কৌতুক-10
নগেন আৰু নগেনৰ পত্নী পমিলী দুয়ো ৰোমাণ্টিক কথা বাৰ্তা পাতি থকাৰ মাজতে নগেনে সুধিলে,
"পমিলী মই যদি এতিয়া মৰি যাওঁ, তই কি কৰিবি ? আকৌ বিয়া সোমাবি নে ?"
পমিলী : আপুনি এইবোৰ অমঙ্গলীয়া কথা নকবচোন ।
নগেন: মই এনেয়ে ধৰি লব হে কৈছো ।
পমিলী : নাই, মই আপোনাৰ বাহিৰে অইন কাৰোবাৰ সতে জীৱনটো ভাবিবই নোৱাৰোঁ। মই জীৱনৰ বাকী সময় চোৱা, মোৰ একমাত্র ভনী জনীৰ সতে কটাই দিম। আপুনি বাৰু কি কৰিব কওঁকচোন ? মোৰ শপত সঁচা কব কিন্তু !
নগেন : শপত খুৱালি যিহেতু সঁচাই কৈছো, মইও তোৰ দৰেই, তোৰ ভনীজনীৰ সতেই, জীৱনৰ বাকী সময় চোৱা কোনোমতে কটাই দিম আৰু।
@@@@@@@@@@
এগৰাকী ভাল পত্নীয়ে সদায় তেওঁৰ পতিক ক্ষমা কৰিব
যদিহে তেওঁৰ নিজৰ ভুল থাকে ।
@@@@@@@@@@@@@@@@@
মটৰ দূৰ্ঘটনাগ্ৰস্ত হৈ স্বামী আৰু স্ত্ৰী দুয়োটাই মৰি ভূত হৈ গ'ল।
পত্নী : তুমি ইমান সলনি হৈ গৈছা !
পতি : তুমি কিন্তু অলপো সলনি হোৱা নাই, জান ।
@@@@@@@@@@@@@
পতি : সন্মোহন (Hypnosis) মানে কি বাৰু ?
পত্নী : কাৰোবাক বশ কৰি নিজৰ নিয়ন্ত্ৰণলৈ আনি, যি মন যায় তেওঁৰ হতুৱাই কৰোৱাকে hypnosis বুলি কয়।
পতি : ধেত্ তেৰি, সেইটোক বিয়া বুলিহে কয়।
@@@@@@@@@@@@@@@@@
দেউতা : মাজনী, ডাঙৰ হৈ তুমি কি কৰিবা ?
মাজনী: মই ডাঙৰ হৈ বিয়া হম, দেউতা ।
দেউতা : নাপায়, মাজনী ! এতিয়াৰে পৰা কাৰোবাৰ অহিত চিন্তা কৰা উচিত নহয় ।
@@@@@@@@@@@
যোৱাকালি ছোৱালীজনীক দেখিলো, ইমান গৰমতো তাই নীলা চুৱেটাৰটো এতিয়াও, পিন্ধিয়েই আছে। আচলতে ভুল মোৰেই , চাৰি মাহমান আগতে মই তাইক, সেই চুৱেটাৰটো পিন্ধিলে কেটৰিনা কেঈফ যেন দেখি বুলি কৈছিলো ।
@@@@@@@@@@@
দিনৰ দিনটো অকলে যিমানেই ঘুৰি নুফুৰক কিয়,
ধুনীয়া ধুনীয়া ছোৱালী বোৰ,
নিজৰ মানুহজনী লগত থকা সময়তহে চকুৰ আগত ওলাব ।
@@@@@@@@@@
কথা এটা কলে মাৰিব নেকি, আকৌ ?
পতি : ধেত্ তেৰি, কি যে কোৱা ? মইনো তোমাক মাৰিব পাৰিম নে, কথাটো কি বাৰু ?
পত্নী : মা, মানে মই মা হবলৈ ওলাইছো !
পতি : (আনন্দিত হৈ) ইমান ভাল খবৰ আৰু তুমি কৈছা মাৰিম নেকি বুলি !!
