পৃথিৱী উৎপত্তিৰ ইতিহাস (Origin of Earth): (১ম খণ্ড)
পৃথিৱী উৎপত্তিৰ ইতিহাস (Origin of Earth):
আধুনিক বিজ্ঞানমতে বিশ্বব্রহ্মাণ্ডৰ সৃষ্টি হৈছিল প্রায় ১৪০০ কৌটি বছৰ আগতে আৰু পৃথিৱীৰ সৃষ্টি হৈছিল তাৰো বহু সময় অৰ্থাৎ ৯৪০ কৌটি বছৰ পিছত অৰ্থাৎ আনুমানিক ৪৬০ কোটি বছৰ আগতে ব্ৰহ্মাণ্ডত
(cosmos) আমাৰ পৃথিৱীখন অস্তিত্বলৈ আহিছিল। সেই সময়ত কেনেকুৱা আছিল আমাৰ এই পৃথিৱীখন?
যদিও মানব সভ্যতা বিকাশৰ ইতিহাস, পৃথিৱীৰ নিজ বয়সৰ তুলনাত অতি সামান্য। সভ্যতাৰ সূচনা হোৱাৰে পৰা, মানুহে জানিবলৈ বিচাৰিছিল নিজৰ আৰু পৃথিৱী, ব্ৰহ্মাণ্ড সৃষ্টিৰ আদি ৰহস্য।
বহু হাজাৰ বছৰ আগৰ পৰাই মানুহে পৃথিৱীৰ এই ইতিহাসক জানিবলৈ চেষ্টা কৰি আহিছে আৰু এইধৰণৰ হাজাৰ হাজাৰ প্রশ্ন বিজ্ঞানী সকলৰ মন আৰু মগজুত ঘুৰি ফুৰিছে।
পৃথিৱীৰ জন্ম ৰহস্য ঠিক এজন শিশু জন্মৰ পৰা ডাঙৰ হোৱাৰ দৰে। যেতিয়া এটা মানব শিশুই জন্ম গ্রহণ কৰে, তেতিয়া শিশুটো একেবাৰে সৰু আৰু কোমল হৈ থাকে। বৰ মৰম চেনেহৰ মাজেৰে দিনক দিনে ক্ৰমাৎ শিশুটোৰ শাৰীৰিক পৰিৱর্তন ঘটে।
পৃথিৱীখনো ঠিক একেদৰেই বিকশিত হৈছিল। আৰম্ভণিতে আছিল গলিত শিলেৰে নিৰ্মিত এক ভয়ংকৰ অগ্নিপিণ্ড। সেই অগ্নিপিণ্ডৰ পৰা কৌটি কৌটি বছৰৰ বিৱৰ্তনৰ ফলত পৰিৱৰ্তিত হৈ বৰ্তমান ৰূপ ধাৰণ কৰিছে।
কিন্তু এইবোৰ কিদৰে সম্ভৱ হ'ল? এক ভয়ংকৰ অগ্নিপিণ্ড আজি সমগ্ৰ প্রাণী জগতৰ বসবাসৰ উপযোগী স্থান হিচাপে পৰিগণিত হ'বলৈ পৃথিৱীয়ে কি কি দশাৰ মাজেৰে পাৰ হ'বলগীয়া হৈছিল? পৃথিৱীৰ বুকত প্রথম প্রাণৰ স্পন্দন কেতিয়া আৰম্ভ হৈছিল? ডাইন'ছ'ৰ (Dinosaur) বোৰে কোন সময়ত পৃথিৱীত ৰাজত্ব কৰিছিল? মানুহে বৰ্তমানৰ অৱয়ব কেতিয়াৰ পৰা পালে?
