পৃথিৱী বিৱৰ্তনৰ ইতিহাস (Evolution of Earth): (২য় খণ্ড)

 *পৃথিৱী বিৱৰ্তনৰ ইতিহাস (Evolution of Earth):*

(২য় খণ্ড)

"
পৃথিৱীৰ উৎপত্তিৰ ইতিহাস" আমি ৪৬০ কৌটি বছৰ আগতে সৃষ্টি হোৱা পৃথিৱীৰ জন্ম ৰহস্য আৰু ১১০ কৌটি বছৰ আগলৈকে হোৱা বিৱৰ্তনৰ গাথাৰ লগতে উল্লেখযোগ্য পৰিঘটনা সমূহৰ বিষয়ে আলোচনা কৰিলোঁ।

১১০ কৌটি বছৰ আগতে পৃথিৱীখনৰ স্থলভাগ একেলগে লগ লাগিছিল অৰ্থাৎ বিশাল মহাসাগৰৰ মাজত এখন মাথোঁ মহাদেশ আছিল। পিছলৈ ভূখণ্ড সমুহ পুনৰ খণ্ডিত হৈছিল আৰু পুনৰ লগ লাগিছিল। মহাদেশীয় সঞ্চালনৰ বাবে ভূভাগৰ এই ভঙা-গঢ়াৰ পৰিঘটনা বাৰে বাৰে ঘটিছিল

মহাদেশীয় সঞ্চালনৰ (continental drift) বিষয়ে আমি ইতিমধ্যে বিস্তৃত ভাবে আলোচনা কৰিছো।

সকলোবোৰ মহাদেশ আগতে একেলগে লগ লাগি আছিল অৰ্থাৎ অতি-মহাদেশ (super continent) আছিল। মহাদেশীয় সঞ্চালনৰ (Continental drift) ফলত পৃথিবীৰ ভূ-ভাগ অৰ্থাৎ মহাদেশীয় প্লেট সমূহ, সাগৰীয় প্লেটৰ ওপৰত ওপঙি আছে আৰু পৰস্পৰৰ সতে সংযুক্ত বা বিযুক্ত হৈ আছে। 

১৩ কৌটি ৫০ লাখ বছৰ আগতে যেতিয়া 'ৰেছিয়া ভঙা আৰম্ভ হৈছিল, তেতিয়া পান্থালাছা নামৰ বিশাল মহাসাগৰৰ কোনো পৰিৱর্তন নহ' যদিও, পৃথিৱীৰ বুকুত আন এখন নতুন মহাসাগৰৰ উদ্ভৱ হয়।  ইউৰেছিয়ান প্লেটৰ পৰা উত্তৰ আমেৰিকা আতঁৰি যোৱাৰ ফলত ইউৰেছিয়াৰ বাকী ভূখণ্ড আৰু উত্তৰ আমেৰিকাৰ মাজত উৎপত্তি হয় আটলান্টিক মহাসাগৰৰ। পৰৱর্তী কালত 'ৰেছিয়াৰ বাকী ভূখণ্ড ভাঙি ইউৰোপ আৰু এছিয়া মহাদেশৰ সৃষ্টি হয়। আনহাতে, গণ্ডোৱানা ভঙাৰ ফলত আফ্রিকা, এন্টার্কটিকা, অস্ট্রেলিয়া, দক্ষিণ আমেৰিকা মহাদেশ আৰু ভাৰতীয় উপ মহাদেশৰ উদ্ভৱ হয়। ইফালে আকৌ আফ্রিকা আৰু আৰব বিভাজন আৰম্ভ হয়, যাৰ ফলত লোহিত সাগৰৰ উৎপত্তি হয়।

