পতি, পত্নী আউৰ ৱহ

"পতি, পত্নী আউৰ ৱহ"

চৰিত্ৰ সমূহঃ

১. ৰিন্টুমণি: চাকৰিয়াল, অফিচৰ মহিলা সহকর্মী সকলৰ ফোন আহিলে পত্নীয়ে সন্দেহ কৰে।
২. জয়া: ৰিন্টুমণিৰ পত্নী, গৃহিণী, পতিক  খুব ভাল পায়, কিন্তু কোনোবা মহিলাৰ সতে প্রেমত পৰিব পাৰে বুলি খুব সন্দেহ কৰে।
৩. মালবিকা: ৰিন্টুমণিৰ সহকর্মী, ডিভোর্সড্। 
৪. সুজাতা: ৰিন্টুমণিৰ আন এগৰাকী সহকর্মী,জুনিয়ৰ।
৫. হেমন্ত কাকতি : জয়াৰ ভিনিহিয়েক। বয়স ৫৫ মান হব। বৃহৎ ব্যবসায়িক সাম্ৰাজ্যৰ গৰাকী। বহুবল্লভ। অফিচৰ যুৱতী এগৰাকীৰ সতে প্রেম। ঘৰত পত্নীক নত/ বশ কৰি ৰাখে।
৬. বীনা: হেমন্ত কাকতিৰ পত্নী। পতিব্রতা, পতিৰ সকলো খবৰ জনাৰ পিছতো একো প্রতিক্রিয়া নেদেখুৱাই, বৰং পতিৰ সকলো আদেশ মানি চলে।
৭. লিজা: আধুনিকা যুবতী। হেমন্ত কাকতিৰ অফিচৰ নৱ-নিযুক্ত চেক্রেটাৰী।
৮. ভাস্কৰ: হেমন্ত কাকতিৰ অফিচৰ জুনিয়ৰ কৰ্মচাৰী।

প্রথম দৃশ্য:
(ক্লোজআপ শ্বট) :

(ড্ৰেছিং টেবুলৰ সন্মুখত থিয় হৈ হেমন্ত কাকতিয়ে অফিচলৈ বুলি সাজি কাঁচি ওলাইছে। চৌখিন হেমন্ত কাকতিয়ে পাৰফিউমৰ বটল এটা চেপি সুদৃশ্য স্যুটৰ ওপৰত চটিয়াব। মুখত ৰোমান্টিক হিন্দী গানৰ কলি এটাৰ সুহুৰি মাৰি অথবা মুখেৰে গাব। আইনা খনত ফাইনেল লুক্ এটা দি বেডৰূমৰ পৰা ওলাই যাব। কেমেৰাই পিছফালৰ পৰা ফ'ল কৰিব। ড্ৰ‌ইং ৰূমত পত্নী বীনা একেবাৰে সাধাৰন সাজ-পাৰ পিন্ধি থকা অবস্থাত ৰৈ আছে। হেমন্ত কাকতিৰ হাতত অফিচৰ ব্ৰীফকেইছটো তুলি দি কিবা এটা ক'ব বিচৰাৰ আগতেই ব্ৰীফকেইছটো লৈ হেমন্ত কাকতিয়ে ক'ব।)

হেমন্ত কাকতি: দুপৰীয়া ভাত খাবলৈ নাহো, তুমি জানাই মই আহিব নোৱাৰো , তাৰপিছতো সদায় সদায় একেটা কথা কিয় যে সোধা!

(হেমন্ত কাকতিয়ে কোনো ধৰনৰ উত্তৰৰ অপেক্ষা নকৰি ওলাই যাব। কেমেৰাই পিছফালৰ পৰা ফলো কৰিব) বাংলোৰ বাহিৰত ৰৈ থকা দামী শীত তাপ নিয়ন্ত্ৰিত গাড়ী খনৰ চালকে চেল্যুট মাৰি ব্ৰীফকেছটো লৈ দর্জা খুলি দিব। গাড়ীৰ ভিতৰত বহি লৈ গাড়ী গৈ থকা অবস্থাত দামী মোবাইলত ফেইচবুকৰ একাউন্ট খুলি চাৰিজনীমান বৰ ধুনীয়া নামৰ ছোৱালীক মেচেজ দিব। মেচেজ বোৰ হব এনেধৰনৰ

১)"হাই জান মিছ ইউ"
২)"ইউ আৰ লূকিং টুউ গৰ্জিয়াছ" 
৩)"তোমাক চাবলৈ বৰ মন গৈছে, জানু!" 
৪)"আকৌ কেতিয়া লগ পাম তোমাক প্রিয়া?"
(মেচেজ বোৰ মোবাইলত ক্লোজ আপ কৰি দেখুবাব লাগিব। )

দ্বিতীয় দৃশ্য :
(অফিচৰ দৃশ্য। কর্পোৰেট অফিচৰ বচৰ ৰূমৰ বাহিৰৰ দৰজাত লিখা আছে। Hemanta Kakati, Managing Director তলত লিখা থাকিব "বিনা অনুমতিত প্রবেশ নিষেধ।" বচ অর্থাৎ হেমন্ত কাকতিয়ে লেপটপ লৈ  গহীন হৈ বহি আছে। সন্মুখীন এগৰাকী সুন্দৰী আধুনিকা যুৱতী বহি আছে।)

হেমন্ত কাকতি: চাকৰি কৰি কেনে পাইছা?
লিজা: ভালেই ।
হেমন্ত কাকতি : আৰু ভাল লাগিব। বাৰু মই যে তোমাক, তুমি বুলি 
মাতো, তোমাৰ কেনে লাগে?
লিজা : ভালেই।
হেমন্ত কাকতি : গুড, তুমি নতুনকৈ 
চাকৰিত জ‌ইন কৰিছা বাবে কথা এটা কৈ থওঁ। সদায় পজিটিভ 
এটিটিউড, এটা মেইন্টেইন 
কৰিবা। কেৰিয়াৰ বনাবলৈ 
হ'লে ইয়েচ্ বুলি কবলৈ শিকা, দেখিবা তোমাৰ ফিউচাৰ ব্ৰাইট, বুজি পালা নে মই কি ক'ব বিচাৰিছো?