এই ব্রহ্মাণ্ড সৃষ্টি অথবা পৃথিৱীৰ জন্ম ৰহস্যক লৈ নানা ধৰনৰ ধাৰণা, বিশ্বাস, মতবাদে বিভিন্ন ধৰ্মীয় সম্প্রদায়, সমাজ আৰু সংস্কৃতিক নানা ভাবে প্রভাবিত কৰি আহিছে। কিন্তু বিগত দুই শতিকাৰ বিজ্ঞান আৰু প্ৰযুক্তিৰ ভিত্তিত কৰা গবেষণা সমূহে আজি পৃথিৱীৰ জন্ম সম্পর্কে ইমানবোৰ তথ্য দিছে যে অষ্টাদশ শতিকাত এইধৰণৰ তথ্য আহৰণ কৰা, কল্পনাৰো অতীত আছিল। "বস্তু জগতৰ পৰাই প্রাণৰ সৃষ্টি" এই কথাষাৰ বিজ্ঞানে আজি যিমান সহজে ক'ব পাৰে, ২০০ বছৰ আগতে এইধৰণৰ কথা কোৱাটো অসম্ভৱ আছিল। "জীৱজগত পৰিৱর্তনশীল অর্থাৎ জীৱৰ বিৱৰ্তন হৈ থাকে",
দহ বছৰ গবেষণা কৰাৰ পিছত চাৰ্লছ ডাৰউইন এই সিদ্ধান্তত উপনীত হোৱাৰ পিছতো বিছ বছৰলৈ সমাজৰ ভয়ত, এই সত্য গোপন কৰিবলৈ তেওঁ বাধ্য হৈছিল। ডাৰউইনে এটা গুৰুত্বপূৰ্ণ কথা উপলব্ধি কৰিছিল যে পৃথিৱীত নিজকে শ্রেষ্ঠ জীৱ বুলি ভবা তৎকালীন সমাজৰ মানুহবোৰে নিজৰ পূৰ্বপুৰুষ সকল চিম্পাঞ্জি বা গ'ৰিলা বুলি কেতিয়াও মানি ল'ব নোৱাৰিব। ব্রুন', ক'পাৰনিকাছ বা গ্যালিলিওৰ জীৱনীৰ জৰিয়তে ৰক্ষণশীল সমাজে কৰি অহা এই ধৰণৰ বিৰোধিতা সম্পর্কে আমি সকলোৱেই অৱগত।
ডাৰউইনৰ জন্মৰ পিছত ২১১ বছৰ পাৰ হ'ল। এই সময়ছোৱাত মানুহে নিত্য নতুন জ্ঞান আৰু বিজ্ঞানৰ সতে সংযুক্ত হৈছে। এই সময়ছোৱাত বহুতো তথ্য আৰু মানুহৰ পূৰ্বপুৰুষৰ নানা জীৱাশ্ম আৱিষ্কৃত হৈ আছে।
পৃথিৱীৰ সৃষ্টি সম্পৰ্কে থকা বিভিন্ন তত্ত্ব বিলাকৰ ভিতৰত যিটো আটাইতকৈ গ্ৰহনযোগ্য তথা যুক্তিপূর্ণ বুলি বিবেচনা কৰা হয়, সেইটো হ'ল যে সূর্যৰ চাৰিওফালে ওপঙি থকা শিল আৰু ধূলিকণাৰ পৰিবৃদ্ধিৰ
(accretion) কাৰনে ধীৰে ধীৰে পৃথিৱীৰ জন্ম হয়। অতি দ্রুতভাবে ঘুৰি থকা শিলাখণ্ড আৰু ধূলি কণাবোৰ সংযুক্ত হৈ যেতিয়া পৃথিৱীৰ সৃষ্টি কৰিছিল, তেতিয়া সকলো বোৰৰ মিশ্ৰণৰ ফলত এক প্ৰচণ্ড উত্তাপৰ সৃষ্টি হৈছিল আৰু প্ৰাৰম্ভিক অগ্নিময় তৰল পৃথিৱীখন জুইসদৃশ গলিত শিলৰ পিণ্ড হৈ উঠিছিল। সেই গলিত পিণ্ডটো সূর্যৰ চাৰিওফালে প্ৰদক্ষিণ কৰি থকা সময়তে আকৌ একে সময়তে নিজৰ অক্ষত (axis) আৱর্তন কৰিছিল। এইদৰে বহু সময় অতিবাহিত হোৱাৰ পিছত আৰু লগতে আৱৰ্তনৰ ফলত দিন আৰু ৰাতিৰ বাবে হোৱা উত্তাপৰ তাৰতম্যৰ প্ৰভাৱত লাহে লাহে সেই ভয়ানক উষ্ণ গোলাকাৰ পিণ্ডটো ক্ৰমাৎ অকন অকনকৈ ঠাণ্ডা হ'বলৈ আৰম্ভ কৰে।
