কৌতুক-7



"গাৰ্লফ্ৰেইন্ড" বোলা বস্তুটো কেৱল দূৰ্বল পুৰুষৰ হে থাকে। 
.
.
.
.
.
.
প্ৰকৃত সাহসী পুৰুষে বিয়া পাতে আৰু আজীৱন বিপদৰ সতে, খেল খেলি, দিন কেইটা পাৰ কৰে।


@@@@@@@@@@@@@@@@@@@@@@@


পতিৰ মদৰ বটলৰ পৰা মদ এঢোক মুখত দি, পত্নীয়ে মুখ বিকটাই কৈছে।

পত্নী : ছি: , ইমান তিতা আৰু বেয়া সোৱাদ। মুখৰ ভিতৰখন একেবাৰে জ্বলি পুৰি, ছাৰখাৰ হৈ গ'ল যেন হে লাগিছে পাই। ইমান ফাল্টু বস্তু এটা, সদায় সদায় তুমি কেনেকৈ খোৱা, হয়নে? 

পতি: তেতিয়া হলে, তুমিয়েই চিন্তা কৰি চোৱাচোন, মই যে কিমান কষ্ট সহ্য কৰিবলগীয়া হয়! আৰু তুমি কোৱা, মই হেনো সদায়-সদায় মদ খাই, ফুর্তি কৰি ফুৰো।


@@@@@@@@@@@@@@@@@@@@@@@@@@@@@


যোৱাকালি মানুহজনী, গৰম বন্ধৰ ছুটী কটাবলৈ, লৰাটো লগত লৈ, মাকৰ ঘৰলৈ গৈছে। যোৱাৰ সময়ত জৰুৰী কাম এটাৰ বাবে মই অফিচতেই আছিলো। ঘৰলৈ উভতি আহি দেখিলো, এখন কাগজত, মই কি কি কৰিব লাগিব বা নালাগিব, চব লিখি, ডাইনিং টেবুলৰ ওপৰত থৈ গৈছে। 

লিখিছে:

ব্যস্ততাৰ বাবে কেইটামান কথা, তোমাক কৈ অহা নহ'ল। মই নথকা সময়ছোৱাত, নিম্ন লিখিত নির্দেশ বোৰ আখৰে আখৰে, পালন কৰিবা কিন্তু !

অনুগ্ৰহ কৰি বন্ধুবর্গক মাতি আনি ঘৰটো গোহালিলৈ পৰ্য্যবসিত নকৰা যেন। আগৰ বাৰ বক্স পালেংৰ ভিতৰত মদৰ চাৰিটা খালী বটল পাইছিলো।

পাৰিলে ঘৰতেই বনাই মেলি খাবা অথবা বাহিৰতেই হোটেলত খাই আহিবা । ঘৰলৈ সকলোকে মাতি আনি ভোজভাত খোৱাৰ কোনো দৰকাৰ নাই । ইয়াৰ আগৰ বাৰ চাৰি প্লেট বিৰিয়ানি আৰু  তিনি প্লেট  চিকেন কাবাবৰ বিল পালেংৰ তলত পাইছিলো।

চশমাযোৰ ড্ৰেছিং টেবুলৰ আইনাখনৰ ওচৰত ৰাখিবা। আগৰ বাৰ ফ্রীজৰ ভিতৰত  পাইছিলো।

কামৱালী বাইজনীক মই নহালৈকে ছুটি দিছো। বৰ বেছি মৰম চেলাব নালাগে।

অতিৰিক্ত আগ্রহ দেখুৱাই, ওচৰ-পাজৰৰ কোনো মহিলাক "বাতৰি কাকত আহিল নে?"  এইবোৰ সুধি, চেনী খাবলৈ চেষ্টা কৰাৰ কোনো প্ৰয়োজন নাই, আমাৰ বাতৰি কাকতৰ হকাৰ, গাখীৰৱালা, ধুবী আদি চব বেলেগ।

আলমাৰীৰ তলৰ খাপত থকা জাংগিয়া কেইটাহে তোমাৰ আৰু ওপৰৰ খাপৰ কেইটা লৰাটোৰ ভাগৰ। যোৱাবাৰ লৰাটোৰ  জাঙ্গিয়া পিন্ধিয়েই কটাই দিলা ।

তোমাৰ স্বাস্থ্য সম্পৰ্কীয়, আটাইবোৰ  ৰিপোর্ট স্বাভাবিকেই আছে, গতিকে বাৰে বাৰে, বাহানা কৰি, ধুনীয়া লেডী  ডাক্তৰনী জনীৰ ওচৰলৈ নগলেও হব। 

সৰু ভন্টী আৰু নবৌৰ জন্মদিন যোৱা মাহতেই আছিল। গতিকে অত্যন্ত উৎসাহিত হৈ, মাজনিশা ফোন কৰি সিহঁতক, উইশ্ব নকৰিলেও হব। 

"ওৱাই ফাই" ৰ পাছৱর্ড সলনি কৰি থৈ আহিছোঁ । ৰাতি ৰাতি ফেচবুক আৰু হোৱাট্ছ আপত চেনী নাখাই, সোনকালে শুই থাকিবা।

মোৰ অনুপস্থিতিত বৰ বেছিকৈ সাজি-কাছি হিৰো হৈ ফুৰাৰ কোনো দৰকাৰ নাই। কাৰন, মিচেছ বৰা, মিচেছ দাস, মিচেছ দত্ত, মিচেছ শইকীয়া আটাইবোৰ, গৰম বন্ধ বুলি মাকৰ ঘৰলৈ গৈছে।

মোৰ কোনোবা বান্ধৱী আহিলে, মই নাই বুলি নকৈ, ঘৰৰ ভিতৰলৈ মাতি আনি, বহুৱাই মেলি, চাহ মিঠাই খুৱাব নালাগে। চেনীয়ামি নকৰিবা। বাহিৰত থাকোতেই মই ঘৰত নাই বুলি জনাই দিবা। 

চেনী, চাহ-পাত নোহোৱাৰ অজুহাত দেখুৱাই, দন্দুৰী মিচেছ বৰুৱাৰ ওচৰলৈ যোৱাৰ অকনো প্ৰয়োজন নাই, মই চব বজাৰ কৰি শ্বো-কেছত থৈ আহিছোঁ ।

আৰু আটাইতকৈ জৰুৰী কথা :

বেছি ওভাৰ-স্মার্ট হবলৈ চেষ্টা নকৰিবা, মই কিন্তু যেতিয়াই তেতিয়াই আহি ওলামহি !!

