সভ্যতাৰ অভিশাপ : বৃদ্ধাশ্ৰম
মানৱ সভ্যতাৰ অভিশাপ : বৃদ্ধাশ্ৰম
বাসভৱনৰ পৰা দুই কিলোমিটাৰ মান আতঁৰত এখন বৃদ্ধাশ্ৰম আছে । মই প্ৰায়েই সেই চৌহদত থকা, বেলেগ এটা প্ৰতিষ্ঠানলৈ যাবলগীয়া হয়। মই যেতিয়াই তালৈকে যাও, সেই বৃদ্ধাশ্ৰমৰ বাসিন্দাসকলক দেখিলে মোৰ মনটো, কিবা লাগি যায়। নাজানোঁ তেখেতসকল কি পৰিস্থিতিত বৃদ্ধাশ্ৰমলৈ আহিবলৈ বাধ্য হৈছে, কিন্তু মোৰ বুকুখন হমহমায় যায়। বৃদ্ধাশ্ৰমৰ কেবাজনো বাসিন্দাৰ সতে, কথা পাতিলো আৰু সুধি গম পালো যে, তেওঁলোকৰ বেছিভাগৰ পুতেক সকল কোনোবা ডাক্তৰ, কোনোবা উকীল, ইঞ্জিনীয়াৰ, হাকিম, উচ্চপদস্থ অধিকাৰী ইত্যাদি, ইত্যাদি । তাত মই এজনো এনে এগৰাকী বৃদ্ধ বা বৃদ্ধা নাপালো, যিয়ে নেকি কলে যে তেখেতৰ পূতেক অশিক্ষিত বা গৰীব। তাৰমানে গৰীব বা নিৰক্ষৰৰ পিতৃ-মাতৃ বৃদ্ধাশ্ৰম কেতিয়াও আহি নাপায় । অৰ্থাত, আৰ্থিক অনাটনৰ ভূমিকা তেনেই নগণ্য ।
আৰ্থিক স্বচ্ছলতাই সকলো সমস্যাৰ সমাধান নহয় । এচাম শিক্ষিত মানুহৰ মনৰ সংকীৰ্ণতাৰ বাবেহে, পিতৃ-মাতৃ সকল গৃহহীন হৈ পৰে। টকাপইচাৰে উভৈনদী হৈ থকা এইসকল তথাকথিত শিক্ষিত আৰু ধনবান মানুহবোৰৰ কিহৰ অভাৱ , যে বৃদ্ধ পিতৃ-মাতৃক অকলশৰীয়া কৰি, মৰিবলৈ বৃদ্ধাশ্ৰমত এৰি থৈ যায়হি । ক্রমাগত ভাবে আমাৰ সমাজৰ পৰা বিলুপ্ত হৈ পৰা যৌথ পৰিয়ালৰ বিকল্প হিচাবে একান্নবর্তী পৰিয়াল ব্যবস্থা, বৃদ্ধ সকলৰ এই আলাই আথানিৰ বাবে দায়ী। গ্ৰামাঞ্চলত ইষ্ট-কুটুমেৰে পৰিবেষ্টিত হৈ থকা বহুতো বৃদ্ধ পিতৃ-মাতৃসকল, নিজৰ গাঁও এৰিব নিবিচাৰে আৰু ওচৰ চুবুৰীয়া, মিতিৰ-কুটুমৰ মৰম চেনেহেৰে তেওঁলোকক উজ্জীৱিত কৰি ৰাখে। কিন্তু সকলোৱেই ইমান ভাগ্যশালী নহয়, গতিকে সকলোৰে ক্ষেত্রত এই কথাটো প্ৰযোজ্য নহয় ।
অকণমান ভালদৰে জুকিয়াই চালে দেখিব, ইয়াৰ অৰ্থ এইটোৱেই যে প্ৰচলিত শিক্ষা ব্যৱস্থাই আমাক জ্ঞানৰ পৰিবৰ্তে অজ্ঞানতা, মৰমৰ পৰিবৰ্তে কপটতা, উদাৰতাৰ পৰিবৰ্তে সংকীৰ্ণতাৰহে শিক্ষা দি আহিছে । তাৰমানে আমি ভবাৰ দৰে শিক্ষিত মানুহ মাত্ৰেই জ্ঞানী নহয় । আটাইতকৈ মনকৰিবলগীয়া কথাটো হ'ল, এই যে যিটো সময়ত, আমিবোৰ, সকলোৱে নিজৰ নিজৰ সন্তানৰ কেৰিয়াৰ গঠন কৰাৰ নামত সামাজিক জীৱন বৰ্জন কৰি, পিতৃমাতৃ সকলে, জীৱনৰ সকলো সুখ ত্যাগ কৰি, সন্তানৰ ভৱিষ্যতৰ নামত সপি দিওঁ । পিতৃ-মাতৃৰ অশেষ ত্যাগ আৰু বলিদানৰ বিনিময়ত গঢ় লৈ উঠা সন্তান সকলে, কেৰিয়াৰৰ শীৰ্ষত আৰোহণ কৰি উঠাৰ পিছত, কিদৰে সকলো পাহৰি যাব পাৰে ? আজিৰ সমাজত, আমি সকলোৱে এটা কথা, স্বীকাৰ কৰো যে পূত্ৰ সন্তানতকৈ কন্যা সন্তান, নিজৰ পিতৃ-মাতৃৰ প্ৰতি বেছি দায়িত্বশীল আৰু যত্নবান ।