সৃষ্টি হোৱাৰ পিছত লাহে লাহে পৃথিৱীৰ উষ্ণতা কমিল আৰু বায়ুমণ্ডলৰ ৰূপান্তৰ ঘটিল। ক্রমান্বয়ে সলনি হ'বলৈ ধৰিলে ভূপৃষ্ঠৰ গঠন আৰু এদিন অনুভূত হৈছিল প্রাণৰ স্পন্দন। বতাহৰ সতে সংযুক্ত হৈছিল অক্সিজেন আৰু কালক্রমে পৃথিৱী হৈ পৰিল জীৱন ধাৰণৰ এক উপযোগী স্থান।
গোলাকাৰ পিণ্ডটোৰ উপৰিভাগত প্রথম কঠিন শিলৰ এক পাতল আৱৰণ পৰে। এইদৰে কেইবা লাখ বছৰ উকলি যোৱাৰ পিছত পৃথিৱীৰ ভূ-পৃষ্ঠত পানীৰ সৃষ্টি হয়। পানীৰ আৱিৰ্ভাব হোৱাৰ বহু সময়ৰ পিছত সেই পানীত সৃষ্টি হয় প্রথম প্রাণী। পানীৰ মাজত এককোষী প্ৰাণী প্রায় ৪০০ কোটি বছৰ আগতে বিকশিত হৈছিল যদিও এই পৃথিৱীৰ বুকুত প্রাণী জগত সম্পূৰ্ণ ৰূপে স্বমহিমাৰে প্ৰকট হৈছিল আজিৰ তাৰিখ পৰা প্ৰায় ৫৪০০ লাখ বছৰ আগতে।
৪৬০ কৌটি বছৰৰ ইতিহাস অতি দীঘল, গতিকে সকলো কথা এই প্ৰৱন্ধটোৰ জৰিয়তে ক'ব পৰা সম্ভৱ নহ'ব। পৃথিৱীৰ বিৱর্তনৰ সমস্ত ইতিহাস ইয়াত আলোচনা কৰাটো সম্ভৱ নহয়, সেয়েহে ক্ষুদ্ৰ ক্ষুদ্ৰ তথ্যসমূহ বাদ দি, আমাৰ সকলোৰে প্রিয়স্থান এই পৃথিৱীৰ জন্ম কালৰ পৰা আৰম্ভ কৰি ঘটিত হোৱা বিভিন্ন ডাঙৰ ডাঙৰ ঘটনাৱলীৰ ওপৰত আলোকপাত কৰিবলৈ চেষ্টা কৰিম।
*ভূতাত্বিক সময় ৰেখা
(Geological Time Scale):*
এই কামটো সহজ কৰিবলৈ ভূ-বিজ্ঞানী (Geologist) সকলে, পৃথিৱীৰ এই সুদীৰ্ঘ ইতিহাসক এক ভূতাত্বিক সময় ৰেখাৰ
(Geological Time Scale) দ্বাৰা চিহ্নিত কৰিছে।
কিন্তু এই ভূতাত্বিক সময় ৰেখাক সাৰথি কৰি বিষয়টো আলোচনা কৰাৰ আগতে জনা দৰকাৰ যে কিহৰ ভিত্তিত এই স্কেল তৈয়াৰ কৰা হ'ল? ভূবিজ্ঞানী সকলে অতীতক কি সাক্ষ্য তথা প্ৰমাণৰ ভিত্তিত বিভিন্ন ভাগত ভাগ কৰিলে? এই প্ৰশ্নৰ উত্তৰ লুকাই আছে লক্ষ কোটি বছৰ ধৰি অকন অকনকৈ সৃষ্টি হোৱা শিলৰ পৰা। পৃথিৱীৰ উপৰিভাগ অৰ্থাৎ বায়ুমণ্ডলৰ (atmosphere) তলত থকা আৱৰণ খনৰ প্ৰায় ১০০ কিলোমিটাৰ গভীৰতালৈ থকা সমগ্ৰ ভূ-ভাগক স্থল-মণ্ডল