@@@@@@@@@@@@@@@@@@@@@@@@@@

বিবাহিত জীৱনৰ ১৫ বছৰীয়া বিবাহ বাৰ্ষিকীৰ দিনা পত্নীয়ে পতিক সুধিছে,
"জানু, তুমি মোক বিবাহ বাৰ্ষিকী উপলক্ষে কি উপহাৰ দিবা ?"
পতি : জান, মই তোমাক আন্দামান নিকোবৰলৈ লৈ যাম বুলি ভাবিছোঁ ।
পত্নী : জানু, তুমি কিন্তু সঁচাকৈয়ে বৰ ৰোমাণ্টিক, জানা! এটা কথা মোক কোৱাচোন , আমাৰ বিয়াৰ যেতিয়া ৫০ বছৰ অৰ্থাৎ সোণালী জয়ন্তী হব, তেতিয়ানো তুমি কি কৰিম বুলি ভাবিছা ?
পতি : তেতিয়া তোমাক আন্দামান নিকোবৰৰ পৰা আকৌ ওভোতাই লৈ আনিম ।


@@@@@@@@@@@@@@@@@@@@@

নগেনৰ লগত থাকি থাকি, আজিকালি নগেনৰ পত্নী পমিলীও ঠিক নগেনৰ দৰেই, টেঙৰ আৰু চতুৰ হৈছে। 

এবাৰ নগেন আৰু পমিলী দুদিনৰ বাবে ফুৰিবলৈ বুলি কলিকতা পালেগৈ । পাৰ্ক ষ্ট্ৰীটৰ বিলাসী হোটেল এখনত কোঠা এটা ললে ।  ঘুৰি-ফুৰি দুদিনৰ মূৰত উভতি  আহিবৰ হ'ল। হোটেলৰ বিল দিলেহি ৮৫০০ টকা । নগেন আৰু পমিলী আচৰিত । ইমান টকা কেনেকৈ হ'ল !  নগেন আৰু পমিলী মেনেজাৰৰ ওচৰ পালেগৈ ।

মেনেজাৰ: হোটেলত এটা অত্যাধুনিক চুইমিং পুল আছে । 

নগেন: আমিতো সেইটো ব্যৱহাৰ কৰা নাই ।

মেনেজাৰ: হোটেলত এটা অত্যাধুনিক নৈশ ক্লাৱ আছে । 

নগেন: আমিতো সেইটো ব্যৱহাৰ কৰা নাই ।

মেনেজাৰ: হোটেলত এটা অত্যাধুনিক জিম ক্লাৱ আছে । 

নগেন: আমিতো সেইটো ব্যৱহাৰ কৰা নাই ।

মেনেজাৰ: কৰা নকৰা আপোনালোকৰ কথা । ইচ্ছা কৰা হলে ব্যৱহাৰ কৰিব পাৰিলেহেতেন । তদুপৰি কোঠাত টিভি, ভিচিডি ইত্যাদি সকলো আছে ।

নগেন: আমি সেইবোৰো ব্যৱহাৰ নাই কৰা ।

মেনেজাৰ: কৰা নকৰাটো আপোনালোকৰ কথা, সুবিধা আছিল । লব পাৰিলহেঁতেন ।

নগেনে হতভম্ব হৈ কি কব-নকব ভাবি থাকোতেই  পমিলীয়ে তৎক্ষনাৎ  বেগৰ পৰা ৫০০ টকা উলিয়াই মেনেজাৰক দিলে আৰু নগেনক ক'লে, ''হৈ গ'ল, যাওঁ ব'লা ।''

মেনেজাৰ: ৫০০ কিয়? আপোনালোকৰ মুঠ বিল ৮৫০০ টকাহে আছিল ।

পমিলী: (মেনেজাৰক উদ্দেশ্যি) আপুনি মোৰ লগত ৰাতি শুৱা বাবদ ৮০০০ টকা কাটি ললো ।

মেনেজাৰ: আপুনি কি কথা কৈছে ? মই ৰাতি আপোনাৰ লগত কেতিয়া শুলো ?

পমিলী: সেইয়া আপোনাৰ কথা । যোৱাকালি মোৰ পতি হোটেলৰ ৰূমত নাছিল। সুবিধা আছিল, ব্যৱহাৰ কৰা নকৰাটো আপোনাৰ কথা ।

@@@@@@@@@@@@@@@@@@@@@

সুপ্ৰভাত!

জীৱনত এনে কিছুমান মানুহৰ সতে ঘনিষ্ঠ বন্ধুত্ব গঢ়ি তোলক, যিবোৰ  মানুহৰ অন্তৰখন, বাহ্যিক ৰূপতকৈ বহুগুণে সুন্দৰ।

@@@@@@@@@@@@@@@@@@@@@@@@@

এবাৰ চহৰলৈ এখন চাৰ্কাচ আহিল। এই চাৰ্কাচৰ মূখ্য আকৰ্ষণৰ কেন্দ্ৰবিন্দু আছিল এটা সিংহ। ৰিং মাষ্টৰ জনে সিংহটোৰ সতে বিভিন্ন ধৰনৰ কলাবাজী প্রদর্শন কৰাৰ লগতে, লোমহৰ্ষক খেল কিছুমান দেখুৱাই দর্শকক আপ্লুত কৰি তোলে। একেবাৰে শেষত, পিঞ্জৰাৰ ভিতৰত, এগৰাকী স্বল্পবসনা সুন্দৰী যুৱতীক, সিংহটোৱে চুমা খোৱা দেখুৱালে। এই দৃশ্য দেখি দৰ্শকসকল ৰোমাঞ্চিত হৈ, জাউৰিয়ে জাউৰিয়ে হাত চাপৰি বজালে।

ৰিং মাষ্টৰজনে দৰ্শকসকলক উদ্দেশ্যি, চিঞঁৰি কলে,

"আপোনালোকৰ মাজত কোনোবা সাহসী ব্যক্তি আছে নেকি, যিয়ে এই দু:সাহসিক কামটো কৰিব পাৰিব?"

দৰ্শকৰ মাজৰ পৰা নগেনে আগবাঢ়ি গৈ কলে,

"মই পাৰিম, কিন্তু আগতে পিঞ্জৰাটোৰ পৰা, সিংহটো আতঁৰাব লাগিব, তেহে পাৰিম।"


@@@@@@@@

সুনীল আকাশৰ বিশালতা, একা-বেকা নদীৰ গভীৰতা, সদ্য প্ৰষ্ফুটিত মনমোহা ফুলৰ নিৰ্য্যাস, দেহা জুৰ পেলোৱা মলয়া এছাটি অথবা সুদূৰৰ উন্নত শিখৰযুক্ত পৰ্বতৰ উচ্চতা ইত্যাদি যিয়েই নহওঁক কিয়, এটা কথা সদায় মনত ৰাখিব যে এইচবৰ সতে আপোনাৰ একো "লেনা-দেনা" নাই।

আপুনি কেৱল চিন্তা কৰক, গধুলি হ'লে ক'ত, কেনেকৈ কাৰ সতে এঢোক গলাধ:কৰণ কৰিব পাৰি আৰু নিশা ঘৰলৈ উভতি আহি মানুহজনীক কি বুলি পতিয়ন নিয়াব।

@@@@@@@@@@@@@@@@@@@@@@@@


সন্ধিয়া হলেই মদ নাখালে "গা মন বেয়া লগা" নগেন ডাক্তৰৰ ওচৰলৈ গৈছে বেমাৰ দেখুৱাবলৈ । ডাক্তৰে নগেনক ড্ৰিংকছ্ নকৰিবলৈ পৰামৰ্শ দিছে। নগেনে হাতে ভৰিয়ে ধৰি কাবৌ-কাকূতি কৰাৰ পিছত ডাক্তৰজনে দৈনিক মাত্র দু-পেগ খোৱাৰ অনুমতি দিয়ে আৰু প্ৰেচক্ৰিপশ্বনত লিখি দিয়ে।

পিছদিনা সন্ধিয়া বীৰেনৰ সতে বহি নগেনে "গপা-গপ" ছয় পেগ মাল খালে। নগেনৰ কাণ্ড দেখি, বন্ধু বীৰেন আচৰিত হৈ সুধিলে, 

"পাৰ্টনাৰ, তোক ডাক্তৰে মাত্ৰ দু-পেগ খাবলৈহে অনুমতি দিছিল, তই ছয় পেগ খালি যে?"