লিজা: ইয়েচ্ চাৰ
হেমন্ত কাকতি: সুন্দৰ অতি সুন্দৰ। তুমি পাৰিবা।
লিজা : চেষ্টা কৰিম চাৰ।
হেমন্ত কাকতি: শুনা, আজি দুপৰীয়া আমি দুয়ো লাঞ্চ কৰিবলৈ 
যাম। 
লিজা: কিন্তু চাৰ...
হেমন্ত কাকতি: তুমি কি মাছ খাই ভাল পোৱা?
লিজা: মাছ মানে... চালানী মাছ নাখাও।
হেমন্ত কাকতি : মইও লোকেল মাছেই খাই ভালপাওঁ। উত্তৰ গুৱাহাটীৰ হাইৱেৰ ওচৰত নতুনকৈ 
ধাবা এখন খুলিছে, বৰালী মাছৰ টেঙাৰ জোলৰ বাবে ফেমাচ। তুমি মোৰ সতে যাবা। ওকে ?
(হেমন্ত কাকতিৰ পত্নী বীনাৰ ফোন আহিব। হেমন্ত কাকতিয়ে অনিচ্ছাস্বত্বেও ফোন তুলিব।)
হেমন্ত কাকতি : সোনকালে কোৱা, মই বিজি আছোঁ।
বীনা: আজি ভাত সাঁজ ঘৰতেই খাব।
হেমন্ত কাকতি: কেলেই, আজি তোমাৰ বাৰ্থডে নেকি?
বীনা: নহয় মানে আজি বৰালী মাছৰ টেঙাজোল বনাইছো, আপুনি ভাল পায় যে।
হেমন্ত কাকতি: বৰালী মাছ? শুনা ম‌ই মিটিংত আছো, তোমাক 
আগতেও কৈছো, অদৰকাৰী কথাৰ বাবে মোক অযথা ফোন নকৰিবা।
(ফোন কাটি দিয়ে)
হেমন্ত কাকতি: আমি আধা ঘন্টাৰ 
ভিতৰত ওলাম।
লিজা: ঠিক আছে চাৰ, মই উঠো এতিয়া। 
(বহাৰপৰা উঠিব। ) 
হেমন্ত কাকতি : ক'লৈ যোৱা?
লিজা : অকনমান ফ্ৰেশ্ব হৈ আহো।
হেমন্ত কাকতি :  ওকে ওকে।
লিজা: থেঙ্কছ্
( লিজা বাহিৰলৈ ওলাই যাব ধৰোতেই পিছফালৰপৰা কমলে মাতি কব।)
হেমন্ত কাকতি: মিচ লিজা, তোমাৰ 
ফেইচবুকৰ একাউন্ট আছেনে? 
লিজা: ফেইচবুক! নাই চাৰ। কিয় চাৰ?
হেমন্ত কাকতি : নো প্ৰব্লেম, মই এটা একাউন্ট খুলি দিম বাৰু !
লিজা: ওকে চাৰ।
হেমন্ত কাকতি: আগতে মন কৰা নাছিলো, তুমি পিন্ধা কাপোৰবোৰ বৰ ধুনীয়া! ইউ আৰ লুকিং 
ভেৰী এট্ৰাক্টিভ ইন দিছ্ এটায়াৰ।
লিজা: থেঙ্ক ইউ চাৰ্।
(লিজা ওলাই যোৱাৰপিছত ফোন কৰিব) 

হেমন্ত কাকতি: ভাস্কৰ, ড্রাইভাৰক গাড়ী মেইন গেইটলৈ আনিব কোৱা, মই এতিয়াই ওলাম।
(বাহিৰৰ ৰিচেপশ্বন কাউন্টাৰত পুৰন্দৰে ফোন উঠাব। সন্মুখেদি লিজা পাৰহৈ যাব। ভাস্কৰে লিজাৰ ফালে চাই ক'ব)  

ভাস্কৰ: ইয়েচ্ চাৰ, ওকে চাৰ্।

(ভিতৰত ফোনটো থৈ হেমন্ত কাকতিয়ে ক'ব।)
হেমন্ত কাকতি:বৰালী মাছ মোৰ বৰ প্রিয়। 

তৃতীয় দৃশ্য :
ৰিন্টুমণিৰ ফ্লেটৰ দৃশ্য।
ৰিন্টুমণিয়ে বাথৰূমৰ ভিতৰত গা ধুই, টাৱেলেৰে গা মচি আছে। বাহিৰৰ কিচ্ছেনত জয়াই ৰাতিপুৱাৰ জলপান তৈয়াৰ কৰি আছে।ডাইনিং টেবুলৰ ওপৰত থকা ৰিন্টুমণিৰ মোবাইলটো বাজি উঠাত জয়াই ফোনটো তুলি কলাৰৰ নামটো চাব। মোবাইলৰ স্ক্ৰীণত ছোৱালীৰ নাম অর্থাৎ "মালবিকা" নামটো দেখি কৌতুহলবশত ফোনটো তুলিব আৰু ফোনটো তোলাৰ লগে লগে বাথৰূমৰপৰা ৰিন্টুমণিয়ে ওলাই আহি ফোনত জয়াই কিনো কথা পাতে শুনিব।)

জয়া: হ্যালো, কাক লাগে?
(মালবিকাই বাছ স্ট্যান্ডৰ মূৰত অটো এখন ৰখাব আৰু ৰিক্সা/ অটো/ চিটিবাছত উঠি থকা অবস্থাত অথবা ৰৈ থাকি কব।)
মালবিকা: বৌ, মই মালবিকাই কৈছোঁ। ৰিন্টুমণিদা নাই নেকি?
জয়া: ফোনটো ঘৰত আছে যেতিয়া, ৰিন্টুমণিদাও নিশ্চয় ঘৰতেই থাকিব। ৰিন্টুমণিদাক কিয় লাগে?

(মালবিকাই চলন্ত ৰিক্সা/চিটিবাছ/অটোৰপৰা ক'ব)

মালবিকা: বৌ, মানে মই ৰিন্টুমণিদাৰ অফিচতেই চাকৰি কৰো। কথা এটা কবলগীয়া আছিল।
জয়া: ৰিন্টুমণি অফিচলৈ ওলাইছেই, কথাটো অফিচতো কব পাৰিলেহেতেঁন।
মালবিকা: কথাটো অলপ আৰ্জেন্ট , সেইকাৰনেহে কৰিছিলো।
(এই সময়চোৱাত ৰিন্টুমণিয়ে উচপিচাই থাকিব, ফোনটো লবলৈ বিচাৰিব। কিন্তু বাহিৰত উৎসুকতা প্রকাশ নকৰিব। ফাইনেলী ফোনটো জয়াৰপৰা ল'ব।)

ৰিন্টুমণি: কাৰ ফোন, চাও দিয়াচোন।
(ফোনটো জয়াৰপৰা ল'ব। ফোনটো দি উচাৎ মাৰি ৰান্ধনি ঘৰৰ ফালে যাব। জয়াৰ বিৰক্তিভৰা মুখৰ ক্লোজ আপত দেখুবাব লাগিব। ৰিন্টুমণি আৰু মালবিকাৰ কথোপকথন চাইলেন্ট মুডত দেখুবাব। ৰিন্টুমণিয়ে কথা শেষ কৰি ফোনটো ৰাখি স্বাভাবিক হোৱাৰ চেষ্টা কৰি জয়াক সুধিব।)

ৰিন্টুমণি: আজি খাবলৈ কি বনাইছা, জান?
(জয়াই দুয়োখন হাত সাবটি সুধিব।)
জয়া: মালবিকাই কিয় ফোন কৰিছিল?
ৰিন্টুমণি: কোন মালবিকা? 
জয়া: কোন মালবিকা! তোমাৰ কেবাজনীও মালবিকা আছে নেকি?
ৰিন্টুমণি: অ' এইমাত্র যে ফোন কৰিছিল। নাই মানে, অফিচৰ ইম্প'ৰ্টেন্ট কথা এটা জনাবলৈ ফোন কৰিছিল। ছোৱালীজনী বৰ ভাল, মানে বৰ ভদ্র ছোৱালী।
জয়া: ভদ্র ছোৱালী যদি ৰাতিপুৱাই 
তোমাক ফোন নকৰি, তুমি 
অফিচলৈ যোৱাৰ অপেক্ষা নকৰিলে কিয়?
ৰিন্টুমণি: কথাটো ইম্প'ৰ্টেন্ট আছিল বাবেই ফোন কৰিছিল আকৌ। 
জয়া: এনে কি ইম্প'ৰ্টেন্ট কথা হব পাৰে, তুমি অফিচলৈ যোৱালৈ ধৈর্য্য ধৰিব নোৱাৰিলে।
ৰিন্টুমণি: আজি ৰাতিপুৱা, হোটেল 
ব্রহ্মপূত্রত দিল্লীৰ পৰা অহা এটা 
গ্রুপৰ সতে আমাৰ মানে মোৰ 
এখন মিটিং আছিল। মই   
অফিচলৈ নগৈ, ঘৰৰপৰা ডাইৰেক্ট 
মিটিং খনলৈ যোৱাৰ কথা 
আছিল। লাষ্ট মোমেন্টত মিটিংখন 
কেনচেল্ হৈছে বুলি জনাবলৈ 
মোক ফোন কৰিছিল।
জয়া: মিটিংলৈ মালবিকাও যোৱাৰ কথা আছিল চাগৈ! 
ৰিন্টুমণি: তাই আকৌ মিটিং লৈ কিয় যাব?
জয়া: মিটিংৰ নামত চেটিং কৰিবলৈ লম্ভিবও পাৰে।
ৰিন্টুমণি: আস! তুমি কিবোৰ যে কৈছা, জান। মোৰ ভোক লাগিছে, খাবলৈ দিয়া।
জয়া: এই সাধাৰন কথাটো জনাবলৈ ফোন নকৰি এচ এম এচ এটাও কৰিব পাৰিলেহেতেঁন ।
ৰিন্টুমণি: তুমিও পুলিচৰ দৰে জেৰা নকৰি, কি ইম্প'ৰ্টেন্ট কথা সুধিব 
পাৰিলেহেতেঁন।

