ৰাজহুৱা স্বাৰ্থজড়িত আবেদন (Public Interest Litigation)


আজিৰ পৰা তিনিবছৰ মান আগৰ কথা। অসমৰ APSC প্ৰাৰ্থী নিৰ্বাচনক লৈ ঘটা কেলেংকাৰী যেতিয়া ৰাজহুৱা ভাবে সদৰি হৈছিল, তেতিয়া সেই একে সময়তে কাশ্মীৰৰ এখন আদালতে এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদনৰ (Public Interest Litigation) ওপৰত এক ঐতিহাসিক বিচাৰ কৰি, ৰায় প্ৰদান কৰিছিল

এখন চৰকাৰী হাই স্কুলৰ শিক্ষক এজনৰ শিক্ষাগত অৰ্হতা আৰু শিক্ষক জনৰ সাধাৰণ জ্ঞানৰ ওপৰত সন্দেহ কৰি, এজন অভিভাৱকে, এখন PIL দাখিল কৰে। মাননীয় আদালতে PIL খনক গুৰুত্বপূৰ্ণ হিচাবে বিবেচনা কৰি শিক্ষকজনৰ শৈক্ষিক অৰ্হতা সম্পৰ্কে অনুসন্ধান কৰাৰ আদেশ দিয়ে। অনুসন্ধান কৰাৰ মূৰকত দেখা গল শিক্ষকজন এখন বিশ্ববিদ্যালয় অনুদান আয়োগৰ (UGC) স্বীকৃতি প্ৰাপ্ত মহাবিদ্যালয়ৰ পৰা প্ৰথম শ্ৰেণী প্ৰাপ্ত কলা বিভাগৰ স্নাতক কিন্তু ইয়াৰ পিছতো মাননীয় আদালতে PIL যাচিকা কৰ্তাৰ অনুৰোধ মৰ্মে শিক্ষক জনৰ সাধাৰণ জ্ঞানৰ ওপৰৰ পৰীক্ষা লোৱাৰ বাবে আদেশ দিয়ে। আদালতৰ আদেশ অনুযায়ী শিক্ষক জনক আকস্মিক ভাবে পতা পৰীক্ষাত The Cow ৰচনা খন লিখিবলৈ দিয়া হল। আৰু আমোদজনক কথাটো এয়ে যে তেও মাত্র চাৰিটা শাৰীও শুদ্ধ কৈ লিখিব নোৱৰিলে। শিক্ষক জনে আকৌ এবাৰ পৰীক্ষা লোৱাৰ বাবে আবেদন জনালে, দ্বিতীয় বাৰো বেলেগ সাধাৰন প্ৰশ্নৰ উত্তৰ দিব নোৱাৰিলে
মাননীয় আদালতে তেওঁৰ ডিগ্ৰী টোৰ বৈধতা সম্পৰ্কে পুনৰ অনুসন্ধানৰ আদেশ দিয়াত , এইবাৰ ওলাল যে তেওঁৰ সকলো ডিগ্ৰী চব ভুৱা আদালতে তেওক তৎকালীন ভাবে চাকৰিৰ পৰা বৰ্খাস্ত কৰিবলৈ ৰাজ্য চৰকাৰক নিৰ্দেশ দিয়াৰ লগতে ভুৱা শিক্ষক জনক জৰিমনাও বিহিলে
বৰ্তমান ভাৰতত চলি থকা দূৰ্নীতি ৰোধ কৰিবলৈ হলে প্ৰচলিত আইনী ব্যৱস্থাৰ গন্ডীৰ পৰা ওলাই আহি মাননীয় আদালতে দিয়া ৰায় যেন এক সময়ৰ আহ্বান।
ভাৰতৰ চুকে কোনে থকা সকলো উকীল , আদালত আৰু বিচাৰপতি সকল ইয়াৰ দ্বাৰা অনুপ্ৰাণিত হোৱা উচিত। গণতন্ত্ৰৰ অন্যতম স্তম্ভ ন্যায়িক ব্যৱস্থা সক্ৰিয় হৈ উঠিবই লাগিব।
মই PIL যাচিকা কৰ্তা জনৰ লগতে মাননীয় বিচাৰপতি জনক কি বুলি ধন্যবাদ দিম ভাষা বিচাৰি পোৱা নাই।

অসমৰ APSC প্ৰাৰ্থী বাচনিক লৈ যি অনিয়মৰ অভিযোগ উঠাৰ পিছত মই ফেচবুকৰ পাতত লিখিছিলো যে, অসমৰ মাননীয় তৰুণ গগৈ দেৱৰ চৰকাৰে যদি সচাকৈয়ে কোনো দূৰ্নীতি হোৱা নাই বুলি দাবী কৰিছে, তেতিয়া হলে নিৰ্বাচিত প্ৰাৰ্থী সকলৰ মাজত এখন পৰীক্ষা পাতি উপযুক্ত প্ৰাৰ্থী হয় নে নহয় প্ৰমাণ দেখুৱাই দিয়ক কিন্তু এইধৰণৰ ৰাজনৈতিক সদিচ্ছা তেওঁৰ নাছিল গতিকে তেখেতৰ পৰা এনেধৰণৰ পদক্ষেপ আশা কৰাটো মোৰেই ভুল আছিল।

কিন্তু আজি পুনৰ মই একেটা অনুৰোধ বৰ্তমান অসমৰ মূখ্যমন্ত্ৰী শ্ৰী সৰ্ব্বানন্দ সোণোৱাল ডাঙৰীয়াক কৰিছো যে বিবাদিত সময়ৰেখাৰ, সকলো পদস্থ বিষয়াসকলৰ মাজত এক বুনিয়াদী সাধাৰণ জ্ঞানৰ পৰীক্ষা পাতক আৰু যোগ্য-অযোগ্য ব্যক্তি বাচি উলিউৱাৰ ব্যৱস্থা কৰক। আপাত দৃষ্টিত বৰ টান কাম যেন লাগিলেও দূৰ্নীতি মূক্ত প্ৰশাসনৰ প্ৰতি প্ৰতিশ্ৰুতিৱদ্ধ ভাজপা চৰকাৰে এই কামটো কৰি নজিৰ স্থাপন কৰক।

মোৰ বন্ধু তালিকাত থকা বন্ধু-বান্ধৱী সকলোৱে, বিশেষকৈ ভাৰতীয় জনতা পাৰ্টিৰ কৰ্মকৰ্তা সকলে এই লিখনিটো শ্বেয়াৰ কৰক আৰু মোৰ এই বাৰ্তাটো সোণোৱাল ডাঙৰীয়ালৈ পঠোৱাৰ ব্যৱস্থা কৰক।

অসম্ভৱ বুলি এই পৃথিৱীত একোৱেই নাই, মাথো লাগে সদিচ্ছা।

Comments

Popular posts from this blog

সাংখ্য দৰ্শন

বন্ধুত্বৰ সংজ্ঞা-১

নাৰী তুমি অনন্যা