পত্নী : নহয় মানে, আগতে কলেজীয়া জীৱনত, এবাৰ দেউতাক কওঁতে খুব মাৰিছিল, সেইকাৰনে ।
@@@@@@@@@@@@@
মাতৃ আৰু পত্নীৰ মাজত এক বুনিয়াদী পাৰ্থক্য :
মাতৃয়ে কথা কবলৈ শিকায়।
আৰু
পত্নীয়ে মনে মনে থাকিবলৈ ।
@@@@@@@@@@@@
এই পৃথিৱীত সকলোৱে সুখী হবলৈ বিচাৰে। সুখ আৰু শান্তিৰ সন্ধানত মানুহে কি কি নকৰে ?
সুখৰ আকাংক্ষা কৰি বাসস্থান পৰিৱৰ্তন কৰে।
কাপোৰ কানি, পোছাক-পৰিচ্ছদ, আদব-কায়দা পৰিৱৰ্তন কৰে।
তেজৰ সম্বন্ধ পৰিৱৰ্তন কৰি পেলাবলৈ কুন্ঠাবোধ নকৰে।
শৈশৱকালৰ বন্ধু-বান্ধৱ পৰিৱৰ্তন কৰে ।
তাৰ পিছতো মানুহৰ প্ৰকৃত পৰিৱৰ্তন নহয়, কাৰণ মানুহে নিজক কেতিয়াও পৰিৱৰ্তন কৰিব নিবিচাৰে ।
এই সন্দৰ্ভত, মিৰ্জা গালিবৰ, সঁচাকৈয়ে শলাগিবলগীয়া, এটা শ্বায়েৰীৰ পংক্তি আগবঢ়ালো ।
"উম্ৰ ভৰ গালিব,
য়েহী ভুল কৰতা ৰহা,
ধূল চেহৰে পে থী,
আউৰ, আইনা চাফ
কৰতা ৰহা ॥"
@@@@@@@@@@@@@@@
দিনৰ দিনটো অকলে যিমানেই ঘুৰি নুফুৰক কিয়, ধুনীয়া ধুনীয়া ছোৱালী বোৰ, নিজৰ মানুহজনী লগত থকা সময়তহে চকুৰ আগত ওলাব ।
@@@@@@@@@@@@@@@@@@@@@@@@@@@@
ফটা ঢুলীয়া সকলৰ বিপুল দাবীত, পত্নীৰ সংজ্ঞা কিছু পৰিমাণে সলনি কৰা হ'ল। এইবাৰ পত্নীৰ সংজ্ঞা বিশেষত্ব সহকাৰে আগবঢ়ালো।
পত্নী পুৰুষ মানুহৰ জীৱনলৈ বিবাহ সূত্ৰে অহা, এনে এক নাৰী, যিয়ে নেকি, আহিয়েই পুৰুষ জনক সলনি কৰিবলৈ উঠি পৰি লাগি যায়।
কিন্তু, পিছলৈ আকৌ পুৰুষ জনকেই "আজিকালি, আপুনি ইমান সলনি হৈ গৈছে" বুলি প্ৰায়েই অভিযোগহে কৰা দেখা যায়।
পত্নী সকলৰ কিছুমান বিশেষত্ব তলত উল্লেখ কৰা হল:
পত্নীয়ে পতিদেবক বশ কৰিবলৈ, বহুলভাবে ব্যৱহাৰ কৰা অস্ত্ৰ বিধ হল "চকুপানী"। এই অস্ত্ৰৰ আগত, সকলো ৰথী-মহাৰথী, হাৰ মানি যায়।
পতিক নিয়ন্ত্ৰণ কৰিবলৈ, বুকু কপি যোৱা তীব্ৰ ছাৱনিৰ খুব সুন্দৰ প্ৰয়োগ, এঁওলোকে কৰিব জানে। এই ছাৱনি দেখাৰ লগে লগে, পতিয়ে নিজৰ সীমাবদ্ধতা আৰু ভয়াবহ পৰিণামৰ কথা অনুভৱ কৰি, স্ব-নিয়ন্ত্ৰণ "মোড" লৈ আহি, একো নজনাৰ ভাওঁ দি আত্মৰক্ষা কৰে।