নগেন : মই  দুজন বেলেগ ডাক্তৰৰ পৰা দু-পেগ মালৰ অনুমতি, বেলেগে লিখাই লৈছোঁ, পাৰ্টনাৰ।


@@@@@@@@@@@@@@@@@@@@@@@@@

আকৌ নগেন:

বহু বছৰ আগতে এখন ৰাজ্যত এজন কম বয়সৰ পৰাক্ৰমী ৰজা আছিল।

এদিন ৰজাৰ ৰাজসভাত মন্ত্রী গৰাকীয়ে ৰজাক ক'লে,

"মহাৰাজ এটা বৰ আচৰিত কথা হ'ল। আমাৰ ৰাজ্যত এজন ধোবা আছে, দেখাত সাইলাখ আপোনাৰ দৰে।"

কথাটো শুনি ৰজাৰ মনত ধোবা জনক চোৱাৰ হেঁপাহ জন্মিল। ৰজাই তৎক্ষনাৎ আদেশ দিলে যে ধোবাজনক ৰাজসভালৈ অনা হওঁক। 

ৰজাৰ আদেশ অনুসৰি ধোবাক,  ৰাজ-সভাত হাজিৰ কৰা হ'ল। ৰজাই ধোবাক দেখি আশ্চৰ্য্যচকিত হৈ পৰিল। ৰজাই নিজৰ হুবহু চেহেৰাৰ ধোবাজনক দেখি বৰ ভাল পালে । 

ৰজাই ধোবাৰ পিনে চাই কিবা এটা ভাবিলে আৰু ৰহস্যময় হাঁহি এটা মাৰি ধোবাক  সুধিলে,

"সঁচা কথা কবা, তোমাৰ মা বাৰু আমাৰ ৰাজপ্ৰসাদত কাম কৰিছিল নেকি?"

ধোবাই বিনম্ৰ ভাবে কলে,

"নহয় মহাৰাজ, আজিৰ পৰা বিছ-পঁচিছ বছৰমান আগতে, মোৰ দেউতা শ্ৰী নগেন চন্দ্ৰ হাতীবৰুৱাই হে ৰাজপ্ৰাসাদত  কাম কৰিছিল।"


@@@@@@@@@@@@@@@@@@@@@

সুপ্ৰভাত বন্ধু-বান্ধৱীসকল 

জীৱনত যিমানেই আৰ্থিক অনাটনৰ সন্মুখীন নহওঁক কিয়, পত্নীৰ পৰা কেতিয়াও টকা ধাৰলৈ নলব। মোৰ কান্ধত ভূতে বাহ লৈছিল, ২০১৬ চনৰ নবেম্বৰ মাহত হোৱা "নোটবন্দী" ৰ সময়ছোৱাত উপায়ন্তৰ হৈ, মানুহজনীৰ পৰা টকা ৫০০০/- ধাৰে লৈছিলো । বিশ্বাস কৰক মাত্ৰ  ৫০০০ হেজাৰ টকা। দুবাৰকৈ ঘুৰাই দিয়াৰ পিছতো, এতিয়াও হেনো ৭০০০ টকা দিবলৈ বাকী আছেই।


@@@@@@@@@@@@@@@@@@@@@

ভাৰতবৰ্ষৰ বেংক সমূহৰ ভিতৰত ভাৰতীয় স্টেট বেংকৰ গ্ৰাহকৰ সংখ্যা আন বেংকতকৈ বহুত বেছি। মই ব্যক্তিগত ভাবে এই বেংকটো,  যথেষ্ট বিশ্বাস-যোগ্য বুলিয়েই বিবেচনা কৰোঁ। কিছু বছৰ আগৰ পৰা ব্যক্তিগত খন্ডৰ বেংক সমূহ সক্ৰিয় হোৱাৰ মূৰকত "বেংকিং চেক্টৰ" ত এক অভূতপূৰ্ব পৰিবৰ্তন আহিছে।

গ্ৰাহকৰ প্ৰতি বেংকৰ কৰ্মচাৰী সকলৰ ব্যৱহাৰৰ লগতে তেওঁলোকৰ দৃষ্টিভংগীও বহু  সলনি হৈছে ।

কিন্তু ভাৰতীয় ষ্টেট বেংকৰ কৰ্মচাৰী সকলৰ ওপৰত, এই পৰিবৰ্তনৰ প্ৰভাৱ "বিলকুল" নাই পৰা যেন লাগে।

ভাৰতীয় স্টেট বেংকৰ কৰ্মচাৰী সকলৰ সেৱাৰ মনোভাৱ আৰু তেওঁলোকৰ  নিজৰ কামৰ প্ৰতি ইমানেই উছৰ্গীকৃত যে তলৰ নমুনাটো মন কৰিলে অনুধাৱন কৰিব পাৰিব।

যদি কোনোবা কৰ্মচাৰীৰ নিজৰ পত্নীয়েও আহি সোধে, "ডাৰ্লিং, তুমি মোক ভাল পোৱা নে?"

কৰ্মচাৰী জনে কব, "মই নাজানো, আপুনি তিনি নম্বৰ কাউন্টাৰত সোধক।"

@@@@@@@@

মানুহৰ জীৱনৰ সম্পৰ্ক সমূহৰ গণিতীয় সমীকৰণ:

মৰম + আপডাল + ধমকি = মা

মৰম + সমীহ  = দেউতা

মৰম + সহযোগ = ভনী 

মৰম + দ্বন্দ = ভাই

মৰম + জীৱন = বন্ধু 

আৰু 

মৰম + জীৱন + আপডাল + সহযোগ  + দ্বন্দ + সন্দেহ + ভয় + ধমকি + ........ = পত্নী

@@@@@@@@@@@@@@@@@@@@@@@@@@@@@@


পত্নী : প্ৰত্যেক দেওবাৰে-দেওবাৰে, আপুনি বৰ-পুখুৰীত বৰশী বাবলৈ যায় যে.....

পতি : (সেপ ঢুকি)  অ' যাও.. মানে... কি হ'ল নো ?

পত্নী : আজি আপোনাৰ "চেনী-পূঠি" জনী, আপোনাক বিচাৰি ঘৰ ওলাইছিল ।


@@@@@@@@@

শুভ সন্ধিয়া, বন্ধু-বান্ধৱীসকল 

পতি: শুনা, জীৱনৰ বাকী কেইটা দিন, তুমি অন্ততঃ মোক শান্তিৰ সতে থাকিবলৈ দিয়া।

পত্নী : আপুনি যদি শান্তিৰ সতেই থাকে, তেন্তে মোকো আনন্দৰ সতে থাকিবলৈ দিয়ক।


@@@@@@@@@@@@@@@@@@@@@@@@@@@@@@


বীৰেন: তই বৰ্তমান কি "নেট-প্যাক" ব্যৱহাৰ কৰি আছ?
নগেন: বি.এছ.এন.এল
বীৰেন: প্ৰতি মাহে কি দিয়?
নগেন: কি দিম আৰু? গুৱাল গালি।

@@@@@@@@@


আমাৰ মাজৰ বহুতেই ভবাৰ দৰে "English" বস্তুটো আচলতে সিমান "hard" নহয়, কেৱল,
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
পানী অকণমান বেছিকৈ মিহলাব লাগে।

@@@@@@@@@@@@@@@@@@@@@@@@@@@

বৰ উলহ মালহেৰে পত্নীয়ে ঘৰত পূজা এভাগ পাতিছে। পূজাৰ দিনাখন ৰাতিপুৱা অফিচলৈ ওলাই যোৱাৰ আগেয়ে পত্নীয়ে পতিদেবক কলে, 

"হেৰি, আজি পূজা বুলি, পাৰিলে অফিচৰ পৰা অকণ সোনকালে আহিবচোন"।

পতিদেবৰ পৰা একো সহাঁৰি নাপায় পূনৰ কলে, "হেৰি শুনিছে নে, আৰতিৰ কথা মনত আছে নে নাই ?