জয়া: তাইৰ প্রতি দেখিছো বৰ দৰদ। প্রেমত পৰিছা নেকি আকৌ?

ৰিন্টুমণি: চোৱা আমি একেলগে চাকৰি কৰো আৰু তাই মোৰ জুনিয়ৰ, 
কেতিয়াবা কেতিয়াবা চিনিয়ৰ হিচাবে মোক ফোন কৰি সুধিবও 
পাৰে, নিশ্চয়।

জয়া: (হাতত ডাঙৰ চামুচ এখন লৈ) তোমালোকৰ চিনিয়ৰ - জুনিয়ৰৰ খেল অফিচত, খবৰদাৰ আগলৈ তুমি ঘৰত থকা অৱস্থাত যেন কেতিয়াও ফোন নকৰে। 

ৰিন্টুমণি: তুমি মিছাকৈ ভুল ভাবিছা, জান। 
মালবিকা এজনী সঁচাকৈয়ে বৰ ভাল ছোৱালী, মানে ভদ্র ছোৱালী।

জয়া: তুমি তাইৰ কেৰেক্টাৰ চাৰ্টিফিকেট 
নিদিলেও হব। অ' তুমি তাইক কি বুলি মাতা?

ৰিন্টুমণি: মানে?

জয়া: মানে তুমি তাইক আপুনি বুলি মাতা নে তুমি বুলি নাম কাঢ়ি মাতা?

ৰিন্টুমণি: কিয়, তাই মোৰ জুনিয়ৰ আৰু মোতকৈ সৰু গতিকে তুমি বুলিয়েই মাতো।

জয়া: আজিৰ পৰা তুমি তাইক আপুনি বুলি মাতিবা। তাইক কবা যে  তুমি যিহেতু তাইতকৈ চিনিয়ৰ গতিকে তোমাক যেন দাদা বুলি নামাতে। 
চাৰ বুলি মাতে। 

(ওপৰত উল্লেখিত কথোপকথনখিনি দুয়ো নিজৰ নিজৰ কাম কৰি থকা অবস্থাত পতা বুলি নেচাৰেলী দেখুৱাব লাগিব। ইতিমধ্যেই  ৰিন্টুমণি অফিচলৈ যাবলৈ বুলি বেচ সাজি কাচি ওলাই  ডাইনিং চেয়াৰত বহি পৰিছে আৰু ৱাল ক্লকটোৰ ফালে চাই ক'ব)

ৰিন্টুমণি: তুমি ঠিকেই কৈছা, মই আজিয়েই 
তাইক মানে তেখেতক অর্থাৎ সেই ভদ্র ছোৱালীজনী মানে ভদ্রমহিলা গৰাকীক কম যে 'আজিৰপৰা মই 
আপোনাক আপুনি বুলি মাতিম আৰু আপুনিও মোক দাদা চাদা নুবুলি চাৰ বুলি মাতিব। আৰু মোক ফোন নকৰিব, জৰুৰী কথা হলে এচ এম এছ কৰিব। ওকে জান, এতিয়া খাবলৈ দিয়া, অফিচলৈ দেৰিয়েই হ'ল।

(জয়াই চুপ চাপ খাবলৈ দিব আহি ৰিন্টুমণিক ভালদৰে লক্ষ্য কৰিব,  আনহাতে ৰিন্টুমণি অপ্রস্তুত হব। টেবুলৰ ওপৰত জলপানৰ বাটি- প্লেট ৰাখি কব।)

জয়া: অফিচলৈ যাওতে ইমান সাজি কাঁচি কিয় যাব লাগে?

ৰিন্টুমণি: মইতো সদায় এইদৰেই যাও। অ' 
টাইডাল? টাইডাল মিটিং বুলি পিন্ধিছিলো, সমস্যা নাই এইডাল খুলি থম বাৰু?

জয়া: সদায় দাঢ়ি খুৰাই আমীৰখান সাজি অফিচলৈ নগলেও হব।

ৰিন্টুমণি: তুমি কৈছা যেতিয়া ভালেই হল, 
মই আকৌ তুমি বেয়া পাবা বুলিহে সদায় ক্লীন শ্বেইভ কৰি ৰাখো।   
(খাবলৈ এৰি টাইডাল খুলিব ধৰে।)  
এইডাল পিন্ধিলে এনেয়েও মোৰ দম বন্ধ হোৱা যেনহে লাগে। আ: এতিয়া বৰ আৰাম পাইছো।

(ৰিন্টুমণিয়ে পুনৰ খাব ধৰে, কেমেৰাই জয়াৰ টাইট ক্লোজ আপ এটা ল'ব যত জয়াই মুখ টিপি মিচিকিয়াই হাঁহিব। কেমেৰা অফ্)

চতুৰ্থ দৃশ্য :
(ৰিন্টুমণিৰ অফিচৰ দৃশ্য ।
মালবিকা আৰু সুজাতা ওচৰা-ওচৰি দুখন টেবুলত বহি কাম কৰি কৰি লগতে কথা পাতি থকা দেখা যাব।)

সুজাতা: মালা বা কি হ'ল? মনটো মাৰি আছে যে, আপুনি আজি মিটিঙ
লৈ নগ'ল?

মালবিকা : নাই অ' এনেয়ে, আজিৰ মিটিং 
লাষ্ট মোমেন্টত কেনচেল্ হ'ল আকৌ।

সুজাতা: অ' হয় নেকি? তেতিয়া হলে গৌতম চাৰ অফিচলৈ আহিব চাগৈ?