এই টেকট'নিক প্লেট সমূহৰ আন্দোলন এতিয়াও বন্ধ হোৱা নাই, নিয়মিত ভাবে এই প্রক্রিয়া চলি আছে আৰু সেইকাৰনে আটলান্টিক মহাসাগৰৰ আকাৰ বাঢ়িছে আৰু প্রশান্ত মহাসাগৰৰ আকাৰ সৰু হৈ গৈ আছে। আজিৰ পৰা ৫০ মিলিয়ন বছৰ পিছত দেখা যাব যে, আটলান্টিক মহাসাগৰ প্রশান্ত মহাসাগৰৰ তুলনাত বৰ সৰু হৈ পৰিব। ভৱিষ্যতে উত্তৰ আৰু দক্ষিণ আমেৰিকা পশ্চিমৰ ফালে স্থানান্তৰিত 'ব। আফ্রিকা মহাদেশৰ পশ্চিম অংশ ঘড়ীৰ কাটাৰ দিশত ঘুৰিব আৰু ইউৰোপৰ সতে যুক্ত 'ব। আনহাতে, আফ্রিকাৰ পূৱ অংশ আৰবীয় উপদ্বীপৰ ফালে গুচি আহিব। ইফালে নিউজিল্যাণ্ডৰ নতুন অৱস্থান ' অস্ট্রেলিয়াৰ দক্ষিণ ফালে। বিজ্ঞানী সকলৰ মতে, অদূৰ ভবিষ্যতে নতুন এখন অতি-মহাদেশ পুনৰ সৃষ্টি ' পাৰে। অৱশ্যে এইবোৰ বিজ্ঞানী সকলে পোষণ কৰা একধৰণৰ প্ৰক্ষিপ্ত ধাৰণা (projected Idea) হে মাথোঁ।

সুদূৰ অতীতৰ পৰাই পৃথিৱীৰ ভূখণ্ড সমূহ নিয়মিত ভাবে ভঙা-গঢ়াৰ মাজেদি পৰিৱর্তিত হৈ আহিছে, কিন্তু বৰ লেহেমীয়া গতিত। ভূত্বকৰ ওপৰত থকা দুর্বল প্লেট সমূহ পৰষ্পৰৰ পৰা আঁতৰি গলেই ভূখণ্ড বোৰৰ ভাঙোন দেখা পোৱা যায়। প্লেট সমূহৰ এই আন্দোলন বা ভাঙোন বিভিন্ন প্রাকৃতিক কাৰন যেনে ভূমিকম্প, পাহাৰ-পর্বতৰ গঠন, আগ্নেয়ক্রিয়া, পূৰনি ভূত্বকৰ ভাঙোন অথবা নতুন ভূত্বকৰ গঠন আদিৰ বাবে হয়। এই প্ৰাকৃতিক প্ৰক্ৰিয়াৰ ফলত যিবোৰ প্লেটৰ সৃষ্টি হয়, সেইবোৰ মূল ভূত্বকৰেই ভঙা অংশ। বর্তমান পৃথিৱীত মুঠ ১২ খন প্রধান প্লেট আছে। এই প্লেট সমূহ বছৰি মাত্র আধা ইঞ্চিৰ পৰা ইঞ্চি (. পৰা ১০ ছেন্টিমিটাৰ) দূৰত্বহে অতিক্ৰম কৰিব পাৰে। আপাত দৃষ্টিত এই অৱস্থানৰ পৰিৱৰ্তন যৎসামান্য যদিও, বছৰৰ পাছত বছৰ ধৰি হোৱা এই ক্ষুদ্ৰ ক্ষুদ্ৰ দূৰত্বৰ পৰিণাম হৈ পৰে এক বিশাল পৰিৱৰ্তন। অতি-মহাদেশৰ এই ভঙা-গঢ়াৰ হিচাবটো কেবা কৌটি বছৰৰ, গতিকে এই পৰিৱৰ্তনৰ হিচাপটোও বৰ বিশাল।