পতি: আৰতি ??...  ও আছে... সেই যে ওখ, "স্লিম ফিগাৰ", চকুযুৰি ডাঙৰ ডাঙৰ, দীঘল চুলি, কপালত সদায় ডাঙৰ ৰঙা টিপ এটাৰে ধুনীয়া মানুহজনী । আৰতি শইকীয়া । ভালকৈ  মনত আছে, আমাৰ পূৰণি "ফ্ল্যাট" টোৰ সন্মুখৰ "ফ্ল্যাট"টোত যে আছিল। কিয় আজি আমাৰ ঘৰলৈ আহিব নেকি?

নকলেও হব, তাৰপিছত পত্নীগৰাকীয়ে  পতিদেবক বিশেষভাৱে "পূজা" কৰিলে, ভগৱানৰ আচল পূজা পিছতহে কৰিলে।


@@@@@@@@@@@@@@@@@@@@@@@@


নগেনৰ প্ৰত্যাৱৰ্তন:

শ্ৰেণী কোঠাৰ দৃশ্যঃ 

সমাজ অধ্যয়নৰ বিষয় শিক্ষয়িত্ৰী গৰাকীয়ে ছাত্ৰ-ছাত্ৰী সকলক প্ৰশ্ন কৰিছে।

শিক্ষয়িত্ৰী: ৰামায়ণত লংকেশ্বৰ ৰাৱণৰ চৰিত্ৰটো খলনায়কৰ দৰে প্ৰক্ষেপ কৰা হৈছে যদিও, ব্যক্তিগত পৰ্যায়ত ৰাৱণ কিছুমান বিশেষ গুণৰ অধিকাৰী আছিল। ৰাৱণৰ এই বিশেষ গুণবোৰ কি কি আছিল ?

ছাত্ৰ-ছাত্ৰী সকল নীৰৱ হৈ থকা দেখি শিক্ষয়িত্ৰী গৰাকীয়ে কলে, 

"যিকোনো  এটা গুণ কলেও হব? নগেন, কি চিন্তা কৰিছা? ৰাৱণৰ এটা গুণো কব নোৱাৰা নে?"

মূৰটো খজুৱাই খজুৱাই নগেনে কলে, 

"বাইদেউ, ৰাৱণে, একেটা সময়তে, একেলগে দহজনীক চুমা খাব পাৰিছিল ।"

@@@@@@@@@@@@@@@@@@@@@@

মোৰ অবিবাহিত পুৰুষ বন্ধু সকলোলৈ এটা উপদেশঃ 

নিজতকৈ ওখ ছোৱালীৰ সতে বিয়া পাতক, আজীৱন পত্নীৰ সন্মুখত, মূৰ ডাঙি কথা কব পাৰিব ।

শুভৰাত্ৰি!

@@@@@@@@@@@@@@@@@@@@@

নামী-দামী ৰেস্তোঁৰা এখনত, প্ৰেমিক-প্ৰেমিকা এহাল সোমাল। প্ৰেমিকাই একেলগে কেবাটাও "আইটেম"ৰ অৰ্ডাৰ দিলে। কিছু সময়ৰ মূৰত বেয়াৰাই, বিভিন্ন খাদ্য সামগ্ৰী সমূহ, টেবুলত আনি সজাই দিলেহি। 

প্ৰেমিক জনক নীৰৱ হৈ থকা দেখি, প্ৰেমিকাই পিজ্জা একপিচ মুখত লৈ, এক বিশেষ ৰোমাণ্টিক ভংগীমাৰে কলে,

"বেবী, প্লিজ, কিবা এটা কোৱা যাতে, মো-উ-ৰ হাৰ্ট বিট, অটোমেটিক বাঢ়ি যায়?"


প্ৰেমিক : মোৰ জেপত এটকাও নাই।

@@@@@@@@


@@@@@@@@@@@@@@@@


কেইটামান পাৰ্বণ বা উৎসৱ আছে যেনে বিহু ফাংচন, সৰস্বতী পূজা, দূৰ্গা পূজা আৰু বিয়া ঘৰত আটাইতকৈ ধুনীয়া-সুন্দৰী ছোৱালীবোৰৰ সমাগম হয়।
এই ধুনীয়া ছোৱালীবোৰক দেখি, কাৰ কাৰ মনটোৱে হাঁহাকাৰ কৰি উঠে, জানেনে ?
.
.
.
.
.
.
.
.
.
.
.
পূজা-বিহুৰ পেণ্ডেলত নতুনকৈ বিয়া পতা বোৰৰ আৰু বিয়াঘৰত দৰাজনৰ আটাইতকৈ বেছি বেয়া লাগে। 

ধুনীয়া ছোৱালীবোৰক দেখাৰ পিছত, তেওঁলোকৰ মনলৈ এনে ভাব আহে,

"ইমানবোৰ ধুনীয়া ধুনীয়া ছোৱালী ! মোৰ চকুত কিয় নপৰিল ? ইমানদিনে এওঁলোক ক'তনো লুকাই আছিল। ছেহ: ম‌ই অলপ বেছি সোণকালে বিয়া কৰালো!"

@@@@@@@@@@@@@@@@@@


নিতৌ ‌এটাকৈ আপেল খাওক আৰু ডাক্তৰৰ পৰা দূৰৈত থাকক।

আৰু যদি, ডাক্তৰণীজনী সচাকৈয়ে বৰ ধুনীয়া, তেনেহলে আপেলৰ পৰা দূৰত থাকক!

@@@@@@@@@@@@@@@@@@@

পতিগৰাকীয়ে বিবাহ বিচ্ছেদৰ আবেদন জনাবলৈ আইনজীৱীৰ ওচৰলৈ গৈছে ।

পতি : মই মোৰ পত্নীক আজিয়েই "ডিভোৰ্চ" দিব বিচাৰো। আপুনি ব্যবস্থা কৰক।

আইনজীবী: কেলেই, সমস্যা কি আপোনালোকৰ ?

