|
জৈৱ বিৱৰ্তন আৰু মানবৰ ইতিহাস (Evolution and History of Human Race):
৪৬০ কৌটি বছৰ আগতে এটা সামান্য অগ্নিপিণ্ডৰ পৰা ৰূপান্তৰিত হোৱা আমাৰ মৰমৰ পৃথিৱীখনত এদিন প্ৰাণৰ সঞ্চাৰ হ'ল। এই সুদীৰ্ঘকালত
জীৱৰ বিকাশ আৰু বিৱৰ্তন হ'ল আৰু মানুহে শ্ৰেষ্ঠ প্ৰাণী হোৱাৰ সৌভাগ্য অৰ্জন কৰিলে। এই পৃথিৱীত মানুহেই হৈছে একমাত্ৰ জীৱ যিয়ে নেকি নিজেই নিজৰ বিৱৰ্তনৰ ইতিহাস বিচাৰি উলিয়াব জানে আৰু লিখিব পাৰে।
*জৈৱ বিৱর্তন (Evolution):*
ভূগর্ভত থকা শিলাখণ্ড সমূহৰ তৰপৰ ভিতৰত সুদীর্ঘকাল ধৰি প্রাকৃতিক উপায়েৰে সংৰক্ষিত অথচ আজিৰ পৃথিৱীত লুপ্ত হৈ পৰা প্ৰাণী বা উদ্ভিদৰ সামগ্রিক বা আংশিক ভাবে প্রস্তৰীভূত অৱস্থা অথবা তাৰ সাঁচক জীৱাশ্ম বুলি কোৱা হয় ।
বিৱর্তন সম্পর্কে এতিয়ালৈকে যিমানবোৰ প্রমাণ বা সাক্ষ্য আছে তাৰ ভিতৰত জীৱাশ্ম ঘটিত সাক্ষ্য বা প্রত্নজীৱবিদ্যা সংক্রান্ত
সাক্ষ্যক (Palaentological Evidence) আটাইতকৈ নিৰ্ভূল বুলি গণ্য কৰা হয় । পৃথিৱীৰ বিভিন্ন শিলাস্তৰত অৱস্থিত যিবোৰ জীৱাশ্মৰ সন্ধান পোৱা গৈছে সেইবোৰৰ সহায়ত নিসন্দেহে প্রমাণ কৰিব পাৰি যে, ধাৰাবাহিক
ভাবে হোৱা বিৱর্তনৰ জৰিয়তে কোনো একধৰণৰ জীৱৰ পৰা অন্য একধৰণৰ জীৱৰ উৎপত্তি সম্ভৱ হৈছে। উদাহৰণস্বৰূপে বর্তমানে লুপ্ত আর্কিঅ'পটেৰিক্স (archeopoterics) নামৰ এক প্রাণী জীৱাশ্ম পৰীক্ষা কৰি দেখা গৈছে যে ইহঁতৰ সৰীসৃপৰ দৰে দাঁত আৰু ভৰি আছিল আনহাতে পাখিৰ দৰে দুখন ডেউকা আৰু ঠোট আছিল। নেজডাল দীঘল অস্থি যুক্ত আৰু নেজডালৰ মূৰটোৰ একোটা পাখি আছিল । ইয়াৰ দ্বাৰা প্রমাণিত হয় যে, সৰীসৃপ জাতীয় প্রাণীৰ পৰা বিৱর্তনৰ জৰিয়তে পক্ষী জাতীয় প্রাণীৰ উদ্ভৱ হৈছিল । আর্কিঅ'পটেৰিক্স হৈছে সৰীসৃপ আৰু চৰাইৰ মাজত 'হেৰুউৱা যোগসূত্র' (missing link)।
আধুনিক ঘোঁৰা ইকুয়াছ (equus) সিহঁতৰ পূর্বপুৰুষ ইওছিন যুগৰ ইঅ'হিপ্পাছ (eohippus) নামৰ এক প্ৰাণীৰ পৰা সৃষ্টি হৈছে।
