কৌতুক-5



প্ৰেমিক আৰু প্ৰেমিকা এহালে, ঘৰৰ পৰা পলাই গৈ বিয়া পতাৰ সিদ্ধান্ত লৈছে। আঁচনি অনুযায়ী, সূৰ্য্যোদয়ৰ আগে ভাগে, প্ৰেমিকাৰ ঘৰৰ সন্মুখত আহি প্ৰেমিক মহাশয় ৰৈ আছেহি। ভালদৰে পোহৰ হোৱাই নাই। কিছু সময় পিছত, আন্ধাৰে-মুন্ধাৰে, প্ৰেমিকাজনী হাতত সাৰে- ভৰিত সাৰে, পদূলি মূখ আহি ওলাল। হাতত দুটা ডাঙৰ টোপালা ।

প্ৰেমিকে গৈ কাণৰ কাষত, ফুচফুচাই সুধিলে , "কোনোবাই দেখিলে নেকি?" (ফুচফুচাই কৈছে)

প্ৰেমিকা : নাই দেখা। (ফুচফুচাই কৈছে)

প্ৰেমিক : তোমাৰ দেউতা কত আছে ? (ফুচফুচাই কৈছে)

প্ৰেমিকা : আমাৰ কাৰণে, অট'ৰিক্সা বিচাৰি গৈছে ।


@@@@@@@@@@@@@@@


❤ ৰাইজ, ইন্দ্ৰাণী মুখাৰ্জীৰ পতিৰ সংখ্যা জনাৰ পিছত, উমা, মমতা, মায়াৱতী আৰু জয়ললিতাৰ মন আৰু মগজুত কি চলিছে বাৰু, কব পাৰিবনে ?

@@@@@@@@@@@@@@@

আজিকালি দুপইচা ঘটাৰ পিছত, নগেনৰ ৰুচিবোধ সলনি হৈছে। নগেনৰ "স্টাইল"ৰ প্ৰতিও এক দূৰ্বলতা গঢ়ি উঠিছে । কি ৰঙৰ চোলাৰ সতে কি ৰঙৰ "কোট", কি ৰঙৰ "পেন্ট" আৰু কি ৰঙৰ "টাই" পিন্ধিব লাগে ইত্যাদি সুক্ষ্ম কথাবোৰ ভালদৰে জনা হৈছে । এদিন নগেনে নৈশ ক্লাৱ এটাত বহি মদ্যপান কৰি আছিল। পমিলীৰ পুৰণি প্ৰেমৰ কথা মনলৈ অহাত দুপেগ্ বেছিকৈয়ে খালে।

তেনেতে বিৰাট আকাৰৰ, আফ্ৰিকান কৃষ্ণকায় ব্যক্তি এজন, নৈশ ক্লাৱৰ ভিতৰলৈ, সোমাই আহিল। হোটেল খনৰ বাসিন্দা, সেই কৃষ্ণাংগ ব্যক্তিগৰাকীক দেখাৰ লগে লগে, মহিলাসকলৰ লগতে কিছুমান পুৰুষো দৌৰি পলাই পত্ৰং দিলে। কাৰণ তেখেতৰ দেহত ক'লা ৰঙৰ গেঞ্জী (থকা নথকা সমান) এটাৰ বাহিৰে বাকী সূতা এডালো নাছিল ।

খুৱ সম্ভৱতঃ নিজৰ অৰ্ধনগ্ন অৱস্থা সম্পৰ্কে, ভদ্ৰলোক সম্পূর্ণ অজ্ঞ আছিল আৰু ভুলতে তেনে অৱস্থাত ওলাই আহিছিল।

মদিৰাৰ ৰাগীত সপ্ৰতিভ হৈ পৰা, নগেনে ভদ্ৰলোকজনৰ ফালে আগুৱাই গৈ হাতখন আগবঢ়াই দি, হ্যান্ডশ্বেক্ কৰি কলে, "হ্যাল্লো মি:, হাও আৰ ইউ? আই লাইক ইউৰ স্টাইল !

আপোনাৰ স্টাইলটো মোৰ বৰ পচন্দ হৈছে।" নগেনৰ প্ৰশংসা শুনি খুব ভাল পালে। নগেনক "থেংক ইউ" বুলি আগবাঢ়ি যাব লওঁতে, নগেনে কলে, "আপোনাৰ "টাই" ডালৰ ৰং বগা হ'লে, আপোনাক আৰু বেছি শুৱালেহেঁতেন। মানে "কালাৰ কন্ট্ৰাষ্ট" কৰিলে বেছি ভাল লাগিলহেঁতেন।"

কৃষ্ণাংগ ব্যক্তি : থেংক ইউ, থেংক ইউ। নেক্স্ট টাইম নিশ্চয় কৰিম।

নগেন : আপুনি বেয়া নাপায় যদি কথা এটা সোধো নে ?

কৃষ্ণাংগ ব্যক্তি : অ' শ্বিওৰ, নিশ্চয় সুধিব পাৰে।

নগেন : আপুনি আপোনাৰ টাইডাল ডিঙিত নেবান্ধি, কঁকালত কেলেই বান্ধিলে বাৰু ?



@@@@@@@@@@@@@@@@@@@@@@@@


প্রেমিকঃ তোমাৰ দেউতাৰ ওচৰত আমাৰ বিয়াৰ প্রস্তাব ৰাখিলা নে?
প্রেমিকাঃ উম কৈছোঁ ।
প্রেমিকঃ তোমাৰ দেউতাই কি কলে?
প্রেমিকাঃ দেউতাই তোমাৰ ব্যাঙ্কত কিমান টকা আছে, জানিব বিচাৰিলে ।
প্রেমিকঃ তুমি কি কলা ?
প্রেমিকাঃ মই যিটো সঁচা, সেইটোৱেই কলো, দুই লাখ।
প্রেমিকঃ তোমাৰ দেউতাই কিনো কলে?
প্রেমিকাঃ তেখেতে টকাখিনি ধাৰলৈ বিচাৰিছে ।
প্রেমিকঃ কি ? তোমাৰ দেউতাৰ ভাল নামটো কি বুলি কৈছিলা ?
প্রেমিকাঃ কেলেই ? শ্ৰীযুত নগেন চন্দ্ৰ হাতীবৰুৱা, আকৌ ।
প্রেমিকঃ মোৰ প্ৰথমতেই সন্দেহ হৈছিল ।

@@@@@@@@@@@@@@@@@@@@@@@@@@@@@@@@@@@

দুই বান্ধৱীয়ে ফোনত কথা পাতিছে ।
মালা : জয়া, আজি নিশা তই, তোৰ পতিদেৱক লৈ আমাৰ ইয়ালৈ আহিবি, ভাত এঁসাজ একেলগে খাম। আৰু শুন, মই এটা সিদ্ধান্ত গ্ৰহণ কৰিছো ।
জয়া : আহিম বাৰু । কি সিদ্ধান্ত ?
মালা : ৰমেনৰ সতে মই বিয়াত নবহো।
জয়া: তই এইবোৰ কি কৈছ ! যোৱা পাঁচ বছৰ ধৰি প্রেম খেলিলি, এতিয়া বিয়া নকৰাৱ ?
মালা : তই নাজান, ৰমেন একেবাৰে নাস্তিক।
জয়া : সি নাস্তিক হ'লে তোৰ কি আহে যায় ? তই তো আৰু নাস্তিক নহয় ।
মালা : সি নৰক বুলি যে কিবা এটা আছে, বিশ্বাসেই কৰিব নিবিচাৰে।
জয়া : তই কেলেই চিন্তা কৰিছ, বিয়াখন ভালে ভালে হৈ যাবলৈ দে । কেইদিনমান পাৰ হলেই, বপূৰাই মানি লব, নৰক এই পৃথিৱীতেই আছে ।

@@@@@@@@@@@@@@@@@@@@@@@@@@@@@



❤ পমিলীৰ সতে নগেনৰ প্ৰেম আজি বহুবছৰ ধৰি চলি আছে। এদিনাখন নৈৰ পাৰত, নিজান ঠাই এডোখৰত, গছ এজোপাৰ তলত, পমিলীৰ কোচত মূৰ পেলাই নগেন শুই আছে।

পমিলী : নগেনদা, আৰু কিমানদিন এইদৰে থাকিম ? গাঁওৰ মানুহে, বুবু-বাবা কৰিব লৈছে।

নগেন: কি বুবু-বাবাৰ কথা কৈছ ?

পমিলী : ধেৎ ! অকৰাটো। ইমান দিন হৈ গ'ল, আমি দুয়ো এতিয়া বিয়া পতা উচিত।

নগেন : এৰা, তই ঠিকেই কৈছ । তোৰ একো সমস্যা নাই , তই দেখিবলৈ ধুনীয়া গতিকে ....।

পমিলী : গতিকে কি ??

নগেন : তোৰ বিয়া হৈ যাব কিন্তু তোৰ লগত মোৰ লেটি-পেটিৰ কথা, চবেই জানে। গতিকে মোক কোনেনো ছোৱালী দিব, কচোন ?

@@@@@@@@@@@@@@@


তিনিগৰাকী মহিলাই, নিজৰ পতি কেইজনৰ, পাহৰি যোৱা স্বভাৱৰ কথা আলোচনা কৰিছে। প্ৰথম মহিলা : আমাৰ এখেতে খুব পাহৰে, বজাৰলৈ গলে, আদা আনিবলৈ কলে হালধী, চেনিৰ ঠাইত নিমখ লৈ আনে। দ্বিতীয় মহিলা: তেতিয়াহলে ভালেই। আমাৰজনে আকৌ দেওবাৰেও সাজিকাছি অফিচলৈ বুলি ওলাই। তৃতীয় মহিলা : আমাৰ জনৰ কথা আৰু কি কম ! এদিন মই চিটিবাছৰ স্ট্যান্ডত ৰৈ আছিলোঁ । ওচৰলৈ আহি মোক কৈছে, "বাইদেউ, আপোনাক আগতে কৰবাত লগ পাইছোঁ নেকি বাৰু ? বৰ চিনাকী চিনাকী যেন লাগিছে।"

@@@@@@@@@@@@@@@

❤ নগেনে চাকৰিৰ ইন্টাৰভিউ দিবলৈ গৈছে । ইন্টাৰভিউ গ্ৰহণকৰ্তা : অসমৰ তিনিজন মহান ব্যক্তিৰ নাম কওঁকচোন । নগেন: ইন্দ্ৰাণী মুখাৰ্জী, ৰূমী নাথ আৰু আপুনি .. মানে আপোনাৰ নামটো কি আছিল জানো ........।

@@@@@@@@@@@@@@@


নগেন: দেউতা, হৰেনৰ আজি বিয়া দেউতা : ভালেই হল দে। (এঘন্টা পিছত)
নগেন: দেউতা, হৰেনৰ আজি বিয়া নহয়।
দেউতা : গম পালো, অথনি কৈছিলি নহয়। (অলপ পিছত আকৌ)
নগেন: হৰেনৰ আজি বিয়া।
দেউতা : তইনো কি বাৰে বাৰে এটা কথাকেই কৈ আছ অ'?
নগেন : নহয় মানে আমি দুইটা এল.পি. স্কুলত একেটা শ্ৰেণীতেই পঢ়িছিলো, দেউতা ।
দেউতা : মই এল, পি স্কুুলত থাকোতে চলমান খান, কলেজত পঢ়ি আছিল, সেই কথাটো মই কেতিয়াবা তোক কৈছো জানো ।

@@@@@@@@

তীখৰ: মা, মা আমাৰ সৰু মাহীয়ে আন্ধাৰতো দেখা পাই নেকি?
মাক : আন্ধাৰত আকৌ কেনেকৈ দেখিব ! কিনো কৈছ এইবোৰ ?
তীখৰ : মই যোৱা ৰাতি মাহীক আন্ধাৰতো দেখিবলৈ পোৱা দেখিছো ।
মাক : কি দেখিলি নো ?
তীখৰ : যোৱাকালি বহুদিনৰ মূৰত সৰু মাহী আহিছিল, তেতিয়া দেউতা ঘৰত নাছিল। নিশালৈ কাৰেন্ট নাথাকোতে মই আৰু মাহী ড্ৰইংৰূমত বহি আছিলোঁ । তেতিয়া আন্ধাৰে-মুন্ধাৰে, দেউতা আহি আমাৰ লগত বহিছিল । সৰু মাহীয়ে দেউতাক কোৱা শুনিছো, "ভিনদেউ, আপুনি দাঢ়ি কিয় কটা নাই ?"

@@@@@@@@

এক বিখ্যাত আৰু বিশাল মটৰ গাড়ী নিৰ্মাণ কৰা কাৰখানাত, বহুতো মহিলা কৰ্মচাৰী কাম কৰিছিল। কাৰখানাৰ এক সুৰক্ষা সম্পৰ্কীয় সতৰ্কীকৰণ জাননীত লিখা আছিল, "অনুগ্ৰহ কৰি দীঘল-দীঘল স্কাৰ্ট পিন্ধা মহিলাসকলে, চলন্ত "ইঞ্জিন" ৰ পৰা আঁতৰি থাকক। আৰু চুটি-চুটি স্কাৰ্ট পিন্ধা মহিলা সকলে "ইঞ্জিনীয়াৰ" সকলৰ পৰা আঁতৰি থাকক।"


@@@@@@@@@@@@@@@

লালু প্ৰসাদে চাকৰি বিচাৰি আমেৰিকাৰ মাইক্ৰ'চফ্ট কোম্পানীলৈ নিজৰ বায়ো-ডাটা সহ আবেদন কৰিছিল । কেইদিনমান পিছত লালুই মাইক্ৰ'চফ্ট কোম্পানীৰ মালিক, বিল গেইট্ছ ৰ পৰা চিঠি এখন পালে। Dear Mr. Laloo Prasad, You do not meet our requirements. Please do not send any further correspondence. No phone call shall be entertained. Thanks, Bill Gates. চিঠি পাই লালু আনন্দত আত্মহাৰা হৈ একেবাৰে উৎফুল্লিত হৈ পৰিল। নিজ বাসভৱনত সাংবাদিক মেলৰ আয়োজন কৰিলে । লালু প্ৰসাদে সাংবাদিক সকলক উদ্দেশ্যি কলে, "ভাইয়ো আউৰ বেহেনো, আপ চবকো জান কৰ খুচি হোগা কি, হামকো আমেৰিকা মে নৌকৰী মিল গয়া হ্যাই । সকলোৱে হাতচাপৰি বজাই অভিনন্দন জনালে, লালুই পুনৰ কব ললে। "অব হাম আপ চবকো, অপনা এপইন্টমেন্ট লেটাৰ পঢ়কৰ চুনায়েগা। পৰ লেটাৰৱা অংগ্ৰেজী মে হ্যাই, ইচিলিয়ে, চাথে চাথ হিন্দী মে, ট্ৰেঞ্চেলেচন ভী কৰুংগা। Dear Mr.Laloo Prasad - প্যাৰে লালু প্ৰচাদ ভেইয়া  You do not meet - আপ আজকল মিলতে হী নহী হো । Our Requirement - হামকো তো জৰুৰত হ্যাই । Please do not send any further correspondence অব লেটাৰ- ৱেটাৰ ভেজনে কী কোনো জৰুৰত নহী হ্যায় । No phone call - ফোনৱা কা ভী জৰুৰত নাহী হ্যায় । Shall be entertained - বহুত খাতিৰ কী জায়েগী। Thanks - বহুত বহুত ধন্যবাদ । Bill Gates - তোহাৰ বিলৱা ।

@@@@@@@@@@@@@@@

❤ আজি অসম বন্ধৰ দিনাখন নগেন, ঘৰতে শুই বহি কটাইছে।

নগেন : হেৰা শুনিছা নে ?