বৰ্তমানৰ বাংলাদেশ, ভাৰত, নেপাল, ভুটান, পাকিস্তান, শ্রীলংকা এই কেইখন দেশ লগলাগি ভাৰতীয় উপ-মহাদেশ। ভাৰতীয় উপ-মহাদেশ বর্তমান এছিয়া মহাদেশৰ অংগ। কিন্তু প্ৰায় দুই কৌটি বছৰ আগলৈকে ভাৰতীয় উপ-মহাদেশৰ মূল ভূখণ্ডৰ ভৌগোলিক অৱস্থান এতিয়াৰ দৰে এছিয়া মহাদেশত নাছিল। ভাৰতীয় উপ-মহাদেশৰ অৱস্থান গণ্ডোৱানাল্যাণ্ড নামৰ ভূ-ভাগৰ সতে আছিল। সেই সময়ত  তিব্বতৰ তলছোৱাত কোনো ভূ-ভাগ নাছিল, আছিল মাথোঁ টেথিছ নামৰ এখন গভীৰ মহাসাগৰ। 

*
হিমালয় পৰ্বতমালাৰ সৃষ্টি:*

গণ্ডোৱানাল্যাণ্ডৰ পৰা বিচ্ছিন্ন হৈ ভাৰতীয় উপমহাদেশৰ স্থলভাগ পূৱলৈ বুলি আগুৱাই ইউৰেছিয়ান স্থলভাগৰ ফালে গৈ থাকে। এই সুদীৰ্ঘ সময়ছোৱাত ভাৰতীয় প্লেট বছৰি পৰা ১৬ ছেন্টিমিটাৰ গতিত ইউৰেছীয় প্লেটৰ ফালে অগ্রসৰ হয় আৰু বৰ্তমানৰ তিব্বতৰ সতে খুন্দা খায়। মধ্যৱর্তী টেথিছ মহাসাগৰৰ ওপৰভাগত দক্ষিণ তিব্বতৰ গর্ভাভিমুখে উত্তৰমুখী অধোগমনৰ (subduction) বাবে হেৰাই যায়, আৰু এই সংঘৰ্ষৰ ফলত হিমালয় পৰ্বতমালাৰ সৃষ্টি কৰে। বিগত কৌটি বছৰ ধৰি প্রতিবছৰ প্রায় ছেমি হাৰত ভাৰতীয় প্লেটৰ অব্যাহতভাবে উত্তৰমুখী বিচলনৰ ফলস্বৰূপে এছিয়ান প্লেটৰ ভিতৰলৈ ঠেলি পঠিয়াইছে। এই বিচলন প্ৰক্ৰিয়া এতিয়াও চলি থকা বাবে প্ৰতি বছৰে হিমালয়ৰ উচ্চতা বছৰি ছেমি কৈ বাঢ়ি গৈ আছে।

ভৌগোলিক ভাবে হিমালয় পর্বত পাকিস্তানৰ গিলগিট অঞ্চলৰ সিন্ধু নদীৰ পৰা ভাৰত, তিব্বত, নেপাল, ভুটান আৰু উত্তৰ-পূৱ ভাৰত হৈ দক্ষিণ-পূব তিব্বতৰ ব্রহ্মপুত্র নদীৰ দক্ষিণাঞ্চল লৈকে বিপুল স্থলভাগ আগুৰি আছে। সিন্ধু শতদ্রু নদীৰ মধ্যৱর্তী হিমালয়ৰ  ভাগটো পঞ্জাৱ আৰু কাশ্মীৰ হিমালয় নামেৰে পৰিচিত (৫৬৩ কিমি) শতদ্রু কালি নদীৰ মধ্যৱর্তী আৰু পৰৱর্তী ভাগটো কুমাও হিমালয় (৩২২ কিমি) ইফালে কালি আৰু তিস্তা নদীৰ মধ্যৱর্তী তৃতীয় ভাগটো নেপাল হিমালয় নামেৰে পৰিচিত। তিস্তা আৰু ব্রহ্মপুত্র নদীৰ মধ্যৱর্তী চতুর্থ ভাগটোৰ নাম অসম হিমালয় (৭২৪ কিমি)