বিভিন্ন সময়ৰ আৰু দশাৰ জীৱাশ্ম সমূহৰ পৰা প্রমাণ পোৱা যায় যে বন-মানুহৰ (ape) পৰা আমাৰ প্ৰজাতি অৰ্থাৎ বৰ্তমানৰ মানুহৰ (Homo sapiens) উৎপত্তি ঘটিছে। বৰ্তমানৰ মানুহৰ বিৱৰ্তন কেবাটাও প্ৰজাতিৰ বিলুপ্তি আৰু বিকাশৰ পিছত হৈছিল।
ডিপ্ল'ভার্টিব্রন
(Diplovertibron) নামৰ মাছ সদৃশ প্ৰাণীৰ জীৱাশ্মৰ মাজত জলচৰ আৰু উভচৰ প্রাণী দুয়োটাৰে
বৈশিষ্ট্য আছিল বাবে মাছৰ পৰা উভচৰ প্ৰজাতিৰ প্রাণীৰ উদ্ভৱ হৈছিল বুলি গণ্য কৰা হয়।
আনহাতে চেমৌৰিয়া (Seymouria) নামৰ জীৱাশ্মৰ মাজত উভচৰ আৰু সৰীসৃপৰ বৈশিষ্ট্য পৰিলক্ষিত হোৱা বাবে প্রমাণিত হয় যে, উভচৰ প্রাণীৰ পৰা সৰীসৃপৰ উদ্ভৱ হৈছিল।
যিসকল জীৱ সুদূৰ অতীতত উৎপত্তি লাভ কৰাৰ পিছতো কোনোধৰণৰ উল্লেখযোগ্য শাৰীৰিক পৰিৱর্তন নোহোৱাকৈ, এই পৃথিৱীত আজিও তিষ্টি আছে অথচ সেই সকলো জীৱৰ সম সাময়িক জীৱ জগতৰ অৱলুপ্তি ঘটিছে, তেনে ধৰণৰ জীৱ সমূহক "জীৱন্ত জীৱাশ্ম" (Living Fossil) বুলি কোৱা হয়।
ৰজা কেঁকোৰা নামৰ সন্ধিপদী প্রাণী, প্লেটিপাছ নামৰ স্তন্যপায়ী
প্রাণী আৰু আমাৰ সকলোৰে চিনাকি সৰীসৃপ ঘৰিয়ালৰ উপৰিও কেবাটাও প্ৰজাতিৰ প্ৰাণী আৰু উদ্ভিদ, জীৱন্ত জীৱাশ্মৰ উদাহৰণ হিচাপে আজিও এই পৃথিৱীত জীৱিত আছে।
আমেৰিকাৰ পেনছিলভেনিয়াত
যি কয়লা পোৱা যায় তাৰ গঠন প'ল্যাণ্ড, গ্রেট ব্রিটেইন আৰু জার্মানীত পোৱা কয়লাৰ গঠন একেধৰণৰ আৰু একেসময়ৰ। এই সামঞ্জস্যৰ
দ্বাৰা বুজা যায় যে এনে এটা সময় আছিল যেতিয়া উত্তৰ আমেৰিকা আৰু ইউৰোপ পৰস্পৰৰ সতে সংযুক্ত আছিল। তাৰোপৰি বৰ্তমান সুদূৰত অৱস্থিত দুই ভুখণ্ডত পোৱা একেধৰণৰ প্রজাতি আৰু জীৱাশ্মৰ উপস্থিতিয়ে
প্রমাণ কৰে যে, এই মহাদেশ সমূহ পৰস্পৰৰ সতে যুক্ত আছিল। উদাহৰণস্বৰূপে
থেৰাপচিড্ লিস্ট্রোছৰাছ
(Therapsid lystrosaurus) নামৰ ডাইনোছৰৰ জীৱাশ্ম উত্তৰ আমেৰিকা, দক্ষিণ আফ্রিকা আৰু ভাৰতত পোৱা যায়।