পত্নী : কওঁকচোন ।

নগেন : শইকীয়াৰ ঘৰৰ পৰা আয়োডেক্সৰ টেমাটো খুজি আনাচোন । কঁকালৰ বিষটো আকৌ উক দিছে।

পত্নী : সিহঁতে আজিকালি "নাই, শেষ হৈ গ'ল" বুলি কৈ নিদিয়া হৈছে ।

নগেন : মহা কৰাইচ এই শইকীয়াহঁতৰ পৰিয়ালটো । বাদ দিয়া, এটা কাম কৰা, আমাৰ আলমাৰীত থকাটোকেই উলিওৱা, আজি বিষটো অকণমান বেছিকৈয়ে ধৰিছে ।

@@@@@@@@@@@@@@@

আদালতৰ দৃশ্যঃ বিচাৰক : আপুনি কব বিচাৰিছে যে, আপোনাৰ বন্ধুৰ সতে আপোনাৰ পত্নীৰ অবৈধ প্রণয় চলিছিল, আৰু সেইবাবে আপুনি আপোনাৰ পত্নীক হত্যা কৰিলে ! কিন্তু আপুনি আপোনাৰ বন্ধুক হত্যা নকৰি, পত্নীক হত্যা কৰিলে কিয় ? নগেন : হুজুৰ, মোৰ বহুতো বন্ধু। প্ৰত্যেক সপ্তাহত একোজন বন্ধুক মৰাতকৈ, পত্নীক মৰাই সহজকাম যেন লাগিল, সেইবাবেহে ।

@@@@@@@@@@@@@@@

❤ সুপ্ৰভাত বন্ধু-বান্ধৱী সকল :

প্ৰচণ্ড এলেহুৱা এজন মানুহে, শুই শুই, বাটৰ কাষৰ পুখুৰী এটাত, বৰশী বাই আছিল। আচলতে বৰশী কম বাই, বেছি শুইহে আছিল। বহুসময়ৰ পিছত কেনেকৈ জানো, বৰশীত মাছ এটা লাগিল। মাছটো বৰশীৰ পৰা এৰুৱাবলৈও মানুহজনৰ এলাহ। কোনোবা আহে যদি আহক বুলি শুইয়েই আছে। কিছু সময়ৰ পাছত, ওচৰেদি পাৰ হৈ যোৱা, বাটৰুৱা এজনক দেখি কোমলকৈ মাত লগালে, "হেৰি, হেৰি শুনকচোন, অনুগ্ৰহ কৰি বৰশীৰ পৰা মাছটো এৰুৱাই দিব নেকি?" বাটৰুৱাজনে চৰম বিৰক্তিৰে বৰশীৰ মাছটো খুলি কলে, "আপুনি ইমান এলেহুৱা কেলেই ? এইদৰে নিজৰ কাম বেলেগৰ হতুৱাই কৰাবলৈ, আপোনাৰ লাজ নালাগে ? আপোনাৰ ভালৰ কাৰণে কৈছো, আপুনি এটা কাম কৰক।"

এলেহুৱা : কামৰ কথা কলেই ভয়হে লাগেচোন। তথাপি কওঁকচোন ।
বাটৰুৱা : আপুনি দেৰি নকৰি, সোনকালে বিয়াখন পাতক। বিয়াৰ পতাৰ পিছত যেতিয়া ল'ৰা-ছোৱালী জন্ম পাব, সিহঁতৰ হতুৱাই এনে কামবোৰ কৰাই, আপুনি বেচ আৰাম কৰিব পাৰিব।
এলেহুৱা : হয় আপুনি ঠিকেই কৈছে যেন লাগিছে । এটা কাম কৰিব, আপোনাৰ চিনাকী কোনোবা গৰ্ভৱতী মহিলা আছে যদি, মোক জনাবচোন।
বাটৰুৱা : (আচৰিত হৈ) গৰ্ভৱতী মহিলা ! গৰ্ভৱতী মহিলা কেলেই আকৌ ?
এলেহুৱা : বিয়া কৰাবলৈ আকৌ। বিয়াখন কৰাই ললেহে, আৰাম কৰিব পৰা যাব ।

@@@@@@@@@@@@@@@@@@@@@@@@

আজিৰ পৰা কিছু বছৰ আগৰ কথা। নগেন তেতিয়া হাইস্কুলৰ ছাত্ৰ । স্কুলৰ হিন্দী বিষয়ৰ শিক্ষক আছিল লীলাধৰ মিশ্ৰ। সেই সময়ৰ শিক্ষক সকলৰ বেছিভাগেই ধূতি পাঞ্জাবী পিন্ধিছিল । বিশেষকৈ হিন্দী বা সংস্কৃতৰ বিষয় শিক্ষক সকলে, ধূতি পাঞ্জাবীয়েই পিন্ধিছিল । শ্ৰেণী কোঠাত সোমাই মিশ্ৰচাৰে, হিন্দী গদ্যপাঠৰ এটা গল্প উলিয়াই চবকে পঢ়িবলৈ দি মেজৰ ওপৰত ভৰিদুখন তুলি বহি ললে। ভৰ দুপৰীয়া বিৰতিৰ পিছৰ সময় বুলিয়েই মিশ্ৰচাৰে টোপনিয়াব ললে। কিছুসময়ৰ পিছত ছাত্ৰ-ছাত্ৰীসকলৰ ক্ৰমান্বয়ে বাঢ়ি যোৱা হাঁহিৰ উচ্চস্বৰত মিশ্ৰচাৰৰ টোপনি ভাঙিল। টোপনিৰ জালত, প্ৰথমতে কি হ'ল একো ধৰিব নোৱাৰি মনে মনে থাকা বুলি কৈ, কি হ'ল সুধিলে। হাঁহিৰ কাৰণ যিমানেই সুধিছে, কোনেও একো নকৈ আৰু বেছিকৈহে হাঁহিৰ খলকনি তুলিছে । আপুনি ভাবি চাওকচোন এনে এটা পৰিস্থিতি য'ত আপুনি হাঁহিৰ কাৰণ জানিব বিচাৰিছে, অথচ কোনেও একো সদুত্তৰ নিদি কেৱল হাঁহি থাকিলে, কেনেকুৱা খং উঠে । মিশ্ৰচাৰো ইয়াৰ ব্যতিক্রম নাছিল, তথাপি খং দমন কৰি কলে, "এটা কথা মই কৈ থলো, ভালে ভালে ক বুলি কৈছোঁ । নহলে শ্ৰেণীৰ সকলোকে চেকনিৰে কোবাম।" তথাপি কোনেও একো এটা নোকোৱাত, চাৰে নগেনক সুধিলে, "চা নগেন, তই পঢ়াশুনাত যিয়েই নহৱ কিয়, তোক মই আজিলৈকে মিছা কথা কোৱা দেখা নাই। কচোন কি হৈছে ? সঁচা কথা কলে মই কাকো একো নকৰো।" নগেনে অলপ দোধৰমোধৰ কৰিছিল যদিও, মিশ্ৰচাৰৰ দ্বাৰা সঁচা কথা কোৱাৰ বাবে প্ৰেৰিত হৈ কলে, "চাৰ, মানে চাৰ, মানে চাৰ আপুনি মেজৰ ওপৰত ভৰিদুখন তুলি বহাত, আপোনাৰ ধূতিখন অকণমান আঁতৰি গৈছিল। সঁচা কথা কবলৈ কলে বাবে কৈছোঁ চাৰ, আমি চবেই সেই কাৰণেহে হাঁহিছিলো।" কথাষাৰ শেষ হব নাপাঁওতে পুনৰ সকলোৱে গিৰ্জনি মাৰি হাঁহিব ধৰিলে। মিশ্ৰচাৰ, সকলো সময়ৰ ঐচ্ছিক বিষয়ৰ চাৰ সকলৰ দৰেই, বৰ অমায়িক স্বভাৱৰ মানুহ আছিল । সিদিনা কি হ'ল জানো, শান্ত -শিষ্ট মানুহজন খং আৰু লাজতে "সঁচা কথা কলে নামাৰো" বুলি কৈয়ো নগেনক চেকনিৰে খুব মাৰিলে। চাৰ সেইদিনাখনৰ বাবে শ্ৰেণী সামৰি ওলাই গ'ল। সঁচা কথা কোৱাৰ বাবে নগেনৰ বন্ধু মহলত সঁচাকৈয়ে নাম আছিল । সেইদিনাখন সঁচা কথা কৈ, নগেনেও অপ্ৰত্যাশিতভাবে মাৰ খাই বৰ দুখী হৈ পৰিল। পিছদিনাখন মিশ্ৰচাৰ আহি আগদিনা হোৱা ঘটনাৰ গুৰুত্ব আৰু দুখ কিছু লাঘৱ কৰাৰ উদ্দেশ্যে, সৰসভাৱে কলে, "আজি আমাৰ বিষয় হিন্দী কবিতা । কিন্তু আজি আমি কোনো কিতাপৰ কবিতা নপঢ়ো । আজিলৈকে তোমালোকে হিন্দীত বহুতো কবিতা পঢ়িলা। আজি শ্ৰেণীত হিন্দী কবিতা লিখাৰ প্ৰতিযোগিতা হব। তোমালোকে এটা নিজাকৈ কবিতা লিখা আৰু যাৰ কবিতা সকলোতকৈ ভাল হব, তাক মোৰ এই "উইং চাং" (এসময়ৰ চাইনা নিৰ্মিত "ফাউন্টেইন পেন", সকলোৰে বাবে এক হেঁপাহৰ কলম আছিল) কলমটো ৰ হিচাপে দিম। ২০ মিনিট সময়ৰ ভিতৰত লিখি মোৰ ওচৰত বহীবোৰ জমা দিব লাগিব।" এইবুলি কৈ চাৰে সময় আৰম্ভ হোৱাৰ ইংগিত দি পৰিবেশটো পাতলাই চকীত বহি ললে। ছাত্ৰ-ছাত্ৰীসকলেও আগদিনা খনৰ ঘটনাৰ বিষয়ে পাহৰি, আনন্দমনেৰে কবিতা লিখাত লাগি গ'ল। বিশ মিনিট উকলি যোৱাৰ পিছত, সকলোৱে লিখা কবিতাবোৰ চাৰৰ ওচৰত জমা দিলে । ফলাফল ঘোষণাৰ বাবে আগ্ৰহেৰে ৰৈ থাকিল। পুংখানুপুংখ ভাবে সকলোৰে কবিতাবোৰ পঢ়ি উঠাৰ পিছত, চাৰে কাক প্ৰথম বিজেতা বুলি ঘোষণা কৰিলে জানেনে ? নগেনক । চাৰে নিজে উঠি আহি নগেনক কলমটো পুৰস্কাৰ হিচাপে দিলে আৰু সকলোৱে হাতচাপৰি বজাই নগেনক অভিনন্দন জনালে। এতিয়া সকলোৰে মনলৈ নিশ্চয় প্ৰশ্ন এটা আহিছে যে, নগেনে কিনো লিখিছিল ? নগেনে লিখা কবিতাটো আছিল, "ক্যা লিখু, ক্যইছে লিখু, ক্যা লিখু, ক্যইছে লিখু। লিখনে মে আতা হ্যাই লাজ ক্যা লিখু, ক্যইছে লিখু, লিখনে মে আতা হ্যাই লাজ, জিছকে লিয়ে,  মাৰ খায়া থা কাল; ৱহ চীজ ফিৰচে,  নিক্ লা হ্যাই আজ।"


@@@@@@@@@@@@@@@@@@@@@@@@@@@

আপুনি যদি বাতানুকলিত, ৰূম এটাত শুই থকাটোকে, অকল জীৱনৰ চূড়ান্ত লাহ-বিলাস বুলি ভাবি লৈছে আৰু আলমাৰীৰ চন্দুকৰ ভিতৰত অগণন টকা ঠাঁহ খাই আছে । অথচ সেই টকা নিজৰ কাৰণে খৰছ কৰি, জীৱনটো উপভোগ কৰাৰ সাহসকণো যদি আপোনাৰ নাই তেন্তে, এ.টি.এম (ATM) ৰ ভিতৰত থকা চিকিউৰিটী গাৰ্ডজন আৰু আপোনাৰ মাজত কি পাৰ্থক্য থাকিল ?

@@@@@@@@@@@@@@@@@@@@@

"মই যেতিয়া নাজিৰাৰ পৰা গুৱাহাটীলৈ আহিছিলো, উজিনি অসমখন মোৰ বুকুৰ আপোন যেন অনুভূত হৈছিল। কলিকতালৈ যাওঁতে অনুভব কৰিছিলোঁ সম্পূৰ্ণ অসমখেই যেন মোৰ ঘৰ। যেতিয়া মই বোম্বাই পালোহি, এনে লাগিল কলিকতাসহ উত্তৰ পূৰ্বাঞ্চলখন, সবাতোকৈ মোৰ বুকুৰ আপোন । আমেৰিকা পোৱাৰ পাছত অনুভৱ কৰিলো সমগ্র ভাৰতবৰ্ষ তথা এছিয়াখন মোৰ আপোনতকৈয়ো আপোন । এই মূহুৰ্তত মই অনুভৱ কৰিছো, আচলতে এই পৃথিৱী তথা সমগ্র বিশ্বই মোৰ নিজৰ ঘৰ ।" এই কথাখিনি আমাৰ মৰমৰ ভূপেনদাই এক সাক্ষাৎকাৰত কৈছিল। ভূপেনদা কেতিয়াও যাযাবৰ নাছিল, আচলতে তেওঁ আছিল এগৰাকী মানবীয় উৎকৰ্ষতাৰে, পৰিপূৰ্ণ বিশ্ব নাগৰিক। মানবতাৰ প্ৰকৃত পূজাৰী ভূপেনদালৈ জন্মদিনৰ শুভেচ্ছা থাকিল ।

@@@@@@@@@@@@@@@@@@@@@


❤ শুভ ৰাত্ৰি বন্ধু-বান্ধৱী সকল :

বীৰেণ : মই যেতিয়া বিয়া পাতিছিলোঁ, মোৰ মানুহজনীয়ে তেতিয়া, মেট্ৰিক পাছ কৰিছিল হে মাথোঁ । নগেন : তাৰ পিছত ?
বীৰেণ : তাৰপিছত মই তাইক, হায়াৰ চেকেণ্ডাৰী পঢ়ালো আৰু পিছলৈ বি.এ পাছ কৰোৱালো। একেবাৰে এম.এ টোও পাছ কৰাই, শেষত চৰকাৰী চাকৰি এটাত সুমুৱাই দিলো। এতিয়া কি আৰু কি কৰো তাকেই ভাবিছোঁ । . . . . . . . . .
নগেন : তই প্ৰকৃততে, তাইৰ দেউতাকৰ ভূমিকাই, পালন কৰিলি । এটা কাম কৰ, ভাল ল'ৰা এটা চাই মেলি, তাইক বিয়া দি দে । তোৰ বৰ পূণ্য হব।


Qqqqqqq

বিবাহিত পুৰুষৰ জীৱনত, দুটা খৰছৰ বাট, আজীৱন মুকলি থাকিব । ❤ পত্নী শুভ্ৰবৰ্ণা হলে  "চান স্ক্ৰীণ লোশ্বন" কিনক । ❤ পত্নী শ্যমবৰ্ণা হলে  "ফেয়াৰ এন্ড লাভলী ক্ৰীম" কিনক।


Qqqqq

❤ মহিলাসকলৰ এটা বিয়াগোম সমস্যা : নতুনকৈ কিনি অনা কাপোৰ, জাপি মেলি থবলৈ আলমাৰীত জেগা নাথাকে । আৰু বিয়া-বাৰু, সকামে-নিকামে, উৎসৱ-পৰৱে, পিন্ধিবলৈ হলে, মনৰ-মতন কাপোৰ নাথাকে।


Qqqqqq অকণমান মন কৰিব, সংবাদ মাধ্যমত কিছুমান নতুন নতুন শব্দৰ প্ৰচাৰ আৰু প্ৰসাৰ হৈ থাকে। যেনে আমাৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া Naৰেন্দ্ৰ Moডীক "NaMo" (নমো) বুলি কোৱা হয়। একেদৰে Raহুল Gaন্ধীক "RaGa" (ৰাগা) বুলি সম্বোধন কৰে। শেহতীয়াভাবে IPL কুখ্যাত ললিত মোদীক "LaMo"  ( লমো) বুলি কয়। এতিয়া অলপ চিন্তা কৰি চাওঁক, একেধৰণে তলত দিয়া নামবোৰ, সংক্ষিপ্তকৰণ কৰিলে, অসমীয়া ভাষাত কি ৰূপ লব ? ১. মুkul তাmuly ( মুকুল তামুলী ) ২. টিkendr কাshyap ( টিকেন্দ্ৰ কাশ্যপ ) ৩. জay হari ৰাjakar ( জয় হৰি ৰাজাকাৰ ) ৪. পোwal কmal ৰay (পোৱাল কমল ৰয় ) ৫. হাbul গুnjan ৰাha (হাবুল গুঞ্জন ৰাহা ) ❤ চাৰি আৰু পাঁচ নম্বৰটোৰ অৱস্থা কি হব, এবাৰ ভাবি চাওকচোন। বি.দ্ৰ : নামবোৰ কাল্পনিক, কাৰোবাৰ সতে মিলিলে, দায়-দোষ নধৰি, ক্ষমা কৰে যেন ।

Qqqqq

সুপ্ৰভাত বন্ধু-বান্ধৱী সকল:

ৰাজধানী দিল্লীত এজন কথাবাচক আছে। তেখেতৰ নাম নিৰ্মল বাবা। এটা টিভি চেনেলত প্ৰায়েই দেখুৱাই থাকে। দৰ্শকসকলে সংক্ষিপ্ত ভাবে নিজৰ সমস্যাৰ বিষয়ে, বাবাক অৱগত কৰায় আৰু প্ৰশ্ন সোধে। নিৰ্মল বাবাইও এটা বা দুটা বাক্যৰ জৰিয়তে সমস্যাটোৰ, এক অদ্ভুত সমিধান দিয়ে। এইগৰাকী মহান ব্যক্তি চকী এখনত বহি টোপনিয়াই থাকে আৰু বহি-বহিয়েই মানুহৰ যিকোনো সমস্যাৰ সমাধান কৰি দিয়ে । ভাৰত চৰকাৰে, "সৰ্ব-সমস্যা নিৰ্মূলকৰণ বিভাগ" এটা খুলি, এতিয়ালৈকে এই মানুহজনক, মুখ্য পৰামৰ্শদাতা হিচাপে কিয় নিযুক্তি দিয়া নাই, সেইটো ভাবিহে আচৰিত হওঁ । যোৱাকালি আমাৰ মৰমৰ নগেন গৈ, এই নিৰ্মল বাবাৰ ওচৰ পালেগৈ । নগেনে বাবাক কলে, "বাবা, প্ৰেম আৰু অৰ্থ (টকা-পইচা) এই দুয়োটা ক্ষেত্রত, মই যেন সদায় প্ৰথম ব্যক্তি হিচাবে পৰিগনিত হব পাৰো, তাৰবাবে আশীৰ্বাদ দিয়ক।" নিৰ্মল বাবা : বৎস, প্ৰেমৰ জগতত তুমি সিদ্ধাৰ্থ দাসৰ দৰে আৰু টকা পইচাৰ জগতত পিটাৰ মূখাৰ্জীৰ দৰে প্ৰথম হোৱা।

Qqqqq

কাণৰ কাষত ৰেডিঅ'টো বজাই, বাছযাত্ৰী এজন, বাছ ষ্টপেজত ৰৈ আছিল । বাছৰ বাবে অপেক্ষা কৰি থকা দ্বিতীয় যাত্ৰী এজনে সুধিলে, "দাদা, এতিয়ালৈকে স্ক'ৰ কিমান হ'ল নো ?" ৰেডিঅ'মেন: এতিয়াতো কোনো ক্ৰিকেট খেল চলি থকা নাই। মই বাতৰিহে শুনি আছো । দ্বিতীয় যাত্ৰী : ক্ৰিকেট খেলৰ স্ক'ৰৰ কথা, নাই সোধা। এতিয়ালৈকে ইন্দ্ৰাণী মুখাৰ্জীৰ, মুঠ কিমানজন পতি ওলাল, সেইটোহে জানিব বিচাৰিছিলো ।

Qqqq 

মানব সমাজৰ আটাইতকৈ জনপ্ৰিয় প্ৰথা এটাৰ নাম হৈছে বিবাহ । বিবাহৰ অৰ্থ হৈছে দুটা পক্ষৰ মাজত হোৱা এক আনুষ্ঠানিক বুজাবুজি অথবা চুক্তি।  . . . . . এই বুজাবুজিৰ ফলশ্ৰুতি অনুযায়ী, এটা পক্ষক সাধাৰণতে, সদায় শুদ্ধ বুলি গণ্য কৰা হয় আৰু আনটো পক্ষক, "বেচেৰা পতিদেৱ" বুলি কোৱা হয়।

Qqqqqqqqqqq

প্ৰত্যেক জন নাৰী আৰু পুৰুষে, বিবাহিত জীৱনক সফল কৰিবলৈ হলে, বাৰে বাৰে প্ৰেমত পৰিবই লাগিব। . . . . . . . প্ৰাথমিক চৰ্ত্ত হ'ল - . . . . . . . বাৰে বাৰে, প্ৰেমত পৰিব লাগিব, একেই গৰাকী ব্যক্তিৰ সতে। 

qqqqqqq

ভাৰতবৰ্ষৰত, গড়ে প্ৰতি ১০০০ জন পুৰুষৰ বিপৰীত ৯৪৩ গৰাকী মহিলাহে আছে হেনো।  . . . . . . পুৰুষৰ ৫৭ জনৰ মাজৰ পৰা, ডাঃ আব্দুল কালাম, অটল বিহাৰী বাজপেয়ী, আন্না হাজাৰে, ৰতন টাটা আদিৰ দৰে মহানুভৱ ব্যক্তি ওলায়।  . . . . . বাকী ৯৪৩ জনেতো, পত্নীৰ বিনানুমতিত আনকি, শ্বাস-প্ৰশ্বাস গ্ৰহণো, কৰিব নোৱাৰে।

Qqqqq


নগেনৰ প্ৰত্যাৱৰ্ত্তন নং-৮

দশহৰাৰ দিনা ৰাৱণে জ্বলি থকা অৱস্থাত চিঞৰি চিঞৰি সুধিলে, "আপোনালোকে এইদৰে যে মোক বছৰি বছৰি জ্বলাই থাকে, মই আপোনালোকৰ কাৰোবাৰ পত্নীক, কেতিয়াবা হৰণ কৰিছো জানো ? ভীৰৰ মাজৰ পৰা নগেনে চিঞৰি কলে, "বেটা, আমাৰবোৰ, তোৰ চকুত কিয় নপৰে ? সেই কাৰণেহে জ্বলাওঁ, তোক।"

Qqqq


আপোনালোকে কেতিয়াবা ভাবি চাইছে নে গাখীৰ এবিধ সুষম আৰু পুষ্টিকৰ খাদ্য হোৱাৰ পিছতো, এইবিধ সামগ্ৰী মানুহৰ ঘৰে ঘৰে গৈ বিক্ৰী কৰিবলগীয়া হয়। আনহাতে মদিৰা মানুহৰ স্বাস্থ্যৰ বাবে হানিকাৰক বুলি সকলোৱে জনাৰ পিছতো, সুৰা-বিপনী সমূহত ৰাইজে শাৰী পাতি থিয় হৈ কিনে আৰু পাণ কৰে। এই দুয়োটা বিপৰীত মূখী ঘটনাৰ আঁৰত এটা পৌৰাণিক কাহিনী জড়িত হৈ আছে । এদিন দেবাদিদেৱ মহাদেৱক, তপস্যা কৰি থাকোতে প্ৰচণ্ড বতাহে উৰুৱাই নি মৰুভূমিত পেলালে । মৰুভূমিৰ মাজত ধ্যান ভংগ হোৱাত, দেখিলে চাৰিওঁফালে কেৱল বালিয়ে বালি। ভাঙৰ নিচাত আৰু পিয়াহত মহাদেৱৰ অন্ঠ কন্ঠ শুকাই আছিল। মৰুভূমিৰ শুষ্ক বাতাবৰণত তেওঁৰ ভীষণ পিয়াহ লাগিল। তৃষ্ণাতুৰ হৈ চাৰিওফালে পানী বিচাৰিব ধৰিলে । এনেতে এজন গাখীৰৱালা সেই ফালেদি গৈ থকা দেখি মহাদেৱে ৰখালে আৰু ভাঙৰ নিচাত থকা পানী অকন বিচাৰিলে ।

মহাদেৱঃ অ' তই আহিলি ভালেই হল, মোক পানী অকন দেচোন। পিয়াহত অন্ঠ কন্ঠ শুকাই গৈছে ।
গাখীৰৱালাঃ ধেৎ মোৰ ওচৰত পানী নাই নহয় । তই নো কোন ? এইবোৰ কি ভাও ধৰি আহিছ ! বেটা ভাঙ খাই নিচাত একো কবই নোৱাৰে ।
মহাদেৱঃ হেৰৌ, পানী নাই যদি গাখীৰ অকণ হলেও দে। পিয়াহত অন্ঠ-কন্ঠ শুকাই গৈছে । মই কৈলাসৰ শিৱ ।
গাখীৰৱালাঃ শিৱ ? হাঃ হাঃ হাঃ, অই ভঙুৰা, ভাঙ খাই একো কবই পৰা নাই, তোক মই গাখীৰ দিম ? গুচ ইয়াৰ পৰা বুলি গাখীৰৱালা জন আঁতৰি গুছি গল । তেনেতে আহিল হাতত মদৰ বটল লৈ এজন চুলাই মদৰ বেপাৰী ।
মহাদেৱঃ হেৰৌ, মোক পানী অকণ দেচোন ।
মদৰ বেপাৰীঃ তুমি কোনখন ভ্ৰাম্যমান থিয়েটাৰত কাম কৰা হে ? নে কিবা বেলেগ ভাও ধৰি আহিছা ? শুনা, মোৰ লগত পানী নাই, চুলাই মদ হে আছে ।
মহাদেৱঃ হব চুলাই হলেও হব, মুঠতে মোৰ তৃষ্ণা নিবাৰণ হলেই হ'ল। তুমি তাকেই দিয়া আৰু মোৰ প্ৰাণ ৰক্ষা কৰা । মদৰ বেপাৰীয়ে, চুলাই দিয়াত মহাদেৱৰ তৃষ্ণা নিবাৰণ হৈ, প্ৰাণৰক্ষা পৰিল। মহাদেৱে সন্তুষ্ট হৈ, মদৰ বেপাৰীক বৰদান দিলে, "আজিৰ পৰা তই যিমানেই বেয়া মদ বিক্ৰী নকৰ কিয়, তোক মানুহে বিচাৰি বিচাৰি ঘৰলৈ আহি, নগদ ধন দি কিনি খাব।" গাখীৰৱালাক অভিশাপ দিলে, "তই গাখীৰৱালা, যিমানেই ভাল গাখীৰ নিদিয় কিয়, তই ঘৰে ঘৰে গৈহে গাখীৰ দিব লাগিব আৰু পইচাও মাহৰ মূৰতহে পাবি।"

Qqqqqqqqqq

নগেনৰ প্ৰত্যাৱৰ্ত্তন নং-৭

এবাৰ নগেনে পাৰিবাৰিক শান্তিৰ উপায় বিচাৰি নিৰ্মল বাবাৰ ওচৰলৈ গ'ল ।
নিৰ্মল বাবাঃ তুমি কেতিয়াবা জীৱনত তোমাৰ পত্নীয়ে বনোৱা খাদ্যৰ প্ৰশংসা কৰি পাইছানে ?
নগেনঃ নাই পোৱা, কেতিয়াও নাই কৰা, বাবা।
নিৰ্মল বাবাঃ যোৱা আজিৰ পৰা তেওঁ যি যি খাবলৈ দিয়ে, চবৰেই প্ৰশংসা কৰিবা। চিন্তা নকৰিবা, তোমাৰ সংসাৰৰ সুখ আৰু শান্তি অতি শীঘ্ৰেই, ঘূৰি আহিব । নগেন ঘৰলৈ ঘূৰি আহি পত্নীক কলে, "হেৰা, কিবা এটা খাবলৈ দিয়া হে বৰ ভোক লাগিছে।" নগেনৰ পত্নীয়ে তিনিখন পৰঠা আৰু আলু-ভাজি খাবলৈ দিলে । এখন পৰঠা আৰু ভাজি খাই উঠিয়েই, নগেনৰ নিৰ্মল বাবাৰ কথা মনত পৰিল। নগেনঃ বাহ ! বঢ়িয়া, ইমান ধুনীয়া আলু-ভাজি আৰু পৰঠা, মই আজিলৈকে খাই পোৱা নাছিলো । আজি মোৰ জীৱন ধন্য হৈ গল । নগেনৰ পত্নীয়ে বেলনা মাৰি এডালেৰে, নগেনৰ মূৰত প্ৰচণ্ড কোব এটা সোধাই দি কলে, "আজি ১৫ বছৰ ধৰি তোক ৰান্ধি বাঢ়ি খুৱালো। মই ৰন্ধা খাদ্যৰ বাবে, কোনো দিনেই প্ৰশংসাৰ, টু শব্দ এটাও নকৰিলি। আজি আকৌ ওচৰৰ ঘৰৰ, শইকীয়ানীয়ে বনাই দিয়া পৰঠা আৰু আলু-ভাজি খাইহে, তোৰ জীৱন ধন্য হ'ল। (ধাম্ ধাম্ ........) নগেন : আই ঐ, ....... ৰবা হে দুখ পাইছো........., নিৰ্মল বাাবা তোক.........।


 qqqq

নগেনৰ প্ৰত্যাৱৰ্ত্তন নং-৬

নিৰ্মল বাবা : মানুহৰ জীৱনত দুখ চিৰলগৰী, গতিকে তোমালোকে দুখৰ সতে জীয়াই থাকিবলৈ শিকা। সুখ জীৱনলৈ শীতকালৰ এচমকা ৰ'দৰ দৰে অথবা গৰমকালিৰ এজাক শীতল বতাহৰ দৰে আহে আৰু যায়। এই কথাষাৰৰ তাৎপৰ্য মোক, ইয়াত উপস্থিত কোনোবাই বুজাই দিব পাৰিবনে ? হঠাৎ, মই বুজি পাইছো আৰু মই বুজাই দিম বুলি, আমাৰ নগেনে হাত ডাঙিলে।
নিৰ্মল বাবা : ঠিক আছে তুমিয়েই কোৱা।
নগেন : বাবা, দুখ হৈছে মোৰ মানুহজনী, পমিলীৰ দৰে, যি সদায় মোৰ লগতেই থাকে। আনহাতে সুখ হৈছে, মোৰ ধুনীয়া খুলশালী, ৰঙিলীৰ দৰে, কেতিয়াবা মোৰ ঘৰলৈ আহে আৰু যায়গৈ। কথাশুনি নিৰ্মল বাবাই চকীৰ পৰা উঠি নগেনৰ ভৰিত ধৰি সেৱা কৰি কলে, " প্ৰভূ, আজিৰ পৰা আপুনি হে বাবা, মোৰ দৰে এই চকীখনত বহি ৰাইজক "উল্লু" বনাওঁক । মই আজিৰ পৰা এই ব্যৱসায় এৰিলো ।"

qqqqqq

নগেনৰ প্ৰত্যাৱৰ্ত্তন নং-৫

নগেনৰ ঘৰৰ টেলিফোনটো বাজি উঠিল। বিপৰীত ফালৰ পৰা এগৰাকী মহিলাৰ সুমধুৰ কন্ঠস্বৰ শুনা গ'ল।
মহিলা : হেলো, মই আপোনাক অকণমান লগ পাবলৈ বিচাৰিছো। কথা অলপ আছে .....।
নগেন : হেলোউ, কিয় বাৰু ? আপুনি মোক চিনি পায় নেকি ?
মহিলা : কিয় চিনি নাপাম ! আপুনি মোৰ শিশুবোৰৰ, এজনৰ দেউতাক আকৌ। নগেনক দূশ্চিন্তাই আৱৰি ধৰিলে, কোনোমতে সেপ এটা ঢুকি সুধিলে, "হে ভগৱান, তুমি মালতী ?"
মহিলা: নহয় ।
নগেন : সেউতী নেকি বাৰু ?
মহিলা: নহয়।
নগেন : অ' তুমি জয়ন্তী ?
মহিলা: নহয় ।
নগেন : বিমলা তুমি ?
মহিলা: নহয় !
নগেন : তুমি ৰঙিলীয়ে কৈছা নেকি ?
মহিলা: নাই মই ৰঙিলী নহয়।
নগেন : (সেপ ঢুকি) ক-ম-লা, কোৱা !!
মহিলা: ধেৎ মই কমলা নহয়।
নগেন : অ' বুজিলো, কোৱা সৰলা, এইবোৰ কেনেকৈ হবলৈ পালে ?
মহিলা: মই কমলা বা সৰলা কোনোৱেই নহয়, মই আপোনাৰ ল'ৰাৰ স্কুলৰ ক্লাছ টিচাৰে কৈছোঁ ।