মালবিকা : মিটিং কেনচেল্ হ'ল বুলি মই জনাইছিলো, আহিব চাগৈ।

সুজাতা: মালাবা মই জৰুৰী ফাইল এটা 
পুট আপ্ কৰিব লাগিব, আজি চাৰ নাহে বুলিয়েই মই ৰেডী কৰা নাছিলো। চাৰ আহি পালেই ফাইলটো বিচাৰিব।

মালবিকা: ঠিক আছে, মোৰো লেটাৰ এখন টাইপ কৰিবলগা আছে। 

( দুয়ো নিজৰ কামত ব্যস্ত হৈ পৰিব, ৰিন্টুমণিৰ প্রবেশ। ৰিন্টুমণি ঘৰৰপৰা ওলাই অহা কাপোৰ যোৰ পিন্ধা থাকিব।)

ৰিন্টুমণি: গুড্ মৰ্ণিং
(মালবিকা আৰু সুজাতাইও গুড্ মৰ্ণিং জনাব।)

ৰিন্টুমণি: সুজাতা, কম্পেনশ্বেছনৰ 
ফাইলটো লৈ মোৰ কেবিনলৈ আহা।

সুজাতা: চাৰ, মই ৰেডী কৰি আহি আছোঁ 
ৰিন্টুমণি: ৰেডী মানে? এতিয়াও ৰেডী হোৱাই নাই? সোনকাল কৰা 
আজি বছৰ টেবুল পাব লাগিব।

(ৰিন্টুমণি নিজৰ কেবিনত সোমায়। কেবিনৰ ভিতৰৰ দৃশ্যত ৰিন্টুমণিয়ে টেবুলৰ পৰা ফাইল এটা উলিয়াই মনোযোগ সহ চাই থাকোতে মালবিকা আহি সোমাব। টেবুলৰ সন্মুখৰ চেয়াৰ খনলৈ দেখুৱাই বহিবলৈ কব।)

ৰিন্টুমণি: বহা, কিবা কবা? 

মালবিকা: অথনি মই ফোন কৰা কাৰনে 
বৌ মানে আপোনাৰ মিচেচে এ বেয়া পালে নেকি?

ৰিন্টুমণি: কি কৈছা ? আচ্ছা, তুমি তেনেকৈ কিয় ভাবিলা?

মালবিকা: মানে মোৰ এনেকুবা লাগিল 
যে, মই ফোন কৰাটো তেখেতে বৰ এটা ভাল পোৱা নাই নেকি?

ৰিন্টুমণি: ভুল, তুমি ভুল ভাবিছা, মোৰ মিচেছ মানে তোমাৰ নবৌ এগৰাকী ব্ৰ'ড মাইণ্ডেড মহিলা। তেওঁ এইবোৰ কথাত একদম মাইণ্ড নকৰে।

মালবিকা: কিন্তু কিয় জানো এনেকুৱা লাগিল....

ৰিন্টুমণি: ও আচ্ছা (হাঁহি) মই কথাটো বুজি পাইছো, মানে আজি কি হ'ল জানা, এওঁ ভাজিখন কেৰাহীত তুলি মোক চাবলৈ কৈ বাথৰূমত সোমাল, মইও মিটিং লৈ বুলি ৰেডী, মিটিং মানে তুমি যে কেনচেল্ হোৱা বুলি কলা, সেই মিটিং লৈ বুলি ড্ৰেছিং টেবুলৰ সন্মুখত, সাজি কাচি থাকোতে, ভাজি জ্বলি ঘৰৰ ভিতৰত ধোৱিই ধোৱা। এওঁ বাথৰূমৰপৰা ওলাই আহি গেচ ৰ স্টোভ্ বন্ধ কৰিলে।

মালবিকা: অ' হয় নেকি, তাৰপিছত?

ৰিন্টুমণি: তাৰপিছত আৰু কি হব পাৰে, তুমি কল্পনা কৰা, মোৰ ওপৰত গৰম। 

মালবিকা: অ' এতিয়া বুজি পাইছো, সেই সময় চোৱাতেই মোৰ ফোনটো উঠালে চাগৈ !

ৰিন্টুমণি: মইনো কি কৈছো, এওঁ গৰম হোৱাৰ কাৰনটো পিচে তুমি যিটো ভাবিছা, সেইটো নহয় কিন্তু!

মালবিকা: মানে ? ভাজিখন আপুনি লৰাই নিদিলে বাবে জ্বলিল, সেই কাৰনে খং নাই উঠা? তেতিয়া হলে কি কাৰনে খং কৰিলে?

ৰিন্টুমণি: মোৰ মিটিং লৈ ইতিমধ্যেই দেৰী হৈছে আৰু নতুনকৈ ভাজি এখন বনাবলৈ সময় নহব, অর্থাৎ মই ঘৰৰপৰা ব্ৰেক-ফাৰ্ষ্ট নকৰাকৈ ওলাম, সেই কথাটোহে তেওঁক বেছি আমনি কৰিছে। তেওঁৰ মূড্ অফ্, গতিকে বাকী খিনি বুজি পাইছাই।

মালবিকা: স-চাঁ-চাঁ, আপোনাৰ বৌজনী ইমান ভাল। মইহে মিছাতে ভুল বুজি আছিলোঁ। 

ৰিন্টুমণি: আৰু এটা কথা কি জানা, ফেইচ্ টু ফেইচ্ কথা পতা আৰু ফোন ত কথা পতাৰ মাজত আকাশ পাতাল পার্থক্য।

(কথাষাৰ শেষ কৰি টেবুলৰ ওপৰত থকা পানী গিলাচ পি খাব আৰু মালবিকাৰ ফালে চাব।)

মালবিকা: বুজি পালো, উফ্ এতিয়াহে মোৰ মনটো পাতল পাতল লাগিছে।
ৰিন্টুমণিদা, মই আপোনাক বেলেগ কথা এটা কম বুলিহে আহিছিলো।
ৰিন্টুমণি: বেলেগ মানে, কি বেলেগ কথা? কোৱাচোন?
মালবিকা: আপুনিতো মোৰ বিবাহিত জীৱনৰ বিষয়ে সকলোখিনি জানেই।
ৰিন্টুমণি: সকলোখিনি বুলি কলে ভুল হব, মোটামুটি তোমাৰ হাজবেণ্ডৰ সতে তোমাৰ সু-সম্পর্ক নাই বুলি তুমি এদিন কৈছিলা। 

মালবিকা: ফেমিলী কোৰ্টত ডিভোৰ্ছৰ আপীল কৰিছিলো, অহা সোমবাৰে শুনানী হব।

ৰিন্টুমণি: হয় নেকি? তুমি কিবা বেলেগ কথা কম বুলি কৈছিলা যে, কথাটো এইটোৱেই নেকি?
মালবিকা: ৰিন্টুমণিদা, মই এই চহৰত নতুন, মোৰ আত্মীয় স্বজন বুলিবলৈ কোনো নাই, আনহাতে অফিচৰ সকলোকে সকলো কথা কবও নোবাৰি। কলেও ভুল বুজা মানুহৰ সংখ্যাহে বেছি।
ৰিন্টুমণি: মই বুজি পাইছো, মোৰ ফালৰ পৰা তোমাক মই কিবা সহায় কৰিব পাৰো নেকি, তুমি বিনা দ্বিধাই কোৱা?
মালবিকা: যদি আপোনাৰ কোনো অসুবিধা নহয়, সোমবাৰে কোৰ্টলৈ মোৰ সতে আহিব পাৰিব নে?

ৰিন্টুমণি: সোমবাৰে? এই সোমবাৰে?

মালবিকা: অহা সোমবাৰে। মই লীভ্ এপ্লাই কৰিছো, আপুনি এঘন্টা মানৰ বাবে আহিলেই হব। 

গৌতম: ঠিক আছে বাৰু, মই আহিম।

মালবিকা: আচলতে কোৰ্ট কাছাৰীত অকলে এগৰাকী মহিলা, তাৰোপৰি ডিভোৰ্ছ কেইছ্ বুলি যদি গম পায়, মানুহবোৰৰ অহেতুক কৌতুহল বৰ অসহ্যকৰ। আপুনি মোৰ নিজৰ দাদাৰ দৰে, কিন্তু ইমানদিনে আপোনাকো কম নে নকম বুলি ভাবিহে আছিলোঁ । 

ৰিন্টুমণি: কোনটা কথা?

