বস্ত সূত্ৰৰ পম খেদি জানিব পৰা গৈছে, এতিয়ালৈকে অজ্ঞান হৈয়েই আছে । আচলতে প্ৰমাণ পত্ৰখনৰ শেষত প্ৰধান শিক্ষকে লিখা, এটা বাক্য পঢ়ি বেচেৰা পতিদেৱ মূৰ্চ্ছা গৈছিল, "মৃদুভাষী, ধীৰ-স্থিৰ আৰু শান্ত স্বভাৱৰ ছাত্ৰী।"
Qqqqq
এই পৃথিৱীত সকলোৱে সুখী হবলৈ বিচাৰে। সুখ আৰু শান্তিৰ সন্ধানত মানুহে কি কি নকৰে ?
❤ সুখৰ আকাংক্ষা কৰি বাসস্থান পৰিৱৰ্তন কৰে।
❤ কাপোৰ কানি, পোছাক-পৰিচ্ছদ, আদব-কায়দা পৰিৱৰ্তন কৰে।
❤ তেজৰ সম্বন্ধ পৰিৱৰ্তন কৰি পেলাবলৈ কুন্ঠাবোধ নকৰে।
❤ শৈশৱকালৰ বন্ধু-বান্ধৱ পৰিৱৰ্তন কৰে । তাৰ পিছতো মানুহৰ প্ৰকৃত পৰিৱৰ্তন নহয়, কাৰণ মানুহে নিজক কেতিয়াও পৰিৱৰ্তন কৰিব নিবিচাৰে । এই সন্দৰ্ভত, মিৰ্জা গালিবৰ, সঁচাকৈয়ে শলাগিবলগীয়া, এটা শ্বায়েৰীৰ পংক্তি আগবঢ়ালো । "উম্ৰ ভৰ গালিব, য়েহী ভুল কৰতা ৰহা, ধূল চেহৰে পে থী, আউৰ, আইনা চাফ কৰতা ৰহা ॥"
Qqqqq
উম্ৰ দৰাজ মাংগ কে, লায়ে থে চাৰ দিন॥ দো "ফেচবুক" পে কট্ গয়ে, দো "হোৱাটছ্ আপ্" মে॥
Qqqqqq
❤ শুভৰাত্ৰি বন্ধু-বান্ধৱী সকল: ত্ৰিছ বছৰ বয়স অতিক্ৰম কৰাৰ পিছত, মহিলাসকলে নিজৰ বয়স নিৰ্ধাৰণ কৰাৰ, এক সাংবিধানিক অধিকাৰ পোৱা উচিত ।
Qqqqq
সম্প্ৰতি বিবাহিত পুৰুষ আৰু মহিলাৰ ওপৰত চলোৱা, এক মনোবৈজ্ঞানিক সমীক্ষা অনুসৰি, বৰ আমোদজনক তথ্য সন্মুখলৈ আহিছে। এই সমীক্ষাত সহস্ৰাধিক, অংশগ্ৰহণকাৰী পুৰুষ আৰু মহিলাক, এশাৰী ইংৰাজী বাক্য নিজ নিজ মাতৃভাষালৈ অনুবাদ কৰিবলৈ দিয়া হৈছিল । ইংৰাজী বাক্যশাৰী আছিল, " I Love you too" অধিকাংশ বিবাহিত মহিলাই অনুবাদ কৰিছে, "মইও তোমাক ভাল, পাঁও" বুলি। আনহাতে ৯৯% বিবাহিত পুৰুষে অনুবাদ কৰিছে, "মই তোমাকো, ভাল পাঁও" বুলি। বি:দ্ৰ: আমাৰ নগেনে আকৌ, "মই দুজনীক ভাল পাওঁ" বুলি লিখি দিলে নহয় ।
Qqqq
"মৃত্যু" শব্দটো মিছাতে বদনামৰ ভাগী হয়, মানুহক আচল যন্ত্ৰণা প্ৰকৃততে জীৱনেহে দিয়ে। "পত্নী" শব্দটোক বহুতেই মিছাতে সন্দেহৰ চকুৰে চাই, বিপদৰ সময়ত অকল পত্নীয়েহে সহযোগ দিয়ে।
Qqqqq
সুপ্ৰভাত,
পুৰণি লেখা এটা আগবঢ়ালো: দুখীয়া খৰিকটীয়াৰ সাধু এটা সৰু থাকোতে পঢ়িছিলো, মনত আছে নিশ্চয় ! সেই সাধুটোৰ আধুনিক সংস্কৰণ মন কৰক। এদিনাখন ৰোমাণ্টিক খৰিকটীয়া এজনে হাবিত খৰি কাটিবলৈ গৈছিল। পুখুৰীৰ পাৰত হালি থকা গছ এযোপা দেখি, বাগী কুঠাৰ মাৰিব লওঁতেই, হঠাৎ তাৰ কুঠাৰ খন পুখুৰীত পৰি গল। খৰিকটীয়াজনে সাঁতুৰিব নাজানিছিল, আনহাতে পুখুৰীটোও বৰ দঁ আছিল। একো উপায় নেদেখি, কুঠাৰখন হেৰুউৱাৰ দুখতে, খৰিকটীয়াই পুখুৰীৰৰ পাৰত বহি কান্দিবলৈ ধৰিলে। তাৰ কান্দোন শুনি পুখুৰীটোৰ ভিতৰত থকা ধুনীয়া জলপৰী এগৰাকী ওলাই আহিল । হাতত এখন সোনৰ কুঠাৰ লৈ, সুধিলে, "এইখন তোমাৰ কুঠাৰ হয় নে, বৎস ?" খৰিকটীয়াই সেইখন তাৰ কুঠাৰ নহয় বুলি কলে । জলপৰী পুনৰ পুখুৰীৰৰ ভিতৰলৈ সোমাই গ'ল আৰু এইবাৰ এখন ৰূপৰে নিৰ্মিত কুঠাৰ আনি দেখুৱালে । খৰিকটীয়াই এইবাৰো সেইখন তাৰ নহয় বুলি কলে। এইবাৰ জলপৰীয়ে আচল কুঠাৰখন আনি দেখুৱাই সুধিলত, খৰিকটীয়াই সেইখন তাৰ কুঠাৰ হয় বুলি কলে। জলপৰীয়ে খৰিকটীয়াৰ সততাত মুগ্ধ হৈ, তিনিওখন কুঠাৰ তাক দি দিলে। খৰিকটীয়াই সোণ আৰু ৰূপৰ কুঠাৰ দুখন, বজাৰত বিক্ৰী কৰি বৰ ধনী হ'ল। ধুনীয়া ছোৱালী এজনী বিয়া কৰাই সুখেৰে থাকিব ললে। বিয়াৰ প্ৰায় দহ বছৰমান যোৱাত, এদিন খৰিকটীয়াই, কথাই কথাই পুখুৰী পাৰৰ ঘটনাটো পত্নীগৰাকীক কলে। কাহিনীটো শুনাৰ পিছত মানুহগৰাকীৰ ভীষণ কৌতুহল বাঢ়িল আৰু সেই পুখুৰীটো চাবলৈ আগ্ৰহী হ'ল। অৱশেষত অনিচ্ছাসত্বেও খৰিকটীয়াই মানুহজনীক পুখুৰীৰ পাৰলৈ নিলে। কিন্তু নিয়তিৰ কি নিষ্ঠুৰ পৰিহাস ! বুৰঞ্জীৰ পুনৰাবৃত্তি হ'ল । সেইদিনাখন খৰিকটীয়াৰ পত্নীগৰাকী সেই পুখুৰীটোত পৰি গ'ল। এইবাৰ খৰিকটীয়াই মৰমৰ পত্নীক হেৰুৱাই, পুনৰ হায়ৈ বিয়ৈ কৰি কান্দিবলৈ ধৰিলে। এইবাৰো জলপৰী ওলাই আহিল। লগত লৈ আহিল কেটৰীণা কেঈফ্ক । কেটৰীণাক দেখুৱাই জলপৰীয়ে খৰিকটীয়াক সুধিলে, "এইজনী তোমাৰ পত্নী হয়নে?" কিছুসময় চিন্তা কৰি খৰিকটীয়াই কলে, "হয় মাতাজী, এই গৰাকী মোৰেই পত্নী। জলপৰী : হাৰামজাদা, বদমাছ , তই দেখোন আগতে সৎ আছিলি ? কিন্তু আজি কেটৰীণাক দেখি, তোৰ অভিপ্ৰায় সলনি হৈ গ'ল। খৰিকটীয়া : নহয় মাতাজী, আপুনি খং নকৰিব, আগতে মোৰ কথাটো শুনি লওঁকচোন । মই যদি কেটৰীণা কেঈফ্ক মোৰ পত্নী নহয় বুলি কলো হয়, আপুনি কংগনা ৰাণাৱতক দেখুৱালেহেতেন। মই তেতিয়াও নহয় বুলি কোৱাৰ পিচত, আপুনি মোৰ আচল পত্নীক আনি দেখুৱালেহেতেন। আৰু আপুনি মই সঁচা কথা কোৱাৰ পুৰস্কাৰ স্বৰূপে, যোৱা বাৰৰ দৰে আপুনি, তিনিওজনীকে দি পঠালেহেঁতেন। এজনীক লৈয়েই মোৰ জীৱন দূৰ্বিসহ হৈ পৰিছে। তিনিজনী মই কেনেকৈ চম্ভালিম ? গতিকে কেটৰীণাক লৈ মোক, মোৰ গৃহলৈ প্ৰত্যাৱৰ্তনৰ অনুমতি দিয়ক, মাতাজী ।
Qqqq
❤ শুভ-সন্ধিয়া,
নগেন ডাক্তৰৰ ওচৰলৈ বেমাৰ দেখুৱাবলৈ গৈছে। ভালদৰে চাই মেলি ডাক্তৰে কলে, "এটা কাম কৰক, আজি মই আপোনাক একো দৰব নিদিওঁ । আপোনাৰ পেচাব পৰীক্ষা কৰি লৈহে দৰব দিম।"
নগেন : মই এতিয়া কি কৰিব লাগিব ?
ডাক্তৰ : এতিয়া আপুনি একো কৰিব নালাগে। কাইলৈ ৰাতিপুৱা আপোনাৰ পেচাব লৈ আহিব।
নগেন : মোৰ পেচাব কলৈ আনিব লাগিব, চাৰ ?
ডাক্তৰ : মোৰ ইয়ালৈ আনিব আকৌ। পৰীক্ষা কৰি উঠাৰ পিছত ৰিপোৰ্ট দিম।
নগেন : মোৰ পেচাব কোনে পৰীক্ষা কৰিব, চাৰ ?
ডাক্তৰ : ময়েই পৰীক্ষা কৰিম। মোৰ পিছফালে লেব'ৰেটৰী এটাও আছে। আপুনি কিবা এটা খোৱাৰ আগতেই পেচাবটো সংগ্ৰহ কৰিব । ৰাতিপুৱা যিমান পাৰে সোনকালে দি যাব।
নগেন : ঠিক আছে, চাৰ। মই ৰাতিপুৱা আঠ বজাতেই লৈ আনিম। পিছদিনাখন ৰাতিপুৱা নগেনে, ডাঙৰ বটল এটাৰ ভিতৰত পেচাব আৰু পলিথিনৰ প্যাকেট এটাৰ ভিতৰত কিবা ভৰাই লৈ আনিছে। ডাক্তৰ অহাৰ পিছত বটলটো আৰু পলিথিনৰ প্যাকেটটো, সন্মুখলৈ আগবঢ়াই দিলে।
ডাক্তৰ : "প্ৰেচক্ৰিপচন" খনৰ সতে, পেচাবৰ বটলটো, সৌ টেবুলখনৰ ওপৰত থৈ দিয়ক। আৰু, এই প্যাকেটটো মোক কেলেই দিছে ? প্যাকেটটোৰ ভিতৰত কি আছেনো ?
নগেন: চাৰ, "আংকল চিপ্ছ" ৰ প্যাকেট এটা আপোনালৈ আনিছো। মই ভাবিলো, ৰাতিপুৱা বাহী মুখে, বৰ কিবাকিবি লাগিব। লগত কিবা এটা থাকিলে, পৰীক্ষা কৰি অকণমান হলেওঁ, জুতি পাব বুলিয়েই লৈ আনিছিলোঁ চাৰ।
Qqqqq
❤ সময়ৰ পৰিৱৰ্তনৰ লগে লগে, কিছুমান চখৰ অৱসান ঘটে। ডিজিটেল কেমেৰা আৰু মোবাইলৰ সতে কেমেৰা উপলব্ধ হোৱাৰে পৰা, দেৱালত, "এলবাম" ত ফটো সজাই ৰখাৰ বহুদিনীয়া চখত, নিশ্চয় এক যতি চিহ্ন পৰিছে । আজিৰ পৰা কিছুবছৰ আগলৈকে, বিয়াৰ পিছত পতি-পত্নীয়ে যুগ্ম জীৱনৰ আৰম্ভণিতে, "ফটো স্টুডিঅ" লৈ গৈ এখন ছবি তোলাটো, অলিখিত আৰু অপৰিহাৰ্য্য এক পৰম্পৰা স্বৰূপ আছিল। ইজনে-সিজনৰ মূৰত মূৰ লগাই, মিচিকিয়া হাঁহিৰে, এক জনপ্ৰিয় "প'জ" ৰ এই "ব্লেক-এন্ড হোৱাইট" ফটোখন, ড্ৰইংৰূমৰ দেৱাল বা "এলবাম" ৰ সৌন্দৰ্য্য বৃদ্ধিৰ, এক অভিন্ন সংগী আছিল। অৱশ্যে এই জনপ্ৰিয় প'জ সম্পৰ্কে কিছু মতানৈক্যও নথকা নহয়। কিছুমান চকুচৰহাৰ মতে এই প'জটো পৰৱৰ্তী বিবাহিত জীৱনত হবলগীয়া ম'হ যুঁজৰ আগজাননী হেনো। যি নহওঁক বাৰু, এইখন ফটোৰ আৰু এটা বিশেষত্ব হৈছে, আপুনি ফটোখন চাই কব পাৰিব সেইখন কোন চনৰ ফটো। দুয়োগৰাকীৰ চুলিৰ স্টাইল, মহিলাগৰাকীৰ মেইক-আপ আৰু শাৰী/ মেখেলা, ব্লাউজ আদিৰ ফেশ্বনৰ লগতে পুৰুষজনৰ শ্বাৰ্টৰ ক'লাৰ আদি চাই, আপুনি বিনাদ্বিধাই কৈ দিবলৈ সক্ষম হব, কোনখন বোলছবি আৰু নায়ক-নায়িকাৰ নাম। বিশেষকৈ পুৰুষজনৰ চলিৰ কাটটো বেছিভাগ অমিতাভৰ দৰেই পাব। এবাৰ পুৰণি এলবামত, তেনেকুৱা এখন যুগ্ম জীৱনৰ ফটো, হঠাতে দেখি, আঠ বছৰীয়া পূতেকে শুধিলে, "মা, এই ফটোখনত তোমাৰ সতে এইজন কোন ?" মাক : ধেৎ অকৰাটো ! এইজন তোমাৰ দেউতা, আকৌ ! পূতেক : কি ক'লা !!! এইজন মোৰ দেউতা ? তেতিয়াহলে আমাৰ ঘৰত থকা, এই তপা আৰু বুঢ়া মানুহজন কোন ?
Qqqqq
❤ মই যোৱাকালিৰ পৰা, সেই মানুহ গৰাকীক বিচাৰি ফুৰিছো, NRC ফৰ্ম ফিল-আপ কৰোঁতে, যি মানুহগৰাকীয়ে ধৰ্ম্ম শিতানৰ বিপৰীতে হিন্দু , ইছলাম, বৌদ্ধ বা শিখ বুলি নিলিখি, অকল ফেচবুকবাদ ( Facebookism) বুলিহে লিখিলে।
Qqqqqq
সম্প্ৰতি চহৰত এখন চেলুন বৰ জনপ্ৰিয় হৈ পৰিছে। এই চেলুন খনত, এক বিশেষ শ্ৰেণীৰ গ্ৰাহকৰ দাঢ়ি, এক অভিনৱ কৌশল অৱলম্বন কৰি কটা হয়। ভূক্তভোগীসকলৰ বুজাত অসুবিধা নহব নিশ্চয় যে, দাঢ়ি কাটোতে, দাঁত নথকা বুঢ়া মানুহবোৰে সদায় এক সমস্যাৰ সন্মুখীন হবলগীয়া হয়। গালখন বাহিৰলৈ উলিয়াবৰ নিমিত্তে, কৃত্ৰিম ভাবে মুখখন ফুলাই ৰাখিবলগীয়া হয়। এই একেটা সমস্যাৰ মুখামুখি, দুগাল সোমোৱা আৰু হনু ওলোৱা ডেকা, আদহীয়া সকলেও হবলগীয়া হয়। উক্ত চেলুন খনত, এই সমস্যাটোৰ এক আচহুৱা সমিধান আৱিষ্কাৰ কৰা হৈছে। দাঢ়ি কটাবলৈ অহা মানুহবোৰক দুটা প্লাষ্টিকৰ সৰু বল, মুখৰ ভিতৰত ভৰাই, দুয়োখন গাল ফুলাই ৰাখিবলৈ দিয়া হয়। সুকলমে দাঢ়ি কটা হৈ যোৱাৰ পিছত, বলদুটা উলিয়াই ধুই মেলি, পৰৱৰ্তী গ্ৰাহকৰ বাবে সাজু কৰি ৰখা হয়। কেনেবাকৈ খবৰ পাই, এই চেলুনখনৈ, দুয়োখন গাল সোমাই, লগ লগাৰ উপক্ৰম হোৱা, নগেন আহি ওলাল। একেটা কৌশলেৰে, দাঢ়ি কাটি মেলি উঠাৰ পিছত, নগেনৰ মনলৈ এটা প্ৰশ্ন আহিলত সুধিলে, "হেৰা, কেতিয়াবা বল এটা বা দুটা কোনোবা গ্ৰাহকে গিলি পেলাইছে নে ?" চেলুনৰ মালিক : দাদা , এনেকুৱা প্ৰায়েই হয়। কিন্তু সৌভাগ্যক্ৰমে মোৰ গ্ৰাহকসকল অতি ভদ্ৰ । তেওঁলোকে পিছদিনাখন আকৌ নিজেই আহি বলবোৰ ঘুৰাই, দি থৈ যায়হি। নহলেতো মই বল কিনিয়েই দেউলীয়া হবলগা হ'লহেঁতেন ।
Qqqqq
❤ এখন বিদ্যালয়ৰ সমাজ অধ্যয়নৰ বিষয় শিক্ষকজনে, প্ৰায়েই দেশ বিদেশৰ কথা কৈ, ছাত্ৰ-ছাত্ৰীসকলক আপ্লুত কৰি ৰাখে। এদিন শিক্ষকজনে কথাই কথাই কলে যে, পৃথিৱীত এনে এখন উষ্ণ স্থান আছে য'ত সেই ঠাইৰ অধিবাসী সকলে, গৰমৰ প্ৰকোপত বছৰৰ বেছিভাগ সময়েই কানি-কাপোৰ একো নিপিন্ধাকৈ থাকিবলগীয়া হয়। কথাটো শুনি জ্ঞান পিপাসু ছাত্ৰ নগেনৰ মনলৈ প্ৰশ্ন এটা আহিল । নগেনে সমাজ অধ্যয়নৰ বিষয় শিক্ষকজনক প্ৰশ্নটো কৰিছে, এইদৰে : "চাৰ, আপুনি কোৱাৰ দৰে যদি সঁচাকৈয়ে সেই অঞ্চলৰ মানুহবোৰে কানি-কাপোৰ একো নিপিন্ধে, তেনেহলে তাৰ মানুহবোৰে কোন পুৰুষ, কোন মহিলা, কেনেকৈ চিন ধৰিব পাৰে বা কেনেকৈ বুজি পায় ? মোক এই কথাটো অকণমান বুজাই দিয়ক !"
Qqqqqqq
❤ এখন বিদ্যালয়ৰ বুৰঞ্জীৰ বিষয় শিক্ষকজন দীঘলীয়া ছুটিত আছিল । ছমহীয়া পৰীক্ষাৰ বাবে বুৰঞ্জীৰ প্ৰশ্নকাকতখন সাজু কৰাৰ দায়িত্ব, এজন জীৱ বিজ্ঞানৰ শিক্ষকক দিয়া হ'ল। বিজ্ঞানৰ শিক্ষকজনে প্ৰথম প্ৰশ্নটো কৰিছে, এইদৰে : Q.1 ছাহজাহানৰ পত্নী মমতাজৰ এখন চিত্ৰ আঁকা । বিভিন্ন অংগ-প্ৰত্যংগ সমূহ চিহ্নিত কৰা । নম্বৰ - 10
Qqqq
❤ পুৰণি লেখা এটা অলপ সংকলন কৰি, মোৰ নতুন বন্ধু-বান্ধৱী সকললৈ বুলি আগবঢ়ালো । এবাৰ নগেন আৰু বন্ধু বীৰেণ ফুৰিবলৈ যাওঁতে, বীৰেণ হঠাৎ পিছলি পৰি বৰ বেয়াকৈ জখমী হ'ল। বীৰেন ইমানেই আঘাতপ্ৰাপ্ত হ'ল যে, সি একপ্ৰকাৰ মূমূৰ্ষ হৈ লৰচৰ কৰিব নোৱাৰা হ'ল। নগেনে লগে লগে ১০৮ এম্বুলেন্সৰ বাবে ফোন লগালে।
নগেন : হেল' ১০৮ এম্বুলেন্স হয় নে ? ড্ৰাইভাৰ : হয়, আপোনাক কিদৰে সহায় কৰিব পাৰো কওঁকচোন ।
নগেন: হেল' মই নগেনে কৈছো । ড্ৰাইভাৰ : কওঁকচোন।
নগেন: মানে মোৰ বন্ধু বীৰেনৰ এক্সিডেন্ট হ'ল, সোনকালে এম্বুলেন্স খন লৈ আহকচোন । ড্ৰাইভাৰ : এটা কাম কৰক আপুনি এই মূহুৰ্তত থকা ঠাই ডোখৰৰ নাম অৰ্থাত "এড্ৰেছ" টো কওঁক।
নগেন: মূৰ্কুকচেলেং।
ড্ৰাইভাৰ : স্পেলিং মানে বানানটো কওঁকচোন। সিফালে নগেনৰ একো মাতবোল নাই। ড্ৰাইভাৰজনে সুধি আছে, "শুনিছেনে হেল'। শুনিছেনে হেল' ।" নগেনৰ ফালৰ পৰা একো কোৱা শুনা নগ'ল। ড্ৰাইভাৰ : স্পেলিংটো কওঁক । হেল্লো উ দাদা ....। নগেনৰ একো মাতবোলেই নাই।
ড্ৰাইভাৰ : দাদা, আপুনি লাইনত আছেনে? অকণমান সময় পিছত নগেনে হেফাই-ফেফাই কৈছে, "আছো, আছো ৰব, আচলতে কি হ'ল জানে, মই মানে মূৰ্কুকচেলেংৰ বানান নাজানো। সেই কাৰনে মোৰ বন্ধুজনক চোঁচৰাই চোঁচৰাই আনি হাইওয়ে পালেহি। এতিয়া স্পেলিং লিখক: হ ত আকাৰে হা, হস্ৰ ই, হাই । ও অন্তস্থ য় ত একাৰ, ওয়ে, হাই ওয়ে। লিখি ললে নে ?