Qqqqqqq
সুপ্ৰভাত বন্ধু-বান্ধৱীসকল,

এজন ধৰ্ম্মগুৰু, মৃত্যুৰ পিছত সৰগলৈ বুলি, দীঘলীয়া শাৰীত থিয় দি ৰৈ আছে। ধৰ্ম্মগুৰু গৰাকীৰ ঠিক আগত "ৰেকচিন" ৰ জেকেট আৰু কাণত কাণফুলি পিন্ধি, ধঁপাত মলি মলি, ডেকা লৰা এজন থিয় হৈ আছে। কাউন্টাৰত বহি থকা চিত্ৰগুপ্তই লৰাজনক সুধিলে, "তোমাৰ বিশদ ব্যক্তিগত বিৱৰণ দিয়া, বোপা ।" ডেকা লৰা : প্ৰভূ, মোৰ নাম নগেন চন্দ্ৰ হাতীবৰুৱা। মই এজন মিনি বাছৰ ড্ৰাইভাৰ। মই মৃত্যুৰ আগতে, অসমৰ আটাইতকৈ বেয়া ৰাস্তা, বৈঠালাংচুৰ পৰা ডিফুলৈ মিনি বাছ চলাইছিলো। আমি সকলোৱে জানোঁ যে পৃথিৱীৰ সকলো মানুহৰ বিৱৰণ সমূহ, চিত্ৰগুপ্তৰ বহী এখনত লিখা থাকে। ড্ৰাইভাৰ জনৰ বিৱৰণ খিনি, বহীখনৰ লগত মিলাই, চাই মেলি চিত্ৰগুপ্তই কলে, "অ' বোপা তুমি, সু-স্বাগতম। এইয়া লোৱা, সোণেৰে নিৰ্মিত এখন চাদৰ। এইয়া সোণেৰে নিৰ্মিত এটা বিশাল বাংলোৰ চাবিকোছা । এই বাংলোটোত চব সোণেৰে নিৰ্মিত সা-সামগ্ৰী আৰু আচবাব মজুত আছে। আৰু এইয়া লোৱা, প্ৰতি সন্ধিয়া সুন্দৰী অপ্সৰাৰ লাইভ নৃত্য উপভোগ কৰাৰ বাবে বিশেষ প্ৰৱেশ কুপনৰ বহী এখন।" ড্ৰাইভাৰজনক আদৰ-সাদৰ কৰি পঠিউৱাৰ পিছত, চিত্ৰগুপ্তই ধৰ্ম্মগুৰু জনক সুধিলে, "আপোনাৰ বিশদ বিৱৰণ কওঁকচোন ।" ধৰ্ম্মগুৰু : মই এজন ধৰ্ম্মগুৰু। মোৰ জীৱনৰ ৫০ বছৰ, মই মানুহক ঈশ্বৰৰ মহিমা আৰু গৰিমাৰ বাখান কৰি কটাইছোঁ । মই এজন ঈশ্বৰৰ প্ৰকৃত সেৱক, প্ৰভূ। বহীখন মেলি, বিৱৰণ মিলাই, চাই উঠি। চিত্ৰগুপ্ত : এইয়া লওঁক কপাহী চাদৰ এইখন আৰু সোফালে গৈ থাকক, আগলৈ এটা বৃহৎ বাৰোৱাৰী কক্ষ এটা আছে, তাত দেখিব বহুতো বিচনা পাৰি থোৱা আছে। তাৰ ২১৭ নম্বৰ বিচনাখন আপোনাৰ । ধৰ্ম্মগুৰু : কপাহী চাদৰ! বাৰোৱাৰী কক্ষ !! আৰু একো নাই ? চিত্ৰগুপ্ত : নাই আৰু একো নাই। যাওঁক সোণকালে, দেৰি নকৰিব। দেৰি কৰিলে গাৰু-চাৰু, কোনোবাই লৈ যাব আকৌ ! চিত্ৰগুপ্তৰ কথা আৰু কাৰ্য্যকলাপ দেখি ধৰ্ম্মগুৰু জনৰ ভীষণ খং উঠিল। ধৰ্ম্মগুৰু : প্ৰভূ, এইয়া ভীষণ অন্যায় হৈছে। তীব্র গতিত মিনিবাছ চলাই মানুহক ভীতিগ্ৰস্ত কৰা, কঁকালৰ বিষ আদি বিভিন্ন বেমাৰৰ সৃষ্টি কৰি, মানুহক মৃত্যুৰ মুখলৈ ঠেলি দিয়া, ড্ৰাইভাৰজনক সোণৰ চাদৰ, নিজাববীয়াকৈ সোণৰ বাংলো !!!  . . আৰু,  . . আৰু মই যিজনে আজীৱন ঈশ্বৰৰ গুণানুকীৰ্ত্তন কৰিলো, ঈশ্বৰৰ নাম, ধৰ্ম্ম প্ৰচাৰ কৰি থাকিলোঁ, তেওঁক দিছে এখন কপাহী চাদৰ আৰু ডাঙৰ হল ঘৰত মাথোঁ এখন বিচনা ? চিত্ৰগুপ্ত : শান্ত হোৱা বৎস। মই তোমাৰ মনোকষ্ট, বাৰুকৈয়ে অনুভৱ কৰিব পাৰিছোঁ বোপা। কিন্তু যিটো কামৰ বাবে তুমি প্ৰত্যক্ষ ভাবে নিযুক্ত হৈয়ো কৰিব নোৱাৰিলা, সেই কামটো ড্ৰাইভাৰজনে অনায়াসে কৰিবলৈ সক্ষম হ'ল। ধৰ্ম্মগুৰু : মই বুজা নাই, প্ৰভূ। চিত্ৰগুপ্ত : তুমি যেতিয়া মানুহক ঈশ্বৰৰ কথা, ধৰ্ম্মৰ বাণী শুনাইছিলা, তেতিয়া মানুহবোৰে ভগৱানৰ নাম লোৱাটো দূৰৰ কথা, ওলোটাই নিশ্চিন্তমনে শুইহে পৰিছিল।  . . কিন্তু  . . এই ড্ৰাইভাৰজনে, সেই বেয়া ৰাস্তাত তীব্ৰ বেগেৰে বাছ চলাইছিল, তেতিয়া মানুহবোৰে অন্তৰৰ পৰা ঈশ্বৰক সুঁৱৰিছিল আৰু প্ৰাৰ্থনা কৰিছিল। আৰু তুমি নিশ্চয় জানা যে বৰ্তমানৰ যুগটো হৈছে ফলাফল প্ৰদৰ্শনৰ যুগ। তোমাৰ আৰু ড্ৰাইভাৰজনৰ স্থিতি বেলেগ হোৱা স্বত্বেও তোমাৰ কামতকৈ, বেছি সফলতা তেওঁহে প্ৰদৰ্শন কৰিলে, গতিকে ......... তুমি বুজিছাই চাগৈ।


Qqqqq

নগেনৰ প্ৰত্যাৱৰ্ত্তন নং- ৪

বীৰেন : কিনো ইমান চিন্তা কৰি আছ ?
নগেন : নহয় মানে মোৰ ডাঙৰ বাইদেউ হস্পিটালত আছে, ল'ৰা হব নে ছোৱালী সন্তান জন্ম হব, সেইটোহে চিন্তা কৰি আছোঁ ।
বীৰেণ : হব আৰু কিবা এটা, তই ইমান চিন্তা কৰি, কিবা লাভ হব জানোঁ ?
 নগেন : নহয় মানে, মই মামা হম নে মামী হ'ম, সেইটো ভাবিহে, মনটো উখলমাখল লাগি আছে।

 qqqqq

এক অভূতপূৰ্ব্ব সমীক্ষাঃ
❤ আপুনি এসময়ত গুৱাহাটী মহানগৰীৰ "নাকজোঙা" চিটিবাছত উঠি পাইছে নে ? . .
❤ মাত্র ৩.৬০ পইচাৰ টিকট কাটি, "বেলকণী" ত বহি চিনেমা চাই পাইছে জানোঁ ? . .
❤ নিশা "পিচিও" লৈ গৈ, প্ৰতি "কল" ৰ মূল্যৰ হাৰ, ২৫% ৰ সুবৰ্ণ সুযোগ গ্ৰহণৰ বাবে, দীঘলীয়া শাৰীত থিয় হৈ পাইছে নে ? . .
❤ কেতিয়াবা "ভিডিঅ'শ্বো" টিকট কাটি চাই পাইছে নে ? . .
❤ কাঠ পেঞ্চিলেৰে "টেপ ৰেকৰ্ডাৰৰ ক্যাচেট" পকাই পাইছে ? . .
❤ "জিলেলে জিলেলে আইয়ো আইয়ো জিলেলে.." গানটো শুনি প্ৰথমতে ভাল পাইছিল আৰু পিছলৈ মস্ত "কামোৰ" খাইছিল নেকি ? . .
❤ আধাঘন্টাৰ "চিত্রহাৰ চাবলৈ, এঘন্টা আগৰ "কৃষি দৰ্শন" চাই বহি থাকিছিল নেকি ? . .
❤ আপোনাৰ শিক্ষকক দেখি , চাইকেলৰ পৰা নামি পাইছে জানোঁ ? . .
❤ শেষ প্ৰশ্নঃ আপুনি প্ৰশ্ন কেইটা পঢ়ি নষ্টালজিক হৈ পৰিছে নেকি ? . . . . . . ওপৰত দিয়া প্ৰশ্ন সমূহৰ, অতি কমেও, আপোনাৰ তিনিটা উত্তৰ যদি "Yes" হয়  . . . . . . আৰু  . . . . . . আপুনি আজিৰ তাৰিখত "ফেচবুক" আৰু "হোৱাট্ছ আপ" ত টিঘিলঘিলাই ফুৰিছে, . . . . . . তেনেহলে চিন্তা নকৰিব, . . . . . . আপোনাৰ মনটো এতিয়াও "ডেকা" হৈয়েই আছে।


 qqqq

❤ মোৰ অবিবাহিত পুৰুষ বন্ধু সকলোলৈ এটা উপদেশঃ নিজতকৈ ওখ ছোৱালীৰ সতে বিয়া পাতক, আজীৱন পত্নীৰ সন্মুখত, মূৰ ডাঙি কথা কব পাৰিব ।

Qqqqqq

❤ আজি দশহৰাৰ দিনা, ৰাৱণে জ্বলি থকাৰ সময়ত, নীৰৱে, বাৰে বাৰে মাথোঁ এটাই প্ৰশ্ন কৰিছিল, "মানি লৈছোঁ, মই ৰাৱণ। মোক তোমালোকে জ্বলাই দিয়া বাবে, মোৰ অকণো ক্ষোভ নাই। কিন্তু তোমালোকৰ মাজত সঁচাকৈয়ে কোনোবা ৰাম আছে নেকি, সেইটোহে গম নাপালোঁ ।"

Qqqqq

 নাৰী আৰু পুৰুষৰ এটা বুনিয়াদী পাৰ্থক্যঃ

 ❤ অপ্ৰিয় হলেও সত্য যে, সিংহভাগ নাৰীয়ে, পতিৰ ভনীয়েক অৰ্থাৎ নিজৰ ননন্দক পচন্দ নকৰে আৰু অন্তৰৰ পৰা ভাল নাপায়। . . কিন্তু, কিন্তু  . . সিংহভাগ পুৰুষে নিজৰ পত্নীৰ ভনীয়েক অৰ্থাৎ খুলশালীজনীক বৰ পচন্দ কৰে আৰু অন্তৰৰ পৰা ভাল পায়। . . . হে পুৰুষ ! তুমি সঁচাকৈয়ে মহান।


Qqqq

❤ নগেনৰ প্ৰত্যাৱৰ্তন নং-৩

নগেনৰ শহুৰেকে ৰাতিপুৱাই নগেনলৈ ফোন কৰিছে, "হেল্লো, বোপা অহা শুক্ৰবাৰে গোলোকৰ (নগেনৰ একমাত্র খুলশালী) কইনা চাবলৈ যাম। তুমিও যাব লাগিব ।"

নগেন : আপোনালোকেই যাওঁক । মোৰ বহুতো কাম আছে ।
শহুৰ : গোলোকে কৈছে, সি হেনো তোমাৰ পচন্দ হলেহে বিয়া কৰাব, নহলে নকৰায়। গতিকে তুমি নগলে নহব, বোপা।
নগেন : দেউতা, গোলোকক কব সি যেন, নিজৰ সিদ্ধান্ত মতেহে বিয়াখন পাতে । পিছত সি মোক ওৰে জীৱন গালি পাৰি থাকিব, তাতোকৈ সি নিজেই সিদ্ধান্ত লওঁক ।
শহুৰ : সি আকৌ তোমাক কেলেই গালি পাৰিব ?
নগেন : নিজৰ বিয়াখন, মোৰ ডাঙৰ ভিনদেউৰ সিদ্ধান্ত অনুযায়ী পাতি, আজিলৈকে কিযে জ্বালা-যন্ত্ৰণা পাই আছো, সেইয়া মই হে অকল জানোঁ ।

Qqqqq

ৰামায়ণৰ ৰাৱণ হোৱাটো তেনেই সহজ কাম নহয় । ৰাৱণ পৰাক্ৰমী আৰু অহংকাৰী আছিল কিন্তু আত্মসন্মানবোধ সম্পন্ন আছিল। নিজৰ ভগ্নীক কৰা অপমানৰ পোতক লবলৈ, তেওঁ গ্ৰহণ কৰা পদক্ষেপৰ উদাহৰণ, এই পৃথিৱীত বিৰল। আজিৰ যুগৰ নিষ্পেষিত, প্ৰতাৰিত আৰু শোষিত সকলো শ্ৰেণীৰ নাৰীয়ে, নিশ্চয় ৰাৱণৰ দৰেই এজনক ভাতৃ হিচাবে কামনা কৰিব। প্ৰয়োজন সাপেক্ষে অনুতাপৰ দাবানলেৰে নিজকে দগ্ধ কৰিব পৰা ক্ষমতাৰ অধিকাৰীও আছিল। ৰাৱণৰ বাসনা আছিল কিন্তু একেসময়তে তেওঁ সংযমীও আছিল। ৰাৱণৰ সীতাক হৰণ কৰাৰ যিদৰে ক্ষমতা আছিল, তদ্ৰূপ বিনা সন্মতিৰে, পৰস্ত্ৰীক স্পৰ্শ নকৰৰাৰ দৃঢ়তাও আছিল । সীতাক ৰামে পৱিত্ৰ ভাবে ঘুৰাই পোৱাৰ মূলতে কিন্তু ৰাৱণৰ মৰ্যাদা নিহিত হৈ আছে, যি মৰ্যাদাৰ চৰম সীমা ৰাৱণে কেতিয়াও পাৰ নকৰিলে। হে ৰাম, তোমাৰ যুগৰ ৰাৱণো ভাল আছিল, অন্ততঃ দহোটা চেহেৰাৰ, এটাতো মূখা নাছিল ।

Qqqq

নগেনৰ প্ৰত্যাৱৰ্তন নং-২

নগেন আৰু নগেনৰ পত্নী পমিলী দুয়ো ৰোমাণ্টিক কথা বাৰ্তা পাতি থকাৰ মাজতে নগেনে সুধিলে, "পমিলী মই যদি এতিয়া মৰি যাওঁ, তই কি কৰিবি ? আকৌ বিয়া সোমাবি নে ?" পমিলী : আপুনি এইবোৰ অমঙ্গলীয়া কথা নকবচোন । নগেন: মই এনেয়ে ধৰি লব হে কৈছো । পমিলী : নাই, মই আপোনাৰ বাহিৰে অইন কাৰোবাৰ সতে জীৱনটো ভাবিবই নোৱাৰোঁ। মই জীৱনৰ বাকী সময় চোৱা, মোৰ একমাত্র ভনী জনীৰ সতে কটাই দিম। আপুনি বাৰু কি কৰিব কওঁকচোন ? মোৰ শপত সঁচা কব কিন্তু ! নগেন : শপত খুৱালি যিহেতু সঁচাই কৈছো, মইও তোৰ দৰেই, তোৰ ভনীজনীৰ সতেই, জীৱনৰ বাকী সময় চোৱা কোনোমতে কটাই দিম আৰু।

Qqqqqqqqqqq

নগেনৰ প্ৰত্যাৱৰ্তন নং ১ :

নগেন সাজিকাছি তপতিয়াৰ হৈ দূৰ্গাপূজা চাবলৈ বুলি ওলাইছে। বাকী চব ঠিকেই আছিল কিন্তু এখন ভৰিত ৰঙা আৰু আনখন ভৰিত নীলা ৰঙৰ জোতা পিন্ধা দেখি বন্ধু বীৰেণে সুধিলে, "দোস্ত, জোতা দুপাত বেলেগ বেলেগ ৰঙৰ পিন্ধিলি যে ?" নগেন : এই জোতাযোৰ এনেকুৱাই। নতুন ষ্টাইলৰ আকৌ ! বীৰেণ : ধেৎ তই ভালকৈ বিচাৰি চোৱাহলে একেৰঙৰ পালিহেঁতেন। নগেন : নাই অ' আচলতে ভাইটী আৰু মই একেলগে নতুন জোতা কিনি আনিছিলো, ঘৰলৈ আহি দেখিলো, তাৰো এপাত ৰঙা আৰু আন এপাত নীলা।

