পত্নীৰ সংজ্ঞা আৰু বিশেষত্ব
পত্নীৰ সংজ্ঞা কিছু পৰিমাণে সলনি কৰা হ'ল আৰু বিশেষত্ব সহকাৰে আগবঢ়ালো:
পত্নী পুৰুষ মানুহৰ জীৱনলৈ বিবাহ সূত্ৰে অহা, এনে এক নাৰী, যিয়ে নেকি, আহিয়েই পুৰুষ জনক
সলনি কৰিবলৈ উঠি পৰি লাগি যায়।
কিন্তু, পিছলৈ আকৌ পুৰুষ জনকেই "আজিকালি, আপুনি ইমান সলনি হৈ গৈছে" বুলি প্ৰায়েই
অভিযোগহে কৰা দেখা যায়।
পত্নী সকলৰ কিছুমান বিশেষত্ব তলত উল্লেখ কৰা হল:
পত্নীয়ে পতিদেবক বশ কৰিবলৈ, বহুলভাবে ব্যৱহাৰ কৰা অস্ত্ৰ বিধ হল "চকুপানী"।এই অস্ত্ৰৰ আগত, সকলো ৰথী-মহাৰথী, হাৰ মানি যায়।
পতিক নিয়ন্ত্ৰণ কৰিবলৈ, বুকু কপি যোৱা তীব্ৰ ছাৱনিৰ খুব সুন্দৰ প্ৰয়োগ, এঁওলোকে কৰিব জানে।এই ছাৱনি দেখাৰ লগে লগে, পতিয়ে নিজৰ সীমাবদ্ধতা আৰু ভয়াবহ পৰিণামৰ কথা অনুভৱ কৰি,
স্ব-নিয়ন্ত্ৰণ "মোড" লৈ আহি, একো নজনাৰ ভাওঁ দি আত্মৰক্ষা কৰে।
ঘৰত আলহী বা অন্যান্য মানুহৰ উপস্থিতিতো, পত্নীয়ে নিৰ্লিপ্ত ছাৱনি, অথবা ভাব-লেশহীন মুখমণ্ডলৰ জৰিয়তে, পতিক সাবধানবাণী অথবা আগন্তুক বিপদৰ সাংকেতিক বাৰ্তা, খুব সুন্দৰভাৱে বিনিময় কৰিব জানে।
পতিদেৱৰ কিবা ভুল হলে, পতি ঘৰলৈ উভতি অহাৰ সময়ত, ঘৰখনত এক শীতল আৰু অন্তৰ কপি যোৱা নীৰৱ পৰিবেশৰ সৃষ্টি কৰি, পতিক ধুমুহাৰ আগজাননী দিয়াত এওলোক খুব পাকৈত।
পত্নীয়ে বজাৰ কৰি বৰ ভাল পায় আৰু বজাৰ কৰি কেতিয়াও ভাগৰি নপৰে। বজাৰ কৰাৰ পিছত, পতিক নিদি, দোকানীকহে ধন্যবাদ দিয়েI
পত্নীৰ ঘৰৰ ফালৰ আলহী আহিলে খুবেই উৎফুল্লিত হৈ পৰে, কিন্তু পতিৰ ফালৰ আলহী আহিলে খা-খৰছৰ চিন্তাত হতাশ হৈ পৰে।
পতিৰ ভাগৰুৱা চেহেৰা চকুত নপৰিলেও, পতিয়ে যদি কেতিয়াবা কেৰাহিকৈ (সাধাৰণতে ভাল ভাবতেই চায়) কোনোবা ধুনীয়া যুৱতীৰ ফালে চাই, সেইয়া কিন্তু পত্নীৰ চকুত পৰিবই।
পত্নী সাইলাখ "এক্সৰে' মেশ্বিন" ৰ দৰে, পতিৰ মন আৰু মগজুত চলি থকা কথাবোৰ অনায়াসে ধৰিব পাৰে।
দিনৰ দিনটো পতিজনে সঁচাকৈয়ে কিবা কাম কৰিলে নে, অকল "টাইম পাছ" কৰিলে, পত্নীয়ে হুবহ কৈ দিব পাৰে, এই ধৰণৰ, অলৌকিক ক্ষমতাৰ বাবে, পত্নী সকলে "চি বি আই" ত নিযুক্তি পোৱা উচিত।
অৱশ্যে এগৰাকী ভাল পত্নীয়ে সদায় তেওঁৰ পতিক ক্ষমা কৰিব, যদিহে তেওঁৰ নিজৰ ভুল থাকে ।
(মহিলা সকলৰ বাবে সুখবৰ: পৰৱৰ্তী সপ্তাহত "পতিৰ সংজ্ঞা আৰু বিশেষত্ব" প্ৰকাশ পাব। এতিয়া গম পালেই নহয় মই আচলতে মানবতাবাদী।)
Comments
Post a Comment