Qqqq
❤ ❤ সত্য বচন ❤ ❤
❤ শিল শক্তিশালী , কিন্তু লোহাৰ দ্বাৰা ভাঙিব পাৰি ।
❤ লোহা শক্তিশালী , কিন্তু জুইয়ে তাকো গলাব পাৰে !
❤ জুই শক্তিশালী, কিন্তু পানীৰে তাক নুমাব পাৰি !
❤ পানী শক্তিশালী, কিন্তু মেঘে তাক উৰুৱাই নিব পাৰে !
❤ মেঘ শক্তিশালী, কিন্তু বতাহে তাক, যেনি-তেনি বহন কৰিব পাৰে !
❤ বতাহ শক্তিশালী , কিন্তু মানুহে তাকো সহন কৰিব পাৰে !
❤ মানুহ শক্তিশালী , কিন্তু ভয়ে মানুহকো দুর্বল কৰি তোলে !
❤ ভয় শক্তিশালী, কিন্তু সুৰাপান কৰিলে ভয়কো জয় কৰিব পাৰি !
❤ সুৰা শক্তিশালী, কিন্তু টোপনিয়ে তাকো কেৰেপ নকৰে !
❤ টোপনি শক্তিশালী, কিন্তু মৃত্যু টোপনিতকৈ, অধিকতৰ শক্তিমান!
❤ মৃত্যু অধিকতৰ শক্তিমান, কিন্তু ঈশ্বৰৰ ইচ্ছাৰ ফলতহে হয়। গতিকে ঈশ্বৰ সবাতোকৈ সর্বশক্তিমান। ঈশ্বৰক ভয় নকৰি ভালহে পাব লাগে।
Qqqqq
❤ শুভৰাত্ৰি বন্ধু-বান্ধৱী সকল:
এজন ব্যক্তিৰ আবেলি সময়ত খুব বেছি গা বেয়া লগাত, অফিচৰ পৰা বাহিৰে বাহিৰে ডাক্তৰৰ চেম্বাৰলৈ গ'ল । ডাক্তৰে চেক-আপ কৰি কলে, "চাওঁক আপোনাক দৰব দি একো লাভ নাই। আপোনাৰ হাতত মাথোঁ ১২ ঘন্টা সময় আছে আৰু তাৰ পিছতেই আপোনাৰ মৃত্যু হব।" মানুহজন দুখীমনেৰে, ঘৰলৈ আহি পত্নীক কথাটো জনাই কলে, "চোৱা, মৰিব যিহেতু লাগিবই, গতিকে এই সময়কণ মই সম্পূৰ্ণ উপভোগ কৰিহে, মৰিবলৈ বিচাৰো । আজি তুমি আৰু মই, আমাৰ বিগত, বিবাহিত জীৱনৰ সৰু-সুৰা স্মৃতি সমূহ ৰোমন্থণ কৰিম। ওৰে নিশা উজাগৰে থাকি কটাই দিম।" ভালদৰে খাই বৈ প্ৰেম আলাপত, মচগুল হব নাপাওতেই মানুহজনীয়ে টোপনিয়াব ললে। পতিয়ে পত্নীক জগাই কলে, "হেৰা, তুমিচোন শুই গ'লা ?" পত্নী : আপোনাৰ নো আৰু কি ? আপোনাৰ তো ৰাতিপুৱা শুই উঠিবলগীয়া নাই ! কিন্তু মইতো সোনকালে শুই উঠিবই লাগিব।
Qqqqqq
জনপ্ৰিয় টিভি শ্ব' "কৌন বনেগা কড়োৰপতি" ৰ কথা আপোনালোকৰ নিশ্চয় মনত আছে । এই শ্ব'ৰ নিয়মাৱলী সমূহ মনত আছে নে ? কেইবছৰমান আগত আমাৰ মৰমৰ নগেনেও, এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল । চা-চিনাকী পৰ্ব শেষ হোৱাৰ পিছত, অমিতাভে টিভিৰ দৰ্শকক চিনাকী কৰি দি কলে, "এইয়া "হট চিট" ত বহি আছে, সুদূৰ অসমৰ পৰা অহা শ্ৰী নগেন চন্দ্ৰ হাতীবৰুৱা।" ১০০০ টকাৰ বাবে অমিতাভে নগেনক প্ৰথম প্রশ্ন কৰিলে, আপোনাৰ দেউতাৰ নাম কি কওঁক ? "অপশ্বন্" বোৰ কম্পিউটাৰ স্ক্ৰীণত ওলাইছে,
A. আমীৰ খান
B. অক্ষয় কুমাৰ
C. ভোকেন্দ্ৰ হাতীবৰুৱা
D. নানা পাটেকৰ
নগেনে বহুসময় চিন্তা কৰি কলে, "মই লাইফ লাইন লব বিচাৰিছো । ৫০-৫০।" দুটো "অপশ্বন্" নোহোৱা হৈ মাত্ৰ দুটা থাকিল।
B. অক্ষয় কুমাৰ
C. ভোকেন্দ্ৰ হাতীবৰুৱা
নগেন তাৰপিছতো নিশ্চিত হব পৰা নাই আৰু কলে, "মই দর্শকসকলৰ সাহায্য গ্ৰহন কৰিব বিচাৰো।" দর্শকৰ দ্বাৰা ভোটিংৰ ৰিজাল্টঃ
B. অক্ষয় কুমাৰ (২০% )
C. ভোকেন্দ্ৰ হাতীবৰুৱা (৮০% )
নগেন তেতিয়াও নিশ্চিত হব পৰা নাই । নগেনে কলে, "মই মোৰ শেষ "অপশ্বন্" "ফোন অফ ফ্রেন্ড" ব্যাবহাৰ কৰিব বিচাৰো।"
অমিতাভ: আপুনি কাক ফোন কৰিব বিচাৰে বাৰু ? . . . . . . . .
নগেন : মই মোৰ দেউতা শ্ৰী যুত ভোকেন্দ্ৰ হাতীবৰুৱাক ফোন কৰিব বিচাৰো।
অমিতাভ অজ্ঞান হৈ মজিয়াত পৰি গ'ল !
Qqqq
কণমানি ছয়-সাত বছৰীয়া ছোৱালী মাজনীয়ে দেউতাকক সুধিছে, "দেউতা, মায়ে মোক মৰম কৰে নে?"
দেউতা : নিশ্চয় কৰে মাজনী, মায়ে তোমাক খুৱাই, গা ধুৱাই সাধুকথা কয়।
মাজনী : আইতাই মৰম কৰে নে ?
দেউতা : কৰে মাজনী, আইতায়ো তোমাক খুৱাই, গা ধুৱাই আৰু সাধু কয়।
মাজনী : ককাই মোক মৰম কৰে নে ?
দেউতা : নিশ্চয়, ককাই তোমাক ফুৰাবলৈ নিয়ে । সাধু কয়।
মাজনী : খুড়াই মৰম কৰেনে নকৰে ?
দেউতা : খুড়াইও মৰম কৰে । খুড়াই তোমালৈ ধুনীয়া ধুনীয়া গিফ্ট আনে।
মাজনী : পেহীয়ে মৰম কৰে নে ?
দেউতা : নিশ্চয় কৰে মাজনী, পেহীয়ে তোমাক খুব ভাল পায়। দেখা নাই, সময় পালেই তোমাক চাবলৈ গুচি আহে।
মাজনী : চামেলিয়ে মোক মৰম কৰে নে ?
দেউতা : নিশ্চয় কৰে মাজনী, চামেলিয়ে গা ধুৱাই দিয়ে । তোমাৰ কাপোৰ-কানি ধুই দিয়ে। বিচনা পাতি দিয়ে।
এইসকলোবোৰ শুনাৰ পিছত মাজনীয়ে সন্তুষ্ট হৈ কলে, "তেতিয়াহলে মায়ে ঠিকেই কৈছে !" দেউতা : মায়ে কিনো কলে মা ? মাজনী : মায়ে কৈছে এইখন ঘৰত তুমিহে হেনো, কোনো কামৰ নহয় ।
Qqqq
❤ বিয়া পাতি, ন-ছোৱালীৰ সতে নগেন নিগাজীকৈ চহৰত থাকে।
প্ৰায় এবছৰমান পিছত এদিন হঠাৎ নিশা, ঘৰলৈ ফোন কৰি মাকক কৈছে, "মা, মা সুখবৰ এটা আছে।" মাকে আনন্দত অধীৰ হৈ সুধিলে, "কৈ যা, কৈ যা, সোনকালে কৈ পেলা।"
নগেন : মা, এতিয়াৰ পৰা আমি দুজনৰ পৰা তিনিজন হলো।
মাক : কি কলি ? এই হেন সুখবৰটো, তই মোক আগতেই নিদিলি কেলেই ? মই গুচি আহিলো হয়। বাৰু যিনওঁক, কচোন ল'ৰা নে ছোৱালী ?
নগেন : মা, সেইবোৰ একো নাই হোৱা, আপোনাৰ বোৱাৰীয়ে বেলেগ এজনৰ সতে বিয়া পাতিলে ।
Qqqqq
❤ পতি-পত্নীৰ মাজত কথা বতৰা চলিছে ।
পত্নী : হেৰি শুনকচোন, আপোনাৰ বন্ধুয়ে, যিজনী ছোৱালীক বিয়া কৰাম বুলি থিৰাং কৰিছে, সেইজনী বৰ ভাল নহয় বুলি শুনিছো ।
পতি : বিয়া, সি হে কৰাব, এই বিষয়ে আমি ভাবি, কিবা লাভ হব জানোঁ ?
পত্নী : তথাপি, সকলোখিনি জনাৰ পিছতো, আপোনাৰ বন্ধুই এজনী বেয়া ছোৱালী বিয়া কৰাই আনিব ! আপুনি আপোনাৰ বন্ধুক, কথাটো কৈ, মানা কৰি নিদিয়ে কেলেই ?
পতি : মই কেলেই তাক মানা কৰিবলৈ যাম ! মই যেতিয়া বিয়া পাতিছিলোঁ, সি মোকো মানা কৰিব পাৰিলেহেঁতেন। সি তেতিয়া মোক মানা কৰিছিল জানোঁ ?
Qqqqq
❤ মানুহৰ এটা বিশেষ স্বভাৱসূলভ ৰুচি আছে। গৰিষ্ঠ সংখ্যক লোকে, নিজৰ জীৱনতকৈ অইন মানুহৰ জীৱনত, কি ঘটি আছে সেই বিষয়েহে বেছি কৌতুহলী। ফেচবুকৰ ব্যপক জনপ্ৰিয়তা আৰু সফলতাই এই কথাষাৰ সত্য বুলি ইতিমধ্যে প্ৰমাণ কৰিছে ।
Qqqqq
ল'ৰা এটাই ছোৱালী এজনীক সুধিছে, "তোমালোক ছোৱালীবোৰ ইমান কিয় ধুনীয়া ?" ছোৱালী : ঈশ্বৰে আমাক নিজৰ হাতেৰে তৈয়াৰ কৰিছে, সেইকাৰণে। ল'ৰা : ওহ্ ৰিয়েলী ! (মনৰ ভিতৰত কৈছে) এনেকৈহে ভাৱ খাইছে, ল'ৰাবোৰক যেন ইন্টাৰনেটৰ পৰাহে ডাউনলোড কৰা হৈছিল।
Qqqq
"সময়" বা "কাল" বৰ চতুৰ ব্যৱসায়ী।
❤ যৌৱনৰ লালসা দেখুৱাই, মানুহৰ পৰা মধুৰ শৈশৱ কাঢ়ি নিয়ে। আৰু
❤ ঐশ্বৰ্য-বৈভৱৰ সপোন দেখুৱাই, মানুহৰ জীৱনৰ পৰা যৌৱন কাঢ়ি লৈ যায়।
Qqqqq
সুপ্ৰভাত,
আমাৰ জীৱনত আমি প্ৰায়েই, ইজনে-সিজনৰ কথাবোৰৰ ভাবাৰ্থ, ভালদৰে হৃদয়ংগম কৰিব নজনাৰ ফলত ভুল বুজাবুজিৰ সৃষ্টি হয়। মুখৰ ভাষা আৰু মনৰ ভাৱ দুয়োটাকে সমানে বুজিবলৈ চেষ্টা কৰা উচিত। শ্ৰীৰামচন্দ্ৰই বালীক মাৰি সুগ্ৰীবক ৰজা পাতিছিল । এদিন সুগ্ৰীবৰ কিবা কথা এটাত ভুল বুজি, লক্ষণৰ খং উঠিছিল । আচলতে সুগ্ৰীবে কিবা এটা কব যাওঁতে বেলেগ কিবা এটা কৈ পেলাইছিল । এই কথাত খং উঠি লক্ষণে মাৰিবলৈ খেদি যাওঁতে সুগ্ৰীবে লক্ষণক কৈছিল, "হে প্ৰভূ, আপোনাৰ মনুষ্যযোনীত জন্ম হৈছে আৰু মোৰ জন্ম পশু যোনীত, গতিকে আপুনি মোতকৈ শ্ৰেষ্ঠ। সেয়েহে আপুনি মোৰ ভাষাতকৈ, মোৰ ভাবৰ ওপৰতহে গুৰুত্ব দিব লাগিছিল । মোৰ ভাষা শুদ্ধ নহবও পাৰে, মোৰ মনৰ ভাব বুজিবলৈ চেষ্টা কৰাটো, আপোনাৰ উচিত আছিল, কাৰণ আপুনি মনুষ্য, আপুনি জীৱ শ্ৰেষ্ঠ।"
Qqqqq
আমি যেতিয়া সৰু আছিলোঁ ছপা আখৰৰ প্ৰতিটো কথা সঁচা বুলি ভাবিছিলো । বিশেষকৈ বাতৰি কাকতত ছপা হোৱা যিকোনো বাতৰিৰ বিশ্বসনীয়তাৰ ওপৰত কোনো প্ৰশ্ন মনলৈ নাহিছিল। কিন্তু সময়ৰ সতে সংবাদ মাধ্যমত কিছুমান দায়িত্বহীন মানুহৰ আগমণে, এই পৱিত্ৰ জগতখন কলূষিত কৰিছে। সংবাদ মাধ্যমৰ উপৰিও এতিয়া সকলো ক্ষেত্ৰত বিশ্বাসযোগ্যতা হেৰাই যোৱাৰ উপক্ৰম । নিজ স্বাৰ্থ সিদ্ধি কৰিবলৈ বাতৰিৰ উপৰিও ফটো আদি অত্যাধুনিক কাৰিকৰী আহিলাৰ জৰিয়তে সলনি (মৰ্ফ) কৰি ফেচবুক, হোৱাটছ আপ্ আদি চ'চিয়েল মিডিয়াত সুপৰিকল্পিত ভাবে প্ৰচাৰ কৰি সাম্প্ৰদায়িক সংঘৰ্ষ ঘটাবলৈ দেখা যায়। আপোনালোকে বিশ্বাস নকৰিব, এবছৰমান আগৰ কথা, "অল জজীৰা" বুলি টিভি চ্যানেল এটাই "শ্বোলে" চিনেমাৰ শেষ দৃশ্য (যত অমিতাভ, ধৰ্মেন্দ্ৰৰ কোলাত মুৰ থৈ মৃত্যুমুখত পৰে) দেখুৱাই কৈছে, " হিন্দুস্থান মেই মুছলমান ভাইয়ো কো ইছি তৰহ্ মৌত কে ঘাট উতৰ দিয়া যা ৰহা হ্যাই।" পাকিস্থানৰ জনতাক উত্তেজিত কৰিবলৈ, এই বাতৰিটো বাৰে বাৰে দেখুৱাই থকা মই নিজেই দেখিছো । একেইধৰণৰ এক অশুভ "প্ৰপাগান্ডা" অসমৰ সংবাদ মাধ্যম ( প্ৰিন্ট আৰু ইলেক্ট্ৰ'নিক্ছ দুয়োটা ) আৰু চ'চিয়েল মিডিয়া (ফেচবুকত) ব্যপকভাবে সৰ্বত্ৰ চলিব ধৰা পৰিলক্ষিত হৈছে। একালত কোৱা হৈছিল যে নিজ কাণেৰে নুশুনা আৰু নিজ চকুৰে নেদেখা পৰ্যন্ত কোনো কথা বিশ্বাস কৰিব নাপায়। কিন্তু এতিয়া এনে এটা অৱস্থা আহি পৰিছে যে নিজ কাণেৰে শুনা আৰু নিজ চকুৰে দেখা কথাওঁ সচাঁ নহব পাৰে। আফগানিস্থান, পাকিস্তান আৰু বাংলাদেশৰ মানুহবোৰ আজীৱন ভাৰতীয় আছিল। কালৰ পাকচক্ৰ আৰু বৃটিছৰ "ডিভাইদ এন্ড ৰূল" পলিচীৰ বলি হৈ বিদেশী আখ্যা পাইছিল। আজি ইউৰোপীয়ান সকলে যদি চিৰিয়াৰ পৰা যোৱা শৰণাৰ্থী সকলক আকোঁৱালি লব পাৰিছে। ভাৰতীয় সকলে কূটিল ৰাজনীতিৰ বলি হোৱা, নিজৰ মানুহখিনিক কিয় আকোঁৱালি নলব? এই দায়িত্ব সমগ্র ভাৰতবৰ্ষৰ, অকল অসমৰ নিশ্চয় নহয় । ইতিমধ্যে, আফগানিস্থান, পাকিস্তান আৰু বাংলাদেশৰ শৰণাৰ্থী সকলক ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত (মধ্যপ্ৰদেশ আৰু আন্দামান নিকোবৰৰ কিছু অঞ্চলত ) সংস্থাপন দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। প্ৰথমতে ৫বছৰৰ বাবে ভিছা প্ৰদান কৰা হব আৰু পিছত নাগৰিকত্বৰ আবেদন কৰিব পাৰিব । এই অতিৰিক্ত বোজা অকল অসমে গ্ৰহণ কৰিব নালাগে। এই শৰণাৰ্থী সকলক ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত সংস্থাপন কৰাৰ বিষয়ে অধিসূচনাৰ ঘোষণা হোৱাৰ লগে লগে অসমত কিছুমান প্ৰতিক্ৰিয়াশীল চক্ৰই পৰিস্থিতি বেয়াৰ ফালে ঢাল খুৱাবলৈ উঠি পৰি লাগিছে। দুদিনমান আগত বিজনী আৰু হাউলী অঞ্চলত কেইটামান পিলিঙা লৰাৰ মূৰ্দাবাদৰ বাতৰিত ফটো আৰু বিপ্লৱ দে বোলা এটাৰ আপডেটৰ স্কীণ-শ্বট ব্যপকভাবে ফেচবুকত চাৰ্কুলেট হৈ থকাটো, এক এইধৰণৰ প্ৰপাগান্ডাৰ অংশ নহয়তো ? কোনোবাই কাৰোবাৰ নামত ফেচবুকত একাউন্ট এটা খুলি, যি তি কৰি থকা আমি প্ৰায়েই দেখি থাকো আৰু ফেচবুকৰ সদস্যবৃন্দৰ বাবে নতুন কথা নহয় নিশ্চয়। এই কথাবোৰ বিশ্বাস কৰাৰ আগতে এবিধ চিন্তা কৰক।
❤ উদ্দেশ্যপ্ৰনোদিত ভাৱে সমাজৰ সদ্ভাৱ বিনষ্ট কৰিবলৈ কোনো দুষ্ট চক্ৰই, এইবোৰ কৰি থকা নাইতো ? দুবছৰমান আগতে বড়োলেণ্ড অঞ্চলত হোৱা সংঘৰ্ষৰ সময়তো এই প্ৰতিক্ৰিয়াশীল চক্ৰই চ'চিয়েল মিডিয়াক হাথিয়াৰ হিচাবে লৈ পুৰণি "মৰ্ফ" কৰা দূৰ্ঘটনাগ্ৰস্ত হৈ মৃত্যু হোৱা মানুহৰ ফটো আপলোড কৰি সংঘৰ্ষত মৃত্যু হোৱা বুলি প্ৰচাৰ চলাই পৰিস্থিতি সংকটময় কৰি তুলিছিল। সেইসময়ত অসমৰ বাহিৰত (বেংগালোৰ, হায়দাৰাবাদ, দিল্লী আদি ঠাইৰ) থকা অসমীয়া ছাত্ৰ-ছাত্ৰীসকল হিংসাৰ বলি হৈ জাকে জাকে অসমলৈ উভতি আহিবলগীয়া হোৱা ঘটনাৰ কথা মনত পেলাওঁক। আমাৰ বিনম্ৰ অনুৰোধ এইয়ে যে সকলো কথা চালিজাৰি চাব আৰু কথা এষাৰ আকৌ এবাৰ কৈছো, "নিজ কাণেৰে শুনা আৰু নিজ চকুৰে দেখা কথাওঁ সচাঁ নহব পাৰে। " সাম্প্ৰদায়িক সদ্ভাৱ বজাই ৰাখক।
Qqqqq
❤ আপোনাৰ জীৱনলৈ এনে এটা সময় আহে, যেতিয়া নেকি আপুনি কাকোৱেই তেল মাৰি চলিব নালাগে, তেতিয়াহে প্ৰকৃত স্বাধীনতাৰ সোৱাদ পোৱা যায়। কিন্তু বেছিভাগ মানুহে এই সোৱাদৰ পৰা, আজীৱন বঞ্চিত হৈ থাকে।
Qqqq
❤ মগনীয়া : চাৰ, অনুগ্ৰহ কৰি মোক বিছ টকা দিয়ক। কফি খাম...।
ব্যক্তি : বিছ টকা কেলেই ? কফি দহ টকাতেই পাইচোন !
মগনীয়া : নহয়, মানে লগত গাৰ্লফ্ৰেণ্ডো আছে, চাৰ।
ব্যক্তি : ভিক্ষা কৰি খোৱা ! লাজ নালাগে ? আকৌ, গাৰ্লফ্ৰেণ্ডো বনাইছা ?
