ল'ৰাৰ নাম খৰ্গেশ্বৰ ৰাখিছে নে?


ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ বিপ্লৱী নেতা সকলৰ প্ৰতি শ্ৰদ্ধা বা মৰমৰ বাবেই স্বাধীনোত্তৰ কালত, এটা সময়ত বহুতে নিজৰ লৰা-ছোৱালীৰ নাম সুভাষ, কুশল, আজাদ, কনকলতা ইত্যাদি বহু নাম ৰাখিছিল। একেদৰেই, ইন্দিৰা, ৰাজীৱ, ৰাহুল আৰু প্ৰিয়ংকাৰ নামো বহুতে আজিৰ তাৰিখতো ৰাখি আহিছে।
মোৰ মনলৈ বাৰে বাৰে এটা প্ৰশ্ন আহে যে আমাৰ সাধাৰণ মানুহবোৰৰ মাজৰ কোনোবাই নিজৰ লৰাৰ নাম খৰ্গেশ্বৰ ৰাখিছে নে?

অসম আন্দোলনৰ সমসাময়িক ভাবে, ১৯৭৯ চনৰ ১৪ এপ্ৰিল তাৰিখে জন্ম হোৱা সংযুক্ত মুক্তি বাহিনীৰ (আলফা) সদস্য সকলে বৰ ধুনীয়া ধুনীয়া ছদ্মনাম ধাৰণ কৰাটো এক অলিখিত পৰম্পৰাৰ কথা আমি ইতিমধ্যে চবেই জানো।

ধুনীয়া ধুনীয়া নামৰ মায়াজালত আৱদ্ধ আলফাৰ কোনোবা বিপ্লৱী নেতাই নিজৰ নাম বা পৰৱৰ্তী কালত নিজৰ লৰাৰ নাম খৰ্গেশ্বৰ ৰাখিছে নে?

গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰ সম্প্ৰচাৰিত সেই সাক্ষাৎকাৰটো নিজেই দেখিছিলো ' প্ৰফুল্ল মহন্ত কমিউন্যাল হাৰ্মোনিয়াম বুলি কৈছিল। প্ৰকৃততে বিশ্ববিদ্যালয়ৰ তথাকথিত ডিগ্ৰীধাৰী হলেও, আবেগৰ জোৱাৰত হঠাৎ ৰাজনৈতিক নেতা হিচাবে আত্মপ্ৰকাশ কৰা অসম গণ পৰিষদৰ কোনো এজন নেতাৰ প্ৰকৃত শিক্ষা, জ্ঞান, বুদ্ধিমত্তা, দক্ষতা, বিচক্ষণতা একো নাছিল। 


সেয়ে দুবাৰকৈ ক্ষমতালৈ আহিও তেওলোকৰ কৰ্ম্মৰাজিৰ কোনো ছাপ ৰাখিব নোৱাৰিলে। বিশেষকৈ ইংৰাজী ভাষাৰ ওপৰত কোনো দখল নথকা বাবেই "অসম চুক্তি" থকা আই এম ডি টি আইনৰ মেৰপাকটো বুজিবলৈ সক্ষম নহ'ল। মাথোঁ ৰাজনৈতিক  ক্ষমতাৰ খকত তেখেতসকলে চুক্তিখনত স্বাক্ষৰ কৰি আহিছিল।

Comments

Popular posts from this blog

সাংখ্য দৰ্শন

বন্ধুত্বৰ সংজ্ঞা-১

নাৰী তুমি অনন্যা