মালবিকা: মোৰ লগত কোৰ্টলৈ যোৱা কথাটো।

ৰিন্টুমণি: কিয় নক'ম বুলি ভাবিছিলা?

মালবিকা: মোৰ অভিশপ্ত জীবনৰ বাবে কাৰোবাৰ দাম্পত্য জীবনত ভুল বুজাবুজিৰ সৃষ্টি হোৱাটো মই কেতিয়াও নিবিচাৰো।

ৰিন্টুমণি: মানে কি ভুল বুজাবুজিৰ কথা কৈছা?

মালবিকা: আমাৰ সমাজে ডিভোৰ্ছ শব্দটোৰ সতে জড়িত নাৰী গৰাকীক অস্পৃশ্য বুলি গণ্য কৰে, সেয়েহে মোক সহায় কৰিবলৈ আহি আপোনাৰ পাৰিবাৰিক অশান্তি হোৱাটো, কেতিয়াও বিচৰা নাছিলো। আপোনাৰ পৰা আজি বৌৰ বিষয়ে মানে বৌৰ উদাৰ মনটোৰ কথা জানিব পাৰিহে আপোনাৰ সহায় বিচাৰিবলৈ সাহস পালো।

ৰিন্টুমণি: তুমি মোক কৈ খুব ভাল কৰিছা। আমাৰ এওঁ খুব ব্ৰ'ড মাইণ্ডেড, এনেধৰনৰ সৰু-সুৰা কথাক পাত্তাই নিদিয়ে। যিহেতু মোক দাদা বুলি ভাবিলা, আজিৰপৰা কোনো কথাত    
সংকোচ নকৰিবা, ওকে?

মালবিকা: তেতিয়াহলে মই এতিয়া উঠো, মই সোমবাৰে ৰাতিপুৱা 
আপোনাক এবাৰ ফোন কৰিম।

ৰিন্টুমণি: (উচপ খাই উঠাৰদৰে) ফোন? আকৌ ফোন? 

মালবিকা: মানে ? 
ৰিন্টুমণি: মানে ফোন আকৌ কিয় কৰিবা?

মালবিকা: কিয়? আপুনি যাতে নাপাহৰে।

ৰিন্টুমণি: নাই ফোন নকৰিবা, একদম ফোন নকৰিবা। মানে মই কিয় পাহৰিম? নাপাহৰো। তুমি ফোন কৰিব নালাগে মানে কল্ এটা নষ্ট কৰাৰ কোনো যুক্তি নাই। 

মালবিকা: ঠিক আছে নকৰো।

ৰিন্টুমণি: তোমাৰ প্রয়োজন হলে তুমি যেতিয়া মন যায় তেতিয়াই ফোন কৰিবা, কোনো প্ৰব্লেম্ নাই, মোৰ ফোন ২৪ ঘন্টা অন্ থাকে।

(মালবিকা বহাৰপৰা উঠি)

মালবিকা: ঠিক আছে, আপুনি এঘাৰবজাত কোৰ্টলৈ লৈ আহিব।

ৰিন্টুমণি: হব, আহিম।
মালবিকা, খুব জৰুৰী হলে তুমি এচ এম এছ কৰিবা। কল্ কৰিলে নেটৱৰ্ক প্ৰব্লেম্, নট ৰিচ্চেবল্ এইচব নানা ধৰনৰ প্ৰব্লেম্ থাকে। এচ এম এছ ত কোনো প্ৰব্লেম্ নাই, নিজৰ সময় মতে চালো, তোমাৰ কথাটোও গমো পালো। অথচ কথা পাতি সময়ো নষ্ট নকৰিলো। মই ভাবো আমি সকলোৱে কল্ নকৰি অকল এচ এম এছেই কৰা উচিত।

মালবিকা: হব দাদা, মই আহো, তেনেহলে।

ৰিন্টুমণি: অ যোৱা। 

(ভাগৰি যোৱাৰ দৰে দীর্ঘ নিশ্বাস এটা এৰিব আৰু ফোনটো উলিয়াই  কিবাকিবি কৰিব।)

ষষ্ঠ দৃশ্য:

সুজাতা: চাৰ ফাইলটো এবাৰ চাই লওক। (ফাইল এটা আগবঢাই দিয়ে)

ৰিন্টুমণি : চাপোৰ্টিং ডকুমেন্টছ্ বোৰ ক'ত? সেই ডকুমেন্টছ্ বোৰ লাগিব।

সুজাতা: ডকুমেন্টছ্ খিনি জেৰক্সকৰিবলৈ দিছো, চাৰ। আৰু....

(সুজাতাৰ কথাৰ মাজতে ৰিন্টুমণিৰ মোবাইলটো বাজি উঠিব। ৰিন্টুমণিয়ে হাতেৰে ইংগিত দি সুজাতাক ৰখাব আৰু ফোনটো ৰিচিভ কৰিব। ৰিন্টুমণিৰ পত্নী জয়াই ফ্ল্যাটৰ বেলকনীত ওলোমাই ৰখা ঝুলনা এখনত বহি হাত আৰু ভৰিৰ আঙুলিত নেইল পলিশ্ব লগাই ৰিলাক্স মূডত পতিক লেইগ্ পূলিং কৰাৰ দৰে সুধিব। ইফালে ৰিন্টুমণি সুজাতাৰ সন্মুখত কিছু অপ্রস্তুত হৈ পৰিব।)



ৰিন্টুমণি: হ্যালো, অ' কোৱা?

জয়া: হাই জান, কি কৰিছা? 

ৰিন্টুমণি: আছোঁ অফিচতে, ফাইল এটা চাই আছোঁ। কিবা কবা?

জয়া: কাৰোবাৰ সতে কথা পতা যেন শুনিছিলো, মীটিং-চেটিং চলি থকা নাই তো? সন্মুখত কোন? 
মালবিকা নে নতুন ছোৱালী জনী?

ৰিন্টুমণি: কি যে কোৱা, অফিচত আৰু বেলেগ কোনো থাকিব নোৱাৰে নেকি?

জয়া: কেলেই নাথাকিব, নিশ্চয় থাকিব পাৰে, আচ্ছা নতুন ছোবালীজনীৰনামটো কি আছিল জানো? 

ৰিন্টুমণি: তোমাৰকথা শেষ হ'ল যদি মই ৰাখো।

জয়া: ৰবা ফোন কাটিলে কথা কিন্তু বেয়া হব। নামটো মই মনত পেলাব পৰা নাই বাবেহে সুধিছো। কোৱানা জান, প্লীইজ্...

ৰিন্টুমণি: আস: তুমি এইবোৰ কি যে আৰম্ভ কৰিছা। (সুজাতাক উদ্দেশ্যি কব) এই তুমি মানে আপুনি, আপুনি ডকুমেন্টছৰ কপি বোৰ কিয় এটাচ্চ্ কৰা নাই।

সুজাতা: চাৰ, আপুনি মোক সদায় তুমি বুলিয়েই মাতে চোন, আজি আকৌ আপুনি বুলি কিয় মাতিছে। 

গৌতম: আজিৰপৰা মই সকলোকে আপুনি বুলিয়েই মাতিম। কিবা সমস্যা আছে আপোনাৰ? আপুনি এতিয়া যাওক আৰু আটাইবোৰ  ডকুমেন্টছৰ কপি এটাচ্চ্ কৰি, ফাইল্ ৰেডী কৰিহে মোৰ ওচৰলৈ আনিব।



(সুজাতাই মিতভাষী ৰিন্টুমণিৰ এই ৰূপ দেখি কিছু আচৰিত হৈ ফাইলটো লৈ "ওকে চাৰ" বুলি ওলাই যাব। সুজাতা ওলাই যোবাৰপিছত ৰিন্টুমণিয়ে স্বস্তিৰ নিশ্বাস পেলাব। সিফালে লাইনত থকা জয়াই ৰিন্টুমণিক সুধিব।)

জয়া: কাক ইমান দম দিছা, জান?