আগতে উল্লেখ কৰি অহা
ফ্যানেৰ''য়িক ইয়নৰ সময়ত প্যানজিয়া বিভাজনৰ দৰে উল্লেখযোগ্য ঘটনাক্ৰমৰ উপৰিও
এই সময়ছোৱাত পোক-পৰুৱা, মকৰা-মাখি, ' আদি পতংগৰ উৎপত্তি ঘটে। বায়ুমণ্ডলত অক্সিজেনৰ পৰিমাণ এই যুগত আটাইতকৈ বেছি আছিল। প্রথম সৰীসৃপৰ উদ্ভৱ হয় এই যুগত। প্যানজিয়া অতি মহাদেশৰ চাৰিওফালে আৱৰি থকা বিশাল সাগৰৰ সতে সংলগ্ন অঞ্চলত প্ৰচুৰ পৰিমাণে উদ্ভিদৰ বংশ বৃদ্ধি হবলৈ ধৰিলে আৰু কিছুদিন পিছত যুগ যুগ ধৰি গছ-গছনিবোৰ গেদীয় মাটিৰ তলত স্তৰীভূত হৈ আভ্যন্তৰীণ চাপ আৰু অক্সিজেন ৰহিত পাচন প্ৰক্ৰিয়াৰ (Anaerobic Digestion) ফলত কয়লাৰ আকৰিক স্তৰলৈ পৰিণত হয়।

আজিৰ পৰা প্ৰায় - কোটি বছৰ আগতে টাৰশ্বিৱাৰি যুগত শিলৰ তৰপে তৰপে গছ-গছনি আৰু বিভিন্ন সামুদ্রিক প্রাণীৰ অৱশেষ জমা হবলৈ আৰম্ভ কৰে। সূদীৰ্ঘ সময়ৰ অন্তৰালত এই অৱশেষসমূহ খনিজ তেললৈ পৰিণত হয়। আজি আমি বসবাস কৰা স্থলভাগৰ বেছিভাগ অংশই পূর্বতে সাগৰ আছিল।

পেলিঅ''য়িক যুগ শেষ হয় এক ভয়ানক ধ্বংসলীলাৰ মাজেৰে আৰু এই সময়ত পৃথিৱীৰ জীৱ জগতৰ প্রায় ৯৫% সম্পূৰ্ণৰূপে বিলুপ্ত হৈ যায়। পিছলৈ এইধৰণৰ বিলুপ্তিৰ ঘটনা পৰৱৰ্তীকালত কেবা বাৰো ঘটিছে।

ইয়াৰ পিছতে আৰম্ভ ' পৃথিৱীৰ ইতিহাসৰ আটাইতকৈ উত্তেজনাপূর্ণ বা আকর্ষণীয় যুগ  যাৰ নাম মেছ''য়িক যুগ (Mesozoic Era) মেছ''য়িক যুগক তিনিটা ভাগত (period) অভিহিত কৰা হৈছে:

(
) ট্রায়াছিক (Triassic)
(
) জুৰাছিক (Jurassic)
(
) ক্রেটাচিয়াছ (Cretaceous)

আদিম ডাইন'' বোৰৰ আৱির্ভাব ট্রায়াছিক যুগতেই প্রথম ঘটে। স্থলভাগত আৰ্কোছ' (Archosaur) আনহাতে জলভাগত  ইকথিওছ' (Ichthyosaurs) আৰু নথোছ' (Nothosaurs) নামৰ প্রথম স্তন্যপায়ী তথা ঘৰিয়ালৰ উদ্ভৱ হয়। জুৰাছিক যুগত নানা ধৰণৰ ডাইন''ৰৰ বিবর্তন ঘটে। যেনে ব্রন্ট''ৰাছ, এলোছ'ৰাছ, স্টেগ''ৰাছ, ব্রেকিঅ''ৰাৰ, ডিপ্ল'ডকাছ ইত্যাদি।

জূৰাছিক যুগৰ ডাইন''ৰৰ বাবেই এই সময়ছোৱাক উত্তেজনাপূর্ণ বা আকর্ষণীয় যুগ বুলি অভিহিত কৰা হৈছে। বিশেষকৈ এই যুগৰ প্রতি শিশু আৰু চেমনীয়া সকলৰ আকর্ষণ সদায় থাকিব।