মগনীয়া : নাই চাৰ, মানে গাৰ্লফ্ৰেণ্ডে হে মোক ভিক্ষাৰী বনাইছে।
Qqqqqq
মৰমৰ বন্ধু-বান্ধৱী সকল, আপোনালোক সকলোকে "বন্ধুত্ব দিবস" ৰ শুভেচ্ছা জ্ঞাপন কৰিলো। অনাগত দিনবোৰে, আপোনালোকৰ জীৱনলৈ কঢ়িয়াই আনক সুখ আৰু শান্তিৰ জীৱনধাৰা। ১৯৩৫ চনৰ আগষ্ট মাহৰ প্ৰথম শনিবাৰৰ দিনাখন, আমেৰিকান প্ৰশাসনৰ হাতত, এজন ব্যক্তিৰ মৃত্যু হৈছিল । ব্যক্তিজনৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ পিছত, দ্বিতীয় দিনাখন অৰ্থাৎ, আগষ্ট মাহৰ প্ৰথম ৰবিবাৰে, তেওঁৰ আটাইতকৈ প্ৰিয় বন্ধুজনে, বন্ধুবিয়োগৰ শোক সহিব নোৱাৰি, আত্মহত্যা কৰে। বন্ধুপ্ৰীতিৰ বিৰল নিদৰ্শন হিচাপে, তেওঁৰ মৃত্যুৰ দিন, আগষ্ট মাহৰ প্ৰথম ৰবিবাৰক, আন্তৰ্জাতিক বন্ধুত্ব দিৱস হিচাপে পালন কৰা হয়। বন্ধু-বান্ধৱী সকল, মানুহৰ জীৱনত পৰম মিত্ৰৰ সন্ধান পোৱাটো আটাইতকৈ কঠিন কাম, আৰু পোৱাৰ পিছত সেই বন্ধুক পৰিত্যাগ কৰাটো আৰু বেছি কঠিন আৰু তেনে বন্ধুক পাহৰাটো কোনোপধ্যেই সম্ভৱ নহয় । বাৰ্ণাৰ্ড মেল্টজাৰে কৈছিল, " প্ৰকৃত বন্ধু সেইজন, যিজনে ভাবে যে তুমি এটা নিখুঁত কণী , যদিওবা তেওঁ জানে, যে তুমি আংশিক ভাবে ভঙা ।" প্ৰকৃত বন্ধুৱে, আমাৰ মাজত থকা বিসংগতি বোৰৰ সতেই, আমাক ভাল পায় । বন্ধু মানুহৰ জীৱনত এক অসাধাৰণ উপহাৰ । বন্ধুত্ব হৈছে এজনৰ, আনজনৰ প্ৰতি থকা মৰম, চেনেহ আৰু ভাললগা অনুভূতি । এজন প্ৰকৃত বন্ধু আনজনৰ সুখ আৰু দুখৰ সমভাগী। তেওঁ আপোনাৰ যিকোনো ধৰণৰ বিফলতাক, উলাই আৰু সফলতাক, সাৱলীল ভাবে সহিব পাৰে । তেওঁ কিন্তু কোনো মৃদুভাষী চাটুকাৰ নহয়, যাৰ কথাত সকলোসময়তে, আপুনি মাথোঁ অহেতুক আনন্দহে পাব। প্ৰয়োজন সাপেক্ষে আপোনাৰ ভুল পদক্ষেপৰ, আটাইতকৈ কটূ সমালোচকৰ ভূমিকাও, তেওঁ যত্ন সহকাৰে পালন কৰিব। ভাল বন্ধু আকাশত থকা নক্ষত্ৰৰ দৰে, সকলো সময়তে দেখা নাপালেও, আপুনি কিন্তু ভালদৰেই জানে যে, তেওঁ সদায় আপোনাৰ সতেই আছে । কিন্তু, তোষামোদকাৰী আৰু বন্ধুৰ, মাজত থকা পাৰ্থক্য, বুজি পোৱাটো নিতান্তই জৰুৰী । তোষামোদকাৰী সকল, আপোনাৰ জ্ঞাত শত্ৰুতকৈয়ো ভয়াবহ। তেওঁলোকৰ মিঠা-মিঠা কথা বোৰে আপোনাৰ অপূৰণীয় ক্ষতি কৰে। বন্ধুৰ সংখ্যা কম হলেও কথা নাই কিন্তু যাৰ লগত সুখ দুখ ভগাই লব পাৰি তেওঁৱেই প্ৰকৃত বন্ধু । বিপদৰ সময়তহে প্ৰকৃত বন্ধুৰ পৰিচয় পোৱা যায়। আৰু যদি কেতিয়াবা বন্ধুৱে বিশ্বাসঘাতকতা কৰে, তাতকৈ দুখৰ কথা হবই নোৱাৰে। বৰ্তমান যুগত, বন্ধুত্বৰ পৰিভাষা, ব্যপকভাবে সলনি হৈছে। আপোনাৰ সুদিনৰ সময়ত আপোনাৰ চাৰিওফালে কেবল বন্ধুৱেই প্ৰত্যক্ষ কৰিব কিন্তু যেতিয়া, তেওঁলোকৰ স্বাৰ্থ পূৰণ হব তাৰপিছত কাকোৱেই নেদেখে । সেয়েহে প্ৰকৃততে বন্ধু কোন, বুজাটো খুবেই টান হৈ পৰিছে । কাৰোবাৰ সতে বন্ধুত্বৰ হাত, আগবঢ়োৱাৰ আগতে, যথেষ্ট সাৱধান হোৱা উচিত কাৰণ নতুন বন্ধু হৈছে, কেঁচা ফলৰ দৰে, নপকালৈকে আপুনি ধৰিব নোৱাৰে, সুমথিৰা টেঙাৰ দৰে মিঠা হব নে নেমুটেঙাৰ দৰে টেঙা হব। বন্ধুত্ব কৰিব জনাটো এক বিজ্ঞান আৰু বন্ধুত্বক জীয়াই ৰখাটো এক কলা। বন্ধুত্ব ঐশ্বৰ্য-বৈভৱৰ দৰে, ইয়াক আহৰণ কৰাতকৈ, নিজৰ কৰি ৰখাটোহে বেছি জটিল । আনহাতে আজিকালি বন্ধুত্বও অতি ক্ষণস্থায়ী । দীৰ্ঘকালীন বন্ধুত্ব প্ৰায় আকাশ-কুসুম কল্পনা সদৃশ হৈ পৰিছে। বন্ধুত্বৰ মাজত কেতিয়াও, লাভালাভ বা সুবিধাৰ কথা নাহে। সেইকাৰণে কোৱা হয় যে বন্ধুৱে অকল পথ প্ৰদৰ্শন নকৰে, প্ৰয়োজন হলে সেই পথ যিমানেই বিপদসংকুল নহওঁক কিয়, আপোনাৰ হাতত ধৰি, আপোনাৰ সতে, হাঁহি মুখে আগুৱাই যাব। প্ৰকৃত বন্ধুত্বৰ নিদৰ্শন মন কৰক : এবাৰ এজন বন্ধুই কৈছিল, "মোৰ আটাইবোৰ বন্ধুৱে যদি দলংৰ ওপৰৰ পৰা তললৈ জাপ মাৰে, মই সিহঁতৰ সতে কেতিয়াও জাপ নামাৰো, বৰং মই তলত থিয় হৈ থাকি, সিহঁত আটাইকেইটাক, সুৰক্ষিতৰূপে ধৰিম।" বি:দ্ৰ: এই লিখনিটো মই মোৰ লৰাৰ বিদ্যালয়ত, ২০১২ চনত অনুষ্ঠিত, আন্ত:অভিভাবক লিখনি প্ৰতিযোগিতাৰ, "বন্ধুত্ব" শীৰ্ষক বিষয়ৰ ওপৰত লিখিছিলো। আজিৰ দিনটোৰ সতে ৰজিতা খুৱাই, ইংৰাজীৰ পৰা অসমীয়ালৈ তৰ্জমা কৰি দিছো ।
@@@@@@@@@@@@@@@@@@@@@@@@
* অসমত চলি থকা বন্ধ-সংস্কৃতি, বন্ধ কৰিব কোনে ?
বিজ্ঞানৰ পিতৃপুৰুষ, বিখ্যাত জোতিৰ্বিদ আৰু পদাৰ্থবিজ্ঞানী, গেলিলিও গেলিলেইক ইটালীৰ ৰোমান কেথলিক চাৰ্চৰ ধৰ্মযাজক সকলে, ১৬৩৩ চনত প্ৰচলিত ধৰ্মবিশ্বাসৰ বিৰোধিতা কৰাৰ অপৰাধত, গৃহবন্দীকৰি ৰাখিছিল । গেলিলিওৰ অপৰাধ আছিল যে তেঁও সূৰ্য্যক সৌৰজগতৰ কেন্দবিন্দু বুলি মত পোষণ কৰিছিল । সূৰ্য্য পৃথিৱীৰ চাৰিওফালে নুঘুৰে বৰং পৃথিৱীহে সূৰ্য্যৰ চাৰিওফালে ভ্ৰমণ কৰে বুলি তেঁও লিখিছিল । ধৰ্ম্মগুৰু সকলে তেওঁৰ, মতবাদ ভুল বুলি স্বীকাৰ কৰিবলৈ বাধ্য কৰিছিল । অনিচ্ছাস্বত্বেও গেলিলিওয়ে কঠোৰ শাস্তিৰ ভয়ত, মতবাদ ভুল বুলি মানি লৈছিল। পৰৱৰ্তী সময়ত গেলিলিওৰ মতবাদৰ নিৰ্ভুলতাৰ কথা দোহৰাৰ প্ৰয়োজন নাই নিশ্চয়। প্ৰায় ৩৫০ বছৰ পিছত ৰোমান কেথলিক চাৰ্চৰ ধৰ্ম্মগুৰু পোপ জন পল-২য়ে গেলিলিওৰ ওপৰত আৰোপিত সকলো অভিযোগ খাৰিজ কৰাৰ লগতে ৰাজহুৱা ভাবে ক্ষমা বিচাৰে। আচল প্ৰসংগলৈ আহো । ১৯৭৯ চনত সদৌ অসম ছাত্ৰ সন্থা (আছু) আৰু অসম গণ সংগ্ৰাম পৰিষদৰ নেতৃত্বত হোৱা বিখ্যাত অসম আন্দোলনৰ এক বিশেষ অস্ত্ৰ হিচাবে, পোন প্ৰথমবাৰৰ বাবে বন্ধ আহ্বান কৰা প্ৰক্ৰিয়া অসমত আৰম্ভ হৈছিল। ভাৰতৰ স্বাধীনতা আন্দোলনৰ সময়ত অহিংস তথা অসহযোগ প্ৰদৰ্শন কৰিবলৈ বন্ধ কাৰ্যসূচী, এটা বৃটিছ বিৰোধী হাথিয়াৰৰ ৰূপত ব্যৱহাৰ কৰা হৈছিল । স্বাধীনতাৰ পিছত বন্ধৰ প্ৰচলন, বাওপন্থী ৰাজনৈতিক দল সমূহে, প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ব্যপকভাবে, প্ৰয়োগ কৰিছিল । অসম আন্দোলনৰ সময়ছোৱাত, আছুৱে আহ্বান কৰা বন্ধৰ প্ৰভাব, অসমৰ জনমানসত ইমানেই স্থায়ী ৰূপে ৰৈ গল যে, আজিৰ প্ৰজন্মই 'বন্ধ' শব্দটো "অসম বন্ধ" ৰ পৰ্যায়বাচী শব্দ বুলি বিবেচনা কৰে । অসম আন্দোলনৰ সময়তো, বন্ধৰ দ্বাৰা, মানুহৰ জীৱন যাত্ৰা দুৰ্বিসহ হৈ উঠিছিল, কিন্তু সেই সময়ৰ অসমৰ ৰাইজ, জাতীয় প্ৰেমেৰে ইমানেই বেছি উদ্বুদ্ধ হৈ পৰিছিল যে এশ ঘন্টাৰ বন্ধকো কেৰেপ নকৰিছিল । কালক্ৰমে, আছুই বীজৰোপন কৰা বন্ধ সংস্কৃতিয়ে, বিষবৃক্ষৰ ৰূপ ধাৰন কৰিলে। আজিৰ তাৰিখত, অসমৰ বেছিভাগ সংগঠনে আছুৰ পদাংক অনুসৰণ কৰি সময়ে সময়ে বন্ধৰ আহ্বান দি, জাতীয় জীৱন দুৰ্বিসহ কৰি তুলিছে । আন এটা মন কৰিবলগীয়া বিষয় হৈছে, আছুকে ধৰি অসমৰ বন্ধ আহ্বান কৰা সংগঠন সমূহে, নিজৰ অস্ত্বিত্বৰ উমান দিবলৈকেহে, মাজে মাজে হকে-বিহকে বন্ধ ঘোষণা কৰিবলৈ ধৰিছে । এই বন্ধ সংস্কৃতিৰ বিৰুদ্ধে অসমৰ জাতি, ধৰ্ম , বৰ্ণ, ভাষা, ৰাজনৈতিক-অৰাজনৈতিক সংগঠন আৰু সংবাদ মাধ্যম নিৰ্বিশেষে সকলোৱে, এককন্ঠে, বিৰোধিতা কৰা উচিত কাৰণ বন্ধ আহ্বান কৰাৰ লগে লগে সাধাৰণ ৰাইজৰ জীৱন যাত্ৰা আৰু অসমৰ প্ৰগতিহে থমকি ৰয় । কোনো এটা সমস্যাৰ বিষয়ে ৰাইজক অবগত কৰাৰ বাহিৰে, ইয়াৰ দ্বাৰা কাৰো, বিশেষ একো উপকাৰ সাধন নহয়। বন্ধৰ বিকল্প হিচাবে, প্ৰতিবাদ সাব্যস্ত কৰাৰ অন্যান্য বহুতো গণতান্ত্ৰিক পদ্ধতি আছে। বন্ধ আহ্বান এতিয়া গণতান্ত্ৰিক অধিকাৰ হিচাবেও গণ্য কৰা উচিত নহয়, যিহেতু একেসময়তে, এই অধিকাৰে অন্য নাগৰিকৰ গনতান্ত্ৰিক অধিকাৰ খৰ্ব কৰি আহিছে। বন্ধ সংস্কৃতিৰ কুপ্ৰভাবৰ কথা অসমৰ মানুহক নিশ্চয় নতুনকৈ কোৱাৰ প্ৰয়োজন নাই সেয়েহে আৰু কৈ বেছি দীঘলীয়া নকৰো। গেলিলিওৰ সৈতে হোৱা অন্যায় আৰু ভূলৰ, ৩৫০ বছৰ পিছত হলেও, শুধৰাবলৈ যিদৰে চাৰ্চ কৰ্ত্তৃপক্ষই, ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰিলে, ঠিক সেইদৰে আছুৱে বন্ধ সংস্কৃতিৰ বিৰোধিতা কৰি, ৩৫ বছৰ আগতে আৰম্ভণি কৰা এটা ভুল প্ৰক্ৰিয়াৰ আত্মসমালোচনা কৰি, সমগ্র অসমৰ ৰাইজক এক ভয়াবহ ব্যাধিৰ পৰা মুক্ত কৰিবলৈ, আগভাগ লওক । যদিও বৰ্তমান সময়ত, অসমত আছুৰ প্ৰভাব কিমান শক্তিশালী সেইয়াও এক প্ৰশ্ন চিহ্ন, তথাপি এই সমস্যাৰ বাবে যিহেতু আছুৰ পূৰ্বসূৰী সকল নৈতিকভাবে দায়বদ্ধ, গতিকে বন্ধৰ বিৰোধিতা কৰাৰ লগতে, সৰ্বকালৰ বাবে উৎখাত কৰিবলৈ অগ্ৰণী ভূমিকা ভূমিকা গ্ৰহণ কৰি, ৰোমান কেথলিক চাৰ্চৰ দৰে, এক বিৰল নজিৰ স্থাপন কৰক।
@@@@@@@@@@@@@@@@@@@
মহানগৰীৰ এখন বিশাল ডিপাৰ্টমেন্টাল ষ্টোৰৰ( যত নিত্য প্ৰয়োজনীয় সকলো সামগ্ৰী পোৱা যায়) বাবে চেল্ছমেনৰ আৱশ্যক । চাকৰি প্ৰত্যাশীৰ মাজত আমাৰ নগেনো আছে । বিদেশত বহু বছৰ থাকি অহা, আৰু সম্প্ৰতি স্বদেশলৈ উভতি অহা, মালিকৰ ডাঙৰ পূতেকে ইন্টাৰভিউ লৈছে ।
মালিক : তোমাৰ পূৰ্ব অভিজ্ঞতা কিবা আছে ?
নগেন : নাই দাদা। মালিক : ইংৰাজী জানানে?
নগেন : পঢ়িব পাৰো, ভালকৈ কব হে নোৱাৰো ।
মালিক : তেতিয়া হলে তুমিয়েই কোৱা, মই তোমাক কি ভিত্তিত নিযুক্তি দিম।
নগেন : চাওক দাদা, অভিজ্ঞতা অৰ্জন কৰিবলৈ হলে, কোনোবাই প্ৰথমে কাম দিলেহে হব। আৰু দাদা, মই অসমীয়া মাধ্যমত পঢ়াশুনা কৰিছো, ইংৰাজীৰ গ্ৰামাৰ ভালকৈ জানো, গতিকে লাহে লাহে কবলৈও শিকি লম নিশ্চয়। দাদা আৰু এটা কথা, মই ভাবো ব্যৱসায়ত গ্ৰাহকৰ সতে ভাল ব্যৱহাৰ কৰাৰ হে বেছি প্ৰয়োজন। আপুনি মোক এটা সুযোগ দিয়ক, মই খুব ভালদৰে কাম কৰিম, দাদা ।
মালিক : ঠিক আছে মই তোমাক এমাহৰ বাবে অস্থায়ী ৰূপে মকৰল কৰিম। কিন্তু, এই এমাহৰ ভিতৰত তোমাৰ কাম চাইহে, আগলৈ চিন্তা কৰিম। তোমাৰ দৰমহা একো নাই, দৈনিক খোৱা বোৱাৰ নামত ১০০ টকাকৈ পাবা ।
নগেন : (কিছু চিন্তা কৰি) ঠিক আছে দাদা, মই কাম কৰিম ।
মালিক : ঠিক আছে, তুমি আজি, এতিয়াৰ পৰাই কামত লাগি যোৱা। আৰু শুনা তুমি মোক এই দাদা-চাদা নামাতিবা, মোক ইয়াত চাৰ বুলিহে মাতে ।
নগেন : হব মই বুজি পালো চাৰ । নগেন আনন্দমনে কাম আৰম্ভ কৰিলে। কেইদিন মানৰ পিছত এদিন ষ্টোৰলৈ এজন ভদ্ৰলোক আহিল। নগেন আগবাঢ়ি গৈ মানুহজনৰ লগত কথা পাতিবলৈ আৰম্ভ কৰিলে। কথা পাতি পাতি নগেনে বৰশী বাবলৈ প্ৰয়োজনীয় সামগ্ৰী সমূহ উলিয়াই দেখুৱাইছে । মালিক জনে নগেনে গ্ৰাহকজনৰ লগত কিদৰে বিনিময় কৰে, তাৰ বুজ লবলৈ আলেঙে আলেঙে দুয়োজনৰ বাৰ্তালাপ শুনিবলৈ ধৰিলে ।
নগেন: চাৰ, আপুনি যেতিয়া বৰশী বাবলৈ যাব, তাত প্ৰখৰ ৰ'দ ওলাব, গতিকে আপুনি এটা ছাতীও লৈ লওক।
গ্ৰাহক : তুমি ঠিকেই কৈছা, এটা কাম কৰা মোক গাৰ্ডেন আম্ব্ৰেলা এটাকেই দিয়া ।
নগেন : চাৰ, বৰশী বোৱাটো বৰ দীঘলীয়া আৰু ধৈৰ্যৰ কাম, কেতিয়াবা মাছে খুটিয়াওতে, গোটেই দিনটো লাগি যাব পাৰে । সেয়েহে আপুনি লগত খোৱা বস্তু, মিনাৰেল ওৱাটাৰ আৰু ক'ল্ড ড্ৰিংকছ্ আদিও লৈ যোৱা উচিত হব।
গ্ৰাহক : তুমি ঠিকেই কৈছা, এটা কাম কৰা, এক ডজন মিনাৰেল ওৱাটাৰ, দুই লিটাৰ ক'ল্ড ড্ৰিংকছ্ আৰু পেষ্ট্ৰী, কেইক, চিপ্ছৰ পেকেট ৫- ৬ টা মান দি দিয়া।
নগেন: চাৰ, আপুনি লগত কেইটা মান ডাঙৰ প্লাষ্টিকৰ বাকেট লৈ যাওক।
গ্ৰাহক : কেলেই ?
নগেন : আপুনি যদি বহুতো মাছ পাই, মাছখিনি কেনেকৈ আনিব, চাৰ ?
গ্ৰাহক : হয় দেই, মই ভবাই নাছিলোঁ , এটা কাম কৰা, দুটা ডাঙৰ বাকেট আৰু দুখন প্লাষ্টিকৰ, বেগো দিয়া।
নগেন : ( মানুহজনৰ মূৰৰ পৰা ভৰিলৈ, নিৰীক্ষণ কৰি) চাৰ, তাত বোকা মাটিত আপুনি জোতা পিন্ধি অসুবিধা পাব, ভাল কোৱালিটীৰ চেন্দেল এযোৰ লৈ লওক।
গ্ৰাহক : ঠিক আছে এযোৰ দিয়া ।
নগেন : আৰু চাৰ, গৰমত, হাফ পেন্ট পিন্ধি বৰ আৰাম পাব।
গ্ৰাহক : তুমি একদম ঠিক কৈছা ।
নগেন : হাফ-পেন্টৰ লগত কাউবয় টূপী এটা পিন্ধিলে, আপোনাক বৰ ধুনীয়া লাগিব চাৰ।
গ্ৰাহক : ওকে, হাফ পেন্ট আৰু টূপী এটাও দি দিয়া। শুনা আটাইবোৰ বস্তু মোৰ গাড়ীত তুলি দিবা। এইবুলি মানুহজনে বৰশী বোৱা সকলো সা-সৰঞ্জামকে ধৰি ওপৰত উল্লেখ কৰা বিভিন্ন সামগ্ৰী সমূহ লৈ ওলাই গ'ল। মালিকে নগেনৰ কাৰু-কাৰ্য দেখি আভিভূত হৈ পৰিল । নগেনক কাষলৈ মাতি আনি গবা মাৰি ধৰি কলে, " নগেন, তুমি সচাঁকৈয়ে এটা জিনিয়াছ্। আজিৰ পৰা তোমাৰ চাকৰি পাৰ্মানেন্ট । আৰম্ভণিতে দৰমহা মাহে ৭৫০০ টকা । হব নে ? "
নগেন : হব চাৰ, আপুনি যে মোক যোগ্য বুলি ভাবিলে , সেয়াই বহুত।
মালিক: মোক তুমি আজিৰ পৰা চাৰ বুলি নামাতি, দাদা বুলিয়েই মাতিবা।
নগেন : ঠিক আছে দাদা ।
মালিক : মোৰ এতিয়াও বিশ্বাস হোৱা নাই যে মাত্ৰ বৰশী এডাল কিনিব অহা মানুহজনে মুঠ ৩৭৩৫/- টকাৰ বজাৰ কৰি গল।
নগেন : নহয় দাদা, তেখেতে আচলতে "কেয়াৰ- ফ্ৰী" এটা কিনিম বুলিহে আহিছল। মইয়েই কলো ঘৰত এনেয়ে বহি থাকিনো কি কৰিব, এই কেইদিন বৰশী বাই টাইম পাছ কৰক।
qqqqqqqqqqq
সৰু লৰা এটা ডিপাৰ্টমেন্টাল স্টোৰলৈ গৈ কৈছে, "আংকল, আপোনাৰ দোকানত "ডেটল লিকুইড হেণ্ড ৱাশ্ব " আছে নেকি ? দোকানীজনে তৰ্জনী আঙুলিটোৰে, নাক খোচৰা বন্ধ কৰি সুধিলে , " আছে, কিমান লাগে ?" সৰু লৰা : নাই মোক নালাগে, আপুনি হাতখন ভালকৈ ধুই মেলি মোক ব্ৰেড-ৰ'ল এটা দিয়ক । ❤ স্বচ্ছ ভাৰত অভিযানৰ প্ৰতি সমৰ্পিত ।
qqqqqqqqqqqqqqqqqqqqqqqqqqqq
❤ শুভ-সন্ধিয়া, বন্ধু-বান্ধৱী সকল, আমাৰ সমাজত সময়ৰ লগে লগে, বিবাহযোগ্যা পাত্ৰীৰ যোগ্যতা তথা অৰ্হতা আৰু দৰাঘৰৰ ফালৰ, আকাংক্ষিত যোগ্যতাৰ মাপদণ্ড সমূহ বৰ ক্ষিপ্ৰতাৰে সলনি হৈ গৈ আছে। চল্লিছৰ দশকৰ পৰা আজিৰ দশকলৈকে এই বিষয়বস্তুৰ ক্ৰমবিকাশ মন কৰক ।
❤ বিংশ শতিকাৰ ৪০ ৰ দশকত : ছোৱালীৰ মাক : আমাৰ আইজনীয়ে তাঁত শাল বোৱা, ভূঁই ৰোৱা আদি, সকলো ঘৰুৱা কামত বৰ পাকৈত । লৰাৰ মাক : ঘৰুৱা কাম কাজ, ছোৱালী মানুহে নাজানিলে কেনেকৈ হব ! এতিয়া আৰু আগৰ যুগ নাই, কলা আখৰকেইটা চিনি পালেহে, আচল জনা বুলি গণ্য কৰা হয়।
❤ ৫০ৰ দশকত : ছোৱালীৰ মাক : আমাৰ আইজনীয়ে গধুলি থাপনাত বন্তি জ্বলোৱাৰ সময়ত, সদায় কীৰ্ত্তনঘোষা খন তাইয়েই পঢ়ে । লৰাৰ মাক : ধৰ্ম্ম-কৰ্ম্মৰ প্ৰতি মন থকাটো ভাল কথা। কিন্তু, ইংৰাজী আখৰ কেইটা চিনি নাপালে অশিক্ষিতা বুলিয়েই ধৰা হয়।
❤ ৬০ৰ দশকত : ছোৱালীৰ মাক : আমাৰ মাজনীয়ে ইংৰাজীত নাম ঠিকনা লিখিব পাৰে । লৰাৰ মাক : ঊণ গুঠিব জানেনে, নেজানে ? আজিকালিৰ ছোৱালীয়ে ঊণৰ চুৱেটাৰ গুঠিব নাজানিলে, কিনো জানে ?