বিয়াৰ পিছত, কন্যা সকলে নতুন সংসাৰ এখনৰ গুৰু দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছতো কিন্তু, নিজৰ পিতৃ মাতৃৰ প্ৰতি নিষ্ঠা সহকাৰে কৰ্তব্য পালন কৰি যায়। এনেকুৱা বোৱাৰীও আছে, যিয়ে নেকি শহুৰ-শাহুৱেকক নিজৰ পিতৃ-মাতৃৰ দৰেই জ্ঞান কৰি, আদৰ যত্ন কৰে। দূৰ্ভাগ্যবশত তেনেকুৱা বোৱাৰী ৰ সংখ্যা দিনক দিনে কমি আহিছে । অথচ বৃহদ্ধি পাইছে স্বার্থপৰ মেৰুদন্ডহীন কাপুৰূষ পূত্রৰ । এবাৰ বহুদিনৰ মূৰত হঠাৎ দুজন পুৰণি বন্ধুৰ দেখাদেখি হ'ল, প্ৰথম বন্ধু জনে কলে, "আজি মা ৰ জন্মদিন আছিল, আমি সপৰিয়ালে বৃদ্ধাশ্ৰমলৈ গৈ মা ৰ জন্মদিন "চেলিব্রেট" কৰাৰ লগতে, গোটেই দিনটো আমি বৃদ্ধাশ্ৰমতে কটালো।বছৰত এটা দিন, আমি মাৰ নামত ৰাখিছো আৰু। বাকী কছোন, তোৰ মা ক তোৰ লগতে ৰাখিছ নে?" দ্বিতীয় বন্ধুয়ে কলে, "মই তোৰ দৰে ইমান ডাঙৰ মানুহ হব পৰা নাই দোস্ত , যে মাক মোৰ লগত ৰাখিম । মই হে , আজিও মাৰ লগতেই থাকো । "
কিন্তু পৰিতাপৰ কথা এইযে, দিনক দিনে দ্বিতীয় জন বন্ধুৰ দৰে ব্যক্তিৰ সংখ্যা আঙুলিৰ মূৰত লেখিব পৰা পর্য্যায় পাইছেহি। নিজৰ পিতৃ-মাতৃৰ প্ৰতি, কন্যাসকলৰ নিস্বাৰ্থ, অকৃত্ৰিম মৰম আৰু সেৱাৰ মনোভাৱ দেখিলে অবাক লাগে। এনেকুৱা লাগে, পিতৃ-মাতৃক নিজৰ লগত ৰখাৰ অধিকাৰ যদি কন্যা সন্তান সকলে পালেহেঁতেন, তেতিয়া হলে হয়তো, এই পৃথিৱীত এখনো বৃদ্ধাশ্ৰমৰ অস্তিত্ব নাথাকিলেহেঁতেন।
মোৰ কবলগীয়া এয়েই, এই একেজনী কন্যাই যদি শহুৰ আৰু শাহুৱেকক, নিজৰ পিতৃ-মাতৃৰ দৰে ৰাখে, তেতিয়া হলেও এই পৃথিৱীত বৃদ্ধাশ্ৰমৰ প্ৰয়োজন নহ’লহেঁতেন। এটা অপ্ৰিয় সত্য যে কোনো পূত্ৰই নিজ পিতৃ-মাতৃক অৱহেলা নকৰে বা কৰিব নিবিচাৰে, কিন্তু পত্নীৰ ভয়ত বা কথামতে চলিফুৰা বোৰহে, পিতৃ-মাতৃক বৃদ্ধাশ্ৰমলৈ পঠিয়াই । কিন্তু মাতৃৰ অপত্য স্নেহ যে অতুলনী সেইয়া সন্তানে অনুধাবন কৰিব নোবাৰে। এজন পুতেকে, পাৰিবাৰিক অশান্তি , কৃত্ৰিম আৰ্থিক অনাটন আৰু মহানগৰীৰ সৰু ফ্লাট ইত্যাদি নানান অজুহাত দেখুৱাই বিধৱা মাকক বৃদ্ধাশ্ৰম এখনত থৈ আহিল। বছৰত এবাৰ কি দুবাৰ খা-খবৰ লয়। এদিন বৃদ্ধাশ্ৰম ৰ পৰা ফোন আহিল, "আপোনাৰ মা খুবেই অসুস্থ , আপুনি সোনকালে আহক ।" পূতেকে গৈ দেখিলে মাকৰ অৱস্থা খুবেই বেয়া, কেতিয়া কি হয়, একো কব