আকৌ ঢেকীয়া জাতীয় (fern) উদ্ভিদ গ্ল'ছ'পটেৰিছৰ (Glossopteris) জীৱাশ্মৰ উপস্থিতি বর্তমানৰ মানচিত্র অনুযায়ী মেৰু (polar) আৰু বিষুৱ (equinox) উভয় অঞ্চলত। একেটা নির্দিষ্ট
অঞ্চলত একোটা বিশেষ উদ্ভিদ বা প্রাণীৰ জীৱাশ্ম পোৱা যায়। বর্তমানৰ অৱস্থানৰ পৰিপ্রেক্ষিতত এই জীৱাশ্ম বোৰ পোৱা গৈছে ভিন ভিন মহাদেশত, সেয়ে এই উপস্থিতিয়ে
প্রমাণ কৰে যে এইবোৰ আগতে একেখন ভূখণ্ডৰ অংশ আছিল। জীৱাশ্মৰ উপৰিও ভূমিৰ প্ৰকাৰ বা অন্যান্য বৈশিষ্ট্যে সাপেক্ষে সুপাৰ কন্টিনেন্টৰ (super continent) অস্তিত্বৰ প্রমাণ পোৱা গৈছে। ভিন ভিন মহাদেশত একেধৰণৰ পাহাৰ-পর্বতৰ অংশ পোৱা গৈছে। দ্য চেন্ট্রেল
প্যানাজিয়া পর্বতমালাৰ
উদাহৰণ যদি লোৱা হয় দেখা যায় যে গণ্ডোৱানা
আৰু ল'ৰেছিয়াৰ মাজত খুন্দা মৰাৰ ফলত এই দুয়োখন মহাদেশ যুক্ত হৈ প্যানাজিয়া নামৰ অতি-মহাদেশৰ লগতে পর্বতশ্রেণীৰ সৃষ্টি হৈছিল।
এটা সময়ত পৰীক্ষা কৰি দেখা গ'ল যে, আফ্ৰিকা মহাদেশ স্থিত মৰক্কোৰ এটলাছ পর্বতমালা
আৰু আমেৰিকা যুক্তৰাষ্ট্রৰ অ্যাপালেছিয়ান পর্বতমালা
দুয়োৰে মাজত প্যানজিয়া পর্বতমালাৰ বৈশিষ্ট্য
পৰিলক্ষিত হৈছে।
*মানব বিৱৰ্তনৰ ইতিহাস:*
মানব বিৱর্তন বা মানুহৰ উৎপত্তি বুলিলে বিৱর্তনৰ জৰিয়তে অন্যান্য নৰ-বান্দৰ অৰ্থাৎ নেজ বিহীন বান্দৰৰ (homonoid) অথবা মানুহ সদৃশ জন্তুৰ (primate) পৰা বেলেগ প্রজাতি হিচাপে হোমো চেপিয়েনছ্
সকলৰ উদ্ভৱ হোৱা ঘটনাক্ৰমক বুজায়। এই বিষয়টো অধ্যয়ন কৰিবলৈ বিজ্ঞানৰ বিভিন্ন শাখাৰ ভিতৰত নৃতত্ব-বিজ্ঞান, প্রাইমেট-বিজ্ঞান, জীৱাশ্ম-বিজ্ঞান, প্রত্ন তত্ত্ব বিভাগ, ভাষা-তত্ত্ব আৰু বংশগতি তত্ত্ব বিভাগ সমূহ মূলতঃ দায়বদ্ধ।
হোমো (homo) গণত এতিয়ালৈকে প্ৰায় ২১ টা প্রজাতিৰ উদ্ভৱ হৈছিল বুলি ভূতাত্ত্বিক
সাক্ষ্য পোৱা গৈছে, যদিও একমাত্র মানুহৰ বাহিৰে বাকী বোৰ বিলুপ্ত হৈ গৈছে। কিছুমান মুখ্য হোমো প্ৰজাতি এনেধৰণৰ:
*অস্ট্রালোপিথিকাছ অ্যাফ্ৰিকানাছ
(Australopithecus africanus):*