❤ ৭০ৰ দশকত : ছোৱালীৰ মাক : চিলাইৰ কাম চব জানে। ৰূমাল, টেবুল ক্লথৰ পৰা আদি কৰি হাত-চিলাই চব জানে ।এই যে মই পিন্ধি আছো, এই চুৱেটাৰটো মাজনীয়েই গুঠা আকৌ । লৰাৰ মাক : আজিকালি মেশ্বিনৰ যুগ, সকলো ধৰণৰ চিলাই হাতেৰে কৰাৰ দৰকাৰেই নপৰে । চুৱেটাৰ সদায় সদায় গুঠিবলৈনো কত দৰকাৰ পৰে ? ঘৰুৱা কাম কাজ বোৰৰ উপৰিও বাহিৰৰ পৃথিৱীখনত, বহুতো কাম থাকে, আধুনিক জগতখনৰ সতে মিলাই চলিব জানিলেহে আচল জনা ।
❤ ৮০ৰ দশকত : ছোৱালীৰ মাক : আমাৰ মাজনী বৰ আধুনিক চিন্তাধাৰাৰ ছোৱালী । চাইকেল চলাই বাটকুৰি বাই স্কুল আৰু কলেজৰ শিক্ষা সমাপ্ত কৰি বি.এ পাছ কৰিলে। ঘৰৰ ওচৰৰ লৰা-ছোৱালী দুটা মানক টিউচন লৈছে । লৰাৰ মাক : আজিকালি বি.এ ৰে একো নহব, টাইপিং নাজানিলে কতো চাকৰিও নাপায় । লগতে এম.এ নকৰিলে একো লাভেই নাই। ছোৱালীয়ে মটৰ চাইকেল চলাব লৈছে, এতিয়া ছোৱালীয়ে চাইকেল চলাব জনাটো, কিনো ডাঙৰ কথা।
❤ ৯০ৰ দশকত : ছোৱালীৰ মাক : আমাৰ মাজনীয়ে পঢ়াশুনা শেষ কৰি টাইপৰাইটাৰ শিকি আছে। মাজতে বিউটী পাৰ্লাৰৰ কোৰ্চ এটাও কৰি আহিল। লৰাৰ মাক : টাইপ মেশ্বিনৰ দিন উকলিল । বৰ্তমান কম্পিউটাৰৰ যুগ, কম্পিউটাৰ নজনা মানুহক অশিক্ষিত বুলিয়েই গণ্য কৰা হয়। ভৱিষ্যতে লৰা-ছোৱালীক কিবা এটা শিকাবলৈ হলেওঁ, কম্পিউটাৰৰ জ্ঞানৰ খুব দৰকাৰ ।
❤ একবিংশ শতিকাৰ প্ৰথম দশকত : ছোৱালীৰ মাক : আমাৰ মাজনীয়ে কম্পিউটাৰো জানে। লৰাৰ মাক : আজিকালি কম্পিউটাৰ জনাটো নো কি ডাঙৰ কথা! ইন্টাৰনেট, হাৰ্ডৱেৰ-চফ্টৱেৰ, এইবোৰ কাম কৰিব পাৰিলেহে আচল জনা বুলি কয়।
❤ একবিংশ শতিকাৰ দ্বিতীয় দশকত অৰ্থাৎ বৰ্তমান সময়ৰ কথা : ছোৱালীৰ মাক : আমাৰ বেবীয়ে লেপ-টপ আৰু মোবাইলৰ ডাউনলোড - আপলোড, লগ ইন্, লগ আউট, চেল্ফি আদি সকলো কাৰুকাৰ্য জানে। আমাৰ চুবুৰীৰ কাৰোবাৰ ফেচবুক আৰু হোৱাট্ছ আপ্ ৰ সমস্যা হলে, আমাৰ বেবীৰ ওচৰলৈ লৈ আনে । এককথাত কবলৈ গলে তাই ফেচবুক আৰু হোৱাটছ আপ্ বিশেষজ্ঞা । লৰাৰ মাক : আমাক ফেচবুক আৰু হোৱাটছ আপ্ নজনা ছোৱালী এজনীহে লাগে । মোৰ ল'ৰাক ৰাতিপুৱা গধূলি ভাত পানী ৰান্ধি দিব জনা ছোৱালী এজনী পালে আৰু একো নালাগে।
qqqqqqqqqqqqqqqqqqqqqqqqqqqqq
সীমান্ত অঞ্চলত কৰ্তব্যৰত, এজন সেনাৰ জোৱানে, আঠ দিনৰ ছুটিৰ আবেদন কৰি ওপৰৱালা সেনা অধিকাৰীৰ ওচৰলৈ গ'ল । সেনা অধিকাৰীজনে ছুটি মঞ্জুৰ নকৰাৰ অজুহাত হিচাপে কলে, "যোৱা তুমি আগতে, আমাৰ শত্ৰু দেশৰ সৈনিকৰ পৰা টেংক এখন লৈ আনা, তেতিয়াহে মই, ছুটি মঞ্জুৰ কৰিম ।" ঠিক আছে চাৰ বুলি, চেলুট মাৰি জোৱানজন, ওলাই গ'ল। পিছদিনাখন, জোৱানজন সঁচাকৈয়ে শত্ৰুপক্ষৰ টেংক এখন লৈ, হাজিৰ হ'লহি। আশ্চৰ্যচকিত হৈ সেনা অধিকাৰীজনে সুধিলে, "হেৰা, তুমি কামটো কেনেকৈ কৰিলা হে ?" জোৱানজনে নিৰ্বিকাৰ, অথচ সৰলভাবে উত্তৰ দিলে, "চাৰ, সিহঁতৰ সেনা-জোৱান সকলৰ, যেতিয়া আঠদিন ছুটিৰ প্ৰয়োজন হয়, তেতিয়া আমাৰ পৰা টেংক লৈ যায় ।"
qqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqq
❤ বীৰেণ : পাৰ্টনাৰ কথা এটা কচোন ? পুৰুষৰ জীৱনত বাৰু, কোনে আটাইতকৈ বেছি সহযোগিতা আগবঢ়াই, পত্নীয়ে নে প্ৰেমিকাই ?
নগেন : খুব সম্ভৱ দুয়োগৰাকীয়েই সমানে সহযোগ আগবঢ়াব । কিন্তু, ইগৰাকীয়ে সিগৰাকীৰ কথাটো গম পাব লাগিলে আকৌ, এগৰাকীয়েও সহযোগ নকৰিব ।
qqqqqqqqqqqqqqqqqqqqqqqqqqqqqq
এগৰাকী মহিলা নিজৰ ভৱিষ্যত সম্পৰ্কে জনাৰ উদ্দেশ্যে জোতিষীৰ ওচৰলৈ গৈছে ।
জোতিষী : তিনিমাহৰ ভিতৰত আপোনাৰ জীৱনৰ পৰা, আপোনাৰ পতিৰ ছায়া চিৰদিনৰ বাবে হেৰাই যাব ।
মহিলা : কিন্তু মোৰ মানুহজন, আজিৰ পৰা চাৰি বছৰ আগতেই ঢুকাইছে !
জোতিষী : হয় নেকি, তেতিয়া হলে আপোনাৰ ওপৰত, পিতৃৰ ছত্ৰছাঁয়া নাথাকিব ।
মহিলা : পিছে মোৰ দেউতাচোন, কেতিয়াবাই ঢুকাল ।
জোতিষী : তেনেহলে নিশ্চয় আপুনি আপোনাৰ, জেষ্ঠ ভাতৃৰ, ছত্ৰছাঁয়াৰ পৰা বঞ্চিত হব ।
মহিলা : কিন্তু মোৰ কোনো ভাই ককাই নাই । মই মোৰ পিতৃ-মাতৃৰ, একমাত্র সন্তান।
জোতিষী : তেতিয়া হলে জৰুৰ, আপোনাৰ মুৰৰ ওপৰৰ পৰা, ছাতী এটা হলেও হেৰাব ।
qqqqqqqqqqqqqqqqqqqqqqqqqq
নগেনৰ পূতেক কণপাইয়ে সুধিছে , " দেউতা, শালপতি-শালপতি বুলিযে কয়, এইটো আচলতে কেনেধৰণৰ সম্বন্ধ ?"
নগেন : যেতিয়া দুজন অচিনাকী মানুহক, একেটা কোম্পানীয়ে ঠগে, তেনে পৰিস্থিতিত, সেই দুজন মানুহে পৰস্পৰক, শালপতি বুলি সম্বোধন কৰে ।
qqqqqqqqqqqqqqqqqqqqqqqqq
বিশ্ব কবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ এজন ভোলা নামৰ অনুচৰ আছিল। কবিগুৰুই লিখা কবিতাৰ দ্বাৰা অনুপ্ৰাণিত হৈ, ভোলাই এবাৰ কবিতা লিখিবলৈ চেষ্টা কৰিছিল। কিন্তু, প্ৰথম দুটা শাৰী লিখি বেচেৰা ভোলাই আগলৈ আৰু ভাবিব নোৱাৰিলে । অৱশেষত ভোলা, কবিগুৰুৰ শৰণাপন্ন হ'ল । ভোলাই লিখিবলৈ চেষ্টা কৰা কবিতাটোৰ, দুশাৰী আছিল। "কপাল ভিজিয়া গেল নয়নের জলে ।" ৰবীন্দ্ৰনাথ ঠাকুৰে এখন্তেক চিন্তা কৰি, দুশাৰী লিখি যোগ দিয়াত, কবিতাটোৰ ৰূপ সলনি হৈ পৰিল । "কপাল ভিজিয়া গেল নয়নের জলে, পাও দুটি, বাঁধা ছিল কদম্বের ডালে।"
qqqqqqqqqqqqqqqqqqqqqqqqqqqqq
❤ শুভ সন্ধিয়া বন্ধু-বান্ধৱী সকল ❤
এখন চহৰত এটা পৰিয়ালত দুজন ভাই ককাই আছিল। এবাৰ ডাঙৰজন বিশেষ কামৰ বাবে, দুৰণিবটীয়া চহৰ এখনলৈ, কেবাদিনো থকাকৈ যাবলগীয়া হ'ল। তালৈ গৈ ককায়েকজন ব্যৱসায় সংক্ৰান্ত কাম কাজত দিনটো ব্যস্ত আছিল আৰু নিশা ঘৰৰ খা-খবৰ লোৱাৰ উদ্দেশ্যে, ঘৰৰ লেন্ডলাইন নম্বৰত, পি. চি. ও ৰ পৰা ফোন কৰিলে ।
ককায়েক : হেলো, ভাইটী মই দাদাই কৈছো, মা ভালে আছে নে ?
ভায়েক : (খুব দুখেৰে) দাদা, আমাৰ পোহনীয়া কুকুৰ, কালু মৰি থাকিল । (ককায়েক কিছুপৰ মৌন হৈ ৰৈ থাকি কলে)
ককায়েক : ভাইটী তই এতিয়া ডাঙৰ হৈছ, বেয়া খবৰ এটা, মানুহক কিদৰে জনাব লাগে, সেইটো তই জনা উচিত।
ভায়েক : ক্ষমা কৰিবা দাদা, মই এটা বস্তু বুজা নাই, কুকুৰটো মৰিল বুলি নকৈ, মই কি বুলি কব লাগিছিল ?
ককায়েক : তই এটা কথা ভাবি চাইছ নে, হঠাৎ কালুৰ মৃত্যুৰ খবৰটো শুনাৰ লগে লগে, মোৰ মানসিক অৱস্থাটো কি হব বুলি।
ভায়েক : দাদা তুমিয়েই কোৱাচোন, কিদৰে কলে ভাল হ'ল হেঁতেন ?
ককায়েক : তই মোক আজি মৰা খবৰটো নিদি, কব পাৰিলিহেঁতেন, "দাদা, কালু আমাৰ বিল্ডিংৰ ছত্ ৰ ওপৰলৈ গৈছে, কি হ'ল জানো মাতি আছো অহাই নাই ।"
ভায়েক : কিন্তু মৰা কথাটো কেতিয়া কম .....?
ককায়েক : মোক আগতে কথাখিনি কৈ, শেষ কৰিব দেচোন । কাইলৈ নিশা যেতিয়া আকৌ মই ফোন কৰিলোহেঁতন তেতিয়া তই কব লাগিছিল , "দাদা, কালুৰ গাটো ভাল নহয়, ডাক্তৰৰ ওচৰলৈ নিছিলো, ইঞ্জেকচন দিলে আৰু খুৱাবলৈ দৰব দিছে ।"
ভায়েক : কিন্তু মৰা কথাটো কেতিয়া কম .....
ককায়েক : উফ্ ! মোক শেষ কৰিবলৈ দে আগতে। তই মোক এইদৰে অলপ অলপকৈ কলে, বেয়া খবৰ এটাৰ বাবে, মই মানসিক ভাবে প্ৰস্তুত হবলৈ সময় পালোহেঁতেন ।
ভায়েক : দাদা, মই কথাটো এতিয়াহে অলপ অলপ বুজি পালো ।
ককায়েক : পিছত মই পৰহিলৈ আকৌ যেতিয়া ফোন কৰিলোহেঁতেন তেতিয়া তই কলিহেঁতেন, "দাদা, আমাৰ কালু আৰু এই পৃথিৱীত নাই।"
ভায়েক : উম্ কৈ যাওক । ককায়েক : মইও যিহেতু মানসিক ভাবে বেয়া খবৰ এটা শুনাৰ বাবে প্ৰস্তুত হৈ উঠিলো হয়, তেতিয়া হয়তোবা, কালুৰ মৃত্যু সংবাদ শুনি, এতিয়া পোৱাৰ দৰে মানসিক আঘাত নাপালো হয় । যি নহওঁক , আগলৈ কথাটো মনত ৰাখিবি ।
ভায়েক : দাদা, ভুল হৈ গৈছিল । ভাল কথা এটা আজি, তোমাৰ পৰা শিকিলো হলে ।
ককায়েক : হব দে, তই মোৰ সৰু ভাই, মই নিশিকালে তোক কোনেনো শিকাব ? বাৰু এতিয়া কচোন, মা কেনে আছে ?
ভায়েক : দাদা, মা আমাৰ বিল্ডিংৰ ছত্ ৰ ওপৰলৈ গৈছে, কি হ'ল জানো মাতি আছো, অহাই নাই ।
qqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqq
❤ সুপ্ৰভাত বন্ধু-বান্ধৱী সকল !
এদিনাখন চহৰৰ উপকন্ঠ অঞ্চলৰ, এটা পকী আলিবাটেৰে, দুজন যুৱক বন্ধু নতুন গাড়ী এখন চলাই গৈ আছিল। ৰাস্তাটো খুব এটা ভাল নাছিল বাবে দুয়ো কথা পাতি পাতি, কম স্পীডত গৈ আছিল । হঠাৎ বোকাপানীৰে ভৰা গাঁত এটাত, গাড়ীৰ পিছ চকাটো ফচি গল । প্ৰথমতে এস্কেলেটৰ দবাই, বেক্ গিয়েৰ আৰু ফাৰ্ষ্ট গিয়েৰ লগাই, বিভিন্ন ধৰণে উলিয়াবলৈ বহু চেষ্টা কৰিলে। পিছলৈ গাড়ীৰ পৰা নামি দুই বন্ধুই ঠেলি হেচুকিও, গাড়ীখন গাঁত টোৰপৰা কোনোপধ্যেই উলিয়াব নোৱাৰিলে । উপায়বহীন হৈ দুয়ো কি কৰিব নকৰিব, বুলি ভাবি থাকোতে, দুৰৈৰ পৰা এহাল হালোৱা গৰু লৈ, নগেন কাইটিক আহি থকা দেখিলে । গাড়ীৰ মালিকজন অকণমান আগুৱাই গৈ, নগেনৰ ওচৰ পাই কলে, "ককাইদেউ, আপুনি অনুগ্ৰহ কৰি, গৰুহালৰ সহায়ত, গাড়ীখন গাঁতটোৰ পৰা উলিয়াই দিয়ক না ।"
নগেন : ঠিক আছে, মই উলিয়াই দিম, কিন্তু মোক টকা ৫০০/- দিব লাগিব । উপায়ান্তৰ হৈ যুৱকজনে পাঁচশ টকা দিবলৈ মান্তি হ'ল। নগেনে গৰুহাল যুৰি, গাড়ীৰ বাম্পাৰত দীঘল পঘা এডাল বান্ধি, খুব কম সময়ৰ ভিতৰতে, গাড়ীখন গাঁতটোৰ পৰা টানি উলিয়ালে । যুৱকজনে ৫০০টকা দি কলে, "ধন্যবাদ ককাইদেউ। আপুনি আমাক বহুত সহায় কৰিলে।"
নগেন : ভাইটী, ধন্যবাদ নিদিলেও হব, এই কামটো মই কৰিয়েই থাকো। তোমাৰখনকে ধৰি, আজি দিনটোত এতিয়ালৈকে, দহখন গাড়ী উলিয়ালো।
দ্বিতীয় যুৱক : হেৰা দিনৰ দিনৰ দিনটো যদি অকল গাড়ীয়েই টানি ফুৰা, তুমি খেতিপথাৰৰ কাম কি ৰাতি কৰা নেকি হে ?
নগেন : নাই নকৰো । ৰাতি মোৰ বহুত কাম থাকে ।
দ্বিতীয় যুৱক : ৰাতি কি বহুত কাম কৰা নো ?
নগেন : ৰাতিহলে মই এই গাঁতটোত, বোকা আৰু পানী ঢালো ।
qqqqqqqqqqqqqqqqqqqqqqqqqq •
❤ এটি জনপ্ৰিয় গীতৰ কলি: "প্ৰথম মৰমে যদি সঁহাৰি নাপায়, ভালপোৱা ...
qqqqqqqqqqqqqqqqqqqqqqqqq
মগনীয়া : বাইদেউ, বৰ ভোক লাগিছে, কিবা এটা খাবলৈ দিয়ক ।
মহিলা : ইমান সুস্থ-সবল মানুহজন হৈ ভিক্ষা খুজি খাবলৈ, তোমাৰ লাজ নালাগে ?
মগনীয়া : বাইদেউ, আপুনিও ইমান ধুনীয়া আৰু বগা । আপোনাৰ সুন্দৰ চেহেৰা আৰু মস্ত ফিগাৰ থকাৰ পিছতো ঘৰতে বহি আছে ? আপোনাৰ বয়সেই বা কিমান হৈছে ? বোম্বেলৈ গৈ নায়িকা হবলৈ চেষ্টা নকৰে কিয় ?
মহিলা : মই তোমাক এনেয়ে কৈ চাইছিলো । তুমি সৌ মূঢ়াটোত বহা, মই চাহ-মিঠাই লৈ আনিছো ৰবা । আমাৰ এওঁৰ পুৰণি ভাল কাপোৰ এযোৰ আছে, তোমাক দিম, পিন্ধিব পাৰিবা। আগলৈ কেতিয়াবা ভোক লাগিলে, আমাৰ ইয়ালৈকে গুচি আহিবাদেই ।
qqqqqqqqqqqqqqqqqqqqqqqqqqqqqq •
দোকানৰ দৃশ্যঃ দোকানৰ পৰা এগালমান বস্তু লৈ মহিলা গৰাকী কাউন্টাৰত ৰৈ আছে । বস্তু আৰু পইচাৰ হিচাপ মিলাই দোকানীজনে কলে, "বাইদেউ , আপোনাৰ মুঠ ৫৫৪৫/- টকা হৈছে । নগদ দিব নে ক্ৰেডিট কাৰ্ডেৰে পেমেন্ট কৰিব ?" মহিলা : মই নগদ দিছো ৰ'ব। মহিলা গৰাকীয়ে বেগৰ পৰা পইচা উলিয়াব লঁওতে, টিভিৰ ৰিমোট কন্ট্ৰ'ল এটা দেখি, দোকানীজনে সুধিলে, "
বাইদেউ, আপুনি টিভিৰ ৰিমোটটো সদায় লগত লৈ ফুৰে নেকি ?"
মহিলা : নাই, আজি মোৰ পতিয়ে মোৰ সতে, বজাৰলৈ নাহো বুলি কৈছিল । সেই কাৰণে ৰিমোটটো লৈ আহিলো ।
দোকানী : মানে নুবুজিলো !
মহিলা : তেঁওৰ ওপৰত লবলৈ, ইয়াতকৈ ডাঙৰ প্ৰতিশোধ কি হব পাৰে, আপুনি ভাবকচোন ?
qqqqqqqqqqqqqqqqqqqqqq
❤ কেইবছৰমান আগৰ কথা ।
এবাৰ অসমৰ এঠাইলৈ মই ফুৰিবলৈ গৈছিলো । তাত মই ঘুৰি ফুৰোতে, এটা আচহুৱা ঘটনা দেখি ৰৈ দিলো । এখন সৰু মঞ্চ আছে আৰু মঞ্চৰ সন্মুখত, এগালমান দৰ্শক বহি আছে। এজন মানুহ মঞ্চলৈ আহি মাইক্ৰফোনত এটা নম্বৰ কলে, " ২১২" । নম্বৰটো শুনাৰ লগে লগে মঞ্চৰ সন্মুখত বহি থকা ৰাইজে, হাত চাপৰি বজাইছে আৰু খুব হাঁহিছে । মই ঘটনাটো ভালদৰে বুজাৰ মানসেৰে, তাত ৰৈ দিলো। অলপ সময় পিছত বেলেগ এজন আহি, বেলেগ এটা নম্বৰ কলে, "১২৩"। নম্বৰটো শুনাৰ পিছত উপস্থিত ৰাইজে, পুনৰ হাঁহিবলৈ ধৰিলে ।
মই কথাটোৰ একো আওভাও নুবুজি, উক্ত সভাৰ মুখ্য আয়োজকক, কোনোমতে বিচাৰি উলিয়াই সুধিলো , "অনুগ্ৰহ কৰি মোক বুজাই কওঁকচোন, মানুহবোৰে নম্বৰ এটা শুনি, কেনেকৈ ইমান হাঁহিব পাৰে ? আচলতে ইয়াত হৈছে কি, কওঁকচোন ?"