(গৌতমে ইফালে সিফালে চাব আৰু কোনো নথকাৰ সূযোগ লব।)

গৌতম: এ্যহ্  নকবা আৰু নতুনকৈ জ‌ইন্ কৰিছে, নাম সু... নামটো সন্জয়, ফাইল এটা ৰেডী কৰিব শিকা নাই। তুমি চিন্তা কৰা সুদা ফাইল এটা লৈ আনিছে, ভিতৰত কাগজ পত্র একো নাই।

জয়া: নতুনকৈ জ‌ইন্ কৰিছে হে, লাহে লাহে শিকিব দিয়া। 

ৰিন্টুমণি: প্রথমতে নিশিকিলে কেতিয়াও নিশিকে, বুজিছা। তুমি এটা কথা লক্ষ্য কৰিলা নে? মই যে এতিয়া চবকে আপুনি বুলি মাতিব লৈছো।

জয়া: (হাঁহি) হয় নেকি, একান্ত বাধ্য ছাত্র! শুনা মই কিয় ফোন কৰিছিলো, কৈ লও, নহলে পাহৰি থাকিম আকৌ।

ৰিন্টুমণি: (চিৰিয়াছ হৈ) কোৱাচোন কিয় ফোন কৰিছিলা?

জয়া: ভিনদেউৰ জন্মদিন। ৰাতি ভাত খোৱাকৈ মাতিছে। তুমি অলপ সোনকালে আহিবা।

গৌতম: জন্মদিন, এস কেইদিনমান আগতে গৈছিল হে, আকৌ আহি পালেই নে? 

জয়া: মানে?

ৰিন্টুমণি: এই গতিত জন্মদিন আহি থাকিলে মানুহজন বৰ সোনকালে বুঢা হৈ যাবচোন।

জয়া: ডোন্ট বি চোও জেলাছ্ ৰিন্টু, ভিনদেউ এতিয়াও তোমাতকৈ বহুত ডেকা হৈয়েই আছে। 

ৰিন্টুমণি: মনটো বুঢ়া হোৱা নাই আকৌ!

জয়া: বাদ দিয়া এইবোৰ, তুমি আবেলি, অফিচৰ পৰা সোনকালে ওলাই, পোখৰাজৰ দোকানৰ পৰা এটা দামী, ইম্প'ৰ্টেড্ পাৰফিউম্, গীফ্ট প্যাক কৰি আনিবা। মনত থাকিব নে?

ৰিন্টুমণি: কিয় নাথাকিব? কিন্তু অফিচৰপৰা সোনকালে কিয় ওলাব লাগে? ভাত খাবলৈ ৰাতিহে মাতিছে। 

জয়া: তোমাৰ মাথাটোই কেতিয়াবা কেতিয়াবা কাম নকৰে নেকি? ভাত খাবলৈ ৰাতি মাতিছে কাৰনে ৰাতি দহ বজাত গৈ ওলাবা নেকি?

ৰিন্টুমণি: মই ৰাতি দহ বজাত যাম বুলি কেতিয়া কলো?

জয়া: আমাক সোনকালে যাবলৈ কৈছে, in fact মই নোযোবালৈ cake নাকাটো বুলি কৈছে।

ৰিন্টুমণি: কেইকো কাটিব??? (সুৰসলাই) আচ্ছা কেইক্ কাটিব। 

জয়া: কাটিব আকৌ, তোমাৰ দৰে চব আন্ ৰোমান্টিক নহয়তো?

ৰিন্টুমণি: হব বাৰু, মই সোনকালেই আহিম। তুমিহে সোনকালে ৰেডী  হৈ থাকিবা, জান। মই এৰো এতিয়া।

জয়া: মই ৰেডী হৈয়েই থাকিম। আজিলৈকে মোৰ কাৰনে তোমাৰ কৰবাত দেৰি হৈছে বুলি কব পাৰিবা?

ৰিন্টুমণি: নাই, কতো দেৰি হোৱা নাই, মই কেতিয়া কলো?

জয়া: হব তুমি কেতিয়া কি কোৱা, কি নোকোৱা, বুজি নাপাও বুলি ভাবিছা নেকি? তুমি  পাৰফিউমটো আনিবলৈ নাপাহৰিবা কেৱল।

ৰিন্টুমণি: কি পাৰফিউম? ওহঃ পাৰফিউম, গীফ্ট প্যাক্, আনিম,  আনিম অ' জান বাই ডাৰ্লিং।

জয়া: বাইইইইই।

(মোবাইলটো বন্ধ কৰি স্বগতোক্তি কৰিব )

ৰিন্টুমণি: পাৰফিউম! 

(সুজাতাৰ কথা মনত পৰিব, আৰু লেণ্ড লাইন ফোন ডায়েল কৰি সুজাতাক কব)

ৰিন্টুমণি: পাৰফিউম.. সঞ্জয়... সুজাতা আপুনি.... 

সুজাতা: চাৰ!

ৰিন্টুমণি: সুজাতা, তুমি ফাইলটো 
টো লৈ এতিয়াই আহা।

সপ্তম দৃশ্য: 

(সন্ধিয়া সময়। ৰিন্টুমণিয়ে স্কুটাৰ 
চলাই, অফিচৰ পৰা নিজৰ বাসভৱনলৈ লৈ আহি আছে।স্কুটাৰ চলি থকা অবস্থাত ফোন  বাজি উঠিব। ঘৰৰপৰা জয়াই ফোন কৰিছে। ৰিন্টুমণিয়ে স্কুটাৰ 
খন ৰখাই, হেলমেট্ খুলি ফোন ৰিচিভ্ কৰিব।)


ৰিন্টুমণি: কোৱা, কিয় ফোন  কৰিলা?

জয়া: তুমি ক'ত আছা? অথনিৰ পৰা ফোন কৰি আছোঁ, তুমি আছা ক'ত? ইমান দেৰী কিয়?

ৰিন্টুমণি: আহি পালোৱেই জান। তুমি ৰেডী হোৱা, মই জাষ্ট্ আহি আছোঁ। আই এম অন্ দ্য ৱে'।

জয়া: তোমাক যিদিনা সোনকালে আহিবলৈ কম, তুমি আকৌ সেইদিনাই দেৰী কৰিবা। ইফালে ভিনদেউৰ দুবাৰ ফোন আহিছে।

ৰিন্টুমণি: পাঁচ মিনিটৰ ভিতৰত পাই যাম।

জয়া: সোনকালে আহা, পাৰফিউমটো গীফ্ট প্যাক্ কৰি আনিছা নে?

ৰিন্টুমণি: কি পাৰফিউম?

জয়া: কি পাৰফিউম মানে?  তুমি পাৰফিউমটো গীফ্ট প্যাক্ কৰি অনাৰ কথা নাছিল?

ৰিন্টুমণি: ওহ পাৰফিউম, পাৰফিউম কেলেই পাহৰিম?

জয়া: তুমি পাহৰিছা নহয় নে? মই জানোৱেই তুমি যে পাহৰিবা!