নৃতত্ত্ব গবেষণা মতে আজিৰ পৰা ৩০ লাখ বছৰ আগতে এই প্ৰজাতিৰ মানুহ পৃথিৱীত দেখা গৈছিল। প্ৰায় ৫ লাখ বছৰলৈ এই প্রজাতিৰ অস্তিত্ব আছিল বুলি অনুমান কৰা হয়। দাঁতৰ আকাৰ ডাঙৰ আছিল আৰু তৃণভোজী আছিল। এই প্ৰজাতিৰ হনুৰ আকাৰ বৰ্তমান মানুহৰ দৰেই আছিল। সিহঁতৰ হাতৰ আগভাগ ডাঙৰ আৰু বহল আছিল লগতে পৰৱর্তীকালৰ মানব প্রজাতিৰ দৰে আঙুলিৰে সৈতে হাত দুখন যথেষ্ট সংবেদনশীল আছিল।
*হোমো হ্যাবিলিছ
(Homo habilis):*
লেটিন ভাষাত হ্যাবিলিছ মানে দক্ষ বা কৌশলী। প্ৰায় ২৪ ৰ পৰা ১৪ লাখ বছৰ আগলৈকে পৃথিবীৰ বুকুত আছিল এই হ্যাবিলিছ
গোষ্ঠীভুক্ত আদি ‘মানৱ’। এই প্ৰজাতিৰ প্ৰধান বৈশিষ্ট আছিল যে এওঁলোকে প্রথম কথা ক'বলৈ আৰম্ভ কৰিছিল আৰু সাধাৰণ সা-সৰঞ্জাম তৈয়াৰ আৰু ব্যাৱহাৰ কৰিব শিকিছিল। পোন প্ৰথমে শিলৰ পৰা অস্ত্ৰ তৈয়াৰ কৰিব শিকিছিল বাবে এই প্ৰজাতিৰ লোক সকলক কৌশলী মানুহ (handy man) বুলিও কোৱা হয়। হোমো হ্যাবিলিছৰ বহু উপ-প্রজাতিৰ সন্ধান পোৱা গৈছে। ইয়াৰ ভিতৰত হোমো ৰুড'লফেনচিছ (Homorudolfensis) অন্যতম।
*হোমো ইৰেক্টাছ (Homo erectus):*
প্রায় ১৮ লাখ বছৰ আগতে আহিল ‘থিয় দিব পৰা মানুহ’ বা ইৰেক্টাছ। এই প্ৰজাতিয়ে
সম্পূৰ্ণ ৰূপে মেৰুদণ্ড পোণ কৰি থিয় দিব পাৰিছিল। পৃথিৱীৰ বুকুত প্ৰায় ১৫ লাখ বছৰ ধৰি বসবাস কৰি অহা ইৰেক্টাছ প্ৰজাতি বাকশক্তিৰ অধিকাৰী আৰু লগতে জুইৰ ব্যৱহাৰ কৰি ৰান্ধিবও জানিছিল। তাৰোপৰি হিংস্ৰ জীৱ-জন্তু চিকাৰৰ সৰঞ্জাম আৰু সৰু-সুৰা যন্ত্র পাতি বনাই ব্যৱহাৰ কৰিছিল। এটা সময়ত আফ্রিকাৰ পৰা চীন দেশৰ লগতে দক্ষিণ এছিয়াৰ ফালে বিয়পি পৰিছিল। এই সময়ছোৱাত শীত নিবাৰণ কৰিবলৈ পোছাক তৈয়াৰ আৰু ব্যৱহাৰ কৰিবলৈ শিকিছিল।
*হোমো নিয়ানডার্টালেনচিছ (homo neandertalanesis):*
প্ৰায় ১ লাখ ৩০ হাজাৰ বছৰ আগতে ‘আমাৰ’ অর্থাৎ হোমো চেপিয়েনছ্
আবির্ভাৱ হোৱাৰ প্ৰায় ৮০ হাজাৰ বছৰ আগতে পৃথিৱীত হোমো নিয়েণ্ডাৰথাল (Neanderthal) নামৰ এক অন্য প্ৰজাতিৰ মানবৰ প্ৰজনন হৈছিল।