ঘৰত আলহী বা অন্যান্য মানুহৰ উপস্থিতিতো, পত্নীয়ে নিৰ্লিপ্ত ছাৱনি, অথবা ভাব-লেশহীন মুখমণ্ডলৰ জৰিয়তে, পতিক সাবধানবাণী অথবা আগন্তুক বিপদৰ সাংকেতিক বাৰ্তা, খুব সুন্দৰভাৱে বিনিময় কৰিব জানে।
পতিদেৱৰ কিবা ভুল হলে, পতি ঘৰলৈ উভতি অহাৰ সময়ত, ঘৰখনত এক শীতল আৰু অন্তৰ কপি যোৱা নীৰৱ পৰিবেশৰ সৃষ্টি কৰি, পতিক ধুমুহাৰ আগজাননী দিয়াত এওলোক খুব পাকৈত।
পত্নীয়ে বজাৰ কৰি বৰ ভাল পায় আৰু বজাৰ কৰি কেতিয়াও ভাগৰি নপৰে। বজাৰ কৰাৰ পিছত, পতিক নিদি, দোকানীকহে ধন্যবাদ দিয়েI
পত্নীৰ ঘৰৰ ফালৰ আলহী আহিলে খুবেই উৎফুল্লিত হৈ পৰে, কিন্তু পতিৰ ফালৰ আলহী আহিলে খা-খৰছৰ চিন্তাত হতাশ হৈ পৰে।
পতিৰ ভাগৰুৱা চেহেৰা চকুত নপৰিলেও, পতিয়ে যদি কেতিয়াবা কেৰাহিকৈ (সাধাৰণতে ভাল ভাবতেই চায়) কোনোবা ধুনীয়া যুৱতীৰ ফালে চাই, সেইয়া কিন্তু পত্নীৰ চকুত পৰিবই।
পত্নী সাইলাখ "এক্সৰে' মেশ্বিন" ৰ দৰে, পতিৰ মন আৰু মগজুত চলি থকা কথাবোৰ অনায়াসে ধৰিব পাৰে।
দিনৰ দিনটো পতিজনে সঁচাকৈয়ে কিবা কাম কৰিলে নে, অকল "টাইম পাছ" কৰিলে, পত্নীয়ে হুবহ কৈ দিব পাৰে, এই ধৰণৰ, অলৌকিক ক্ষমতাৰ বাবে, পত্নী সকলে "চি বি আই" ত নিযুক্তি পোৱা উচিত।
অৱশ্যে এগৰাকী ভাল পত্নীয়ে সদায় তেওঁৰ পতিক ক্ষমা কৰিব, যদিহে তেওঁৰ নিজৰ ভুল থাকে ।
(মহিলা সকলৰ বাবে সুখবৰ: পৰৱৰ্তী সপ্তাহত "পতিৰ সংজ্ঞা আৰু বিশেষত্ব" প্ৰকাশ পাব। এতিয়া গম পালেই নহয় মই আচলতে মানবতাবাদী।)
@@@@@@@@@
নতুনকৈ বিয়া পতা মানুহ এজনে, ঘৰৰ সন্মুখত বস্তু বিক্ৰীৰ জাননী এখন আৰি দিছে।
জাননী
"কম্পিউটাৰ আৰু বিশ্বকোষ (Encyclopedia) বিক্ৰী কৰা হব। "
বন্ধু : বিক্ৰী কিয় কৰিব বিচাৰিছ, কথাটো নো কি ?
নব-বিবাহিত বন্ধু : মোৰ আৰু এইবোৰ কেতিয়াও দৰকাৰ নহব, কাৰণ মই এইকেইদিনতে এটা বস্তু বুজি পাইছো, মোৰ মানুহজনীয়ে, নজনা একো নাই, চব জানে!