(lithosphere) বুলি কোৱা হয়। এই স্থল-মণ্ডলৰ অন্তৰ্গত শিলৰ সৃষ্টি আৰু বিভিন্ন ধৰণৰ গঠন প্ৰক্ৰিয়া আদিৰ ওপৰত কৰা অধ্যয়নক লিথ'লজি (Lithology) বুলি কোৱা হয়। এই অধ্যয়নৰ জৰিয়তে আৰু শিলৰ বাহিৰত বা ভিতৰত থকা ফছিল বা জীৱাশ্মৰ সহায়ত সেই শিলৰ প্ৰকৃত বয়স গণনা কৰি উলিওৱা সম্ভৱ হয়। বিভিন্ন শিল সমূহৰ সঠিক বয়স জানিবলৈ 'ৰেডিঅ'মেট্রিক ডেটিং'
(radiometric dating) নামৰ এক বৈজ্ঞানিক পদ্ধতি অৱলম্বন কৰা হয়। এই পদ্ধতিৰ সহায়ত বিজ্ঞানী সকলে শিলৰ ভিতৰত থকা তেজস্ক্রিয় (radioactive) খনিজৰ পৰিমাণৰ সঠিক জোখ লয়। লগতে তেজস্ক্রিয় খনিজৰ পৰা উদ্ভূত অন্যান্য খনিজৰ পৰিমাণো জুখি উলিয়াই আৰু এই জোখৰ সহায়ত সেই শিলটোৰ বয়স নির্ধাৰণ কৰে। এই পদ্ধতিৰ জৰিয়তে কাৰ্বন, পৃথিৱীৰ আৰু যিকোনো মানৱ নিৰ্মিত বস্তুৰ প্ৰকৃত বয়স নিৰ্ণয় কৰিব পাৰি।তেজস্ক্রিয়মিতিৰ অধ্যয়ন অনুযায়ী বয়স পৰীক্ষা কৰি দেখা গৈছে, পৃথিৱীৰ বয়স ৪৬০ কোটি বছৰ।
ভূতাত্ত্বিক সময় বুলি কলে পৃথিৱীৰ উৎপত্তিৰ পৰা আৰম্ভ কৰি বর্তমান পর্যন্ত সম্পূৰ্ণ সময়ছোৱাক বুজোৱা হয়। বিজ্ঞানীসকলে এই সুদীৰ্ঘ সময়ছোৱাক বিভিন্ন সীমাৰেখাৰে বিভক্ত কৰিছে আৰু প্রতিটো সীমাৰেখাক পৃথক পৃথক ভাবে নামাকৰণ কৰিছে। বিভিন্ন যুগান্তকাৰী ঘটনাৰ মাধ্যমেৰে এই সীমাৰেখা নির্ণয় কৰা হয়। উদাহৰণস্বৰূপে, ক্রিট'শ্বিয়াছ
(Cretaceous) আৰু প্যালিওজিন (paleogene) যুগৰ সীমা নির্ধাৰণ কৰা হৈছে এটা জীৱৰ বিলুপ্তিৰ ঘটনাৰ আলমত সেইয়া হৈছে ক্রিট'শ্বিয়াছ-টার্শ্বিৱাৰি বিলুপ্তি ঘটনা। সেই সময়ত পৃথিৱীৰ পৰা ডাইন'ছ'ৰ বিলুপ্ত হৈছিল।
ভূতাত্ত্বিক সময়ক সামগ্রিকভাবে মহাকাল বুলি অভিহিত কৰা হয়। মহাকালৰ প্রাথমিক বিভাজন হৈছে মহাকল্প
(supereon), মহাকল্পক পুনৰ পর্যায়ক্রমে কল্প (eon),
মহাপর্যায় (era), পর্যায় (period), মহাযুগ
(epoch) আৰু শেষত যুগ (age) নামৰ একক হিচাপে বিভক্ত কৰা হৈছে।
পৃথিৱীৰ জন্মলগ্নৰে পৰা প্ৰাচীন প্ৰাণী জগতৰ বিকাশৰ ইতিহাসক চাৰিটা প্রাক-প্রত্নপ্রস্তৰ যুগ (eon) হিচাপে চিহ্নিত কৰি বিভক্ত কৰা হৈছে-
(১) হেডিয়ান (Hadean),
(২) আৰকেয়ান (Archaean), (৩) প্রটেৰ'জ'য়িক
(Proterozoic)
(৪) ফ্যানেৰ'জ'য়িক ( Phanerozoic)