*
জুৰাছিক' নামৰ উৎপত্তি :*

ইউৰোপৰ আল্পছ্ পর্বতমালাৰ অন্তর্ভুক্ত ফ্রান্স আৰু চুইজাৰল্যাণ্ডৰ মাজত অৱস্থিত জুৰা পর্বতৰ নাম অনুসৰি এই ভূতাত্ত্বিক যুগৰ নাম ৰখা হয় জুৰাছিক যুগ।

ভূতাত্ত্বিক যুগ হিচাপে জুৰাছিক নামৰ উৎপত্তিৰ সতে মধ্য ইউৰোপৰ জুৰা পর্বতৰ নামটো প্ৰত্যক্ষ ভাবে জড়িত। ওঠৰ শতিকাৰ শেষৰফালে জার্মান ভৌগোলিক আৰু বিজ্ঞানী আলেকজেণ্ডাৰ ফন হুমব'ল্টে জুৰা পর্বতত থকা  চূণশিলৰ তৰপ সমূহ পৰীক্ষা-নিৰীক্ষা কৰি এক অন্য ধৰনৰ তৰপ হিচাপে চিহ্নিত কৰে। ১৭৯৫ চনত হুমব'ল্টে এই তৰপৰ নামাকৰণ কৰে জুৰাকাল্ক (জার্মান - Jurakalk) বুলি। জুৰা শব্দটোৰ উৎপত্তি হৈছে চেলটিক শব্দ জৰৰ (Jor) পৰা, যাৰ অৰ্থ হৈছে অৰণ্য। অর্থাৎ, জুৰা পর্বতৰ অর্থ হৈছে অৰণ্যাবৃত পর্বত। এই জৰ শব্দৰ ল্যাটিন ৰূপ হৈছে "জুৰা"

ক্রেটাচিয়াছ পিৰিয়ডত ডাইন'' বোৰে বিৱর্তনৰ চৰম শিখৰ আৰোহণ কৰে। এই সময়ত আৰু কিছু নতুন প্ৰজাতিৰ ডাইন''ৰৰ সতে পৃথিৱীৰ বুকুত উদ্ভৱ হয় টিৰান''ৰাছ ৰেক্স (tyrannosaurus rex) নামৰ এক উড়ন্ত জেঠি জাতীয় প্ৰাণী।  পৰৱৰ্তী কালত এই টিৰান''ৰাছ ৰেক্সৰ পৰা বিৱর্তিত হয় আকাশত উৰি ফুৰিব পৰা চৰাই। সাগৰত হাঙৰ জাতীয় প্ৰাণী সমূহৰ সৃষ্টি হয় আৰু এই সময়ছোৱাত গজি উঠে নানা ধৰণৰ ফুলৰ গছ।

মেছ''য়িক যুগৰ (Mesozoic Era) শেষৰ ফালে আদিম জলচৰ প্রাণী সমূহৰ আকৌ এবাৰ বৃহৎ পৰ্যায়ৰ বিলুপ্তি কৰণ ঘটে। এই ঘটনাৰ ফলস্বৰূপে পৃথিৱীৰ সমস্ত ডাইন'' আৰু অন্যান্য বহুতো প্রাণী চিৰদিনলৈ মত পৃথিৱীৰ বুকুৰ পৰা হেৰাই যায়।

ইয়াৰ পিছত পৃথিৱীৰ জীৱনলৈ আহে আকৌ এক নতুন অধ্যায় আৰু আৰম্ভ হয় চেন''য়িক যুগ (Cenozoic Era)

চেন''য়িক যুগৰ আৰম্ভণি হয় পেলিঅ'জিন পিৰিয়ডৰ (Paleogene Period ) হাত ধৰি, আজিৰ পৰা প্রায় কৌটি ৫০ লাখ বছৰ আগতে। পেলিঅ'জিন পিৰিয়ডৰ আৰম্ভণিতে দেখা যায় আধুনিক সময়ৰ গছ-গছনি আৰু আদিম স্তন্যপায়ী প্ৰাণী সমূহৰ নানা ধৰণৰ বিৱৰ্তন। ইয়াৰ লগতে আৰম্ভ হয় এক বিৰাট ভূতাত্বিক পৰিৱর্তন, যিটো ভাৰতীয় উপমহাদেশ অঞ্চলৰ বাবে আছিল অতিশয় গুৰুত্বপূর্ণ। এই সময়ছোৱাত আৰম্ভ হৈছিল আগতে উল্লেখ কৰি অহা হিমালয় পর্বতমালাৰ উত্থান।