(প্ৰকৃততে ৰিন্টুমণিয়ে, পাৰফিউম আনিবলৈ পাহৰিছিল আৰু ফোনত কথা পাতি পাতিয়েই স্কুটাৰখন ঘুৰাই লৈছে।)

ৰিন্টুমণি: আস্ কিয় পাহৰিম বাৰু? মই এতিয়া পাৰফিউমৰ  দোকানতেই।

জয়া: তুমি এইমাত্র কলা যে পাঁচ মিনিটৰ ভিতৰত আহি আছোঁ, এতিয়া আকৌ কৈছা যে  পাৰফিউমৰ দোকানত। তোমাৰ কোনো সঁচা কোনটো মিছা ধৰিবই নোবাৰি। সঁচাকে কোৱাচোন তুমি আচলতে ক'ত?

ৰিন্টুমণি: মই পাৰফিউমৰ দোকানত। (ৰাস্তাৰ ওপৰতে দোকানীক কোৱাৰ দৰে অভিনয় কৰি জয়াক শুনাবলৈ কব) হেৰি, সোনকাল কৰক হে, প্যাকেটটোৰ ওপৰত হ্যাপ্পী বাৰ্থডে' কাৰ্ড এখন লগাই দিব। (জয়াক কব) তেতিয়াও পৰা কৈ আছোঁ,  গীফ্ট প্যাকিং কৰাৰ কথা। তুমি শুনিলাই নহয়, হ্যাপ্পী বাৰ্থডে' কাৰ্ড এখনো লগাবলৈ কৈছো।

জয়া: হব হব ইমান পৰলৈ অফিচত কাৰ লগত চুপতি মাৰি আছিলা?এতিযাহে গীফ্ট কিনবলৈ সময় হ'ল তোমাৰ!

ৰিন্টুমণি: কথা পাতি থাকিলে আৰু দেৰিহে হব।

জয়া: তুমি ১০ মিনিটৰ ভিতৰত আহি নাপালে মই অকলেই যাম আৰু শুনা তুমি নাহিবা কিন্তু।

ৰিন্টুমণি: মই আধা ঘন্টাৰ ভিতৰত আহি পাম। বাইইই!

(ল'ৰালৰিকৈ ফোনটো কাটি ওলোটা ফালে স্কূটাৰখন লৈ তীব্র গতিত চলাই গুচি যাব।)



অষ্টম দৃশ্য : 

(হেমন্ত কাকতিৰ বিশাল বাংলোৰ সন্মুখৰ ল'নত বাৰ্থডে' চেলিব্ৰেশ্বনৰ দৃশ্য। বিভিন্ন বয়সৰ কিছু অতিথিৰ উপস্থিতিত কেইক্ কাটিব। কেইক্  কটাৰ আগতে বীনা আহি কমলৰ ওচৰত থিয় দিব।)

হেমন্ত কাকতি: (বীনাক উদ্দেশ্যি) তুমি এটা কাম কৰা, মোবাইলটো লোৱা, তাৰপৰা ফটো তুলিবা। (জয়াক কব) জয়া, তুমি মোৰ লগত থাকা।

১ নং জনৈক অতিথি: দিছ ইজ নট ফেয়াৰ মিঃ কাকতি, আপুনি নিজৰ মানুহজনীক হে কাষত ৰাখিব লাগিছিল। হা:হা:হা: l

হেমন্ত কাকতি: (জয়াক কাষলৈ চপাই আনি) লেইট্ মী ইন্ট্ৰ'ডিউচ, মই চবকে চিনাকী কৰি দিছো, শ্বী ইজ মাই চিষ্টাৰ ইন্ ল', অর্থাৎ আধী ঘৰৱালী। হাঃ হাঃ হাঃ।

২ নং জনৈক অতিথি: আৰু মিচেছ কাকতি এগৰাকী ভাল  কেমেৰাম্যান। হাঃ হাঃ হাঃ।

(কেইক্ কাটিব, সকলোৱে "হ্যাপ্পী বাৰ্থডে" গাব। হেমন্ত কাকতিয়ে প্রথম কেইক্ ৰ টুকুৰাটো জয়াক খুবাই দিব। জয়াক গবা মাৰি,  সাৱতি ধৰি ফটো তুলিবলৈ বীনাক কব।)

কমল: কি চাই আছা?? উঠোৱা।ফেইচবুকত আপলোড দিব লাগিব।



নৱম দৃশ্য :

গৌতমে পাৰফিউম কিনি আনি, স্কুটাৰেৰে আহি নিজৰ ঘৰ পাইছেহি। ঘৰত তলা মৰা দেখি জেপৰ পৰা মোবাইল উলিয়াই জয়াক ফোন কৰিব, কিন্তু জয়াৰ ফোন ৰিং হৈ হৈ বন্ধ হৈ যাব। গৌতমে ঘৰত নোসোমাই পুনৰ স্কূটাৰ ষ্টাৰ্ট দি হেমন্ত কাকতিৰ ঘৰলৈ বুলি আহিব।



দশম দৃশ্য:

(হেমন্ত কাকতিৰ ঘৰৰ ভিতৰত 
বাৰ্থডে' চেলিব্ৰেশ্বনৰ খানা পিনা, নৃত্য গীত আদি চলি আছে। বাহিৰৰ পৰা ৰানিং শ্বটলৈ ভিতৰৰ কার্যকলাপ কেপচাৰ কৰি বাহিৰত ৰিন্টুমণিৰ স্কুটাৰ সহ প্রৱেশ । ৰিন্টুমণিয়ে স্কুটাৰ ৰখাই হাতত গীফ্টলৈ ঘৰৰ মেইন দৰ্জা লৈ 
গৈ খোলা দর্জাৰ মাজেৰে ভিতৰলৈ ভূমুকি মাৰি দেখিব, ভিতৰত হেমন্ত কাকতিয়ে জয়াৰ লগত বেছি ঘনিষ্ঠ হোৱাৰ প্রয়াসেৰে নাচি আছে। অবশ্যে জয়াই ভিনিহিয়েকৰ সতে সহজভাবে নাচি থকা দেখা যাব। গৌতমে কলিং বেল্ বজাম-নবজাম দ্বিধা কৰি অবশেষত নিশব্দে সকলোৰে অলক্ষিতে সোমাই চুক এটাত বহিব। হঠাৎ জয়াই ৰিন্টুমণিক দেখি নাচ বন্ধ কৰি ৰিন্টুমণিৰ ওচৰলৈ আহিব আৰু দুয়ো বাৰাণ্ডাত আহিব আৰু কথা পাতিব। ৰিন্টুমণিয়ে হাতত থকা পলিথিনৰ প্যাকেটটো আগবঢাই দিব।



একাদশ দৃশ্য :

জয়া: এটা কথা আজিলৈকে নুবুজিলো, যিদিনাখন তোমাক বিশেষ ভাবে কিবা এটা আনিবলৈ কম, হয় তুমি পাহৰিবা অথবা সোনকালে আহিবলৈ কলে তুমি দেৰীকৈ আহিবা। অন্যান্য কামবোৰ তুমি পাহৰা বা দেৰী কৰা মই আজিলৈকে দেখা নাই। 

ৰিন্টুমণি: Sorry আচলতে কি হ'ল জানা........

জয়া: এতিয়া নকবা যে তোমাৰ স্কূটাৰৰ চকা ফুটিছিল অথবা মণি ব্যাগটো অফিচৰ বাথৰূমত এৰি আহিছিলা।

ৰিন্টুমণি: নহয় সেইয়া এবাৰ হৈছিল আজিকালি মই বাথৰূমলৈ মণি ব্যাগ নিনিও নহয়।আজি মানে......