নিয়েণ্ডাৰথাল প্ৰজাতিৰ লোকসকলৰ শাৰীৰিক গঠন বৰ মজবুত আৰু মুখমণ্ডলৰ অৱয়ব, হনুমান আদি বান্দৰৰ সতে মিল আছিল। পিছলৈ সমসাময়িক হোমো চেপিয়েনছ্
সকলৰ দৰে নিয়েণ্ডাৰথাল প্ৰজাতিৰ ভাষাৰ বিকাশ বৰকৈ হোৱা নাছিল। বহুতো গৱেষকে ৰামায়ণত উল্লেখ কৰা বানৰ জাতিৰ বালী আৰু সুগ্ৰীৱ আদি শক্তিশালী যোদ্ধাসকলক নিয়েণ্ডাৰথাল
প্ৰজাতিৰ বুলি ভাবে। এই প্ৰজাতিৰ মানব ইউৰোপ আৰু মধ্য প্রাচ্য অঞ্চলত আজিৰ পৰা প্ৰায় ৪০০০০ বছৰ আগলৈকে জীৱিত আছিল।
*হোমো হেইডেলবার্জেনচিছ (Homo heidelbergensis):*
৬ লাখ বছৰ আগতে আফ্রিকা, এছিয়া আৰু ইউৰোপত বাস কৰিছিল এই প্রজাতি, যাৰ মূৰৰ লাওখোলা আছিল গোলাকাৰ আৰু শাৰীৰিক গঠন আছিল আজিৰ মানুহৰ তুলনাত বহু মজবুত। আর্কাইক হোমো চেপিয়েনছ্
(Archaic Homo Sapiens) নামেৰেও এই প্ৰজাতিক জনা যায়। উল্লেখ্য মে এওঁলোকৰ শ্রবণেন্দ্রিয় আছিল আগৰ প্ৰজাতিবোৰতকৈ অধিক উন্নত আৰু প্রখৰ। চিকাৰী হিচাপে পূর্বৱৰ্তী সকলতকৈ যথেষ্ট দক্ষ আছিল কাৰণ চিকাৰ কৰিবলৈ যাঠি ব্যৱহাৰ কৰিব জানিছিল।
*মানব সভ্যতাৰ ইতিহাস:*
এই পৃথিৱীত মানুহৰ অস্তিত্ব প্ৰায় ৫০ লাখ বছৰ আগতে আৰম্ভ হৈছিল আৰু লাহে লাহে হোৱা মস্তিষ্কৰ বিকাশৰ ফলত অন্য জীৱ জন্তুতকৈ ব্যাতিক্ৰমীৰূপে বুদ্ধিমত্তাৰ
পৰিচয় দি আজিৰ অৱস্থা পাইছে।
প্রায় ৭৫০০০ বছৰ আগতে এক ভয়ানক আগ্নেয়গিৰিৰ লাভা উদ্গীৰণৰ ফলত, মানব জাতি প্রায় বিলুপ্ত হৈ পৰিছিল।
তাৰ পিছতো পুনৰ মানুহৰ বিকাশ হৈছিল। আজিৰ পৰা প্ৰায় খ্ৰীষ্টপূৰ্ব ১২০০০ বছৰ আগতে টাইগ্ৰীছ আৰু ইউফ্ৰেটিছ নদীৰ পাৰত গঢ়ি উঠে মেছ'প'টেমিয়াৰ সভ্যতা। পিছলৈ পৃথিৱীৰ বিভিন্ন প্রান্তত বহুতো মানৱ সভ্যতা গঢ়ি উঠে মায়া সভ্যতা, চুমেৰীয় সভ্যতা, সিন্ধু সভতা, অ্যাজটেক আৰু ইন্কা সভ্যতা ইত্যাদি। মানুহে কৃষিকাৰ্য