পৃথিৱীৰ সৃষ্টি হোৱাৰে পৰা প্রথম প্রাগৈতিহাসিক যুগত প্ৰাণৰ সঞ্চাৰ হোৱা সময়ছোৱাক হেডিয়ান ইয়ন বুলি অভিহিত কৰা হৈছে। এইসকল প্রাণীৰ জীৱাশ্ম ৪০০ কৌটি বছৰ পুৰনি শিলত দেখিবলৈ পোৱা গৈছে।
৪০০ কৌটি বছৰৰ পৰা ২৮০ কৌটি বছৰলৈকে এই সময়ছোৱাক আৰকিয়ান ইয়ন বুলি চিহ্নিত কৰা হৈছে।। আৰকিয়ান ইয়নৰ সময়তে প্রথম আদিম প্রাণৰ সঞ্চাৰ হয়, প্রথম অক্সিজেন সৰবৰাহ কৰা বেক্টেৰিয়া স্ট্র'মাট'লাইট
(stomatolit) দেখা যায়। নীলা-সেউজীয়া শেলূৱৈৰ (algae) দ্বাৰা গঠিত আৰু সালোক সংশ্লেষণৰ জৰিয়তে নিজেই খাদ্য প্ৰস্তুত কৰিব পৰা সক্ষম বেক্টেৰিয়া। এই ক্ষুদ্ৰ কোষী শেলূৱৈ জাতীয় উদ্ভিদ হৈছে পৃথিৱীৰ প্ৰথম আৰু প্রধান অক্সিজেন উৎপাদক যাৰ ফলত এই পৃথিৱীত প্ৰাণৰ সঞ্চাৰ হ'বলৈ সম্ভৱ হৈছিল।
এই সময়ছোৱাত প্রথমবাৰৰ বাবে পৃথিৱীৰ ভূখণ্ডবোৰ লাহে লাহে স্থিতাৱস্থালৈ আহিবলৈ আৰম্ভ কৰে।
২৮০ কৌটি বছৰৰ পৰা প্রটেৰ'জ'য়িক ইয়নৰ আৰম্ভণি হয় আৰু প্ৰায় ৫৪ কৌটি বছৰ আগলৈকে চলি থাকে। এই সময়ছোৱা আছিল পৃথিবীৰ জীৱনৰ সমৃদ্ধিৰ বাবে আটাইতকৈ এক জৰুৰী সময়। এই যুগতেই পৃথিৱীৰ বায়ুমণ্ডলত লাহে লাহে সিচঁৰিত হৈ পৰে পৰ্যাপ্ত পৰিমাণৰ অক্সিজেন আৰু এই যুগত ক্রমাৎ জটিল এককোষী আৰু বহুকোষী প্রাণীৰ জন্ম হয় ।
ফ্যানেৰ'জ'য়িক ইয়ন আৰম্ভ হয় প্যালেঅ'জ'য়িক যুগৰ (Paleozoic Era ) পৰা, ইয়াৰ আৰম্ভণি হয় ৫৪ কৌটি বছৰ আগতে আৰু ২৫০০ বছৰ আগলৈকে আছিল। এই সময়ত পৃথিৱীত বিভিন্ন ধৰণৰ প্রাণীৰ আৱির্ভাব হয়। পৃথিৱীৰ ভূত্বকত চলে নানা ধৰণৰ পৰিৱর্তন। এই যুগত পৃথিৱীত প্রথম মেৰুদণ্ড বিহীন প্রানীবোৰৰ সমাগম হয়, যিবোৰৰ ভিতৰত বহুতেই পিছলৈ মেৰুদণ্ডী প্রাণীলৈ বিকাশ হয়। মাছ জাতীয় প্ৰাণী সমূহৰ সৃষ্টি হয়, সৰীসৃপ জাতীয় উভচৰ প্রাণীবোৰ পানী আৰু মাটি উভয়তেই বসবাস কৰিবলৈ আৰম্ভ কৰে। প্রথম উদ্ভিদৰ গজালি মেলে আৰু লাহে লাহে আদিম ঢেকীয়া (fern)
আৰু ঘাঁহজাতীয় উদ্ভিদ বোৰ ক্ৰমাৎ বিশালকায় মহীৰূহলৈ পৰিণত হ'বলৈ ধৰিলে। এই যুগৰ শেষৰ ফালে, বিশাল সমুদ্ৰপৃষ্ঠত সিচঁৰিত হৈ থকা ভূখণ্ড সমূহ একত্রিত হৈ এখন প্যানজিয়া
(Pangea) নামৰ এই বিশাল মহাদেশলৈ ৰূপান্তৰিত হয়।
*অতি মহাদেশ প্যানজিয়া:*