জয়া: প্লীজ মই তোমাৰ কোনো এক্সকিউজেজ শুনিব নিবিচাৰো। ইয়াৰ আগতেও তোমাৰ মনেসঁজা কাহিনী বহুবাৰ শুনিছো। শুনি শুনি মোৰ কান ঘোলা হৈ গৈছে।

ৰিন্টুমণি: ঠিক আছে বাৰু নালাগে শুনিব, মই ঘৰলৈ উভতি যোৱাৰ সময়ত কম কি হৈছিল।

(জয়াই পেন্দোৱাকৈ ৰিন্টুমণিলৈ চাব। ৰিন্টুমণিয়ে কথাৰ সুৰ সলনি কৰি কৰযোৰে কব।)

ৰিন্টুমণি: নকও বাৰু, এইবাৰলৈ ক্ষমাহে মাগিলো দেবী। (জয়াই হাঁহিব) এটা কাম কৰা gift টো ভিনদেউক দি আহা।

জয়া: গীফ্ট ৰ কথা মুখলৈ একদম নানিবা। বাৰ্থডে' শেষ হ'ল আৰু এতিয়া মই গীফ্ট দিবলৈ গলে চবে হাঁহিব।

গৌতম: ঠিক আছে, আমি ঘৰৰ মানুহ যেতিয়া বাকী চব মানুহ যোৱাৰ পিছত দিলেও হব। মানে চাৰপ্ৰাইজ্ গীফ্ট।

জয়া: হব এতিয়া বেছি কথা নকবা, ভিতৰলৈ আহা। আবেলি কি খাইছিলা?

ৰিন্টুমণি: একো নাই খোবা।

জয়া: তুমি কেতিয়াৰ পৰা ইমান জধলা হ'লা? 

ৰিন্টুমণি: মানে?

জয়া: বাৰ্থডে লৈ আহিছা,  ৰাতিপুৱাই পিন্ধি যোৱা কাপোৰযোৰ পিন্ধি আহিছা?  তোমাৰ নিজৰ কথা নাভাবিলেও অন্তত: মোৰ সন্মানৰ কথা মনলৈ আনিব লাগিছিল।

(ৰাতিপুবাৰ দৃশ্য টো ৰিন্টুমণিৰ মনলৈ আহিব। ৰিন্টুমণি নির্বাক হোৱা দেখি জয়াই কব।)



ৰিন্টুমণি: আচলতে দেৰী হোবা বাবে ঘৰত নোসোমালো।

জয়া: এনেয়েও দেৰী তেনেও দেৰী ঘৰত সোমাই কমচে কম ভাল কাপোৰ এযোৰ পিন্ধি আহিব পাৰিলাহেতেঁন। দিনৰ দিনটো ঘুৰি ফুৰি কাপোৰযোৰ গোন্ধাইছে কিজানি!

ৰিন্টুমণি: নাই গোন্ধোৱা, মানে গোন্ধাব নোবাৰে, পাৰফিউমৰ দোকানত পাৰফিউম চেক্ কৰাৰ নামত চোলাটোৰ আগে পিছে স্প্ৰে কৰি আহিছো। শুঙি চোৱা।

জয়া: তুমিহে পাৰা এইবোৰ, শুনা সোনকালে ভিতৰলৈ আহা। (প্রস্থান)

ৰিন্টুমণি: উফ্ ! (স্বস্তিৰ নিশ্বাস পেলাই আকাশৰ তৰা বা জ্বলন্ত লাইট এটালৈ চাব। দূৰৈৰ জ্বলন্ত লাইট বা চন্দ্ৰ টাইট ক্লোজ্ আপ)

দ্বাদশ দৃশ্য: অফিচৰ পৰা উভতি আহোতে ৰিন্টুমণিৰ মোবাইলত ৰিং হোৱা জয়াই শুনিব। খিৰিকীৰে জয়াই ৰিন্টুমণিক মোবাইলটো চাই  ঘৰলৈ সোমোৱাৰ আগে আগে আগে চাইলেন্ট মোড কৰি থোৱা দেখিব আৰু জয়াৰ সন্দেহ হব। ৰিন্টুমণি বাথৰূম সোমোৱাৰ পিছত মোবাইল চেক্ কৰি মালবিকাৰ নম্বৰটো দেখিব।

ত্রয়োদশ দৃশ্য: সোমবাৰে অৰ্থাৎ পিছদিনা ভিনিহিয়েকে হেমন্ত কাকতিয়ে ৰিন্টুমণি আৰু মালবিকাক চেছন্ কোৰ্টৰ ভিতৰত দেখিব আৰু জয়ালৈ ফোন কৰি  ঘটনাটো কব।

চতুর্দশ দৃশ্য : ৰিন্টুমণি আৰু জয়াৰ কাজিয়া।

পঞ্চদশ দৃশ্য : জয়াই নিজৰ ঘৰ এৰি ভিনিহিয়েক হেমন্ত কাকতিৰ ঘৰলৈ গৈ ওলাব। হেমন্ত কাকতিৰ ঘৰত থকা অৱস্থাত হেমন্ত কাকতিৰ চৰিত্রৰ আচল দিশ উন্মোচন কৰিব, জয়াৰ বায়েক বীনাৰ প্রতি হেমন্ত কাকতিৰ ব্যবহাৰ দেখি জয়াৰ ভিনিয়েকৰ প্ৰতি ঘৃণা হব।

ষষ্ঠদশ দৃশ্য: জয়াই ঘৰ এৰি যোৱাৰ পিছৰে পৰি ৰিন্টুমণিয়ে অফিচ যাবলৈ এৰিলে। ৰিন্টুমণিৰ সহকৰ্মিনী মালবিকা আৰু সুজাতাই ৰিন্টুমণি অফিচলৈ নহা আৰু ফোন কল ৰিচিভ নকৰা দেখি ৰিন্টুমণিৰ ঘৰ ওলাব। ৰিন্টুমণিৰ সতে কথা পাতি সকলো খিনি গম পাই জয়াক দুয়ো জয়াক ফোন কৰিব।

সপ্তদশ দৃশ্য : মালবিকা আৰু সূজাতাৰ সতে কথা পতাৰ উদ্দেশ্যে জয়াই চহৰৰ ৰেষ্টুৰেন্ট এখনলৈ যাওতে ভিনিয়েক হেমন্ত কাকতিক চেক্ৰেটাৰী লিজাৰ সতে অন্তৰঙ্গ অৱস্থাত দেখিব আৰু লগতে মালবিকা আৰু সুজাতাৰ সতে কথা পাতি ৰিন্টুমণিৰ প্ৰেমৰ লগতে সততাৰ উমান পাব। নিজৰ ভুল বুজি পাব। মালবিকা আৰু সুজাতাই জয়াক লগ কৰিব।  

অষ্টদশ দৃশ্য : জয়াই টালি টোপোলা লৈ পুনৰ ৰিন্টুমণিৰ ওচৰলৈ উভতি আহি ক্ষমা খুজিব।ভুল বুজাবুজিৰ অন্ত। জয়াই টিভিটো চলাই দি নিউজত দেখিব হেমন্ত কাকতিক এগৰাকী যুৱতীক গুৱাহাটীৰ ৰিচৰ্ট এখনত হাতে লোটে ধৰাৰ নিউজ লাইভ ফোৰকাষ্ট চলি আছে। বায়েক বীণাৰ কথা ভাবি জয়াই খুব কান্দিব।

শেষ দৃশ্য :: লক আপৰ ভিতৰত হেমন্ত কাকতিয়ে ধুনীয়া মহিলা পূলিচৰ গৰাকীৰ সতে ফ্লাৰ্ট কৰিব লৈছে।





Comments

Popular posts from this blog

সাংখ্য দৰ্শন

নাৰী তুমি অনন্যা

বৃক্ষ ৰোপন আঁচনি ‌