আয়োজক : মানুহবোৰে আচলতে ৰগৰ বা কৌতুক শুনিকিহে হাঁহিছে ।
মই : কিন্তু, মই তো কাকো ৰগৰ কোৱা শুনা নাই । ইয়াত ৰগৰ কোনে কৈছে ?
আয়োজক : আপুনি মঞ্চৰ ওপৰলৈ আহি নম্বৰ কোৱা দেখিছে নে ? সেইয়া আচলতে এটা ৰগৰ হে ।
মই পাগল হবলৈ অলপ বাকী আছিল । তথাপি বৰ ধৈৰ্য সহকাৰে সুধিলো, "কি কলে ! নম্বৰটো এটা ৰগৰ, হেৰি মোক পগলা নকৰিব, বুজাই কওঁকচোন ।"
আয়োজক : চাওঁক, এইযে দৰ্শক বোৰ বহি থকা দেখিছে, এওঁবিলাক আটায়ে ৰগৰ প্ৰেমিক। এই ৰগৰৰ আড্ডাটো বহুদিন ধৰি চলি আহিছে। একেটা ৰগৰকেই বহুবাৰ ৰগৰা (পুনৰাবৃত্তি) হৈছে। অৰ্থাৎ, একেটা ৰগৰ বাৰে বাৰে কৈ থকা হয় বাবে ৰগৰবোৰ চবৰে মুখস্থ হৈ গৈছে ।
সেয়েহে আমি কম সময়ত যাতে বেছিকৈ হাঁহিব পাৰো, সেইটো মাথাত ৰাখি ৰগৰ বোৰক ক্ৰমিক নম্বৰ দি দিয়া হৈছে । ৰগৰৰ সলনি নম্বৰটো শুনাৰ লগে লগে ৰাইজে বুজি পাই, কোনটো ৰগৰ কোৱা হৈছে আৰু হাঁহে। এতিয়া বুজিলে নে?
মই : বুজিলো !!
আয়োজক : এটা কাম কৰক, আপোনাকো বৰ ৰগৰ ৰসিক যেন লাগিছে , গতিকে মোৰ বিনম্ৰ অনুৰোধ, আপুনিও এটা ৰগৰ কওঁক । এইবুলি মোক প্ৰায় ঠেলি হেচুকি, মঞ্চৰ ওপৰলৈ পঠাই দিলে । মই মাইক্ৰফোন হাতত লৈ কি, কঁও নকঁওকৈ, বহুপৰ ভাবি-চিন্তি, মোৰ গাড়ীখনৰ নম্বৰটোকে কৈ দিলো, " ২৪১৫" নম্বৰটো কৈ , ভালকৈ শেষ হব নাপাঁওতেই, মানুহবোৰে হাঁহিবলৈ ধৰিলে । সন্মুখৰ চকীত বহা, কেইজনমানতো হাঁহি হাঁহি একেবাৰে, মাটিত বাগৰিয়েই গ'ল।
ঘটনা দেখি মই হতবাক ।
পুনৰ আয়োজক জনক সুধিলো , "এটা কথা বুজাই দিয়ক, মই কোৱা নম্বৰটো শুনি, দৰ্শকে কি ৰস পালে যে, হাঁহিত বাগৰি গৈছে ? "
আয়োজক : আমাৰ দৰ্শকে আপোনাৰ ৰগৰটো আজি প্ৰথমবাৰৰ বাবে শুনিছে, আৰু সেইবাবেই বেছি ৰস পাই হাঁহিছে ।
qqqqqqqqqqqqqqqqqqqqqqqqqqqq
অলপ পুৰণি দিনৰ কথা। সেই সময়ত দাস প্ৰথাৰ প্ৰচলন আছিল । দাস প্ৰথা অনুযায়ী প্ৰাপ্তবয়স্ক পুৰুষ আৰু মহিলাক, বজাৰত মুক্তভাবে কিনা-বেচা কৰা হৈছিল । সেই সময়ত, এখন চহৰত এহাল লৰা ছোৱালীৰ সতে, এগৰাকী বিধৱা মহিলা বাস কৰিছিল । লৰাজন ১১ আৰু ছোৱালীজনী ১০ বছৰ বয়সৰ আছিল। স্বামীৰ মৃত্যুৰ পিছত, উপাৰ্জনৰ কোনো পথ নথকাত, চৰম দাৰিদ্ৰৰ মাজেৰে পৰিয়ালটোৱে দিন কটাবলগীয়া হৈছিল । আৰ্থিক অনাটনে জুৰুলা কৰা মানুহজনীয়ে, লৰা ছোৱালী দুটাক, দুবেলা দুমুঠি ভাত দিবলৈ অক্ষম হৈ পৰিছিল ।
দিনক দিনে অৱস্থা বেছি বেয়ালৈ যোৱাত, এদিন নিশা, লৰা-ছোৱালী দুটাক মাকে মাতি কলে, " এপদ এপদকৈ ঘৰৰ সকলো আচবাব, বাচন-বৰ্তন চব বেচি ইমানদিনে, কোনোৰকম তোমালোকক ভাত কেইটা দি আছিলো । কিন্তু বৰ্তমান তোমালোক দুয়োকে, ভাত এমুঠি দিবলৈকে মোৰ হাতত কূটা এডালো নাই । গতিকে মই বহু চিন্তাৰ মূৰত, এটা সিদ্ধান্ত লৈছো । "
ল'ৰা : কি সিদ্ধান্ত মা ?
মাক : কাইলৈ তুমি মোক বজাৰলৈ নি, বিক্ৰী কৰি আহিবা । মোক বিক্ৰী কৰা পইচাৰে তোমালোকৰ জীৱন সুকলমে চলিব ।
ছোৱালী : মা তুমি এইয়া কি কৈছা ? তাতকৈ মোক বিক্ৰী কৰা, তুমি আৰু দাদা কুশলে থাকিলে, মোৰ জীৱন ধন্য হৈ যাব।
লৰা : মা, মোক বিক্ৰী কৰা, মোক পূত্ৰ আৰু ভাতৃৰ কৰ্তব্য পালন কৰিবলৈ দিয়া ।
মাক : তোমালোক দুয়োজন নাবালক আৰু নাবালিকা, মাতৃ ধৰ্ম্ম অনুসৰি ভৰণ-পোষণ আৰু সুৰক্ষাৰ উত্তৰদায়িত্ব মোৰ। (পূতেকক উদ্দেশ্যি ) মোৰ শেষ কথা, কাইলৈ তুমি বজাৰলৈ নি মোক বিক্ৰী কৰিবা। এইয়া মোৰ অনুৰোধ নহয়, আদেশ বুলি জানিবা।
লৰা : (কিবা এটা চিন্তা কৰি) ঠিক আছে মা, তোমাৰ আদেশ শিৰোধাৰ্য । গধুৰ মনেৰে মাক আঁতৰি যোৱাৰ পিছত, ভনীয়েকে ককায়েকক কান্দি-কান্দি কলে , " দাদা, এইয়া তুমি কি কৰিলা! মাৰ কথাত কিয় সৈমান হ'লা ? কাইলৈ তুমি বজাৰলৈ যাব নোৱাৰিবা, মই কেতিয়াও যাব নিদিওঁ ।"
লৰা : নাকান্দিবি ভনী, কাইলৈ মাক লৈ, বজাৰলৈ যাম ঠিকেই । কিন্তু তই চাবি, মাক লৈ পুনৰ মই ঘৰলৈ উভতি আহিম । ( কিঞ্চিত উৎসাহিত হৈ )
ছোৱালী : সঁচাকৈয়ে দাদা, কিন্তু কেনেকৈ ?
লৰা : তই চাবি, মই মাৰ বিক্ৰী মূল্য, গ্ৰাহকক ইমানেই বেছিকৈ বঢ়াই কম যাতে, কোনেও নিকিনে ।
qqqqqqqqqqqqqqqqqqqqqqqq
বৰ্তমান সমাজত, আমি সকলোৱে এটা কথা, সকলোৱে একমুখে স্বীকাৰ কৰিবই লাগিব যে পূত্ৰ সন্তানতকৈ কন্যা সন্তান, নিজৰ পিতৃ-মাতৃৰ প্ৰতি বেছি দায়িত্বশীল আৰু যত্নবান । পৰম্পৰাগতভাৱে কন্যা সন্তানৰ প্ৰতি, আমাৰ সমাজত থকা এক অৱহেলাৰ, এতিয়া কোনো অৱকাশ থকাৰ প্ৰশ্নই আহিব নোৱাৰে । বিবাহৰ পিছত, কন্যা সকলে নতুন সংসাৰ এখনৰ গুৰু দায়িত্বভাৰ গ্ৰহণ কৰাৰ লগতে, নিজৰ পিতৃ মাতৃৰ প্ৰতি নিষ্ঠা সহকাৰে কৰ্তব্য পালন কৰি যোৱা আমি সততে দেখিবলৈ পাওঁ । পিতৃ-মাতৃৰ প্ৰতি কন্যাসকলৰ নিস্বাৰ্থ সেৱাৰ মনোভাৱ দেখি এনেকুৱা লাগে, পিতৃ-মাতৃক নিজৰ লগত ৰখাৰ অধিকাৰ যদি প্ৰত্যেক জন কন্যা সন্তানে পালেহেঁতেন, তেতিয়া হলে এই পৃথিৱীত এখনো বৃদ্ধাশ্ৰমৰ অস্তিত্ব নাথাকিলেহেঁতেন। মোৰ কবলগীয়া এয়েই, এই একেজনী কন্যাই যদি শহুৰ আৰু শাহুৱেকক নিজৰ পিতৃ-মাতৃৰ দৰে ৰাখে, তেতিয়া হলেও এই পৃথিৱীত বৃদ্ধাশ্ৰমৰ প্ৰয়োজন নহলহেঁতেন ।
qqqqqqqqqqqqqqqqqqqqqqqqq
পতি আৰু পত্নী নিশা এক পাৰ্টি খাবলৈ গ'ল। কিছুসময়ৰ বাবে পতি-পত্নী, নিজৰ চিনাকী মানুহবোৰৰ সতে, কথা পতাত ব্যস্ত হৈ পৰিল। কিছু সময় পিছত, পতিয়ে পাৰ্টিত কেইজনীমান ধুনীয়া যুৱতীৰ লগত হাঁহি-হাঁহি ৰসাল আলাপত মত্ত হৈ আছিল । তেনেতে পত্নীয়ে পতিগৰাকীক মাতি কলে, "সোণকালে ইয়াৰ পৰা ওলাই যাওঁ বলক, ফাৰ্মেচীবোৰ বন্ধ হৈ যাব নহলে ।"
পতি : ৰবাহে, পাৰ্টি আৰম্ভ হৈছে হে । তোমাৰ আকৌ ফাৰ্মেচীৰ পৰা, কিনো দৰৱ লব লগা আছে ?
পত্নী : আয়োডেক্স এটা লম।
পতি : আয়োডেক্স কিয় ? কাৰ কি হৈছে ?
পত্নী : ঘৰলৈ বলক, আজি আপোনাৰ গাৰ বিষ বোৰত, "আয়োডেক্স" লগাই দিম।"
পতি : কিন্তু কতা ! মোৰ গাৰ বিষ হৈছে জানোঁ ?
পত্নী : কেলেই ! আমিও ঘৰ গৈ পাইছো জানো ?
qqqqqqqqqqqqqqqqqqqqqqq
❤ কেতিয়াবা এনেকুৱা লাগে, সকলো মায়া-মোহ এৰি "ৰাধে মা" ৰ শৰণলৈ গুচি যাওঁ নেকি !
qqqqqqqqqqqqqqqqqqqqqqqqqqqq এ
বাৰ স্বর্গৰ দেবতা আৰু নৰকৰ চয়তান সকলে লগ লাগি ক্রিকেট টুৰ্ণামেন্ট এখন পাতিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিলে। স্বর্গৰ দেবতাসকল খেলত় জিকাক লৈ খুবেই আত্মবিশ্বাসী, কাৰণ পৃথিৱীৰ চব দেশৰ ভাল ভাল ক্রিকেটাৰ বোৰ স্বর্গতেই, দেবতা সকলৰ, সতেই আছে। কিন্তু, চয়তান বোৰো খেলত হৰা জিকাক লৈ বৰ বেছি চিন্তিত যেন দেখা নগ'ল। সিহঁতৰ এই নিশ্চিন্ত ভাবভঙ্গী দেখি এজন দেবতাই এটা চয়তানক মাতি আনি সুধিলে, " কথাটো কি ? ভাল ভাল ব্যাটছ্ম্যান চব আমাৰ লগতে আছে , কিন্তু তোমালোকক, বিশেষ চিন্তিত যেন, অকণো লগা নাই, কাৰণটো কি ! " চয়তানটোৱে দাঁত নিকটাই, চয়তানি হাঁহি এটা মাৰি কলে, " তোমালোকৰ লগত যিমানেই ভাল ব্যাটছ্ম্যান নাথাকক কিয়, আম্পায়াৰ বিলাক চব তো আমাৰ লগতহে আছে ! "
qqqqqqqqqqqqqqqqqqqqqqqq
নগেনৰ বৰ্তমান বয়স প্ৰায় চাৰি কুৰিৰ ওপৰ হ'ল । এদিন আবেলি আলিবাটৰ দাঁতিত পৰি থকা, বহু পূৰণি প্ৰকাণ্ড শিল এটাৰ ওপৰত বহি আছে। গাঁৱৰ ডেকা লৰা কেইজনমান সেইফালেদি পাৰ হৈ যাওতে মাত লগালে, " দাইটি ভাল নে, দেহা কেনেকুৱা ?"
নগেন : ভালে আছো অ' বোপাইহত । দেহা অৰ্থাৎ বল-শক্তি, মোৰ আগৰ দৰেই আছে ।
ডেকা লৰা : বল-শক্তি আগৰ দৰেই আছে ! মানে কথাটো নুবুজিলো ।
নগেন : মানে তহঁতৰ বয়সত, মোৰ গাত যিমান বল আৰু শক্তি আছিল, এতিয়াও মোৰ গাত সিমানেই বল-শক্তি আছে । (আটাইকেইজনৰ হাঁহি উঠিল)
ডেকা লৰা : আপুনি নো কথাটো কিদৰে গম পালে, দাইটি ।
নগেন : এইযে মই শিলটোত বহি আছোঁ , এই শিলটো মই আজি ডাঙিব পৰা নাই আৰু তহঁতৰ বয়সতো মই ডাঙিব পৰা নাছিলোঁ ।
qqqqqqqqqqqqqqqqqqqqqq
নগেন আৰু বীৰেণ দুই বন্ধুৰ কথোপকথন শুনক।
নগেন : ডাঙৰ কথা এটা হ'ল নহয় !
বীৰেণ : কি ডাঙৰ কথা হ'ল অ' , কচোন ?
নগেন : যোৱাকালি মোৰ মানুহজনী, বাৰীৰ পিছফালৰ কুঁৱাটোত পৰি গল নহয় । বৰ দুখ পাইছে বেচেৰী । বহুত চিঞৰ-বাখৰ কৰিছে ।
বীৰেণ : এতিয়া কেনে আছে, ভাল পাইছে নে ?
নগেন : ভাল পাইছে চাগে , এতিয়া আৰু কুঁৱাটোৰ পৰা একো মাত অহা শুনা নাই, কিন্তু ।
qqqqqqqqqqqqqqqqqqqqqqqq
তিনজন যুৱকে এজনী ধুনীয়া যুৱতীক বেলেগে বেলেগে, প্ৰেম নিবেদন কৰি প্ৰস্তাৱ কৰিলে ।
প্ৰথম যুৱক : মই তোমাক ভাল পাওঁ আৰু প্ৰয়োজন হলে তোমাৰ বাবে মই মৰিবলৈ সাজু আছোঁ ।
যুৱতী : মৰিম বুলি কোৱাটো পুৰণি হ'ল আৰু দেই। মই বৰ দুখিত।
দ্বিতীয় যুৱক : মই তোমাক ভাল পাওঁ আৰু প্ৰয়োজন হলে, তোমাক মই আকাশৰ পৰা তৰা ছিঙি আনি দিম ।
যুৱতী : এইটো বহুত পুৰণি "ডাইলগ" । উম নহব, চ'ৰি।
তৃতীয় যুৱক : মই তোমাক ভাল পাওঁ আৰু মই তোমাক মোৰ ফেচবুকৰ পাছৱৰ্ড দিবলৈ সাজু আছোঁ । ( যুৱতীৰ দুগালেদি চকুলো বাগৰি গৈছে )
যুৱতী : আই ঐ দেহি, তুমি মোক ইমানেই ভাল পোৱা ? মই যেন আজীৱন, তোমাৰেই অপেক্ষা কৰি আছিলো, দেহাটো মোৰ । আই লাভ্ ইউ, জান। শুভ সন্ধিয়া বন্ধু-বান্ধৱী সকল।
qqqqqqqqqqqqqqqqqqqqqqqqqqq
❤ বন্ধু সকল, আপোনাৰ বাবে কোনো মহিলাই যাতে কান্দিবলগীয়া নহয়, এই কথাটোৰ প্ৰতি সদায় সতৰ্ক থাকিব। এগৰাকী মহিলাৰ চকুলোৰ মূল্য যে কিমান, আপুনি কেতিয়াও কল্পনা কৰি চোৱা নাই, চাগৈ ।
মহিলা এগৰাকীৰ, এটোপাল চকুলোৰ মূল্য কিমানযে হব পাৰে, নিৰ্মোহ বিশ্লেষণ কৰিছো চাই লওঁক :
মহিলাগৰাকীয়ে যেতিয়া কান্দিব, চকুলোৰ টোপালটোৱে চকুৰ পাহিত সনা 'ল'ৰিয়েল' কোম্পানীৰ 'আই লাইনাৰ' (দাম ৬৫০ টকা) আৰু মাস্কাৰা (দাম ২৫০০ টকা) উটুৱাই নিব । তাৰপিছত ক্ৰমান্বয়ে দুগালেদি বাগৰি আহি 'ডি এন্ড জি' কোম্পানীৰ 'ব্লাশ্বাৰ' ( দাম ২৫০০ টকা) ক সামৰি-সুতৰি, লৈ আহি বোৱতী নদীৰ দৰে, অৱশেষত ই ওঠ দুপাৰি স্পৰ্শ কৰিব । ওঠ দুপাৰি স্পৰ্শ কৰাৰ পিছত, 'লেকমে' কোম্পানীৰ 'লিপষ্টিক' (দাম ৩৫০ টকা) সহ ই অন্তৰ্ধান হৈ পৰিব। অৰ্থাৎ, এগৰাকী মহিলাৰ এটোপাল চকুলোৰ বাবে, চকুৰ পচাৰতে ৬০০০ টকা আপোনাৰ অজানিতে পানীৰ সতে বৈ যাব । সেয়েহে মোৰ একান্তই অনুৰোধ যে, কোনো মহিলাক কান্দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি নকৰিব । এইটো আপুনি বহন কৰিবলৈ হলে, সঁচাকৈয়ে এক অত্যন্ত খৰছী প্ৰক্ৰিয়া নহয় নে ?
qqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqq
শুভ সন্ধিয়া !
বন্ধু-বান্ধৱী সকল, যদি আপোনাৰ কাৰোবাক ভাল লাগে বা ভালপায়, তেনেহলে মনত ৰাখিব যে সেই মানুহজনতকৈ, আপুনিহে বেছি ভাল । আৰু যদি আপোনাৰ কাৰোবাক বেয়া লাগে বা বেয়া পায়, তেনেহলে গম পাব, সেইজন সঁচাকৈয়ে বেয়া, কাৰণ আপোনাক ভাল বুলি, মই আগতেই কৈ থৈছো।
qqqqqqqqqqqqqqqqqqqqqqqqqqq
আপোনাৰ জীৱনত, তিনিটা অমূল্য উপহাৰ, বৰ সযত্নে ৰাখিবলৈ চেষ্টা কৰিব ।
❤ ঈশ্বৰ প্ৰদত্ত উপহাৰ হৈছে আপোনাৰ জীৱন সংগী অথবা সংগিনী ।
❤ উপহাৰ স্বৰূপে স্বয়ং ঈশ্বৰৰ আবিৰ্ভাৱ হৈছে, আপোনাৰ পিতৃ আৰু মাতৃ ।
❤ ঈশ্বৰেও পাবলৈ টান তেনেকুৱা উপহাৰ হৈছে আপোনাৰ বন্ধু আৰু বান্ধৱী ।
সুপ্ৰভাত !
qqqqqqqqqqqqqqqqqqqqq
শুভ-সন্ধিয়া বন্ধু-বান্ধৱী সকল,
❤ যেতিয়ালৈ আমাক মানুহৰ পৰা, বিভিন্ন জাতি হিচাপে, বিচ্ছিন্ন কৰা হোৱা নাছিল,
❤ যেতিয়ালৈ ধৰ্ম্মৰ নামত আমাক, বিভাজিত কৰা হোৱা নাছিল ,
❤ যেতিয়ালৈ আমাক নীচ ৰাজনীতিয়ে, বিভক্ত কৰা নাছিল ,
❤ যেতিয়ালৈ সম্পদৰ প্ৰাচুৰ্যই আমাক, শ্ৰেণীৱদ্ধ কৰা নাছিল , তেতিয়ালৈ আমি সকলোৱে, এই পৃথিৱীখনত অকল মানুহ, হিচাপেহে পৰিচিত আছিলোঁ ।
qqqqqqqqqqqqqqqqqqqqqqqqqqq
অসমৰ এটা জনপ্ৰিয় টিভি নিউজ চেনেলৰ সাংবাদিক এজনে কৃষক বন্ধু নগেন কাইৰ "লাইভ" ইন্টাৰভিউ লৈছে ।
সাংবাদিক : আপোনাৰ ছাগলীজনীক, আপুনি কি খুৱাই বাৰু ?
নগেন : ক'লাজনীৰ কথা কৈছে নে বগাজনীৰ কথা কৈছে ?
সাংবাদিক : ঠিক আছে, বগাজনীৰ কথাটোৱেই কওঁকচোন বাৰু ।
নগেন : ঘাঁহ খুৱাও আকৌ ।
সাংবাদিক : আৰু ক'লাজনীক কি খুৱাই ?
নগেন : তাইকো ঘাঁহয়েই খুৱাও ।
সাংবাদিক : দৰ্শক সকল, আমাৰ নগেনকাইটীয়ে ক'লা ছাগলীজনীক, ঘাঁহ খুৱাই আৰু বগাজনীকো ঘাঁহয়েই খুৱাই । আচ্ছা, আপুনি কওঁকচোন ছাগলীবোৰক, ৰাতি হ'লে ক'ত ৰাখে ?
নগেন : ক'লাজনীৰ কথা কৈছে নে বগাজনীৰ কথা কৈছে ?