যোৱা ৪৬০ কৌটি বছৰৰ ইতিহাস অনুসৰি এতিয়ালৈকে পৃথিৱীৰ ভূ-ভাগ আৰু জলভাগৰ অৱস্থান নাই কমেও দুবাৰকৈ সলনা-সলনি হৈছে। অৰ্থাৎ এই মূহুৰ্তত আপুনি বা যি স্থানত থিয় হৈ আছোঁ এই ঠাই ডোখৰ বহু কৌটি বছৰ আগতে বিশাল সমুদ্ৰপৃষ্ঠৰ তলত আছিল আৰু তাৰো আগতে স্থলভাগ আছিল।উদাহৰণ স্বৰূপে হিমালয় পর্বত সৃষ্টিৰ ইতিহাসৰ পৰা এই কথা জানিব পাৰি। কোটি বছৰ আগতে মাদাগাস্কাৰ আৰু ভাৰতীয় উপমহাদেশৰ বিভাজন হৈ দুই ভূখণ্ড হৈ পৰে একো একোটা স্বাধীন দ্বীপ। মাদাগাস্কাৰৰ পৰা বন্ধন মুক্ত হৈ ভাৰতীয় উপ মহাদ্বীপটো টেকট'নিক প্লেটৰ চলমান গতিৰ ফলত এছিয়াৰ ফালে ক্ৰমাৎ আগুৱাই আহিব ধৰে।

চেন''য়িক যুগত আধুনিক স্তন্যপায়ী প্রাণীবোৰৰ বিৱর্তন 'বলৈ ধৰে। পৃথিৱীৰ বায়ুমণ্ডলত কার্বন-ডাই-অক্সাইডৰ মাত্রা কমিবলৈ আৰম্ভ কৰে আৰু ফলস্বৰূপে মাজে মাজে আৰম্ভ হয় প্রাচীন তুষাৰ যুগৰ (older ice age) পেলিঅ'জিন পিৰিয়ডৰ শেষৰ ফালে সমুদ্রত দেখা দিয়ে আদিম সময়ৰ তিমি মাছবোৰ।

পেলিঅ'জিন পিৰিয়ডৰ পিছত আহে নিঅ'জিন পিৰিয়ড (Neogene Period ), যে সময়ত আদিম ঘোৰা আৰু হাতীৰ উদ্ভৱ হয়। পৃথিৱীৰ বুকুত প্ৰথমবাৰৰ বাবে দেখা দিয়ে প্রথম বন-মানুহ (ape) এই সময়ত পুনৰ বায়ুমণ্ডলত কার্বন ডাই-অক্সাইডৰ মাত্রা বহু পৰিমাণে কমি যায় আৰু নিঅ'জিন পিৰিয়ড শেষ হোৱাৰ সময়ত প্রাচীন মানৱ হোমো হেবিলিছৰ (Homo habilis) উদ্ভৱ হয়। এই নিঅ'জিন পিৰিয়ড শেষ হয় আধুনিক তুষাৰ যুগৰ (new ice age) আগমনৰ পাছত।

এতিয়া আমি লাহে লাহে বর্তমান সময়ৰ ফালে আগুৱাই আহি আছোঁ। বৰ্তমানৰ বৰ বেছি ওচৰত নহয় যদিও আমি এতিয়া আজিৰ দিনটোৰ পৰা  প্ৰায় কৌটি ৫০ লাখ বছৰ পিছত আছোঁ। নিঅ'জিন পিৰিয়ডৰ পিছত আহে কোৱাৰ্টাৰনাৰী পিৰিয়ড (Quaternary Period ) যাক দুটা ভাগত বিভক্ত কৰা হৈছে।

(
) প্লেইস্ট'ছিন ইপক (Pleistocene Epoch) 
(
) ''ছিন ইপক (Holocene Epoch)