নোৱাৰি । পূতেকে মাকৰ ওচৰলৈ গৈ সুধিলে , " মা, মই আহিছো, মা তোমাৰ কিবা কবলগীয়া থাকিলে , মোক কোৱা ? " মাকে কলে, "বোপাই অ', এই বৃদ্ধাশ্ৰমখনত, এখনো ফেন নাই, তুমি পাৰিলে, ফেন দুখনমান লগাই দিবা ।" পূতেকে কথাটো শুনি, আচৰিত হৈ কলে, "মা, তুমি ইমান বছৰ ইয়াত থাকিলা, মোক কেতিয়াও একো নুখুজিলা। এতিয়া মই ফেন, লগালোৱেই যেনিবা, কি লাভ হব? " মাকে দূৰ্বল স্বৰেৰে কলে, " বোপাই, গৰমৰ দিনত, ইয়াত প্ৰচণ্ড গৰম । মই যেনে-তেনে, মোৰ দিন কেইটা পাৰ কৰিলো। মোৰ চিন্তা তোমাক লৈ হে, তোমাৰ সন্তানে যেতিয়া , তোমাকো ইয়াত ৰাখিব, তুমি যাতে গৰমত কষ্ট নোপোৱা । কাৰণ মই জানো, তুমি গৰম একেবাৰে সহিব নোৱাৰা।"
বৰ্তমান সমাজত, আমি সকলোৱে এটা কথা, একমুখে স্বীকাৰ কৰিবই লাগিব যে পূত্ৰ সন্তানতকৈ কন্যা সন্তান, নিজৰ পিতৃ-মাতৃৰ প্ৰতি বেছি দায়িত্বশীল আৰু যত্নবান । বিবাহৰ পিছত, কন্যা সকলে নতুন সংসাৰ এখনৰ গুৰু দায়িত্বভাৰ গ্ৰহণ কৰাৰ লগতে, নিজৰ পিতৃ মাতৃৰ প্ৰতি নিষ্ঠা সহকাৰে কৰ্তব্য পালন কৰি যোৱা আমি সততে দেখিবলৈ পাওঁ । বৃদ্ধাশ্ৰমত বিধৱা মাকক টালি-টোপোলা সহ , পূতেকে থবলৈ গৈছে । এৰি থৈ আহিব লওঁতে পিছফালৰ পৰা মাকে, পুতেকক মাতি কৈছে, "বোপই অ', তই মিছাতে দুখ কৰি নাথাকিবি আৰু কোনোধৰণৰ পাপবোধ মনলৈ নানিবি, পাচোটাকৈ কন্যা সন্তানৰ ভ্ৰূণ হত্যা কৰি, তোক এই পৃথিৱীলৈ আনিছিলো, গতিকে পাপৰ শাস্তি, মই পাবই লাগিব ।"
পৰম্পৰাগতভাৱে আমাৰ সমাজত বহুতো পিতৃ মাতৃয়ে কন্যা সন্তানক অবহেলা কৰা দেখা যায়। । পূত্রৰ প্রতি অত্যাধিক মৰমৰ ফলশ্রুতি স্বৰুপে ল'ৰাবোৰ দায়িত্বজ্ঞান হীন আৰু কর্মবিমূখ হয়। কৈশোৰ আৰু যৌৱনৰ কালছোৱাত পঢাশুনাৰ ব্যস্ততাৰ নামত, পিতৃ-মাতৃসকলে সন্তানক পাৰিবাৰিক, সামাজিক সম্বন্ধ আৰু দায়ৱদ্ধতাৰ পৰা অঁতৰাই ৰাখি উচ্চাকাংক্ষাৰ যি বীজ ৰোপন কৰে সিয়েই আগলৈ বিষবৃক্ষৰ ৰূপ ধাৰন কৰে।এই ধৰনৰ উচ্চাকাংক্ষী, তথাকথিত শিক্ষিত, জ্ঞানীমূৰ্খ পূত্ৰসকলে আগলৈ পিতৃমাতৃক অনাদৰ কৰিবলৈ কুন্ঠাবোধ নকৰে। সেয়েহে সন্তানক পৰম্পৰাগত শিক্ষাৰ লগতে সমান্তৰাল ভাবে দয়া, ক্ষমা, অনুকম্পা আৰু পৰিস্থিতিৰ সতে মোকাবিলা কৰাৰ সত্সাহস আদি মানবীয় গুণৰ উতকৰ্ষৰ বাবেও চেষ্টা কৰিব লাগে। পাৰিবাৰিক, সামাজিক সম্বন্ধৰ মোল বুজা আৰু সামাজিক দায়িত্ববোধ থকা সঁচা অৰ্থত সাহসী ব্যক্তিয়ে কেতিয়াও পিতৃ-মাতৃক বোজা বুলি অৱহেলা কৰিব নোৱাৰে।
Comments
Post a Comment