কৰিবলৈ আৰম্ভ কৰে। প্রস্তৰ যুগৰ অৱসানৰ পিছত ব্র'ঞ্জ যুগৰ আৰম্ভণি হয়। লৌহ যুগ অহাৰ লগে লগে মানুহৰ জীৱন শৈলী আৰু অধিক উন্নত হ'ল, আধুনিক শিল্পভিত্তিক জীবন যাপন পদ্ধতি অৱলম্বন কৰিলে।
অত্যধিক শিল্পায়নৰ
ফলত পৰিবেশ দূষিত হ'বলৈ ধৰিলে আৰু বায়ুমণ্ডলত
কার্বন ডাই-অক্সাইডৰ পৰিমান দ্ৰুতগতিত
বাঢ়িবলৈ ধৰিলে।
গ্রীনহাউচ গেছ বাঢ়ি যোৱাৰ ফলত পৃথিৱীৰ বায়ুমণ্ডলৰ অ'জন (Ozone) স্তৰত হোৱা ছিদ্ৰৰ ফলত মাৰাত্মক আলট্ৰা ভায়োলেট ৰশ্মিৰ প্ৰভাৱত বহু প্রজাতিৰ প্রাণী বিলুপ্ত হৈ গ'ল। বন্য জীৱ-জন্তু মানুহৰ চিকাৰ, নতুবা বনাঞ্চল সমূহ কাটি উছন কৰাৰ ফলত বন্য জীৱ-জন্তু সমূহ গৃহহীন হৈ মৃত্যুমুখত পৰিব ললে।
*ধংস আৰু বিলুপ্তিৰ ইতিহাস:*
৫০০ কোটি প্রজাতিৰ ভিতৰত সমগ্ৰ প্রজাতিৰ ৯৯ শতাংশৰ বেছিভাগ, যিবোৰ কোনো এটা সময়ত এই পৃথিৱীত জীয়াই আছিল, সেই সকলো প্ৰজাতিৰ জীৱ-জন্তু সমূহৰ বিলুপ্তি ঘটিছে। বর্তমান পৃথিৱীত প্রজাতিৰ সংখ্যা আনুমানিক ১ কোটিৰ পৰা ১.৪ কোটি, যাৰ ভিতৰত মাথোঁ ১২ লাখ প্রজাতি নথিভুক্ত কৰা হৈছে ইয়াৰ ভিতৰত ৮৬ শতাংশৰ বেছিভাগৰে
কোনো বর্ণনা পোৱা নাযায়। আনহাতে এতিয়া সাম্প্রতিক সময়ৰ পৰাহে বিলুপ্তিৰ সাক্ষ্য প্রমাণ ৰখা আৰম্ভ হৈছে।
আধুনিক পৃথিৱীৰ এক বিলুপ্তিৰ উদাহৰণ হৈছে ডোডো (dodo) নামৰ এক প্ৰজাতিৰ চৰাই ১৬৬২ চনলৈকে মৰিছাছ নামৰ দেশখনত পোৱা গৈছিল কিন্তু তাৰ পিছত আজিৰ তাৰিখত কতো পাবলৈ নাই। ১৭৫০ চনৰ পৰা কমপক্ষেও ৫৭১ টা প্রজাতি পৃথিৱীৰ পৰা বিলুপ্ত হৈ গৈছে।
২০১৮ চনত প্ৰকাশিত এক প্রতিবেদনত
সদৰি কৰা হৈছে যে, মানব যুগত প্ৰায় ৩০০ টা অকল স্তন্যপায়ী
প্রজাতিৰ বৈচিত্ৰ্য,
এই পৃথিৱীৰ পৰা চিৰদিনলৈ হেৰাই গৈছিল।
আমাৰ গৃহভূমি এই গ্রহটো, আমাৰ পৃথিৱীখন, যোৱা ৪৬০ কৌটি বছৰ ধৰি পৰিৱর্তিত হৈ হৈ আজিৰ এই অৱস্থালৈ আহিছে। কিন্তু অতি দুখজনক কথাটো হ'ল, ইয়াৰ আগতে পৃথিৱীখন এতিয়াৰ দৰে ইমান ভয়াৱহ বিপদৰ সন্মুখীন কেতিয়াও হোৱা নাছিল। পৃথিৱী জুৰি এই মূহুর্তত আকৌ চলিছে এক ব্যাপক বিলুপ্তিকৰণৰ (Mass Extinction) প্ৰক্ৰিয়া,
