ফাগুনৰ কবিতা

টা ফাগুনৰ কবিতা 
সঞ্জীৱ প্ৰসাদ মজুমদাৰ  
পলাশৰঙা ফাগুনৰ ধূসৰিত বাতায়ণ
অনৰ্গল মনলৈ আহে নতুন-নতুন খেলিমেলি লগা কবিতা…
আজিকালি নিঃসঙ্গতাৰ সতে মই প্ৰায়েই কথা পাতো 
ভাবিছিলো তোমাক লৈ লিখিম কবিতা,
মন সেমকি যোৱা এক উদাস কবিতা। 
কিয় জানো বাৰে বাৰে মনত পৰে
কপাহী চাদৰ মেৰিয়াই হাজাৰ ভীৰৰ মাজত
মোক বিচৰি ফুৰা
তোমাৰ এহাল চকু
বহাগৰ প্ৰখৰ ৰ’দৰ নিসঙ্গতাৰ মাজত
হেৰাই যায় ৰঙীন মূহূৰ্ত বোৰ 
ভাবিছিলো তোমাক লৈ লিখিম কবিতা,
মন মতলীয়া কৰা এক ৰঙীণ কবিতা। 
তোমাৰ আঙুলিৰ মাজত আঙুলি সুমুৱাই
কটাম আজি আৰু এটা দেওলগা দুপৰীয়া, 
তুমি মাথোঁ চাই থাকিবা মোৰ চকুলৈ,
মোৰ চশমাৰ ফাকেৰে 
ভাবিছিলো তোমাক লৈ লিখিম কবিতা,
হৃদয় স্পৰ্শ কৰা এক দুখৰ কবিতা। 
বৰষা আহে আৰু যায়,
বৈ যায় বিষন্নতাৰ, এ
খনি শুকুলা চাদৰ।
শৰতৰ স্নিগ্ধ আবেলি ঘুৰাই পাম জানো দুজনে ? 
অচিনকী পথৰ ধুলিময় বাটত
তোমাৰ আঙুলিৰ মাজত আঙুলি সুমুৱাই ,
 চকুৰ চশমা ধূসৰিত সেই গোধূলি বেলা। 
ভাবিছিলো তোমাক লৈ লিখিম কবিতা,
গোধূলি গোধূলি লগা এক সুখানুভূতিৰ কবিতা।
হাজাৰ হাজাৰ প্ৰেমৰ কবিতা
আৰু লগতে কিছু তুচ্ছ কবিতা। 
আজি সেই ৰজনী, সেই নীৰবতা, 
আৰু, তোমাৰ নিৰবিচ্ছিন্ন অনুভূতি। 
তুমি দূৰলৈ যোৱাৰ পাছতো আছা ... মোৰ সতে,
মোৰ মনৰ কাষতে। 
সেয়েহে প্রতি মূহুর্ত্যতেই
তোমাৰ উপস্থিতি ক্রমাগত।। 
তুমি নির্মল প্রান বায়ুৰ দৰেই,
তেজৰ শিৰাই শিৰাই বৈ আছা 
সেয়েই তোমাৰ অন্তৰধ্বনি একাকাৰ হৈ আছে...
মোৰ হৃদয় বীনাৰ সতে।
ভাবিছিলো তোমাক লৈ লিখিম কবিতা,
হৃদয় স্পৰ্শ কৰা
এক সুগভীৰ ফাগুনৰ কবিতা।

Comments

Popular posts from this blog

সাংখ্য দৰ্শন

বন্ধুত্বৰ সংজ্ঞা-১

নাৰী তুমি অনন্যা