স্বামী: মোৰ পত্নীয়ে মোৰ সতে প্রায় ছ-মাহ ধৰি কথা নাই পতা।


আইনজীবী: আকৌ এবাৰ ভাবি চাওক। এনেহেন পত্নী কিন্তু বহুত ভাগ্যৰ বলতহে পোৱা যায় ।

@@@@@@@@@@@@@@@@@@@@@@@@@


প্ৰাণায়ম আৰু যোগাভ্যাস কৰাৰ ফলত এজন ব্যক্তিয়ে দীৰ্ঘায়ু অৰ্জন কৰিলে। প্ৰায় ১০৫ বছৰ বয়সত, ককাদেউতা গৰাকীৰ মৃত্যু হ'ল আৰু স্বৰ্গ লৈ গল। 

স্বৰ্গৰ প্ৰধান দ্বাৰখন, খুলি দিয়াৰ লগে লগে, এগৰাকী সুন্দৰী অপ্সৰা আহি ককাক, এপাহ ৰঙা গোলাপ ফুল দি কলে, 

"সু-স্বাগতম, স্বৰ্গলোকলৈ আপোনাক আদৰণি জনাইছো।"

ককাৰ মনটো ভাল লাগি গ'ল।

অলপ দূৰ আগুৱাই যোৱাৰ পিছত, দুগৰাকী সুন্দৰী অপ্সৰা আহি ককাক, এগিলাচ শীতল পানীয় আৰু কিছু  সুস্বাদু ফল-মূল খাবলৈ দিলে। 

ককাৰ মনটো আৰু বেছি ভাল লাগি গ'ল।

আৰু কিছুদূৰ যোৱাৰ পিছত, এজাক অপূৰ্ব সুন্দৰী অপ্সৰা আহি, ককাক হাতত ধৰি, ইন্দ্ৰদেৱৰ সভাত নি আলফুলে বহুৱালে। এজাক নৃত্য পটীয়সী তথা অতুলনীয় পৰীয়ে, "আইটেম চং" অৰ্থাৎ মনোমোহিনী নৃত্য কৰি দেখুৱালে। 

সুন্দৰী পৰী বিলাকৰ নৃত্য দেখি, ককাদেউতাজনে কান্দিব ধৰিলে। ককাক কন্দা দেখি, ইন্দ্ৰদেবে আচৰিত হৈ সুধিলে, 

"হে মহানুভৱ, আপুনি ক্ৰন্দন কিয় কৰিছে, আপুনি নৃত্য উপভোগ কৰি, ভাল পোৱা নাই?

ককাই কান্দি কান্দি কলে, 

"পাইছো পাইছো! মই খুব ভাল পাইছো। কিন্তু, মই এই কথা ভাবি কান্দিছো, মই মিছাকৈয়ে ইমানদিনে, পৃথিৱীত পৰি আছিলোঁ। যদিহে মই, সেই বাবা ৰামদেৱৰ যোগাসন আৰু প্ৰাণায়মৰ চক্কৰত নপৰিলোহেতেন আৰু বহুদিন আগতেই ইয়ালৈ আহিব পাৰিলোহেতেন।"

@@@@@@@@@@@


শাৰদীয় আকাশৰ স্নিগ্ধ জোনাক নিশা। পতি-পত্নী মুকলি আকাশৰ তলত ৰোমাণ্টিক হৈ বহি আছিল। হঠাৎ, সুদূৰ সুনীলিম আকাশত, তিৰবিৰাই থকা তৰাবোৰৰ ফালে চাই, পত্নীয়ে অতি ৰোমাণ্টিক হৈ সুধিলে,

"জান, এনে এটা বস্তুৰ নাম কোৱাচোন, যিটো তুমি সদায় চাই থাকা, কিন্তু কেতিয়াও, নিজৰ কৰি আনিব নোৱাৰা?"
.
.
.
.
.
.
.
.

পতিয়ে আৰু বেছি, ৰোমাণ্টিক ভাবত, বিভোৰ হৈ কলে,

"আমাৰ কাষৰ ঘৰৰ, শইকীয়াৰ ধুনীয়া মানুহজনী।"

@@@@@@@@


এখন ফাৰ্মাচীলৈ এগৰাকী সুন্দৰী যুৱতী আহিল। দোকানখনত গ্ৰাহকৰ ভীৰ, বেছি আছিল বাবে, যুৱতী গৰাকী একো নোকোৱাকৈ বহু পৰ ৰৈ আছিল। কথাটো দোকানখনৰ মালিকজনে মন কৰিলে। মনে মনে অকণ সন্দেহো  কৰিলে, যদিও একো নকলে। 

বহু সময়ৰ মূৰত, গ্ৰাহকৰ ভীৰ শাম কটাত, যুৱতীগৰাকীয়ে দোকানৰ 'চেল্সমেন' জনক হাত বাও দি, ওচৰলৈ মাতি আনিলে। মালিকৰ সন্দেহ আৰু বাঢ়িল ।
.
.
.
.
.
.

যুৱতীয়ে 'চেল্সমেন'ৰ ওচৰলৈ আহি কাগজ এখন উলিয়াই, ফুচফুচাই কলে,

"দাদা, মোৰ ডাক্তৰ এজনৰ সতে বিয়া ঠিক হৈছে। এইখন তেখেতৰ প্ৰথম চিঠি, প্লিজ, কি লিখিছে অকণমান পঢ়ি শুনাব নেকি?"


@@@@@@@@@@ 

আপোনাৰ মাতৃৰ সতে নিজৰ পত্নীকো, শ্ৰদ্ধা কৰিবলৈ নাপাহৰিব।

মৰমৰ আই মাতৃয়ে আপোনাক জীৱনত প্ৰথম জোন মামা দেখুৱাইছিল আৰু মৰমৰ পত্নীয়ে তৰা (দিনে-ৰাতি) দেখুৱাই আছে।


@@@@@@@@@

বেছিভাগ পত্নীয়ে, পতিৰ কথা ভালদৰে নুশুনাকৈ আৰু নুবুজাকৈ, কিদৰে প্ৰতিক্ৰিয়া কৰে, নমুনা এটা চাওঁক।

পত্নী : মোৰ স্কুটীৰ চাবি পাত বিচাৰি নাই পোৱা, জান।

পতি: সদায় সদায়, একেটা সমস্যা । তোমাৰ জিনছ্ (পেন্ট) ত আছে যেন পাওঁ।

পত্নী : সকলো কথাতেই মোৰ পৰিয়ালক টানি নানিবা। কথা কিন্তু বেয়া হব, কৈ দিলো।


@@@@@@ 

ভাল মানুহ আৰু ভাল কিতাপ, দুয়োটা বিষয়, চকুৰ পচাৰতে বুজি উঠা সম্ভৱ নহয়।
.
.
.
.
.
.

বুজিবলৈ হলে ভালদৰে পঢ়িব লাগিব।

                                                      - স্বামী সঞ্জীৱানন্দ।

@@@@@@@@@@@@@@@@@@@@@@@@@@@


এজন অবিবাহিত মানুহ, জোতিষীৰ ওচৰলৈ গৈ, সোঁৱৰণী খন দেখুৱাই কৈছে,

"দেউ, মোৰ সোঁৱৰণী খন চাই কওঁকচোন, মোৰ বিয়াখন কেলেই  নহয়, বাৰু?"

(সোঁৱৰণী খন ভালকৈ উৰাই-ঘুৰাই চাই মেলি)

জোতিষী : এহ্! আপোনাৰ বিয়া হবই নোৱাৰে !!!

মানুহজন : কিন্তু কিয় ???

জোতিষী : আপোনাৰ কপালত কেৱল, সুখেই সুখ, লিখা আছে, আকৌ ।

@@@@@@@@@@

পাকঘৰত পতিয়ে ৰন্ধা-বঢ়া কৰি আছে। পত্নী সাজি-কাছি বজাৰলৈ বুলি ওলাইছে ।

পত্নী : জানু, বজাৰলৈ বুলি ওলাইছো। তোমালৈ "হণী" (মৌ) আনিব লাগিব নেকি?

পতি: ওঁহ, ভালেই মনত পেলালা। লৈ আনিবা।

পত্নী : কোনটো আনিলে ভাল হব? "ডাবৰ" ৰ নে "পাতঞ্জলি" ৰ?