সাংবাদিক : বগাজনীৰ কথাটোৱেই কওঁকচোন ।
নগেন : ঘৰৰ বাৰান্দাত বান্ধি থওঁ, আকৌ।
সাংবাদিক : আৰু ক'লা ছাগলীজনীক ?
নগেন : তাইকো, ঘৰৰ বাৰান্দাতেই বান্ধি থওঁ ।
সাংবাদিক : আপোনাৰ ছাগলীজনীক কিহেৰে গা ধুৱাই বাৰু ?
নগেন : ক'লাজনীৰ কথা কৈছে নে বগাজনীৰ কথা কৈছে ?
সাংবাদিক : উস্ ৰাম, বগাজনীৰ কথাটোৱেই কওঁকচোন ।
নগেন : পানীৰে আকৌ ।
সাংবাদিক : আৰু ক'লা ছাগলীজনীক গা কিহেৰে ধুৱাই ?
নগেন : তাইকো পানীৰেই ধুৱাও ।
নগেনৰ উত্তৰ শুনি সাংবাদিকজনৰ একেবাৰে খঙ উঠি গ'ল আৰু কলে, " হেৰি আপুনি, কি আচৰিত মানুহ হে ! আপুনি দুয়োজনী ছাগলীৰ লগত, একেটা কামকেই কৰাৰ পিছতো, বাৰে বাৰে মোক কিয় সুধি থাকে, ক'লাজনীক নে বগাজনীক বুলি? "
নগেন : কাৰণ, ক'লাজনী মোৰ ছাগলী ?
সাংবাদিক : তেতিয়া হলে বগাজনী কাৰ নো ?
নগেন : বগাজনীও মোৰেই আকৌ । এই কথাষাৰ শুনাৰ পিছত সাংবাদিকজন মূৰ ঘুৰাই মাটিত পৰি গ'ল ।
উপস্থিত ৰাইজৰ কেইজনমানে চকুৱে মুখে পানী মৰাৰ পিছতহে, সাংবাদিকজনৰ জ্ঞান ঘুৰি আহিল। সাংবাদিকজনৰ কাণৰ কাষলৈ কৈ নগেনে কলে, "এতিয়া গম পালি, তহঁতি দিনৰ দিনটো, সাধাৰণ তুচ্ছ বাতৰি এটাকে, পেঘেনিয়াই পেঘেনিয়াই, আমাক কি হাৰত, মানসিক অত্যাচাৰ কৰি থাক ?"
qqqqqqqqqqqqqqqqqqqqqqq
শালি ধানৰ খেতি কৰাৰ মানসেৰে নগেনে, শনিবৰীয়া বজাৰৰ পৰা বলধ গৰু এহাল কিনি আনিলে । ঘৰলৈ অহাৰ পিছত নগেন এটা সমস্যাৰ সন্মুখীন হবলগীয়া হোৱাত, উপায়ান্তৰ হৈ ওচৰৰ গাঁৱৰ, বন্ধু বীৰেনৰ শৰণাপন্ন হ'ল।
বীৰেণ নগেনৰ বন্ধু , দাৰ্শনিক আৰু পথ প্ৰদৰ্শক ।
নগেনে বীৰেনক কলে, "বন্ধু, গৰুহাল দেখাত একদম একে। শিং, নাক, কাণ, গলধন আদি কৰি একেবাৰে নেজলৈকে কোনো পাৰ্থক্য নাই। মই বৰ বিমোৰত পৰিছো, বন্ধু । "
বীৰেণ : দেখিবলৈ একে হোৱা বাবে, তোমাৰ কি অসুবিধা হৈছে বাৰু ?
নগেন : অসুবিধা মানে! মই এতিয়াহে বুজি পাইছো, যঁজা সন্তান বোৰৰ, মাকৰ কি কি অসুবিধা হয়। চিন ধৰিব নোৱাৰি, একেটাকে দুবাৰ দুবাৰ দানা খুৱাই দিওঁ , একেটাকে দুবাৰকৈ গা ধুৱাই দিওঁ ।
বীৰেণ : উম বুজি পালো, এটা কাম কৰা, যিকোনো এটাৰ, নেজডালৰ চুলিকোচা কাটি দিয়া, তোমাৰ সমস্যা সমাধান হৈ যাব । নগেন আনন্দ মনে ঘৰলৈ উভতি গল । কেইদিনমান পিছত আকৌ বীৰেনৰ ঘৰ আহি ওলাল আৰু কলে, "বন্ধু , তোমাৰ পৰামৰ্শ অনুযায়ী, কেইদিনমান ঠিকেই ধৰিব পৰা হৈছিলো কিন্তু গাঁৱৰ কোনোবা দুষ্ট লৰাই, আনটো বলধৰো নেজডাল কাটি দিয়াত পুনৰ চিন হেৰাল নহয় । এতিয়া তুমি কোৱা মই কি কৰো ?
বীৰেণে কিছু সময় চিন্তা কৰি কলে, " তুমি এটা বলধৰ কাণ এখন অলপ কাটি দিয়া, তোমাৰ সমস্যা শেষ । " নগেন আনন্দ মনে ঘৰলৈ উভতি গল । দুদিনমান পিছত আকৌ বীৰেনৰ ঘৰ আহি ওলাল আৰু কলে, " বন্ধু , কি কবা সমস্যাৰ শেষ নাই, আনটো বলধে পথাৰত অইন কোনোবা গৰুৰ লগত কাজিয়া লাগি, কাণখন কটাই আহিল নহয়, এতিয়া আকৌ আগৰ দৰে চিন হেৰাল। তুমিয়েই কোৱা কি কৰো ? "
বীৰেণ : শুনা তুমি চাহ-জলপান খাই এতিয়া ঘৰলৈ যোৱা, কাইলৈ ৰাতিপুৱা নোৱাৰিম, আবেলি পৰত তোমাৰ ঘৰলৈ আহিম। গৰুহাল এবাৰ চাই মেলি, তোমাৰ সমস্যাৰ স্থায়ী সমাধান কৰি আহিম। নগেনে চাহ-জলপান খাই ঘৰলৈ উভতি আহিল । পিছদিনাখন ৰাতিপুৱাই ৰাতিপুৱাই, নগেন হেফাই-ফেফাই বীৰেনৰ ঘৰ গৈ ওলাইছে ।
বীৰেণ : ইমান ৰাতিপুৱাই আহিলা যে, কথাটো কি ?
নগেন : নকবা বুজিছা , যোৱাকালি তোমাৰ ইয়াৰ পৰা গৈ, ওৰে ৰাতি মাথা মাৰি বুদ্ধি এটা পাই গলো বুজিছা । মোৰ সমস্যা সমাধান হৈ গ'ল । ফূৰ্তিতে কথাটো কবলৈকেহে তোমাৰ ওচৰলৈ আহিছোঁ ।
বীৰেণ : অ' কোৱাচোন কি কৰিলা ?
নগেন : মই আজি ৰাতিপুৱা শুই উঠিয়েই, বলধ দুটাৰ উচ্চতা জুখি চালো ।
বীৰেণ : দুইটা সমানে ওখ নহয় নেকি ? ( আত্মসন্তুষ্টিৰ হাঁহি এটা মাৰি লৈ )
নগেন : মই জুখি চাই দেখিলো বগা বলধটো, ক'লা বলধটোতকৈ , বেছি নহয় পিছে, মাত্ৰ দুই আঙুলমান চাপৰ হব, বুজিছানে ?
বীৰেণ : কি কলা ??? বগা আৰু ক'লা বলধ ???
বন্ধু বীৰেন সেই ঘটনাৰ পিছত, তেজপুৰৰ মানসিক চিকিৎসালয়ত, আজিও চিকিৎসাধীন হৈ আছে ।
qqqqqqqqqqqqqqqqqqqqqqq
❤ সুপ্ৰভাত বন্ধু-বান্ধৱী সকল, ভাৰতবৰ্ষত মুঠ ৭০ কৌটি প্ৰাপ্তবয়স্ক পুৰুষ আছে। প্ৰত্যেক জন পুৰুষৰ দাঢ়ি আৰু চুলি কটা বাবদ যদি, মাহিলী খৰছ, ৫০ টকা বুলি ধৰা হয়, বছৰি ৪২০০০ কৌটি টকা ভাৰতবৰ্ষই, অকল দাঢ়ি আৰু চুলি কটোৱাৰ নামত খৰছ কৰে । আমোদজনক কথাটো হ'ল, আমাৰ প্ৰতিবেশী ৰাষ্ট্ৰ, পাকিস্থানৰ প্ৰতিৰক্ষা বিভাগৰ বাজেট ৪১০০০ কৌটি টকা । চিন্তা কৰক, তাৰ পিছতো পাকিস্তানে ভাৰত আক্ৰমণৰ সপোন দেখে। বি:দ্ৰ: আমাৰ মহিলা সকলৰ "বিউটী পাৰ্লাৰ" ৰ খৰছটো ধৰাই হোৱা নাই ।
qqqqqqqqqqqqqqqqqqqqqqqqqqqq
মহাজনৰ ঘৰৰ গাধ আৰু ককুৰৰ মাজত কথোপকথন চলি আছে ।
গাধ : দোস্ত, আজিও মোক মহাজনে, মোক বৰ নিৰ্মম ভাবে প্ৰহাৰ কৰিছে ।
ককুৰ : এইটো কোনো নতুন কথা নহয় । মই এটা বস্তু বুজি নাই পোৱা, ইমান মাৰ খোৱাৰ পাছতো, তই ইয়াত কিয় যে পৰি আছ ! তোৰ ঠাইত মই হোৱা হলে কেতিয়াবাই পলালোহেঁতেন ।
গাধ : মই কেৱল মহাজনৰ ধুনীয়া ছোৱালীজনীৰ আশাত হে ইয়াত, পৰি আছো ।
কুকুৰ : কি কলি ? মই হলে একো বুজা নাই ।
গাধ : ঐ কি জান ! ছোৱালীজনীয়ে যেতিয়া পঢ়াশুনা নকৰে মহাজনে সদায় কয়, " তই যদি ভালদৰে পঢ়াশুনা নকৰ, তেতিয়া হলে তোক নিশ্চয় কোনোবা এদিন, গাধ এটাৰ লগত বিয়া দি দিম ।" বচ্ দোস্ত , এই আশাতেই, ইয়াত মাৰ কিল খাই হলেও, পৰি আছো আৰু।
qqqqqqqqqqqqqqqqqqqq
নগেনে সম্প্ৰতি মাছৰ পাইকাৰী বজাৰত কাম পাইছে। কামত যোগদান কৰাৰ দিনাখন বজাৰলৈ গৈ, চালানী মাছত দিবলৈ অনা ডাঙৰ ডাঙৰ, বৰফৰ টুকুৰা বোৰ দেখি ৰ লাগি চাই আছে । মালিকৰ নিৰ্দেশ অনুযায়ী কামবোৰ কৰি আছিল যদিও, সুৰুঙা পালেই সি গৈ বৰফৰ টুকৰা বোৰ তন্ন-তন্নকৈ চাই থাকে। মালিকে কথাটো মন কৰি আছিল, সেয়েহে তাক ওচৰলৈ মাতি কলে, " নগেন, তই বাৰে বাৰে কিনো, চাই আছ ? সেইয়া বৰফ হয় ।" নগেন : দাদা, বৰফ বুলি বুজি পাইছো । কিন্তু ........ মালিক: কিন্তু কি ? নগেন : বৰফৰ পৰা পানী যে পৰি আছে, সেইয়া কৰ পৰা " লিক্ " কৰি আছে, সেইটোহে ধৰিব পৰা নাই , দাদা ।
qqqqqqqqqqqqqqqqqqqqqq
❤ সুপ্ৰভাত ! পুৰণি ৰচনা এটা আগবঢ়ালো । আদালতৰ কাঠগড়াত নগেন এটা বিচাৰৰ সাক্ষী হিচাপে আহিছে।
উকীল: আপোনাৰ নাম ?
নগেন : মোৰ নাম নগেন হাতীবৰুৱা।
উকীল : আপোনাৰ বয়স?
নগেন : দুকুৰি মান হব।
উকীল : আপুনি বিবাহিত ?
নগেন : হয়, মোৰ এগৰাকী মহিলাৰ সৈতে, বিয়া হৈছে ।
উকীল : ( বিৰক্ত হৈ ) কি কথা কয় হে ! আপোনাৰ বিয়া, মহিলাৰ সৈতে নহৈ, কিবা পুৰুষৰ লগত হব লাগিছিল নেকি ?
নগেন : ( সেমেনা-সেমেনি কৰি ) নহয় মানে মোৰ ভন্টীজনীৰ, এজন পুৰুষৰ লগত বিয়া হৈছিল, আকৌ ।
qqqqqqqqqqqqqqqqqqqqqqqqqqqqqq
❤ ❤ ❤ সম্প্ৰতি নগেন মহানগৰীলৈ নতুনকৈ আহিছে । এদিনাখন চিটি বাছৰ ষ্টপেজত, বাছলৈ বুলি ৰৈ আছে। দূপৰীয়াৰ সময়, বাছৰ সংখ্যাও কম । একেটা বাছ ষ্টপেজত, এগৰাকী ধুনীয়া যুৱতীও ৰৈ আছে। নগেনে যুৱতীগৰাকীক লুকাই চুৰকৈ চাই আছিল। অৱশেষত মনলৈ সাহস গোটাই যুৱতী গৰাকীক সুধিলে, " আপুনি কেই নম্বৰ বাছৰ বাবে ৰৈ আছে ?" ( যুৱতীয়ে সহজভাবে উত্তৰ দিলে )
যুৱতী : ২ নম্বৰ বাছৰ বাবে ৰৈ আছো । ইমান দেৰী বাছ এখনো অহা নাই। আপোনাৰ কেই নম্বৰ ?
(নগেন একপক্ষীভাবে প্ৰায় প্ৰেমত পৰো পৰো অৱস্থা )
নগেন : হয় মইও, বহু সময়ৰ পৰা ৰৈ আছো। মই ৭ নম্বৰ বাছলৈ ৰৈ আছো।
এনেদৰেই দুয়ো আৰু দুষাৰ মান, সাধাৰণ কথা-বাৰ্তা, পৰস্পৰৰ মাজত বিনিময় কৰিলে। নগেনে আৰু অলপ বেছিকৈ কথা পতাৰ আশাত, সোনকালে বাছ নাহিবলৈ, মনে মনে ঈশ্বৰক চিন্তি আছে। কিছুসময় পিছত, এখন ২৭ নম্বৰ বাছ আহি ৰ'লহি। নগেন আনন্দত আত্মহাৰা হৈ উঠিল । মনৰ আনন্দত যুৱতীগৰাকীক উদ্দেশ্যি কলে, " ভালেই হ'ল আমি দুয়ো এতিয়া, একেলগে যাব পাৰিম।"
যুৱতী : আপুনি কি কৈছে, মই একো বুজা নাই।
নগেন : আপোনাৰ ২ নম্বৰ আৰু মোৰ ৭ নম্বৰ বাছ, একেলগে লগ লাগি ২৭ নম্বৰ হৈ আহিল । আমি দুয়ো এতিয়া, একেখন বাছতেই যাব পাৰিম, আকৌ । শুভৰাত্ৰি বন্ধু-বান্ধৱী সকল।
qqqqqqqqqqqqqqqqqqqq
❤ বন্ধু-বান্ধৱী সকল, মোৰ পুৰণি ৰচনা, এটি ৰিপোষ্ট কৰিলো। নগেনে সৰু নতুন স্কুটি এখন চলাই আহি আছে। ওচৰ পোৱাত বন্ধু বীৰেণে সুধিলে, "স্কুটি, নতুনকৈ ললি নেকি আৰু যোৱাকালি ক'ত আছিলি ?"
নগেন : নতুনকৈ নাই লোৱা, যোৱাকালি বৰ ডাঙৰ ঘটনা এটা হ'ল নহয় !
বীৰেণ : কচোন কি হ'ল? নগেন : এজনী বৰ ধুনীয়া ছোৱালীৰ সতে চিনাকী হলো, মোক তাইৰ স্কুটিৰ পিছফালে বহুৱাই নিৰ্জন হাবিতলীয়া, ঠাই এডোখৰলৈ লৈ গ'ল ।
বীৰেণ : তাৰ পিছত, ক আকৌ, কি হ'ল ?
নগেন : তাৰ পিছত তাই মোক কলে, "নগেনদা, এই মূহুৰ্তত, মোৰ সকলো বস্তু, আপোনাৰ । আপোনাৰ যি মন যায়, মোৰ পৰা লব পাৰে ! "
বীৰেণ : (সেপ ঢুকি) তই কি কৰিলি ?
নগেন : তাইৰ কাপোৰ যোৰ অৱশ্যে দামী আছিল , কিন্তু মই ভাবিলো, ছোৱালী মানুহৰ কাপোৰ, মোৰ নো কি কামত আহিব, গতিকে বহু চিন্তাৰ মূৰকত, তাইৰ স্কুটি খনকে লৈ আহিলো আৰু !
বীৰেণ : ধেৎ তেৰি কা !
qqqqqqqqqqqqqqqqqqqqqqq
সুপ্ৰভাত
❤ নগেন আজিকালি চহৰৰ, মানুহ এঘৰত কাম কৰে। ঘৰৰ মালিকৰ হুইস্কীৰ বটলৰ পৰা, সদায় সি চুৰ কৰি দুই তিনি পেগ খাই আৰু পানী মিহলাই থৈ দিয়ে। কথাটো মালিকে প্ৰথমতে সন্দেহ কৰিছিল কিন্তু ধৰিব পৰা নাছিল । পিছলৈ সদায় সদায় নগেনে চুৰ কৰিবলৈ লোৱাত মালিকে বুজিলে যে এইয়া নগেনৰ কাণ্ড বুলি। তথাপিও মালিকে কথাটো আওকাণ কৰি আছিল। এইদৰে খাবলৈ পাই নগেনৰ লতা লাগি, এদিনাখন নগেনে আধাতকৈয়ো বেছি হুইস্কী খাই পানী মিহলাই থৈ দিলে। মালিকে কথাটো গম পালে যদিও, ৰাতিখন নগেনক একো নকলে। পিছদিনাখন মালিক আৰু মালিকনী ড্ৰইংৰূমত বহি আছিল ।
নগেনে ৰান্ধনি ঘৰত কিবা কাম কৰি আছিল। । মালিকৰ কথাটো মনত পৰিল আৰু লগে লগে ড্ৰইংৰূমত বহি থকাৰ পৰা মাতিলে, " নগেন, ঐ নগেন ।" নগেনে ৰান্ধনি ঘৰৰ ভিতৰৰ পৰা মাত লগালে, " হয় চাৰ, কি কথা কওঁক ।" মালিক : তই যোৱাৰাতি, মোৰ বটলৰ পৰা মদ খাই, পানী কিয় মিহলাই থৈছ, বদমাছ । ৰান্ধনি ঘৰৰ ভিতৰত নগেনৰ মাতবোল নাই। মালিকে চিঞৰি আছে । নগেনৰ পৰা একো উত্তৰ নোপোৱাত মালিকৰ ভীষণ খং উঠিল। চুৰ কৰি হুইস্কী খোৱা কথাটোতকৈয়ো নগেনে মালিকৰ কথা শুনিও, নুশুনা ভাও জোৰা কথাটোত হে, মালিকৰ বেছি খং উঠিল।
মালিক ৰান্ধনি ঘৰলৈ গৈ নগেনক সুধিলে, " ঐ তোক যে মই কিবা এটা সুধিছো, তই উত্তৰ নিদি, মনে মনে আছ কিয়? নগেন : চাৰ, আপুনি কি সুধিছে, মই একো নাই শুনা। মালিক : মই তোক প্ৰথম মাতোতে, "কি কথা কওক" বুলিও কলি আৰু এতিয়া কৈছ, একো নাই শুনা বুলি, বদমাছ । নগেন : চাৰ, আপুনি মোক মতা শুনিছো আৰু মই উত্তৰো দিছো, সঁচা । আপুনি বিশ্বাস নকৰিব, ৰান্ধনি ঘৰত থাকিলে বাহিৰৰ পৰা কোনোবাই মাতিলে নামটোৰ বাহিৰে, বাকী একো কথা নুশুনি। কথা শুনি মালিকৰ পগলা হবৰ উপক্ৰম । খঙে মূৰৰ চুলি আগ পাইছেগৈ। মালিক : তই মোক বুৰ্বক বনাবলৈ বিচাৰিছ, বদমাছ ? (মানুহজনীৰ ফালে চাই) চোৱা, মই কিন্তু, ইয়াক আজি মাৰ্ডাৰ কৰিম হলে, কৈ দিছো। দেখ দেখকৈ ইমান মিছা কথা, উস্ ৰাম।
নগেন : চাৰ, যিহেতু আপুনি মোৰ কথা বিশ্বাস নকৰে, এটা কাম কৰক। আপুনি ৰান্ধনি ঘৰলৈ যাওক, মই বাইদেউৰ ওচৰত আছো। মই ইয়াৰ পৰা, আপুনি মোক মতাৰ দৰে মাতিম আৰু কথা পাতিম। তেতিয়া প্ৰমাণ হৈ যাব, শুনি নে নুশুনি। মালিকে দুগুণ উৎসাহেৰে কলে, " ঠিক আছে, মইও সেইটোৱেই বিচাৰিছো , এতিয়াই প্ৰমাণ হৈ যাব, তই যে কিমান মিছলীয়া।" (অলপ পিছত) ড্ৰইংৰূমৰ পৰা নগেনে চিঞৰি সুধিছে, "মালিক মোৰ মাতটো শুনিছে নে ?" মালিকে ৰান্ধনি ঘৰৰ ভিতৰৰ পৰা কৈছে, "শুনি আছো, পিছৰ খিনি কৈ যা।"
নগেন: মালিক তিনিমাহ আগত, কামৱালী বাঈ, চামেলিক, নতুন মোবাইল এটা, কোনে কিনি দিছিল ? ( ৰান্ধনি-ঘৰৰ ভিতৰৰ পৰা মালিকৰ কোনো মাত-বোল নাই )
নগেন : যোৱাবাৰ বাইদেউ নাথাকোতে, চামেলিক গাড়ীত উঠাই, কোনে ফুৰাবলৈ নিছিল । ( এইবাৰো মালিকৰ কোনো মাত-বোল নাই ) অলপ পিছত মালিক ৰান্ধনি ঘৰৰ পৰা ড্ৰইংৰূমলৈ আহিল। নগেনে কৈছে, " চাৰ, মই ঠিকেই কৈছিলো নে ?"
মালিক : হয়, তই ঠিকেই কৈছিলি, ৰান্ধনি ঘৰৰ ভিতৰত থাকিলে আৰু বাহিৰৰ পৰা মাতিলে অকল প্ৰথমতে নাম ধৰি মতাৰ বাহিৰে বাকী একো নুশুনি। (পত্নীক উদ্দেশ্যি ) হেৰা, ই ঠিকেই কৈছিল, বুজিছা ! মইহে মিছাতে খং কৰিলো। আচৰিত কথা দেই, একো এটা নুশুনি । তই বেয়া নাপাবি নগেন, মিছাকৈ তোক ইমান খং কৰিলো।
নগেন : হব চাৰ, হৈ যায় আৰু কেতিয়াবা, মই বেয়া পোৱা নাই নহয় !