কোৱাৰ্টাৰনাৰী তুষাৰ যুগ আৰম্ভ হৈছিল প্ৰায় কৌটি ৫৮ লাখ বছৰ আগত। এই তুষাৰ যুগত হাতীৰ পূৰ্ব পুৰুষ মেমথবোৰ দীঘল দীঘল দাঁতৰ অধিকাৰী বাঘ আৰু দৈত্যাকৃতি শ্লথ বোৰৰ সতে সহাৱস্থান কৰিছিল।

ম্যানি ( manny) নামৰ ম্যামথ আৰু ডিয়েগ' (diego) নামৰ দীঘল দাঁতৰ ডাঙৰ মেকুৰী (বাঘ) জাতীয় প্ৰাণীক লৈ নিৰ্মিত 'আইচ এইজ' (ice age) নামৰ এনিমেটেড ছবিখন এই তুষাৰ যুগৰ প্ৰেক্ষাপটত বনোৱা হৈছে।

*
তুষাৰ যুগৰ (ice age) ইতিহাস:*

আজিৰ তাৰিখৰ পৰা আৰম্ভ কৰি বিগত ১০ হাজাৰ বছৰলৈকে এই সময়ছোৱাক ভূতাত্ত্বিক সকলে ''ছিন যুগ (Holocene) বুলি অভিহিত কৰিছে। অৰ্থাৎ আমি বৰ্তমান বাস কৰা এই সময় খিনি হল'ছিন যুগৰ অন্তৰ্গত।

আনহাতে ১০ হাজাৰ বছৰৰ পৰা ১০ লাখ বছৰ পিছলৈ ভূতাত্ত্বিক সকলে প্লেইস্ট'ছিন যুগ (Pleistocene) বুলি অভিহিত কৰিছে। এই প্লেইস্ট'ছিন যুগতেই পৃথিৱীৰ বুকুত কমপক্ষেও চাৰিবাৰ তুষাৰ যুগৰ আবিৰ্ভাৱ ঘটিছিল। ভূ-তাত্ত্বিকসকলৰ মতে পৃথিৱীৰ শেষ তুষাৰ যুগ দেখা দিছিল এই যুগৰ শেষ ভাগত আৰু ইয়াৰ নাম আছিলগ্রেট আইচ্ এইজ এই তুষাৰ যুগৰ স্থায়িত্ব আছিল প্রায় ১০ হাজাৰ বছৰ।

সূর্যৰ পৰা পৃথিৱী পৃষ্ঠত বিকীর্ণ হোৱা তাপশক্তিৰ এক বৃহৎ অংশ গ্ৰহণ কৰে বায়ুমণ্ডলত থকা কার্বন-ডাই-অক্সাইডে আৰু ইয়াৰ ফলত পৃথিৱীৰ উত্তাপ  আৰু জীৱজগতৰ যাৱতীয় কাম কাজ নিয়ন্ত্রণ কৰে। বায়ুমণ্ডলত কার্বন-ডাই-অক্সাইডৰ পৰিমাণ কমিলে, পৃথিৱীৰ তাপমাত্রাও কমি যায় আৰু শীতলহৰৰ বাবে হোৱা অৱস্থাৰ পৰিৱৰ্তনৰ ফলত আৰম্ভ হৈছিল তুষাৰ যুগৰ।

ভূ-তাত্ত্বিকসকলৰ মতে পৃথিৱীৰ বয়স অন্তত পক্ষে ৪৬০ কোটি বছৰ। কিন্তু আৰম্ভণিৰ প্ৰায় ১০০ কৌটি বছৰৰ কোনো তথ্য বা ইতিহাস আমৰ হাতত নাই। প্ৰকৃততে অকনমান বহলভাৱে যিখিনি কথা আমি এতিয়ালৈকে জানিবলৈ সক্ষম হৈছো সেই তথ্য  মাত্ৰ ৬০ কৌটি বছৰৰ।
উনবিংশ শতাব্দীৰ মাজভাগত বিজ্ঞানী আৰু ভূতাত্ত্বিক সকলে জীৱাশ্ম অধ্যয়ন কৰি পোৱা তথ্য অনুযায়ী এটা বিশেষ সিদ্ধান্তত উপনীত ' যে, এটা সময়ত  পৃথিৱীখন সুদীর্ঘ দিন ধৰি এক তুষাৰকালৰ মাজেদি পাৰ হৈছিল যদিও ইয়াৰ প্ৰকৃত কাৰন ধৰিব পৰা নাছিল।