Qqqqq

❤ চহৰৰ এক বহুমহলীয়া বিল্ডিংৰ আৱাসিক চৌহদত এজন সাধুৰ আগমন ঘটিল । "চোচাইটী" ৰ এটা ফ্ল্যাটৰ কলিংবেল বজাই সাধুজন বাহিৰত ৰৈ আছে। কিছুসময়ৰ মূৰত এগৰাকী অকলশৰীয়া মহিলাই দুৱাৰখন খুলিলে । সাধু : আই, মোক ভিক্ষা দিয়ক। মহিলাই চাউল এমুঠি আনি কলে, "এইয়া লওঁক।" সাধু : দুৱাৰখনৰ বাহিৰলৈ ওলাই আহি দিয়া, আই। মহিলাগৰাকী বাহিৰলৈ ওলাই আহি ভিক্ষা দিব লওতেই সাধুজনে, হাতখনত থাপ মাৰি ধৰি কলে, "হু হু হু হাঃ হাঃ হাঃ, মই সাধু নহয়, মই ৰাৱণ হে।" মহিলা : হাঃ হাঃ হাঃ মইও সীতা নহয়, মই কামৱালী বাঈ হে । ৰাৱণ : ভালেই হ'ল, সীতাক অপহৰণ কৰি আজিলৈকে পস্তাই আছো। আগৰবাৰ সতিনী আনিছো বুলি, মন্দোদৰীয়ে ডিভোৰ্চ দিবলৈ বাকী থাকিল । এইবাৰ কামৱালী বাঈ পালে মন্দোদৰীয়ে নিশ্চয় ভাল পাব। মোকো আচলতে কামৱালী বাঈয়েই লাগে। মহিলা : হাঃ হাঃ হাঃ ৰাৱণ, তুমি আকৌ এবাৰ ভাবি চোৱা। মই এই চোচাইটীৰ ১২ খন ঘৰত কাম কৰোঁ। যোৱবেলি সীতাক নিওঁতে অকল শ্ৰীৰামেহে বিচাৰি গৈছিল। মোক নিব লাগিলে বাৰজন চাহাবে বিচাৰি আহিব কিন্তু, গম পাবা ...। ৰাৱণ : কিন্তু কিয় ??? মহিলা : কাৰণ মই নাথাকিলে মোৰ কামৰ বোজা তেখেতসকলৰ ওপৰতে পৰে যে , সেইবাবে ।

Qqq

এজন বিবাহিত ব্যক্তিক সাংবাদিকে সুধিছে, "যদি বাঘ এটাই, আপোনাৰ পত্নী আৰু শাহু আইক, একে সময়তে আক্ৰমণ কৰে, তেনে পৰিস্থিতিত, আপুনি কাক ৰক্ষা কৰাটো সমিচীন বুলি ভাবিব আৰু কোনজনক ৰক্ষা কৰিবলৈ আগবাঢ়ি যাব কওঁকচোন ?" মানুহজন : এইটোও কিবা সুধিবলগীয়া কথা হ'ল নে ! মই বাঘজনীক বচাবলৈ আপ্ৰান চেষ্টা কৰিম আকৌ। আপুনিয়েই কওঁকচোন এই পৃথিৱীত, বাৰু কেইটা বাঘ জীৱিত আছে, হয় ?

Qqqq

বন্ধু-বান্ধৱী সকল, শাৰদীয় শুভেচ্ছা জ্ঞাপন কৰিলো।

❤ ঘৰৰ কাম কৰা মানুহজনীয়ে মালিকনীক কৈছে, "বাইদেউ মোক দহদিনমানৰ বাবে ছুটি লাগিছিল।" ছুটিৰ কথা শুনি মালিকনীৰ টেমা গৰম ।
মালিকনী : তই যে ছুটি লব বিচাৰিছ, এই দহদিন, তোৰ চাহাবৰ টিফিনৰ পৰা আদি কৰি, চাহ-নাস্তা কোনে বনাব হয় ? . তেখেতক সময়মতে দৰব পালি কোনে দিব ? . তেখেতৰ কাপাৰ-কানি কোনে ধুব ? . তেখেতৰ কাপাৰ-কানি কোনে ইস্ত্ৰী কৰিব ? . তেখেতৰ বিচনা-পাটি কোনে সাজু কৰি দিব ? . তেখেতৰ আঠুৱা কোনে তঁৰি দিব ? . ৰাতিপুৱা তেখেতৰ বিচনা-পাটি কোনে তুলিব ? . কামৱালী বাঈ জনী লাজত ৰঙা-চিঙা পৰি, কোনোমতে, কওঁ-নকওঁকৈ কলে, "বাইদেউ, চাহাবক নহলে, মোৰ লগতেই লৈ যাওঁ নেকি, বাৰু ?"

Qqq

Qqq বন্ধু-বান্ধৱী সকল,  শুভ সন্ধিয়া ! কিছু অগতানুগতিক আৰু সুগভীৰ চিন্তা : উপবাস কৰি ঈশ্বৰক সন্তুষ্ট কৰি সুখী হব পৰা হ'লে, এই পৃথিৱীত কেবাদিনো খাবলৈ নোপোৱা, দৰিদ্ৰ মানুহখিনি নিশ্চয় আটাইতকৈ সুখী হ'লহেঁতেন । প্ৰকৃততে মানুহে অন্নৰ উপবাস নকৰি, মন অৰ্থাত চিন্তা-ভাৱনাৰ হে উপবাস কৰা উচিত । প্ৰত্যেকজন ব্যক্তিয়ে, নিজৰ দৃষ্টিত, নিজক শুদ্ধ ৰূপত দেখিবলৈ পোৱাটো, খুবেই প্ৰয়োজনীয়, কাৰণ মানুহে ঈশ্বৰকো শুদ্ধ বুলি স্বীকাৰ কৰিব নিবিচাৰে, ওলোটাই ঈশ্বৰৰো খুঁতহে ধৰে । এজনী চৰাইয়ে, জীৱিত অৱস্থাত, পোক পৰুৱা সমূহক খাদ্য হিচাবে গ্ৰহণ কৰে কিন্তু বিড়ম্বনা চাওঁক, সেই একেজনী চৰাইৰ যেতিয়া মৃত্যু হয়, তেতিয়া আকৌ নিজেই, পোক-পৰুৱাৰ খাদ্য হৈ পৰে । গতিকে এটা কথা আমি সদায় মনত ৰখা উচিত যে, সময় আৰু পৰিস্থিতি সাপেক্ষে মানুহৰ অৱস্থিতি যিকোনো সময়ত সলনি হব পাৰে । সেইকাৰণে কেতিয়াও কাকো অপমান কৰা উচিত নহয় আৰু কাকোৱেই দূৰ্বল বুলি ভবাও উচিত নহয়। আপেক্ষিক ভাবে হয়তোবা আপুনি শক্তিশালী হবও পাৰে, কিন্তু সময় আৰু নিয়তি আপোনাতকৈ বহুগুনে, বহু পৰিমাণে অধিক শক্তিশালী । এজোপা শিমলু, কদম বা মদাৰ গছৰ পৰা লক্ষাধিক দিয়াচলাই কাঠি নিৰ্মাণ হয় কিন্তু মাত্র এডাল দিয়াচলাই কাঠিৰ দ্বাৰা, লাখ-লাখ গছ জ্বলি ভষ্মীভূত হব পাৰে।


Qqqqqq

আপুনি নিজকে যিমানেই মহানুভৱ বুলি অনুভৱ নকৰক কিয়, প্ৰকৃতিৰ সৃষ্টিত কাকোৱেই একচেতিয়া ভাবে মহান হোৱাৰ সুযোগ দিয়া হোৱা নাই। মন কৰক, কুলি চৰাইক সুমধুৰ কন্ঠ দিলে কিন্তু ৰং-ৰূপৰ পৰা বঞ্চিত কৰি থলে। ইফালে ময়ূৰ চৰাইক ৰঙে ৰূপে ওপোচাই দিলে কিন্তু কৰ্কশ মাতৰ অধিকাৰী আৰু ইচ্ছাশক্তিহীন কৰি ৰাখিলে। মনুষ্যক ইচ্ছাশক্তিৰে ওপোচাই দিলে যদিও লগতে অসন্তোষ দি অসুখী কৰি থলে। সাধু-সন্ত সকলক সন্তুষ্টি দিলে ঠিকেই কিন্তু সংসাৰ-সুখৰ পৰা বঞ্চিত কৰি থলে। সংসাৰখনৰ নিয়ন্ত্ৰণ আৰু অমৰত্বৰ দৰে, ঈৰ্ষনীয় শক্তিৰ অধিকাৰী কৰি, দেৱ-দেৱী সকলক স্ৰজন কৰিলে কিন্তু মোক্ষপ্ৰাপ্তিৰ সুযোগ কাঢ়ি নিলে। সেয়েহে আমি অহংকাৰ, হিংসা-বিদ্বেষ আদিক প্ৰশ্ৰয় দিয়া উচিত নহয়, কাৰণ ঈশ্বৰে আপোনাৰ মোৰ দৰে হাজাৰ-হাজাৰ মানুহক, নিতৌ মাটিৰ পৰা তৈয়াৰ কৰি আকৌ মাটিৰ সতে মিহলাই আছে। মানুহে নিজৰ জীৱনত পূৰুষাৰ্থ কৰি আটাইতকৈ আকাঙ্খা কৰা তিনিপদ প্ৰধান বস্তু হৈছে :
❤ মোৰ নাম সকলোতকৈ আৰু সকলোতেই প্ৰথম স্থান লাভ কৰক।
❤ মোৰ পোছাক-পৰিচ্ছদ সকলোতকৈ ভাল আৰু ধুনীয়া হওঁক ।
❤ মোৰ বাসগৃহ অইন সকলোতকৈ, ধুনীয়া আৰু আকৰ্ষণীয় হওঁক। কিন্তু মানুহৰ মৃত্যুৰ পিছত হৈ পৰেগৈ এইবুলি :
❤ নাম হৈ পৰে স্বৰ্গীয় ।
❤ দেহ পোছাক-পৰিচ্ছদ বিহীন ।
❤ স্থায়ী বাসগৃহ হৈ পৰে শ্মশান অথবা কবৰস্থান।

Qqqqqqqq

❤ জীৱনৰ এটা পৰম সত্য, আমি হয়তো কেতিয়াও নুবুজিম। এটা পাষাণ অথবা শিল মন্দিৰলৈ মাথোঁ এবাৰ গৈয়েই, ঈশ্বৰৰ আসন লাভ কৰিবলৈ সক্ষমপ্ৰাপ্ত হয়, অথচ মানুহবোৰে সদায় সদায়, মন্দিৰলৈ গৈ থকাৰ পিছতো পাষাণেই থাকি যায়। এগৰাকী মাতৃয়ে নিজৰ সন্তানক ভূমিষ্ঠ কৰাবলৈ, নিজৰ ৰূপ-সৌন্দৰ্য্য হানিৰ কথা এবাৰলৈ হলেওঁ, কেতিয়াও, মনলৈ নানে। অথচ সেই একেজন সন্তানে পত্নীৰ ৰূপ-সৌন্দৰ্যৰ বশীভূত হৈ, সেই একেজনী মাকক পৰিত্যাগ কৰিবলৈ কুন্ঠাবোধ নকৰে । আমি আৰু আমাৰ ঈশ্বৰৰ সতে, এটা মনকৰিবলগীয়া সাদৃশ্য আছে। ঈশ্বৰে সদায় আমাৰ ভুল-ভ্ৰান্তিসমূহ পাহৰি যায়, ঠিক যিদৰে আমি পাহৰি যাও ঈশ্বৰৰৰ কৃপা, মহিমা, কৰুণা আৰু আমাৰ প্ৰতি থকা তেওঁৰ অশেষ অনুকম্পা। প্ৰকৃত বন্ধু-বান্ধৱী, নিস্বাৰ্থ আত্মীয়-স্বজন আদিৰ সান্নিধ্যত সময় কেতিয়া হেলাৰঙে পাৰ হৈ যায় গমেই ধৰিব নোৱাৰি, কিন্তু এই সময়ৰ জৰিয়তেই আকৌ প্ৰকৃত বন্ধু-বান্ধৱী, নিস্বাৰ্থ আত্মীয়-স্বজন আদিৰ চিনাকি পোৱা যায়। সময়ৰ সোঁতত সকলো সলনি হয় মাথোঁ সলনি নহয় সময় । আৰু কেতিয়াও সলনি নহয় প্ৰকৃত বন্ধু-বান্ধৱী, নিস্বাৰ্থ আত্মীয়-স্বজন, পিতৃ-মাতৃ আৰু  ধৰ্ম্ম-পত্নী । সময়ৰ সতে, জীৱনৰ পল-অনুপল, হাতৰ মুঠিৰ বালিৰ দৰে পিছলি, সময়ৰ সোঁতত পুনৰ মিলি যায়। সেয়েহে প্ৰতিটো মূহুৰ্তক, জীৱনৰ শেষ মূহুৰ্ত হিচাবে গণ্য কৰি, প্ৰতিটো মূহুৰ্তক উপভোগ কৰি, হাঁহি আৰু ধেমালিৰ মাজেৰে কটাই দিওঁ আহক। পাহৰি নাযাব, এই জীৱন কেতিয়াও, দুনাই ঘুৰাই নাপাওঁ ।

qqqqqq

নমস্কাৰ  বন্ধু-বান্ধৱী সকল,

ব্যক্তিগত কাম-কাজত অকণমান ব্যস্ত আছিলোঁ ।

পৰম সত্য বচন :

❤ আধাৰ কাৰ্ড বা পান্ কাৰ্ডত দৃশ্যমান হোৱাৰ দৰে মানুহবোৰৰ ফটো যিদৰে কুশ্ৰী নহয়, ঠিক তেনেদৰেই ফেচবুক বা হোৱাটছ আপত দেখাৰ দৰে, ফটোবোৰ সিমান সুশ্ৰীও নহয়।
❤ প্ৰত্যেকজন পুৰুষ সিমান বেয়াও নহয়, যিমান বেয়া বুলি তেখেতৰ পত্নীয়ে ভাবে । আনহাতে সিমান ভালো নহয়, যিমান ভাল বুলি তেখেতৰ মাকে ভাবে ।
❤ প্ৰত্যেক পুৰুষে তেওঁৰ জীৱনসংগিনী গৰাকী বিশ্বসুন্দৰী হওঁক বুলি কামনা কৰে । লগতে ঘৰুৱা কাম-কাজত কামৱালী বাঈ চামেলিৰ দৰে নিপুণ হোৱাটোও বিচাৰে।
❤ সৰহভাগ নাৰীয়ে তেওঁৰ জীৱনলৈ, এজন মুকেশ আম্বানীৰ দৰে ধনী ব্যক্তি, পতি হিচাবে অহাটো বিচাৰে। একেসময়তে পতিজনে মনমোহন সিংৰ দৰে ব্যৱহাৰ কৰাটোও কামনা কৰে।

সাৰাংশ : পুৰুষ মানুহৰ ভাগ্য হলে, কিন্তু মোডীজীৰ দৰে হব লাগে, প্ৰশ্ন সুধি বিতত কৰিবলৈ সদনত বিৰোধী দলত নেতা নাই আৰু সময়ে-অসময়ে প্ৰশ্ন সুধি তত নাইকিয়া কৰিবলৈ ঘৰতো পত্নী নাই।

Qqqqqqq Qqqq

সময়ৰ বিবৰ্তন :
❤ ১৯৭০ চনৰ মহিলা । পতি : এক কাপ চাহ । পত্নী : মই এতিয়াই লৈ আনিছোঁ, আপুনি ক্ষন্তেক অপেক্ষা কৰক।
❤ ১৯৮০ চনৰ মহিলা । পতি : এক কাপ চাহ দিবাচোন । পত্নী : আনি আছোঁ ৰব ।
❤ ১৯৯০ চনৰ মহিলা । পতি : এক কাপ চাহ দিবা নেকি ? পত্নী : ৰব অলপ পিছত দি আঁছো ।
❤ ২০০০ চনৰ মহিলা । পতি : হেৰা, একাপ চাহ দিবা নেকি ? পত্নী : এতিয়া নোৱাৰোদেই, আপুনি নিজেই বনাই খালে খাওঁক।
❤ ২০১৫ চনৰ মহিলা। পতি : এক কাপ চাহ ....? পত্নী : কি কৈছা, চাহ ?? পতি : নহয় মানে এক কাপ চাহ, তোমালৈ ও বনাম নেকি, সেইটোহে সুধিছো ?