পতি : যদি পাৰা, "বাবা ৰাম-ৰহিম" ৰ জনীকে লৈ আনিবা।


@@@@@@@@@@

এই দুনিয়াত "পতি" নামধাৰী এক বিশেষ প্রজাতিৰ জীৱ সকলে কৰা, কিছুমান কাৰ্য্যৰ সংক্ষেপ বিৱৰণ এনেধৰণৰ :

 বাথৰূমৰ পৰা গা-পা ধুই ওলাই আহি তিতা টাওৱেল খনহে বিচনাৰ ওপৰত ৰাখিব ।

একেটা কথা সদায় পাহৰা স্বভাৱ, বাহিৰৰ লেতেৰা চেণ্ডেলযোৰ ৰূমৰ ভিতৰলৈ সদায় আনিব।

 কোনো এটা বস্তু পত্নীয়ে দহবাৰ মনত পেলাই দিয়াৰ পিছতো,  বেছিভাগ সময়ত সেইটো আনিবলৈ পাহৰি যাব।

 ভুলতো যদি (সাধাৰণতে নিদিয়ে) পত্নীয়ে ৰঙা ৰঙৰ নেইল পলিশ্ব আনিবলৈ দিয়ে, পতিয়ে মেৰুণ বা চকলেট কালাৰহে লৈ আনিব। ৰঙা আৰু মেৰুণ ৰঙৰ মাজত কোনো পাৰ্থক্য নেদেখা পতিজনে, ভুল হোৱা বুলি স্বীকাৰ নকৰি ওলোটাই  কব, "জানু, এই কালাৰৰ নেইল-পলিশ্ব লগালে তোমাক বেছি ভাল লাগে কাৰণেহে আনিলো।"

এটা কথা এশবাৰ কোৱাৰ পিছতো উত্তৰ দিব "হু, কিবা কৈছিলা  নেকি? আকৌ এবাৰ কোৱাচোন, মন দিয়া নাছিলো।"

 বিচনাত পৰাৰ লগে লগে নাক বজাই টোপনি যাব।

 চকুৰ আগত পৰি থকা বস্তুটো কেতিয়াও বিচাৰি নাপাই হায়ৰাণ হব।

 ৫ মিনিটৰ বাবে ওচৰৰ বন্ধু এজনক লগ কৰি আহোঁ বুলি কৈ, দুই তিনি ঘন্টা পাৰ কৰি দিব।

 ঘৰৰ মজিয়া, গৃহিণীয়ে অতি যতনেৰে সাৰি-মছি উঠাৰ পিছ মূহুৰ্ততেই, অবাবত টহল দি মজিয়াখন লেতেৰা কৰিব।

 এনেয়ে সদায় ভাল কাপোৰ পিন্ধি "হিৰো" হৈ থাকিব কিন্তু বিয়া সবাহলৈ (বিশেষকৈ পত্নীৰ ঘৰৰ ফালৰ) যাব ওলালে, তেনে�ই সাধাৰণ পোছাক এযোৰ পিন্ধিহে ওলাব। 

 সচৰাচৰ মুখৰ মাত নোলোৱা জনৰো, পত্নীৰ ধুনীয়া বান্ধৱী অথবা ধুনীয়া খুলশালীৰ সান্নিধ্য পালে ৰসাল কথা আখৈ ফুটাদি ফুটিব।

 অফিচৰ বা কৰ্মক্ষেত্ৰৰ সতে জড়িত কথাবোৰ মোবাইলত, চিঞঁৰি চিঞঁৰি, পত্নীক শুনুৱাই পাতিব।

বান্ধৱী সকল,

ওপৰোক্ত মন্তব্যবোৰৰ কোনোবা এটা, আপোনাৰ পতিৰ সতে মিলিছে নে?  

যদি এটাও নাই মিলা, তেনেহলে তেখেত সঁচাকৈয়ে আদৰ্শ পতি।


@@@@@@@@@@@@@@@@@@@@@@@@@@@@@


চহৰৰ মাজ মজিয়াত অৱস্থিত, ৰাম মন্দিৰৰ বাৰ্ষিক মেলাত, এজন মানুহৰ পত্নীগৰাকী, অগণন মানুহৰ ভীৰৰ মাজত, হেৰাই থাকিল। বহু সময় বিচাৰি চলাথ কৰাৰ পাছতো, মানুহজনীৰ একো শুংসূত্ৰ নাপাই, মানুহজন একপ্ৰকাৰ হতাশ হৈ পৰিল।

অৱশেষত মন্দিৰ প্ৰাংগণলৈ গৈ, ভগবান শ্ৰীৰামৰ প্ৰতিমূৰ্ত্তিৰ ওচৰত প্ৰাৰ্থনা জনাই কলে,

"হে প্ৰভূ, তুমি অন্তৰ্যামী । মোৰ পত্নী ক'ত আছে সন্ধান দিয়া, প্ৰভূ।"

মানুহজনে বহু কাকূতি-মিনতি কৰি, কন্দা-কটা কৰিবলৈ ধৰাত, প্ৰভূ শ্ৰীৰামে প্ৰকট হৈ কলে,

"হে বৎস, তুমি ইয়াতে কন্দা-কটা কৰি থাকিলে, একো সুফল নাপাবা। তুমি এটা কাম কৰা, এই মন্দিৰৰ পৰা ওলাই, বাওঁফালে সৰু গলীটোৰে, এক কিলোমিটাৰ মান আগুৱাই যোৱা আৰু দেখিবা ..........।"

মানুহজন : ( উৎফুল্লিত হৈ ) বাওঁফালে সৰু গলীটোৰে, এক কিলোমিটাৰ মান আগুৱাই গলে, মানুহজনীক পাই যাম, প্ৰভূ ?

শ্ৰীৰাম : আ: ধৈৰ্য ধৰা বৎস , এক কিলোমিটাৰ মান আগুৱাই গলে, তাত এটা হনুমানৰ মন্দিৰ পাবা।তুমি তোমাৰ সমস্যাটো, তেওঁক কোৱা। আচলতে, কি জানা, এইবোৰ কামত তেওঁ বৰ নিপুন।মোৰ মানুহজনী হেৰাওতেও, তেওঁৱেই বিচাৰি উলিয়াইছিল ।


@@@@@@@@@@@@@@@@@@@@@


বয়োজ্যেষ্ঠ নাগৰিকৰ প্ৰতি সমৰ্পিত:

কৌন কহতে হ্যায় কী বুদ্ধে
ইস্ক নহী কৰতে,
কৌন কহতে হ্যায় কী বুদ্ধে
ইস্ক নহী কৰতে,

বুদ্ধে ভী ইস্ক কৰতে হ্যায়,
লেকিন য়ে অলগ বাত হ্যায় কি 
বুদ্ধে পে কোই শ্বক্ নহী কৰতে।

পুৰুষ মানুহ বাহিৰত যিমানেই অটল বিহাৰী বাজপেয়ী নহওঁক কিয়, ভিতৰত সকলোৰে এজন নাৰায়ণ দত্ত তিৱাৰী সুপ্ত অৱস্থাত থাকে।