১৯২০ চনত চার্বিয়ান বিজ্ঞানী মিলুটিন মিলানক'ভিচে এটা বিজ্ঞান সন্মত ব্যাখ্যা সহ আগবাঢ়ি আহিল। তেখেতে অতি  ধৈর্য সহকাৰে সূর্যৰ চাৰিওফালে পৃথিৱীৰ কক্ষপথৰ পৰিৱর্তনৰ জোখ-মাখৰ উপৰিও পৃথিৱীৰ সতে জড়িত গ্রহ-নক্ষত্ৰৰ অৱস্থান আৰু মহাকর্ষীয় প্রভাৱ অধ্যয়ন কৰিলে। তেখেতে দেখুৱালে, মহাশূন্যত আমাৰ গ্রহ পৃথিৱীখন নিজ কক্ষপথৰ তিনটা আৱর্তনীয় (cyclical) পৰিৱৰ্তনৰ ওপৰত নির্ভৰশীল।

) পৃথিৱীৰ কক্ষপথৰ উৎকেন্দ্রতা (eccentricity) অৰ্থাৎ এই কক্ষপথ বৃত্তাকাৰ আকৃতিৰ পৰা ক্ৰমান্বয়ে উপ-বৃত্তকাৰ (elliptical) আকৃতিলৈ পৰিনত হৈ গৈ আছিল। ইয়াৰ চক্ৰ কাল ১০০০০০ বছৰ।

) পৃথিৱীৰ অক্ষৰ ক্রান্তিকোণ (obliquity), যিয়ে নেকি বিভিন্ন গোলার্ধৰ ঋতু নিৰ্ধাৰণ কৰে, এই ক্রান্তিকোণ ৪১,০০০ বছৰৰ চক্র কাল অনুযায়ী ২২. ডিগ্রিৰ পৰা ২৪. ডিগ্রিলৈ উঠা-নমা কৰে।

তৃতীয়ত, পৃথিৱীৰ ঘূর্ণনাক্ষ (axis of rotation) এটা ঘুৰি থকা লাটুমৰ দৰে, যাৰ বাবে পৃথিবী ২৪,০০০ বছৰৰ চক্র কালত অয়ন চলন (precession) হয়।

জলবায়ু পৰিৱর্তন সন্দৰ্ভত এইটো এটা তাৎপর্যপূর্ণ তত্ত্ব। তুষাৰপাত, যাৰ ফলত পৃথিৱীলৈ অহা সৌৰ-বিকিৰণ ঋতু জনিত আৰু অক্ষাংশীয় পৰিৱর্তন হয়।

প্লেইস্ট'ছিন ইপক চলি থকা সময়তে প্রথম প্রস্তৰ যুগৰ সূচনা হয়। ''ছিন ইপক আৰম্ভ হয় আন্তর্হিমবাহ পিৰিয়ডৰ (inter-glacial period) সমকালীন প্রায় লাখ ১৫ হাজাৰ বছৰ আগতে। এই সময়ৰ পিছৰে পৰা মানব সভ্যতাৰ ক্রমশঃ অগ্রগতি 'বলৈ আৰম্ভ কৰে।

পৃথিৱীৰ বিৱৰ্তনৰ ইতিহাস ইমানতে সামৰিলো। আমি জৈৱ বিৱৰ্তনৰ লগতে মানব প্রজাতিৰ ইতিহাসৰ ওপৰত আলোকপাত কৰিবলৈ চেষ্টা কৰিম।

                                                                                 @@@




Comments

Popular posts from this blog

সাংখ্য দৰ্শন

বন্ধুত্বৰ সংজ্ঞা-১

নাৰী তুমি অনন্যা