Qqqqqq

২০১৬ ৰ নিৰ্বাচনৰ আগে আগে শাসকীয় দলৰ মন্ত্ৰী এজন নগেনহতৰ গাঁওলৈ ভোট বিচাৰি আহিছে। নিৰ্বাচনৰ সুযোগৰ সদব্যৱহাৰ কৰি, ৰাইজৰ তথা গাঁওৰ সৰ্বাংগীন উন্নতি আৰু হিতাৰ্থে মন্ত্ৰী মহোদয়ৰ পৰা, কিবাকিবি "পেকেজ" লোৱাৰ উদ্দেশ্যে, নগেনক কথা পাতিবলৈ আগবঢ়াই দিলে। নগেনে মন্ত্ৰী গৰাকীৰ সতে হ্যান্ডশ্বেক্ কৰি কলে, "চাৰ আপুনি আমাক এখন দলং, অতি সোনকালে বনাই দিম বুলি, আজিৰ জনসভাত ঘোষণা কৰিব লাগিব ।"

মন্ত্ৰী : ৰবচোন ! মই ঘোষণা যে কৰিম, যিমানদূৰ মোৰ মনত আছে, আপোনালোকৰ গাঁও আৰু গাঁওৰ আশেপাশে কোনো নদীয়েই নাইচোন!

নগেন : তেতিয়াহলে আমাক নদী এখনো লাগিব ।

Qqqqq

প্ৰধান শিক্ষক : নগেন, তোৰ বিৰুদ্ধে এটা অভিযোগ আছে।
নগেন : কি অভিযোগ চাৰ ?
প্ৰধান শিক্ষক : তই বোলে আমাৰ বিদ্যালয়ৰ ধুনীয়া শিক্ষয়িত্ৰী এগৰাকীক লুকাই-লুকাই চাই থাক ? নগেন : নাই চাৰ, মানে বাইদেউ গৰাকী বৰ ধুনীয়া দেখিহে কেতিয়াবা এনেই চাওঁ । কোনো বেয়া ভাবত নাচাওঁ চাৰ।
প্ৰধান শিক্ষক : শুন তই তোৰ চৰিত্ৰ সলনি কৰ। আজিৰ পৰা তই শিক্ষয়িত্ৰী গৰাকীক, তোৰ মা বুলি ভাবিবলৈ শিক।
নগেন : তেনেকৈ ভাবিবলৈ এটা সমস্যা আছে ।
প্ৰধান শিক্ষক : সমস্যা ! কি সমস্যা ?
নগেন : তেনেকৈ ভাবিলে মানুহে মোৰ দেউতাৰ, চৰিত্ৰৰ বিষয়ে, সন্দেহ কৰিব, চাৰ।

Qqqqq

ৰাতিপুৱা শুই উঠিয়েই, নগেনে মদৰ বটলটো খুলি, মদ খাবলৈ লোৱা দেখি, নগেনৰ পত্নী পমিলীৰ ভীষণ খং উঠিল।

পমিলী : হেৰি আপুনি একো এটা কাৰন নোহোৱাকৈয়ে ৰাতিপুৱাই - ৰাতিপুৱাই খাবলৈ ললে যে?
নগেন : কাৰণ আছে ! কাৰণ আছে কাৰণেই, খাইছো।
পমিলী : কি কাৰণ আছে কওঁকচোন, মইয়ো শুনো ।
নগেন : এই যে সন্মুখত দেৱালী আহি আছে । "ৰকেট বম্ব" টো ফুটাবলৈ, খালী বটলৰ দৰকাৰ নহব নেকি?

Qqqqqq

বন্ধু-বান্ধৱী সকল, মোৰ ভাতৃপ্ৰতীম বন্ধু শ্ৰী কল্যাণ ৰাভা এজন নিপুণ চিত্ৰশিল্পী । প্ৰকৃততে তেখেত এগৰাকী স্বভাৱশিল্পী। তেখেতৰ এটা বিশেষত্ব মই জনাবলৈ পাই সুখী হৈছোঁ যে, তেখেতে মাত্ৰ ২০ মিনিটৰ ভিতৰত এজন মানুহৰ, জীৱন্ত ছবি (live study) এখন হুবহু আঁকিব পাৰে। কোনোধৰণৰ আনুষ্ঠানিক প্ৰশিক্ষণ নথকা, স্বভাৱশিল্পী  শ্ৰীমান কল্যাণে বহুতো আলোচনী, স্মৃতিগ্ৰন্থ আৰু কিতাপৰ বেটুপাত অংকন আৰু প্ৰচ্ছদ ডিজাইন কৰিছে। দেশ বিদেশৰ বিভিন্ন ব্যক্তিৰ প্ৰতিকৃতি অংকন কৰি প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে । তেওঁ খুব ভাল গানো গায়। অকল মোবাইলত চাই চাই, কোনোধৰণৰ "গ্ৰাফিক" কৌশল অৱলম্বন নকৰাকৈ, মোৰ প্ৰফাইল ফটোখন শ্ৰী কল্যাণ ৰাভাই আঁকি, যি পাৰদৰ্শিতা আৰু মোৰ প্ৰতি থকা মৰম ও চেনেহ দেখুৱালে তাৰবাবে, মই ধন্যবাদ জনাবলৈ ভাষা বিচাৰি পোৱা নাই। তেখেতৰ ব্যক্তিগত আৰু শিল্পী জীৱনৰ সফলতা আৰু উত্তৰোত্তৰ কামনা কৰিলো। 

@@@@@@@@@@@@@@


পতি : আজি কোনোৰকম ফেচবুকৰ কাৰণেহে ৰক্ষা পৰিলো । বন্ধু : কেলেই কি হৈছিল ? পতি : মানুহজনীৰ "বাৰ্থডে" বুলি ফেচবুকৰ "আপডেট" দেখিহে গম পালোঁ।

@@@@@@@@@@@@@@@@@@

❤ কাইলৈ মানুহ এঘৰলৈ ফুৰিবলৈ যাম। চিন্তা কৰি পাৰ পোৱা কি কৰো ? লগত "মিঠাই" নিম নে "পিঁয়াজ"।

@@@@@@@@@@@@@@@@@@

আচলতে মদ বৰ ভাল বস্তুৰ ভিতৰত নপৰে যে একদম সঁচা কথা। কালি এজন বন্ধুই মদ খাই নিজৰ পত্নীগৰাকীকেই "আই লাভ ইউ" বুলি কৈ দিলে নহয় ।

QqqQqqq

❤ ভাৰতবৰ্ষখন মুঠ ৭৮০ টা কথিত ভাষাৰ দ্বাৰা বিভাজিত অথচ এটা বিদেশী ভাষা, ইংৰাজীৰ দ্বাৰা একত্ৰিত ।
❤ ভাৰতত মানুহে ট্ৰেফিক ৰেডলাইটত গাড়ী নৰখায় কিন্তু সন্মুখেদি ক'লা মেকুৰী এটা পাৰ হলে, শ শ মানুহ লাইনত খাৰা হৈ যায়, এনেকুৱা লাগে যেন ট্ৰেফিক পুলিচত ক'লা মেকুৰী হে ভৰ্তি কৰিব লাগিছিল।
❤ ভাৰতৰ জনসাধাৰণে ভোট দিব যাওতে প্ৰাৰ্থীৰ জাতি বিচাৰ কৰে, যোগ্যতা লাগিলে যিয়েই নহওক । এতিয়া সিহঁতক কোনে বুজাব যে, তুমি দেশৰ বাবে নেতাহে বিচাৰিছা, বাইদেউৰ বাবে ভিনদেউ নহয় ।
❤ ভাৰত এনেকুৱা এখন দেশ যত, এক্টৰে ক্ৰিকেট খেলে , ক্ৰিকেটাৰে ৰাজনীতি কৰে , ৰাজনেতা সকলে "পৰ্ণ" চাই । আজিকালি আকৌ "পৰ্ণস্টাৰ" বোৰ বোলছবিৰ নায়িকাও হব ধৰিছে।
❤ আমি এনেকুৱা এখন দেশত থাকো যত ন'বেল শান্তি বঁটা পোৱাৰ আগলৈকে প্ৰায় মানুহে কৈলাশ সত্যাৰ্থী কোন নাজানিছিল। কিন্তু ৰাছিয়ান টেনিছ খেলুৱৈ এজনে আমাৰ দেশৰ ক্ৰিকেটাৰ এজনক চিনি নোপোৱাটো, আমাৰ বাবে বিৰক্তিৰ বিষয় হয় ।
❤ ভাৰতবৰ্ষত অচিনাকী এজনৰ সতে কথা পতাটো বিপদজনক, কিন্তু অচিনাকীৰ লগত বিয়া হোৱাটো পৰম্পৰা আৰু সংস্কৃতি ।
❤ ভাৰতীয় সকলে ছোৱালীৰ পঢ়া শুনাতকৈ বেছি খৰচ, তাইৰ বিয়াত হে কৰে ।
❤ ভাৰতবৰ্ষ এনেকুৱা এখন দেশ, য'ত পুলিচক দেখিলে মানুহে নিৰাপদ বুলি অনুভৱ নকৰি, বেছি অসুৰক্ষিতহে অনুভৱ কৰে।
❤ ভাৰতীয় সকল স্বভাৱসূলভ লাজকুৰীয়া তথাপি ভাৰতৰ জনসংখ্যা ১২৫ কোটি ।
❤ নিজৰ নিৰাপত্তাৰ বাবে হেলমেট কোনেও নিপিন্ধে কেৱল পূলিচৰ ভয়ত হে পিন্ধে ।
❤ ভাৰতবৰ্ষ এখন দুখীয়া দেশ য'ত বহুতো ধনী মানুহে বাস কৰে।
❤ ভাৰতীয় সমাজত ছোৱালীক ধৰ্ষণৰ পৰা কেনেকৈ বাচিব লাগে সকলোৱে কয় কিন্তু ল'ৰাবোৰক ধৰ্ষণ নকৰিবলৈ কোনেও নিশিকায় ।
❤ ভাৰতত সকলোৱে, কিবা এটা চফা কৰিবলৈ হলে, কিয় জানো লেতেৰা কাপোৰহে বিচাৰে।


Qqq

পত্নীগৰাকী কিছুদিন ধৰি হস্পিটালৰ আই.চি.ইউ ত ভৰ্ত্তি হৈ আছে। "ভিজিটিং আৱাৰ্ছ" ত পতিজনৰ পূৰণি বন্ধু এজন, বেমাৰীৰ খবৰ লবলৈ আহিছে। নাকত "অক্সিজেন মাস্ক" লাগি, সংজ্ঞাহীন হৈ শুই থকা, মানুহজনীৰ ফালে দেখুৱাই, পতিজনে কান্দোন মূৱা হৈ কলে, "চব শেষ হৈ গ'ল দোস্ত , মোৰ সোণৰ সংসাৰ ছিন্ন-ভিন্ন হৈ গ'ল। "
বন্ধু : তই অলপ ধৈৰ্য্য ধৰচোন। ডাক্তৰে কি কৈছে ?
পতি : আজি সাতদিন ধৰি মাতবোল একো নাই কিন্তু আমি কি কওঁ, তেওঁ চব শুনে আৰু বুজিও পায়। ডাক্তৰে মোক সংজ্ঞা ঘুৰাই আনিব পৰা কিছুমান কথা কৈ থাকিবলৈ কৈছে। তেখেতে কোৱামতে এবাৰ যদি কথা কয়, তেতিয়াহলে ভাল হোৱাৰ সম্ভাৱনা আছে।
বন্ধু : পিছে তই কথা কোৱাবলৈ চেষ্টা কৰিছিলি নে ?
পতি : বহুত চেষ্টা কৰিলো কিন্তু একো ফল নাপালোঁ ।
বন্ধু : চব ঠিক হৈ যাব, ঈশ্বৰৰ ওপৰত ভৰষা ৰাখ। তই এইদৰে ভাঙি নপৰিবি।
পতি : মাত্র চল্লিছ বছৰ বয়সতে এইদৰে আমাক এৰি, ল'ৰা-ছোৱালী হালক নিঠৰুৱা কৰি .............।

পত্নীগৰাকীয়ে সেহাই সেহাই কব ধৰিলে, "কো-নে কৈ-ছে, মোৰ বয়স চল্লিছ বুলি । মো-ৰ লগৰ ছোৱালী বোৰৰ ভি-ত-ৰ-ত চ-ব-ত-কৈ ময়েই সৰু আছিলোঁ। "

Qqqqqqq

❤ যোৱাকালি কবিতাৰ প্ৰথম স্তৱকটো দিছিলোঁ । আজি এইয়া দ্বিতীয় স্তৱক।

প্ৰেমৰ পৰশত  জগত খন,
সৰগতকৈ কম নহয়,
মোৰ প্ৰিয়া মাথোঁ  ধুনীয়াই নহয়,
এপাহি গোলাপতকৈ কম নহয়।

Qqqqqqq


বিবাহিত জীৱনৰ প্ৰায় পাঁচ বছৰমান অতিবাহিত হোৱাৰ পিছত, এদিনাখন পত্নীয়ে পতিক কৈছে, "আপুনি আজিকালি মোক আগৰদৰে ভাল নাপায়।"

পতি : ধেৎ ! কিয়নো তেনেকৈ কৈছা ?
পত্নী : মই চব বুজি পাওঁ। আপোনাৰ মন বেলেগ কৰবালৈ ঢাল খাইছে ।
পতি : আ: কতে মৰো মই ! আচ্ছা, মই তোমাক মৰম নকৰো, তোমাৰ মনলৈ, এই ভাবটো কেলেই আহিল, কোৱাচোন ?
পত্নী : বিয়াৰ পিছত, আপুনি নিজে কম কম খাইছিল আৰু প্ৰায়েই মোক, জোৰ কৰি-কৰি, খুৱাইছিল । কেতিয়াবা কেতিয়াবা, আপুনি নিজে নাখাইও, মোক নিজহাতেৰে খুৱাই দিছিল। আৰু এতিয়া! আপুনি মোক খুৱাই দিয়াটো দূৰৰ কথা, মই খালো নে নাই, তাকো নোসোধে।
পতি : আচলতে কি হ'ল জানা ! এতিয়া তুমি ভালকৈ বনাবলৈ শিকিলা আকৌ !

Qqqqqqqqq

আজি জাতীয় বন্ধৰ দিন।  "স্বচ্ছ ভাৰত অভিযান" ৰ সতে সংগতি ৰাখি, কুকুৰা এজনী ( চফা দিবলৈ) আনিম বুলি বজাৰলৈ ওলাই গৈছিলোঁ। পিছে আধবাটৰ পৰা ঘুৰি আহিলো । হঠাৎ মনত পৰিল আজি সংযুক্ত ৰাষ্ট্ৰ সংঘৰ দ্বাৰা ঘোষিত "বিশ্ব অহিংস দিবস"।

Qqqqqqqq

প্ৰেমৰ পৰশে কিনো  যাদু কৰি যায় ! অচিনাকী জনকো, বুকুৰ আপোন, কৰি থৈ যায় ।

Qqqqqqq

শিক্ষকে নগেনৰ পূতেক কণপাইক সুধিছে, "কণপাই, তোৰ মা দেউতাই কি কৰে অ' ?
কণপাই : নাজানোঁ চাৰ, মই সোনকালে শুই যাওঁ ।
শিক্ষক : বেছি সোনকালে নুশুবি আকৌ ! পিছত দেখিবি উত্তৰাধিকাৰী সূত্ৰে পাবলগীয়া সম্পত্তি, দুভাগ কৰিবলগীয়া হব।

Qqqqqqqq

নগেনৰ মানুহজনীতকৈ, নগেনৰ খুলশালীজনী বেছি ধুনীয়া। এই কথাটোৱে নগেনৰ মনত প্ৰায়েই প্ৰতিক্ৰিয়া কৰি থাকে। এদিনাখন কথাই কথাই, শাহুৱেকক কৈয়েই পেলালে, "আই, আপোনালোকেও মোৰ সতে কমখন, অন্যায় কৰা নাই ?"
শাহুৱেক : তোমাৰ সতে আমি আকৌ কি অন্যায় কৰিলো, বোপা ?
নগেন : অন্যায় মানে ! ঘোৰ অন্যায় কৰিছে। আপোনালোকৰ ঘৰত "ৰসগোল্লা" থকাৰ পাছতো মোক "খুৰ্মা" কিয় গতালে ?