@@@@@@@@@


ভাৰতবৰ্ষৰ বেংক সমূহৰ ভিতৰত ভাৰতীয় স্টেট বেংকৰ গ্ৰাহকৰ সংখ্যা আন বেংকতকৈ বহুত বেছি। মই ব্যক্তিগত ভাবে এই বেংকটো,  যথেষ্ট বিশ্বাস-যোগ্য বুলিয়েই বিবেচনা কৰোঁ। কিছু বছৰ আগৰ পৰা ব্যক্তিগত খন্ডৰ বেংক সমূহ সক্ৰিয় হোৱাৰ মূৰকত "বেংকিং চেক্টৰ" ত এক অভূতপূৰ্ব পৰিবৰ্তন আহিছে।

গ্ৰাহকৰ প্ৰতি বেংকৰ কৰ্মচাৰী সকলৰ ব্যৱহাৰৰ লগতে তেওঁলোকৰ দৃষ্টিভংগীও বহু  সলনি হৈছে ।

কিন্তু ভাৰতীয় ষ্টেট বেংকৰ কৰ্মচাৰী সকলৰ ওপৰত, এই পৰিবৰ্তনৰ প্ৰভাৱ "বিলকুল" নাই পৰা যেন লাগে।

ভাৰতীয় স্টেট বেংকৰ কৰ্মচাৰী সকলৰ সেৱাৰ মনোভাৱ আৰু তেওঁলোকৰ  নিজৰ কামৰ প্ৰতি ইমানেই উছৰ্গীকৃত যে তলৰ নমুনাটো মন কৰিলে অনুধাৱন কৰিব পাৰিব।

যদি কোনোবা কৰ্মচাৰীৰ নিজৰ পত্নীয়েও আহি সোধে, "ডাৰ্লিং, তুমি মোক ভাল পোৱা নে?"

কৰ্মচাৰী জনে কব, "মই নাজানো, আপুনি তিনি নম্বৰ কাউন্টাৰত সোধক।"


@@@@@@@@@@@@@@@@@


মহানগৰীৰ চিটিবাছ স্টপত :
নগেন : ভন্টী, কি খবৰ, ভালে আছা নে?
যুৱতী : আপোনাক তো মই চিনি নাপাওঁ ।
নগেন : হয় নেকি, চ'ৰি দেই।
পিছদিনাখন, আকৌ একেজনী ছোৱালীক কৈছে ।
নগেন : ভন্টী, কি খবৰ, ভালে আছা ?
যুৱতী : কিন্তু, আপোনাক তো, মই চিনি নাপাওঁ ।
নগেন : কেলেই যোৱাকালি আমি ইয়াতেই চিনাকী হৈছিলোঁ আৰু কথাওঁ পাতিছিলোঁ । ইমান সোনকালে পাহৰিলা নে ?



@@@@@@@@@@@@@@@@@@@@@@@

এজন লৰাৰ, মৰমৰ প্ৰেমিকাজনীক কবৰ দি ঘুৰি অহাৰ পিছত, প্ৰেমিকাজনীৰ বান্ধৱী এগৰাকীয়ে লৰাটোক কলে, 
"মই তাইৰ জেগা, পূৰণ কৰিব পাৰিম, জানো ? "
লৰাটোৱে ইফালে-সিফালে চাই কলে,
"মোৰ একো আপত্তি নাই, কিন্তু কবৰস্থান কমিটীয়ে, কথাটো, মানি লব জানো ?


@@@@@@@@@@@@@@@@@@@@@@@


ডাক্তৰৰ চেম্বাৰৰ দৃশ্য:

ডাক্তৰ : আপোনাৰ সমস্যা কওঁক ।

ৰোগী: যোৱাৰাতিৰ পৰা পেট চলিছে, চাৰ।

ডাক্তৰ : কেনেকুৱা গৈছে ?

ৰোগী : একেবাৰে পানী-পানী ।

(প্ৰেচক্ৰিপচন্ লিখি)

ডাক্তৰ : এই দৰব কেইটা খাঁওক, ভাল নাপালে তিনিদিন পিছত আকৌ দেখুৱাব।

ৰোগী : চাৰ, কিবা নীতি-নিয়ম, মানি চলিব লাগিব নেকি?

ডাক্তৰ : আপুনি কি কাম কৰে ?

ৰোগী : চাৰ, আপোনাৰ ঘৰৰ কাষত, মন্দিৰটো যে আছে, সেই মন্দিৰৰ, মই পূজাৰী, চাৰ ।

ডাক্তৰ : ঠিক আছে, আপুনি এই তিনিদিন শঙ্খ, একেবাৰে নবজাব ।



@@@@@@@@@@@@@@@@



এই পৃথিৱীত সকলোৱে সুখী হবলৈ বিচাৰে। সুখ আৰু শান্তিৰ সন্ধানত মানুহে কি কি নকৰে ? সুখৰ আকাংক্ষা কৰি বাসস্থান পৰিৱৰ্তন কৰে, কাপোৰ কানি, পোছাক-পৰিচ্ছদ, আদব-কায়দা পৰিৱৰ্তন কৰে। সুখ আৰু স্বাচ্ছন্দ্যৰ বাবে তেজৰ সম্বন্ধ পৰিৱৰ্তন কৰি পেলাবলৈকেও কুন্ঠাবোধ নকৰে। শৈশৱকালৰ বন্ধু-বান্ধৱ পৰিৱৰ্তন কৰে। তাৰ পিছতো মানুহৰ প্ৰকৃত পৰিৱৰ্তন নহয়, কাৰণ মানুহে নিজক কেতিয়াও পৰিৱৰ্তন কৰিব নিবিচাৰে ।

এই সন্দৰ্ভত, মিৰ্জা গালিবৰ, সঁচাকৈয়ে শলাগিবলগীয়া, এটা শ্বায়েৰীৰ পংক্তি আগবঢ়ালো ।

"উম্ৰ ভৰ গালিব,
য়েহী ভুল কৰতা ৰহা,
ধূল চেহৰে পে থী,
আউৰ, আইনা চাফ 
কৰতা ৰহা ॥"

অনুবাদ:

আজীৱন মই মাথোঁ 
এটা ভুলকেই কৰি গলো,

মূখ আৱৰি পেলোৱা 
ধূলি গুচাব এৰি,

মাথোঁ দাপোণ খনকেই মোহাৰি ফুৰিলো।।

@@@@@@@@@@@@@@@@@@@@@@@@


পত্নীয়ে দাপোণ খনত, জুমি-জুমি নিজকে চাইছে আৰু পতিক কৈছে,

"হেৰি শুনিছেনে, মই দেখিবলৈ ইমানেই বেয়া লগা হৈছো। মোৰ চেহেৰাৰ উজ্জ্বলতা নোহোৱা হৈ গৈছে, চকুৰ গুৰি কলা পৰিছে আৰু কোটৰত সোমাই গৈছে ।"

পতি : (নিৰ্লিপ্ত কন্ঠেৰে) হয় নেকি ?

