Koutuk 5


পৃথিৱীখনৰ মুঠ জনসংখ্যাৰ আধাভাগ মানুহৰে কবলগীয়া বহুতো আছে অথচ কব নোৱাৰে, আনহাতে আধাভাগ মানুহৰ আচলতে কবলগীয়া একো কথাই নাই, অথচ কিবাকিবি কৈয়েই থাকে। সমস্যাটো এইখিনিতেই।

@@@@@@@@@@

এই পৃথিৱীৰ পৰা যদি পুৰুষ নামৰ প্ৰজাতিটো নোহোৱা হৈ যায় তেতিয়াহলে গোটেই পৃথিৱীখন শকত শকত সুখী মহিলাৰে ভৰি পৰিব।


@@@@@@@@

জীৱনৰ এটা বৰ ডাঙৰ বিড়ম্বনাঃ

আপুনি যেতিয়া এগৰাকী নাৰীক, কিতাপৰ দৰে পঢ়ি, নাৰী মনৰ সম্পূৰ্ণ ৰহস্য উদ্ঘাটন কৰিবলৈ যত্ন কৰিব, দেখিব আপোনাৰ লাইব্ৰেৰী কাৰ্ড খনৰ ম্যাদেই উকলি গৈছে।

@@@@@@@@@@@@@@@

এগৰাকী মহিলাই যদি আপুনি কিবা এটা কোৱাৰ পিছত "কি??" বুলি ডাঙৰকৈ কৈছে, এইটো নাভাবিব যে তেখেতে আপোনাৰ কথা শুনা নাই, তেনেক্ষেত্ৰত বুজিব লাগিব আপুনি কোৱা কথাষাৰ সলাবলৈ আপোনাক এক সুবৰ্ণ সুযোগ দিছে।

এগৰাকী ঈৰ্ষাপৰায়ণ নাৰীয়ে চিবিআইতকৈয়ো অধিক দক্ষতাৰে অনুসন্ধান কৰিব জানে।

যদি কোনোবা নাৰীয়ে নিজৰ আচল বয়সটো সচাঁকৈয়ে কৈছে তেনেহলে তেখেতক কেতিয়াও বিশ্বাসত লৈ কোনো কথা নকব। কাৰন তেখেতে যিকোনো কথাই মানুহৰ আগত কৈ দিব।

পুৰুষ মানুহবোৰে ইজনে সিজনক 'কামোৰ' দিয়ে কিন্তু অন্তৰৰ পৰা কেতিয়াও তেনেকৈ নকয়। মহিলা সকলেও ইজনীয়ে সিজনীক লগ পালে হেয়াৰ ষ্টাইল, ৰূপ-চৰ্চা, সৌন্দৰ্য্যৰ প্ৰশংসা কৰে, কিন্তু অন্তৰৰ পৰা কেতিয়াও নকৰে।

যদি আপুনি এগৰাকী মহিলাৰ বিষয়ে বিতংভাবে জানিবলৈ ইচ্ছুক তেনেহলে তেখেতৰ সন্মুখত তেখেতৰ এগৰাকী বান্ধৱীৰ প্ৰশংসা কৰি চাওঁক।

নাৰী হৈছে এক দুৰ্বোধ্য ভাষা, পুৰুষে কেতিয়াও বুজিবলৈ সক্ষম নহব।

"মোক দেখিবলৈ কেনে লাগিছে বাৰু? ভাল লাগিছে নে?" 

বহু বছৰ আগতে, মহিলা সকলে সাজিকাছি ওলাইসততে পতিদেবক বাৰে বাৰে সোধা উপৰোক্ত প্ৰশ্নৰ পৰা পৰিত্ৰাণ পাবলৈ, এজন পীড়িত পতিয়ে "আইনা" আৱিষ্কাৰ কৰিছিল।

নাৰীয়ে মাথো তিনিটা বস্তু বিচাৰে। নতুন নতুন কাপোৰ, প্ৰসাধন সামগ্ৰী আৰু প্ৰশংসাৰ বানপানী।

বৰলা সকল, বিয়া পতাৰ আগতে, পাৰিলে এগৰাকী বুদ্ধিমতী, পৰমা সুন্দৰী আৰু মৰমীয়াল ছোৱালীৰ সন্ধান কৰি লোৱা। কিন্তু তিনিওজনীক কেতিয়াও একেলগ হব নিদিবা।