Qqqq

মাতৃ আৰু পত্নীৰ মাজত এক বুনিয়াদী পাৰ্থক্য : মাতৃয়ে কথা কবলৈ শিকায়। আৰু পত্নীয়ে মনে মনে থাকিবলৈ ।

Qqqqq

পতিগৰাকী বাহিৰৰ পৰা আহি ঘৰ সোমোৱাৰ পিছত,
পত্নীয়ে সুধিছে, "আজিৰ দিনটো মনত আছে নে ? পাহৰিলে নেকি আকৌ"

পতি : নাই পাহৰা। আজি তোমাৰ জন্মদিন। হেপ্পী বাৰ্থডে টু ইউ, ডাৰ্লিং । (স্বগোক্তি: পাহৰি মৰিলেহে হব।)
পত্নী : মোৰ বাবে উপহাৰ ক'তা ?
খিৰীকেয়েদি বাহিৰলৈ দেখুৱাই পতিয়ে কৈছে, "আমাৰ গেটৰ বাহিৰত, সৌখন "ৰেড কালাৰ" ৰ গাড়ী দেখিছা ?"
পত্নী আনন্দতে জপিয়াই উঠি কৈছে, "অ' মাই গড ..........."
পতি : একেটা "কালাৰ" ৰ "নেইল্ প'লিশ্ব" এটা তোমালৈ আনিছো ।

Qqqq
মতা কুকুৰাটো সুন্দৰী কুকুৰা এজনীৰ প্ৰেমত পৰিছে। বহুদিনৰ পৰা "প্ৰপোজ" কৰিম কৰিম বুলি, অৱশেষত সাহস কৰি এদিন কৈছে, "আই লাভ ইউ, ডাৰ্লিং।"
সুন্দৰী কুকুৰা : ঘৰত ভাল নে তোমাৰ ?
মতা কুকুৰা : জানু, বিশ্বাস কৰা মই তোমাক সঁচাকৈয়ে বৰ ভাল পাওঁ । মই তোমাৰ বাবে চব কৰিবলৈ সাজু আছো। প্লিজ তুমি এবাৰ, মাথোঁ এবাৰ মোৰ কথা ভাবি চোৱা !
সুন্দৰী কুকুৰা : মই যি কম, তুমি সঁচাই কৰিব পাৰিবা ? ম
তা কুকুৰা : নিশ্চয় ! তুমি মাথোঁ এবাৰ কৈ চোৱা ।
সুন্দৰী কুকুৰা : ঠিক আছে। তুমি কণী এটা পাৰি দেখুৱাই দিয়া মোক।

Qqqqqqq

নগেনৰ পূতেক কণপাইয়ে বৰ ধুনীয়া ছবি আঁকে। আচলতে অকল ধুনীয়া ছবি আঁকে বুলি কলে, কণপাইৰ সতে অন্যায় কৰা হব। সি কিমান নিখুঁত ভাবে ছবি আঁকে, তাৰ সৰু উদাহৰণ এটা মন কৰক । কণপাইৰ স্কুলৰ শিক্ষকে ফোন কৰি নগেনক কৈছে, "হ্যালো, মই কণপাইৰ স্কুলৰ পৰা, শ্ৰেণী শিক্ষকে কৈছো" নগেন : কওঁকচোন, মই কণপাইৰ দেউতাক, নগেনে কৈছোঁ । শিক্ষক : আপোনাৰ লৰা কণপাইৰ বিৰুদ্ধে অভিযোগ আছে। সি বৰ বদমাছ। নগেন: কওঁকচোন কি হৈছে বাৰু ? শিক্ষক : সি শ্ৰেণীকক্ষৰ মজিয়াত, এখন এহেজাৰ টকীয়া নোটৰ ছবি আঁকিছিল। সেই নোট খন উঠাবলৈ চেষ্টা কৰোতে, মোৰ নখেই ভাঙি থাকিল । আপোনালোকে তাক ভালদৰে বুজাব লাগে, আকৌ । নগেন : চাৰ কিনো কম, কিনো বুজাম হয়, মই নিজেই বৰ্তমান হস্পিটালৰ আই. চি. ইউত পৰি আছো । সি কটা নিধকে, কালি সজীৱ বিদ্যুৎ "চাৰ্কিট" এটাৰ ওপৰত কেটৰীণা কেঈফ্ ৰ ছবি এখন আঁকি থৈছিল । শিক্ষক : তাৰ পিছত ? নগেন : তাৰ পিছত কি হব পাৰে ? কাৰেন্ট লাগি, মোৰ দুয়োটা ওঠ পুৰি ছাৰখাৰ হৈ গৈছে, চাৰ .....।

Qqqqqq

❤ অসমৰ বহুত কম মানুহে এই কথাটো জানে । প্ৰসূতি বিভাগৰ ডাক্তৰ, অভিজ্ঞ নাৰ্চ আৰু "আশা বাইদেউ" উপৰিও, অসমৰ বিভিন্ন জিলাৰ ঘাই পথ সমূহেও, সুৰক্ষিতভাবে গৰ্ভৱতী মহিলাৰ প্ৰসৱ কৰাবলৈ সক্ষম।

Qqqqqqq

পতি আৰু পত্নীৰ মাজত ৰাতিপুৱাই, ৰাতিপুৱাই কাজিয়া লাগি মাতবোল বন্ধ হৈ থাকিল। আবেলি পৰত পত্নীয়ে পতিক কলে, "কথা এটা কও শুনক, এইদৰে কাজিয়া কৰি, কথা নপতাকৈ থাকি, মোৰ একদম ভাল নালাগে জানে"
পতি : ঠিক আছে বুজিলো, এতিয়া আমি কি কৰা উচিত, তুমিয়ে কোৱা ?
পত্নী : বিবাহিত জীৱনত অলপ এৰা-ধৰা কৰি চলিবই লাগিব, নহয় জানো ?
পতি : আচল কথালৈ আহাঁ ।
পত্নী : আচল কথা মানে, এটা কাম কৰক, আপুনি মোক ক্ষমা খোজক আৰু মই আপোনাক ক্ষমা কৰি দিওঁ ।

Qqqq

কথা এটা কওঁকচোন , আপোনাৰ গাৰ্লফ্ৰেণ্ডৰ মাজত এইবোৰ লক্ষণ আছে নে?

❤ বৰফৰ টুকুৰা এটা নিমিষতে গলাব পৰাকৈ, শৰীৰত প্ৰখৰ উষ্ণতা ।
❤ দেখিলেই নিচা লাগিব পৰাকৈ, মদিৰ ভৰা চাৱনিৰ সতে, জবা ফুলৰ দৰে আৰক্ত এযুৰি চকু ।
❤ ৰৈ ৰৈ সঘনাই কপি কপি উঠে, এনে এযুৰি মনোমোহা ওঠ।
❤ হিয়া ভাঙি চূৰমাৰ কৰিব পৰা দীঘলীয়া হুমুনিয়াহ । . . . . যদি আছে, তেনেহলে অনতিপলমে, . . . . . . . . . আপোনাৰ নিচেই ওচৰত থকা কোনোবা ডাক্তৰক, সোনকালে দেখুউৱাৰ ব্যৱস্থা কৰক। এইয়া আচলতে ডেংগুৰ লক্ষণ ।

Qqqqqqq

সৰুৰে পৰা আমাক শিকোৱা হৈছিল, "সদায় সত্য কথা কবা।" ডাঙৰ হোৱাৰ পিছত বুজিলো যে, অকনমান হেৰ-ফেৰ কৰি, কাৰোবাৰ ভালৰ বাবে মিছাও কব পাৰি। যত প্ৰাণৰ শংকা জড়িত হয় তেনেক্ষেত্ৰত, মিছা কোৱাটো বৰং বুদ্ধিমত্তাৰ হে পৰিচায়ক বুলি গণ্য কৰা হয়। এই মিছাকথা বোৰ মানুহৰ জীৱনত বিভিন্ন বয়সত, বিভিন্ন ৰূপত, বিভিন্ন স্থিতি, গ্ৰহণ কৰে।
❤ শৈশৱকালৰ মিছাকথাক পাপ বুলি কোৱা হয় ।
❤ বৰলা সকলৰ বাবে মিছাকথাক অনিবাৰ্য বুলি ধৰা হয় ।
❤ প্ৰেমৰজগতত মিছাকথাক এক কলা বুলিহে গণ্য কৰা হয় ।
❤ বিবাহিত মানুহৰ বাবে, মিছাকথা, শান্তিত জীয়াই থকাৰ এক উত্তম অজুহাত তথা উৎকৃষ্ট পথ।

Qqqqqqq


❤ শুভৰাত্ৰি বন্ধু-বান্ধৱী সকল:

নগেন অন্তিম শৰ্য্যাত শায়িত আৰু মৃত্যুৰ সতে যুঁজি আছে। ডাক্তৰেও ইতিমধ্যে হাত ডাঙি দিছে। নগেনৰ পূতেক কণপাইয়ে নগেনৰ শিতানত বহি লাহেকৈ সুধিছে , "দেউতা, যোৱাৰ আগে আগে, মোক কিবা কবলগীয়া আছে যদি কব পাৰে ?"
নগেন : বোপাই, ফেচবুকত সঞ্জীৱ মজুমদাৰ বুলি এজন আছে, মই মৰিলে তেখেতক খবৰ দিবলৈ নাপাহৰিবি।
কণপাই : ঠিক আছে বাৰু । আপোনাৰ মৃত্যুৰ পিছত আৰু কাক কাক, খবৰ দিব লাগিব দেউতা ? নগেন : ওচৰ চুবুৰীয়া , জ্ঞ্যাতি-কুটুম্ব সকলোকে খবৰ দিবি । আৰু শুণ, মোৰ বন্ধু বীৰেণ আৰু খগেনৰ মানুহ দুগৰাকীক মাতিবলৈ কিন্তু, একদম নাপাহৰিবি । সিহঁতক মাতিবলৈ কোৱা কথাটো মাৰক নকবি আকৌ। তই মোক কথা দে ।
কণপাই : কথা দিলোঁ, মাক একো নকওঁ বাৰু। কিন্তু মোক কওঁকচোন, আপুনি বিশেষভাৱে বীৰেন আৰু খগেন খুৰীক কিয় মাতিবলৈ কলে ?
নগেন : কাৰণ সিহঁত দুইটাৰ মানুহ দুজনীয়েই , মৃতদেহৰ বুকুৰ ওপৰত, পৰি-পৰি, লিপিট খাই-লিপিট খাই কান্দে ।

Qqqqqqq

এনোফিলিচ্ ম'হৰ পোৱালি এজনীয়ে মাকক সুধিছে, "মা মই মেলেৰিয়াৰ ওপৰত স্পেচিয়েল কোৰ্চ এটা কৰিম বুলি ভাবিছোঁ, কি কোৱা ?" ম'হৰ মাক : আজিকালি মেলেৰিয়াৰ ডিমাণ্ড কমি গৈছে। মাজনী, তুমি তাতকৈ দিল্লী বিশ্ববিদ্যালয়ৰ পৰা, ডেংগুৰ কোৰ্চ এটা কৰি আহা। বৰ্তমান ডেংগুৰ কেৰিয়াৰ বৰ ভাল, ফিউচাৰ আছে।

Qqqqqq

বন্ধু-বান্ধৱী সকল, অসমীয়া ৰগৰ বা কৌতুক বোৰত ব্যৱহাৰ হোৱা "নগেন" নামৰ চৰিত্ৰটো কোনে সৰ্বপ্ৰথম চিনাকী কৰিছিল মইওঁ নাজানোঁ। মই যেতিয়া ৰগৰ/কৌতুক সমূহ লিখিবলৈ আৰম্ভ কৰিছিলো, নগেনৰ দৰে typical চৰিত্ৰ এটা মোৰ ৰগৰ/কৌতুক ৰ বাবে বৰ প্ৰয়োজনীয় আছিল। নগেন এটা সকলোৰে পৰিচিত চৰিত্ৰ হোৱা বাবে, মোৰ কাম যথেষ্ট সহজ হৈ পৰিছিল । মোৰ কিছুমান বন্ধুই নগেনৰ চৰিত্ৰটো বেছি ব্যৱহাৰ নকৰি লিখি যাবলৈ পৰামৰ্শ দিছে। মোৰ প্ৰতি আপোনালোকে ইমান দিনে যি মৰম, চেনেহৰ সতে অনুপ্ৰেৰণা যোগাই আহিছে, মই আপোনালোকৰ মতামত অবিহনে সিদ্ধান্ত লব বিচৰা নাই। সেয়েহে জানিব বিচাৰিছো যে মই কি কৰা উচিত ? নগেন নামটো ব্যৱহাৰ কৰিম নে নকৰিম ? আপোনালোকৰ মতামত অনুযায়ী মই পৰৱৰ্তী পদক্ষেপ গ্ৰহণ কৰিম। অনুগ্ৰহ কৰি পৰামৰ্শ মূলক মন্তব্য দিয়ে যেন।

Qqqqqqq

শুভ-সন্ধিয়া বন্ধু-বান্ধৱী :

নগেন নতুন চহৰ এখনলৈ বদলি হৈ আহিছে। পুৰণি সহকৰ্মী সকলৰ স্মৃতিবোৰ আৰু নতুন পৰিবেশৰ বাবে, অফিচৰ কাম কাজত বেছি মন বহা নাছিল । নতুন অফিচৰ "বচ" জনে কথাটো মন কৰিলে। এদিন নগেনক চেম্বাৰলৈ "বচ" জনে মাতি কলে, "শুনা এইদৰে হলে বেছিদিন নচলিব। তুমি অকণমান সক্ৰিয় হব লাগিব । আচলতে ইয়ালৈ অহাৰ পিছত, মোৰো তোমাৰ দৰে অৱস্থা হৈছিল। মই তেতিয়া কি কৰিব ললো, জানা ? "লাঞ্চ আৱাৰ" ত ঘৰলৈ গুচি যাব ললো। তোমাৰ নবৌয়েৰাৰ হাতেৰে বনোৱা খানা খাই, এঘন্টাৰ ভিতৰত অকণমান ৰোমাঞ্চ কৰিও আহিবলৈ ধৰিলো। মই কি কৈছো তুমি বুজি পাইছা নিশ্চয় । এইদৰে নিয়মিত ৰূপে, ঘৰলৈ যাব লোৱাৰ পিছত মই নিজকে বৰ সক্ৰিয় আৰু সতেজ অনুভৱ কৰিবলৈ ললো। তাৰপিছত মোৰ সমস্যা সমূহ নোহোৱা হৈ গ'ল। গতিকে, তুমিও তেনেকুৱা কিবা এটা কৰি চোৱা, দেখিবা ভাল লাগিব আৰু লগতে কৰ্মদক্ষতাও বাঢ়িব। নগেনে বচৰ কথাখিনি শলাগিলে আৰু কিছু সময় ঘৰুৱা কথা-বতৰা পাতি, চাহ-জলপান খাই ওলাই আহিল। এসপ্তাহ মানৰ পিছত বচজনে নগেনৰ কৰ্মদক্ষতা, পৰিলক্ষিত কৰি তবধ মানিলে। সকলো কাম সময়তকৈ আগতেই সমাধা কৰাৰ উপৰিও, সকলোৰে সতে হাঁহি মাতি থকা নগেনৰ ব্যাপক পৰিবৰ্তন দেখি "বচ" জন বৰ সুখী হ'ল । এদিন "বচ" জনে নগেনক পুনৰ মাতি কলে, "কি হ'ল, মই আগতেই কৈছিলো নহয় । দেখিলা মোৰ পৰামৰ্শ কিমান কামত আহিল ?"
নগেন : হয় চাৰ, আপুনি ঠিকেই কৈছিল। এটা কথা কিন্তু, মই স্বীকাৰ নকৰি নোৱাৰিলো । নবৌয়ে মানে আপোনাৰ পত্নীয়ে, খানা কিন্তু "জবৰদস্ত" বনাই।

Qqqq

নগেন পুলিচৰ হাৱালদাৰ পদৰ পৰা, সহকাৰী উপ- পৰিদৰ্শক পদলৈ পদোন্নতি অৰ্থাৎ প্ৰমোচন পাইছে । প্রমোচন পোৱাৰ পিছত পুলিচ ট্ৰেইনিং চেন্টাৰত ট্রেনিং লবলৈ গৈছে। পুলিচ ট্ৰেইনিং চেন্টাৰত প্ৰশিক্ষক জনে "SWOT এনালাইচিচ" বুজাইছে । SWOT হল মানুহৰ কৰ্তব্য ক্ষেত্ৰত সংযুক্ত ৰূপত চাৰিটা বিবেচনাৰ সমন্বয়। এই চাৰিওটা বিচাৰধাৰাক, নিয়ন্ত্ৰিত ৰূপে ব্যৱহাৰ কৰিব পাৰিলে, কৰ্মক্ষেত্ৰত সফল হব পাৰি । S= Strength (শক্তি) W= Weakness (দূর্বলতা) O= Opportunity (সূযোগ) T= Threat (ভয়) SWOT সম্পৰ্কে বিশদ ভাবে বুজাই দিয়াৰ পিছত, প্ৰশিক্ষক জনে নগেন আৰু অন্যান্য প্ৰশিক্ষাৰ্থী সকলক, ব্যক্তিগত অভিজ্ঞতাৰ পৰা SWOT ৰ, এটা উদাহৰণ দিবলৈ কলে। নগেন হাৱালদাৰে তৎক্ষনাৎ হাত ডাঙি থিয় হৈ কলে,
❤ মোৰ শক্তি (Strength) হ'ল মোৰ ধুনীয়া পত্নী ।
❤ মোৰ দূর্বলতা (Weakness) হ'ল মোৰ প্ৰতিবেশী, বীৰেণ হাৱালদাৰৰ ধুনীয়া পত্নী ।
❤ মোৰ সূযোগ (Opportunity) হ'ল বীৰেণ হাৱালদাৰ যেতিয়া ঘৰত নাথাকে ।
❤ মোৰ ভয় (Threat) হৈছে মই যেতিয়া ঘৰত নাথাকো, মোৰ মানুহজনীয়ে বা কি কৰে আকৌ ?