পত্নী : এই সকলো বিলাক, আপোনাৰ কাৰণেই হৈছে। আজিকালি আপুনি মোৰ কোনো কথাৰেই প্ৰশংসা নকৰে আৰু মই হীনমন্যতাত ভূগি, এইবোৰ হবলৈ পাইছে। এতিয়াৰে পৰা আপুনি, মোৰ সকলো কথা আৰু কামৰ, প্ৰশংসা কৰিব, বুইছে ।

পতি : ঠিক আছে, নিশ্চয় কৰিম । এটা কথা কিন্তু সচাঁকৈয়ে মানিব লাগিব, তোমাৰ দৃষ্টি শক্তি, এতিয়াও, তোমাৰ বয়সৰ বহু মহিলাতকৈ, প্ৰখৰ হৈয়ে আছে ।


@@@@@@@@@@@

গাঁৱত, প্ৰাপ্তবয়স্ক মহিলা সকলক ইংৰাজী শিকাবলৈ এখন আঁচনি যুগুতোৱা হ'ল। আমাৰ জাহ্নবী গগৈক এই গুৰু দায়িত্ব দিয়া হল। জাহ্নবীয়ে, মহিলা সকলক সৰলভাবে ইংৰাজী শিকাবলৈ এক অভিনৱ কিটিপ অৱলম্বন কৰিলে। 

জাহ্নবীয়ে মহিলা সকলক শিকাইছে এইদৰে:

A= A মানে অনিমাৰ মাক
B= B মানে ভনীতাৰ মাক
C= C মানে চয়নিকাৰ মাক
D= D মানে দেৱজিতৰ মাক
E= E মানে ইন্দিমাৰ মাক
F= F মানে ফৰ্জিয়াৰ মাক
G= G মানে গীতিকাৰ মাক
H= H মানে হেমন্তৰ মাক
........................
........................
M= M মানে মানস শইকীয়াৰ মাক
.....................................
S = S মানে সঞ্জীৱৰ মাক
.....................................
ইত্যাদি কৰি A ৰ পৰা Z লৈ জাহ্নবীয়ে এইদৰে গাঁৱৰ চিনাকী মানুহবোৰৰ নামেৰে শিকালে যাতে গ্ৰামীন মহিলাসকলে অতি সহজেই আখৰ কেইটা আয়ত্ব কৰিব পাৰে। এইদৰে কেইদিনমান শিকোৱাৰ পিছত এদিন জাহ্নবীয়ে, A B C D ৰ ওপৰত মৌখিক পৰীক্ষা পাতিলে। 

ব্ল্যাক বোৰ্ডত আখৰ বোৰ লিখি মহিলাসকলক সুধিলে আৰু এজনী এজনীকৈ কব দিলে।


প্ৰথমগৰাকী মহিলাই ধুনীয়াকৈ কৈ গ'ল,

A= A মানে অনিমাৰ মাক
B= B মানে ভনীতাৰ মাক
C= C মানে চয়নিকাৰ মাক
D= D মানে দেৱজিতৰ মাক
E= E মানে ইন্দিমাৰ মাক
F= F মানে ফৰ্জিয়াৰ মাক
G= G মানে গীতিকাৰ  মাক
H= H মানে হেমন্তৰ মাক
........................
........................
M= M মানে মানস শইকীয়াৰ মাক
.........................
.........................
S = S মানে সঞ্জীৱৰ মাক
.........................
V = V মানে ভৰতৰ মাক

অলপ সময় চিন্তা কৰি কলে,

W = W মানে মানস শইকীয়াৰ মাকে ওপৰলৈ মুখ কৰি শুই আছে, বাইদেউ।


@@@@@@@@@@@@@@@@@@@@@

একেটা প্ৰফেশ্বনৰ মানুহে প্ৰেম বা বিয়া পাতিলে পিছলৈ বেছি কথা পতাৰ প্ৰয়োজন নহয়। কাৰণ তেওবিলাকে নিজৰ বিষয়ৰ key word ৰ জৰিয়তে মনৰ ভাব প্ৰকাশ কৰিবলৈ সক্ষম।




ব্যংগ ৰচনা আৰু কৌতুকৰ মাজত এক বুনিয়াদী পাৰ্থক্য আছে। কৌতুক বা ৰগৰ সম্পৰ্কে মোৰ অলপ কবলগীয়া আছে। 

আজিৰ পৰা কিছুবছৰ আগলৈকে  বেছিভাগ কৌতুক মুখে মুখে ইজনৰ পৰা সিজনলৈ, বাগৰি আহিছিল। অথবা আলোচনী সমূহত প্ৰকাশ পাই প্ৰচাৰিত হৈছিল। সৃষ্টিশীল সকলো ধৰণৰ লিখনিৰ ক্ষেত্রত কপিৰাইট প্ৰযোজ্য হয়নে নহয় নাজানোঁ কিন্তু কৌতুক সমূহৰ কোনো কপিৰাইট নাই বুলিয়েই মই জানো। কৌতুক সমূহ এবাৰ প্ৰচলিত হৈ উঠাৰ পিছত কৌতুক কওঁতাজনৰ ওপৰত নিৰ্ভৰ কৰে বৰ্তমান ফেচবুক আৰু হোৱাটছ্ আপত কৌতুক সমূহ, "কপি-পেষ্টৰ" (Thanks to Lary Tesler) সৌজন্যত লিখিতৰূপে সহজলভ্য হৈ পৰিছে।

মোৰ দৃষ্টিত ফটা-ঢোলৰ অভিনৱত্ব হৈছে ইয়াত বেছিভাগ সদস্যই মৌলিক লিখনি (ব্যংগ্ অথবা প্ৰহসন সমূহ) প্ৰস্তত কৰে যিটো খুবেই প্ৰসংশনীয় আৰু ফটা-ঢোলৰ বাবে গৌৰৱৰ বিষয়।


@@@@@@@@@@@@@@@@@@@@@@@@


ৰসেশ্বৰৰ পূতেক কণপাইয়ে সুধিছে ,

"দেউতা, শালপতি-শালপতি

বুলিযে কয়, এইটো আচলতে কেনেধৰণৰ সম্বন্ধ ?"

ৰসেশ্বৰ : যেতিয়া দুজন অচিনাকী মানুহক, একেটা কোম্পানীয়ে ঠগে, তেনে পৰিস্থিতিত, সেই দুজন মানুহে পৰস্পৰক, শালপতি বুলি সম্বোধন কৰে ।

@@@@@@@@@@@@@@@@@@@


ডাক্তৰৰ চেম্বাৰৰ দৃশ্য 

ডাক্তৰ : আপোনাৰ ওঠ দুটা কেনেকৈ জ্বলিব পালে ।

ৰসেশ্বৰ : চাৰ নকব আৰু, মানুহজনীক ৰেলৱে স্টেচনত এৰিবলৈ গৈছিলো ।

ডাক্তৰ : তাত গৈ কি হ'ল ?

ৰসেশ্বৰ : চাৰ মানে, ফূৰ্তিতে ৰেলৰ ইঞ্জিনটোতে, চুমা খাই দিলো নহয় ।



@@@@@@@@@@@@@@@@@@@


শ্ৰেণী কোঠাৰ দৃশ্য 

শিক্ষক : ৰসেশ্বৰ, তই আজিও "হ'ম ৱৰ্ক" কৰি অনা নাই !! তইয়েই ক, তোক আজি কি শাস্তি দিওঁ ?

ৰসেশ্বৰ : চাৰ, তিনি নম্বৰ বেঞ্চত যে বহি আছে, পমিলী, তাইও "হ'ম ৱৰ্ক" কৰি অনা নাই ।

শিক্ষক : তোৰ নো কি হ'ল, তাতে ?


ৰসেশ্বৰ : চাৰ, শাস্তি হিচাপে, আমাৰ দুইটাকে বাথৰূমত বন্ধ কৰি থৈ দিয়ক ।




Comments

Popular posts from this blog

সাংখ্য দৰ্শন

নাৰী তুমি অনন্যা

বৃক্ষ ৰোপন আঁচনি ‌