মালিক : ঐ ল, এইয়া এশ টকা ল। ওচৰতে কোহিনুৰ থিয়েটাৰ চলি আছে, চাই আহগৈ, মনটো ভাল লাগিব ।
qqqqqqqqqqqqqqqq
মহানগৰীৰ ছোৱালী মহাবিদ্যালয়ৰ সন্মুখত, দুজনী যুৱতী, থিয় হৈ কথা পাতি আছিল । বহুদিনৰ পৰা কম-কম, বুলি ভাবি-ভাবি, অৱশেষত সাহস গোটাই, তাৰে এজনীক নগেনে প্ৰস্তাৱ আগবঢ়াইছে, "চোৱা, মই তোমাক সচাঁকৈয়ে ভাল পাওঁ জানা !" ছোৱালী : মোৰ চেন্ডলৰ নম্বৰ আপুনি জানে নে? (লগৰ জনীক উদ্দেশ্যি কৈছে ) নগেন : দেখিলা তোমাৰ বান্ধৱী কিমান টেঙৰ । প্ৰেমৰ, প্ৰথম দিনাখনৰ পৰাই মোক খীৰাব বিচাৰিছে। আজি চেন্ডেলৰ কথা কৈছে, কাইলৈ বা আকৌ কি আনিবলৈ কয় !
qqqqqqqqqqqqqqqqqqqqqqqqqq
পুৰণি ৰচনা এটা, ৰি-পোষ্ট কৰিলো, নতুন বন্ধু-বান্ধৱী সকলৰ বাবে।
❤ পতি আৰু পত্নী দুয়ো বিয়াঘৰলৈ বুলি গৈ আছে । পতিয়ে গৈ থাকোতে, বাটতে, এখন মিঠা-পাণ কিনি আনিলে আৰু পত্নীক খাবলৈ দি কলে, "হেৰা, বিয়া ঘৰ পালোহিয়েই, এইখন খোৱা আৰু পটককৈ গিলি নেপেলাবা ।"
পত্নী : পাণ এখনহে আনিলে যে, আপুনি নাখায় নেকি ?
পতি : হব নালাগে, মই পাণ নোখোৱাকৈও, মনে মনে থাকিব পাৰো ।
qqqqqqqqqqqqqqqqqqqqqqqqqqqq
❤ আজিৰ "বন্ধুত্ব দিৱস" উপলক্ষে, এই ৰগৰটো সন্মানীয়, মহিলা সকলৰ নামত উছৰ্গা কৰিলো । এহাল দম্পতিৰ ৪০ বছৰীয়া বিবাহবাৰ্ষিকী আছিল । সংযোগবশত, একেদিনাখন পত্নীগৰাকীৰ ৬০ তম জন্মদিনো আছিল। সেই নিশা সৰগৰ পৰা, পৰী এগৰাকী আহি দৰ্শন দি কলে, "তোমালোকে জীৱনৰ ৪০ টা বছৰ, ইমান মৰম চেনেহৰ মাজেৰে অতিবাহিত কৰা দেখি, মই বৰ সুখী হৈছো। মই মোৰ ফালৰ পৰা তোমালোক দুয়োকে, দুটা বৰ দিম বুলি থিৰাং কৰিছো।" প্ৰথমতে পৰীয়ে পত্নীগৰাকীক সুধিলে, "তোমাৰ আজি জন্মদিন গতিকে, তুমিয়েই প্ৰথমতে কোৱাচোন, তোমাক কি বৰ লাগিব ?" পত্নীগৰাকীয়ে তেওঁৰ পতিক অন্তৰৰ পৰা ভাল পাইছিল । সেই কাৰণে কলে, "মোৰ মনত সদায়, মোৰ পতিৰ সতে, এই পৃথিৱীখনৰ কিছুমান মনোৰম ঠাই ভ্ৰমণ কৰাৰ হেঁপাহ এটা আছিল । কিন্তু আৰ্থিক অনাটনৰ বাবে, মই কেতিয়াও, এই কথা মোৰ পতিৰ আগত প্ৰকাশ কৰা নাছিলো । গতিকে আপুনি আমাক দুয়োকে, পৃথিৱীখন পৰিভ্ৰমণৰ, সকলো ব্যৱস্থা কৰি দিয়ক ।" পৰীৰ হাতত থকা যাদুদন্ডডাল ঘুৰাই, তথাস্তু বুলি কোৱাৰ লগে-লগে পত্নীৰ হাতত, অসংখ্য এৰোপ্লেনৰ টিকট আৰু এজাপ টকাৰে ভৰি থকা, ডাঙৰ এনভেলপ্ দুটা আহি পৰিল। এইবাৰ পতিৰ পাল পৰিল । একমিনিট মান সময় চিন্তা কৰি পতিজনে কলে, "সচাঁ কথা কঁওনে?, মই বহুদিনৰ পৰা, মনে প্ৰাণে, মোতকৈ ৩০ বছৰ কম বয়সীয়া, পত্নী এগৰাকীৰ কামনা কৰি আহিছো, গতিকে মোক, মোতকৈ ৩০ বছৰৰ, সৰু পত্নী এগৰাকীহে দিয়ক। (আৰু পত্নীক উদ্দেশ্যি কলে) বেয়া নাপাবা জানু, আই এম ভেৰী চ'ৰি ।" পৰীয়ে হাতত থকা যাদুদন্ডডাল ঘুৰাই , তথাস্তু বুলি কোৱাৰ লগে-লগে, পতি মহোদয়, ৯০ বছৰীয়া বৃদ্ধ এজনলৈ পৰিবৰ্তিত হৈ গল।
❤ মৰেল অফ্ দা স্টোৰী ! আপোনালোকে কওঁক ?
qqqqqqqqqqqqqqqq
এজন আশীবছৰীয়া বৃদ্ধ, পত্নীসহ ডাক্তৰৰ ওচৰলৈ, চেক-আপ কৰাবলৈ গৈছে। ডাক্তৰে পৰীক্ষা-নিৰীক্ষা কৰি পত্নীগৰাকীক কৈছে, " আপোনাৰ পতিৰ শাৰীৰিক ফালৰ পৰা চব ঠিকেই আছে, মানসিক স্থিতি ঠিকে থাকিলে, চিন্তা কৰিবলগীয়া বিশেষ একো নাথাকিব। মই তেখেতৰ সতে অকণমান কথা পাতো, আপুনি অকণমান বাহিৰত বহক ।" ডাক্তৰে বৃদ্ধক সুধিছে, "আপুনি নাম-প্ৰসংগ কৰি আছে নে ? ঈশ্বৰৰ সতে আপোনাৰ সম্পৰ্ক কেনেকুৱা, বাৰু ?" বৃদ্ধ : ঈশ্বৰ ? ঈশ্বৰতো সদায় মোৰ লগতেই থাকে। মোৰ ওপৰত ঈশ্বৰৰ বিশেষ কৃপাদৃষ্টি আছে। ডাক্তৰবাবু, আপুনি বিশ্বাস নকৰিব, মাজনিশা মই যেতিয়া পেচাপ কৰিবলৈ যাও, ঈশ্বৰে বাথৰূমৰ লাইট জ্বলাই দিয়ে, আৰু মই আঁতৰি অহাৰ লগে-লগে, লাইট নুমাইও দিয়ে । সচাঁকৈয়ে ঈশ্বৰৰ অশেষ কৃপা, মোৰ ওপৰত। বৃদ্ধৰ কথা শুনি, ডাক্তৰৰ মুৰ ঘুৰণি উঠিল । বাহিৰত থকা পত্নীক মাতি, বৃদ্ধই কোৱা কথাখিনি কলে আৰু সুধিলে, " ঘটনাটো কি! কওঁকচোন ?" পত্নী : (মূৰত দুইখন হাত দি) হে হৰি, কিনো কম, ডাক্তৰ বাবু, বুঢ়াই সদায় ৰাতি-ৰাতি, ৰেফ্ৰিজাৰেটৰটোৰ ভিতৰতে পেচাপ কৰি দিয়ে।"
qqqqqqqqqqqqqqqqq
বন্ধু-বান্ধৱী সকল, বহু দিনৰ পৰা মোৰ ব্যক্তিগত অভিজ্ঞতা এটা কম, কম বুলি ভাবি আছো। মোৰ ডাঙৰ লৰাটো সৰু থাকোতে "কুৰ-কুৰে" বুলি যে চিপ্চ আছে সেইটো খাই খুব ভাল পাইছিল। মইও সি ভাল পায় বুলিয়েই, ঘৰলৈ ওভোতাৰ সময়ত সদায় এপেকেট তালৈ বুলি লৈ আনিছিলো । প্ৰায় এবছৰ মান সি খোৱাৰ পিছত তাৰ এদিন হঠাৎ পেটৰ বিষ আৰম্ভ হল। এনেকুৱা পেটৰ বিষ কোনো ঔষধে কাম নকৰে আৰু কিবা খালে বিষ আৰু বেছিহে হয়। প্ৰায় সাদিন মানলৈ একেৰাহে পেটৰ বিষত সি বৰ কষ্ট পালে। ডাক্তৰে প্ৰথমতে চন'গ্ৰাফী কৰি, এপেন্ডিচাইটিছৰ অপাৰেশ্বন কৰিব লাগিব বুলি কলে। মই ডাক্তৰক অনুৰোধ কৰিলো চিটি স্কেন কৰি চাবলৈ কিয়নো ইমান সৰু লৰাৰ এপেন্ডিচাইটিছ হবই নোৱাৰে বুলি মোৰ দৃঢ় বিশ্বাস আছিল । "চিটি স্কেন" ৰ ৰিপোৰ্ট অনুযায়ী এপেন্ডিচাইটিছ নহয় বুলি নিশ্চিত হলো যদিও, তাতকৈ বেছি বিপদজনক acute pancreatitis হোৱা বুলিহে ওলাল। পেনক্ৰিয়াছটো ইনফেক্চনৰ ফলত অলপ ফুলিছে। আশ্চৰ্যজনক কথা হল, এই বেমাৰটো বয়সীয়াল মানুহৰহে হয় আৰু ৪৫% মানুহৰ অত্যাধিক সুৰাপান কৰাৰ ফলত হয় । প্ৰথমতে গুৱাহাটীত, পিছলৈ দিল্লী আৰু চেন্নাইলৈকে লৈ গলো। মই পৰামৰ্শ গ্ৰহণ কৰা প্ৰত্যেকজন ডাক্তৰে, সি কুৰ-কুৰে খোৱা কাৰণেই এই বেমাৰটো হোৱা বুলি পাকে প্ৰকাৰে স্বীকাৰ কৰিলে, কিন্তু কুৰ-কুৰে কোম্পানীৰ বিৰুদ্ধে আইনী ব্যৱস্থা লব পৰাকৈ লিখি দিবলৈ কোনো ৰাজী নহল। সেই সময়ত মোৰ মানসিক স্থিতিও বেলেগ হৈ আছিল গতিকে মই মোৰ লৰাৰ চিকিৎসাৰ বাবেহে বেছি মনোনিবেশ কৰিবলগীয়া হৈছিল । ভগবান সহায় আছিল, সি লাহে লাহে ভাল হৈ উঠিল আৰু বৰ্তমান ভালেই আছে। মোৰ দৰে যাতে আগলৈ কোনো ভূক্তভোগী নহয়, সেইকাৰণে, মই মোৰ বন্ধু বৰ্গক, এনেধৰণৰ কথা এটা জনোৱা উচিত, বুলি বিবেচনা কৰিলো।
qqqqqqqqqqqqqqqqqqqqqqq
মহানগৰীৰ চিটিবাছ স্টপত :
নগেন : ভন্টী, কি খবৰ, ভালে আছা নে?
যুৱতী : আপোনাক তো মই চিনি নাপাওঁ ।
নগেন : হয় নেকি, চ'ৰি দেই। পিছদিনাখন, আকৌ একেজনী ছোৱালীক কৈছে ।
নগেন : ভন্টী, কি খবৰ, ভালে আছা ?
যুৱতী : কিন্তু, আপোনাক তো, মই চিনি নাপাওঁ ।
নগেন : কেলেই যোৱাকালি আমি ইয়াতেই চিনাকী হৈছিলোঁ আৰু কথাওঁ পাতিছিলোঁ । ইমান সোনকালে পাহৰিলা নে ?
qqqqqqqqqqqqqqqqqqq
❤ বহুজাতিক কোম্পানীৰ চাকৰিয়ালৰ নামত উছৰ্গীকৃত কৰিলো এই ৰগৰটো। বেচৰকাৰী খন্ডৰ অফিচৰ, এজন বছে, তেওঁৰ অধীনত থকা কৰ্মচাৰীক সকলক কৈ আছে, "এনেকুৱা এটা দিন আহিব, মানুহৰ ওচৰত খাবলৈ একো নাথাকিব , আনকি পানীও নাথাকিব , পেট্ৰোল শেষ হৈ যাব, মানুহবোৰ পৰস্পৰৰ শত্ৰু হৈ যাব, গোটেই পৃথিৱীত হাহাকাৰ ...........।
এজন কৰ্মচাৰী : সেইদিনাখনো অফিচলৈ আহিব লাগিব নেকি, চাৰ ।
qqqqqqqqqqqqqqqqqqq
এজন মৌলবী চাহাবে, গাঁৱৰ স্থানীয় মানুহ কেইজনমানৰ আগত সৎ জীৱন- যাপনৰ ওপৰত উপদেশ দি কৈছে, " আপোনালোকে কেতিয়াও পৰস্ত্ৰীৰ, ওপৰত নজৰ নিদিব। নিজৰ বাহিৰে, বেলেগৰ পত্নীৰ ফালে ভুলতো নাচাব। এইদৰে যদি সৎ জীৱন-যাপন কৰিব পাৰে, মৃত্যুৰ পিছত আপোনালোক বেহেস্ত্ (স্বৰ্গ) লৈ যাব পাৰিব । " উপস্থিত থকা এজনে সুধিছে, "জোনাব (মহাশয়), বেহেস্তত কি কি পোৱা যায় ?"
মৌলবী চাহাব : আৰে, বেহেস্ত্ ত আপুনি চব পাব, আপোনাৰ চাৰিওফালে হুৰ (অপ্সৰা) বিলাকে নৃত্য কৰিব। হুৰ !
মানুহজন : জোনাব, হুৰ মানে ? দেখাত কেনেকুৱা ?
জোনাব : হুৰ দেখাত মানে, মানে দেখাত..... কি কম মানে আমাৰ চেলিমৰ মানুহজনী দেখিছে ?
মানুহজন : নাই দেখা।
জোনাব : (ভাবুক হৈ) আব্দুলৰ মানুহজনীক দেখিছে ? আৰে আব্দুলৰ মানুহজনী হুৰ হয়, সাইলাখ হুৰ।
মানুহজন : আৰু চেলিমৰ মানুহজনী ? (আৰু বেছি ভাবুক হৈ)
জোনাব : চেলিমৰ মানুহজনী, আব্দুলৰ মানুহজনীতকৈয়ো ধুনীয়া । একদম খাটি হুৰ হয়, হুৰ ! এবাৰ চালে চাই থাকিব মন যায় ।
qqqqqqqqqqqqqqqqqqqqqqqqq
মোৰ নতুন বন্ধু বান্ধৱী সকলৰ বাবে মোৰ ৰচনা এটা ৰিপোষ্ট কৰিলো
:::: পূলিছ থানাৰ দৃশ্য :::
মহিলা : ইন্সপেক্টৰ চাহাব, মানুহ জন আজি দুদিন আগতে বজৰলৈ আলু আনিবলৈ গৈ এতিয়াও ঘুৰি অহা নাই।
ইন্সপেক্টৰ : আপুনি এটা কাম নকৰে কিয় , বেলেগ কিবা পাচলিৰে কাম চলাই নিদিয়ে কিয় ?
qqqqqqqqqqqqqqqqqqqqqqqqqqqq
মোৰ নতুন বন্ধু বান্ধৱী সকলৰ বাবে মোৰ ৰচনা এটা ৰিপোষ্ট কৰিলো ।
:::: আদালতৰ দৃশ্য ::::
উকীল : আপোনালোকৰ তালাক, কেতিয়া হৈছিল ?
আমিনা: প্ৰায় ১০ বছৰৰ আগতে ।
উকীল : কিন্তু আপুনি কলে যে, আপোনালোক দুজনৰ, ৫ বছৰীয়া সন্তান এটাও আছে ! এইটো কেনেকৈ সম্ভৱ হ'ল?
আমিনা: মানে, মোৰ মানুহজনে, তালাকৰ পিছতো, মাজে মাজে ক্ষমা খুজিব আহিছিল ।
qqqqqqqqqqqqqqqqqqqqqqqqqqqqqq
মোৰ নতুন বন্ধু বান্ধৱী সকলৰ বাবে মোৰ ৰচনা এটা ৰিপোষ্ট কৰিলো l
এবাৰ খিৰিকীত বহি কুকুৰা এজনীয়ে মালিক আৰু মালিকনীৰ কথা-বতৰা শুনি আছিল ।
মালিক : মোৰ গাটো ভাল লগা নাই । মালিকনী: (কপালত হাত দি) জ্বৰ উঠিছে যেন লাগিছে , আজি ৰাতি কুকুৰা জনী মাৰি জালুকৰ জাল দি বনাম বাৰু, ভাল হৈ যাব । কথা শুনি কুকুৰাৰ জীৱ উৰি গ'ল আৰু কলে : " বাইদেউ আগতে Paracetamol এটা দি চাওক না "
qqqqqqqqqqqqqqqqqq
❤ পত্নী : তুমি মোক কিমান ভাল পোৱা ?
পতি : মই যে তোমাক কিমান ভালপাওঁ, সেয়া মই ভাষাৰে বৰ্ণনা কৰিব নোৱাৰম।
পত্নী : তথাপি, উদাহৰণ এটা দিয়া না, প্লিজ ।
পতি : মই যদি এটা মোবাইল হওঁ, তুমি হলা সেই, মোবাইলৰ চিম কাৰ্ড । তোমাৰ অবিহনে মোৰ কোনো মূল্য নাই।
পত্নী : তুমি সচাঁকৈয়ে বৰ ৰোমাণ্টিক , জানু।
পতি : ( স্বগোতোক্তি) হে ভগৱান, মইহে জানো, মই যে চাইনা মোবাইল, একেলগে চাৰিখন চিম কাৰ্ড ভৰাই থৈছো ।
qqqqqqqqqqqqqqqqqqqqqqqqqq
এগৰাকী ভদ্ৰমহিলাই চহৰৰ প্ৰখ্যাত জুয়েলাৰী এখনলৈ গৈ, মালিকক কলে, "মোক আপোনাৰ দোকানৰ আটাইতকৈ দামী নেকলেচ্ ডাল, দেখুৱাওকচোন।" মালিকে আনন্দমনেৰে নেকলেচ্ এডাল, চন্দুকৰ পৰা উলিয়াই আনি মহিলা গৰাকীৰ সন্মুখত থলে।
মহিলাগৰাকীয়ে কিছুসময় নেকলেচ্ডাল চাই, মোবাইলৰ কেমেৰাৰে ফটো তুলি লৈ কলে, "আচলতে মই কি কৰো সিদ্ধান্ত লব পৰা নাই। মই মোৰ পতিক ফটো খন দেখুৱাই লওঁ, তেখেতৰ পচন্দ হলে, কাইলৈ আহি কিনিমহি।" এইবুলি কৈ জুয়েলাৰীৰ পৰা ওলাই আহিল । ম
হিলাগৰাকী ঘৰলৈ আহি, চহৰৰ আটাইতকৈ নিপুণ চিত্ৰশিল্পী এজনক মাতিলে। বিবাহিত জীৱনৰ আৰম্ভণিতে উঠোৱা, পতি-পত্নীৰ যুগ্মজীৱনৰ ফটো এখন উলিয়াই, মহিলাই চিত্ৰশিল্পীগৰাকীক কলে, "আমাৰ এই ফটোখন আপুনি ডাঙৰ কৰি আঁকি দিয়ক, মই এইখন আমাৰ বেডৰূমৰ দেৱালত আঁৰি থম। আপোনাৰ পাৰিশ্ৰমিক যি হয় মই দিম, চিন্তা কৰিব নালাগে। আপুনি মাথোঁ এটা কাম কৰিব লাগিব ।"
চিত্ৰশিল্পী : কি কাম, কওকচোন ? মহিলাই, মোবাইলত তুলি অনা নেকলেচৰ ফটোখন দেখুৱাই কলে, "আপুনি এই নেকলেচ্ডাল মোৰ ডিঙিত পিন্ধাৰ দৰে, নিখুঁতভাবে আকি দিব লাগিব । পাৰিব নে ?"
চিত্ৰশিল্পী : মেডাম, আপুনি নিশ্চিন্ত থাকক, মই ইমান ধুনীয়াকৈ আঁকিম যে, কোনোৱে ধৰিবই নোৱাৰিব যে মূল ছবিখনত নেকলেচ্ডাল নাছিল ।"
মহিলা : আপোনাৰ দক্ষতাৰ বাবেই, মই আপোনাক মাতিছো।
চিত্ৰশিল্পী : মেডাম , মই একেবাৰে নিখুঁতভাবে আকিম। কিন্তু , বেয়া নাপায় যদি কথা এটা সোধো ?
মহিলা : সোধক ।
চিত্ৰশিল্পী : আপোনাৰ ডিঙিত এই নেকলেচ্ডাল, কিয় অঁকাব বিচাৰিছে ?
মহিলা : চাওঁক মই যদি কাইলৈ মৰি যাও, আমাৰ এখেতে আকৌ নিশ্চয় বিয়া পাতিব । বিয়াৰ পিছত মানুহজনীয়ে ফটোখন দেখিব। ফটোত দেখি, নেকলেচ্ডাল তেওঁ পিন্ধিবলৈ বিচাৰিব।
চিত্ৰশিল্পী : কিন্তু নেকলেচ্ কত পাব ?