@@@@@@@@@@
একাকীত্বৰো এক সুকীয়া বিশেষত্ব আছে, ই কেতিয়াও কাৰো সতে, বিশ্বাসঘাতকতা নকৰে।
@@@@@@@
প্ৰত্যেক জন নাৰী আৰু পুৰুষে, বিবাহিত জীৱনক সফল কৰিবলৈ হলে, বাৰে বাৰে প্ৰেমত পৰিবই লাগিব। . . . . . . .
প্ৰাথমিক চৰ্ত্ত হ'ল - . . . . . . .
বাৰে বাৰে, প্ৰেমত পৰিব লাগিব, একেই গৰাকী ব্যক্তিৰ সতে।
@@@@@@@@@@@@
এই পৃথিৱীত সকলোৱে সুখী হবলৈ বিচাৰে। সুখ আৰু শান্তিৰ সন্ধানত মানুহে কি কি নকৰে ? সুখৰ আকাংক্ষা কৰি বাসস্থান পৰিৱৰ্তন কৰে, কাপোৰ কানি, পোছাক-পৰিচ্ছদ, আদব-কায়দা পৰিৱৰ্তন কৰে। সুখ আৰু স্বাচ্ছন্দ্যৰ বাবে তেজৰ সম্বন্ধ পৰিৱৰ্তন কৰি পেলাবলৈকেও কুন্ঠাবোধ নকৰে।শৈশৱকালৰ বন্ধু-বান্ধৱ পৰিৱৰ্তন কৰে। তাৰ পিছতো মানুহৰ প্ৰকৃত পৰিৱৰ্তন নহয়, কাৰণ মানুহে নিজক কেতিয়াও পৰিৱৰ্তন কৰিব নিবিচাৰে ।
এই সন্দৰ্ভত, মিৰ্জা গালিবৰ, সঁচাকৈয়ে শলাগিবলগীয়া, এটা শ্বায়েৰীৰ পংক্তি আগবঢ়ালো ।
"উম্ৰ ভৰ গালিব,
য়েহী ভুল কৰতা ৰহা,
ধূল চেহৰে পে থী,
আউৰ, আইনা চাফ
কৰতা ৰহা ॥"
@@@@@@@@@@@
নগেন নতুন চহৰ এখনলৈ, চাকৰি সূত্ৰে বদলি হৈ আহিছে। পুৰণি সহকৰ্মী সকলৰ মধুৰ স্মৃতি আৰু নতুন পৰিবেশৰ বাবে, অফিচৰ কাম কাজত বিশেষ মন বহা নাছিল ।
নতুন অফিচৰ "বচ" জনে কথাটো লক্ষ্য কৰিলে।
এদিন "বচ" জনে নগেনক নিজৰ চেম্বাৰলৈ মাতি নি কলে,
"শুনা, এইদৰে কিন্তু বেছিদিন নচলিব। তুমি অকণমান সক্ৰিয় হব লাগিব।"
নগেন: মই কামত মন বহুৱাবলৈ চেষ্টা কৰিছো, চাৰ। মোক দুদিনমান সময় দিয়ক।
বচ: আচলতে ইয়ালৈ অহাৰ পিছত, মোৰো তোমাৰ দৰে অৱস্থা হৈছিল। মই তেতিয়া কি কৰিব ললো, জানা ? "লাঞ্চ আৱাৰ" ত ঘৰলৈ গুচি যাব ললো। তোমাৰ নবৌয়েৰাৰ হাতেৰে বনোৱা, খানা খোৱাও হ'ল আৰু এঘন্টাৰ ভিতৰত অকণমান ৰোমাঞ্চ কৰিও আহিবলৈ ধৰিলো।
নগেন: আপোনাৰ ঘৰ ওচৰতে নেকি?