আমি সকলোৱেই কম বেছি পৰিমাণে মহাদেশ (continent) সম্পর্কে অৱগত। ভূগোল বা বিজ্ঞানৰ দৃষ্টিকোণৰ পৰা চিন্তা নকৰাকৈয়ো মহাদেশ কি, সেই সম্পর্কে আমাৰ বেছিভাগৰে ধাৰণা নিশ্চয় আছে। প্রত্যেকখন দেশেই কোনোবা নহয় কোনোবা এখন মহাদেশৰ অন্তর্ভুক্ত।
১৯১২ চনত জাৰ্মান ভূ-পদাৰ্থ বিজ্ঞানী (geophysicist) আলফ্রেড ৱেগেনাৰে সর্বপ্রথম লক্ষ্য কৰিছিল যে, পৃথিৱীৰ আটাই কেইখন মহাদেশক একলগে জোৰা লগালে ভূখণ্ড সমূহ 'জিগছ্ পাজল'ৰ দৰে লগ লাগি যায় আৰু একেবাৰে ইখনৰ সতে সিখন মহাদেশ খাপত খাপ খাই যায়। এই অৱধাৰণাৰ পৰা তেখেতে ঘোষণা কৰিলে যে এই সকলোবোৰ মহাদেশ আগতে একেলগে লগ লাগি আছিল অৰ্থাৎ অতি-মহাদেশ (super
continent) আছিল। মহাদেশীয় সঞ্চালনৰ (Continental drift) ফলত পৃথিবীৰ ভূ-ভাগ অৰ্থাৎ মহাদেশীয় প্লেট সমূহ, সাগৰীয় প্লেটৰ ওপৰত ওপঙি আছে আৰু পৰস্পৰৰ সতে সংযুক্ত বা বিযুক্ত হৈ আছে।
এই তত্ত্বটো আলফ্রেড ৱেগনাৰে ৰাজহুৱা কৰে কিন্তু তেখেতৰ জীৱনকালত স্বীকৃতি নাপালে যদিও, মৃত্যুৰ পিছত ই "প্লেট টেকট'নিক তত্ত্ব" হিচাপে আৰু বেছি সু-সংগঠিত হৈ উঠে।
এই তত্ত্ব অনুসৰি প্ৰাক-ঐতিহাসিক যুগত বৰ্তমানৰ ভূখণ্ড অৰ্থাৎ সাত খন মহাদেশ পৰস্পৰৰ সতে সংযুক্ত হৈ আছিল। এই বিশাল ভূখণ্ডৰ একক অতি-মহাদেশৰ নাম আছিল প্যানজিয়া (Pangea)। গ্ৰীক ভাষাত প্যানজিয়াৰ অৰ্থ হৈছে "সৰ্ব-ভূমি"। এই একক অতি-মহাদেশৰ চাৰিওফালে জলভাগেৰে বেষ্টিত এখন পান্থালাছা
(Panthalassa) নামৰ মহাসাগৰ আছিল।
পৰৱৰ্তী সময়ত আৰু কেবাখনো অতি-মহাদেশৰ অস্তিত্বৰ উমান পোৱা যায়, তাৰ ভিতৰত মূল চাৰিখন হৈছে- কেন'ৰল্যান্ড, কলম্বিয়া, ৰ'ডিনিয়া আৰু প্যানজিয়া। চাৰিখন অতি-মহাদেশৰ ভিতৰত বিশেষজ্ঞ সকলে প্যানজিয়া সম্পর্কে আটাইতকৈ বেছি নিৰ্ভৰযোগ্য তথ্য আৰু মানচিত্র সংগ্রহ কৰিবলৈ সক্ষম হৈছে ।
আজিৰ পৰা ১১০ কোটি বছৰ আগতে প্যানজিয়াৰ
আগতে পৃথিবীত অন্য এখন মহাদেশ আছিল, যাৰ নাম আছিল ৰ'ডিনিয়া। ৭৫ কোটি বছৰ আগতে এই ভূখণ্ড ভাঙি খণ্ড-বিখণ্ড হৈ যায় আৰু কিছু অংশ দক্ষিণ গোলার্ধলৈ (southern hemisphere) চলি আহে। এই মহাদেশ সমূহ টেকট'নিক প্লেটৰ ওপৰত অৱস্থিত আৰু ঠিক নাৱৰ দৰেই লাভাৰ ওপৰত চলমান গতি সম্পন্ন। প্রায় ৩০ কৌটি বছৰ আগতে টেকট'নিক প্লেটৰ এই চলমান গতিৰ ফলতেই পুনৰ ৰ'ডিনিয়াৰ ভগ্ন খণ্ড সমূহ আকৌ এবাৰ একত্রিত হৈ গঠন হৈছিল প্যানজিয়া।