মহিলা : হয়, আপুনি ঠিক ধৰিছে, নেকলচ্ নাপাই মোৰ সতিনীয়ে, মোৰ পতিদেৱৰ "জীনা হাৰাম" কৰি দিব।
চিত্ৰশিল্পী : এইবোৰ কৰি আপোনাৰ কি লাভ হব।
মহিলা : যেতিয়া তেওঁলোকৰ মাজত ভুল বুজাবুজিৰ সৃষ্টি হব আৰু নেকলেচ্ডালক লৈ কন্দল লাগিব, তেতিয়া মোৰ মৃতাত্মাই যে কি এক বিৰল শান্তি লাভ কৰিব, সেইয়া মইহে জানোঁ । সেইটো আপুনি কেতিয়াও বুজি নাপাব ।
qqqqqqqqqqqqqqqqqqqqqqqqqqqqqqq
এজন ভক্তই ঘোৰ তপস্যা কৰাৰ ফলস্বৰূপে, প্ৰভূৰ দৰ্শন লাভ কৰিবলৈ সক্ষম হ'ল। প্ৰভূই ভক্ত গৰাকীক সুধিলে, "তোমাক কি বৰ লাগে, বৎস, তুমি নিৰ্ভয়ে কোৱা ?" ভক্ত : ধন্য হ'ল মোৰ মনুষ্য জনম । প্ৰভূ, সৰগৰ পৰা পৃথিৱীলৈ এটা ধুনীয়া ৰাস্তা বনাই দিয়া, প্ৰভূ । প্ৰভূ : অসম্ভৱ বৎস। তুমি, বেলেগ কিবা কামনা কৰা। ভক্ত : ঠিক আছে প্ৰভূ , এই পৃথিৱীৰ, সকলোবোৰ পত্নীৰ, বোধশক্তি আৰু সহনশীলতা বৃদ্ধি কৰি দিয়া । আৰু যদি পাৰা, একেবাৰে শান্ত-শিষ্ট স্বভাৱৰ কৰি দিয়া, প্ৰভূ । প্ৰভূ : বৎস, সৰগৰ পৰা পৃথিৱীলৈ যিটো ৰাস্তাৰ কথা কৈছিলা, সেইটো, চিংগল লেন হলে হব, নে ডাবল্ লেন লাগিব ?
qqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqq
❤ ঠিক যিদৰে বৃক্ষই, স্বয়ং নিজৰ ফল নাখায় আৰু যিদৰে নদীয়ে, স্বয়ং নিজৰ পানী নাখায় । ঠিক সেইদৰে . . . . . . . . . . . . . . . চৰকাৰী কৰ্মচাৰী সকলে, নিজৰ লৰা-ছোৱালীক, চৰকাৰী বিদ্যালয়ত নপঢ়ায়
qqqqqqqqqqqqqqqqqqqqqqqqqqqqqq
❤ আজিকালি নগেন মন্দিৰলৈ নিয়মিতৰূপে যাবলৈ লৈছে। কেলেই জানেনে ? . . . . . . . . . . . . . . . মন্দিৰলৈ গলে পূজা, অৰ্চনা, প্ৰাৰ্থনা, আৰতি, শলিতা, কুসুম আৰু আৰাধনাকে আদি কৰি আটাইখিনিকে পায় যে, সেইকাৰণে ।
qqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqq
❤ ❤ ❤ ❤ ❤ ❤
❤ পত্নী : জানু, চোৱানা, কম্পিউটাৰত "কমাণ্ড" (এক প্ৰকাৰৰ নিৰ্দেশ) দিছো, মোৰ কথা একদম, মনা নাই ।
পতি : কেনেকৈ মানিব ? এইটো কম্পিউটাৰ হয়, তোমাৰ প্ৰতিটো কথা মানিবলৈ, এইটো তোমাৰ পতি নহয়।
❤ ডাক্তৰৰ চেম্বাৰৰ দৃশ্যঃ
ৰোগী : চাৰ, আয়ুস বৃদ্ধি কৰাৰ উপায় এটা দিয়ক।
ডাক্তৰ : বিয়া কৰক। ৰোগী : বিয়া কৰালে দীৰ্ঘ জীৱন, লাভ কৰিব পাৰিম চাৰ ?
ডাক্তৰ : দীৰ্ঘায়ু লাভ নকৰিলেও, আপোনাৰ দুটা লাভ হব ।
১. দীঘলীয়া জীৱনৰ বাবে আপোনাৰ যি হাবিয়াস, সেইটোৰ অন্ত পৰিব ।
২. আৰু জীৱনৰ বাকী দিনকেইটা এনয়েই, বৰ দীঘলীয়া যেন অনুভৱ হব।
qqqqqqqqqqqqqqqqqqqq
❤ মানুহ এজনে, জোতিষীৰ ওচৰলৈ গৈ কৈছে, "মোৰ সোঁৱৰণী খন চাই কওঁকচোন, মোৰ বিয়া কিয় নহয় ?" (সোঁৱৰণী খন ভালকৈ চাই মেলি) জোতিষী : আপোনাৰ বিয়া হবই নোৱাৰে !!! মানুহজন : কিন্তু কিয় ??? জোতিষী : আপোনাৰ কপালত কেৱল, সুখেই সুখ, লিখা আছে, আকৌ ।
qqqqqqqqqqqqqqqqqqqqqqqqq
❤ ভাগ্য বা কপালৰ লিখন হৈছে, "বৰষুণৰ পানী" আৰু পৰিশ্ৰম বা চেষ্টা হৈছে, "কুঁৱাৰ পানী"। বৰষুণৰ পানীত গা ধুবলৈ সহজ, কিন্তু সদায়-সদায় গা ধোৱাৰ বাবে, আপুনি বৰষুণৰ আশা আৰু অপেক্ষা কেতিয়াও, কৰি থাকিব নোৱাৰে। ঠিক একেদৰেই, ভাগ্যৰ বলত কেতিয়াবা কিছুমান বস্তু বিনাকষ্টে হয়তো পোৱা যায়। কিন্তু সেইবুলি সদায়-সদায় আমি ভাগ্যৰ ভৰষাত নিশ্চয় থাকিব নোৱাৰো ।
qqqqqqqqqqqqqqqqqqqqqqqq
::: কাপোৰৰ দোকানৰ দৃশ্য :::
দোকানৰ ভিতৰলৈ এগৰাকী অভিজাত পৰিয়ালৰ, ভদ্ৰমহিলা সোমাই আহিল।
দোকানী : বাইদেউ, আহক- আহক, ঐ বাইদেউলৈ, চাহ একাপ পঠিয়াই দে। ভালে আছে নে বাইদেউ ? আপোনাৰ কাৰণে "ডিজাইনাৰ" শাৰী আহিছে, দেখুৱাইছো ৰব ।
মহিলা : এতিয়া নালাগে, মোৰ হাতত সময় বৰ কম, পিছত চাম বাৰু। মোক সাধাৰণ শাৰী এখন, দেখুৱাওকচোন ।
দোকানী : কিমান "ৰেঞ্জ" ৰ ভিতৰত চাব ।
মহিলা : ছোৱালীজনীৰ বিয়া জানেই নহয়, ঘৰত কাম কৰা মানুহজনীক দিবলৈ লাগে, নিদিলেও নহয়। সস্তীয়া কিবা এখন দেখুৱাওক। চিন্থেথিক শাৰী, চুৰাট শাৰী চেলত যে আহে, তেনেকুৱা এখন দিয়ক।
ঠিক এঘন্টা মান পিছত :
পিন্ধন উৰণত সাধাৰণ, মহিলা এগৰাকী সোমাই আহিল ।
দোকানী : কি লাগে ?
মহিলা : ভাল শাৰী দেখুৱাওকচোন ।
দোকানী : কম দামৰ ভিতৰত ভাল কোৱালিটীৰ, চিন্থেথিক শাৰী আছে । ঐ ৰামু , অথনি খোলা শাৰীৰ গাঁথটো, লৈ আনচোন।
মহিলা : দাদা, নহয় মানে মোক অলপ ভাল চাই, দামী শাৰী দেখুৱাওক ।
দোকানী : দামী শাৰী ? কিমান মান দামৰ ভিতৰত লাগে ?
মহিলা : আপুনি আগতে দেখুৱাওক। মোৰ মালিকৰ ছোৱালীজনীৰ বিয়াত, উপহাৰ হিচাপে, দিবলৈ লাগে। গতিকে, ভাল শাৰী হব লাগিব। দাম যি হয় মই দিম, চিন্তা নকৰিব ।
qqqqqqqqqqqqqqqqqqqq
❤ ❤ ❤ ❤ ❤ ❤ ❤
পতি : তুমিযে অনবৰতে, টিভিত খানা বনোৱা, কুকিং শ্বো বোৰ চাই থাকা, কেতিয়াবা , মোক, নতুন কিবা এটা বনাই খুৱাব, শিকিলা জানো ?
পত্নী : আপুনিও চোন, টিভিৰ ৰিমোটটো হাতত ললেই, দুনিয়াভৰৰ ৰোমাণ্টিক চিনেমাবোৰ চাই ফুৰে, কেতিয়াবা মোক, তেনেদৰে মৰম কৰি পাইছে জানো ?
qqqqqqqqqqqqqqqqqqqqqqqq
বৰ্তমান চাকৰিসূত্ৰে, নগেন গুৱাহাটী মহানগৰীত থাকে। সম্প্ৰতি, এগৰাকী চাকৰিয়াল যুৱতীৰ সৈতে, নগেনৰ ঘনিষ্ঠ সম্পৰ্ক গঢ়ি উঠিছে । নগেনে নতুনকৈ বাইক এখন কিনাৰ পিছত, বান্ধৱী গৰাকীক ঘৰৰ পৰা অফিচলৈ আৰু অফিচৰ পৰা ঘৰলৈ, সদায় অনা নিয়া কৰে । বিশেষ কোনো অসুবিধা নহলে, এই কামটোৰ কোনো ব্যতিক্রম, যোৱা তিনিমাহৰ ভিতৰত এবাৰো হোৱা নাই । এদিনাখন যুৱতী গৰাকীয়ে খুব দুখমনেৰে নগেনক কলে, "জানা, যোৱকালি মোক দৰা ঘৰৰ মানুহে চাব আহিছিল ।" নগেন: তাৰপিছত কি হ'ল ? যুৱতী : মোক পচন্দ কৰিছে। নগেনে অত্যন্ত দুখী হৈ কলে, " এতিয়া কি হব ? " যুৱতী গৰাকীয়ে ফেকুৰি-ফেকুৰি কলে, "অহা মাহলৈ বিয়াৰ তাৰিখ নিৰ্দিষ্ট কৰিছে..... লৰাৰ ঘৰ জালুকবাৰীত ।" কথা শুনি নগেন মহাচিন্তাত পৰিল । যুৱতী গৰাকীয়ে কলে, "এইদৰে চিন্তা কৰি থাকিলে নহব , এতিয়া কি উপায় হব, সোনকালে ভাবা।" নগেন : তাকেই ভাবি পাৰ পোৱা নাই, এতিয়া জালুকবাৰীৰ পৰা সদায় অফিচলৈ আনিবলৈ হলে, মই উলুবাৰীৰ পৰা প্ৰথমে, ফাঁচী বজাৰ হৈ, মালিগাঁৱ হৈ প্ৰায় ১২ কিলোমিটাৰ, বেছিদুৰ যাব লাগিব। বাপৰে বাপ্ , তাৰোপৰি ৰাস্তাত, ট্ৰেফিক জাম আছেই। চোৱা, মই আৰু তোমাক, আগৰ দৰে, সদায়-সদায়, অনা নিয়া কৰিব নোৱাৰিম। তুমি তোমাৰ পতিক কৈ বেলেগে ব্যৱস্থা কৰি লবা, ...... মোৰ কাৰণে বৰ দুৰ হব, বুজিছা ।"
qqqqqqqqqqqqqqqqqq এ
জন সম্পদশালী, আশী বছৰীয়া বৃদ্ধই, পচিশ বছৰীয়া এগৰাকী যুৱতীক বিয়া কৰালে। এবছৰৰ পিছত বৃদ্ধজন, ব্যক্তিগত ডাক্তৰজনৰ ওচৰলৈ গ'ল আৰু কলে, " ডাক্তৰবাবু, আপুনি শুনি সুখী হব যে মই, পিতৃত্বৰ গৌৰৱেৰে, গৌৰৱান্বিত হব ওলাইছো ।"
ডাক্তৰে কথাষাৰ শুনি বৃদ্ধৰ মুখলৈ চালে আৰু কলে, "আপোনাক মই সাধু এটা কম, শুনিব নে ?"
বৃদ্ধ : কওঁকচোন, নিশ্চয় শুনিম ।
ডাক্তৰ : এবাৰ এজন চিকাৰী, জংঘললৈ চিকাৰ কৰাৰ মানসেৰে গ'ল । যোৱাৰ সময়ত ভুলতে বন্দুকৰ ঠাইত, ছাতী এটা কাষলতিৰ তলত লৈহে ওলাই গ'ল।
বৃদ্ধ : ইচ্ ৰাম, কি যে হব ?
ডাক্তৰ : জংঘলত এটা বাঘৰ সতে মুখামুখি হোৱাত, বন্দুক বুলি কাষলতিৰ তলৰ পৰা ছাতীটো উলিয়াই আনিলে।
বৃদ্ধ : ইন্টাৰেষ্টিং, পিছত ?
ডাক্তৰ : ইতিমধ্যে বাঘটো আক্ৰমাত্মক হৈ উঠাত, উপায় নেদেখি চিকাৰীজনে, ছাতীটোৰেই গুলী মৰাৰ দৰে ভংগীমা কৰিলে ।
বৃদ্ধ : তাৰপিছত ?
ডাক্তৰ : কিন্তু আশ্চৰ্যজনক ভাবে বাঘটো, গুলী লাগি মৰি থাকিল ।
বৃদ্ধ : অসম্ভৱ ! এইটো কেতিয়াও হব নোৱাৰে ।
ডাক্তৰ : আপোনাৰ কি ভাব হয় , বাৰু ?
বৃদ্ধ : পিছফালৰ পৰা গুলীটো, কোনোবা বেলেগে মাৰিছে ।
ডাক্তৰ : মইয়ো আপোনাক সেইটোৱে কব বিচাৰিছোঁ, যে গুলীটো, কোনোবা বেলেগে মাৰিছে ।
qqqqqqqqqqqqqqqqqqqqqqq
মই বৰ্তমান মোবাইলত অসমীয়া লিপিত লিখিবলৈ "পাণিণি টাইপ কি পেড্" ব্যৱহাৰ কৰি আছো। "লেপটপ" ত "ডাউনলোড" কৰি লব পৰা, ব্যৱহাৰৰ উপযোগী, অসমীয়া লিপিৰ বিষয়ে কোনোবাই যদি জানে, অনুগ্ৰহ কৰি জনাবচোন ।
qqqqqqqqqqqqqqqqqqqqqqq
❤ নগেনৰ কৃপণালিৰ আৰু এটা কাহিনী লৈ আহিছো । নগেনৰ পৰম বন্ধু বীৰেনৰ পূতেক, পিতৌ আজিকালি চহৰত থাকে। বহুদিনৰ মূৰত গাঁৱলৈ অহাত, এদিন আবেলি নগেনৰ ঘৰলৈ ফুৰিবলৈ আহিল । পিতৌক দেখি নগেনে মূঢ়া এটাত বহিব দি, ভাল-বেয়া খবৰ খাতি লৈ কলে, "বহুদিনৰ মূৰত আহিলি বোপাই , নহলে একাপ চাহকে খাই যা ।"
পিতৌয়ে বিশেষ একো নাভাবি কলে, " ঠিক আছে, খাম বাৰু ।" নগেনে জীয়েক মালতীক চিঞৰি মাতি আনি কলে, " যা মা, পিতৌ আহিছে চাহ একাপ বনা ।" মালতীক দেখি পিতৌয়ে, মাত লগালে ।
পিতৌ : মালতী, ভাল নে তোৰ ? তইচোন বৰ এজনী হ'লি ।
মালতী : ভাল ককাইদেউ , আপুনি বহক, মই চাহ পাতোগৈ।
নগেন : পিছে বোপাই তই ৰঙা চাহ খাবি, নে গাখীৰ চাহ খাবি ?
পিতৌ : গাখীৰ চাহেই চলিব বাৰু ।
নগেন : চেনী দিয়া খাবি, নে নিদিয়া ?
পিতৌ : চেনী দিয়াই খাম বাৰু ।
নগেন : পিছে তই চাহ, গৰম খাবি, নে চেঁচা খাবি ?
পিতৌ : ( বিৰক্তিৰে ) চেঁচা চাহ ? চেঁচা চাহ খোৱাতকৈ, ঠাণ্ডা পানী এগিলাচ, খোৱাই বেছি ভাল হব।
নগেন : ( চিঞৰি মালতীক উদ্দেশ্যি ) ওই মালতী, চাহ বনাব নালাগে, ই হেনো পানীহে খাব, তই পানী এগিলাচ লৈ আহ্ ।
qqqqqqqqqqqqqqqqqqqqqqqqq
কৃপণ নগেন বিছনাত, জীৱনৰ শেষ নিশ্বাস লৈ পৰি আছে। দুয়োটা কৃপণ পূতেকে ডাক্তৰৰ ওচৰলৈ, নিব নে নিনিব, গুণা-গথা কৰি শেষ কৰিব পৰা নাই। ইফালে নগেনৰ অৱস্থা তথৈবচ ।
বহু চিন্তা-চৰ্চ্চাৰ মূৰকত, সিদ্ধান্ত হ'ল ডাক্তৰৰ ওচৰলৈ নিয়া হব। কিন্তু কেনেকৈ নিব তাকে লৈ দুয়ো পূতেকৰ মাজত লাগিল নহয়, খকা-খুন্দা । ডাঙৰ লৰা কেৰপাইয়ে ডাক্তৰৰ ওচৰলৈ ঠেলাত নিয়াৰ কথা কৈছে, আনহাতে, সৰু ল'ৰা কণপাইয়ে (বাপেকৰ সতে গুৱাহাটী ফুৰি আহি, অকণমান উন্নতি হৈছে, কাৰণে নেকি) কৈছে ৰিক্সাত নিয়াৰ কথা ।
কিন্তু কথাহে পাতি আছে, অথচ, একো এটাও থিৰাং কৰিব পৰা নাই। ডাক্তৰৰ ওচৰলৈ নিয়াক লৈ, পূতেক হালৰ মাজত চলি থকা তৰ্ক-বিতৰ্ক শুনি, কৃপণ নগেনৰ খঙে, মূৰৰ চুলিৰ আগ পালেগৈ ।
দূৰ্বল কন্ঠ, কিন্তু খঙেৰে নগেনে কলে, "কণপাই, হেৰৌ কণপাই ! তহঁতি মোক ৰিক্সা বা ঠেলা একোতে নিব নালাগে, মোৰ হাৱাই চেন্ডল যোৰ মোক আনি দে, মই খোজকাঢ়িয়েই গুচি যাম, চিন্তা কৰিব নালাগে।"
qqqqqqqqqqqqqqqqqqqqqqqq
❤ ❤ কৃপণ নগেন❤ ❤
নগেন : কণপাই, অ' কণপাই এইফালে শুনচোন !
কণপাই : (দৌৰি আহি) দেউতা, কওঁক কিয় মাতিছিল ?
নগেন : যা সোনকালে কটাৰীখন লৈ আহ । হাতৰ আঙুলি টো অকণমান কাটিব লাগিব ।
কণপাই : হাতৰ আঙুলি টো অকণমান কাটিব লাগিব !!!! কিন্তু কিয় ?
নগেন : "ডেটল" ৰ বটলটো পৰি ভাঙি থাকিল ।
qqqqqqqqqqqqqqqqqqqqqqqqqqqq
❤ ❤ ❤ ❤ ❤ ❤ ❤
পত্নী : আপুনি মোৰ সৌন্দৰ্য আৰু বুদ্ধিমত্তাৰ ভিতৰত, কোনটো বেছি পচন্দ কৰে বাৰু ?
পতি : তোমাৰ এই কথাই-কথাই, ধেমালি কৰা স্বভাৱটোহে, মই বেছি পচন্দ কৰোঁ ।
qqqqqqqqqqqqqqqqqqqqqq
দুখন গাড়ীৰ মুখামুখি মাৰাত্মক সংঘর্ষ হল। দুয়োখন গাড়ীৰেই সন্মুখৰ অংশ ভাঙি চুৰমাৰ। সৌভাগ্যক্রমে দুয়োজন গাড়ী চালকৰ কিন্তু একো নহল। দুয়ো একদম অক্ষত থাকিল। এখন গাড়ীৰ চালক এজন পুৰুষ আৰু আনখন গাড়ীচালিকা এগৰাকী মহিলা। দুর্ঘটনাৰ পিছত, দুজনেই ভঙা গাড়ীৰ পৰা কোনমতে ওলাই আহিল। মহিলাগৰাকীয়ে কলে, "চাওক, আমাৰ দুয়োৰে গাড়ীৰ অবশিষ্ট একোৱেই নাথাকিল । কিন্তু ঈশ্বৰক ধন্যবাদ যে, তেওঁ আমাক ৰক্ষা কৰিলে। ঈশ্বৰৰ হয়তোবা এয়াই ইচ্ছা আছিল যে, এই ঘটনাৰ দ্বাৰা আপোনাৰ আৰু মোৰ মাজত এক সুন্দৰ বন্ধুত্ব গঢ়ি উঠক , নে কি কয় ? সেইকাৰণে এই ঘটনাৰ বাবে আমি কোনোৱে কাকো দায়ী নকৰো ।" পুৰুষজন আনন্দিত হৈ কলে, "হয়, আপুনি একদম ঠিক কথা কৈছে , মই আপোনাৰ সতে সম্পূৰ্ণ একমত। " তেতিয়া ভদ্রমহিলাই তলত পৰি থকা এটা মদৰ বটলৰ ফালে আঙুলিয়াই কলে, "আৰু এটা কথা মন কৰিছেনে? এই বটলটো মই মোৰ এজন বন্ধুৰ বাবে আনিছিলো। চাওঁক গাড়ী ভাঙি চুৰমাৰ হৈ গ'ল তথাপি বটলৰ কিন্তু একো নহ'ল। ঈশ্বৰে বোধ হয় বিচাৰিছে যে, এইটোৰে আমি দুয়ো জীয়াই থকাৰ সৌভাগ্য চেলিব্রেট কৰোঁ ।" মহিলাগৰাকীয়ে লাহেকৈ মদৰ বটলটো মানুহজনৰ ফালে আগুৱাই দি কলে, "এয়া লওক, আৰম্ভ কৰক।" মানুহজনে বটলৰ ক্যাপ খুলি তিনটা মান ঘোট খাই, বটলটো মহিলাগৰাকীক দি কলে, "থেংকছ্, এতিয়া আপুনি, অলপ লওঁক।" মহিলাগৰাকীয়ে কলে, "মই আচলতে বেছি নাখাওঁ, আপুনি আৰু অকণমান খালে, খাই লওক, মোলৈ অকণমান এৰিলেও হব।" মানুহজনে বটলটোৰ প্রায় ৭৫% খাই, বটলটো মহিলাগৰাকীক দি কলে, "লওক ম্যাডাম, এইখিনি আপোনাৰ, খাওক।" মহিলাগৰাকীয়ে কলে, "প্লিজ বেয়া নাপাব, মই এতিয়া নাখাওঁ , কাৰণ মই এতিয়া পুলিচৰ অপেক্ষা কৰিম, পুলিচ আহক আৰু চাওঁক এই দুর্ঘটনাৰ বাবে দায়ী কোন ? "
qqqqqqqqqqqqqqqqqqq
প্ৰেমৰ সংজ্ঞা কিমানযে বহুৰূপী , মন কৰক ।
❤ মাতৃৰ প্ৰতি মৰমক পূজা বুলি কোৱা হয় ।
❤ পিতৃৰ প্ৰতি মৰমক সন্মান বুলি অভিহিত ।
❤ ভাতৃৰ প্ৰতি মৰমক বিশ্বাস আখ্যা দিয়া হয় ।
❤ ভগ্নীৰ প্ৰতি মৰমক দায়িত্ব বোলা হয় ।
❤ বন্ধু-বান্ধৱীৰ মৰমক চেনেহ নাম দিয়া হয় ।
❤ পত্নীয়ে পতিক মৰম কৰিলে পতিব্ৰতা বুলি কয়। অথচ, বিড়ম্বনা মন কৰক,
❤ পত্নীক প্ৰেম কৰিলে পুৰুষক তিৰোতা সেৰুৱা বুলিহে কয় । এইয়া অন্যায় নহয় নে, বন্ধু-বান্ধৱী সকল ?
@@@@@@@@@@@@@@@@
বীৰেণ : তোৰ দেউতাৰে মৃত্যুৰ আগে আগে, কিবা কৈ গ'ল নে ?
নগেন : নাই, মোৰ মা ঠিক তেখেতৰ মুখৰ আগতে, ৰৈ আছিল, সেইকাৰণে তেওঁৰ মুখৰ পৰা এটা, শব্দও নোলাল।
@@@@@@@@@@@@@@@@@@@@
Comments
Post a Comment