বচ: অফিচৰ পিছফালৰ গলীটোৰ পাঁচ নম্বৰ ঘৰ।
মই আচলতে, কি কব বিচাৰিছোঁ , তুমি বুজি পাইছা নিশ্চয়। এইদৰে নিয়মিত ৰূপে, ঘৰলৈ যাব লোৱাৰ পিছত, মই নিজকে বৰ সক্ৰিয় আৰু সতেজ অনুভৱ কৰিবলৈ ললো। তাৰ পিছত মোৰ সমস্যা সমূহ একেবাৰে নোহোৱা হৈ গ'ল। গতিকে, তুমিও তেনেকুৱা কিবা এটা চেষ্টা কৰি চোৱা, দেখিবা ভাল লাগিব আৰু লগতে কৰ্মদক্ষতাও বাঢ়িব।"
নগেনে বচৰ কথাখিনি শলাগিলে আৰু কিছু সময় ঘৰুৱা কথা-বতৰা পাতি, চাহ খাই ওলাই আহিল।
এসপ্তাহ মানৰ পিছত, "বচ" জনে নগেনৰ পৰিবৰ্তন পৰিলক্ষিত কৰি তবধ মানিলে। কামবোৰ সময়তকৈ আগতেই সমাধা কৰাৰ উপৰিও, সকলোৰে সতে হাঁহি মাতি থকা, নগেনৰ কৰ্মদক্ষতা দেখি "বচ" জন বৰ সুখী হ'ল ।
এদিন "বচ" জনে নগেনক পুনৰ মাতি কলে,
"কি হ'ল, মই আগতেই কৈছিলো নহয়। দেখিলা, মোৰ পৰামৰ্শ কিমান কামত আহিল ?"
নগেন : হয় চাৰ, আপুনি ঠিকেই কৈছিল। এটা কথা, মই স্বীকাৰ নকৰি নোৱাৰিলো। নবৌয়ে মানে আপোনাৰ পত্নীয়ে, খানা কিন্তু "জবৰদস্ত" বনাই।
@@@@@@@@@@
জীৱনত নানান "মৌজ-মস্তি" কৰি অহা নগেন, বৰ্তমান অন্তিম শৰ্য্যাত শায়িত আৰু মৃত্যুৰ সতে যুঁজি আছে। ডাক্তৰেও ইতিমধ্যে হাত ডাঙি দিছে।
নগেনৰ মূৰ শিতানত বহি বাল্যকালৰ বন্ধু বীৰেনে লাহেকৈ সুধিছে ,
"বন্ধু , যোৱাৰ আগে আগে, মোক কিবা কবলগীয়া আছে যদি কব পাৰ?"
নগেন : পাৰ্টনাৰ, সৰু খুলশালীজনীক খবৰ দিবলৈ নাপাহৰিবি।
বীৰেন : তাইক আনিবলৈ কণপাইক পঠিয়াইছো। আৰু কাক কাক, খবৰ দিব লাগিব ?
নগেন : আৰু শুণ, খগেনৰ মাহীয়েকৰ জীয়েক চম্পাক, মোৰ মৃত্যু-সংবাদ দিবলৈ কিন্তু, একদম নাপাহৰিবি । তাইক মাতিবলৈ কোৱা কথাটো তই আকৌ, কাকো নকবি। তই মোক কথা দে।
বীৰেন : কথা দিলোঁ, কাকো একো নকওঁ বাৰু। কিন্তু এটা কথা কচোন, তই চম্পাক কি কাৰণে খবৰ দিবলৈ কলি? মই জনাত, তাইৰ সতে, তোৰ একোচোন লেটি-পেটি নাছিল ?
নগেন: তই সেইবোৰ নাজানিলেও হব দে!