Qqqqqq

দেউতা : পাপু, ৰাতিপুৱাই ৰেডিঅটো কিয় বজাইছ ? ইমান বেয়াকৈ চিঞৰিছে মহিলাগৰাকীয়ে ।
পাপু : দেউতা, সেইটো ৰেডিঅ নহয় । মায়ে আপোনাক বজাৰলৈ যাবলৈহে কৈ আছে ।

Qqq

অফিচত বচৰ চেম্বাৰৰ দৃশ্য : বচ : মি: দাস, আপুনি যোৱাকালি অফিচ টাইমত, আমাৰ অফিচৰ টাইপিষ্ট, মিচ জুলীক লৈ চিনেমা চাব গৈছিল । আপুনি এতিয়াই, মিচ জুলীক মই এবাৰ মাতিছো বুলি কব ।
মি: দাস : কিন্তু তাই আপোনাৰ লগত, চিনেমা চাবলৈ মান্তি হব জানোঁ ?

Qqq

প্ৰথম বন্ধু : কি হ'ল, মন মাৰি আছ যে, কেলেই ?

দ্বিতীয় বন্ধু : এহ্ নকবি আৰু, মই পিতৃ হবলৈ ওলাইছো অ'।
প্ৰথম বন্ধু : কি কলি পিতৃ হবলৈ ওলাইছ, এইয়া আনন্দৰ হে কথা ! তইয়ো যে মানুহ দেই ।
দ্বিতীয় বন্ধু : নহয় অ', কথাটো কেনেবাকৈ মোৰ পত্নীয়ে গম পালে কি হব, সেইটো ভাবিহে ভয় খাই আছো।

qqq

❤ গোহাৰি  ❤

শ্ৰদ্ধেয় ৰাইজ,

আমাৰ দেশৰ এজন দূৰ্নীতিগ্ৰস্ত, গুণ্ডা, লম্পট ৰাজনৈতিক নেতাক, এক অজ্ঞাত সন্ত্ৰাসবাদী গোটে অপহৰণ কৰি লৈ গৈছে। সন্ত্ৰাসবাদী সকলে ১০০ কৌটি টকা মুক্তিপন দাবী কৰিছে। সময়মতে মুক্তিপন আদায় নিদিলে নেতাগৰাকীক পেট্ৰোল ঢালি জ্বলাই দিয়াৰ ভাবুকি প্ৰদান কৰিছে । এনে এক সংকটময় পৰিস্থিতিত আমাৰো নিশ্চয় কিছু কৰণীয় আছে । সেয়েহে মই সমূহ ৰাইজক, কৰযোৰে কাকূতি-মিনতি কৰিছো, আপোনালোকেও কিছু দান-বৰঙণি আগবঢ়াই এই ভয়াবহ সংকটৰ পৰা নেতাগৰাকীক মুক্ত কৰাৰ বাবে, অকুন্ঠিচিত্তে সহায়ৰ হাত আগবঢ়াওঁক। ইতিমধ্যে, মই ৫ লিটাৰ পেট্ৰোল দান কৰিছোঁ ।

আপোনালোকেওঁ যিমান পাৰে কৰক।

বিনীত
শ্ৰী নগেন চন্দ্ৰ হাতীবৰুৱা ।

Qqqqq

এগৰাকী চাকৰিজীৱী সুন্দৰী যুৱতী, সদায় অফিচলৈ দেৰিকৈ আহে। অফিচৰ বচে এই বিষয়ে কেবাবাৰো সকিয়াই থৈছে। অথচ যুৱতীগৰাকী আজিও প্ৰায় দুঘন্টা পলমকৈ অফিচ আহি ওলাইছে । যুৱতীগৰাকীক নিজৰ ৰূমলৈ মাতি বচে কলে, "আপুনি আজিও অফিচ আহোঁতে, দেৰি কৰিলে যে?" যুৱতী : কি যে কম চাৰ, মই আহি থাকোতে, বদমাছ ল'ৰা এজনে মোক অনুসৰণ কৰি আহি আছিল । বচ : কি কলে ? তেনেকুৱা পৰিস্থিতিত, আপুনি বেগেৰে খোজকাঢ়ি, এঘন্টা আগতেই অফিচ পাব লাগিছিল চোন। ওলোটাই দেৰি কেনেকৈ হবলৈ পালে, সেইটোহে নুবুজিলো । যুৱতী : আৰু নকব চাৰ, ল'ৰাজনে যে ইমান লাহে লাহে খোজ কাঢ়ে, কি কম ?

Qqqqqqqqq

নগেনে আজিকালি চহৰৰ নামজ্বলা অভিজাত আৰু ধনী ব্যৱসায়ী প্ৰতাপ চৌধুৰীৰ ঘৰত কাম কৰে। এদিন প্ৰতাপ চৌধুৰী আৰু তেখেতৰ সুন্দৰী পত্নী এটা ডাঙৰ বাৰ্থডে পাৰ্টি উপলক্ষে সন্ধিয়া ওলাই গ'ল। যোৱাৰ আগে আগে নগেনক কলে, "আমাৰ ঘুৰি আহোঁতে দেৰি হব, তুমি ভাত-পানী খাই শুই থাকিবা। আমাৰ লগত দুৱাৰৰ চাবি আছে, তুমি চিন্তা কৰিব নালাগে। টিভি চাই নাথাকিবা আকৌ ।" এইবুলি কৈ দুয়ো ঘৰৰ পৰা ওলাই গ'ল। বাৰ্থডে পাৰ্টিৰ আয়োজন খুবেই বিশাল পৰ্যায়ৰ আছিল। অলপমান সময় থকাৰ পিছত শ্ৰীমতী চৌধুৰীৰ আমনি লাগিল। দুয়োজনৰ এজনো নৰলে কথাটো দেখিবলৈ বেয়া হব বুলি, প্ৰতাপ চৌধুৰী থাকি গ'ল আৰু শ্ৰীমতী চৌধুৰী নিজেই গাড়ী চলাই ঘৰলৈ উভতি আহিল। ঘৰলৈ আহি মেইন দৰ্জাখন খুলি চিৰি বগাই ওপৰলৈ উঠি বেডৰূমত সোমাল। তাত দেখে যে নগেন বিচনাত লালকাল দি শুই আছে। শ্ৰীমতী চৌধুৰীয়ে লাহেকৈ মাতি নগেনক জগাই কলে, "নগেন, তুমি মোৰ শাৰীখন খোলা।" নগেনে টোপনিৰ জালতে, অকৰাটোৰ দৰে শ্ৰীমতী চৌধুৰীৰ মুখলৈ চাই আছিল। "নগেন, তুমি মোৰ শাৰীখন খোলা।" বুলি আকৌ এবাৰ কওঁতেহে সম্বিত ঘুৰি আহিল আৰু শাৰীখন খুলিলে । "এতিয়া তুমি ব্লাউজটো খোলা।" নগেনে বিনাবাক্যব্যয়ে ব্লাউজটোও খুলি পেলালে । এইবাৰ শ্ৰীমতী চৌধুৰীৰ কিজানি, খং কমিল চাগে, অকণমান লাহেকৈ কলে, "পেটিকোটটোও খোলা, নগেন।" ইয়াৰ পিছত শ্ৰীমতী চৌধুৰীয়ে নগেনৰ চকুত, চকু ৰাখি কলে, "আগলৈ আৰু কোনোদিনে যাতে, মোৰ কাপোৰ-কানি পিন্ধা নেদেখো। দ্বিতীয় বাৰ পিন্ধিব লাগিলে তোক, কাণত ধৰি ঢকিয়াই ঢকিয়াই, বাউন্ডাৰীৰ বাহিৰ কৰি দিম। আজি তোক লাষ্ট ওৱাৰ্ণিং দিলো।"

Qqqq ❤ "প্ৰেম প্ৰস্তাৱ পৰ্ব্ব" যুৱক : মই তোমাক অন্তৰৰ পৰা ভালপাওঁ। ৰাতিপুৱা শুই উঠিয়েই, মই কেৱল তোমাৰ কথাকেই ভাবো, জানা। যুৱতী : তোমাৰ যে বন্ধু ৰোহন, সিদিনাখন সিঁও, মোক তেনেকৈয়ে কৈছে। যুৱক : সি কলে কি হব ! ৰাতিপুৱা সি সদায়, মোতকৈ আধাঘন্টা পলমকৈ উঠে । Qqqqqqq ওচৰা ওচৰিকৈ থকা দুটা বিল্ডিংৰ দুজন আবাসীয়ে কথা পাতিছে। প্রথম আবাসী : দাদা, আপোনাৰ জন্মদিন কেতিয়া বাৰু ? দ্বিতীয় আবাসী : আপোনাক কেলেই ? মোৰ জন্মদিন জানি কি কৰিব ? প্রথম আবাসী : নহয় মানে, আপোনাক এখন ডাঙৰ পর্দা "গিফ্ট" দিবলৈ মন আছিল। আপোনাৰ ঘৰৰ খিৰিকীয়েদি, প্রতিদিন আপোনালোকৰ "ৰোমান্স", দেখি দেখি "বোওৰ" হৈ গৈছো। দ্বিতীয় আবাসী : আপোনাৰ নো জন্মদিন কেতিয়া ? প্রথম আবাসী : অহা মাহৰ দুই তাৰিখে। মোৰ জন্মদিন আকৌ কেলেই ? দ্বিতীয় আবাসী : মানে আপোনাকো এটা দূৰবীণ "গিফ্ট" কৰিম বুলি ভাবিছো । প্রথম আবাসী : মোক আকৌ দূৰবীণ কেলেই দিব ? দ্বিতীয় আবাসী : যাতে আপুনি, . . . . . . . . . . . . . . . যাতে আপুনি ভালদৰে দেখা পায় যে মানুহজনী কাৰ ? Qqqq ডাক্তৰৰ চেম্বাৰৰ দৃশ্য : ডাক্তৰজনে নগেনৰ মানুহজনীক মুখত থাৰ্মোমিটাৰটো ভৰাই মনে মনে থাকিবলৈ কলে । ডাক্তৰৰ কথামতে, মুখত থাৰ্মোমিটাৰটো ভৰোৱাৰ পিছত, মানুহজনী কিছু সময় মনে মনে থাকিল । নগেনে কথাটো মন কৰিলে আৰু ডাক্তৰক কলে, "চাৰ, এই যাদুকৰী বস্তুটোৰ কিমান দাম ? মোকো এটা লাগিছিল ।" Qqqqqqqqq

পত্নী : তুমি মোৰ ফটো এখন, তোমাৰ মণি-ব্যাগত, কেলেই ৰাখিছা ?

পতি : মই যেতিয়াই কিবা বিপদ বা সমস্যাৰ সন্মুখীন হওঁ, তেতিয়াই মণি-ব্যাগ খুলি তোমাৰ ফটোখন এবাৰ চাই লওঁ।

পত্নী : সঁচা কৈছা, জানু ? তুমি কিন্তু সঁচাকৈয়ে ভীষণ ৰোমাণ্টিক। মোৰ ফটোখন চালে কি হয়নো, কোৱানা ?

পতি : মোৰ বিপদ আৰু সমস্যা সকলো নিজে নিজে দূৰ হৈ যায় ।

পত্নী : দেখিলা ! মই তোমাৰ বাবে কিমান "লাক্কী" আৰু চমৎকাৰী !!

পতি : আচলতে তোমাৰ ফটোখন চাই মই নিজকে সোধো, "মই যিটো সমস্যাৰ সন্মুখীন হৈছোঁ, সেই সমস্যাটো, ইয়াতকৈয়ো (তোমাতকৈ) ডাঙৰ সমস্যা হয় জানো ?" আৰু এইদৰে ভবাৰ পিছত, মোৰ ভয়-ডৰ সকলো নোহোৱা হৈ যায়।

Qqqqqq

গাঁওৰ পান দোকান এখনত প্ৰায়ে, দিনটো আড্ডা মাৰি কেৰম খেলি থকা, এজন যুৱকক দোকানী জনে সুধিলে,
দোকানী : তুমি যে সদায় এনেকৈ সময়বোৰ নষ্ট কৰি আছা, কিবা এটা কাম কৰি দুই এপইছা ঘটাৰ চিন্তা নকৰা কিয়? যু
ৱক: পইচা ঘটি কি কৰিম ?
দোকানী : বিয়া কৰাবলৈ আকৌ ৷
যুৱক : কিন্তু মোৰ বিয়া কৰোৱা হৈ গৈছে ৷
দোকানী : তোমাৰ একো উপাৰ্জন নায়েই চোন !!
যুৱক : চাওঁক, মোৰ মুখ্যমন্ত্ৰীৰ কন্যাদান যোজনাৰ অধীনত বিয়া হৈছে ৷
দোকানী : উৱা, তেনেহলে ল'ৰা ছোৱালীৰ জন্মৰ বাবে টকা, ঘটাৰ চিন্তা কৰিব লাগে আকৌ ৷
যুৱক : জননী সুৰক্ষা যোজনাৰ অধীনত ছোৱালী এজনীৰ জন্ম হ'ল আৰু লগতে জন্মৰ আগত ৫০০ টকা আৰু পিছত ১৪০০ টকাৰ এখন চেক্ পাইছো ৷
দোকানী : তেনেহলে ল'ৰা ছোৱালীৰ পঢ়া শুনা কাৰনে টকা ঘটাৰ চেষ্টা কৰা !
যুৱক : ল'ৰা ছোৱালীৰ পঢ়াশুনা আৰু দুপৰীয়াৰ সাঁজ ফ্ৰি, স্কুলতে খাবলৈ পায় আজিকালি, গতিকে সেইটো চিন্তাও নাই ৷
দোকানী : সেইবোৰ বুজিলো বাৰু, তুমি ঘৰ কিদৰে চলাইছা তেনেহ'লে ?
যুৱক : তিনিটকাত এক কিলো চাউল পাওঁ চৰকাৰৰ ঘৰৰ পৰা । দোকানী : তেনহলে, তুমি তোমাৰ ঘৰটো ভালদৰে সাজি লোৱাৰ কথা চিন্তা নাই কৰা কিয় ?
যুৱক : চৰকাৰৰ পৰা ঘৰ পাইছো, বিপিএল কাৰেন্ট, অনাময় আঁচনিৰ লেট্ৰিন বাথৰুম ফ্ৰিতে পাইছো, মই কিয় কষ্ট কৰি মৰিব লাগে?
দোকানী : তেনেহলে বুঢ়া বয়সত মা- দেউতাক তীৰ্থলৈ নিবলৈ টকা ঘটা, আকৌ ৷
যুৱক : মুখ্যমন্ত্ৰীৰ তীৰ্থ যাত্ৰা আঁচনিখন আছেই চোন !
দোকানী : আহ: তুমি অলপ মাটি বাৰী কিনি ৰাখিবলৈ, হলেওতো কাম বন কৰিব পাৰা ?
যুৱক : দৰকাৰ নাই, চৰকাৰে এবিঘাকৈ মাটি দিছেই, আৰু লাগিলে চৰকাৰী মাটি দখল কৰি ল'ম আকৌ।
দোকানী : কেতিয়াবা টকাৰ প্ৰয়োজন হ'লে, তেতিয়া কি কৰিবা ?
যুৱক : বন্ধন গোটৰ পৰা ধাৰ ল'ম, আকৌ ৷
দোকানী : বন্ধন গোটৰ টকা ক'ৰ পৰা দিবা?
যুৱক : বেংকৰ পৰা কে চি চি লোন ল'ম, ঘুৰাই নিদিলেও হয়, সেই লোনৰ টকা ৷
দোকানীঃ "ইঞ্চিউৰেঞ্চ" এটা কৰিবলৈ হলেও টকা লাগিব।
যুৱক : মোডীজীৰ ধন জন আঁচনিত একাউন্ট হৈ গ'ল, ইঞ্চিওৰো হ'লো আৰু ৬০ বছৰৰ পিছত পেঞ্চনো পাম ৷
দোকানী : বোপা, তোমাৰ ভৰিদুখন ক'ত আছে ? আগবঢ়াই দিয়াচোন, সেৱা এটা কৰোঁ ।

@@@@@@@@@@@@@@@@@@@@@@@@@

Comments

Popular posts from this blog

সাংখ্য দৰ্শন

বন্ধুত্বৰ সংজ্ঞা-১

নাৰী তুমি অনন্যা