আনুমানিক ২৭ কোটি বছৰ আগতে, ৭৫ কৌটি বছৰ আগতে খণ্ডিত হোৱা ৰ'ডিনিয়াৰ ভগ্ন খণ্ড সমূহ আকৌ এবাৰ একত্রিত হৈ একক মহাদেশ গঠনৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হয় পুনৰ ৭ কৌটি বছৰ পিছত অৰ্থাৎ এতিয়াৰ পৰা ২০ কোটি বছৰ আগতে। প্যানজিয়া নামৰ একক মহাদেশ খন পুনৰ খণ্ডিত হ'বলৈ আৰম্ভ কৰে জুৰাছিক যুগত অৰ্থাৎ আজিৰ পৰা প্রায় ১৭ কৌটি ৫০ লাখ বছৰ আগতে। উল্লেখযোগ্য যে প্যানজিয়া গঠনৰ আৰম্ভণিতেও এই দুখন মহাদেশৰ অৱদান আছিল। অর্থাৎ এই দুখন মহাদেশৰ সংযুক্তিৰ ফলত সৃষ্টি হৈছিল প্যানজিয়া। আকৌ প্যানজিয়াৰ ভাঙোনৰ ফলত সৃষ্টি হয় এই দুখন ভূখণ্ড। ভঙা-গঢ়াৰ মাজেদিয়েই অতি-মহাদেশ বোৰৰ অস্তিত্ব ঘুৰ-পাক খাই আছিল আৰু ইয়াৰ কোনো স্থায়িত্ব নাছিল।
প্যানজিয়া পুনৰ খণ্ডিত হৈ উত্তৰে ল'ৰেছিয়া আৰু দক্ষিণফালে গণ্ডোৱানা নামৰ দুখন অতি-মহাদেশৰ গঠন হয়।
উল্লেখযোগ্য যে মধ্য ভাৰতৰ গণ্ডোৱানা ৰাজ্যৰ নাম অনূসৰি এই ভূ-ভাগক গণ্ডোৱানাল্যাণ্ড নামেৰে নামাকৰণ কৰা হৈছিল।
১৮ কোটি বছৰ আগতে জুৰাছিক যুগৰ আৰম্ভনিতেই গণ্ডোৱানাৰ পূৱফালে থকা অংশ বিচ্ছিন্ন হৈ যায় আৰু এই বৃহৎ খণ্ডত বর্তমান সময়ৰ মাদাগাস্কাৰ, অস্ট্রেলিয়া অ্যান্টার্কটিকা আৰু ভাৰতীয় উপমহাদেশ একেলগে আছিল। বহুদিনৰ মূৰত ১৩ কোটি বছৰ আগতে পশ্চিম গণ্ডোৱানা আকৌ এবাৰ দুই ভাগত বিভক্ত হৈ পৰে- পূৱফালে থকা খণ্ডটো বৰ্তমানৰ আফ্রিকা মহাদেশ আৰু পশ্চিম ফালৰ খণ্ডটো দক্ষিণ আমেৰিকা।
১৩ কৌটি বছৰ আগলৈকে সংঘটিত পৃথিৱীৰ ইতিহাস ইমানতে সামৰিলো।
এই লিখনিৰ দ্বিতীয় খণ্ডত মহাদেশীয় সঞ্চালন, হিমালয় পৰ্বতমালাৰ উৎপত্তি জুৰাছিক যুগ আৰু তুষাৰ যুগ আদিৰ লগতে কেবাটাও গুৰুত্বপূৰ্ণ ঘটনাৱলীৰ ওপৰত আলোকপাত কৰিবলৈ অহা সংখ্যাত পুনৰ লগ পাম।
(প্ৰথম খণ্ড সমাপ্ত)
ৰচনা: সঞ্জীৱ মজুমদাৰ
দূৰভাষ নং: ৯৪২৭৫০৪৭৩২
ইমেইল: sanjeevmazoomdar1@gmail.com
Comments
Post a Comment