বীৰেন : বন্ধু, আজিলৈকে তই মোক একো কথা নাই নুলুকুৱালি, এতিয়া শেষ সময়ত......।
নগেন : নহয় অ' মই শুনিছো,তাই হেনো মৃতদেহৰ বুকুৰ ওপৰত, পৰি-পৰি কান্দে ।
@@@@@@@@@@@@@
গভীৰ জংঘলত সোমাই, এগৰাকী ব্যক্তিয়ে ঘোৰ তপস্যা আৰম্ভ কৰিলে। তপস্যাৰ ফলস্বৰূপে, এদিন প্ৰভূৰ দৰ্শন লাভ কৰিবলৈ সক্ষম হ'ল। প্ৰভূই ভক্ত গৰাকীক সুধিলে,
"তোমাৰ ভক্তি আৰু শ্ৰদ্ধা দেখি মই সঁচাকৈয়ে সন্তুষ্ট হৈছো। তোমাক কি বৰ লাগে, বৎস, তুমি নিৰ্ভয়ে কোৱা ?"
ভক্ত : ধন্য হ'ল মোৰ মনুষ্য জনম। প্ৰভূ, সৰগৰ পৰা পৃথিৱীলৈ, এটা ধুনীয়া ৰাস্তা বনাই দিয়া, যাতে আমি সকলোৱে, নিজৰ ইচ্ছা অনুসৰি আহ-যাহ কৰিব পাৰো, প্ৰভূ ।
প্ৰভূ : এইটো একেবাৰে অসম্ভৱ বৎস। তোমাৰ এই কামনা মই কেতিয়াও পূৰণ কৰিব নোৱাৰিম। তুমি, বেলেগ কিবা এটা কামনা কৰা।
ভক্ত : ঠিক আছে প্ৰভূ , তেনেহলে এই পৃথিৱীৰ, সকলোবোৰ নাৰীৰ, বিশেষকৈ পত্নীবোৰৰ, বোধশক্তি আৰু সহনশীলতা বৃদ্ধি কৰি দিয়া । আৰু যদি পাৰা, সিহঁতৰ স্বভাৱ একেবাৰে শান্ত-শিষ্ট কৰি দিয়া, প্ৰভূ।
প্ৰভূ : বৎস, তুমি সৰগৰ পৰা পৃথিৱীলৈ যিটো ৰাস্তা বনোৱাৰ কথা কৈছিলা, সেইটো, চিংগল লেন হলেই হব, নে ডাবল্ লেন লাগিব, কোৱা?
@@@@@@@@@@
কেইটামান পাৰ্বণ বা উৎসৱ আছে যেনে বিহু ফাংচন, সৰস্বতী পূজা, দূৰ্গা পূজা আৰু বিয়া ঘৰত আটাইতকৈ ধুনীয়া-সুন্দৰী ছোৱালীবোৰৰ সমাগম হয়।
এই ধুনীয়া ছোৱালীবোৰক দেখি, কাৰ কাৰ মনটোৱে হাঁহাকাৰ কৰি উঠে, জানেনে ?
.
.
.
.
.
.
.
.
.
.
.
পূজা-বিহুৰ পেণ্ডেলত নতুনকৈ বিয়া পতা বোৰৰ আৰু বিয়াঘৰত দৰাজনৰ আটাইতকৈ বেছি বেয়া লাগে।
ধুনীয়া ছোৱালীবোৰক দেখাৰ পিছত, তেওঁলোকৰ মনলৈ এনে ভাব আহে,
"ইমানবোৰ ধুনীয়া ধুনীয়া ছোৱালী ! মোৰ চকুত কিয় নপৰিল ? ইমানদিনে এওঁলোক ক'তনো লুকাই আছিল। ছেহ: মই অলপ বেছি সোণকালে বিয়া কৰালো!"
@@@@@@@@@@@@@
নিতৌ এটাকৈ আপেল খাওক আৰু ডাক্তৰৰ পৰা দূৰৈত থাকক।
আৰু যদি, ডাক্তৰণীজনী সচাকৈয়ে বৰ ধুনীয়া, তেনেহলে আপেলৰ পৰা দূৰত থাকক!