নাৰীয়ে কিয় বুদ্ধিদীপ্ত পুৰুষক ভাল পায়? কাৰন বিপৰীত শক্তিৰ মাজতহে আকৰ্ষণ সংঘটিত হয়।

সৃষ্টিৰ আৰম্ভনিতে ঈশ্বৰে যেতিয়া নাৰীৰ সৃষ্টি কৰিছিল, ঈশ্বৰে পুৰুষক কথা দি কৈছিল যে  পুৰুষৰ দুখ বুজা, সহনশীলা আৰু সৰলা নাৰী পৃথিবীৰ চুকে কোনে বিচাৰিলেই পোৱা যাব। কিন্তু ঈশ্বৰে পিছলৈ গোটেই পৃথিৱীখনকেই গোলাকাৰ বনাই দিলে।

আপুনি যদি বিচাৰিছে কোনো এগৰাকী মহিলাই আপোনাৰ কথাখিনি মনোযোগেৰে শুনক, তেনেহলে আপোনাৰ কবলগীয়া কথাখিনি মহিলাগৰাকীৰ ওচৰত থকা অইন এগৰাকী মহিলাক ওঁক।

মহিলাসকলে কেতিয়াও আপুনি ভবা কথাটো শুনিবলৈ নিবিচাৰে।মহিলাসকলে তেওঁলোকে ভবা কথাটোহে বৰ গভীৰভাবে আপোনাৰ মুখেৰে শুনিবলৈ বিচাৰে।

যদি আপোনাৰ পত্নীয়ে কয়, "আপুনি যি ভাল দেখে সেইটোৱেই কৰক।" ভুলতো যি মন যায় কৰিবলৈ গৈ বিপদ চপাই নলব। মনত ৰাখিব, সেইয়া প্ৰকৃততে আপোনালৈ জাৰী কৰা এক সাৱধান বাণীহে।

নাৰী সকলক সন্তুষ্ট কৰাৰ মাথোঁ দুটাই পদ্ধতি আছে আৰু সেইয়া কোনেও নাজানে। মনোবৈজ্ঞানিক চিগমণ্ড ফ্ৰয়েডে কৈছিল," ত্ৰিছ বছৰ ধৰি নাৰীৰ আত্মাৰ ওপৰত অধ্যয়ণ কৰিলো, কিন্তু আজিলৈ নাৰীয়ে কি বিচাৰে বুজিয়েই নাপালো।"

@@@@@@@@@@@@@@@@@@@@


দীঘলীয়া প্ৰেম কৰি বিচ্ছেদ হোৱাৰ পিছত যদি আপোনাৰ "এক্স" কয় যে এতিয়াৰ পৰা আমি আগলৈ ভাল বন্ধু হৈ থাকিম। 

এনেকুৱা লাগে যেন মুক্তিপণ আদায় কৰাৰ পিছত অপহৰণকাৰীয়ে কৈছে, "মাজে মাজে খা-খবৰ লৈ থাকিব। পাহৰি নাযাব আকৌ।"

@@@@@@@@@@@@@@@@@@@


আজি শিক্ষক দিৱস উপলক্ষে, শৈশৱ কালৰ পৰা ইঞ্জিনীয়াৰিং পঢ়ালৈকে, মোৰ ব্যক্তিগত আৰু শৈক্ষিক জীৱনত জ্ঞানৰ জেউতি বিলোৱা তথা মাৰ্গ দৰ্শন কৰামা আৰু দেউতাৰ লগতে সমগ্র শিক্ষা গুৰু সকলক, শ্ৰদ্ধাৰে সোঁৱৰিছো আৰু ভক্তি সহকাৰে প্ৰণাম জনাইছো

পৰৱৰ্তী কালত, অলপ দেৰিকৈ হলেও বুজি পালো যে, মোৰ জীৱনৰ প্ৰকৃত গুৰু হৈছে মোৰ পত্নী। কাৰণ, তেৱেই মোক দিনে ৰাতি 'পাঠদান' কৰে  আৰু তেওঁৰ পৰাই অন্য এক পৰম সত্যৰ সন্ধান পাইছিলো যে "মই আচলতে জীৱনত একোৱেই নিশিকিলো" 

তেওঁকো শিক্ষক দিৱসৰ ওলগ জনালোঁ।

Comments

Popular posts from this blog

সাংখ্য দৰ্শন

বন্ধুত্বৰ সংজ্ঞা-১

নাৰী তুমি অনন্যা