আকৌ হেৰাই গৈছে নানা প্রজাতিৰ পশু, পক্ষী আৰু জীৱ-জন্তু।
এইবাৰ কিন্তু তাৰ বাবে কোনো প্রাকৃতিক ঘটনা দায়ী নহয়। ইয়াৰ বাবে দায়ী আমি, মানুহবোৰ।
প্লেইস্ট'ছিন ইপকৰ শেষৰ ফালে সমস্ত প্রানীৰ বিলুপ্তি অকল জলবায়ু পৰিৱর্তন অথবা নানা ৰোগৰ বীজাণু বিস্তাৰৰ বাবে হোৱা নাছিল। এই সুদীৰ্ঘ সময়ছোৱাত মানুহৰ বিৱর্তন ঘটি আছিল আৰু ক্রমে মানুহবোৰ গোষ্ঠীৱদ্ধ সামাজিক জীৱ হৈ উঠিছিল। এটা সময়ত মানুহবোৰ আদিম চিকাৰী ৰূপে পৰিণত হৈ উঠে। মানুহৰ চিকাৰৰ এই অভ্যাসৰ ফলত অসংখ্য স্তন্যপায়ী
প্ৰজাতি সম্পূৰ্ণৰূপে
নিশ্চিহ্ন হৈ গৈছিল।
আমি যদি পৃথিৱীৰ এই ৪৬০ কৌটি বছৰীয়া সুদীৰ্ঘ বিৱর্তনৰ ইতিহাসক এটা সংক্ষিপ্ত (consize) মানদণ্ডলৈ
ৰূপান্তৰিত কৰো তেনেহলে সহজভাৱে বুজিবলৈ সুবিধা হ'ব। ধৰি লোৱা হ'ল, পৃথিৱীৰ এই বিৱৰ্তন মাত্ৰ এবছৰ সময়ৰ ভিতৰত হৈছে, তেনেহলে দেখা যাব যে আমি মানুহবোৰ বছৰটোৰ শেষ দিনটো অৰ্থাৎ ৩১ ডিচেম্বৰৰ
নিশা ১১-৩০ মিনিটত এই পৃথিৱীলৈ আহিছোঁ। বছৰ শেষ হ'বলৈ মাত্র ২০ চেকেণ্ড থাকোতে আৰম্ভ হৈছে শিল্প বিপ্লৱ। শিল্প বিপ্লৱৰ পৰা আজিৰ তাৰিখলৈ মাত্ৰ ২০ চেকেণ্ডৰ এই সময় সীমাৰ ভিতৰত আমি পৃথিৱীৰ ৫০% গছ-গছনি কাটি তহিলং কৰি পেলাইছো।
ইয়াৰ দ্বাৰা কি সাব্যস্ত হৈছে? এই অসাধাৰণ, অনবদ্য আৰু ধুনীয়া গ্রহত আমিয়েই শেষ বিৱর্তিত প্রজাতি হ'বলৈ গৈ আছোঁ? আমি সদায় বসুমতীৰ বিৰুদ্ধে যিবোৰ কৰি গৈ আছোঁ তাৰ পিছতো পৃথিৱীৰ বুকুত প্রাণৰ স্পন্দন চিৰদিনলৈ থকাটো সম্ভৱ হ'ব নে? আমি নিজেই এই পৃথিৱীৰ ধংসকাৰী হৈ উঠিম নেকি যিখন পৃথিৱীয়ে সদায় কেৱল বুকু উজাৰ কৰি মাথো দিয়েই গৈছে ?
আপুনি নিজকে এই প্রশ্নবোৰ কৰক, বাৰে বাৰে কৰক। প্ৰকৃততে এইয়া কোনো কাল্পনিক কাহিনী নহয়, এটা সত্য ঘটনা। আৰু এইটো এটা অত্যন্ত দুখ আৰু বেদনাৰে ভৰা সত্য ঘটনা।
(তৃতীয় খণ্ড সমাপ্ত)
|
|
Comments
Post a Comment