@@@@@@@@@@@@@@@
পতিগৰাকীয়ে বিবাহ বিচ্ছেদৰ আবেদন জনাবলৈ আইনজীৱীৰ ওচৰলৈ গৈছে ।
পতি : মই মোৰ পত্নীক আজিয়েই "ডিভোৰ্চ" দিব বিচাৰো। আপুনি ব্যবস্থা কৰক।
আইনজীবী: কেলেই, সমস্যা কি আপোনালোকৰ ?
স্বামী: মোৰ পত্নীয়ে মোৰ সতে প্রায় ছ-মাহ ধৰি কথা নাই পতা।
আইনজীবী: আকৌ এবাৰ ভাবি চাওক। এনেহেন পত্নী কিন্তু বহুত ভাগ্যৰ বলতহে পোৱা যায় ।
@@@@@@@@@@
কিয়া হেই প্যাৰ জিচে হমনে,
জিন্দগী কী তৰহ।
ৱহ আশ্বনা ভী মিলা,
অজনবী কী তৰহ।।
বঢ়া কে প্যাস মেৰী উচনে,
হাথ ছোড় দিয়া।
ৱহ কৰ ৰহা থা মুৰাৱত ভী,
দিল্লগী কী তৰহ।।
@@@@@@@@
সুপ্ৰভাত
প্ৰাণায়ম আৰু যোগাভ্যাস কৰাৰ ফলত এজন ব্যক্তিয়ে দীৰ্ঘায়ু অৰ্জন কৰিলে। প্ৰায় ১০৫ বছৰ বয়সত, ককাদেউতা গৰাকীৰ মৃত্যু হ'ল আৰু স্বৰ্গ লৈ গল।
স্বৰ্গৰ প্ৰধান দ্বাৰখন, খুলি দিয়াৰ লগে লগে, এগৰাকী সুন্দৰী অপ্সৰা আহি ককাক, এপাহ ৰঙা গোলাপ ফুল দি কলে,
"সু-স্বাগতম, স্বৰ্গলোকলৈ আপোনাক আদৰণি জনাইছো।"
ককাৰ মনটো ভাল লাগি গ'ল।
অলপ দূৰ আগুৱাই যোৱাৰ পিছত, দুগৰাকী সুন্দৰী অপ্সৰা আহি ককাক, এগিলাচ শীতল পানীয় আৰু কিছু সুস্বাদু ফল-মূল খাবলৈ দিলে।
ককাৰ মনটো আৰু বেছি ভাল লাগি গ'ল।
আৰু কিছুদূৰ যোৱাৰ পিছত, এজাক অপূৰ্ব সুন্দৰী অপ্সৰা আহি, ককাক হাতত ধৰি, ইন্দ্ৰদেৱৰ সভাত নি আলফুলে বহুৱালে। এজাক নৃত্য পটীয়সী তথা অতুলনীয় পৰীয়ে, "আইটেম চং" অৰ্থাৎ মনোমোহিনী নৃত্য কৰি দেখুৱালে।
সুন্দৰী পৰী বিলাকৰ নৃত্য দেখি, ককাদেউতাজনে কান্দিব ধৰিলে। ককাক কন্দা দেখি, ইন্দ্ৰদেবে আচৰিত হৈ সুধিলে,
"হে মহানুভৱ, আপুনি ক্ৰন্দন কিয় কৰিছে, আপুনি নৃত্য উপভোগ কৰি, ভাল পোৱা নাই?
ককাই কান্দি কান্দি কলে,
"পাইছো পাইছো! মই খুব ভাল পাইছো। কিন্তু, মই এই কথা ভাবি কান্দিছো, মই মিছাকৈয়ে ইমানদিনে, পৃথিৱীত পৰি আছিলোঁ। যদিহে মই, সেই বাবা ৰামদেৱৰ যোগাসন আৰু প্ৰাণায়মৰ চক্কৰত নপৰিলোহেতেন আৰু বহুদিন আগতেই ইয়ালৈ আহিব পাৰিলোহেতেন।"
Comments
Post a Comment